চাহ শ্ৰমিকৰ ওপৰত শোষণৰ অৱসান কেতিয়া?

- আশ্ৰাফুল হুছেইন

১২৯০ বংগাব্দৰ পুহ মাহৰ সংখ্যাত সোম প্ৰকাশ নামৰ বাংলা পত্ৰিকাত প্ৰকাশিত এটা প্ৰতিবেদনৰ কিয়দংশৰ ভাবাৰ্থ আছিল - “যদি মিল্টনৰ পেৰেডাইজ লষ্ট নাটকৰ নৰক বৰ্ণনা পাঠ কৰিছা, যদি মেঘনাথ বধৰ ভীষণ যমপুৰীৰ চিত্ৰ কেতিয়াবা মনত আঁকিছা, যদি ৰবিনছন ক্ৰুছৰ বনবাসৰ কথা শুনিছা তেনেহ’লে এই স্থানৰ চিত্ৰ হৃদয়ংগম কৰিবলৈ সমৰ্থ হ’বা। প্ৰত্যেকখন চাহ বাগিচাত এইসমূহৰ সমাৱেশ আছে।” এই প্ৰতিবেদন যদিও বহু বছৰ পূৰ্বেই প্ৰকাশিত তথাপিও এই চিত্ৰ আজিও উপলব্ধ অসমৰ চাহ বাগিচাসমূহত। অসমৰ ভূমিত বিশাল চাহ বাগিচা কৰাৰ বুৰ্জোৱা আকাংক্ষাৰে ১৮৩৭ চনত ইংৰাজে অসমত চাহ বাগিচাৰ উদ্বোধন কৰিছিল। ১৮৫১ চনৰপৰা আৰম্ভ হয় অসমত চাহ উৎপাদন। চাহ বাগিচাৰ লগে লগেই জন্ম পায় এটা দাস শ্ৰেণীৰ জনগোষ্ঠী আৰু আৰম্ভ হয় নিষ্ঠুৰ শোষণ। সেই সময়তেই শ্ৰমিকৰ অভাৱ পূৰণ কৰিবলৈ অসমলৈ প্ৰথম দল শ্ৰমিকক অনা হৈছিল ঝাৰখণ্ডৰপৰা গিৰ্মিটীয়া শ্ৰমিক হিচাপে। ইয়াৰ পাছতো ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আদি ৰাজ্যৰপৰাও শ্ৰমিক আনিছিল। পৰিয়ালৰ স্বামী-স্ত্ৰীক একেলগে কামত খটোৱাৰ বাবে বিভিন্ন প্ৰলোভন, ছল-চাতুৰি আৰু বলপূৰ্বকভাৱে অনা হৈছিল শ্ৰমিকসকলক। বিভিন্ন ৰাজ্যৰপৰা শ্ৰমিক আনি কলিকতাত গোট খুৱাই জাহাজেৰে অসমলৈ আনিছিল। বহু শ্ৰমিকৰ কলিকতা নাপাওঁতেই মৃত্যু হৈছিল। আধামৰাসকলৰ মাজৰপৰাও পলাই যাব বিচৰাসকলক খেদি খেদি ধৰি শাৰীৰিক অত্যাচাৰ কৰি হ’লেও অসমলৈ আনিলে ছিন্নমূল কৰি দাসৰ দৰে। কলিকতাৰপৰা অসমলৈ ষ্টিমাৰেৰে আনোতে বেমাৰত পৰিছিল বহু লোক। ষ্টিমাৰৰ ওপৰৰ উন্মুক্ত মহলাতো অনা হৈছিল শ্ৰমিক। বৰষুণত তিতিছিল আৰু ৰ’দত শুকাইছিল, আক্ৰান্ত হৈছিল ভয়াৱহ বেমাৰত। ষ্টিমাৰৰ পৰা বেমাৰী দেহৰে জঁপিয়াই আত্মহত্যা কৰাৰ অনেক উদাহৰণ পোৱা যায়। হাড়ভঙা পৰিশ্ৰম, তাৰ বিনিময়ত সামান্য মজুৰি, তথাপিও কিমান অত্যাচাৰ-বেত্ৰাঘাত। এনেকৈয়ে শিকলিৰে বন্ধা শ্ৰমিকেৰে, নিষ্ঠুৰ নিৰ্যাতন-শোষণৰ মাজেৰেই অসমত আৰম্ভ হ’ল চাহ উদ্যোগ। আজিও হাতবন্ধা শ্ৰমিকসকলে শিকলি ছিঙিব পৰা নাই, আজিও শোষিত বাগিচাৰ শ্ৰমিক, ভৱিষ্যৎ অন্ধকাৰ উত্তৰ প্ৰজন্মৰ, চৰকাৰী পৃষ্ঠপোষকতাত আৰু শত শত বছৰ জীয়াই থাকিব শোষণ সেয়া নিশ্চিত। চাহ শ্ৰমিকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ পৰিৱৰ্তন আজিও নহ’ল। ইংৰাজৰ সময়ত শোষণ-পীড়ন, অৱহেলা আজিও বৰ্তি আছে। চাহ বাগিচাৰ হাজাৰ হাজাৰ শ্ৰমিকৰ সামান্য ভূমি নতুবা থাকিবলৈ আজিও নিজস্ব ঘৰ এটা নাই। কম মজুৰি,শিক্ষা সমস্যা,স্বাস্থ্য সমস্যা,শিশু শ্ৰমিক,ৰাজনৈতিক সুৰক্ষা আদি সমস্যাৰ সমাধানৰ বাবে বিভিন্ন সময়ত আন্দোলন গঢ় লৈ উঠিছে ঠিকেই, কিন্তু সমস্যা সমস্যা হৈয়েই আছে। আন্দোলনৰপৰা নেতাৰ সৃষ্টি হৈছে আৰু নেতাসকলে নিজৰ জনগোষ্ঠীকে ঠগাই আছে।আজিও শ্ৰমিকসকল ব্যৱহৃত হৈ আছে ভোট বেংকৰ স্বাৰ্থত।

মজুৰিৰ সমস্যা : ভাৰতত যিমান উদ্যোগ আছে সেইসমূহৰ ভিতৰত অসমৰ চাহ উদ্যোগত মজুৰি আটাইতকৈ কম বুলিয়েই জানো। ৯৬ টকা দৈনিক মজুৰিত আজিও কাম কৰিব লাগে চাহ শ্ৰমিকসকলে। দেশত ‘সৰ্বনিম্ন বেতন আইন, ১৯৪৮’ অনুসৰি মজুৰি নিৰ্ধাৰণ কৰা হয়। মজুৰি নিৰ্ধাৰণৰ বেলিকাত আন্তৰ্জাতিকভাৱে স্বীকৃত ড° অকৰয়ডৰ সূত্ৰ অনুসৰি কৰা হয়। এই সূত্ৰ অনুসৰি শ্ৰমিক পৰিয়ালক দুজন প্ৰাপ্তবয়স্ক আৰু দুজন ল’ৰা-ছোৱালীৰ গোট হিচাপে ধৰা হয়। ইয়াত উল্লেখ কৰিছে, এক ইউনিট লোক বাচি থাকিবলৈ প্ৰয়োজন হয় ২৭০০ কেলৰি খাদ্য। ড° অকৰয়ডে চাৰিজনীয়া পৰিয়ালক তিনি ইউনিট হিচাপে ধৰি সূত্ৰটো আগ বঢ়াইছে। ইয়াত শ্ৰমিক ১ ইউনিট, শ্ৰমিকৰ পত্নী ০.৮ ইউনিট আৰু ল’ৰা-ছোৱালী দুজনক ১.২ ইউনিট, সৰ্বমুঠ তিনি ইউনিট হিচাপে ধৰিছে। গতিকে চাৰিজনীয়া পৰিয়ালৰ বাবে প্ৰয়োজন হ’ব ৮,১০০ কেলৰি খাদ্য। ইয়াৰ লগতে ৭২ য়াৰ্ডছ কাপোৰ-কানিৰ প্ৰয়োজন হয় প্ৰতি বছৰে এটি চাৰিজনীয়া পৰিয়ালৰ। কেৱল খাদ্য আৰু বস্ত্ৰই শেষ কথা নহয়। শিক্ষা,চিকিৎসা,আমোদ-প্ৰমোদ,উৎসৱ-পাৰ্বণ,বিবাহ ইত্যাদিও আছে। আমি আজিলৈও বুজিব পৰা নাই,বৰ্তমানৰ বজাৰৰ দ্ৰব্যমূল্যৰ ভিত্তিত এই ৯৬ টকাৰে কেনেকৈ এটি শ্ৰমিক পৰিয়াল আজিও জীয়াই আছে?

শিক্ষাৰ সমস্যা: যেতিয়া কঠোৰ পৰিশ্ৰম কৰিও পৰিয়াল এটাত দুবেলা দুমুঠি খাবলৈ নাথাকে তেতিয়া শিক্ষা আকৌ ক’ৰপৰা থাকিব? বাগিচাসমূহত বিদ্যালয় গঢ় লৈ উঠিছে ঠিকেই, কিন্তু স্কুললৈ গৈ উচ্চশিক্ষিত হৈছে কিমানে? এসময়ৰ ‘চি গ্ৰেড স্কুল’ৰপৰা এতিয়া টেট আহিল। বঞ্চিত মানুহখিনি সদায় বঞ্চিতই থাকি গ’ল। অসমত বড়োসকলে বড়ো ভাষাত,বাঙালীসকলে বাংলাত,হিন্দীভাষীসকলে হিন্দীত শিক্ষা গ্ৰহণ কৰে যদিও চাহ বাগিচাত কোনো শিশুৱেই মাতৃভাষাত শিক্ষা লাভ কৰিব পোৱা নাই। চাহ বাগিচাত প্ৰচলিত চাওতালী, কুৰ্মালি, মুণ্ডাৰী, কুৰুখ, উড়িয়া আদি ভাষা বাদেই দিলো। চাহ বাগিচাত উমৈহতীয়া ভাষা হিচাপে প্ৰচলিত ছাদ্ৰি বা ছাদানিতো শিক্ষা লাভৰপৰা বঞ্চিত ইয়াৰে শিশু। মাতৃভাষাৰ বিদ্যালয়ো বাদ দিলো, আপাতত একেভাষী লোকক শিক্ষক হিচাপে নিয়োগ কৰিলেও পাঠ আয়ত্ত কৰাত সহায় হয় বুলি ভাবিও বাগানসমূহত এনে কৰা নহ’ল। উচ্চ শিক্ষাৰ অনুষ্ঠানৰ অভাৱৰ লগতে ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ আজিও পূৰ্ণ নহ’ল বাগিচাসমূহত। অন্যহাতে বহু সময়ত বাগিচাৰ বাহিৰৰপৰা শিক্ষকতা কাৰিবলৈ অহা শিক্ষক-শিক্ষয়ত্ৰীৰ অৱহেলাৰো বলি হ’বলগীয়া হয় ছাত্ৰ-ছাত্ৰী।

স্বাস্থ্য সমস্যা : চাহক লৈ আমি অসমীয়া যিমান গৌৰৱ কৰো, কিন্তু গৌৰৱ ৰক্ষা কৰাসকল কেনে আছে এবাৰো চাগে ভাবি নাচাওঁ! চাহ বাগিচাৰ চিকিৎসক, চিকিৎসালায়, এম্বুলেন্স ইত্যাদিৰ কথা নকওঁ।কেৱল এটা উদাহৰণ দিলেই সকলো স্পষ্ট হ’ব,স্বাস্থ্যসেৱাৰ নামত কি আছে বাগিচাসমূহত। চাহ বাগিচাত মৃত্যুৰ কিৰিলি মাজে মাজেই শুনিব পোৱা যায়। ২০১২ চনৰ ১১ অক্টোবৰৰপৰা ১৮ অক্টোবৰলৈ মাত্ৰ ৮ দিনত নগাঁও জিলাৰ মিছা অঞ্চলৰ ভূঞাপট্টি গাঁৱৰ ১১জন লোকে প্ৰাণ হেৰুৱাইছিল। অন্যহাতে ভূঞাপট্টিৰ নিকটৱৰ্তী কেলভিন চাহ বাগিচাত ৩১ অক্টোবৰৰপৰা ৬ নৱেম্বৰলৈ পুনৰ ১১জন লোকে প্ৰাণ হেৰুৱায়। এতিয়া ভাবক, চাহ বাগিচাৰ স্বাস্থ্যসেৱাৰ নামত কি আছে? শিশু শ্ৰমিকৰ সমস্যা: দৰিদ্ৰতাই কোঙা কৰা এটা পৰিয়াল। এজন বা দুজন মানুহে দৈনিক ৯৬ টকাকৈ উপাৰ্জন কৰে মাত্ৰ,এই সামান্য টকাৰেই পৰিয়াল চলে। এনে পৰিস্থিতিত সন্তানক কাম কৰিবলৈ পঠিওৱাটোত আচৰিত হ’বলগীয়া একো নাই। মূল্য-মজুৰিৰ প্ৰশ্ন নিষ্পত্তি নোহোৱাকৈ কেতিয়াও শিশু শ্ৰম ৰোধ কৰা সম্ভৱ হ’ব নোৱাৰে।

সুৰক্ষা আৰু নিৰাপত্তা: যদিও নিম্নবৰ্গৰ শ্ৰমিকসকলে ৰাজনীতিৰ পাশা খেল বুজি নাপায় তথাপিও জনগোষ্ঠীটোৰপৰা উঠি অহা শিক্ষিতচামে এই কথা ভালকৈয়েই উপলব্ধি কৰিব পাৰিছে। অৱশ্যে এই জনগোষ্ঠীৰপৰা উঠি অহা একাংশ মধ্যবিত্তই শ্ৰমিক গোষ্ঠীটোক শোষণ কৰি থকাটোও অস্বীকাৰ কৰিব নোৱাৰি। ৰাজনৈতিকভাৱে সুৰক্ষাৰ বাবে জনজাতিকৰণৰ দাবী বহুদিনীয়া যদিও আজিও দুয়ো চৰকাৰৰ উদাসীনতাৰ বাবে এয়া দাবীতেই আছে। অন্যহাতে জীৱন-সম্পত্তিৰ নিৰাপত্তাও এক বৃহৎ প্ৰশ্ন। এই শ্ৰমিকসকলৰপৰাই বিভিন্ন সময়ত অনেকেই উগ্ৰপন্থীৰ হাতত প্ৰাণ দিবলগীয়া হৈছে। অসমত মুঠ ৮০১খন সৰু-বৰ চাহ বাগিচা আছে। ইয়াৰে ৫০৩খন বৃহৎ আৰু ২৯৮খন ক্ষুদ্ৰ চাহ বাগিচা। ২০১৩ চনত শ্ৰম বিভাগৰ তথ্য মতে বাগিচাসমূহত কৰ্মৰত মুঠ চাহ শ্ৰমিকৰ সংখ্যা হ’ল ৫,১৫,৯৫৭জন। ইয়াৰে ২,৪৮,১১১গৰাকী পুৰুষ আৰু ২,৬৭,৮৯৬গৰাকী মহিলা শ্ৰমিক। অন্যহাতে ৫,১৫,৯৫৭জন শ্ৰমিকৰ বিপৰীতে চাহ বাগিচাসমূহে প্ৰদান কৰিছে ২,৮৬,২০৫টা বাসগৃহ।ইয়াৰে ৬৭,৮৫২টাই কেঁচা ঘৰ আৰু বাকীসংখ্যক পকীঘৰ। এটা কথা স্পষ্ট যে ‘বাগিচা আইন, ১৯৫১’ চাহ শ্ৰমিকক খোৱা পানীৰ ব্যৱস্থা,বিনামূলীয়া চিকিৎসা সেৱা,পকা ঘৰ,আৰু প্ৰাথমিক শিক্ষা দিয়াৰ কথা উল্লেখ আছে যদিও আজিও আটাইবোৰৰপৰাই যথেষ্ট পৰিমাণে বঞ্চিত চাহ শ্ৰমিক। তথ্যৰপৰা স্পষ্ট যে এতিয়াও পকী ঘৰ এটা পাবলৈ সক্ষম হোৱা নাই ৬৭,৮৫২জন শ্ৰমিক বা শ্ৰমিক পৰিয়ালে।আনপিনে তথ্যৰপৰা এইটোও স্পষ্ট যে ২,২৯,৭৫২জন শ্ৰমিকৰ বাবে নিজস্ব থকা ঘৰ নাই। আজিও চাহ শ্ৰমিক সকলে ভাবে, এওঁলোকৰ ন্যায্য দাবীত মূলসুঁতিৰ অসমীয়া মানুহখিনিৰ সক্ৰিয় সহায়-সহযোগিতা পালে নিশ্চয় এওঁলোকৰ প্ৰাপ্তি আদায়ত সহজ হ’ব।কিন্তু আমি মূলসুঁতিৰ অসমীয়াসকলে কি কৰিছো? কেৱল অসমীয়া কৰি লৈয়েই সকলো সামৰাৰ দৰে হোৱা নাইনে? আগতে অত্যাচাৰ বগা চামৰাৰ মানুহে কৰিছিল যদিও সেই যুগৰ অৱসান হ’ল, কিন্তু অত্যাচাৰ আৰু শোষণৰ চৰিত্ৰ সলনি নহ’ল। সংগ্ৰাম অবিহনে বিকাশ সম্ভৱ নহয় বুলি শ্ৰমিকসকলে বুজি উঠিছে। অসমৰ চাহ বগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰসমূহ সুনিশ্চিত কৰাৰ লগতে স্বাস্থ্য,আৱাস,খোৱাপানী,খাদ্য,বৈদ্যুতিক সংযোগ আদি সমস্যা পূৰণৰ বাবে সংগ্ৰাম কৰি থকাৰ পাছতো শ্ৰমিকৰ স্বাৰ্থ ৰক্ষাৰ সপোন বাস্তৱায়িত হৈ উঠা নাই। এয়া সময়,নতুন সংকল্পৰে আৰু উদ্যমৰে শ্ৰেণী-ঐক্য গঢ়ি তুলি নিজৰ প্ৰাপ্য আদায়ৰ। আমি আশাবাদী,তেজে ভিজা পথেৰে হ’লেও নিজৰ প্ৰাপ্য আদায় কৰিব পাৰিব।

Share Button
Print Friendly, PDF & Email

No Comments : "চাহ শ্ৰমিকৰ ওপৰত শোষণৰ অৱসান কেতিয়া?"

Leave a Comment

Your email address will not be published. Required fields are marked *