চৰাই ৰখীয়া – (বিজুৰাণী মেচ)
চৰাই ৰখীয়া চৰাই খেদি থাক
বেলিটো মূৰত লৈ
ৰ’দে-বৰষুণে ,নিজানত নিৰলে
বতাহে কঁপাই তোৰ বতাহী দুহাত।
চৰাই খেদোতেই চম্পাৱতী কুঁৱৰী হ’ল
চম্পাৱতীৰ কপালত
বেলিটো নিথৰ হ’ল
চৰাই খেদি খেদি
বেলি ডুবি গধূলি হ’ল।
যদি বতাহত নামি আহে
অজগৰ দেৱতা
যদি পানীত উটি আহে পানী-কুঁৱৰী
শেলুৱৈ চোলা খুলি
শিলৰ চোলা পিন্ধি
চৰাই ৰখীয়া শিলত নিখোজ হ’ব।
যদি জ্বলে পথাৰত জুই
যদি জ্বলে চোতালত জুই
বতাহী পোছাক খুলি চৰাই ৰখীয়া,
এন্ধাৰ বুলি কথা নাই
পোহৰ বুলি কথা নাই
চোতালৰ মূৰত গোজ পুতি ল’ব।