গল্প-কবিতা

..অৱধি-(মমিন বৰা)

ভোক বুলিলেই আজিকালি আপুনি মুখ বেঁকা কৰি হাঁহি উঠে।

ঠিক এইমাত্ৰ আপোনাৰ মুখত ফুটি উঠা কৃত্ৰিম আৰু বেঁকা হাঁহিটোৰ দৰেই..।

ভোক বুলিলেই আপুনি বুজি পায় হৰলিক্স অথবা কাৰ্লমাৰ্ক্স।

আপুনি ভোকৰ বিধিগত স্বীকাৰ্যক স্বীকাৰ কৰি ৰ’দৰ পাঞ্চলাইন তৈয়াৰ কৰে আৰু মই…

ভোকৰ ঢাপবোৰ এডেও-দুডেও কৈ পাৰ হোৱাৰ আনন্দত আত্মাহাৰা হৈ আৰম্ভ কৰোঁ ডাৱৰৰ বনছাই।

শোকৰ কিবা কথা যদিও আছিলদোৰোণ বনৰ মাজত তাক এৰি আহিলোঁ কাহানিবাই।

পিছে সুখৰ সপোন এটাক সেই দোৰোণ বনৰ মাজলৈ এৰি দিয়াৰ কথা ওলালেই আপুনি বিতৃষ্ণাৰে কৈ উঠে..

ক্লিছে হৈ গৈছেহে উপমাবোৰ।

অথচ আপুনিও জানে দুভৰিত পঘা লগাই আজিও ভোকৰ শেষ প্ৰান্তত বগাই আছে অযুত পৰিসংখ্যাই

যাৰ পৰ্যালোচনা বিচাৰি ঘুৰ্মুটিয়াই ফুৰাৰ প্ৰয়োজন নাই কোনো এক্স জি উইকিপেডিয়া।

আচলতে ভোক জীৱনৰ এৰাব নোৱাৰা ক্লীছে।

সেয়ে জীৱন সমন্ধীয় বৈষয়িক বিজ্ঞাপনৰ তালে তাল মিলাই কেপিটেলীষ্ট টিটকাৰি মাৰিলেও কেতিয়াবা বীৰবলৰ সাধু শুনি আমি ভাল পাওঁ।

আহক, জীৱন আৰু মৃত্যুৰ অৱবাহিকাত বহি আজি ভোকৰ নন্দনতত্বকে পাতোঁ।

এনেয়েও, হাঁহি আৰু হাহাকাৰৰ মাজত

ভোকৰেই চিতা সাজি ৰজনজনাই বহি আছে মোৰ তৃতীয় বিশ্ব,

ইয়াকো উদযাপন নকৰাকৈ পাৰোনে!

পাদটীকাঃ

হৰলিক্স আৰু কাৰ্লমাৰ্ক্সৰ মাজত থৈয়া-নথৈয়া ৰণ আৰু মই….

দুয়োৰে মাজত সোমাই গণ্ডগোল লগোৱা এক বিশেষণীয় বিশেষণ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *