চান্দৰডিঙাত উচ্ছেদ - (আশ্ৰাফুল হুছেইন)

অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰপৰা প্ৰায় ২৪০ কি: মি: দূৰত্বত অৱস্থিত চান্দৰডিঙা পাহাৰ। অসমৰ প্ৰান্তীয় তথা ভাৰত-বাংলা সীমান্তীয় জিলা ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজহচক্ৰৰ অন্তৰ্গত চান্দৰডিঙা পাহাৰখন হাতীপোতা গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত অৱস্থিত। ২৮ ডিচেম্বৰ, ২০১৬ তাৰিখে এই বনাঞ্চল তথা পাহাৰত জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদকাৰ্য চলায় আৰু ৫৬টা পৰিয়ালৰ ১১৭টা গৃহ উচ্ছেদ কৰে।

ব্ৰহ্মপুত্ৰ নদীৰপৰা প্ৰায় ২ কিলোমিটাৰ নিলগত পাহাৰখনত বস-বাস কৰা লোকসকল মূলতঃ জনগোষ্ঠীয় পৰিচয় হ’ল জনজাতীয় আৰু বঙ্গমূলীয় অসমীয়া মুছলমান। জনজাতীয় লোকসকল নিকটৱৰ্তী অঞ্চলসমূহৰ বাসিন্দা আছিল, ভূমি আৰু খাদ্য নাটনিৰ জোৰা মাৰিবৰ বাবে তেওঁলোকে বিগত প্ৰায় ৫০ বছৰৰেপৰা পাহাৰখনত বসবাস কৰি আছে। ইপিনে বাকী বঙ্গীয়মূলীয় অসমীয়া মুছলমানসকলে পাৰ্শ্বৱৰ্তী জিলা গোৱালপাৰা জিলাৰ চৰাঞ্চলৰ ৰৌখোৱা কৃষ্টিমণিৰ চৰ, ৰৌখোৱা চলাকুৰা চৰ আদিৰপৰা মুখ্যতঃ আহি পাহাৰখনত বসতি কৰি আছিল। উল্লেখযোগ্য যে গোৱালপাৰাৰ চৰ দুখনৰ দূৰত্ব পাহাৰখনৰপৰা মাত্ৰ ৩-৪ কিলোমিটাৰ মাত্ৰ। ১৯৭৮-৮০ চনমানত উল্লেখিত চৰসমূহ ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াত সৰ্বস্ব জাহ যোৱাৰ ফলত ভূমিহীন লোকসকলে পাহাৰটোত আহি বসতি কৰিছিল বুলি উচ্ছেদিতসকলে জানিবলৈ দিছে। উল্লেখযোগ্য যে ইতিপূৰ্বেও ১৯৯৭ চনতো একেটা অঞ্চলতে চৰকাৰে উচ্ছেদ চলাই প্ৰায় ৩০-৩৫টা গৃহ উচ্ছেদ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকে একেখন ঠাইতে পুনৰ ঘৰ সাজি থাকিবলৈ লয়।
এই ঠাইটুকুৰাত শেহতীয়াকৈ উচ্ছেদৰ পূৰ্বে দুবাৰকৈ অসমৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই পৰিভ্ৰমণ কৰিছিল আৰু উচ্ছেদৰ আগজাননী দিছিল। এই উচ্ছেদৰ উক্মুকনিৰ সমান্তৰালকৈ প্ৰতিৰোধ আন্দোলনো গঢ়ি তুলিছিল স্থানীয় লোকসকলে। ৰাজ্যৰ কৃষক সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঢ় লৈ উঠিছিল এই আন্দোলন। মহকুমাধিপতি, জিলা উপায়ুক্ত আদিক উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে তেওঁলোক ভূমিহীন, গতিকে উচ্ছেদ কৰিলেও সংস্থাপন প্ৰদান কৰি উচ্ছেদ কৰিবলৈ দাবী কৰিছিল। কিন্তু প্ৰশাসন কিম্বা চৰকাৰে তেনে কোনো ব্যাৱস্থা নোলোৱাকৈ তেওঁলোকক তাৰপৰা উচ্ছেদ কৰিছে।
চান্দৰডিঙাৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালেই ভূমিহীন। এওঁলোকৰ পূৰ্বপুৰুষৰ পেছা কৃষি হোৱাৰ পাছতো এওঁলোকে পেছাত কৃষক হ'ব নোৱাৰিলে ভূমিহীনতাৰ বাবে। এওঁলোকে স্থানীয় পেছা হিচাপে নদীত মাছ ধৰে আৰু চাপৰ-ধুবুৰীৰ পিনে আহি দিন হাজিৰা কৰে। ইয়াৰ উপৰিও গুৱাহাটী, উজনিকে আদি কৰি বিভিন্ন ঠাইত ইটাভাতাৰ শ্ৰমিক, ৰাজমিস্ত্ৰী বা অন্যান্য এইধৰণৰ দিন হাজিৰাসমূহ এওঁলোকৰ মুখ্য পেছা। ইয়াৰে অধিকাংশ পৰিয়ালে ভূমিহীন কৃষক হোৱা হেতুকে সেই পেছাৰপৰা ফালৰি কাটিছে পৰিস্থিতিৰ দায়ত পৰি।

চান্দৰডিঙাত পশ্চিম চান্দৰডিঙা প্ৰাথমিক বিদ্যালয় নামেৰে এখন প্ৰাথমিক বিদ্যালয় আছিল। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল প্ৰায় ১২০জন। বিদ্যালয়খন ভেনচাৰ অৱস্থাত আছিল, চৰকাৰীকৰণ নোহোৱাৰ কাৰণ ভূমি সংক্ৰান্তীয় খেলি-মেলি। ২৮ ডিচেম্বৰ, ২০১৬ তাৰিখে বিদ্যালয় গৃহটো উচ্ছেদ কৰে প্ৰশাসনে, ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পাছতো ৰক্ষা নপৰিল বিদ্যালয়খন। ফলত সম্প্ৰতি প্ৰায় ১২০জন শিশুৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। ৰাইজে মাথোঁ ২৪ ঘণ্টাৰ সময় বিচাৰিছিল স্থানান্তৰৰ বাবে, প্ৰশাসনে মান্তি হৈছিল যদিও শেষলৈ বিদ্যালয়গৃহকো ধ্বংসস্তূপত পৰিণত কৰিহে এৰিলে।

সংবাদ মাধ্যমৰ বাতৰি মতে উচ্ছেদৰ সময়ছোৱাত বন সুৰক্ষা কৰ্মীৰ সৈতে তাতে বসবাস কৰাসকলৰ প্ৰত্যক্ষ সংঘাতৰো সৃষ্টি হয়। এই সংঘাতত ৮জন লোক আহত হয়। বন সুৰক্ষা কৰ্মীয়ে এই সংঘাতৰ সময়ত সাতজাঁই গুলী শূন্যলৈ চলায়। উল্লেখ্য যে এই সংঘাতৰ তাৎক্ষণিক কাৰণ আছিল - এটি পৰিয়ালে ঘৰটো আঁতৰাই লৈ যোৱাৰ বাবে কিছু সময় বিচাৰিছিল, তাকে লৈ বাক-বিতণ্ডা চলি থাকোতে তৎক্ষণাৎ আৰক্ষীয়ে দুজনী মহিলাৰ ওপৰত লাঠি চলাইছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। তাৰ পাছতেই স্থানীয় ৰাইজ উত্তপ্ত হৈ পৰে। এই উত্তপ্ততাৰ বাবে সেনাও মোতায়েন কৰে। ইপিনে জাকিৰ হুছেইন নামৰ এজন স্থানীয় লোককো আৰক্ষীয়ে আটক কৰি ৰাখিছিল।
উচ্ছেদৰ নামত নিৰীহ ৰাইজক বন বিভাগৰ হাৰাশাস্তি কৰি থকা বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্বৰেপৰা অভিযোগ তুলি আছিল। ১১ নৱেম্বৰ, ২০১৬ তাৰিখে শালকোঁচা বনাঞ্চলিক বিষয়াই পোন্ধৰ দিনৰ সময়সীমা বান্ধি উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছৰপৰাই তীব্ৰতৰ হৈ পৰিছিল কৃষক মুক্তিৰ আন্দোলন। ২৫ নৱেম্বৰ তাৰিখে উচ্ছেদৰ বিৰোধিতা আৰু সংস্থাপনৰ দাবীত মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানো কৰিছিল। ইয়াৰ আগে-পিছেও স্থানীয় প্ৰশাসনৰ ওচৰত একাধিক দাবীসম্বলিত আবেদন-নিবেদন অনেক কৰিছিল উচ্ছেদিত লোকসকলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত জোৰদাৰ প্ৰতিৰোধ আন্দোলন চলিছিল উচ্ছেদৰ পূৰ্বে, ২৮ নৱেম্বৰ তাৰিখেও ধুবুৰী কৃষক মুক্তিয়ে প্ৰতিৰোধ আন্দোলনৰ অংশ হিচাপে জয়দেৱ বৰুৱাৰ সভাপতিত্বত আয়োজন কৰিছিল বিশাল নাগৰিক সভা আৰু সভাৰপৰাই জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা হৈছিল স্মাৰক পত্ৰ। কিন্তু ভূমিহীনসকলক সংস্থাপিত নকৰি উচ্ছেদ কৰিলে প্ৰশাসন আৰু বন বিভাগে।

৬৪ বছৰীয়া কাদেৰ আলী। এজন পুত্ৰ আৰু দুজনী জীয়ৰী। পুত্ৰজনৰ নাম আয়ুব আলী শ্বেখ (৪৫) আৰু জীয়াৰীদ্বয় আলিয়া বিবি (৪২) আৰু সুমাৰী খাতুন (৩৭)। মুঠতে কাদেৰ আলীৰ ঔৰসৰ তিনিজন সন্তানৰ তিনিটা পৰিয়াল একেখন গাঁৱতে বসবাস কৰে। এওঁলোকৰ প্ৰতিটো পৰিয়ালৰ উপাৰ্জনৰ পথ হ'ল দিন হাজিৰা আৰু নদীত মাছ ধৰা। ঘৰত থকা সময়ত ব্ৰহ্মপুত্ৰত মাছ ধৰে আৰু বাহিৰত কামৰ সন্ধানত গ’লে গুৱাহাটী নতুবা উজনিলৈ ঢাপলি মেলে। কাদেৰ আলীয়ে নিজৰ পৰিয়ালৰ সমগ্ৰ ভূমি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ পাছত আহি চান্দৰডিঙা পাহাৰত বসবাস কৰিবলৈ লয়, এয়া ১৯৭৮-৮০মানৰ কথা। তেতিয়া তেওঁৰ সন্তান কেইটা আছিল এমা-ডিমা, তাতে নাছিল কোনো বিদ্যালয় যাৰ বাবেই শিক্ষিত হ'ব নোৱাৰিলে এজনেও। যাৰ পৰিণতিত এওঁলোকৰ সন্তানৰ সংখ্যা ক্ৰমে ৬,৭ আৰু ৫। ২৮ ডিচেম্বৰত উচ্ছেদ হ'ল, কাদেৰ আলীৰ পুত্ৰ আৰু দুয়ো কন্যাৰ পৰিয়ালসহ বৃদ্ধজন হৈ পৰিল অঘৰী। এতিয়া কাদেৰ আলীৰ পুত্ৰ-জীয়াৰীয়ে কেইবাটাও তিৰ্পালেৰে তম্বু টানি ব্ৰহ্মপুত্ৰৰ পাৰত সাজিছে ঘৰ, কুচিমুচি কৰি দিয়া টিনপাতেৰে আৰু ঘৰ সাজিব নোৱাৰে যদিও চেষ্টা অব্যাহত – টিনেৰেই সাজিব ঘৰ, পিছে নদীৰ পাৰত কিমান দিন পাৰিব থাকিব? নাতি-নাতিনীকেইটা ডিচেম্বৰৰ নিশাৰ ব্ৰহ্মপুত্ৰৰ হিম চেঁচাত বহু কষ্ট পায়, খাবলৈ চাউল অলপ আছিল যদিও আৰু দুদিনতকৈ বেছি নাযায়, খোৱাপানীৰ ব্যৱস্থাৰ বাবে কেনেকৈনো টিউবৱেল এটা বহুৱাওঁ বুলি আৱেগেৰে প্ৰকাশ কৰে। এই একেই অৱস্থা ইয়াৰে প্ৰতিটো পৰিয়ালৰ। খাদ্য, বস্ত্ৰ আৰু বাসস্থান – এই আটাইকেইটাৰ অভাৱতেই ককবকাইছে এওঁলোক।

Share Button
Print Friendly, PDF & Email

1 Comment : "চান্দৰডিঙাত উচ্ছেদ - (আশ্ৰাফুল হুছেইন)"

Leave a Comment

Your email address will not be published. Required fields are marked *