নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ঈশ্বৰ কণিকাৰ আঁৰৰ বিজ্ঞানীজন ।। ড০ দেৱজ্যোতি ভট্টাচাৰ্য্য

ইউৰোপৰ জেনেভাস্থিত ছাৰ্নত ২০১২ চনৰ ৪ জুলাই তাৰিখৰ যি এক ঐতিহাসিক ক্ষণত হিগছ ব’চন নামৰ বিশেষ কণিকাবিধৰ অৱস্থিতিৰ কথা ঘোষণা কৰা হৈছিল, সেইসময়ত প্ৰেক্ষাগৃহত বহি থকা এজন বিজ্ঞানীয়ে চশমা খুলি ৰুমালেৰে নিজৰ চকু মোহাৰিছিল।  হয়তো তেওঁ কিছু পৰিমাণে আৱেগিক হৈ পৰিছিল। কাৰণ প্ৰায় পঞ্চাছ বছৰ পূৰ্বে তেওঁ প্ৰস্তাৱ কৰা তথা পদাৰ্থৰ গঠনৰ আঁৰত লুকাই থকা এই বিশেষ কণিকাবিধে সেইদিনা ছাৰ্নৰ লাৰ্জ-হেড্ৰন-কলাইডাৰত ধৰা দিছিলহি। এক কথাত তেওঁ আগ বঢ়োৱা তত্ত্বই সেইদিনা বাস্তৱ ৰূপ পালে। লগে লগে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আঁৰৰ গৱেষণাইও এক নতুন দিশ লাভ কৰিলে। তাৎপৰ্যপূৰ্ণ কথা এয়াও যে এই বিশেষ কণিকাবিধৰ অস্তিত্ব নিৰূপণৰ বাবে বিভিন্ন দেশৰ প্ৰায় ছয় হেজাৰতকৈও অধিক বিশেষজ্ঞ নিয়োজিত হৈ পৰিছিল। ঈশ্বৰ কণিকা নামেৰেও পৰিচিত এই কণিকাবিধৰ অৱস্থিতিৰ বিষয়ে অৱতাৰণা কৰা বিখ্যাত বিজ্ঞানীজনৰ নাম হৈছে পিটাৰ হিগছ, যিজনে যোৱা ৮ এপ্ৰিল, ২০২৪ তাৰিখে ৯৪ বছৰ বয়সত এই পৃথিৱীৰ পৰা মেলানি মাগিলে।

হিগছ ব’চন নামৰ কণিকাবিধেই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থই লাভ কৰা ভৰৰ আধাৰ। পদাৰ্থৰ গঠনক লৈ অতীজৰে পৰা মানুহৰ মাজত উৎসুকতাৰ শেষ নাই। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এই বিষয়টোৱে বিশেষ মাত্ৰা লাভ কৰিলে। ইংলেণ্ডৰ জন ডেল্টনৰ মতে পৰমাণুসমূহেই আছিল পদাৰ্থৰ শেষ অৱস্থা। পিছে জে জে থমচনৰ দ্বাৰা ইলেকট্ৰন আৱিষ্কাৰৰ লগে লগে বিজ্ঞানীসকলে বুজি পালে যে পৰমাণুৰ ভিতৰতো কোনোবা আছে। ইয়াৰ পিছতে থমচনৰে ছাত্ৰ ৰাডাৰফৰ্ডে পৰীক্ষাৰ দ্বাৰা প্ৰতিপন্ন কৰিলে যে পৰমাণুৰ ভিতৰত নিউক্লিয়াছ নামৰ এবিধ ধনাত্মক কণিকা থাকে য’ত পৰমাণুৰ প্ৰায় গোটেইখিনি ভৰ গোট খাই থাকে। আকৌ নিউট্ৰনৰ অৱিষ্কাৰৰ লগে লগে নিউক্লিয়াছত ধনাত্মক আধানৰ প্ৰটন আৰু আধানবিহীন নিউট্ৰন থকাৰ সম্ভেদ পোৱা গ’ল। পিছে এই মৌলিক কণিকাকেইবিধ আৱিষ্কাৰতেই আধুনিক বিজ্ঞান সন্তুষ্ট হৈ নাথাকিল। ষাঠিৰ দশকত এই প্ৰটন আৰু নিউট্ৰনবোৰ কোৱাৰ্ক নামৰ মৌলিক কণিকাৰ সমষ্টি বুলি ব্যাখ্যা আগ বঢ়োৱা হ’ল আৰু এয়া পৰীক্ষাগাৰত সত্য বুলিও প্ৰমাণিত হ’ল। পদাৰ্থৰ গঠনৰ বাবে এনেধৰণৰ ছটা কোৱাৰ্ক আৰু ছটা ইলেকট্ৰন সদৃশ লেপটনৰ প্ৰয়োজন। এতিয়া এই মৌলিক কণিকাবোৰে পৰস্পৰৰ মাজত যোগাযোগ কৰিবলৈ আকৌ ব’চন নামৰ কিছুমান বিশেষ কণিকাৰ আৱশ্যক। গৌৰৱৰ বিষয় এয়াই যে এই ব’চন নামটো আহিছে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ নামৰ পৰা। এই কোৱাৰ্ক, লেপটন, ব’চন আদিৰ দ্বাৰা পদাৰ্থ গঠনৰ তত্ত্বই হ’ল পদাৰ্থ বিজ্ঞানৰ বিখ্যাত ‘ষ্টেণ্ডাৰ্ড মডেল’। পিছে এই মডেলৰ আঁৰত লুকাই থকা এক বিশেষ প্ৰশ্ন আছিল যে মৌলিক কণিকাবোৰে ভৰ ক’ৰপৰা লাভ কৰিলে? এই প্ৰশ্নৰ সমাধান বিচাৰি ১৯৬৪ চনত পিটাৰ হিগছে আগ বঢ়ালে এক সুন্দৰ তত্ত্ব। এই তত্ত্বমতে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আঁৰত জড়িত বিগ-বেঙৰ ঠিক পাছতেই এখন বিশেষ শক্তিক্ষেত্ৰৰ সৃষ্টি হ’ল। ভৰহীন কণিকাবোৰে যেতিয়া এই শক্তিক্ষেত্ৰৰ লগত ক্ৰিয়া কৰিলে তেতিয়া ক্ষেত্ৰখনৰ এবিধ বিশেষ কণিকাৰ সংস্পৰ্শলৈ আহি ইয়াক গ্ৰাস কৰিলে আৰু নিজৰ ভৰ আহৰণ কৰিলে। এই গ্ৰাস কৰা কণিকাবিধকেই হিগছ ব’চন নাম দিয়া হ’ল। অৰ্থাৎ হিগছ ব’চনৰ দ্বাৰাই বিশ্বৰ সকলো পদাৰ্থই নিজৰ ভৰ লাভ কৰিছে। এই প্ৰক্ৰিয়াটোক পিছলৈ হিগছ মেকানিজম আৰু শক্তিক্ষেত্ৰখনক হিগছ ক্ষেত্ৰ নাম দিয়া হ’ল। উল্লেখযোগ্য যে হিগছৰ সমসাময়িকভাৱে ফ্ৰেংক ইংগলাৰ্ট আৰু ৰবাৰ্ট ব্ৰুট নামৰ বিজ্ঞানী দুজনেও এই দিশত বিশেষ অৱদান আগ বঢ়াইছিল। হিগছৰ তত্ত্বৰ আধাৰত প্ৰতিষ্ঠিত এই বিশেষ কণিকাবিধ পৰীক্ষাগাৰত ধৰা পেলাবলৈ সময় লাগিল প্ৰায় পঞ্চাছ বছৰ। জেনেভাৰ ছাৰ্নৰ লাৰ্জ-হেড্ৰন-কলাইডাৰত বিগ-বেঙৰ ঠিক পাছৰ অৱস্থা এটা সৃষ্টিৰে এই কণিকাবিধ আৱিষ্কাৰ হোৱা প্ৰক্ৰিয়াত খৰচ হৈছিল এক বৃহৎ ধনৰাশি। স্বাভাৱিকতে এই কণিকাৰ আৱিষ্কাৰে বিশ্বজুৰি এক আলোড়নৰ জন্ম দিছিল আৰু ২০১৩ চনত হিগছে লাভ কৰিছিল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা।

ষ্টেণ্ডাৰ্ড মডেলক বৈধ ৰূপ দিয়া পিটাৰ হিগছৰ জন্ম হৈছিল ১৯২৯ চনত ইংলেণ্ডৰ নিউকেচ্যেলত। তেওঁৰ পিতৃ আছিল বি.বি.চি-ৰ এজন শব্দ অভিযন্তা। স্কুলীয়া জীৱনত হিগছৰ বিজ্ঞানৰ প্ৰতি বিশেষ ধাউতি নাছিল। বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিবলগীয়া হোৱা বাবে ভালদৰে শিক্ষা দিবলৈ তেওঁলোকৰ ভাল শিক্ষকো নাছিল। পিছে এদিন প্ৰাৰ্থনা সভাৰ অন্তত তেওঁৰ চকুত পৰিল বিদ্যালয়ৰ কেইবাঠাইতো জিলিকি থকা পল ডিৰাক নামৰ বিখ্যাত পদাৰ্থবিদজনৰ নাম। ডিৰাকৰ বিষয়ে বিশদভাৱে অধ্যয়নে তেওঁক আকৰ্ষিত কৰিলে তাত্ত্বিক বিজ্ঞানৰ জগতখনলৈ। ইংলেণ্ডৰ কিংছ কলেজৰ পৰা তেওঁ লাভ কৰিলে স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী। লগে লগে তাত্ত্বিক বিজ্ঞানৰ জগতখনতো তেওঁ বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। বৃটেনৰ বিখ্যাত এডিনবাৰ্গ ইউনিভাৰ্চিটি, ইম্পেৰিয়েল কলেজ, ইউনিভাৰ্চিটি কলেজ লণ্ডন আদিত তেওঁ অধ্যাপনা আৰু গৱেষণাৰ সুযোগ লাভ কৰিছিল। পদাৰ্থৰ গঠনক নতুন ৰূপ দিয়া পিটাৰ হিগছ স্বভাৱত আছিল অত্যন্ত লাজকুৰীয়া আৰু প্ৰচাৰ বিমুখ। নিজৰ নামতকৈও কৰ্মৰ প্ৰতিহে তেওঁ বেছি আগ্ৰহী আছিল। প্ৰযুক্তিবিদ্যাৰ কৃত্ৰিম জগতখনৰ পৰিৱৰ্তে প্ৰকৃতিৰ মাজত থকাতহে তেওঁ বেছি গুৰুত্ব দিছিল। আচৰিত কথা এয়াই যে শেষ সময়লৈকে তেওঁৰ কোনো মোবাইল ফোন নাছিল। ঘৰত থকা টেলিফোনটোৱেই আছিল তেওঁৰ লগত যোগাযোগ কৰিব পৰা একমাত্ৰ মাধ্যম। ২০১২ চনত হিগছ ব’চনৰ আৱিষ্কাৰৰ পাছতেই সকলো একপ্ৰকাৰ নিশ্চিত আছিল যে ২০১৩ চনত হিগছেই নোবেল বঁটা লাভ কৰিব। হয়তো হিগছ নিজেও নিশ্চিত আছিল। পিছে আচৰিত কথা এয়াই যে নোবেল কমিটিয়ে বঁটা ঘোষণাৰ দিনা তেওঁৰ লগত সংযোগ কৰিব পৰা নাছিল। সেইসময়ত ৰাজপথত ঘূৰি থকা হিগছক দেখি এজন প্ৰতিবেশীয়েহে তেওঁক এই খবৰ জনাইছিল। শান্তিপ্ৰিয় হিগছে ২০০৪ চনত লাভ কৰিছিল পদাৰ্থ বিজ্ঞানৰ উৱল্ফ বঁটা। কিন্তু সেই সময়তে ইজৰাইলে পেলেষ্টাইনৰ ওপৰত কৰা ব্যৱহাৰত অসন্তুষ্ট হৈ তেওঁ জেৰুজালেমত হোৱা বঁটা বিতৰণী সভাত উপস্থিত থাকিবলৈ সন্মত নহ’ল। আনকি নিজে অৱতাৰণা কৰা ব’চনবিধক তেওঁৰ নাম প্ৰদান কৰাতো তেওঁ ভালপোৱা নাছিল। নাস্তিক পিটাৰ হিগছে বিশেষ কণিকাবিধক ঈশ্বৰ কণিকা হিচাপে অভিহিত কৰাটোতো অসন্তুষ্ট আছিল। দৰাচলতে এই ব’চনবিধক ঈশ্বৰ কণিকা নাম দিয়া হৈছিল নোবেল বঁটা বিজয়ী লিয়ন লেডাৰমেন নামৰ বিজ্ঞানীজনৰ এখন কিতাপৰ আধাৰত। অৱশ্যে তেওঁ The Goddamn Particle নামৰ এক বেলেগ নামহে ব্যৱহাৰ কৰিছিল। কিন্তু প্ৰকাশকৰ ইচ্ছাত আৰু হয়তো সাধাৰণ জনতাক আকৰ্ষিত কৰিবলৈ শেষত God Particle নামটোহে ব্যৱহাৰ হল। সেয়া যিয়েই নহওক, নিজৰ প্ৰতিভাৰে হিগছে আগ বঢ়োৱা এই কণিকাবিধেই চিহ্নিত হল আমাৰ সকলোৰে ভৰৰ কাৰক হিচাপে। সৃষ্টিৰ আঁৰৰ এই ৰহস্যৰ জাল আঁতৰ কৰা পিটাৰ হিগছ কায়িকভাৱে আমাৰ পৰা আঁতৰি গ’ল যদিও হিগছ ব’চনৰ জৰিয়তে তেওঁৰ নাম বিশ্বত চিৰকাল থাকিব।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *