প্রতিবাদী কবিতা : কবিতাৰে প্রতিবাদ -(অনিতা গগৈ)

 ‘‘কবিতা মানৱ হৃদয়ৰ সূক্ষ্মতম অনুভূতিৰ স্বতঃস্ফূৰ্ত প্রকাশ।’’ বেদনাৰ্দ্র হৃদয়েই হ’ল কবিতাৰ সৃষ্টিৰ কঠীয়াতলী। কিন্তু এই বেদনা কেৱল লৌকিক প্ৰাণৰ সাধাৰণ বিষাদ নহয়, ই হ’ল জীৱন জগতত সততে সংঘটিত  অবাঞ্ছিত ঘটনা প্ৰৱাহৰ পৰ্যবেক্ষণেৰে সংবেদনশীল কবি হৃদয়ত  উঠা ভাবৰ জোৱাৰ আৰু আত্মদাহী সেই ভাবনাৰ যন্ত্ৰণাৰে সৃষ্ট আত্মপ্ৰকাশৰ  বাসনা। বিশ্বজনীন আবেদনসমৃদ্ধ এই বেদনাৰ প্ৰকাশৰ মাধ্যম কবিতা, য’ত প্ৰতিফলিত হয় কবি মননৰ ভিন্ন অনুভূতিৰ তৰংগ - সুখ-দুখ, হৰ্ষ-বিষাদ, প্রেম-প্রতিবাদৰ। প্রশ্ন হয় যে, কবিতাৰ দৰে এক সংবেদনশীল বিষয় প্ৰতিবাদৰ মাধ্যম হ’ব পাৰে নে?  উত্তৰত ক’ব পাৰি যে, যি ক্ষেত্ৰত কবিতাৰ সৃষ্টিৰ সৈতে প্রত্যক্ষভাৱে জড়িত থাকে মানুহৰ হৃদয়ানুভূতিৰ প্ৰসংগ, তেনেক্ষেত্ৰত কবিতা প্ৰতিবাদৰ মাধ্যম হ’ব পাৰে নিশ্চিতভাৱে। যাৰ প্ৰভাৱ ক্ষিপ্ৰ আৰু সুদূৰপ্ৰসাৰীভাৱে সঞ্চাৰিত।

 দৈনন্দিন জীৱনত মানুহে প্ৰায়ে বহু ঘাত-প্ৰতিঘাত, প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। সামাজিক জীৱন বা ব্যক্তিগত পৰিসৰত মুখামুখি হোৱা এনে অনেক খামখেয়ালি, দুৰ্ভোগ, লাঞ্ছনা, বঞ্চনা, অসমতুল বাতাবৰণ সৃষ্ট বিৰূপ পৰিস্থিতিত ঘনীভূত অসন্তুষ্টিয়ে বঢ়াই তোলে হতাশা। পৰিস্থিতি সাপেক্ষে বহুক্ষেত্ৰত মৌনতা অৱলম্বনৰ বাবে বাধ্য হোৱা যায় যদিও ভিতৰি ভিতৰি বাঢ়ি অহা সেই অশান্তি, অৱদমনে বঢ়াই তোলে অস্থিৰতা। পৃথিৱীৰ প্ৰতিকূলতাৰ সৈতে তাল মিলাই আগ বাঢ়ি যাব পাৰিলেই জীৱন চলি থাকে সুস্থিৰতাৰে। কিন্তু সকলো সময়তে এনে সন্তুলন সহজ নহয়। মূৰকত জীৱন হৈ উঠে দুৰ্বিষহ।  ক্ৰমশঃ ঘনীভূত নঞৰ্থকতাৰে গা কৰি উঠা অসন্তুষ্টিয়ে ৰূপ লয় ফিৰিঙতিৰ। ক্ষোভৰ উদগীৰণ ঘটে বিদ্ৰোহ অথবা প্ৰতিবাদৰ ৰূপেৰে।

নৈৰাজ্য-নৈৰাশ্যৰে সৃষ্ট নেতিৰ বিপৰীতে ইতিৰ সংঘাত, সংঘৰ্ষ চিৰকালৰ। মানৱ সভ্যতাৰ পাতনিৰে পৰা তাৰ নিদৰ্শন বিচাৰি পোৱা যায় ইতিহাসৰ পাতে পাতে। আনকি ইতিহাসৰো অবিদিত বহু কথা-গাথা-কাহিনী যুগে যুগে প্ৰৱাহিত হৈ আহিছে কবিতাৰ মাধ্যমেৰে, মানুহৰ মুখে মুখে প্ৰচলিত কিম্বদন্তি ৰূপে। অলিখিত লিপিৰে চলমান কালৰ ফলকত খোদিত হৈ আহিছে সেই যন্ত্রণাৰ্দ্র হৃদয়-নিনাদ। মহাকবি বাল্মীকিৰ মুখ-নিঃসৃত পৃথিৱীৰ আদিমতম কবিতাও আছিল সেই যন্ত্ৰণাৰে অনুৰণিত ক্ষোভৰ প্রকাশ।

‘‘মা নিষাদ প্রতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ সমাঃ।

যৎ ক্রৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম।।’’

সৃষ্টিৰ আদিতম শ্লোক/কবিতা হিচাপে স্বীকৃত এই বাণীৰ উৎস : নিৰ্বোধ ব্যাধৰ  শৰবিদ্ধ মৈথুনৰত এটি ক্ৰৌঞ্চ পক্ষীৰ আঘাতেৰে আহত হৃদয় পক্ষী যুগলৰ যন্ত্ৰণা আৰু সেই দৃশ্য দৰ্শনৰ আকস্মিকতাৰে দগ্ধ কবি হৃদয়ত উজাৰি উঠা শোক। নিদাৰুণ সেই সংঘটনৰ অসহায়  দৰ্শক হিচাপে, সকৰুণ ক্ষোভৰ প্রকাশ ঘটিছে পক্ষীহালৰ প্রতি গভীৰ মমত্ববোধ আৰু  নিৰ্দয়  ব্যাধৰ প্রতি অনুভূত ঘৃণাৰে উচ্চাৰিত অভিশাপ ৰূপে।– ‘‘নিষাদ, তই কোনোকালেই প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিবি,  কাৰণ তই কামমোহিত মৈথুনৰত ক্ৰৌঞ্চ যুগলৰ এটিক বধ কৰিছ।’’ পৰিস্থিতিৰ প্ৰতিকূলতাত ব্যথিত কবি মননৰ পৰা নিগৰিত এই কাব্যিক অভিব্যক্তি যেন প্ৰতিবাদৰে এক অসহায় প্রকাশ(?)।

মানৱ সভ্যতাৰ বিৱৰ্তনৰ সৈতে সংগতি ৰাখি সেই তেতিয়াৰে পৰা বৰ্তমানলৈকে পৰিবৰ্তিত হৈছে কবিতাৰো ৰেহ-ৰূপ, গতি-প্ৰকৃতি। বিভিন্ন ধাৰা, বাদ-বৈচিত্ৰ্যৰ লগতে  শৈলী, আংগিক আদিৰ ক্ষেত্ৰতো বিভিন্ন সম্পৰীক্ষণেৰে সমৃদ্ধ কবিতাই পৰিগ্রহণ কৰি আহিছে নিত্য নতুন ৰূপ। সঘন পৰিবৰ্তিত কবিতাৰ পৃথিৱীখনত স্থায়ী ৰূপ কোনোটোৱে নহয়। আজি যি ৰূপক স্বীকৃতি দিয়া হয় নতুনৰ বাৰ্তা বাহক হিচাপে, কালিলৈ সেই ৰূপেই হৈ পৰিব পাৰে পুৰণি বা যুগৰ সৈতে খাপ নোখোৱা। কিন্তু অতীজৰে পৰা প্ৰতিবাদ বা বিক্ষোভ প্ৰদৰ্শনৰ মাধ্যম হিচাপে  ‘কবিতা’ ব্যৱহৃত হৈ অহাৰ নজিৰ উপলব্ধ। কবিতাৰে তেনে প্ৰতিবাদৰ প্ৰভাৱ ইমানেই সাৰ্বিক আৰু প্রত্যক্ষ যে সময়ে সময়ে বহু কবি তাৰ বাবে লাঞ্ছিত-নিৰ্যাতিত তথা জীৱনৰ প্রতি আহি পৰা সংশয়ৰ দৰে ঘটনাৰো বহু উদাহৰণ আছে। তথাপি চিৰজাগ্ৰত ‘কবিৰ কলম’ যি ‘মানুহৰ পৃথিৱী’ক অভিনন্দিত  কৰি আহিছে  হিৰণ্ময় ধ্বনি-বাণী-আলোক আলোড়িত চেতনা-স্ৰোতেৰে।  পৃথিৱীৰ ভিন্ন প্ৰান্তত ভিন্ন সময়ত এনে অনেকজন কবিয়ে কলমৰ আঁচোৰেৰে কবিতাত প্ৰয়োগ কৰিছে মানুহৰ মন-মগজুক আলোড়িত কৰি তুলিব পৰা শক্তিশালী  অনন্য ভাষা। গাৰ্চিয়া লৰকা, পাবলু নেৰুদা, হো চি মিন, নাজিম হিকমৎ, নজৰুল, ইউচুফ পাশা আদি এনে উদাহৰণ।

কবিতাৰে প্ৰতিবাদৰ প্ৰথা বহু পুৰণি যদিও, ‘প্ৰতিবাদী কবিতা’ হিচাপে গঢ় লৈ উঠা নিৰ্দিষ্ট কোনো ফৰ্ম বা ধাৰাৰ কথা ক’ব পৰা নাযায়। ইয়াৰ কাৰণ প্ৰতিবাদৰ কোনো নিৰ্দিষ্ট বিষয় বা ধৰণ নাথাকে, গতিকে কোনো  শৈলী বা ফৰ্মত ইয়াক নিয়ন্ত্ৰিত কৰা নাযায় । তথাপি প্ৰতিবাদী কবিতাৰ ক্ষেত্ৰত এক পৰিচিত নাম : ‘মাৰ্ক্সবাদী কবিতা শৈলী’। ঊনবিংশ শতিকাৰ দুই প্ৰতিভাৱান চিন্তাবিদ, বৈজ্ঞানিক সমাজবাদ তত্ত্বৰ প্ৰতিষ্ঠাতা কাৰ্ল মাৰ্ক্স আৰু ফ্রেডেৰিখ এংগেলছৰ সাহিত্য আৰু কলা সম্পৰ্কীয় চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী কালত লেনিন, গৰ্কি, প্লেখানভ, লুনাভাৰস্কি আদি চিন্তানায়কসকলৰ সৌজন্যত প্ৰতিষ্ঠা লভে মাৰ্ক্সীয় সাহিত্য তত্ত্বই। মাৰ্ক্সবাদত সাহিত্যৰ কেৱল কলাসৰ্বস্বতাক স্বীকৃতি দিয়া নহয়। এই মতবাদ অনুসৰি সাহিত্য সততে দায়বদ্ধ - সমাজ/সমষ্টিজীৱনৰ প্রতি। মাৰ্ক্সবাদী কবিতাত প্ৰতিফলিত হয় দুখী আৰু নিপীড়িতৰ প্রতি সহানুভূতি, য’ত প্ৰায়েই ধ্বনিত হৈ ৰয় বিদ্ৰোহী মনোভাবেৰে আদৰ্শ সমাজ গঢ়াৰ সুৰ এটি।

সাহিত্যৰ আনবোৰ ধাৰাৰ দৰেই অসমীয়া কবিতাৰ চৰ্চাৰ ক্ষেত্ৰখনো আলোচনীকেন্দ্ৰিক। বাঁহী, ৰামধেনু আদিৰ দৰে আলোচনীয়ে অসমীয়া অগ্ৰণী ভূমিকাৰে, সাহিত্যৰ জগতত  সৃষ্টিশীলতাৰ একো একোটা যুগ নিৰ্মাতাৰ ভূমিকা গ্ৰহণ কৰি আহিছে।

কুৰি শতিকাৰ চল্লিশৰ দশকত ‘জয়ন্তী’ আলোচনীৰ জৰিয়তে অসমীয়া  কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰগতিশীল চিন্তাৰ ধল নামি আহে। জয়ন্তী সম্পৰ্কে হোমেন বৰগোহাঞিৰ অভিমত : ‘‘আধুনিক অসমীয়া কবিতাত জয়ন্তীয়ে এটা স্কুলৰ জন্ম দিয়ে আৰু সাম্প্ৰতিক অসমীয়া কাব্য আন্দোলন সেই স্কুলৰেই দুই-এজনৰ সচেতন চেষ্টাৰ ফল বুলিলেও অত্যুক্তি কৰা নহয়।’’

জয়ন্তী যুগৰ কবিতা আছিল বিদ্ৰোহৰ কবিতা। এই বিদ্ৰোহৰ সবল প্রকাশ পৰিলক্ষিত হয় কমল নাৰায়ণ দেৱ আৰু চক্রেশ্বৰ ভট্টাচাৰ্য সম্পাদিত (১৯৪৩-৪৬)ৰ জয়ন্তীৰ পাতত। ১৯৪৩ চনৰ পৰা জয়ন্তীয়ে (নৱেম্বৰ-ডিচেম্বৰ সংখ্যা) কবিতাৰ ক্ষেত্ৰখনত এটা নতুন ধাৰাৰ সূচনা কৰে। সামাজিক চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈ সেই সময়ৰ কবিসকলে শোষিত-নিষ্পেষিতজনৰ হৃদয়ৰ ভাষাক কবিতালৈ প্ৰসাৰিত কৰাত কবিতাই পৰিগ্রহণ কৰিলে : সৰ্বহাৰা গণ জীৱনৰ মুকুতিৰ বাণীৰ স্বৰূপ। পুঁজিবাদী সমাজ ব্যৱস্থাৰ পৰিবৰ্তে এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে কবিসকল আগ বাঢ়িল প্ৰগতিবাদী চিন্তাৰ বাটেৰে। মহেন্দ্ৰ বৰাই ক’বৰ দৰে : ‘‘জয়ন্তী যুগৰ কাব্য বিপ্লৱৰ কাব্য। প্ৰতিবাদৰ কণ্ঠস্বৰ সেই কাব্যত বলিষ্ঠ। প্ৰখৰ সমাজ চেতনা আৰু তীক্ষ্ণ সমালোচনা জয়ন্তী যুগৰ কবিতাৰ এক বৈশিষ্ট্য।’’ জয়ন্তী যুগৰ এই নব্য ধাৰাৰ কবিতাই এক নতুন  কবি গোষ্ঠীক আগ বঢ়াই আনে। কল্পনাশ্রয়ী ৰোমাণ্টিক ভাব-বিলাসিতাৰ বিপৰীতে যুদ্ধোত্তৰ যুগৰ এইসকল কবি ঘাইকৈ দুটা সুঁতিত বিভাজিত হৈ পৰে। ১।সামাজিক চেতনা আৰু প্ৰগতিশীল চিন্তাধাৰাৰে উদ্বুদ্ধ সাম্যবাদী ধাৰা আৰু ২।নব্য ৰোমাণ্টিক ধাৰা।

সেই সময়ছোৱাত  জয়ন্তী আলোচনীয়ে মুখ্যতঃ গুৰি ধৰিছিল প্ৰগতিবাদী ধাৰাৰ কবিতাসমূহক। সেই সময়ত জয়ন্তীৰ পাতত ভালেসংখ্যক কবিৰ কবিতা প্ৰকাশিত হৈছিল। তাৰ ভিতৰত উল্লেখযোগ্যসকল - ভবানন্দ দত্ত, চক্রেশ্বৰ ভট্টাচাৰ্য্য, হেম বৰুৱা, অমূল্য বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কেশৱ মহন্ত, ৰাম গগৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, অজিৎ বৰুৱা, বীৰেন্দ্ৰ নাথ বৰকটকী, ভৱ প্ৰসাদ ৰাজখোৱা, যতি নাৰায়ণ শৰ্মা, নবকান্ত বৰুৱা, উগ্র কটকী আদি। সেই সময়ছোৱাতে (১৯৪৬ চনত) প্ৰকাশিত হয় এখন কাব্য সংকলন - 'আধুনিক অসমীয়া কবিতা'। সম্পাদনা আছিল যতি নাৰায়ণ শৰ্মাৰ। আধুনিক কবিতাৰ সামগ্ৰিক বিচাৰ প্ৰসংগত হোমেন বৰগোহাঞিয়ে ইউৰোপীয় কাব্য আন্দোলনৰ দুই বিশিষ্ট ধাৰা : ১। প্রতীকবাদী আৰু ২। সাম্যবাদী ধাৰাৰ বিষয়ে উল্লেখ কৰিছে। আধুনিক কাব্য আন্দোলনৰ এই দুই বিশিষ্ট ধাৰাৰ ভিতৰত সাম্যবাদী চিন্তাৰ উৎকৃষ্ট নিদৰ্শন হিচাপে উক্ত সংকলনখনৰ কবিতাসমূহ দাঙি ধৰিব পাৰি বুলি তেখেতে অভিমত ব্যক্ত কৰিছে। অসমীয়া সাহিত্যৰ বুৰঞ্জী (৬ষ্ঠ খণ্ডত)গোবিন্দ প্ৰসাদ শৰ্মাই উল্লেখ কৰা মতে সেই সময়ছোৱাৰ, অসমীয়া কবিতাৰ সমাজবাদী/প্রগতিবাদী ধাৰাৰ মুখ্য কবিসকল হ’ল : হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, ৰাম গগৈ, কেশৱ মহন্ত, চিন্ময় চৌধুৰী, অমলেন্দু গুহ, হেমাংগ বিশ্বাস, সদা শইকীয়া, হীৰেন গোহাঁই, অমিত সৰকাৰ। পঞ্চাশৰ পৰা ষাঠিৰ দশকলৈ অসমীয়া কবিতাৰ এই সমাজ সচেতন প্ৰগতিশীল ধাৰাটোৰ প্ৰৱাহ অব্যাহত ৰাখে। ৰাম গগৈ, কেশৱ মহন্ত, অমলেন্দু গুহ আদি কবিসকলে। আনহাতে, ষাঠিৰ দশকত এইসকল কবিৰ সৈতে একেটা শাৰীত সন্নিবিষ্ট হয়হি : নলিনীধৰ ভট্টাচাৰ্য, হেমাংগ বিশ্বাস, ৰবীন্দ্ৰ বৰা, ৰবীন্দ্ৰ চৰকাৰ, নিৰঞ্জন ফুকন আদি। এই সময়ৰ কবিতাসমূহ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত বিষয়/আংগিকৰ বৈচিত্র্যৰ লগতে বিভিন্ন সম্পৰীক্ষণ, সমাজ জীৱনলৈ আহিব ধৰা বিভিন্ন পৰিবৰ্তন সম্পৰ্কে সচেতনতা তথা সংগ্ৰামী চেতনাৰো বলিষ্ঠ প্রকাশ। কবীন ফুকনে অসমীয়া কাব্য ইতিহাসত ঘাইকৈ তিনিখন আলোচনীৰ অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰাৰ লগতে অসমীয়া কাব্য প্ৰৱাহৰ সৃষ্টি আৰু বিকাশৰ প্ৰসংগতো মূলতঃ তিনিটা সুঁতিৰ সংমিশ্ৰণৰ কথা উল্লেখ কৰিছে।

১। 'জয়ন্তী' আলোচনীৰ উদ্যোগত ঠন ধৰি উঠা বাস্তৱবাদী বিপ্লৱকামী কবিতা বা সমাজমুখী কাব্যধাৰা।

২।‘পছোৱা’ আৰু ‘ৰামধেনু’ আলোচনী দুখনৰ কবিতাত বাস্তৱভিত্তিক সমাজ চেতনাৰ লগত ইউৰোপীয় প্রতীকবাদী আৰু কল্পচিত্রবাদী চেতনাৰ সংযোগত আত্মিক-সামাজিক জীৱন দৃষ্টিৰ সহগামী কাব্যধাৰা

৩।‘ৰামধেনু’ উত্তৰকালৰ সমাজমুখী কাব্যধাৰাৰ এক নতুন অভ্যুদয়।

মদন শৰ্মাই ‘আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়’ত উল্লেখ কৰিছে যে ষাঠিৰ দশকৰ শেষৰ ফাললৈ দেখা দিয়া ৰাজনৈতিক পৰিবৰ্তন, বিভিন্ন আন্দোলন, ঘাইকৈ সাম্যবাদী আৰু কৃষক আন্দোলনলৈ অহা পৰিবৰ্তন, ক্ৰমশঃ ঘনীভূত হৈ অহা অৰ্থনৈতিক সংকট আদিয়ে অসমীয়া কবিসকলৰ অনুভূতি আৰু চিন্তাৰ জগতখনত আলোড়ন তুলিলে। লক্ষণীয় যে শ্ৰেণীসংগ্ৰাম আৰু সমাজ পৰিবৰ্তনৰ আকাংক্ষাই সেই সময়ছোৱাৰ কবিসকলৰ সৃষ্টিৰ প্ৰেৰণাস্বৰূপ আছিল।

ষাঠিৰ দশকৰ আৰম্ভণিতে হীৰেন গোহাঁই আৰু ভবেন বৰুৱাই এক উচ্চ মানৰ সাহিত্যৰ মাপ-কাঠীৰে নতুনত্বৰ সন্ধানত ব্রতী হোৱা পৰিলক্ষিত হয়। মাৰ্ক্সীয় দৰ্শনৰ প্ৰগতিবাদী আদৰ্শৰ অনুগামী হীৰেন গোহাঁইৰ সবল ভূমিকাৰে ‘জয়ন্তী যুগ’ত প্রবলভাবে বিস্তাৰিত আৰু 'ৰামধেনু যুগ'ত শীৰ্ণভাৱে প্ৰৱাহিত প্ৰগতিবাদী ধাৰাটো পুনৰ উজ্জীৱিত হৈ শক্তিশালী ধাৰা ৰূপে পৰিগণিত হ’ল। এনেদৰে ৭০ দশক পৰ্যন্ত যুদ্ধোত্তৰ অসমীয়া কবিতাই ৰূপান্তৰৰ বোৱঁতী সুঁতিৰে বৈ আহি, এক ঐতিহাসিক প্ৰৱাহ সৃষ্টি কৰিবলৈ সক্ষম হয়। ৭০ৰ দশকৰ আৰম্ভণিৰে পৰা ৰাজনৈতিক সচেতনতা আৰু বিপ্লৱী চিন্তা-চেতনাৰে দীক্ষিত এচাম সমাজ সচেতন কবিয়ে দায়বদ্ধতাৰে আধুনিক অসমীয়া কবিতাৰ যাত্ৰা অব্যাহত ৰাখিছে।

যুদ্ধোত্তৰ যুগৰে পৰা বৰ্তমানলৈ কাব্যসাধনাৰে বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰগতিবাদী ধাৰাৰ উল্লেখনীয় কবিসকলৰ সৃষ্টিৰাজিৰ বিষয়ে এক আলোকপাত

 অসমীয়া কাব্যজগতত প্ৰগতিশীল ধাৰাৰ কবিতাত ধীৰেন্দ্রনাথ দত্ত এক উল্লেখনীয় নাম। ত্ৰিশৰ দশকত আত্মপ্ৰকাশ কৰা এইজন প্ৰগতিবাদী কবিয়ে চল্লিশৰ দশকলৈ নিৰৱচ্ছিন্ন সাধনাৰে অব্যাহত ৰাখিছিল নিজৰ কাব্যচৰ্চা। এখেতৰ বিষয়ে কবি অজিৎ বৰুৱাই কৈছে : ‘অসমীয়া কবিতাত মাৰ্ক্সীয় তত্ত্বৰ প্ৰথম আৰু পূৰ্ণ প্রকাশ ঘটে ধীৰেন্দ্রনাথ দত্তৰ কবিতাত।’

সাম্যবাদী চিন্তাধাৰাৰে বিকশিত তেওঁৰ কাব্যভাবনাত ফুটি উঠে সমাজৰ খাটিখোৱা শ্ৰেণীৰ প্রতি দৰদ আৰু বিদ্ৰোহী মনোভাবেৰে নতুন সমাজ গঢ়াৰ প্ৰৱণতা। কবীন ফুকনে ক’বৰ দৰে, ‘‘তেওঁ আছিল সাম্যবাদী গণ দৃষ্টিৰ প্ৰথম অসমীয়া আধুনিক কবি।’’ তেওঁৰ কবিতাতে প্রথমে পৰিলক্ষিত হয় শ্ৰেণী চেতনাৰ প্রকাশ আৰু শ্ৰেণী সংগ্ৰামৰ আহ্বান।

সমাজত বৰ্তি থকা বৰ্ণবিদ্বেষৰ নিষ্ঠুৰ অৱদমনৰ প্ৰতিবাদত সোচ্চাৰ হৈ উঠিছে তেওঁৰ কলম এনেদৰে:

‘‘মাটি ফালি তই আৰ্জি শস্য তয়েই পুহিছ

ছত্রিশ জাত,

তাৰ ফল পালি মহা হীন হ’লি শাস্ত্রৰ কঠিন

বান্ধোন গাত।’’

কৃষক, বনুৱা আদি শ্ৰমজীৱী লোকে কেনেকৈ অমানুষিক শ্ৰমেৰে আনৰ শস্যৰ ভঁৰাল ভৰাই নিজে লঘোনে থাকিব লগা হয়, সেই কথাত হাহাকাৰ কৰি উঠিছে তেওঁৰ হৃদয়ে। পুঞ্জীভূত বিদ্ৰোহী চেতনাৰে  দলিত, শোষিত, বঞ্চিত, নিষ্পেষিতজনৰ  মনতো তেওঁ  জগাই তুলিব খোজে নতুন সমাজ গঢ়াৰ সাহ। তেওঁৰ কবিতাতে প্ৰথমে পৰিলক্ষিত হৈছিল শ্ৰেণী চেতনাৰ প্রকাশ আৰু শুনিবলৈ পোৱা গৈছিল শ্ৰেণী সংগ্ৰামৰ আহ্বান।

‘‘উঠ খেতিয়ক নাঙল চলা, লগাই দে ভাই গণ্ডগোল

নতুন যুগৰ বাবুক দেখি ফাঁকত পৰি নকৰ ভুল।’

১৯৩৯ চনত ‘মিলন’ আলোচনীত প্ৰকাশিত, ধীৰেন্দ্রনাথ দত্তৰ ‘‘কাঠমিস্ত্রীৰ ঘৰ’’। কবিতাটো অসমীয়া প্ৰগতিবাদী কবিতাৰ ভিতৰতে উল্লেখনীয় এটি কবিতা।

কবিতাটোত নিষ্পেষিতসকলক নিজ অধিকাৰৰ প্রতি সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে – ‘‘উঠা মিস্ত্রী, কঁহাৰ কমাৰ/

আন্ধাৰৰ শেষ আহিল তোমাৰ

লোৱা অধিকাৰ নিজ বলে/

নিজে কৰা কৰ্মৰ, কাঠমিস্ত্রীৰ ঘৰ।’’

চল্লিশৰ দশকত প্ৰগতিশীল আলোচনী 'জয়ন্তী'ৰ প্ৰথম সংখ্যাত প্রকাশ হয় ভবানন্দ দত্তৰ ‘ৰাজপথ’। মাৰ্ক্সবাদৰ অসমীয়া কবিতাত প্ৰসাৰ ঘটে কবি ভবানন্দ দত্তৰ এই কবিতাৰ জৰিয়তে। শ্ৰেণীবিভক্ত সমাজ ব্যৱস্থাই বাহাল ৰখা শ্ৰেণী বৈষম্যৰ প্রতি কটাক্ষ আছিল তেওঁৰ কবিতাৰ বৈশিষ্ট্য। ‘ৰাজপথ’ নামৰ কবিতাত ধনিক শ্ৰেণীৰ বিলাসবহুল জীৱন যাত্ৰাৰ সমান্তৰালভাৱে এখন বিপৰীতধৰ্মী ছবি ফুটি উঠিছে - দুখীয়া শ্ৰেণীৰ জীৱন যন্ত্ৰণাৰে। ‘ৰাজপথ’ কবিতাটোত শুনা যায় সেই প্ৰতিধ্বনি এনেদৰে -

‘‘পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,

অৰ্গেনত ৰবীন্দ্র সংগীত,

ডবল-দলিচা পৰা মেহগনি পালেঙত

বিৰহ-কাতৰা কলেজ গাৰ্লৰ

অলসায়িত দেহা

আৰু তাৰ তলতেই ফুটপাথত

(ধন্য তোমাৰ দয়া!)

শূন্য ভিক্ষা-পাত্র লৈ শুই পৰা

মৃত-প্ৰায় কংকালৰ শাৰী’’

অসমীয়া কবিতাত সততে উপলব্ধ সুকোমল ভাব, উপস্থাপন শৈলীৰ ৰমণীয়তাৰ পৰিবৰ্তে ভবানন্দ দত্তৰ কবিতাৰ শৰীৰত জিলিকি উঠে একধৰণৰ ধাতৱ কাঠিন্য। ‘ৰাজপথ’ কবিতাটিতো ফুটি উঠিছে সেই শ্রেণীবিদ্বেষ, সমাজৰ দুই শ্ৰেণীৰ মানুহৰ জীৱন শৈলীৰ মাজৰ পাৰ্থক্যৰে।

ৰোমাণ্টিক যুগৰ মধ্যবিত্তীয় কাব্যিক মানসিকতাৰ মানৱতাবাদৰ বিপৰীতে চল্লিশৰ দশকৰ কবিসকলে নিৰ্যাতিত/নিপীড়িত জনগণৰ আন্তৰ্জাতিক মানৱতাক স্থান দিয়ে।

চল্লিশৰ দশকত এনে সমাজ চেতনাৰে বাস্তৱ পটভূমিত গঢ় লৈ উঠা  মাৰ্ক্সবাদী ধাৰাৰ কবিগোষ্ঠীৰ  এজন অন্যতম কবি অমূল্য বৰুৱাৰ কবিতাতো পৰিলক্ষিত হয় শ্ৰেণী বৈষম্যৰ প্রতি প্ৰতিবাদৰ উদাত্ত সুৰ। প্ৰথমে ৰোমাণ্টিক ভাব বিলাসত নিজৰ কাব্যানুভূতিক আবদ্ধ কৰি ৰখা এইজন কবিয়ে পিছলৈ বাস্তৱবাদৰ প্রতি আকৰ্ষিত হোৱাৰ মূলতে আছিল ‘জয়ন্তী’ৰ  ভূমিকা। দৰিদ্ৰতা আৰু বঞ্চনাৰ যন্ত্ৰণাই কোঙা কৰা সমাজৰ তৃতীয় শ্ৰেণীৰ মানুহৰ জীৱনৰ অন্ধকাৰ দৈনন্দিন আৰু বিভীষিকাময় দানৱীয় স্বৰূপ দেখি তেওঁৰ কবি-হৃদয়ে হাহাকাৰ কৰি উঠিছিল।

১৯৪৪ চনত ৰচিত ‘কয়লা’ কবিতাটোৰে তেওঁ প্ৰগতিশীল কবিতাৰ ধাৰাটোত প্ৰথম খোজ পেলাইছিল। প্ৰাক স্বাধীনতা কালত, ব্ৰিটিছৰ ছত্ৰছায়াত গঢ় লৈ উঠা চাহ উদ্যোগ আৰু কয়লা খনিৰ আৱিষ্কাৰৰ লগে লগে সেইসমূহত কাম কৰিবলৈ অহা শ্ৰমিকসকলৰ ওপৰত মালিক পক্ষৰ অত্যাচাৰ উৎপীড়ন বাঢ়ি আহে। দুৰ্বিষহ এই শ্ৰমিক শ্ৰেণীৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচিত তেওঁৰ ‘কয়লা’ কবিতাটো।

‘‘কয়লা

মোৰ ভগ্ন অভীস্পাৰ ক’লা ক’লা দাগ

অন্তৰৰ ৰঙা শোণিতৰ পৰিচিতি যেন

মৰি যোৱা নিষ্ক্ৰিয় যাতনা।

সিহঁত মোৰ বৰ আপোন

সিহঁতে মোৰ বাবে গঢ়ি তোলে

এটা সভ্যতাৰ সুকীয়া সংস্কাৰ।’’

কবিগৰাকীৰ মৰণোত্তৰভাৱে প্রকাশিত কাব্য সংকলন: ‘অচিনা’(১৯৬৪)ৰ বেশ্যা, কুকুৰ, কয়লা, বিপ্লৱী, সিহঁত তেতিয়া জীৱ, আজি আমাৰ বিহু, আন্ধাৰৰ হাহাকাৰ, আৰু ভাৰতীয় মুক্তিস্বপ্ন - এই আঠোটা কবিতাৰে তেওঁ লিপিবদ্ধ কৰি গৈছে সমাজৰ  বুভুক্ষিত, নিপীড়িত, অসহায় জীৱনৰ ছবি। কবিৰ মৰ্মন্তুদ অনুভৱৰ সাক্ষী এই কবিতাসমূহে তেওঁক এগৰাকী ‘প্ৰগতিবাদী কবি’ হিচাপে প্ৰতিষ্ঠিত কৰে। তথাকথিত সভ্যতাৰ  পোহৰৰ পৰা বঞ্চিত এইসকল লোকৰ বাবে দিন ৰাতিৰ পাৰ্থক্য নাই। নাই জীৱন অথবা মৃত্যুৰো। ভদ্র সমাজে নিৰাপদ দূৰত্বৰ পৰা জুমি চাই ‘‘সিঁহতৰ ক’লা ক’লা লেতেৰা জীৱনবোৰ, সিহঁতৰ আন্ধাৰৰ হাহাকাৰ।’’

কিন্তু সিহঁতো এই পৃথিৱীৰে বাসিন্দা। কবিৰ কলমেৰে প্ৰাণ পাই উঠে সেই জীৱনৰ কদৰ্য ৰূপ এনেদৰে:

‘‘সৰু সৰু অশৃংখল

মানুহৰ জীৱনৰে সিহঁতো এজাক

নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল।’’

এলান্ধুকলীয়া সমাজব্যৱস্থাত বৰ্তি থকা আওপুৰণি ৰীতি-নীতি, ন্যায় ব্যৱস্থাৰ প্রতি বীতশ্ৰদ্ধ, খাটি দ্বন্দাত্মক গতি

সংগ্ৰাম লিপ্ত বিপ্লৱী।’’

প্ৰগতিবাদী ধাৰাৰ আন এজন উল্লেখনীয় কবি কেশৱ মহন্ত। তেওঁৰ কবিতাত আছে সহজ সৰল মানুহৰ, সৰলতা ভৰা জীৱনচৰ্যা আৰু যন্ত্ৰণাৰ সবল প্রকাশ। ১৯৪৬ চনত প্ৰকাশিত তেওঁৰ প্ৰথম কাব্য সংকলন ‘‘আমাৰ পৃথিৱী’’ত ধ্বনিত হৈছে প্রগতিবাদৰ সুৰ। তেওঁৰ কবিতাত শুনা যায় বিশ্ব মানৱৰ ব্যথাভৰা প্রাণৰ আকুতি মৰ্মস্পৰ্শী ভাষাৰে –

‘‘এটা পূৰঠ বীজৰ বেদনাত মই বাস কৰিছোঁ

যি বীজ মাতৃত্বৰ তপস্যাত মাটিৰ কোলাত মগ্ন

যি বীজৰ বেদনাত বাস কৰিছে

সমগ্ৰ কৃষ্ণ আফ্রিকা’’

তেওঁৰ এটি সৰ্বসমাদৃত কবিতা ‘‘সোণজিৰা মাহীৰ নাড়ী’’ত  সহজ সৰল মানুহৰ অভাৱ-অনাটনেৰে ভৰা দৈনন্দিন জীৱন যাত্ৰাৰ ছবিখনৰ মাজেৰে প্রতিফলিত হৈছে— মানৱীয় শুভ এষণাৰ দৃষ্টিভংগী। তেজক পানী কৰি, হাড়ক মাটি কৰি ভালদৰে দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ নোপোৱা সোণজিৰা মাহীজনীয়ে সুদূৰ কংগোৰ পেট্রিচ লুমুম্বাৰ মৰা কেঁচুৱাটোৰ কথা বাতৰিত পঢ়ি ভাবে,

‘‘কোন এই মৰা কেঁচুৱাটি ?

কোন তাৰ মাক ? তাৰ পিতাকেই বা কোন ?

জানোবা সিহঁতো কোনোবা মোৰে আপোন।’’

ৰামধেনু যুগৰ এজন অবিসম্বাদী প্রগতিবাদী কবি ৰাম গগৈ। ‘মাটি আৰু মানুহৰ কবি’ ৰাম গগৈৰ প্রথম কবিতা পুথি ‘‘মাটিৰ স্বপ্ন’’। শোষিত-নিষ্পেষিত মেহনতী জনতাৰ মুকুতিৰ আকাংক্ষা আৰু সামাজিক শ্ৰেণী-বৈষম্যই কবিক ক্ষোভিত কৰি তুলিছে। তেওঁৰ ‘পথাৰ’, ‘এটম বোমা’ আদি কবিতাত মানৱতাৰ সাৰ্থক প্রকাশ ঘটাৰ লগতে প্রতিফলিত হৈছে শ্রমজীৱী মানুহৰ জীৱন সংগ্রামৰ এখন জীয়া ছবি। তেওঁৰ কবিতাত সততে প্রতিধ্বনিত হয় - মহাজনী অৰ্থনীতিৰ কবলত পিষ্ট নিৰণ্ণ, বিমৰ্ষ কৃষক-শ্রমিকক পুঁজিপতি গোষ্ঠীৰ বিৰূদ্ধে ,স্বাধিকাৰৰ হেতু ঐক্যবদ্ধভাৱে বিদ্রোহৰ জাগৰণ তোলাৰ উদাত্ত আহ্বান। কবিতাৰ প্রেক্ষাপট ৰচিত হয় শ্রেণীচেতনা, সৰ্বহাৰা-দলিত-শোষিত শ্রেণীৰ প্রতি দৰদ আৰু সমাজ পৰিবৰ্তনৰ চিন্তনসমৃদ্ধ বলিষ্ঠ অভিব্যক্তিৰে। ‘ইতিহাস’ নামৰ কবিতাত কবিৰ সেই বৈপ্লৱিক চিন্তাৰ প্রতিফলন ঘটিছে এনেদৰে :

‘‘তুমি ইতিহাস।

মানুহৰ অবিৰাম প্রাণছন্দত তোমাৰ স্বীকৃতি আছে।

স্পষ্ট আৰু স্পষ্টতৰ। মাৰ্ক্স এংগেলছক লাল চালামেৰে

অভিবাদন আৰু বিপ্লৱী অভিনন্দন,

ইতিহাস নিৰ্দেশ, আমাক তোমাৰ নিৰ্দেশ লাগে

সংকেত আৰু নিৰ্ভুল ইংগিতৰ। আমি সদায় সাজু।’’

প্রগতিবাদী ধাৰাৰ কবিতাৰ এজন শক্তিশালী কবি হ’ল হেমাংগ বিশ্বাস। পঞ্চাশৰ দশকত আত্মপ্রকাশ কৰা ভাৰতীয় গণনাট্য সংঘৰ এজন অন্যতম হোতা হেমাংগ বিশ্বাসৰ কবিতাত দেখা যায় সাম্যবাদী আদৰ্শৰ  সবল উপস্থাপন। ১৯৭০ চনত প্রকাশিত হয় তেওঁৰ  কাব্য সংকলন ‘কুল খুড়াৰ চোতাল’। সৰ্বহাৰা শ্ৰেণীৰ যন্ত্রণাময় জীৱন সংগ্ৰাম আৰু নিৰ্যাতনৰ স্বৰূপ তেওঁৰ কবিতাৰ মূল উপজীব্য। ‘মঘাই উজাৰ ঢোল’ কবিতাত সাম্যবাদী চিন্তাৰে, বিদ্ৰোহী চেতনাৰ প্রকাশ ঘটিছে দীপ্তকণ্ঠেৰে —

‘‘ধুমুহাৰ বাঢ়নী লাগে

লাগে আজি মাটিহীন খেতিয়কৰ

ঢোলৰ চাপৰ

লাগে লক্ষ জনতাৰ কণ্ঠে কণ্ঠে

আদিম আৰণ্যক বাঘমৰা ৰিঙনিৰ গীত।’’

তেওঁৰ আন এটি উল্লেখ্য প্রগতিবাদী কবিতা ‘‘নাম তাৰ কমৰেড ৰত্নেশ্বৰ ৰাভা’’।

সৰু সৰু মানুহৰ জীৱন সংগ্রাম, নৈৰাশ্য, শোষণ, বঞ্চনাৰ এখন বাস্তৱ ছবি তুলি ধৰিছে তেওঁৰ কবিতা ‘উভতনি’ত মৰ্মস্পৰ্শী আবেদনেৰে –

‘‘ৰেচনৰ লাইনৰ পৰা ল’ৰাটো

আজিও উভতি নাহিল।

লঘোনীয়া মাকজনী ভেলেঙী চকুৰে

বাট চাই থাকে -

সি আহিব।’’

প্রগতিবাদী ধাৰাৰ কবিতাত,  মধুৰ ব্যঞ্জনাত্মক ভাষা শৈলীৰে অনুপম হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্রতিবাদৰ শাণিত উগ্ৰতা নাই যদিও  বিচিত্ৰ প্রকাশ শৈলীৰে হৃদয় জোকাৰি যোৱা তাৰ তীৰ্যক আবেদন –

‘‘কাল সমুদ্ৰত আহিছে জোৱাৰ

যেন ক্ষুব্ধ অজগৰ

জনতাৰ প্রগলভ কণ্ঠত

দুৰ্মদ প্রতিবাদ।’’

(যন্ত্রণা)

শোষক শ্রেণীৰ প্রতি বিদ্বেষ আৰু শোষিতৰ প্রতি ব্যথা - এই দুই অনুভূতিৰ প্রকাশ তেওঁৰ কবিতাত বিৰিঙি উঠে অভিনৱ অভিব্যক্তিৰে

‘‘মোৰ হাতৰ কাচিখনলৈ চালেই গম পাবা

কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ।’’

নৱ প্ৰভাতৰ আশাৰ কিৰণ প্ৰত্যাশী তেওঁৰ সাহসী মনৰ পৰিচয় বহন কৰা কবিতাৰ ভাব-ভাষা, প্ৰত্যয়দীপ্ত প্রকাশভংগীয়ে পাঠকৰ হৃদয় আলোড়িত কৰি তোলে

‘‘কমৰেড, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক

ৰাতিটো পাৰ হৈ গ’লে আমাৰ আৰু ভয় কি ?

নলেগলে লগ লাগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ।’’

প্রতিবাদী কবিতাৰ ক্ষেত্ৰত জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্রসাদ ৰাভাৰ নাম উল্লেখ নকৰিলে আলোচনাটো আধৰুৱা হৈ ৰ’ব যেন বোধ হয়।

গণমুখী দৰ্শনৰ প্রতি গভীৰ আস্থাশীল জ্যোতিপ্রসাদৰ বিদ্ৰোহী চেতনাই গণমুকুতিৰ বাট বিচাৰি গুমৰি উঠিছিল গীতে-মাতে-নাটে-কবিতাই-সমগ্ৰ সত্তাৰে। সমাজৰ শোষক শ্ৰেণীৰ খাটিখোৱা মানুহৰ ওপৰত অন্যায় শোষণ, নিষ্পেষণ, হৃদয়হীনতাৰ কদৰ্য ৰূপৰ প্রতি জ্যোতিৰ কলমে সদায়ে ঘোষণা কৰি আহিছে বিদ্ৰোহ –

‘‘নৃশংসতাৰে যি মানুহক

খচকি খচকি

শুহি শুহি খায়

অসুৰৰ স্বৰ্গ ৰচি

প্রমোদৰ কাৰেঙত থাকি

মষিমূৰ কৰি পৃথিৱীৰ ন্যায়

নিৰ্বিকাৰে টোপনি যায়

সিহঁতৰ বাবে নাই নাই নাই

কোনো অনুকম্পা নাই।’’

বিষ্ণু ৰাভাৰ কবিতাত বিদ্ৰোহী চেতনা আছিল সমাজ সংস্কাৰৰ, গণ মুকুতিৰ আহিলা। শোষিত-নিষ্পেষিত শ্রেণীৰ প্রতি সংগ্ৰামী শিল্পীজনাৰ আছিল অকুণ্ঠ দৰদ। তেওঁৰ গীতত কবিতাত আছিল প্ৰতাৰিত, অৱদমিত জনতাৰ স্বাধিকাৰৰ প্রতি বিদ্ৰোহী চেতনাৰে জাগি উঠাৰ অগ্নিময় আহ্বান।

‘‘হেৰ হেৰ হেৰ অগনি যুগৰ ৰঙা ফিৰিঙতি শিখা

জ্বল জ্বল উঠ উঠ আন কাটি ৰুদ্র কপালৰ ৰক্ত চন্দ্র ক’লা ৰেখা

তুলি ল তই কৰালী কালীৰ ভীম ভয়ংকৰ খড়্গ

ভাঙ ভাঙ ভাঙ কাৰাৰ কপাট, শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ।’’

প্ৰগতিবাদী কবিতাৰ ধাৰাত  বহু উল্লেখ্য কবিতা ৰচিত হৈছে। যিবোৰে অসমীয়া কাব্যজগতত প্ৰগতিবাদী ধাৰাৰ শক্তিশালী স্থিতিকে প্ৰতীয়মান কৰে। ওপৰত উল্লেখিত কবিসকলৰ উপৰিও এই ধাৰাত কাব্যচৰ্চা কৰা অন্যান্য কবিসকল হৈছে : ৰবীন্দ্র সৰকাৰ, অৱনী চক্রৱৰ্তী, পুণ্ডৰীকাক্ষ ভঁৰালী, জ্ঞান পূজাৰী, যতীন্দ্র কুমাৰ বৰগোহাঞি, ৰফিকুল হুছেইন, সনন্ত তাঁতী, সমীৰ তাঁতী, ৰাজু বৰুৱা আদি। সাম্প্ৰতিক সময়তো প্ৰগতিশীল ধাৰাত অনেক  কবিতা ৰচিত হৈছে। কিন্তু কেৱল উকা আদৰ্শমূলক কথা বা শ্লোগানধৰ্মিতাৰ প্রত্যক্ষ প্রভাৱসমৃদ্ধ সেই ৰচনাসমূহত কলাত্মক গুণৰ অভাৱ, ফলস্বৰূপে প্রগতিবাদী চিন্তাৰ মূল্যও হ্রাস পোৱা পৰিলক্ষিত হয়। তথাপি এই কথা ন’দি ক’ব পৰা যায় যে অসমীয়া কাব্যসাহিত্যত প্রগতিবাদী কবিতাৰ ধাৰা এক শক্তিশালী  ধাৰা আৰু প্রতিবাদী কবিতা হিচাপে প্রগতিবাদী কবিতাৰ স্থান সদায়ে উচ্চ।

প্রগতিবাদী ধাৰাৰ কবিতাৰাজিৰ লগতে বিদ্ৰোহী বা প্ৰতিবাদী কবিতাৰ শাৰীত সন্নিবিষ্ট কবিতাৰাজি হ’ল – দেশপ্রেমবোধক কবিতাসমূহ। দেশপ্রেমমূলক কবিতাত সদায়ে দুটা ৰূপ অন্তৰ্নিহিত হৈ ৰয় : বিদ্রোহ আৰু আশাবাদ। দেশৰ বাবেই অহৰহ চিন্তাক্লিষ্ট কবি কমলাকান্ত ভট্টাচাৰ্যৰ সীমাহীন খং/ক্ষোভ আছিল দেশৰ জনতাৰ প্রতি। পৃথিৱীৰ অন্য প্ৰান্তৰত প্ৰগতিৰ সুউচ্চ শিখৰলৈ ধাৱমান অন্যান্য দেশ-জাতি, কিন্তু অজ্ঞানতাৰ অসীম অন্ধকাৰত পতিত অসমীয়াৰ চেতনা এতিয়াও সুপ্তপ্রায়। ভট্টাচাৰ্যৰ কবিতাত সেই ক্ষোভৰ প্রকাশ ঘটিছে অগ্নিবৰ্ষী ভাষাৰে এনেদৰে –

‘‘নেলাগেনে লাজ       অসম সমাজ

      হাঁহে সভ্যজাতি অসভ্য বুলি

ক্লেশ অপমান          ভুগিছা কিমান

      নোচোৱানো কিয় এলাহ ভুলি ?’’

মানুহৰ সমাজৰ মিথ্যাচাৰ, ভণ্ডামি দেখি ক্ষোভত অগ্নিশৰ্মা হৈ উঠা এজন কবি অম্বিকাগিৰী ৰায়চৌধুৰী। তেওঁৰ কবিতাত এফালে শুনা যায় ৰহস্যবাদী সুৰৰ প্ৰতিধ্বনি, আনফালে দেখা যায় বিদ্ৰোহ আৰু বিপ্লৱৰ ফিৰিঙতিৰে প্ৰজ্বলিত প্ৰতিবাদৰ লেলিহান অনল শিখা।

‘‘ই যে জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান,

ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰা ধ্যান।

ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্রাৱণৰ মহাবান,

ই যে মাতৃ আদেশ, সন্তান প্ৰাণ দিবলকে বলিদান।’’

দেশৰ ৰাজনৈতিক ক্ষেত্ৰত নানা উত্থান-পতন, ৰাজনীতিজ্ঞৰ শঠতা-শত্রুতা-প্রৱঞ্চনাও কবিৰ কলমৰ প্ৰতিবাদী দৃষ্টিত ধৰাশায়ী হয়। ‘পোষ্টমৰ্টেম’ কবিতাত প্রদীপ প্রসাদ শইকীয়াই লিখিছে—

‘‘সংকেত: কলংপাৰত যুদ্ধকালীন তৎপৰতা

বিধানসভাত ‘নিৰ্ভীক মন্ত্ৰী’ৰ ‘আশ্বাস’

আৰু আয়োগৰ প্ৰতিবেদনত? ‘আশাৰ ৰেঙনি’।

অনিশ্চয়তা, আতংকত ‘ভীতিবিহ্বল’ ভুলৰ উন্মেষ,

সন্মুখত প্রেতৰ কঢ়া-আঁজোৰা।’’

ৰাজনীতিৰ ঘৃণ্য স্বৰূপ যেতিয়া গণতন্ত্ৰৰ প্রতি ভাবুকি হৈ উঠে, দেশপ্রেমো তেতিয়া হ’ব পাৰে অপৰাধ – এনে প্রহসনৰ স্বৰূপ প্রতিফলিত হৈছে জ্যোতিমালা গোহাঁইৰ কবিতাত, অসহনীয় অনুভৱৰ দ্যোতনাৰে প্রকাশিত বিদ্ৰোহী চেতনাৰে—

‘‘সত্য মানেই দেশদ্রোহ

চকু মেলিলেই বুকুত বুটজোতাৰ গচক

কণ্ঠত বেয়নেটৰ খোঁচ।’’

সাম্প্ৰতিক বহু কবিৰ কবিতাত এনেদৰে স্বদেশানুৰাগ ফুটি উঠা পৰিলক্ষিত হয়। য’ত কেৱল দেশৰ মাটি-পানী-বায়ুৰ বন্দনাই কবিতাৰ ভাষ্য নহয়, বৰঞ্চ অন্যায়-অবিচাৰৰ বিৰুদ্ধে জাগি উঠা প্ৰতিবাদী কণ্ঠই, কবিতাৰে বহন কৰি আহিছে স্বদেশ চেতনাৰ ইংগিত।

হীৰেন ভট্টাচাৰ্যৰ কবিতাত দেশপ্ৰেমৰ গাঢ় অভিঘাত মূৰ্ত হৈছে প্ৰতিবাদী কণ্ঠেৰে, উদাত্ত সুৰত বন্ধা দৃঢ়তা আৰু বীৰত্বব্যঞ্জক অভিব্যক্তিৰে :

‘‘দেশ বুলি ক’লে আদেশ নেলাগে

মোৰ তুম্ ৰলি তেজত তগ্ বগাই উঠে

এহেজাৰ এটা ৰণুৱা ঘোঁৰা।’’

‘প্রতিবাদী কবিতা’ৰ প্ৰসংগত ক’বলৈ গ’লে আচলতে আৰু অনেক কথাই আহি পৰে। কবিয়ে প্রতিবাদ কৰে কাগজ-কলমেৰে। সেই প্ৰতিবাদৰ ঢৌ উঠে হৃদয়ত। কবিতাৰ মাধ্যমেৰে কৰা প্ৰতিবাদে কঁপাই তুলিব নোৱাৰে অত্যাচাৰী শাসকৰ মছনদ। ৰুদ্ধ কৰিব নোৱাৰে যুদ্ধ, প্ৰতিহত কৰিব নোৱাৰে শত্ৰু কিম্বা দুৰ্যোগৰ বিভীষিকাক৷ কিন্তু কবিতাই জগাই তুলিব পাৰে দলিত, শোষিত প্ৰাণৰ অৱদমিত তৃষাক, বিপ্লৱী চেতনাৰে জাগ্রত কৰিব পাৰে পুৰণিক ভাঙি নতুনক প্ৰতিষ্ঠা কৰাৰ দৃঢ়তা, মুমূৰ্ষু প্রাণক উজ্জীৱিত কৰি আনিব পাৰে জোৱাৰ নৱ উদ্দীপনাৰ। প্ৰতিবাদী কবিতা মূলতঃ হৃদয়বৃত্তিমূলক, য’ত অন্তৰ বিদীৰ্ণ কৰি যোৱা যন্ত্রণাৰ প্রকাশ, ভাবৰ ব্যাপ্তি ঘটে দ্রুততাৰে, সাৰ্বিকভাৱে। কবিতাৰ আছে সেই শক্তি যি জনমানসত তুলিব পাৰে বিপ্লৱৰ জোৱাৰ, অভিনৱ চেতনাৰ উন্মেষেৰে :

এই প্ৰতিবাদ হ’ব পাৰে কৌটিকলীয়া ৰীতি-নীতি- পৰম্পৰাৰে পৰিবেষ্টিত সমাজ ব্যৱস্থাৰ। নিৰুপায় ক্ষোভ আৰু প্ৰাণৰ গহনত লালিত অহেতুক কাৰুণ্যব্যঞ্জিত অনুভূতিৰ বিদ্ৰোহী চেতনাৰে দীপালীমা বৰুৱাৰ কবিতাত প্রকাশি উঠিছে এনেদৰে –

‘‘জনপথত খোজ দিয়াৰ যন্ত্ৰণা

হাঁহিমুখে মই দূৰলৈ ঠেলিম

প্রতিবাদৰ জুই যেন ভাষা

জিভাৰ আগত ৰাখিম।

আই, জিভাৰ আগতে ৰাখিম।’’

সাবিত্রী শইকীয়াৰ কবিতাত লোকভাষাৰ আলমেৰে, প্রতিবাদী সুৰেৰে প্রতিফলিত হৈছে মানুহৰ সমাজত বৰ্তি থকা বিশ্বাস-ভংগতা, স্বজাতিৰ মাজৰ অন্তৰ্কন্দল আদিৰ বিৰুদ্ধে জাগি উঠা উষ্মাৰ প্রকাশ এনেদৰে –

‘‘ক’ৰ পৰা আহিলি অজাতি কাউৰী

কিহেৰে বোলালি ঠোঁট

কুটুমেৰে কুটুমৰ ভোজ

মজিয়া ভকেভকায়

ৰণশিঙা কোনে বায়’’

দেশ-কাল-সমাজৰ অনেক সমস্যাৰে জৰ্জৰ মানুহৰ জীৱন। এনে অনেক নেতিৰে ভাৰাক্রান্ত সময়ে কবিক নিদিয়ে একাগ্র আত্মমগ্নতাৰ পৰিবেশ। সংবেদনশীল কবি-হৃদয়ত সততে উজাৰি উঠে সেই নেতিৰ বিৰুদ্ধে অপ্রতিৰোধ্য ক্ষোভৰ উজান, কিন্তু কবিয়ে কাৰ বাবে ৰচিব কবিতা? কাৰ সৈতে বিনিময় কৰিব অন্তৰ্দাহী ক্ষোভৰ প্রকাশ? যদি কবিতাই নাপায় কাংক্ষিত পাঠকৰ ইপ্সিত সঁহাৰি! এনে অভিব্যক্তিৰে ৰচিত গায়ত্ৰী সেনৰ কবিতাৰ এই পংক্তি –

‘কাৰ বাবে লিখিম কবিতা? পঢ়ে জানো তেওঁলোকে কবিতা!

মাটিৰ মোহ ত্যাগ কৰি আকাশত বিচৰণ কৰা এইবোৰ মানুহৰ চকু

শগুনৰ দৰে

যেন আমাৰ চকুবোৰ উলিয়াই নিব এতিয়াই!

কিমানৰ চকু লৈ গ’ল উলিয়াই - তাৰ খবৰ জানো আছে কাৰোবাৰ’’

বিদ্ৰোহ আৰু বিতৃষ্ণাৰ এই তীৰ্যক সুৰ সাম্প্ৰতিক কবিতাৰ বৈশিষ্ট্য। য’ত প্রতিবাদী কণ্ঠেৰে বাংময় হৈ উঠে বিক্ষোভৰ প্রচ্ছন্ন প্রকাশ। কিন্তু এই বিপ্লৱ, এই প্রতিবাদৰ যুক্তিযুক্ততাই বা কি? এই প্রশ্নৰ উত্তৰ হিচাপে  মাৰ্ক্সৰ {আৰম্ভণি পৰ্যায়ৰ ৰচনা ‘‘On the Jewish Question”(1844 )} এষাৰ কথা আওৰাব পাৰি : বুৰ্জোৱা সমাজে অসামৰিক (Civil) আৰু ৰাজনৈতিক পৃথিৱীৰ মাজত অপ্রতিৰোধ্য বিভাজনৰ সৃষ্টি কৰিছে। নাগৰিক সমাজ গঢ় লৈ উঠিছে শ্রমৰ জগতেৰে, প্ৰয়োজন আৰু ব্যক্তিগত অভিৰুচিৰে। মাৰ্ক্সৰ মতে এয়াই ‘স্বাভাৱিক মানুহ’ৰ প্ৰভাৱৰ ক্ষেত্র, কিন্তু ৰাজনৈতিক সমাজৰ সদস্য হিচাপে প্রতিজন ব্যক্তিৰ একোটাহঁত নিৰ্ধাৰিত তথা অৱশ্যে পালনীয় ভূমিকা থাকে। এই কথাৰ আঁত ধৰি সাধাৰণভাৱে এয়ে ক’ব পাৰি যে মানুহ যিহেতু সামাজিক জীৱ, সেয়ে সমাজজীৱনৰ অংশ হিচাপে প্ৰতিজন মানুহৰে কিছু উমৈহতীয়া কৰ্তব্য/দায়িত্ব  থাকে। নিজৰ মনৰ মাজত এখন কাল্পনিক পৃথিৱীৰ বাসিন্দা হ’লেও, বাস্তৱ জীৱনত কবিসকলো সমাজৰ অংগ। সমাজত প্রচলিত অন্যায়, অবিচাৰৰ প্রতি বিক্ষোভ আচৰাৰ, প্রতিবাদৰ তেওঁলোকৰো আছে দায়বদ্ধতা/ অধিকাৰ।

সমগ্ৰ বিশ্বৰ লগতে অসমতো কবিতাৰে প্ৰতিবাদৰ নিদৰ্শন অনেক আছে। বিগত সময়ত ‘অসম আন্দোলন’ৰ কালছোৱাত কবি হীৰেন ভট্টৰ কবিতাৰ পংক্তি দেশপ্রেমৰ শ্ল’গান হিচাপে ব্যৱহাৰ হৈছিল সৰ্বাত্মকভাৱে। ‘দেৱাল লিখন’ হৈ সৰ্বত্ৰ সমাদৃত হৈছিল – ‘দেশ বুলিলে আদেশ নেলাগে/ মোৰ তুম্ ৰলি তেজত তগ্ বগাই উঠে/এহেজাৰ এটা ৰণুৱা ঘোঁৰা’’ৰ দৰে  তীৰ্যক ভাষাৰে ৰচিত দেশপ্রেমবোধক উদাত্ত সুৰৰ তেজোদীপ্ত কবিতাৰ বাণী। মানুহৰ মুখে মুখে প্রচলিত হৈ,  বহুল প্রচাৰেৰে জনপ্রিয়তাৰ অভিলেখ ৰচা এই কবিতাই অৱশ্যে পিছলৈ কবিজনক সন্তুষ্টি প্রদানৰ পৰিবৰ্তে বিতত/বিতুষ্ট কৰিছিল যদিও সেয়া অন্য প্রসংগ৷ কিন্তু এই কথা প্রতীয়মান হ’ল যে দুশাৰীমান শব্দৰে ৰচিত বিশাল ভাবৰ, দেখাতে নিমাখিত যেন লগা এটি কবিতাৰ প্ৰচণ্ড শক্তিৰ আগত বিশাল জনসভাত ঘন্টাজুৰি আগ বঢ়োৱা উদাত্ত ভাষণ বা বহু পৃষ্ঠাজোৰা তত্ত্বগধুৰ প্রবন্ধৰো শক্তি বহুক্ষেত্রতে অসাৰ।সেই কথা সময়ে সময়ে প্ৰমাণিত হৈ আহিছে৷ কাৰণ কবিতাৰ আছে সেই শক্তি, যি মানুহৰ আবেগক উদ্বেলিত কৰি জগাই তুলিব পাৰে বিবেক, দৃঢ় আৰু ক্ষিপ্রতাৰে।

সাম্প্ৰতিক কালতো দেশ/সমাজ/জাতিৰ সংকটকালত কবিতাৰ সেই সক্ষমতা পুনঃ প্রতীয়মান কৰা হৈছে। আজিৰ কবিয়ে কবিতাক কেৱল অন্তৰ্মুখিতাৰে নিজৰ মাজতে আবদ্ধ ৰখা বিষয়টো সমৰ্থন নকৰে। বৰঞ্চ কবিসকল আজি কায়িকভাৱেও ওলাই আহিছে ৰাজপথলৈ। আজিৰ কবিতাক পিন্ধাই দিয়া হৈছে নিৰ্ভীকতাৰ কবচ। কণ্ঠত গুঁজি দিয়া হৈছে প্রতিবাদৰ অগ্নিশিখা। এইকথা প্রতীয়মান হ’ল সৌ সিদিনা এইখন অসমতে। নাগৰিকত্ব সংশোধনী আইন ২০১৬ৰ বিৰোধিতাৰে দেশৰ চুকে-কোণে সংগঠিত হোৱা জনচেতনাত কবিতা হৈ উঠিল প্রতিবাদৰ মুক্তকণ্ঠ। অভূতপূৰ্বভাৱে বাটে-ঘাটে, বজাৰে-হাটে কবিতাৰে গুঞ্জৰি উঠিল প্রতিবাদৰ জোৱাৰ। ছচিয়েল মিডিয়া ফেইচবুক/টুইটাৰ আদিৰ লগতে ইলেকট্ৰনিক মিডিয়াৰ জৰিয়তে  ব্যাপকভাৱে  ঘটিল এই বিদ্ৰোহী চেতনাৰ সম্প্রসাৰণ।

অভূতপূৰ্ব এই জোৱাৰ যেন ৮০ দশকৰ সুৰ-বাহিনীৰ অভিযান। ১৯৭৭ চনত জয়ন্ত হাজৰিকাই কেইবাজনো সতীৰ্থ সংগীত শিল্পীৰ সৈতে লগ হৈ, গোলাঘটীয়া ৰাইজৰ সহযোগত গঢ় দিয়া এই ‘সুৰ-বাহিনী’ৰ লক্ষ্য আছিল অতিকে মহৎ। কেইবাজনো সতীৰ্থ সংতীজ্ঞও এই অভিযানৰ অংশ হৈছিল। সুৰ-বাহিনীৰ শিল্পী-সেনানীয়ে বাটে-পথে গান গাই বানপীড়িত লোকৰ সাহায্যাৰ্থে অৰ্থ সংগ্রহ কৰাৰ উপৰিও ১৯৭৭ চনৰ ১৩ আগষ্টত মঘাই ওজাৰ চিকিৎসাৰ বাবে অৰ্থ সাহায্য বিচাৰি  ডিব্রুগড়ৰ ৰাইজৰো কাষ চাপিছিল। ‘সুৰ বাহিনী’ৰ বাবেই সৃষ্টি কৰা হৈছিল ৮টাকৈ  গীত - ‘‘লুইতৰ বলিয়া বান’’, ‘‘দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ’’, ‘‘আজি প্রাণৰ পাতিছোঁ মেলা’’, ‘‘ভয় নাই ভয় নাই’’, ‘‘একো নাই শূন্য হায়’’, ‘‘এতিয়াও ৰাতি নাই’’,  ‘‘অভিযাত্রী দূৰৈৰ যাত্রী’’, ‘‘এইটো প্রহৰ শূন্য প্রহৰ’’। সুৰ বাহিনী  সন্দৰ্ভত জয়ন্ত হাজৰিকাই কৈছিল : ‘‘মই এতিয়া কথা ক’ম। কথা ক’ম মোৰ সুৰেৰে। মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ’ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনীয়ে সদায়ে ৰাইজৰ কাষত সদায়ে থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে’’। এনে এক মহৎ ভাবনাৰে গঢ় লৈ উঠা সুৰ বাহিনীৰ লক্ষ্য আৰু আদৰ্শৰ সততা সঁচাই অনন্য, অনুকৰণীয়। কিন্তু দুখৰ বিষয় যে এনে এক মহৎ অনুষ্ঠানৰো স্থায়িত্ব দীৰ্ঘদিনীয়া নহ’ল।

‘গান আৰু গায়ক’ৰ দৰেই ‘কবি আৰু কবিতা’ৰো আছে সেই শক্তি। জনতাৰ হকে, দেশৰ হকে মাত মতাৰ অধিকাৰ আছে কবিৰো। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে সংগঠিত কবি সমাজৰ ঐক্যবদ্ধ কণ্ঠই যেন সেই কথাকেই প্রতিষ্ঠা কৰিলে দৃঢ়তাৰে। কিন্তু এইখিনিতে স্মৰ্তব্য যে নিৰ্দিষ্ট লক্ষ্য আৰু সু-সংকলিত ইস্তাহাৰৰ অবিহনে কোনো অভিযানেই পূৰ্ণতা নাপায়। সবলভাৱে কোনো এক বিষয়কে উপস্থাপনৰ ক্ষেত্রত বাধ্যবাধকতা থকা কবিতাৰ ক্ষেত্রত এই কথাৰ গুৰুত্ব অধিক বিবেচ্য। কেৱল আবেগেৰে নহয়, কবি আৰু কবিতাৰ কাঠামোত বিবেকেৰে গঢ়ি তোলা হওক প্রগতিশীল চিন্তাৰ নিৰ্ভৰযোগ্য বুনিয়াদ। অনাগত সময়তো যেন অটুট থাকে কবিতাৰ এই সংগ্রামী দৃঢ়তা। তাৰ বাবে কবিতাত বাহাল থাকক সমাজ আৰু সভ্যতাৰ প্রতি দায়বদ্ধতাৰে নিহিত চিন্তাৰ প্রকাশ। নিৰ্যাতিত/নিষ্পেষিত শ্রেণীৰ প্রতি শ্রেণীচেতনা/ শ্রেণীসংগামৰ জৰিয়তে আহৰণ কৰিবলগীয়া স্বাধিকাৰৰ আহ্বানৰ লগতে  ব্যক্তিগত পৰিসৰতো কবিতা হওক মানুহে মানুহৰ দৰে মেৰুদণ্ড পোন কৰি শুভত্বৰ এষণাৰে নিজৰ বাটত আগ বাঢ়ি যোৱাৰ দৃঢ় প্রত্যয়।

কবিতাৰে ৰক্তক্ষয়ী বিদ্রোহৰ সূচনা নহয়। কবিতাই যুদ্ধৰ বাবে দুহাতত অস্ত্র তুলি নিদিয়ে সঁচা, কিন্তু জগাই তুলিব পাৰে মানুহৰ আত্মা। যি মানুহক দিয়ে মানুহ হিচাপে জী থকাৰ অনুপ্ৰেৰণা। দুৰ্লভ প্রতিভাৰ কবিয়ে কবিতাৰে একে সময়তে পাঠকৰ হৃদয় আৰু চিন্তাবৃত্তিক আলোড়িত কৰি কৰিব পাৰে সেই অসাধ্য সাধন, যি মানুহক প্রদান কৰে পৃথিৱীক ‘মানুহৰ পৃথিৱী’ ৰূপে স্বীকৃতি দিয়াৰ অনন্য অধিকাৰ। যুগে যুগে কবিতা হৈ ৰওক মানৱতাৰ সেই স্তুতি : অমৃত বন্দনা।

পাদ টীকা :

কৰবী ডেকা হাজৰিকা: 'অসমীয়া কবিতা'

কৰবী ডেকা হাজৰিকা: 'কবিতাৰ ৰূপছায়া'

বৰগোহাঞি, হোমেন (সংক আৰু সম্পা.): 'ৰামধেনু', ৫ম বছৰ,১১শ সংখ্যা (সম্পাদনা: বীৰেন্দ্র কুমাৰ ভট্টাচাৰ্য)

বৰা, মহেন্দ্র: 'নতুন কবিতা', অৱতৰণিকা

বৰগোহাঞি, হোমেন (সম্পা): 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' (ষষ্ঠ খণ্ড), গোবিন্দ প্রসাদ শৰ্মা, ‘‘ৰামধেনু যুগ,আধুনিক অসমীয়া সাহিত্য’’

কবীন ফুকন : 'আধুনিক অসমীয়া কবিতা: প্রকৃতি আৰু পটভূমি'

বৰুৱা ভবেন : 'অসমীয়া কবিতা:ৰূপান্তৰৰ পৰ্ব'

তাঁতি, সমীৰ আৰু অন্যান্য (সম্পা): 'অমূল্য বৰুৱাৰ কবিতা', অজিত বৰুৱা, 'অসমীয়া মাৰ্ক্সবাদী কবিতাৰ পাতনি' 

তফজ্জুল আলি (সম্পা) : 'মধ্যবিংশ শতিকাৰ অসমীয়া সাহিত্য', মহেশ্বৰ নেওগ : 'অসমীয়া সাহিত্যৰ এই যায় পঁচিশটা বছৰ'

কটকী চন্দ্র: 'আধুনিক অসমীয়া কবিতা'

দেৱ কমল নাৰায়ন আৰু চক্রেশ্বৰ শৰ্মা (সম্পা)আলোচনী : 'জয়ন্তী', ষষ্ঠ বছৰ,৩য় সংখ্যা

Share Button
Print Friendly, PDF & Email

No Comments : "প্রতিবাদী কবিতা : কবিতাৰে প্রতিবাদ -(অনিতা গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *