বিবিধ চিন্তা

জুকিনিৰ বিষয়ে জানো আহক  (মানসী বৰুৱা)

জুকিনি কি?
সম্প্ৰতি আমাৰ অসমৰ ভিন ভিন অঞ্চলৰ পাচলি বজাৰত এক বিদেশী পাচলি হিচাপে পৰিগণিত হোৱা এবিধ পাচলি হ’ল জুকিনি (𝒁𝒖𝒄𝒄𝒉𝒊𝒏𝒊), যাৰ বৈজ্ঞানিক নাম হৈছে 𝑪𝒖𝒄𝒖𝒓𝒃𝒊𝒕𝒂 𝒑𝒆𝒑𝒐 আৰু ই 𝑪𝒖𝒄𝒖𝒓𝒃𝒊𝒕𝒂𝒄𝒆𝒂𝒆 পৰিয়ালৰ অন্তৰ্গত পাচলি। ইটালীত ১৯ শতিকাত মিলানৰ ওচৰত পোন-প্ৰথমে জুকিনি খেতি কৰা হৈছিল। জুকিনি নামটো ইটালী শব্দ “জুকা”-ৰ পৰা আহিছে। দক্ষিণ আফ্ৰিকাত জুকিনিক বেবী মেৰ’ বুলি কোৱা হয়। জুকিনিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়। ভিটামিন A, B6 আৰু C-ৰ লগতে মেংগানিজ, পটাছিয়াম আৰু কম পৰিমাণৰ মেগনেছিয়াম আৰু ফছফৰাছো এই পাচলিত পোৱা যায়।

জুকিনি কেঁচাই আৰু সিজাই, দুয়োধৰণে খাব পাৰি। ইয়াৰ ফুলবোৰো খাব পৰাধৰণৰ, যিবোৰ কেতিয়াবা ভাজি খোৱা হয়। দেখাত তিয়ঁহৰ লগত সাদৃশ্য থকা জুকিনিৰ বাকলি কোমল আৰু খাব পৰাধৰণৰ (edible)। উদ্ভিদবিজ্ঞানৰ ফালৰ পৰা জুকিনি এটা ফল, কিন্তু ইয়াক ৰন্ধনৰ দিশত চালে বহুতে পাচলি হিচাপে গণ্য কৰে আৰু প্ৰায়ে ৰান্ধি খোৱা খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। জুকিনিৰ গছবোৰ সাধাৰণতে জোপোহা, কিন্তু কিছুমান জাতৰ বগাই যোৱা প্ৰকৃতি (creeper) থাকে। ইয়াৰ পাতবোৰ হাতৰ তলুৱাৰ দৰে ডাঙৰ। কাণ্ড আৰু পাত দুয়োটাতে সৰু সৰু কাঁইটীয়া ট্ৰাইক’ম (উদ্ভিদৰ চুলি) থাকে। জুকিনিৰ বেছিভাগ জাতেই গাঢ় সেউজীয়া ফল দিয়ে যদিও কিছুমানে হালধীয়া-সেউজীয়াৰ পৰা প্ৰায় ক’লা ৰঙৰ ঘূৰণীয়া বা মধ্যমীয়া আকৃতিৰ ফল উৎপাদন কৰে। জুকিনিৰ ফলটো “পেপো” বুলি জনাজাত। এই পাচলিবিধৰ বাকলি কোমল থকা অৱস্থাতেই চপোৱা হয় যেতিয়া ফলবোৰ প্ৰায় ২৫ ছে.মি.মান দীঘল হয়।

জুকিনিক গ্ৰীষ্মকালীন স্কোৱাচ বুলিও জনা যায়। ইয়াৰ বাকলি তিনিটা ৰঙৰ হয়: গাঢ় সেউজীয়া, পাতল সেউজীয়া বা হালধীয়া। উন্নত হজম শক্তিৰ পৰা আৰম্ভ কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পোৱালৈকে এই পাচলি বিধৰ স্বাস্থ্যজনিত বহুতো লাভালাভ আছে। ই এবিধ আঁহযুক্ত পাচলি। ইয়াৰ উপৰিও ই ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কমায় বুলি গৱেষণাত পোৱা গৈছে। কিছুমান ব্যক্তিয়ে কেঁচা জুকিনি চালাড হিচাপে খাই ভাল পায়। জুকিনিৰ পৰা ভিন্নধৰণৰ সুস্বাদু ব্যঞ্জন বা অন্যান্য খাদ্য সামগ্ৰী যেনে: জুকিনি পেটিছ, জুকিনি ফ্ৰাইচ ইত্যাদি বনাব পাৰি।

জুকিনি ৰোপণৰ সময়
জুকিনি ৰোপণৰ বাবে গৰম বতৰৰ আৱশ্যক। নাতিশীতোষ্ণ অঞ্চলত গ্ৰীষ্মকালীন শস্য হিচাপে জুকিনি খেতি কৰা হয় আৰু ইয়াক প্ৰায়ে মে’ মাহত ৰোপণ কৰা হয়। অধিক উষ্ণ অঞ্চলত দুবাৰকৈ, এবাৰ বসন্ত কালত আৰু এবাৰ শৰৎকালত জুকিনি খেতি কৰিব পাৰি। উত্তৰ-পূৱ ভাৰতত গ্ৰীষ্মকালত এপ্ৰিল-মে’ৰ পৰা ইয়াৰ খেতি কৰা হয় আৰু বিজ্ঞানসন্মত কৃষি নিৰ্দেশাৱলী (POP) অনুসৰি নিম্ন পাহাৰ বা সমভূমিত ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে ইয়াৰ খেতি হয়।

জুকিনি ৰোপণৰ স্থান আৰু পদ্ধতি
জুকিনিৰ বীজ পোনে-পোনে মাটিত ৰোপণ কৰিব পাৰি। কিন্তু সৰু আকাৰৰ পলিবেগ বা প্লাষ্টিকৰ ট্ৰেত পুলি উৎপাদন কৰিলে ভাল উৎপাদন পোৱা যায়। জুকিনিৰ পুলিবোৰ ৰোপণৰ ১০-১২ দিন আগতে সাজু কৰি লোৱা পথাৰখনৰ মাটিৰ লগত জৈৱিক সাৰ মিহলাই ল’ব লাগে। গোৱৰ বা পুৰণি পচি যোৱা জৈৱিক পদাৰ্থ বা কেঁচুসাৰো মিহলাই ল’ব পাৰি। বীজ সিঁচাৰ ১০-১৫ দিনৰ ভিতৰত পুলি ওলায় আৰু গছজোপা দ্ৰুতগতিত বৃদ্ধি পায়।

এই পাচলিবিধ প্ৰথমে অসমৰ যোৰহাট আৰু দৰং জিলাত পৰীক্ষণমূলকভাৱে পলিবেগত ৰোৱা হৈছিল আৰু তাৰ পিছত পলিথিন মাল্‌চ ব্যৱহাৰ কৰি পথাৰত ৰোপণ কৰা হৈছিল। জুকিনিৰ কিছুমান জাত লতাজাতীয়, এইবোৰক বগাবলৈ বহুত ঠাইৰ প্ৰয়োজন হয়। ডাঙৰ টাবত ৰোপণ কৰিব পৰা আৰু সৰু সৰু ঠাইত বৃদ্ধিৰ বাবে উপযুক্ত জোপোহা জাতো পোৱা যায়।

জুকিনিৰ বিভিন্ন জাতসমূহ
বিশ্বৰ নানা স্থানত বিভিন্ন প্ৰজাতিৰ জুকিনি পোৱা যায়। আমাৰ ভাৰতৰ ভিন্ন ৰাজ্যত সাধাৰণতে খেতি কৰা জুকিনিৰ কেইটামান জাতৰ নাম ইয়াত উল্লেখ কৰা হ’ল: ব্লেক বিউটি, কোষ্টাটা ৰোমানেস্কো, গ্ৰীণ মেচিন, গোল্ড ৰাশ্ব, ফ্ৰেঞ্চ হোৱাইট, চেনেকা, স্পেচমাইজাৰ, ডুঞ্জা ইত্যাদি।

জুকিনি খেতিৰ বাবে দৰকাৰী জলবায়বিক অৱস্থা
জুকিনি খেতি কৰিবলৈ সম্পূৰ্ণ ৰ’দ পৰা (কমেও ৬ৰ পৰা ৮ ঘণ্টা) আৰু অনবৰতে আৰ্দ্ৰ হৈ থকা, জৈৱিক পদাৰ্থ সমৃদ্ধ মাটিৰ প্ৰয়োজন। জুকিনিৰ বীজ অংকুৰণ তথা বৃদ্ধিৰ বাবে আদৰ্শ উষ্ণতা ১৮-২৪ ডিগ্ৰী ছেলছিয়াছ। পূৰ্ণবয়স্ক পাচলি(matured) উৎপাদনৰ বাবে কমেও ৫০ দিনৰ বাবে গৰম বতৰৰ প্ৰয়োজন হয়। যেতিয়া ৰোপণ কৰা ঠাইত কমেও ৬ ঘণ্টা ধৰি প্ৰত্যক্ষ সূৰ্যৰ পোহৰ পৰে তেতিয়া জুকিনি গছবোৰ ভালকৈ শ্ৰীবৃদ্ধি হয়।

জুকিনি খেতিৰ বাবে মাটিৰ প্ৰস্তুতিকৰণ
জুকিনিৰ খেতি কৰিবলৈ সাৰুৱা মাটিৰ দৰকাৰ, লগতে ভালদৰে পানী ওলাই যোৱা সুবিধাৰ মাটি হ’ব লাগে। বালিচহীয়া লোম মাটি জুকিনি খেতিৰ বাবে অতি উপযোগী। জৈৱিক পদাৰ্থ বেছি পৰিমাণে থকা আৰু pH প্ৰায় 5.5-6.5 থকা মাটি জুকিনি খেতিৰ বাবে উত্তম। যিহেতু জুকিনি গছবোৰে বহু পৰিমাণে খাদ্য গ্ৰহণ কৰে, সেয়েহে মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ বেছি হোৱাটো প্ৰয়োজন।

বীজৰ পৰিমাণ আৰু সিঁচাৰ সময়
জুকিনিৰ বীজবোৰ দেখিবলৈ ৰঙলাওৰ বীজৰ লেখীয়া। এক বিঘা মাটিত সিঁচিবলৈ সৰু আকাৰৰ বীজৰ বাবে ৩০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডাঙৰ আকাৰৰ বীজ হ’লে ৫০০ গ্ৰামৰ দৰকাৰ।
ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ৰাতিৰ উষ্ণতা ১৮-ৰ পৰা ২০ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত থকা অৱস্থাতেই বীজ সিঁচা হয়। শীতকালীন খেতিৰ বাবে ছেপ্টেম্বৰ-অক্টোবৰত বীজ সিঁচা হয়।

গছৰ মাজৰ ব্যৱধান
জুকিনিৰ প্ৰতি দুজোপা গছৰ মাজত দূৰত্ব প্ৰায় ১ মিটাৰ আৰু প্ৰতিটো শাৰীৰ মাজৰ দূৰত্ব একেৰাহে ৫০-৯০ ছেণ্টিমিটাৰ হ’ব লাগে। প্ৰতি হেক্টৰত জুকিনিৰ গছৰ সংখ্যা (plant population) হৈছে ৭,৫০০–১১,০০০। বীজবোৰ প্ৰায় ১ ইঞ্চি দকৈ সিঁচিব লাগে। বীজ সিঁচাৰ ৪-৬ সপ্তাহৰ পিছত ফল ওলাবলৈ আৰম্ভ হয়।

সাৰৰ ব্যৱস্থাপনা
শস্যৰ সু-বৃদ্ধিৰ বাবে সাৰ আৰু গোবৰৰ এই দুয়োবিধেই গুৰুত্বপূৰ্ণ। ইহঁতে মাটিত উপযুক্ত পুষ্টিকৰ উপাদান প্ৰদান কৰে, যিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।
যদিহে প্ৰাকৃতিক কৃষি অৱলম্বনৰ মাজেৰে পাচলিবিধৰ খেতি কৰিব বিচাৰে, তেনেহ’লে ৰোপণৰ আগতে মাটিত পচন সাৰ বা ভালদৰে পচি যোৱা গোবৰ মিহলাই ল’ব লাগে। ইয়াৰ উপৰিও জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰি। এই গছবোৰে বহুত খাদ্য গ্ৰহণ কৰে। গতিকে সেই বৃদ্ধি বজাই ৰাখিবলৈ ইহঁতক পৰ্যাপ্ত পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয়।

পানী যোগানৰ নিয়ম
প্ৰচুৰ পৰিমাণে উৎপাদন কৰিবলৈ জুকিনি খেতিক নিয়মিত আৰ্দ্ৰ অৱস্থাৰ প্ৰয়োজন। উদ্ভিদ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। সাধাৰণতে বতৰ ঠাণ্ডা হ’লে সপ্তাহত এবাৰ আৰু গৰম আৰু শুকান হ’লে প্ৰতি সপ্তাহত দুবাৰ বা তিনিবাৰলৈকে পানী দিব লাগে। জুকিনিক বিভিন্ন পৰ্যায় যেনে বৃদ্ধি, ফুল ফুলা আৰু ফলৰ ধৰা পৰ্যায়ত পানীৰ প্ৰয়োজন হয়। টোপাল জলসিঞ্চন (Drip irrigation) ব্যৱস্থাৰ জৰিয়তে জুকিনি খেতিত নিৰ্দিষ্ট সময়ত উপযুক্ত পৰিমাণৰ পানী যোগান ধৰিব পাৰি।

অপতৃণ নিয়ন্ত্ৰণ
জুকিনি খেতিডৰাত নিয়মীয়াকৈ অপতৃণবোৰ দূৰ কৰা প্ৰয়োজন। অপতৃণ নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু এই শস্যৰ পৰা অৰ্থনৈতিকভাৱে সম্ভৱপৰ উৎপাদন লাভ কৰিবলৈ বীজ সিঁচাৰ ১৫-২০ দিনৰ ভিতৰত অপতৃণবোৰ আঁতৰ কৰিব আৰম্ভ কৰিব লাগে।

জুকিনি খেতিত কীট-পতংগ নিয়ন্ত্রণৰ ব্যৱস্থাপনা
১) থ্ৰিপছ (Thrips)

থ্ৰিপছে খোৱাৰ ফলত পুলিবোৰৰ বৃদ্ধি মন্থৰ হৈ পৰে আৰু তাৰ পৰা ফল উৎপন্ন হ’লেও বিকৃত প্ৰকাৰৰ হয়। লগতে আক্ৰান্ত উদ্ভিদৰ পাতবোৰ মুগা-হালধীয়া বৰণৰ হৈ পৰে।
নিয়ন্ত্ৰণ
নিম কেক ব্যৱহাৰ কৰিব লাগে। নাইবা ডাইমেথ’ৱেট ৩০ ইচি @ ২ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে।
২) ফলৰ মাখি (Fruit fly)
ফলবোৰক মাখিয়ে বিন্ধি আঘাতপ্ৰাপ্ত কৰা পিছত মাখিয়ে এপিডাৰ্মিছৰ তলত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুবোৰে ফলৰ ভিতৰভাগৰ সম্পূৰ্ণ ক্ষতি কৰে। আক্ৰমণ কৰা ফলবোৰ মৰহি মাটিত সৰি পৰে।
নিয়ন্ত্ৰণ
Pupae-বোৰ ধ্বংস কৰিবলৈ গৰমদিনত পথাৰখনত দকৈ হাল বাই দিব লাগে। লগতে আক্ৰান্ত ফলবোৰ ছিঙি পেলাই দিয়াটো উচিত। ফ্রুইট ফ্লাইৰ আক্ৰমণ নহ’বলৈ খেতিত বীজৰ অংকুৰণৰ লগে লগে নিম কেক @ ২৫০ কিলোগ্ৰাম/হেক্টৰ হিচাপে প্ৰয়োগ কৰিব পাৰি।
৩) ৰঙা মকৰা মাইট (Red spider mite)
মাইট নামৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পোকবোৰ পাতৰ তলৰ ফালে থাকে। নিম্ফ আৰু প্ৰাপ্তবয়স্ক পোকবোৰে সুক্ষ্ম কোষবোৰৰ ৰস চুহি লোৱাৰ ফলত পাতৰ ওপৰৰ পৃষ্ঠত হালধীয়া ৰেখা দেখা যায়। ফলত পাতবোৰ শুকাই শেঁতা হৈ পৰে।
নিয়ন্ত্ৰণ
নিম তেল (Neem oil) @ ১% হাৰত পাতৰ তলফালে ভালদৰে স্প্ৰে’ কৰিব লাগে। নাইবা ডাইমেথ’ৱেট ৩০ ইচি @ ২ মিলিলিটাৰ/ ইথিয়ন ৫০ ইচি @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব পাৰি।

জুকিনি খেতিত ৰোগ নিৰাময়ৰ ব্যৱস্থাপনা
১) ডাউনি মিল্ডিও (Downy Mildew)
ইয়াত আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণ হৈছে পাতৰ ওপৰৰ পৃষ্ঠত কৌণিক হালধীয়া বিন্দুৰ (angular yellow dots) উৎপত্তি। পাতবোৰ হালধীয়া হোৱাৰ লগে লগে বিন্দুবোৰ ডাঙৰ হৈ পৰে আৰু শেষত মৰি যায়।
নিয়ন্ত্ৰণ
চপোৱাৰ পিছত গছৰ ধ্বংসাৱশেষ আঁতৰাই পেলাব লাগে।
২) পাউদাৰী মিল্ডিও (Powdery Mildew)
ঠাৰি, ডাল আৰু পাতত বগা বা ধূসৰ ৰঙৰ দাগ দেখিব পোৱা যায়। গুৰুতৰ পৰিস্থিতিত গছবোৰ হালধীয়া হৈ পৰে আৰু বৃদ্ধি স্তব্ধ হৈ পৰে। লগতে উৎপন্ন ফলৰ আকাৰ সংকুচিত হয়। অধিক উষ্ণ আৰু শুকান বতৰত এই ৰোগ সোনকালে বিয়পে।
নিয়ন্ত্ৰণ
চপোৱাৰ পিছত গছৰ ধ্বংসাৱশেষ আঁতৰাই পেলাব লাগে। বিশেষকৈ ৰোগ সৃষ্টিকাৰী অপতৃণবোৰ নাইকিয়া কৰিব লাগে।

জুকিনি চপোৱাৰ সময়
জাত, বৃদ্ধিৰ পৰিৱেশ আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি ৰোপণৰ ৯০ৰ পৰা ১৫০ দিনৰ ভিতৰত জুকিনি চপোৱা হয়। যেতিয়া জুকিনিবোৰ ২৫-৩০ ছে.মি দীঘল হয়, তেতিয়া ই চপোৱাৰ বাবে উপযুক্ত হয়। সৰহসংখ্যক জুকিনিৰ বীজ সিঁচাৰ ৪০-৫০ দিনৰ পিছত ফল চপাৱ/ছিঙিব পৰা যায়। ফুল ফুলাৰ পিছত ই দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত জুকিনিৰ বাকলি কঠিন হোৱাৰ আগতেই ইয়াক ছিঙিব পাৰি। নিয়মিতভাৱে গছবোৰৰ পৰা ফল চপালে দীঘলীয়া সময়লৈ ফল উৎপাদন অব্যাহত থাকে আৰু তেনেক্ষেত্ৰত এটা ঋতুতে বহুবাৰ জুকিনি চপাব পাৰি।

জুকিনি গছৰ উৎপাদন
এজোপা জুকিনি গছৰ পৰা এটা ঋতুত প্ৰায় ৪০-টা ফল উৎপাদন হয়। প্ৰতি বিধা মাটিত ইয়াৰ গড় উৎপাদন প্ৰায় ৮০০০ কিলোগ্ৰাম।

উপসংহাৰ
আমাৰ ৰাজ্যত কিছু কিছু অঞ্চলত জুকিনিৰ খেতি কৰিবলৈ কৃষকসকলে আৰম্ভ কৰিছে। কিন্তু বহু সংখ্যক লোকৰ বাবে ই এতিয়াও এবিধ অচিনাকি পাচলি হৈয়ে আছে। উৎপাদিত জুকিনিৰ বজাৰকেন্দ্ৰিক সমস্যাও নুই কৰিব নোৱাৰি, যাৰ বাবে ইয়াৰ খেতি বজাৰৰ ওচৰৰ অঞ্চলতে সীমাবদ্ধ হৈ থাকে। লগতে স্বাস্থ্যজনিত লাভালাভৰ বিষয়েও সাধাৰণ ৰাইজ ভালদৰে জ্ঞাত নোহোৱাৰ বাবে জুকিনি খেতি কৰা বা খোৱাৰ দিশত ইমান আগ্ৰহ প্ৰকাশ নকৰা দেখিবলৈ পোৱা যায়। তথাপি লাগে লাহেকৈ বাঢ়ি থকা জুকিনি খেতিৰ কৃষিভূমিৰ প্ৰতি লক্ষ্য ৰাখি ই ভৱিষ্যতে আমাৰ ৰাজ্যৰ বজাৰসমূহত বিদেশী পাচলি হিচাপেই নাথাকি সকলোৰে পৰিচিত আৰু সমাদৃত এক পাচলি হিচাবে পৰিগণিত হ’ব বুলি আশা কৰিব পাৰি।
[জুকিনিৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ কিছু তথ্য স্বীকৃত কৃষি বিশ্ববিদ্যালয় দুই-এখনৰ পৰা প্ৰকাশিত Package of Practices-ৰ পৰা লোৱা হৈছে]

Leave a Reply

Your email address will not be published. Required fields are marked *