গল্প-কবিতা

গীত ‌।‌। কথা: ত্ৰিলোচন গগৈ :: সুৰ: কমলাক্ষি শইকীয়া

অগ্ৰগামী অগ্ৰগামী
চাহ বাগিচাৰ আমি অগ্ৰগামী

বাগিচাই আমাৰ কঠীয়াতলী
বাগিচাই আমাৰ পৰিচয়
বাগিচাৰেই আমি জগত জিনিও
হৈ ৰ’লোঁ প্ৰান্তীয়

এই বাগিচাৰ সন্তান আমি
দেশ গঢ়াৰ ৰণুৱা আমি
উত্তৰণেই লক্ষ্য আমাৰ
প্ৰান্তৰ পৰা মুক্তি

বিদ্যালয়েই আমাৰ শক্তি
সেয়ে আমি শিক্ষাৰ্থী
আহাঁ আমি যাওঁ আগুৱাই

অন্ধবিশ্বাস-কুসংস্কাৰ আঁতৰাই আহাঁ আমি
বিজ্ঞানৰ বাট বুলি যাওঁ অ’ সমনীয়া
প্ৰজ্ঞাৰ সাধনাৰে, জ্ঞানৰ দীপ্তিৰে
যাওঁ আহাঁ হাতে-হাত ধৰি অ’ সমনীয়া

আহাঁ আমি একেলগে যাওঁ
হাতে-হাত ধৰি আমি আগুৱাই যাওঁ

Leave a Reply

Your email address will not be published. Required fields are marked *