সৰলকৈ নাৰীবাদ বুজাৰ প্ৰচেষ্টাৰে (বীথিকা হাজৰিকা)
ফেচবুককে ধৰি আন আন সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰৰ লগে লগে সমাজৰ এটা অংশৰ মানুহৰ আচৰণ আৰু চিন্তাভাৱনাৰ প্ৰতিচ্ছবিখন স্পষ্টকৈ ওলাই পৰিছে। তাৎক্ষণিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মেৰপাকত সোমাই পৰাৰ ফলত বহুতৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিছে যদিও তাৰ মাজতে কোনো কোনোৱে নিজৰ নিজৰ চিন্তা-চৰ্চাৰ পৰিসৰক বহলাব পাৰিছে, বদ্ধমূল ধাৰণাক ভঙাৰ চেষ্টা কৰিছে। এই লোকসকলৰ প্ৰায়বোৰেই আন একো নুশুনিলেও ‘নাৰীবাদী’ শব্দটো শুনিছে বা ব্যৱহাৰ কৰিছে। কিছুদিন ধৰি নাৰীবাদ সম্পৰ্কীয় সমালোচনাত্মক কিছু পোষ্ট ফেচবুকত বহুলভাৱে আলোচিত হোৱা দেখা গৈছে। কিছুমানৰ উদ্দেশ্য সৎ যেন লাগে। ভালকৈ লক্ষ্য কৰিলে দেখা যায় আন কিছুমানৰ উদ্দেশ্য চালে বেৰে কোবাই নাৰীবাদৰ ধাৰণাটোকে তচনচ কৰি পেলোৱা। তথাপি আলোচনাৰ বাট এটা মুকলি হোৱাটোক সদৰ্থকভাৱে লৈ ব্যক্তিগত অনুভৱ আৰু কিছু অধ্যয়নৰ ভেটিত লেখাটো আগবঢ়াব খোজা হৈছে। এই আলোচনাক শিলৰ ৰেখা বুলি আমিও আৰম্ভ কৰা নাই, আন কোনোবাই তেনেদৰে ভবাৰো কোনো কাৰণ নাই।
পোষ্টবোৰ, লগতে কমেণ্টবোৰ চাই গম পোৱা গৈছে যে নাৰীবাদ বুজি পোৱা বুলি ভাবি থকা নাইবা নাৰীবাদৰ নাম শুনা বহুতৰে অৱস্থা ন যযৌ ন তস্থৌ। কোনোটো পোষ্টৰ বক্তব্যত এনে ধৰণৰ কথা প্ৰকাশ পাইছে যে সেন্দূৰ ল’বনে নাই, ভাত ৰান্ধিবলৈ বাধ্য হয় নে নহয় আদি কথাবোৰত গুৰুত্ব দিয়াতকৈ অৰ্থনৈতিক স্বাৱলম্বিতাইহে গুৰুত্ব লাভ কৰা উচিত। কোনোটোত আকৌ নাৰীবাদীৰ প্ৰেমক লৈয়ো প্ৰশ্ন উঠিছে যে নাৰীবাদীয়ে কিয় অৰ্থনৈতিক স্বাৱলম্বিতা নথকা পুৰুষক বিয়া নাপাতে বা পছন্দ নকৰে নাইবা কিয় তেনে পুৰুষক এৰি থৈ গৈ ধনৱান পুৰুষক বিয়া পাতে! নাৰীবাদী আন্দোলনে সামৰি লোৱা LGBTQ+ সকলৰ আন্দোলনৰ ওপৰতো সন্দেহ প্ৰকাশ কৰা হৈছে।নাৰীবাদ খায় নে কাণত পিন্ধে নজনা মানুহৰ শতকৰা হাৰটো কিমান হ’ব কোনোবা নাৰীবাদী গোটে সমীক্ষা চলাইছেনে নাই সেয়া নাজানো। ফেচবুকৰ পোষ্টবোৰৰ বক্তব্য আৰু মন্তব্যৰ আঁত ধৰি কেইটামান প্ৰশ্নকে পোষ্ট হিচাপে আগবঢ়োৱা হৈছিল যাতে নাৰীবাদ কি জানিবলৈ আগ্ৰহী হৈ থকাবোৰে চিন্তাৰ বাবে কিছু সমল পায়। তাতে আৰু দুটামান প্ৰশ্ন সংযোগ কৰা হ’ল।
“১) নাৰীবাদী হোৱাৰ অৰ্থ নিজে আৰ্থিকভাৱে স্বাৱলম্বী হৈ আৰ্থিক স্বাৱলম্বিতা নথকা পুৰুষক বিয়া কৰোৱা নেকি? নাইবা কেনেবাকৈ তেনে পুৰুষক বিয়া কৰোৱাৰ পাছত আনে হাঁহিব বুলিয়েই সংগী গৰাকীৰ সকলো মে’ল ইগো সহ্য কৰি থকা নেকি? ২) আৰ্থিক স্বাৱলম্বিতা নথকা নাৰীবাদী নাৰীয়ে ধনবান পুৰুষক পছন্দ কৰাটো বা প্ৰেমৰ সম্পৰ্ক কৰাটো সমালোচনাৰ বিষয় হ’ব লাগে নে? সেই প্ৰেমত সন্দেহ প্ৰকাশ কৰিবই লাগিব নেকি? ৩) সংগীৰ উভয়ে যদি ভাল উপাৰ্জনক্ষম হয় তেওঁলোক নাৰীবাদী হোৱাটো বৰ ঠিক কথা নহয় নেকি? পুৰুষতন্ত্ৰই তেওঁলোকক কিমান দূৰলৈকে চুব পাৰিব? ৪) পৰম্পৰাগত পৰিয়ালৰ ধাৰণাটো ভাঙি-চিঙি পেলাব পৰাকৈ আমাৰ সমাজখনত উপযুক্ত পৰিৱেশ আছে নে নাই? সেই পৰিৱেশ নিজে তৈয়াৰ হ’ব নে কৰিব লাগিব? সেই পৰিৱেশ নিজাকৈ সৃষ্টি কৰি ল’ব পৰাকৈ সাহসেৰে আগবাঢ়ি অহা সকলক আমি কেনে দৃষ্টিৰে চাব লাগিব? ৫) কিবা কাৰণত আৰ্থিক স্বাৱলম্বিতা নথকা নাৰীৰ যদি উচ্চ উপাৰ্জনক্ষম সংগী থাকে, চাকৰে-বাকৰে তমস্কাৰ হৈ থাকে, পুৰুষতন্ত্ৰই তেওঁলোকক চুব নোৱাৰিব নেকি? তেনে নাৰী নাৰীবাদী হ’ব নোৱাৰে নেকি? ৬) নাৰীবাদী এগৰাকীয়ে সংগী নিৰ্বাচন কৰোঁতে কেতিয়াবা প্ৰতাৰিত হ’লে তেওঁক কি দৃষ্টিৰে চাব লাগিব? সংগী নিৰ্বাচন কৰোঁতে কেনেধৰণৰ তুলাচনী ব্যৱহাৰ কৰিব লাগিব? প্ৰতাৰিত হ’লে তেওঁক অপৰাধী বুলি গণ্য কৰা হ’ব নেকি? ৭) আমাৰ আৰ্থিক ব্যৱস্থাটোৱে সমাজত নাৰী পুৰুষৰ স্থানটো নিৰ্ণয় কৰে নে নকৰে? ৮) সমাজত নাৰী পুৰুষৰ স্থান নিৰ্ণয়ত কিহে মুখ্য ভূমিকা লয়? আৰ্থিক স্বাৱলম্বিতাই নে পুৰুষতান্ত্ৰিক সমাজৰ কাৰকসমূহে? ৯) সভা সমিতিবোৰত নাৰীৰ অংশগ্ৰহণৰ দিশটোলৈ চালে দেখা যায় যে ডাইচত নাৰীৰ সংখ্যা প্ৰায় শূন্য, দৰ্শকৰ আসনত নাৰীৰ সংখ্যাই অধিক (মহিলা সমিতি, পঞ্চায়তৰ মেলমিটিং, গোটৰ মিটিং, নাইবা নিৰ্বাচনৰ মিটিংবোৰ বাদ দি) এই অসামঞ্জস্যতাৰ কাৰণ পুৰুষতন্ত্ৰ নে নাৰীৰ অৰ্থনৈতিক পৰাধীনতা? ১০) নাৰীবাদীক প্ৰেমৰ কোমলতাই চুব নোৱাৰিব নেকি? কিমান প্ৰেকটিকেল হ’লে নাৰীবাদী হোৱা যায়? নাৰীবাদীয়ে প্ৰেমৰ বিফলতাত কান্দিব পাৰিব নে নাই? ১১) সেন্দূৰ আৰু বোৰ্খা পৰিহিতা নাৰী নাৰীবাদী হ’ব পাৰিবনে নাই? নাৰীবাদীয়ে ভাত ৰান্ধিব লাগিব নে নাই? সন্তান জন্ম দিব পাৰিব নে নাই? ১২) LGBTQ+ সকলে মুকলিকৈ কথা ক’ব পৰা পৰিৱেশ এটা লাহেকৈ হৈছেহে আমাৰ ইয়াত। যদিও মধ্যবিত্ত শ্ৰেণীটোক চৰম সুবিধাবাদী শ্ৰেণী বুলি ধৰি লোৱা যায়, পৃথিৱীৰ প্ৰায় সকলো বিপ্লৱৰ নেতৃত্ব মধ্যবিত্ত শ্ৰেণীটোৰ পৰাই অহা। জমিদাৰ নাইবা ধনীক শ্ৰেণীটোৰ পৰাও নেতৃত্বত থকা খেনোক দেখা গৈছে যদিও তেওঁলোকে শ্ৰেণীচৰিত্ৰ ত্যাগ কৰিহে আহিছে। LGBTQ+ আন্দোলনটোৰ প্ৰেক্ষাপটটোৰ সমস্যাসমূহো বহুমাত্ৰিক। নাৰী-পুৰুষৰ যৌনতাৰ বিষয়সমূহৰ আলোচনা খোলাখুলিকৈ হোৱাৰ বাবে যদি আহ্বান কৰিব পাৰি LGBTQ+ ৰ নোৱাৰি কিয়? ১৩) আৰ্থসামাজিক ব্যৱস্থাটোৰ কৃপাত উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱা পুৰুষসকলক পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৱেই সমাজত মূৰ তুলি থিয় হ’ব নোৱৰা অৱস্থাত পেলোৱাৰ কথাটো বহুতেই এৰাই চলে। নে সেইটো বিশেষ আলোচ্য বিষয় নহয়? ১৪) নাৰীবাদী কিমান উগ্ৰ নাইবা কিমান নমনীয় হ’ব লাগিব তাৰ কিবা জোখমাখ আছে নেকি? নাৰীবাদীৰ স্বভাৱগত দোষ গুণ থাকিব পাৰিব নে নাই? ১৫) নাৰীবাদীসকল সমালোচনাৰ উৰ্দ্ধত হয় নে নহয়? যি সময়ত ধৰ্ষণকে আদি কৰি নাৰীজনিত অপৰাধে মানুহক ভবাই তুলিছে, মনুবাদৰ বোকোচাত উঠি সমাজৰ চকা পাছলৈ ঘূৰিছে সেই সময়ত নাৰীবাদৰ ওপৰত সমালোচনা যুগুত হয়নে নহয়? সমালোচনাৰ জুইত পুৰি সকলোকে সোণত পৰিণত কৰাৰ উপযুক্ত সময় এয়াই নেকি? ১৬) নাৰীবাদীক সোণ কৰি তোলাৰ গুৰু দায়িত্ব কোনে ল’ব? নাৰীবাদী পুৰুষসকলে নে পুৰুষতান্ত্ৰিক মানসিকতাক সংগোপনে বহন আৰু লালন কৰি থকা নাৰী পুৰুষ উভয়ে?”
পৰিয়ালৰ ধাৰণাটোৰ ক্ষেত্ৰত এটা কথা এৰাই চলা হয় যে বিয়া নাইবা দুগৰাকী মানুহ এক হোৱাটো কেৱল যৌনতা নহয়, একেলগে থকা মানুহ দুজনৰ কিছু হিচাপ-নিকাচ, কম্প্ৰমাইজ কৰিব পৰা ধৰণৰ হাই-কাজিয়া, দায়িত্ববোধ, সহানুভূতি, সৌজন্যতা আদিবোৰো সংযুক্ত হৈ পৰাটো স্বাভাৱিক। তেনে প্ৰেমৰ(?) অনুভূতি জাগ্ৰত হোৱাটোত যেন নাৰীবাদীৰ কোনো অধিকাৰ নাই। (লিংগবৈষম্য, বৰ্ণবৈষম্য, শ্ৰেণীবৈষম্য, জাত-পাতৰ বৈষম্য, ভাষিক বৈষম্য ৰহিত সমাজ এখনে প্ৰতিষ্ঠা লাভ নকৰালৈকে নাৰীবাদৰ বিভিন্ন ধাৰাসমূহ থাকিব, নাৰীবাদ চৰ্চালৈও আহিব, সমালোচনাৰ সন্মুখীন হ’ব নাৰীবাদীও। পুৰুষো নাৰীবাদী হ’ব পাৰে বুলি কোৱা হয়। বহুক্ষেত্ৰত দেখা যায় যে নিজকে পুৰুষতন্ত্ৰৰ বিৰোধী বুলি কোৱা সকলৰ সামান্য sympathy-ৰো অভাৱ। empathy তো দূৰৰে কথা। সেয়েহে নাৰীবাদ আছে। যেতিয়ালৈকে পুৰুষতন্ত্ৰক পোহপাল দি ৰখা সমাজখন থাকিব নাৰীবাদো থাকিব।
একে আষাৰে ক’বলৈ চেষ্টা কৰিলে কথাটো এনেকুৱা হ’ব পাৰে যে সমস্যাসমূহক নাৰীৰ দৃষ্টিকোণেৰে চোৱাটোৱেই নাৰীবাদ। কিন্তু পুৰুষে নাৰীৰ দৃষ্টিকোণেৰে চাব পাৰেনে? বহুক্ষেত্ৰত সেই দৃষ্টিকোণেৰে চাবলৈ অৰ্থাৎ এমপেথিৰে বিচাৰ কৰিবলৈ হয়তো মে’ল ইগোটোৱে বাধা দিয়ে। সময়ৰ সোঁতৰ লগে লগে আন বহু বিষয়ৰ দৰে বিৱৰ্তিত হৈ থাকে নাৰীবাদ। এই নাৰীবাদনো কি এইবিষয়ে বহু আলোচনা হৈছে, কিছুমান নিৰ্দিষ্ট সূত্ৰে সূত্ৰে পেলাই তাক নিজ নিজ ধৰণে গঢ় দি লোৱাও হৈছে আৰু সেই সকলোবোৰেই নাৰীবাদ। ইয়াৰ মাজতে নাৰীবাদৰ তিনিটা প্ৰধান ঢৌ আছে বুলি উনুকিয়াই থোৱা হ’ল, আছে বিভিন্ন ধাৰা। নাৰীবাদৰ লগত পুৰুষতন্ত্ৰৰ কথাটোও জড়িত হৈ আছে বুলি প্ৰায় সকলোৱে জানে। এই পুৰুষতন্ত্ৰ আৰু নাৰীবাদনো কি তাক জানিবৰ বাবে কিছুমান প্ৰশ্নৰ উত্তৰ বিচৰাৰ সুযোগ আৰু তাৰ প্ৰায়োগিক দিশবোৰৰ ওপৰতহে পোহৰ পেলোৱাৰ চেষ্টা কৰা হৈছে।
নাৰীবাদৰ বিপৰীতে বহুতে অজানিতে ‘পুৰুষবাদ’ বুলি শব্দ এটা প্ৰয়োগ কৰা দেখা যায়, যি নাৰীবাদৰ ভুল ধাৰণা এটা দিয়ে। প্ৰকৃততে পুৰুষবাদ বুলি কোনো বস্তু যে নাই সেইটো বুজিব পাৰি নাৰীবাদ প্ৰকৃততে কি জানিবলৈ চেষ্টা কৰাৰ জড়িয়তেহে।
আকৌ ফেচবুকৰ পোষ্টবোৰৰ কথালৈ আহোঁ। কোনোটো পোষ্টত নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাটোত গুৰুত্ব দিয়াৰ লগতে শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে। পুৰুষতন্ত্ৰক জগৰীয়া কৰাৰ পাছতো পোষ্টদাতা আৰু মন্তব্যদাতাসকলে নিজে প্ৰায়োগিক দিশটোৰ কথা ক’বলৈ গৈ চৰম পুৰুষতান্ত্ৰিক মানসিকতাৰ পৰিচয় দিয়া দেখা গৈছে। যিহেতু আৰ্থিক স্বাৱলম্বিতাৰ প্ৰশ্নটো অহাৰ লগে লগে আৰ্থ-সামাজিক ব্যৱস্থাটোৰ কথা আহে। অৱধাৰিতভাৱে আহে আৰ্থসামাজিক ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তনৰ কথাটোও। অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ কথাটো আহিলে আহিব মাৰ্ক্সবাদ, সমাজবাদ, পুঁজিবাদ এইবোৰ কথা, আহিব বৰ্তমানৰ ৰাজনীতিৰ কথা। বিশ্বজুৰি দেখা দিয়া ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাবোৰে নাৰী-পুৰুষ নিৰ্বিশেষে সকলোকে আক্ৰান্ত কৰাৰ মাজতে সমাজৰ গভীৰলৈকে প্ৰোথিত হৈ থকা পুৰুষতন্ত্ৰয়ো যে নাৰী পুৰুষ উভয়কে নিষ্পেষিত কৰিছে তাক কেনেকৈ অস্বীকাৰ কৰিব পাৰি? তাৰ মাজতে অতিমাৰী কালত ভয়ংকৰভাৱে বৃদ্ধি পোৱা ঘৰুৱা হিংসা আৰু ৰাজনৈতিক হিংসাৰ কথাটো আছেই। নাৰীসকল বৰ্ণ, ধৰ্ম, শ্ৰেণী, বয়স নিৰ্বিশেষে ঘৰে বাহিৰে অত্যাচাৰিত হোৱাৰ কথাটোৱে সমাজৰ সংবেদনশীল অংশটোক ভবাই তুলিছে। কোনোবা আতংকিত হৈছে। আন কোনোবাই এই বিকৃতিৰ আঁৰৰ কাৰণসমূহ বিচাৰি চাবলৈ যত্নপৰ হৈছে। তাৰে মাজৰে কিছুমানে ধৰ্ষণকে আদি কৰি নাৰীজনিত অপৰাধ বা নাৰী-পুৰুষৰ সামাজিক স্থানৰ অসামঞ্জস্যতাক সামাজিক ব্যৱস্থাটোৱে নিৰ্ধাৰণ কৰি দিয়া সামন্তযুগীয় যুক্তিৰে এতিয়াও বিচাৰ কৰি আছে। ঠিক তেনেকৈ সাম্যবাদী দৃষ্টিভংগীৰে চোৱা আৰু নাৰীবাদী দৃষ্টিভংগীৰে চোৱাৰ মাজত যেন এখন দেৱাল তৈয়াৰ কৰিব বিচৰা হৈছে। প্ৰকৃততে নাৰীবাদে অৰ্থনীতিবাদৰ এই ধাৰাটোক সামৰি লৈ আৰু কিছু চেৰাই গৈ নতুন নতুন চিন্তাৰ বাট মুকলি কৰিছে।
মাৰ্ক্সবাদ হৈছে সমাজৰ আমূল পৰিৱৰ্তন সাধনৰ এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সূত্ৰ। সমভাৱাপন্ন বহুবোৰ গোটে নিজ নিজ ধৰণে ইয়াৰ প্ৰায়োগিক পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। কেতিয়াবা কোনোটো গোটে সাময়িক সফলতা লাভ কৰিছে, বহুক্ষেত্ৰত বিফলতা। সেই সম্পৰীক্ষাৰ বাবে একো একোটা গোটে নিজ নিজ মতাদৰ্শ প্ৰচাৰ কৰি কিছুসংখ্যককৈ লোকক গোটবোৰত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেনেদৰে গোটখোৱা মানুহবোৰ গোটবোৰৰ কৌশলগত কাৰণত অন্ধ অনুগামী হ’বলৈ বাধ্যও হয়। তেওঁলোক নিজ নিজ মতত অটল হৈ থাকে। অৱশ্যে মতত অবিচল হৈ থকা সদস্য বা অনুগামীৰ সমৰ্থনতহে একো একোটা গোটে বা দলে ভবা ধৰণেৰে কৰ্মপন্থা আগবঢ়াই নিব পাৰে। সেইটো মানি ল’বলৈ বহুতে অসুবিধা পালেও মানি ল’ব পৰা বিধৰ যেন অনুভৱ হয়। আমোদজনক কথাটো হ’ল সমাজৰ আমূল পৰিৱৰ্তন বিচৰা সমভাবাপন্ন মানুহবোৰৰ গোটবোৰ হৈ পৰে ইটো সিটোৰ শত্ৰুসম। এইগোটসমূহৰ বাহিৰত থকা মানুহবোৰৰ বাবে তেওঁলোক হৈ পৰে চৰম বিৰক্তিৰ কাৰণ। ইফালে স্থিতাৱস্থাৰ সপক্ষে আৰু পৰিৱৰ্তনৰ চকা পাছলৈ ঘূৰোৱাৰ সপক্ষে থকা মানুহবোৰতো আছেই। পাছৰ দুবিধে নিজ নিজ গোট বা দলৰ বাহিৰত থকা মানুহবোৰক সততে চল চক্ৰান্তৰে বিভ্ৰান্ত কৰি ৰাখি, কেতিয়াবা টোপ দি পাকে প্ৰকাৰে নিজৰ পক্ষত ৰাখিবলৈ সদায়ে সক্ষম হয়। এনেদৰে জ্ঞাতসাৰে বা অজ্ঞাতসাৰে নিজে নিজৰ বাবে খান্দি গৈ থকা গাঁতত সোমাই গৈ সেইসকলৰ বহুতে আৰু গাঁতৰ পৰা উঠি আহিব নোৱৰা হয়৷ সহানুভূতিৰে আৰ্থসামাজিক ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন বিচৰা গোটবোৰে আগবঢ়াই দিয়া হাতখন তেওঁলোকে বিৰক্তিৰে প্ৰত্যাখ্যান কৰে। এখোজ আগুৱাই দুখোজ পিছুৱাই সমভাৱাপন্ন গোটৰ বা দলৰ যুঁজবোৰ চলি থাকে। দুখজনকভাৱে যাৰ বাবে যুঁজে তেওঁলোকেই দল বা গোটবোৰক প্ৰত্যাখ্যান কৰে। এই সমাজবাদী দল বা গোটবোৰৰ ভিতৰতো সমাজখনত বৰ্তি থকা কেৰোণবোৰ যেনে পুৰুষতন্ত্ৰ, শ্ৰেণীবৈষম্য, লিংগবৈষম্য, বৰ্ণবৈষম্য, ভাষিক বৈষম্য, কেন্দ্ৰীয়-প্ৰান্তীয় বৈষম্য, চহৰ- গ্ৰামাঞ্চলৰ বৈষম্য আদিবোৰ বৰ্তি আছে। এই কেৰোণসমূহৰ বিৰুদ্ধে গুৰুত্ব বুজি নুযুঁজিলে আমূল পৰিৱৰ্তনৰ কথাটো কেৱল পৰীক্ষা-নিৰীক্ষাৰ মাজতে হেৰাই যাব। এই পৰিপ্ৰেক্ষিতত লিংগ বৈষম্যহীন সমাজ স্থাপনৰ অৰ্থে নাৰীবাদী আন্দোলনক সেয়ে অৰ্থনৈতিক বা ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন বিচৰাৰ একমাত্ৰ সেই দৃষ্টিভংগীৰে বিচাৰ কৰাটো ভুল হ’ব। অৰ্থনৈতিক শ্ৰেণী বিভাজনৰ কথাটো বাদ দি নাৰীসকলক যদি একেটা শ্ৰেণীতে ৰখা যায় তেনেহ’লে নাৰীসকলৰ সমস্যাবোৰৰ স্বৰূপ প্ৰায় একেই। একেবাৰে সৰল একোটাকৈ উদাহৰণতেই কথাটো পৰিষ্কাৰ হ’ব- যোৱাটো লকডাউনৰ সময়তে চচিয়েল মেডিয়াত খবৰ এটা ওলাইছিল যে গুজৰাটৰ বদোদৰাত অনলাইন লুডুত পত্নীৰ লগত হাৰি পত্নীক মৰিয়াই হাজহাড় ভাঙি দিয়া হৈছে। নাৰীগৰাকীৰ শ্ৰেণী কি কি হ’ব পাৰে? বেজবৰুৱাৰ ভদৰীজনীকতো গাঁৱে-ভূঞে দেখিয়েই থকা হয়, লোকলজ্জা ঢাকিবলৈ উচ্চবিত্তীয় পত্নীয়ে চিগাৰেটেৰে পুৰি পতিয়ে অত্যাচাৰ কৰাৰ কথা লুকুৱাই ৰাখে। ডিঙি চেপি মাৰিবলৈ চেষ্টা কৰা, গোপন অংগত আঘাত কৰা, আদি ঘটনাবোৰ আছেই। এগৰাকীয়ে মাজতে আমাক জনাইছিল যে মানুহটোৱে মদ খাই মনে মনে পেণ্টিত Itch Guard সানি থয়! এনেবোৰ ঘটনাৰ দুই এটা কেনেবাকৈ প্ৰকাশ পায়। বাকীবোৰ লুকাই থাকে। হত্যা-ধৰ্ষণৰ কথাবোৰতো আছেই। নাৰী নিৰ্যাতনে শ্ৰেণী অনুযায়ী ভিন ভিন ৰূপ ধাৰণ কৰিলেও তাৰ ফলত সৃষ্ট যন্ত্ৰণাৰ স্বৰূপ কিন্তু একেটাই। কোনোবাই ভাগ্য বুলি মানি লয়, কোনোবাই সমাজে হাঁহিব বুলি৷ তাৰে মাজৰ স্বাভিমানী আৰু সাহসী কোনো কোনোৱে প্ৰতিবাদ কৰে। সেই প্ৰতিবাদৰ স্বৰূপো শ্ৰেণী অনুযায়ী বেলেগ বেলেগ হোৱাটোৱেই স্বাভাৱিক। আকৌ প্ৰতিবাদৰ প্ৰতি মনোভাবো শ্ৰেণী আৰু লিংগভেদে বেলেগ বেলেগ হ’ব পাৰে।
নাৰীবাদ মানে পুৰুষ বিদ্বেষ নহয় যদিও পুৰুষতন্ত্ৰ কিন্তু নাৰী বিদ্বেষেই। পুৰুষতন্ত্ৰ হৈছে সামাজিক বৈষম্যমূলক এক প্ৰথা য’ত নাৰীক শাসন, শোষণৰ এক আহিলা হিচাপে গণ্য কৰা হয়। আকৌ, পুৰুষো যে নাৰীবাদৰ প্ৰবক্তা হ’ব পাৰে সেই কথাটো সহজতে বুজিব পৰাকৈ ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আদিয়ে তাহানিতে সতীদাহ প্ৰথাৰ বিৰুদ্ধে, বিধৱা বিবাহ প্ৰচলনৰ সপক্ষে যুঁজ দিয়াৰ কথাটো উনুকিয়াব পাৰি। তেনেকৈ আমাৰ অসমত নাৰী শিক্ষাৰ প্ৰচলন কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীকে ধৰি, ৰজনীকান্ত বৰদলৈ, লক্ষীধৰ শৰ্মা, কমলাকান্ত ভট্টাচাৰ্য্য আদিয়ে সৃষ্টি কৰা ৰচনাৰাজিত নাৰী-বৈষম্য, জাত-পাতৰ বৈষম্য আদি কথাবোৰ বিভিন্ন মাত্ৰাত উপস্থাপিত হৈছে। মাৰ্ক্স-এঙ্গেলচ, লেনিন আৰু যাৰ যহত নাৰী দিৱসটো ধুমধামেৰে পালন কৰাৰ সুযোগ আমিবোৰে পালোঁ সেই ক্লাৰা জেটকিন বা ৰ’জা লুক্সেমবাৰ্গৰ কথা নক’লোৱেইবা। দ্ৰুত ইণ্টাৰনেটৰ যুগত খুচৰিব জানিলে নাৰীবাদ কি বুজি পাবলৈ আজিকালি বৰ বিশেষ কষ্ট কৰিবলগা নহয়। নানান বিভ্ৰান্তিকৰ ভিডিঅ’ আৰু লেখাৰে ভৰি আছে যদিও প্ৰকৃততে নাৰীবাদ কি জানিবৰ বাবে Simone de Beauvoir-ৰ ‘The Second Sex’ খন পঢ়া উচিত৷ কিতাপখনৰ অসমীয়া অনুবাদ কোনোবাই কৰিছেনে নাই জানিব পৰা নাই যদিও ইংৰাজীতকৈ বাংলা পঢ়িবলৈ সুবিধা পোৱা সকলে হুমায়ুন আজাদৰ দ্বাৰা অনুদিত ‘দ্বিতীয় লিংগ’ (Dwitio Lingo)খন পঢ়িব পাৰে। তাৰ পাছত আপত্তিজনক বুলি সততে ভবা বাকীবোৰো চালে বা পঢ়িলে কথাবোৰ স্পষ্ট হৈ পৰি কিছু হ’লেও বিভ্ৰান্তি আঁতৰিব।
আকৌ ধৰ্ষণৰ কথালৈ অহা যাওক। নিৰ্যাতনৰ এই চৰম ৰূপটোক অৰ্থনৈতিক শ্ৰেণী বিভাজনৰ আওতালৈ আনিব পাৰিনে? কেৱল মনোবিকৃতি থকা মানুহেই ধৰ্ষণ কৰে নে? ধৰ্ষণ যে শাসক শোষকৰো অস্ত্ৰ সেই কথাটো কেনেকৈ পাহৰা যায়? কেনেকৈ পাহৰা যায় যে ধৰ্ষণ দমনৰো এক আহিলা? আমোদজনকভাৱে ধৰ্মীয় বান্ধোনে বান্ধি ৰখা সমাজখনত সকলো নাৰীকে ‘যিমানেই ডাঙৰ নহওক লাও পাতৰ তল’ বুলি স্বীকৃতি দি থৈছেই। এই ধাৰণাটোৰ ভিত্তিত গঢ় লৈ উঠা বিভিন্ন কথা সৰুৰে পৰা শুনি দেখিয়েই ঘৰ বা সমাজখনত শিশুবোৰ ডাঙৰ হয়। ল’ৰা-ছোৱালী নিৰ্বিশেষে তেনে শিশুৰ মনত নাৰী কেৱল ভোগৰ সামগ্ৰী বা শুশ্ৰূষাকাৰিণী বুলি বদ্ধমূল ধাৰণা এটা সোমাই পৰে। মানসিক বিকৃতিয়েও সেই সাঁচতে পৰি ধৰ্ষকামী ৰূপ লয়। তেন্তে ধৰ্ষণক পুৰুষতান্ত্ৰিক মানসিকতাৰ চৰম প্ৰকাশ বুলি মানি লোৱাত আপত্তি ক’ত? নাৰীসকল কেতিয়াবা শাৰীৰিক ধৰ্ষণ, কেতিয়াবা মানসিক, আনকি কেতিয়াবা বৌদ্ধিক ধৰ্ষণৰো বলি হোৱা দেখা যায়। সেয়ে বুজি পোৱা সকলে কেৱল বিকৃত যৌন আচৰণ বুলি মানি লৈ ধৰ্ষণৰ বিৰোধিতা কৰাৰ যুক্তিটো মানি ল’বলৈ অমান্তি হয়। ধৰ্ষিতাৰ জাতি, ধৰ্ম, শ্ৰেণী আনকি ভাষা আদি চাইহে প্ৰতিবাদ কৰা হয় বাবে প্ৰতিবাদৰ ঢৌবোৰো সৰু-ডাঙৰ হোৱা দেখা যায়। পুৰুষতন্ত্ৰৰ লগতে, বৰ্ণ বৈষম্য, শ্ৰেণী বৈষম্য, জাত-পাতৰ বৈষম্য, ভাষিক বৈষম্য আদি উৎখাত কৰাৰ সংগ্ৰামৰ মাজেদিহে সেয়ে নাৰী নিৰ্যাতনৰ বিৰোধিতা কৰাৰ থল আছে। তাকে নহ’লে প্ৰতিকাৰৰ উপায়বোৰ বিচাৰি উলিওৱাৰ চেষ্টা যে বৃথা তাক মানি লোৱাত সমাজৰ আমূল পৰিৱৰ্তন বিচৰা সকলৰ বা নিবিচৰা সকলৰো আপত্তিটো ৰজিবনে? এটা কথা ঠিক যে অৰ্থনৈতিক স্বাৱলম্বিতাই নাৰীক দৃঢ় আৰু সাহসী কৰি তুলিব পাৰে। প্ৰতিবাদৰ ভাষা মুখত তুলি দিব পাৰে। এতিয়া কথা হৈছে, যি নাৰী আৰ্থিকভাৱে স্বাৱলম্বী নহয় বা শিক্ষিত নহয় তেওঁলোকৰ মুখত প্ৰতিবাদৰ ভাষা কোনে তুলি দিব? নে তেওঁলোকে প্ৰতিবাদৰ ভাষা নিজে নিজে শিকক বুলি আমি শিক্ষিত বুলি ভবা সকলে হাত সাৱটি বহি থাকিব লাগিব? নাইবা অদৃষ্টৰ হাতত তেওঁলোকক এৰি দি ৰং চাব লাগিব? সকলোৱে ৰাজপথলৈ ওলাই আহি প্ৰেকটিকেল ফিল্ডত নামি কামবোৰ কৰিব নোৱাৰিলেও যি সকলে কৰি আছে তেওঁলোকক আন নহ’লেও বিৰোধ কৰা উচিত নহয় বুলি ভাবোঁ।
আমাৰ আৰ্থ-সামাজিক ব্যৱস্থা কি হ’ব তাক ৰাজনীতিয়েই নিৰ্ণয় কৰি আহিছে ৰামায়ণ-মহাভাৰতৰ যুগৰে পৰাই। পুৰুষতান্ত্ৰিকতাৰ ভেটিত গঢ়ি উঠা ৰাজনীতিয়ে তেতিয়াৰে পৰাই জানো নাৰীক নিৰ্যাতিতা কৰি ৰখা নাই শাসনৰ জৰী মজবুত কৰাৰ স্বাৰ্থত? ৰামায়ণৰ সীতা আৰু মহাভাৰতৰ দ্ৰৌপদী জানো ৰাজপৰিয়ালৰে নাৰী নাছিল? তেওঁলোকক কোনটো শ্ৰেণীত ৰাখিব? তেন্তে এতিয়াৰ ৰামৰাজ্যত নাৰীৰ অৱস্থান কি হ’ব বুলি ভবা যায়? ফলাফলবোৰ দেখিয়েই থকা হৈছে। উপন্যাসৰ ৰসাচ্ছাদন কৰি ভালপোৱা সকলে আনন্দ নীলকান্তনৰ ‘ASURA, THE TALE OF VANQUISHED’ খন পঢ়ি চাব পাৰে। য’ত সীতাৰ চৰিত্ৰটো ৰাৱণৰ জীয়াৰী হিচাপে অংকণ কৰা হৈছে। সীতা ৰাৱণৰ পুত্ৰী হিচাপে ভাৰতবৰ্ষত প্ৰচলিত কোনো কোনো প্ৰান্তীয় ৰামায়ণতো বৰ্ণিত হৈছে। উপন্যাসখনৰ অসমীয়া সংস্কৰণো ওলাইছে, বিভূতি গগৈৰ অনুবাদত। উপন্যাসখনত মনুস্মৃতিৰ আধাৰত গঠন কৰিবলৈ বিচৰা ৰামৰাজ্যখনত নাৰীৰ অৱস্থান কি হ’ব পাৰে এটা আভাস পাব পাৰি। চিমপেথি আৰু এমপেথিৰ দৃষ্টিভংগীৰে নাৰী-পুৰুষৰ চৰিত্ৰবোৰ অংকণৰ ওপৰত গুৰুত্ব দি ৰচনা কৰা উপন্যাসখনে আন নহ’লেও আমাৰ বাবে কিছু জিজ্ঞাসাৰ বাট মুকলি কৰিব।
আকৌ প্ৰশ্ন কেইটাৰ কথালৈ ঘূৰি অহা যাওক৷ অলপ মন কৰিলেই গম পোৱা যায় যে আচলতে প্ৰশ্নকেইটাতে উত্তৰো সোমাই আছে। এগৰাকী নাৰী হিচাপে সকলোৰে এই জিজ্ঞাসা আছে। তাৰে সেন্দূৰ সম্বন্ধীয় আৰু ৰান্ধনীশাল সম্বন্ধীয় প্ৰশ্নটোৰ আঁত ধৰি কিছু কথা ক’বলৈ যত্ন কৰা হৈছে যাতে পুৰুষতন্ত্ৰ আচলতে কি জানিবলৈ আগ্ৰহীসকলৰ কিছু সহায় হয়। সেন্দূৰক সমৰ্থন কৰা মানুহে সেন্দূৰ ল’বই লাগিব বুলি জোৰ দি থকা নাইবা নোলোৱাবোৰক অযথা সমালোচনা কৰাটো যেনেকৈ পুৰুষতান্ত্ৰিক মনোভাৱ, সেন্দূৰ লোৱা কোনোবা মানুহক নল’বলৈ বাধ্য কৰোৱা নাইবা কটূ কথাৰে আক্ৰমণ কৰাটোও পুৰুষতান্ত্ৰিক মনোভাবেই। তেনে কথা বোৰ্খাৰ ক্ষেত্ৰতো খাটিব। আজিও ৰান্ধনীশাল আৰু সন্তান লালন-পালনৰ লগতে ধৰ্ম পালন, পৰম্পৰা পালন, পৰিয়ালৰ সকলোৰে প্ৰতি সহনশীলতা প্ৰদৰ্শনৰ দায়িত্ব যিহেতু নাৰী গৰাকীৰেই হয় তাক পুৰুষতন্ত্ৰ বুলি নকৈ আৰু কি বুলি কোৱা যায় ভাবি উলিয়াব নোৱাৰি। এই পাকচক্ৰটোত পৰি নাৰী এগৰাকীয়ে আদৰ্শ নাৰীৰ ভাও দি যেনেকৈ ভাগৰি পৰিব লগা হয়, পুৰুষৰ ক্ষেত্ৰত কিন্তু তেনে নহয়। তেনে জীৱনত অভ্যস্ত পুৰুষে কেনেকৈ নাৰীবাদ সহ্য কৰিব? কিন্তু পুৰুষতান্ত্ৰিক সমাজে পুৰুষ সকলকো সম্পূৰ্ণ মুক্তজীৱনৰ অনুমতি নিদিয়ে। পৰিয়ালটোক ভৰণ-পোষণ দিব নোৱৰা পুৰুষে পৰিয়ালৰ ফালৰ পৰা প্ৰচণ্ড চাপত থাকিব লগা হয়। সমাজৰ দৃষ্টিত তেনে পুৰুষ অক্ষম। সেই অক্ষমতাৰ বাবে আত্মহত্যা কৰা পুৰুষৰ সংখ্যা কিন্তু কম নহয়।আমি জানো যে শিল্পবিপ্লৱৰ পটভূমিতেই বিকশিত হোৱা পুঁজিবাদেই চাৰিবেৰৰ মাজৰ পৰা নাৰীক উলিয়াই আনিছিল। কিন্তু প্ৰকৃততে নাৰীৰ প্ৰতি থকা সহানুভূতিৰ বাবে নহয়, পুৰুষ শ্ৰমিকতকৈ কম মজুৰিতে পোৱা গৈছিল বাবেহে। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলায়ো কিন্তু নাৰীয়ে ঘৰুৱা কামৰ পৰা ৰেহাই পোৱা নাছিল। ফলত নাৰীৰ যান্ত্ৰণা বাঢ়িহে গৈছিল। অৰ্থাৎ পুৰুষতন্ত্ৰ আৰু পুঁজিবাদৰ হাতোৰাৰ সন্মিলিত চেঁপাত নাৰীৰ দুৰ্দশাই কুলাই পাচিয়ে নধৰা হৈছিল । এই অৱস্থাৰ কিবা পৰিৱৰ্তন হৈছেনে? প্ৰযুক্তিয়ে হয়তো নাৰীৰ কামৰ চাপৰ মাত্ৰা কিছু কমাইছে, কিন্তু সেই চাপৰ স্বৰূপ এতিয়াও একেই। বেছিখিনি প্ৰযুক্তিৰ সুবিধা কিন্তু পুৰুষেহে লৈ আছে। ধৰি লোৱা যাওক, পৃথিৱীৰ প্ৰযুক্তিবোৰ হঠাতে নোহোৱা হৈ গ’ল। ধানৰ পৰা চাউল উলিয়াই, জাটত ঘেঁহু পিচি আটা উলিয়াই লোৱাৰ পৰিস্থিতি এটা আহি পৰিল, মিল চলাই থকা পুৰুষজনে ঢেকী দিব নে বা মিক্সাৰ গ্ৰাইণ্ডাৰত মচলা বটি পাকঘৰৰ কামত সহায়(?) কৰি দিয়া পুৰুষবোৰে পটাত মচলা বটিবনে? লকডাউনে কিন্তু এই কথাটো উপলব্ধি কৰাত অনেক সহায় কৰিছে। ঢেকী দিয়া, ঊল গোঠা, হেতা চলোৱা, বেলনা বেলা পুৰুষৰ মিমচ্ এনেয়ে জনপ্ৰিয় হোৱা নাই। অৰ্থাৎ পাকঘৰতো পুৰুষতন্ত্ৰ। আমোদজনক কথাটো হৈছে পুৰুষতন্ত্ৰয়ো নাৰীক কিছু সুবিধা প্ৰদান কৰাৰ কথা বহুতেই কোৱা দেখা যায়। যেনে, গাড়ীৰ চিটটো ভদ্ৰতাৰ খাতিৰত নাৰীক এৰি দিয়া, নাৰীয়ে নিজে যানবাহন চলাই কষ্ট কৰিব লগা নোহোৱা আদি। কিন্তু কোনেও প্ৰশ্ন নকৰে যে নাৰীসকলে সেয়া গ্ৰহণ কৰিবলৈ আগ্ৰহী হয় নে নহয়! (এইটো এটা বিতৰ্কিত প্ৰশ্ন) বহু নাৰীয়ে পুৰুষতন্ত্ৰই দিয়া বিমূৰ্ত কিছু আভুষণেৰে বিভূষিতা হোৱাৰ গৌৰৱ অৰ্জন কৰি ভাল পায় আৰু কিছুমানে অপমানজনক সুবিধা গ্ৰহণ কৰি থাকিবলৈ বাধ্য হয়। তেনেহ’লে এই ভাৰসাম্যহীনতাৰ অৱসান কেনেকৈ ঘটোৱা যায়? ঘৰখনৰ দায়-দায়িত্ববোৰৰ চাপবোৰ যদি সমানে ভগাই লোৱা হয়? সন্তান জন্ম দিব নোৱৰা নাৰী এগৰাকী পুৰুষতান্ত্ৰিক সমাজখনৰ দৃষ্টিত হেয়। তেনেকৈ সন্তান নিবিচৰা গৰাকীক গণ্য কৰা হয় অপৰাধী বুলি। এতিয়া সন্তান নথকা কিন্তু সমাজৰ দৃষ্টিভংগীৰে নিজকে বিচাৰ কৰা নাৰীয়ে আনৰ সুখৰ সংসাৰ দেখি ঈৰ্ষাত জ্বলি-পুৰি মৰাটোক নাৰী গৰাকীৰ দোষ বুলি কোৱা যাব নে পুৰুষতান্ত্ৰিক সমাজখনৰ? তেন্তে সন্তান বিচৰা নাৰী নাৰীবাদী নহয় নেকি? আচলতে নিজ নিজ পছন্দৰ ভিত্তিত সন্তান বিচৰা গৰাকীও নাৰীবাদী আৰু নিবিচৰা গৰাকীও। নাৰীবাদ স্বয়ংসম্পূৰ্ণ নহয়; ই খণ্ডিত আৰু আংশিক৷ সেয়ে বৈষম্যহীন সমাজ এখন প্ৰতিষ্ঠা হোৱাৰ পাছত নাৰীবাদৰ কোনো প্ৰয়োজন নাথাকিব বুলিও বহু আলোচনা ইতিমধ্যে হৈছে। সকলো নাৰীয়েই নাৰীবাদী বুলি সহানুভূতিৰে ক’ব পৰা মানুহো আছে। তেনেকৈ কোৱা কেৱল তত্ত্ব চোবোৱা সহানুভূতিহীন মানুহৰ সংখ্যাই অধিক। এটা কথা ঠিক যে লিংগবৈষম্য আৰু পুৰুষতন্ত্ৰক উৎখাত কৰাৰ সংগ্ৰামখনে যেতিয়ালৈকে সফলতা লাভ কৰিব নোৱাৰে তেতিয়ালৈকে কিন্তু নাৰীবাদ থাকিব। এতিয়া সেই সংগ্ৰামখন সমাজখনৰ বিভিন্ন স্তৰত কোনে কেনেকৈ চলাই যায় সেয়াহে আচল কথা। সেয়ে ক’ব পৰা যায় যে বৰ্তমান নাৰীবাদী আন্দোলনৰ পৰিসৰ সমাজবাদী আন্দোলনতকৈ বহল।সমাজবাদ বা সাম্যবাদৰ ভিত্তিত আমূল পৰিৱৰ্তন বিচৰা দল বা গোটসমূহৰ আন্দোলনৰ ভিতৰে বাহিৰে বিৰাজমান পুৰুষতন্ত্ৰৰ বিৰুদ্ধে নাৰীবাদী আন্দোলনখন চলি থাকিব। চলি থাকিব সমালোচনা, আত্ম সমালোচনা, চলি থাকিব নাৰীবাদীৰ ওপৰত শাৰীৰিক, মানসিক আৰু বৌদ্ধিক অত্যাচাৰ।