ৰাচেল কাৰ্চনৰ সাইলেণ্ট স্প্ৰিং আৰু কাজিৰঙা – এক তুলনামূলক বিশ্লেষণ – (বুবুল শৰ্মা কাজিৰঙা)
১৯৬৩ চনৰ ৪ জুনত ৰাচেল কাৰ্চনৰ সাইলেণ্ট স্প্ৰিং গ্ৰন্থখন প্ৰকাশ পাইছিল৷ কেৱল ৬৫ পৃষ্ঠাৰ এখন কিতাপ৷ সেইসময়ত কাৰ্চন আছিল স্তন কেন্সাৰত আক্ৰান্ত হৈ মৃত্যুমুখী এক যাত্ৰী৷
গ্ৰন্থখনৰ বিষয়ে বহু প্ৰসিদ্ধ ব্যক্তিৰ মন্তব্যবোৰে হৃদয় জয় কৰিছিল৷ এককথাত “The book that birthed modern environmentalism”
যিখন কিতাপে আধুনিক পৰিবেশ চিন্তাৰ জন্ম দিছিল৷
“This book was a shaft of light that for the first time illuminated what is arguably the most important issue of our era.” – Al Gore (45th American vice President)
Rachel Carson’s Silent Spring, A book that changed the world – Mark Stoll (is associate professor of history at Texas Tech University in Lubbock, Texas)
যিখন গ্ৰন্থই পৃথিৱীৰে চিন্তাৰ পৰিৱৰ্তন সাধন কৰিছিল৷ সেই গ্ৰন্থখনৰ দুই মিলিয়ন কপি বিক্ৰী হৈছিল ৷কিতাপখনত লিপিবদ্ধ কৰা হৈছিল কি দৰে মানুহে ডিডিটি ব্যৱহাৰ কৰি প্ৰকৃতিক ডিঙি চেপি হত্যা কৰিছিল৷
গ্ৰন্থখনে ব্যাপক হাৰত আলোচনা-সমালোচনাৰ সন্মুখীন হৈছিল৷ গ্ৰন্থখন প্ৰকাশৰ সময়চোৱাত ডিডিটি নামৰ কীটনাশকবিধ ব্যাপক হাৰত কৃষি কৰ্মত,মেলেৰীয়া ম’হ নিধনত আদিত ব্যৱহাৰ হোৱা সৰ্বাধিক প্ৰয়োজনীয় দ্ৰব্য হিচাপে স্হান লাভ কৰিছিল৷ ডিডিটি প্ৰস্তুতকাৰী কোম্পানীবোৰে এই কিতাপখন বজাৰৰ পৰা বাজেয়াপ্ত কৰিবলৈ উঠিপৰি চেষ্টা কৰিছিল৷ তেওঁলোকে শক্তি প্ৰয়োগ কৰি প্ৰচাৰ চলাইছিল যে ডিডিটি দি কীট পতংগ মৰাৰ বাবেহে কৃষি উৎপাদনত বিপ্লৱৰ সৃষ্টি হৈছে৷ উন্নয়ন(!) হৈছে৷ গতিকে পৰিবেশৰ ক্ষতি হ’লেও মানুহৰ উন্নয়ন হৈছে৷
তেওঁলোকে কাৰ্চনৰ গ্ৰন্থখন সমালোচনা কৰি প্ৰচাৰ কৰিবলৈ ধৰিলে – ডিডিটিৰ খুঁট উলিয়াই কি লাভ? তাৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰো?তেওঁলোকে প্ৰচাৰ কৰিছিল মানুহৰ জীৱনতকৈ ডাঙৰ একো হ’ব নোৱাৰে৷ সেয়ে মেলেৰীয়া ৰোগৰ বাবেও ডিডিটি ব্যৱহাৰ কৰিবই লাগিব৷ গতিকে ডিডিটি বন্ধ কৰাৰ অৰ্থ মানৱতা বিৰোধী কাৰ্য ইত্যাদি ইত্যাদি বুলি ডিডিটি বনোৱা কোম্পানীবোৰে গ্ৰন্থখনৰ মহান প্ৰয়াসক নৎস্যাত কৰিবলৈ উঠিপৰি লাগিছিল৷ এইধৰণৰ অপপ্ৰচাৰৰ পিছতো গ্ৰন্থখনৰ জনপ্ৰিয়তা বাঢ়ি যায়, আৰু সৰ্বাধিক বিক্ৰীৰ গ্ৰন্থ হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷
মাছ মৰি উপঙি উঠিছিল:
মিছিগানৰ এখন চহৰত ডিডিটি ব্যৱহাৰৰ ফলত চহৰখনৰ হ্ৰদ,জলাশয় আদিত থকা মাছবোৰ মৰি উপঙি উঠিছিল৷ ক্ষতিকৰ কীট-পতংগৰ লগতে উপকাৰী কীট-পতংগ মৰি শেষ হৈ গৈছিল৷ বিশেষকৈ যিবোৰ পতংগ মাছে খাদ্য হিচাপে গ্ৰহণ কৰে৷ কীটনাশকত মৰা পতংগ খাই মাছবোৰ মৰি যোৱাৰ লগতে মাছে কণী দিবলৈ অক্ষম হৈ পৰিছিল৷ সেই বিষক্ৰিয়াত মৰা মাছবোৰ খাই মাছৰোকা,বগলি,কণামুচৰি আদি চৰাইবোৰ মৰি শেষ হৈ গৈছিল৷ যি দুই এটা চৰাই মৰি যোৱা নাছিল,সিহঁতেও গছৰ ডালত সুস্থভাৱে থিয়হৈ থাকিব পৰা নাছিল৷ সিহঁত কঁপি কঁপি গছৰ ডালৰ পৰা বাগৰি পৰিছিল৷ মুঠতে ডিডিটিৰ সেউজ বিপ্লৱে প্ৰকৃতিলৈ এক অদ্ভুত নিৰৱতা কঢ়িয়াই আনিছিল। বসন্তৰ মাত ক’তো নাছিল,বসন্ত নিৰৱ হৈ পৰিছিল৷ চৰাইৰ মাত এষাৰো কোনেও শুনা নাছিল৷ কুলি-কেতেকী কাৰো মাত চহৰবাসীয়ে শুনা নাপালে৷ শ্মশানৰ নিৰৱতাই বিৰাজ কৰিছিল চৌদিশ৷ বিল কাৰ্চনে যাৰ নাম দিছিল ছাইলেণ্ট স্প্ৰিং অথাৎ মৃত বসন্ত অথবা নিৰৱ বসন্ত৷
কীটনাশকে কেনেকৈ জীবন ধ্বংস কৰে:
কীটনাশকে কেৱল খেতি নষ্ট কৰা কীট-পতংগকে মাৰি নেপেলায় উপকাৰী পতংগবোৰো মাৰি পেলায়৷ যিবোৰ প্ৰকৃতিৰ বুকুত খাদ্য শৃংখলৰ প্ৰাথমিক সদস্য৷ মাটিত মিহলিহৈ বছৰ বছৰ দিন কীটনাশকবোৰ জমাহৈ থাকি যায়৷ এককথাত চিৰদিনৰ বাবে মাটিৰ গুণাগুণ নষ্ট হৈ যায়৷ বৰষুণৰ পানীয়ে সেই কীটনাশকবোৰ উটুৱাই লৈ যায় জলাশয়,নিজৰা. জুৰিলৈ৷ জলাশয় দূষিত হৈ পৰাৰ লগে লগে জলজ জীৱ,জলজ জীৱক ভক্ষণ কৰা চৰাই,উদ. ভেকুলী,সাপ সকলোৱেই কৰুণ মৃত্যুত পৰে৷
জৈৱবৈচিত্ৰ্যৰে চহকী অসমৰ প্ৰেক্ষাপটত বর্তমান এই বিষয়টোৱে এক ভয়ংকৰ ৰূপ গ্ৰহণ কৰিছে,যিটো বিষয়ৰ প্ৰতি আমাৰ চৰকাৰ. জনতা সকলো উদাসীন৷ আমাৰ গাঁৱে-ভূঞে অনিয়ন্ত্ৰিত হাৰত কীটনাশকৰ ব্যৱহাৰ৷ বাৰীৰ. বজাৰৰ শাকপাচলি,ফলমূল,সকলোতে মাৰাত্মক কীটনাশক,মাছত ফৰমেলিন ব্যৱহাৰ আদিয়ে চিৰ চেনেহী অসমখনক কলৈ নি আছে? বিষক্ৰিয়াত পৰি জাকে জাকে চৰাই মৃত্যু,মৃত পশুৰ শৰীৰত ডিক্ল’ফিনেক খাই জাকে জাকে শগুণৰ মৃত্যু,মৃত পশুৰ শৰীৰত বিহ প্ৰয়োগেৰে মাসংহাৰী জন্তৰ মৃত্যু৷ মাছ. ফল-মূল খাই কোনে কি ৰোগত ভুগি হস্পিতাল পাব লগা হৈছে,সৰু-বৰ সকলোৱে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে,সঘনাই কিডনী ৰোগত আক্ৰান্ত হৈছে৷ ১৯৬৩ চনত আমেৰিকাত কীটনাশক দ্ৰৱ্যক নিষিদ্ধ কৰা হ’ল ,আমাৰ দেশৰ কৃষি বিশেষজ্ঞ,প্ৰগতিশীল খেতিয়কৰ মুখত কীটনাশকৰ প্ৰশংসা আৰু নাম আখৈ ফূটাদি ফূটে৷ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ বুলি অসমৰ শিল্পী-সাহিত্যিক-কবি-শিক্ষকসকলে গুণগুণাই গীত,কবিতা,গল্প আদি ৰচনা কৰিলেই দায়িত্ব শেষনে ৰাজনৈতিক নেতা. মন্ত্ৰীসকলে ডিঙিৰ শিৰা ফূলাই ফুলাই দেশক ভাল পোৱাৰ কথা ক’লেই দায়িত্ব শেষনে?
মোৰ জন্ম ঠাই কাজিৰঙাৰ কথাকে ক’বলৈ ওলাইছোঁ. য’ত ডিডিটিতকৈও ভয়ংকৰ এটা দানৱে বসন্তক মৃত কৰি তুলিছে৷ মোৰ শৈশৱৰ কাজিৰঙাৰ পথাৰ-বাৰীবোৰত ভৰি দিবলৈ আপুনি পোৱা হেতেন অসমৰ সকলো ঘাঁহ-বননি-শাক-লতা পথাৰ-বাৰীতেই দেখা পালেহেতেন! খুতৰা,মাটি-কাঁদুৰী,গৰখীয়া গুটি,ধতুৰা,লাইজাবৰি,গাখিৰতী,বাৰীত পোৱা কুঁজী থেকেৰা,ঔটেঙা,মাখিয়তী !আজি এইবোৰ নাই! গাঁৱৰ আশেপাশে সৰু সৰু জোপোহাত বাস কৰা স্তন্যপায়ী জন্ত – হাগেৰগেন্দা(Badger),জহামাল গাঁৱতেই দেখিছিলোঁ৷ সন্ধিয়া হ’লেই এন্ধাৰত ফেউৰা,শিয়াল আদিৰ মাত, চৌদিশে জোনাকীৰ জিলমিল, দোকমোকালিতে টিলাবোৰৰ পৰা ভাঁহি অহা বনকুকুৰা (Jungle fowl)ৰ মাত, হালোৱা পাহাৰৰ পৰা ভাঁহি অহা হলৌ বান্দৰ (Hoolock gibbon)ৰ হুকু হুকু মাতবোৰ এতিয়া কল্পনা কৰিব পাৰিবনে হেৰা কাজিৰঙীয়া ডেকা? হেৰা পৰ্যটকৰ গাইডসকল গাঁৱৰ বুঢ়া-মেথাসকলক সুধিবা কেনি হেৰাল- হেতুলুকা (Barbet), সখিয়তী(Black Headed oriole), সাতভনী (Babbler), খোলাকাটি (Shyama)ৰ ধুনীয়া মাতবোৰ! দুপৰৰ কপৌৰ ৰুণবোৰ! ইকিউ,ইকিউ কৰি বতাহত উৰি উৰি পোক খাই থকা ফেচু (Drongo) চৰাইবোৰ ,আনকি গাঁৱৰ মানুহে বাৰীতে দেখা পাইছিল কল খাবলৈ অহা দীঘল দীঘল নেজৰ ভীমৰাজ, কলখাতীহঁত৷ আমি বাৰীতে দেখিছিলোঁ – কৃষ্ণ মইনা,পাটসিয়া, ভদৰকলী চৰাইবোৰক৷ চকুৰ আগেদি ভুৰুং ভুৰুং কৈ তামোল গছলৈ কূটা কঢ়িয়াই অনা টোকোৰা (Weaver) চৰাইবোৰ, এমুঠি চাউল চতিয়াই দিলেই চোতালত ভৰি পৰা ঘৰচিৰিকা, কপৌৰ জাকবোৰ!! পথাৰত আলিত পৰি নাচি থকা বালীমাহী (Wagtail) বোৰ, ৰাতি ভাওনাৰ আখৰাৰ পৰা ঘূৰি আহোতে বাটৰ দুয়োকাষে কচু খান্দি থকা বন গাহৰিৰ জাকবোৰ কেনি হেৰাল! আজিকালি দেখা যায়নে হে পক্ষীবিদসকল?
৯০ দশকলৈকে কাজিৰঙাত এইবোৰ দৃশ্য কিন্ত গাঁৱে-ভূঞে সূলভ আছিল৷ আৰু এতিয়া? কাজিৰঙাৰ বসন্তও কি মিচিকান চহৰৰ দৰে এদিন নিৰৱ হৈ যাব? কাজিৰঙাৰ পথাৰত খোকা( থোহা) পাতিলেই গৰৈ,কাৱৈ, পুঠি ডঁৰিকণা,মাগুৰ,শিঙৰা মাছবোৰ,কহঁৰা. ডিফলু নদীত জাল মাৰিলে পূৰ্বে উঠি অহা ভেচেলি, গেদগেদী, কান্ধুলি আদি মাছবোৰ কেনি হেৰাল! বাৰিষাত জাক পাতি অহা খলিহনা মাছ! নদীৰ গাতত থকা ডাঙৰ ডাঙৰ বামী মাছবোৰ কেনি হেৰাল! মাছ খাবলৈ আহি থোহাত লাগি ধৰা ঢোঁৰাসাপবোৰ, এতিয়া কল্পনা কৰিব নোৱাৰা ঘটনা! কেনি হেৰাল পথাৰ, জুৰি. সৰু সৰু পুখুৰী, খালবোৰ, মই কাজিৰঙাবাসীক সুধিব বিচাৰিছোঁ, অঞ্চলটোৰ থলুৱা পঞ্চাশোৰ্দ্ধৰ মানুহবোৰক সোধক – কেনি হেৰাল কাজিৰঙা! কাজিৰঙা মানে কেৱল সংৰক্ষিত এলেকাত থকা গঁড়, হৰিণা কেইটাই নহয়৷ হে কাজিৰঙাৰ ডাঙৰ মানুহবোৰ- সময় আছেনে উইচিৰিঙা, জিলিৰ কান্দোন শুনিবলৈ! পদূলিত পায়নে হাচনাহানা, শেৱালি, বকুল, খৰিকাজাঁই, তগৰৰ গোন্ধ (মবিলৰ গোন্ধ বহুত হ’ল)! হে কাজিৰঙাৰ মহৎ ব্যক্তিসকল – পিঠিত কিতাপৰ গধুৰ বেগবোৰ কঢ়িয়াই নিয়া সন্তানসকলে চিনি পায়নে – কৰ্দৈ, লেটেকু, পনিয়ল, শিলিখা!
কাজিৰঙালৈ নিৰব বসন্তক আদৰি অনা ডিডিটিৰূপী শতৰু কোন জানেনে? মোক শাওপাত দিলেও মই ক’বই লাগিব – কাজিৰঙাৰ বাবে ভয়ংকৰ কীটনাশকৰূপী -জাকজমক অনিয়ন্ত্ৰিত পৰ্যটন, বিশেষকৈ পাহাৰ-হোলা পথাৰ পুতি সজা হৈছে অনিয়ন্ত্ৰিতভাবে এই হোটেল-ল’জ-অট্টালিকা৷ বহুতে নিবনুৱা সমস্যাৰ কথা ক’ব৷ মই ক’ম কাজিৰঙাত হোটেল-অট্টালিকা বহুত হ’ল – সেইবোৰত চাকৰি কৰি থাকি সন্তষ্টি লৈ থাকিলেই নিজৰ মাটিডৰা,পথাৰবোৰ ৰক্ষা নপৰিব৷ বেলেগৰ হোটেলত কাম কৰাতকৈ গাঁৱতে গ্ৰাম্য পৰ্যটনৰ কথা চিন্তা কৰক৷
জানিব পুঁজাপতিসকলৰ লক্ষ্য কেৱল পৰ্যটনৰ দ্বাৰা কাজিৰঙাত টকা ঘটা৷ কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে তেওঁলোকৰ চিন্তা কৰাৰ সকাম নাই, সমস্যা নাই৷উল্লেখযোগ্য যে থলুৱাৰ পথাৰ পুতি সজা বিৰাট বিৰাট হোটেলবোৰৰ মালিকবোৰ দূৰণিৰ পৰা অহা কোনোবা পুঁজিপতি ব্যক্তি, আজি ইয়াত কালিলৈ তাত৷ ডিডিটিয়ে আমেৰিকাৰ মাটি-পানীৰ নিৰ্মলতাক প্ৰদূষিত কৰাৰ দৰে এই অনিয়ন্ত্ৰিত পৰ্যটনে কাজিৰঙাৰ পথাৰ,হোলা, জুৰি-নদীৰ কৰুণ মৃত্যু ঘটাইছে৷ চকুৰ সন্মুখতে কাজিৰঙা-হুকুমা বিল পোত খাই গ’ল!
কিন্ত হে তথাকথিত উন্নয়নৰ পূজাৰীসকল, এই প্ৰদূষণৰ মাজত মানুহৰ মৃত্যু উৎসৱ পাতি,পৰিবেশ-পাৰিপাৰ্শ্বিকতাক ধ্বংস কৰি, কাজিৰঙাত পশুপাখিৰ আৱাসস্থলী নিঃশেষ কৰি, মাছ তথা অনান্য জলজ জীৱসমূহৰ বিলুপ্তি ঘটাই থাকিলে – থলুৱাৰ জীৱন-জীৱিকা বৰ্তি থকা সম্ভৱ হ’ব? কাজিৰঙাৰ সাধাৰণ মানুহবোৰ জীয়াই থাকিবলৈ হ’লে কাজিৰঙাৰ পথাৰ-হোলা তথা থলুৱা কৰ্ম-সংস্কৃতি তথা গাঁওকেন্দ্ৰীক জৈৱবৈচিত্ৰ্যতাক জীয়াই ৰাখিব লাগিব নতুবা সাধাৰণ মানুহৰ বাবে কৃষক, শ্ৰমিকৰ বাবে জীৱন-জীৱিকাৰ দিশত সাংঘাটিক বিপদৰ সন্মুখীন হ’ব৷ সম্প্ৰতি জাকে জাকে খাদ্য নাপাই হাতীবোৰ পথাৰলৈ নামি অহা নাই জানোঁ৷ থলুৱা কৃষকে টঙীঘৰত নিদ্ৰাহীন ৰাতি যাপন কৰিব লগা হোৱা নাই জানোঁ? উন্নয়ন উন্নয়ন বুলি চিঞৰাসকলক সুধিব খুজিছোঁ – পথাৰলৈ নামি অহা হাতীবোৰক ভৰুণ পাহাৰ, হোলাবোৰ ঘূৰাই দিব পাৰিবনে??
কাজিৰঙা
ৰ’দত পোৰা মনৰ চাটক সি
নিখোজ হ’ল
শিলঘৰীয়া মাছ এটা যেন
মোৰ কলিজা ভেদ কৰি পাৰহৈ গ’ল
জুইৰ দৰে কঠীন হাড় ভঙা জীৱন
কংক্ৰিটৰ খোচত হাউলি পৰা পাহাৰ
দূৰৈত ৰু-ৰুৱাই জ্বলি থকা হাবিখন
ধোঁৱা উৰিছে ,আকাশ চানি জাক জাক কুপতীয়া শেন
সেন্দুৰীয়া মিঠা আমৰ দৰে ডাৱনীৰ মাতবোৰ কেনি গ’ল
সঁজাল ধৰা পথাৰবোৰ তল গ’ল, ৰেষ্টুৰা হ’ল
ডিঙি উখহি,উৱলি যোৱা দুপৰীয়া এটাত
বিয়পিছে মঙহ পোৰাৰ গোন্ধ
আত্ৰাণিত চিঞৰিব খুজিও সি চিঞৰিব নোৱাৰিলে
কিহবাই যেন গৰখীয়াজাকৰ পকা মধুৰিৰ দৰে মাতবোৰক হেঁচা মাৰি ধৰিছে
গৰখীয়াৰ শ্যামলী ওঁঠত বাঁহীৰ সলনি মৰা তেজৰ চেকুঁৰা
কাঠফুলাৰ দৰে গজিছে কংক্ৰিটৰ ৰংমহল
উদফাই ৰোগীৰ দৰে শ্বাসকষ্টত ভুগে
মোৰ গাঁৱৰ জুপুৰি ঘৰ
দুখৰ ডোকোলটকা ডিফলু,কঁহৰা,ধনশিৰি বৈ থাকে চকুপানী হৈ
হিজলৰ বতাহত কৰচন-কণুৱা হয় বলীয়া
আকাশৰ বুকুৰ পৰা যেন খহি পৰিব
জোণৰ তুমৰলি দেহা
সি মোৰ মনৰ চাটক
বিচাৰিছিল হেজাৰ চৰাইৰ কিৰিলি
শিশুবোৰৰ বাবে মুকলি বতাহ
বুধুৱা-লচমীহঁতৰ এমাডিমা সপোন
শইচৰ দৰে ডালে-পাতে ফুলক
পথাৰলৈ জলপান লৈ অহা বৌতিৰ আচঁলত মুখ লুকুৱাই খেলক
পিতাইৰ ডোলোঙাৰ ডৰত দোলনা দোলনা আবেলিৰ গান
তাৰ স্বপ্নৰ চৰাইজাকৰ ঠোঁটত বহুদিন ধৰি কোনো
খেতিয়ক কবিয়ে হেনো প্ৰদান কৰা নাছিল এমুঠি শইচ
সি এবাৰলৈও নজনালে, একোকে নক’লে
গোট মৰা আৰ্তনাদ এটা হাতৰ মুঠিত লৈ
কেনি হেৰাল মোৰ মনৰ চাটক
বতাহজাক যে আছিল নিথৰ-জঠৰ ডাৱৰ চাই চাই
মনৰ চাটক কেনি হেৰায়
সিদিনা জলমল ৰৌদ্ৰজ্বল দুপৰীয়া
ঘামি জামি লুঙলুঙীয়া বাটেৰে
নামি অহা খবৰ এটা
বাদুলি পাহাৰৰ সিপাৰে চেঁচা শিল এটাহৈ কান্দি আছে সি
তাৰ চকুৰ পটাত ৰু-ৰুৱাই জ্বলি থকা হাবিখন
হিয়া ভুকুৱাই কান্দি থকা মানুহজাক
আৰু উন্মুক্ত ৰিজৰ্টবোৰ
বৃষ্টি নাই বৃষ্টি নাই
লগ্ন, অন্ধ মনৰ চাটক নিৰূপায়
বৃষ্টি নাই,বৃষ্টি নাই…নাই বৃষ্টি,বৃষ্টি নাই…