বাংলাদেশীৰ পম খেদি - (পাৰভিন চুলতানা)

ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত ধুবুৰী জিলাৰ বাসিন্দাসকলৰ বাবে অসমত ‘লাখ লাখ অবৈধ বাংলাদেশী’ৰ অনুপ্রবেশৰ গল্প একো নতুন নহয়। পিছে প্রায় সময় এইটো চিন্তা কৰিবলৈ বাধ্য হওঁ যে ইমান সৰহসংখ্যক মানুহ বেলেগ এখন দেশৰপৰা আহি ইয়াতে থাকিবলৈ লয়, পিছে আজিলৈ তেনে এজনাকো নেদেখিলো কিয়? মূলসুঁতিৰ ঠেকমনা ৰাজনৈতিক নেতাবোৰৰ কথা মানিলে চৰত বসবাস কৰা পূর্ববঙ্গীয় মূলৰ মুছলমানবোৰেই অবৈধ অনুপ্রবেশকাৰী। ভাটিৰ দেশৰ মানুহবোৰক আমি ভাটীয়া বুলি কওঁ। আমি উজানি মুছলমান আৰু তেওঁলোকৰ মাজত সাংস্কৃতিক, ভাষিক ভিন্নতা আছে। পিছে তাৰ অর্থ এই নেকি যে এওঁলোক অবৈধভাৱে আমাৰ দেশত প্রবেশ কৰিছে? প্রচলিত সংজ্ঞা মতে হাড় কঁপোৱা জাৰত ৰাতিপুৱা ঘৰে ঘৰে টেকেলি পিঠা, চিতৈ পিঠা বেচা কণমানি ছামাৰা, ঘৰে ঘৰে মাছ, পাচলি বেচা হাছেম ভাই, আমাৰ নতুন ঘৰৰ ধুনীয়া পাকঘৰটো সাজি ওলোৱা ৰাজমিস্ত্রী সাহাদত, আমাৰ ঘৰত বহু বছৰৰপৰা পৰীক্ষাগাৰ চলোৱা মোৰ সৰু ভাইটি সমতুল্য ছাফায়াৰ – এই সকলোৱে দেখোন “potential” অবৈধ বাংলাদেশী।

সি যি নহওক, বহু দিনৰপৰা এনে অনুপ্রবেশকাৰীক লগ পোৱাৰ হেঁপাহ এটা আছিল। সৰুতে ককাদেউতাৰ মুখত গল্প শুনিছিলোঁ যে স্বাধীনতাৰ পূর্বে আমাৰ গাঁৱৰপৰা বহুত মানুহ খোজ কাঢ়ি ৰংপুৰলৈ (বর্তমান বাংলাদেশত) অহা-যোৱা কৰিছিল। সেয়ে বাংলাদেশী বিচাৰি প্রথমতে আমাৰ ককাদেউতাৰ গাঁৱলৈ গ’লোঁ। পিছে তাত গৈ বাংলাদেশৰপৰা অহাসকলৰ ঠাইত সেই গাঁৱৰপৰা বাংলাদেশলৈ যোৱা কেইঘৰমান মানুহৰহে খবৰ পালোঁ। তাৰে এজন দেউতাকৰ খুৰা। বর্তমানে ঢাকাত থকা সেই ককাদেউতাৰ পৰিয়ালৰ বহু সদস্য আমেৰিকা আৰু অষ্ট্রেলিয়াত চাকৰি কৰি আছে। দুবছৰ মূৰে মূৰে তেওঁ ‘বৈধ’ভাৱে ভিছা-পাছপোর্ট লৈ গৌৰীপুৰত থকা তেওঁৰ ছোৱালীক চাবলৈ আহে। আৰু তেওঁৰ অর্থনৈতিক অৱস্থা চাই এনে নালাগিল যে জীৱিকাৰ বাবে তেওঁ ভাৰতলৈ ঢাপলি মেলিব।

বর্তমান চৰকাৰৰ খিলঞ্জীয়াসকলৰ অধিকাৰৰ প্রতি ঘোষিত ‘দায়বদ্ধতা’ দেখি ভালেই লাগে। আমি সকলোৱে বিচাৰোঁ যে অবৈধ অনুপ্রবেশকাৰীৰ সমস্যা চিৰদিনৰ বাবে সমাধান হওক। প্রত্যেক নির্বাচনৰ আগে আগে ৰাজনৈতিক দলবোৰে এই বিষয়টোক লৈ ৰাজনীতি কৰা বন্ধ কৰক আৰু বাংলাদেশী খেদাৰ নামত সাধাৰণ নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ বন্ধ হওক। চৰকাৰৰ এনে দায়বদ্ধতাৰ আলোচনা কর্মস্থলত প্রায়ে হয়। দুদিন-চাৰিদিনে অবৈধ বাংলাদেশীক উৎখাত কৰাৰ উত্তেজনামূলক ভাষণ মন্ত্রী-এম এল এৰ মুখত শুনা যায়। সেই সন্দর্ভত এদিন কলেজ লাইব্রেৰিত সহকর্মী অধ্যাপক ধীৰেন বর্মন ছাৰে এটা ঘটনা ক’লে। তেওঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাসিন্দা। তেওঁৰ পৰিয়াল পিছে গুৱাহাটীৰ সুন্দৰবৰীত থাকে। আৰু তেওঁৰ ঘৰৰ ওচৰতে গোৱালপাৰা, ধুবুৰীৰপৰা যোৱা শ্রমিক কেইঘৰমান সৰু সৰু জুপুৰি সাজি থাকে। ছাৰক নিজৰ ঠাইৰ শিক্ষিত বিশিষ্ট ব্যক্তি বুলি সেইসকল মানুহে বহুত সন্মান কৰে। ছাৰেও প্রায় আবেলি পৰত তেওঁলোকৰ ভাটিয়ালী গানৰ মজলিছত অংশগ্রহণ কৰে।

এদিন হঠাৎ জুপুৰিবোৰৰ ফালৰপৰা চিঞৰ-বাখৰ শুনি ছাৰ তালৈ গ’ল। ওচৰতে থকা অসমীয়া পৰিয়াল এটাৰ ঘৰত হেনো চুৰ হৈছে। আৰু তেওঁলোকে সেই শ্রমিকবোৰক সন্দেহ কৰি মাৰিবলৈ গৈছে। শ্রমিকসকলক বাংলাদেশী বুলি ককর্থনা কৰি মানুহবোৰে ক’বলৈ আৰম্ভ কৰিলে যে এওঁলোকৰ বাবেই ঠাইডোখৰৰ পৰিবেশ নষ্ট হ’ল। স্থানীয় লোকসকলৰ বয়-বস্তু নাইকিয়া হয় এইবোৰৰ বাবে। বাৰে বাৰে শ্রমিকবোৰক বাংলাদেশী বুলি গালি-শপনি দিয়া শুনি ধীৰেন ছাৰ আগুৱাই গ’ল। গৈ সুধিলে যে তেওঁলোকৰ ওচৰত কোনো প্রমাণ আছে নেকি যে চোৰ এইসকলৰে এজন? স্থানীয় লোকসকলে ক’লে যে তেওঁলোকে জানে এই অবৈধভাৱে অনুপ্রবেশ কৰা মানুহবোৰে সুন্দৰবৰীত ঘটা সকলো অপৰাধৰ মূল কাৰণ। তেতিয়া ধীৰেন ছাৰে সুধিলে যে তেওঁলোকে কেনেকৈ জানে যে এইসকল ভাৰতীয় নহয়। স্থানীয় লোকসকলে একো কোৱা নাছিল। ছাৰে তেতিয়া ক’লে যে লক্ষীপুৰৰ ওচৰৰ গাঁও এখন, য’ত স্বাধীনতাৰ পূর্বতে – প্রায় ১২০ বছৰ আগতে অসমীয়া এল পি স্কুল এখন স্থাপন কৰা হৈছিল, এইসকল হ’ল সেই গাঁৱৰ মানুহ। স্বাধীনতাৰ বহু আগত অসমীয়া ভাষাৰ প্রতি সেই গাঁৱৰ স্থানীয় লোকসকলৰ আনুগত্য আছিল। সেই ঠাইৰ মানুহ আজি জীৱিকা উপার্জনৰ বাবে নিজ গাঁও এৰি বহু দূৰলৈ আহিবলগা হৈছে। কিন্তু ইয়াৰ অর্থ এই নহয় যে কেৱল ধর্ম আৰু ভাষাৰ ওপৰত ভিত্তি কৰি এওঁলোকক বিদেশী বুলি কোৱাৰ কাৰো অধিকাৰ আছে। ছাৰৰ কথা শুনি মানুহবোৰ মাৰধৰ বন্ধ কৰিলে। পিছত গম পোৱা গ’ল যে সেই স্থানীয় লোকসকলৰ মাজৰে কোনোবাই চুৰ কৰিছিল। দুর্ভাগ্যক্রমে, মই আশা কৰা মতে ধীৰেন বর্মন ছাৰেও মোক অবৈধ বাংলাদেশীৰ খবৰ দিব নোৱাৰিলে।

ঠিক সেই সময়ত খবৰৰ কাগজত কাজিৰঙাৰ তিনিখন গাঁৱৰ ‘উচ্ছেদ’ৰ খবৰ ওলাল। সংবাদ মাধ্যমৰ নিয়মীয়া প্রচলনত এনে লাগিল যে কাজিৰঙাৰ ওচৰত থকা কিছুমান গাঁৱত সন্দেহজনক নাগৰিকত্বৰ কিছু মানুহ অবৈধভাৱে মাটি দখল কৰি আছিল। অসমীয়া সংবাদ মাধ্যম যিবোৰে প্রায়ে ‘proxy’ ন্যায়ালয়ৰ দৰে ব্যৱহাৰ কৰে, এই গাঁৱৰ বাসিন্দাসকলক অবৈধ প্রব্রজনকাৰী বুলি ঘোষিত কৰি দিলে। পিছে ২ অক্টোবৰত ‘দৈনিক জনমভূমি’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত ত্রিদীৱ নীলিম দত্তৰ এটা প্রবন্ধ পঢ়ি মোৰ ভুলটো ভাঙিল। মাটিৰ পট্টা থকা মানুহবোৰ অবৈধ দখলকাৰী হ’ব নোৱাৰে। ভূমি অধিগ্রহণ আইন মতে উচিত ক্ষতিপূৰণ দি চৰকাৰী কামত ৰাইজৰ ভূমি অধিগ্রহণ কৰিব পাৰে। কিন্তু তেনে ক্ষেত্রত ধর্মৰ ওপৰত ভিত্তি কৰি কাজিৰঙাৰ তিনি গাঁৱৰ কিছু পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ প্রতিশ্রুতি দি আনসকলক উচ্ছেদ কৰাৰ চেষ্টা চৰকাৰে অব্যাহত ৰাখিলে। পিছে অবৈধ অনুপ্রবেশকাৰীক কেৱল উচ্ছেদ নকৰি তেওঁলোকক নিজ দেশলৈ পঠোৱাহে উচিত। নে চৰকাৰে অবৈধ বাংলাদেশীৰ ‘Bogey’ কেৱল নিজৰ অগণতান্ত্রিক কার্যকলাপ ঢাকিবলৈহে ব্যৱহাৰ কৰে?

সময়ে সময়ে অসমৰ বুদ্ধিজীৱীসকলে গুৱাহাটী চহৰত কর্মৰত হৈ থকা লাখ লাখ শ্রমিক আৰু সৰুসুৰা কাম কৰা সাধাৰণ মানুহক বাংলাদেশী বুলি কয় আৰু বহু ক্ষেত্রত এই দুখীয়া মানুহবোৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। ঈদৰ পিছত প্রায়ে ধুবুৰী আৰু গৌৰীপুৰৰ বাছ স্টেণ্ডত কম বয়সীয়া খীণ ল’ৰাকেইজন পিঠিত বেগ এটাকৈ লৈ গুৱাহাটী অভিমুখী গাড়ীলৈ বাট চাই থাকে। বহু সময়ত হিচাপৰ টকা থকাৰ বাবে ২৮০ কিমি ৰাস্তা এওঁলোক বাছত থিয় হৈ যাব লগা হয়। শ্রমিকৰ ঠিকাদাৰবোৰেও এওঁলোকক হাটলৈ লৈ যোৱা ভেৰা ছাগলীৰ দৰে গাড়ীত বহা ঠাই নাথাকিলেও উঠাই দিয়ে। গুৱাহাটীৰ গগনচুম্বী অট্টালিকা সাজি উলিওৱা এই শ্রমিকসকলেই জানো বুদ্ধিজীৱীবোৰৰ মতে অবৈধ বাংলাদেশী নহয়?
নাগৰিকত্বৰ প্রশ্ন উত্থাপন কৰি চৰকাৰে অসমৰ জনসংখ্যাৰ এটা সৰহ অংশক ব্যতিব্যস্ত কৰি ৰাখিছে নিজৰ পৰিচয় প্রমাণ কৰাত। কিন্তু সেই একে মানুহবোৰ বছৰৰ পিছত বছৰ বানাক্রান্ত হয়, গৰা খহনীয়াৰ ফলত নিজ মাটি, ঘৰ হেৰুৱাই উদ্বাস্তুৰ দৰে অসমৰ ভিন্ন প্রান্তলৈ যাবলৈ বাধ্য হয়। তেওঁলোকৰ নাগৰিকত্বক লৈ চৰকাৰ যিমান চিন্তিত, তেনে চিন্তা তেওঁলোকৰ অনুন্নত অৱস্থাক লৈ নকৰে। এইসকল মানুহক লৈ বছৰৰ পিছত বছৰ চলি থকা ৰাজনীতি অধ্যয়ন কৰিলে মনত ভাব হ’ব যে চৰকাৰে এই মানুহবিলাকক নিজৰ নাগৰিকত্ব অবিহনে বেলেগ কোনো কথা চিন্তা কৰাৰ সুযোগ নিদিয়ে। জৰাজীর্ণ অৱস্থাত জীৱন কটাবলগীয়া হয়, কিন্তু নাগৰিকৰ পাবলগীয়া ন্যূনতম সুযোগ-সুবিধাৰপৰাও এওঁলোক বঞ্চিত।

সি যি নহওক, বহু আশা কৰি আৰম্ভ কৰা বাংলাদেশীৰ অনুসন্ধান মোৰ বেছি আগ নাবাঢ়িল। অসমৰ সর্বোচ্চ “dynamic” মন্ত্রী মহোদয়ৰ মতে বাংলাদেশীৰে পৰিপূর্ণ হৈ পৰা ধুবুৰীত জীৱনৰ তিনিটা দশক অতিবাহিত কৰাৰ পিছতো মই কেইজন অবৈধ প্রব্রজনকাৰীক লগ পাইছো বুলি সুধিলে মোৰ উত্তৰ হ’ব – শূন্য।

Share Button
Print Friendly, PDF & Email

1 Comment : "বাংলাদেশীৰ পম খেদি - (পাৰভিন চুলতানা)"

  1. Muzammil Haque

    যেনেকৈশিখ সকল পঞ্জাৱী, আফগানী সকল কাবুলিৱালা তেনেকৈ মৈমিনচিঙীয়া বা পূৰ্ব বংগীয় অভিবাসী মুছলমানক বাংলাদেশী বুলি কয় । নাগৰিকত্ব আইন 1955 মতে নাগৰিক পঞ্জী (nrc 1951) ত নাম নথকা অসমবাসী বা ভাৰতীয় সকল এতিয়ালৈকে নাগৰিকত্ব পোৱা নাই । নেহৰু-লিয়াকত আৰু ইন্দিৰা-মুজিব চুক্তি মতে পাকিস্থানৰ পৰা প্ৰবেশ কৰা উদ্বাস্তু সকলক শৰণাৰ্থী হিচাপে থাকিবলৈ দিছে -নাগৰিকত্ব দিয়া নাই ।
    দেশীসকল কোচৰাজ্য বা অসমৰে থলুৱা জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত, তেওঁলোক অভিবাসী নহয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *