গল্প-কবিতা

ৰাভালৈ চিঠি – ( নিকু দুৱৰা, প্ৰযত্নে, কুলখুৰাৰ চোতাল)

মুক্ত চিন্তা, ২য় বছৰ, ৩য় সংখ্যা

যোৱানিশা এটা সমাজিকত দেখিলোঁ
গাজী ৰাভাৰ জিভাখন হেনো পৰি আছিল মহাজনৰ বকৰাণিত।

বকৰাণিৰ কাষতেই মহাজনৰ দালান
দালানৰ ভিতৰত বিদেশী কুকুৰৰ কুঁ-কুঁৱনি,
বাহিৰত গাজী ৰাভাৰ জিভাখন
আৰু এজাক আধিয়াৰী খেতিয়ক।
জিভাখনে আজি কথা ক’ব নোৱাৰে…

জিভা নথকা গাজী ৰাভা
আৰু আজিৰ জিভা নথকা ভদ্ৰলোকসকল –
কিয় জানো একে-একে দুই কৰিবলৈ সত নগ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *