বিবিধ চিন্তা

ছেপিয়েনজ মানৱ প্ৰজাতিৰ এক চমু ইতিহাস : ব্যক্তিগত পঠন অভিজ্ঞতা-(পংকজ বৰুৱা)

ইজৰাইলী ইতিহাসবিদ ইউভাল নোহ হাৰাৰীয়ে লিখা “Sapiens A Brief History of Humankind’’ নামৰ গ্ৰন্থখন অসমীয়া ভাষালৈ ‘ছেপিয়েনজ মানৱ প্ৰজাতিৰ এক চমু ইতিহাস’ নামেৰে অনুবাদ হৈছে৷ কল্যাণ ভূঞাই অনুবাদ কৰা গ্ৰন্থখন পঢ়িবলৈ আৰম্ভ কৰাৰ পৰাই মোৰ মন-মগজুত বহুতো নতুন প্ৰশ্নৰ উদয় হ’ল।এই গ্ৰন্থখনি মই পঢ়া আটাইতকৈ তথ্যসমৃদ্ধ আৰু আকৰ্ষণীয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম।গ্ৰন্থখনে মোৰ দৃষ্টিভংগী কিছু হ’লেও সলনি কৰি দিছে৷এই গ্ৰন্থখন নিঃসন্দেহে এখন ক্ষুদ্ৰ বিশ্বকোষ৷গ্ৰন্থখনত থূপ খাই থকা তথ্যৰ সম্পদখিনিয়ে মোক সমৃদ্ধ কৰিলে৷১৯৭৬ চনৰ ২৪ ফেব্ৰুৱাৰিত জন্মগ্ৰহণ কৰা হাৰাৰীয়ে কম বয়সতে এনে এখন সুন্দৰ গ্ৰন্থ পাঠকসকলক দিবলৈ সক্ষম হোৱাটো আনন্দৰ কথা৷উল্লেখ্য যে গ্ৰন্থখন বেষ্ট চেলাৰ হিচাপেও বিবেচিত হৈছে৷ গ্ৰন্থখন লিখিবৰ বাবে লেখকে যে বিস্তৰ অধ্যয়ন আৰু চিন্তা-চৰ্চা কৰিব লগা হৈছে, সেয়া পঢ়িলেই অনুমান কৰিব পাৰি৷

নতুনকৈ আৱিষ্কৃত ভূমিৰ ওপৰত ভৰি থৈ থলুৱাৰ প্ৰতি কোনো মানৱীয় দৃষ্টিভংগী নৰখাকৈ তাক নিজৰ বুলি দাবী কৰা, মানুহক স্পৰ্শকাতৰ জীৱ বুলি নাভাবি কেৱল পণ্য হিচাপে গণ্য কৰা, নিৰ্দয় জাতিগত শোষণ, ধৰ্মীয় দমন, ছালৰ ৰঙৰ ওপৰত ভিত্তি কৰি জিনীয় শ্ৰেষ্ঠত্বৰ দাবী – এই প্ৰসংগবোৰ লেখকে চিত্তাকৰ্ষকভাবে উপস্থাপন কৰিছে৷ অৱশ্যে, গ্ৰন্থখনত কৃষি বিপ্লৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনা বুলি উল্লেখ আছে৷এই বাক্যটো পঢ়ি মই অলপ আচৰিত হ’লোঁ৷ লেখকে যাযাবৰী জনগোষ্ঠীৰ কৃষি বিপ্লৱ আৰু আধুনিক মানুহৰ সেউজ বিপ্লৱৰ মাজত কোনোধৰণৰ পাৰ্থক্য ৰক্ষা কৰা নাই। নাজানো, লেখকে তেওঁৰ গ্ৰন্থখনত মোবাইলৰ আৱিষ্কাৰক লৈ কিয় মৌনতা অৱলম্বন কৰিল!গ্ৰন্থখন পঢ়ি বহু সময়ত ভাৱ হ’ল যে মানৱ জাতিৰ ভাগ্য নিৰ্ণয় ‘জিন’টোৱেই কৰে নেকি? চাইবৰ্গ আৰু বায়নিকছৰ ফলত অতি মানৱৰ সৃষ্টি হ’ব পাৰেনে? মানুহে অৱশেষত নিজকে নতুন দেৱতা বা ছুপাৰগডলৈ ৰূপান্তৰিত কৰিব নেকি? কৃত্ৰিম বুদ্ধিমত্তাই আমাক ক’লৈ লৈ যাব? আমি আমাৰ মগজুক এটা পৰ্টেবল হাৰ্ড ড্ৰাইভত বেকআপ ল’বলৈ দিব পাৰিমনে? কম্পিউটাৰত ইনষ্টল কৰা মগজুৰ জৰিয়তে অৰ্থাৎ আমাৰ ভৌতিক শৰীৰৰ অবিহনে অমৰত্ব লাভ কৰিব পাৰোঁনে ? এনে এশ এবুৰি চিন্তা মোৰ মনত গ্ৰন্থখন পঢ়ি জন্ম হ’ল৷

ইতিহাস ৰচনা কৰে কেইজনমানে৷ আনহাতে জনসাধাৰণে কৰ্মক্ষেত্ৰত কষ্ট কৰে। উদাহৰণস্বৰূপে, চেপিয়েন্সৰ ইতিহাসৰ দ্বিতীয়টো ডাঙৰ বিপ্লৱ হ’ল কৃষি বিপ্লৱ, যি খাদ্য উৎপাদন বৃদ্ধি আৰু জনসংখ্যা বৃদ্ধিৰ ব্যাপক বৃদ্ধিৰ সুবিধা কৰি দিছিল৷ কিন্তু ই সেই কৃষকজনক একঘেয়ামী কঠোৰ শ্ৰম কৰিবলৈ বাধ্য কৰাইছিল। কৃষি বিপ্লৱৰ ফল কেইজনমান অভিজাত লোকে উপভোগ কৰিছিল, যিসকলে ইতিহাস ৰচনা কৰিবলৈ মুক্ত হৈছিল। হাৰাৰীৰ বাবে কৃষি বিপ্লৱ আছিল ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনা। সেইদৰে, আমি মানৱ জাতি অতিকৈ লোভী আৰু স্বাৰ্থপৰ৷আমি পৃথিৱীৰ প্ৰায় সকলো প্ৰাণী ধ্বংস কৰি পেলাইছোঁ৷ কিন্তু আমিও মহান কামৰ বাবে সক্ষম। আমি একত্ৰিত হৈ একেলগে থাকিব পাৰোঁ আৰু সমন্বয় স্থাপন কৰিব পাৰোঁ৷ আজি চেপিয়েন্স হৈছে মানুহৰ একমাত্ৰ অৱশিষ্ট প্ৰজাতি। কিন্তু যদি আপুনি ইউৰোপীয় বা মধ্যপ্ৰাচ্যৰ হয়, তেন্তে হোমো চেপিয়েন্স হিচাপে আপোনাৰ মৰ্যাদা অধিক জটিল। আপুনি বিশুদ্ধ হোমো চেপিয়েন্স নহয়৷ সম্ভৱতঃ চেপিয়েন্স আৰু নিয়াণ্ডাৰথালৰ আন্তঃপ্ৰজাতিয় প্ৰজননৰ বাবে আপোনাৰ গাত থকা চাৰি শতাংশ পৰ্যন্ত জিন সম্ভৱতঃ নিয়াণ্ডাৰথালৰ। গতিকে মিশ্ৰিত জাতি, আন্তঃলিংগ বা অন্যান্য পৰিচয় পাহৰি যাওক, আপুনি আন্তঃপ্ৰজাতিয়হে।

এই গ্ৰন্থ খনে কিছুমান অতি আকৰ্ষণীয় ধাৰণা আগবঢ়াইছে, যিবোৰ মই সম্পূৰ্ণৰূপে আগতে বিবেচনা কৰা নাছিলোঁ৷ লেখকে চিকাৰী-সংগ্ৰাহক জীৱনশৈলীক খুবেই মহিমামণ্ডিত কৰিছে৷সীমিত খাদ্য, বাসস্থান আদিৰ সম্পৰ্কত লেখকে ভৱিষ্যদ্বাণী কৰিছে। মানুহৰ সুখ প্ৰকৃততে সম্পদ, স্বাস্থ্য বা আনকি সম্প্ৰদায়ৰ বস্তুনিষ্ঠ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰে। ই বস্তুনিষ্ঠ অৱস্থা আৰু বিষয়ভিত্তিক আশাৰ মাজৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ কালিৰ বিলাসীতা আজিৰ প্ৰয়োজনীয় বস্তু।মানৱ ইতিহাসৰ তৃতীয় আৰু সম্ভৱতঃ চূড়ান্ত বিপ্লৱ এতিয়া চলি আছে৷ সেয়া হৈছে ৫০০ বছৰ আগতে আৰম্ভ হোৱা বৈজ্ঞানিক বিপ্লৱ। বৈজ্ঞানিক আৱিষ্কাৰ আৰু প্ৰযুক্তিগত উদ্ভাৱনে চেপিয়ানসকলক তেওঁলোকৰ পৰিৱেশ ৰূপান্তৰিত কৰিবলৈ সক্ষম কৰি তুলিছে৷ তেওঁলোকক অতিমানৱীয় শক্তি আৰু কাৰ্যতঃ সীমাহীন শক্তি প্ৰদান কৰিছে।

মই সকলোকে এই তথ্যসমৃদ্ধ গ্ৰন্থ খন অধ্যয়নৰ পৰামৰ্শ দিওঁ৷ গ্ৰন্থ খনে আপোনাৰ মনটো মুকলি কৰিব পাৰিব৷ পৃথিৱীখন কেনেকৈ সৃষ্টি হ’ল, আমি চেপিয়েনসকলে কেনেকৈ বিৱৰ্তন কৰিলোঁ, আমি কেনেকৈ সম্পদ পালোঁ— এই বিষয়বোৰৰ সম্পৰ্কে অৱগত হ’ব৷

ছেপিয়েনজ মানৱ প্ৰজাতিৰ এক চমু ইতিহাস (Sapiens A Brief History of Humankind)
মূল লেখক : য়ুভাল নোৱা হাৰাৰি
অনুবাদ : কল্যাণ ভূঞা৷
মূল্য : ৫০০ টকা ৷
পৃষ্ঠা : ৪৭১৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *