অনুবাদপ্ৰবন্ধ

কলিকতা আৰু মই।। মূল বাংলা: ড° ভূপেন হাজৰিকা; অনুবাদ: ত্ৰিলোচন গগৈ

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

(১)

১৯৩৬ ৰ পৰা ১৯৩৯ চনলৈকে প্ৰায়েই কলিকতালৈ আহিব লগা হৈছিল। মোৰ সেই সময়ত সেনোলা কোম্পানীত ৰেকৰ্ডিং হৈছিল। ৱেলিংটন স্কোৱাৰ, ডাক্তৰ বিধানচন্দ্ৰ ৰায়ৰ ঘৰ সকলো মোৰ চিনাকি। দুঅনা পইছা খৰছ কৰি টালিগঞ্জলৈ গুচি আহোঁ। শ্রীনিবাস, শান্তিনিকেতন, ৰয়েল হোটেল অথবা আঢ়ৈ টকা খৰছৰ বৌবজাৰ-আমহাৰ্ষ্ট ষ্ট্ৰীটৰ কোণত কলিকতা হোটেলত থাকোঁ। সেই সকলো ৰাস্তাই মোৰ বৰ চিনাকি।

তেৰ বছৰ বয়সত ১৯৩৯ চনত ইন্দ্রমালতী ছবিত গান গাবলৈ জ্যোতিপ্ৰসাদে মোক লৈ যায় অৰোৰা ষ্টুডিঅ’লৈ। এন বি সেন এণ্ড কোম্পানীয়ে ৰেকৰ্ডত মোৰ নেভী ব্লু হাফপেণ্ট, বগা ছাৰ্ট, টাই আৰু সোণৰ মেডেল লগোৱা ফটোখন ছপাই লিখিলে, আমাৰ কনিষ্ঠতম শিল্পী। ফটো তোলাৰ সময়ত মোৰ ডিঙিত টাই দেখি জ্যোতিপ্ৰসাদ অলপ অসন্তুষ্ট হ’ল। ক’লে, টাই আকৌ কিয়? এইবোৰতো ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰতীক। আৰু কেইদিনমানৰ পিছতেতো তেওঁলোক দেশ এৰি গুচি যাব। আজীৱন স্বাধীনতাৰ পূজাৰী জ্যোতিপ্ৰসাদে মোৰ ডিঙিত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰতীক সহ্য কৰিব কেনেকৈ? সেয়ে আধা অংশৰ টাই মৰা ফটো তোলা হ’ল।

অৰোৰা ষ্টুডিঅ’ত প্ৰৱেশ কৰি প্ৰথমেই মোৰ আচৰিত হোৱাৰ পাল। জ্যোতিপ্ৰসাদক সাৱটি ধৰিছে অৰোৰা ফিল্ম কৰ্পৰেশ্যনৰ তৎকালীন সৰ্বময় কৰ্তা অনাদিপ্ৰসাদ বসুৱে। অজিত বসুৰ দেউতাক। ওচৰতে থকা পুখুৰীটোলৈ চাই মইতো চমক খাই উঠিছোঁ। তাত এটা ঘঁৰিয়াল পৰি আছে। কথাটো কি? গম পালোঁ ‘টাৰজান কি বেটী’ৰ শ্বুটিঙৰ বাবে ঘঁৰিয়ালটো অনা হৈছে। ভিতৰলৈ গৈ দেখিলোঁ, জাহাজ এখনৰ অংশ এটা পৰি আছে। সেইটো তেলেগু ছবিৰ বাবে তৈয়াৰ কৰা হৈছে। সেই সময়ত ভাৰতত প্লে-বেক ছিষ্টেম আৰম্ভ হ’লেও অৰোৰা ষ্টুডিঅ’ত তেতিয়াও সেইটো আৰম্ভ হোৱা নাছিল। মই জ্যোতিপ্ৰসাদে লিখা ‘বিশ্ববিজয়ী নৱজোৱান’ গানটো গালোঁ। গোৱাৰ মাজতে কাট কৰি লাঞ্চ ব্ৰেক হ’ল। লাঞ্চ খাবলৈ যোৱাৰ সময়ত দেখিলোঁ তাত এখন সুন্দৰ পিয়ানো। বোধহয় তাত সেইখন আজিও আছে। খোৱাৰ সময়ত এজন ভদ্ৰলোক আহি মোক ক’লে, “তুমি এটা গান গোৱাচোন”। জ্যোতিপ্ৰসাদে ক’লে, “তেওঁ খুব সুন্দৰ গান গায়। আপোনাৰ গান নিশ্চয়েই গাব পাৰিব”। “মোৰ গান মানে” সেই ভদ্ৰলোকে সুধিলে। “আপুনিতো ‘ভাগ্যচক্ৰ’ ছবিত গান গাইছিল”।

জানিব পাৰিলোঁ, ভদ্ৰলোকৰ নাম পাহাৰী স্যানাল। পৰৱৰ্তী সময়ত ‘জীৱনতৃষ্ণা’ ছবিত যেতিয়া সঙ্গীত পৰিচালনা কৰিবলৈ গৈছিলোঁ, তেতিয়া কৈছিল, “কিমান ডাঙৰ হৈ গ’লা। কিমান সৰুতে দেখিছিলোঁ তোমাক।” প্ৰায়েই গাবলৈ কৈছিল সায়গলৰ গান, ‘দামী সৰাবি সৰাবি কুছ না কৰে মতোয়ালী’। তেওঁৰ ফৰমাইছ মতে গান গোৱাৰ কথা মোৰ আজিও মনত আছে। তেতিয়াই ষ্টুডিঅ’ৰ কোনো কোনোৱে কৈছিল, তেওঁ প্ৰথম পত্নীৰ লগত মতভেদ হোৱাৰ বাবে দ্বিতীয়বাৰ বিয়া কৰাইছে।

ৰিহাৰ্ছেলত মেগাফোন কোম্পানীত ভীষ্মদেৱ শৰ্মা চট্টোপাধ্যায়ক দেখিবলৈ পালোঁ। তেওঁ কলেজ ষ্ট্ৰীট আৰু হাৰিছন ৰোডৰ সংযোগস্থলত থাকিছিল। সকলো সময়তে গুণ গুণ কৰি গান গাই থাকে। মনলৈ আহিছিল, তেওঁৰ এটা অটোগ্ৰাফ আৰু ফটো যদি পালোঁহেঁতেন। সেই সময়তে দুঅনা পইছা খৰছ কৰি এদিন কালী ফিল্মছলৈ গৈছিলোঁ। দাৰোৱানৰ পৰা লুকাই প্ৰৱেশ কৰিলোঁ শচীনদেৱ বৰ্মনৰ গান টেকিং চাবলৈ।

মই তেতিয়া তেজপুৰত চৰকাৰী হাইস্কুলত পঢ়িছিলোঁ। কাৰণটো ঠিক মনত নাই। এটা কথা মনত আছে, কাৰোবাৰ মৃত্যুত আমাৰ স্কুলৰ এদিন অৰ্ধ-ছুটী হৈছিল। আমাৰ স্কুললৈ যোৱাৰ এটা শ্বৰ্ট-কাট ৰাস্তা আছিল। সেই শ্বৰ্ট-কাট ৰাস্তাৰে কিছুদূৰ গৈ এজন বাঙালী ভদ্রলোকৰ গ্ৰামোফোনৰ দোকান আছিল। সেইদিনা স্কুল ছুটীৰ পিছত ঘৰলৈ অহাৰ সময়ত দেখিলোঁ, গ্ৰামোফোনৰ দোকানৰ ওচৰত খুব ভিৰ হৈছে। মনত আছে, সময়টো আছিল দুৰ্গাপূজাৰ কিছু আগত। গৈ দেখিলোঁ, শচীনদেৱ বৰ্মণ, তেখেতৰ ৰেকৰ্ড কৰা নতুন গানৰ ৰেকৰ্ড বিক্ৰী কৰাৰ বাবে সেই গানবোৰ গাইছিল। শচীনদেৱৰ মৃত্যুৰ কিছুদিন আগতে এই বিষয়ে আলোচনা হৈছিল। স্পষ্টকৈ মনত আছে, শচীনদেৱে গাইছিল — “কাঁদিব না, ফাগুনে গেলে।” আজি-কালি আমাৰ লাজ লাগে, কোনো ৰেকৰ্ডৰ দোকানত গৈ নিজৰ ৰেকৰ্ড বিক্ৰী কৰিবলৈ। আৰু সেই সময়ত ৰেকৰ্ড কোম্পানীবিলাকে শিল্পীসকলক কৈ দিছিল যে, নগৰে-চহৰে ঘূৰি ঘূৰি গান গাই নিজৰ ৰেকৰ্ডৰ প্ৰচাৰ কৰিবলৈ। আজিৰ কোনো শিল্পীয়ে ভাবিব পাৰিব জানো, শচীনদেৱ বৰ্মণৰ দৰে শিল্পীয়ে কেনেকৈ চহৰে-নগৰে ঘূৰি ঘূৰি নিজৰ ৰেকৰ্ডৰ প্ৰচাৰ কৰিছিল। জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ বাবে অতীতৰ শিল্পীসকলে কত স্বাৰ্থ-ত্যাগ আৰু কত কষ্ট কৰিব লগা হৈছিল, আজিৰ শিল্পীসকলে কল্পনাও কৰিব নোৱাৰে। শচীনদেৱক যেতিয়া পৰৱৰ্তী সময়ত সেই ঘটনাৰ কথা মনত পেলাই দিছিলোঁ, তেতিয়া তেখেতে সস্নেহে কৈছিলে, “তুমি সৰুৰে পৰাই মোক ভাল পাবলৈ লৈছিলা, নহয়নে”?

মই মলিনা দেৱীক হিৰ’ইন হিচাপে দেখিছোঁ। দেখিছোঁ দুৰ্গাদাস বন্দ্যোপাধ্যায়, অহিন্দ্ৰ চৌধুৰী, শিশিৰ ভাদুড়ীক। আৰু দেখিছোঁ চিনেমা জগতৰ পাহাৰী স্যানাল, প্ৰমথেশ বৰুৱা, অজিত বসু, অনাদি পালক। অনাদি পালৰেই পুত্ৰ হৈছে কলিন পাল। আনফালে গানৰ জগতত দেখিছোঁ হৰিমতী, শচীনদেৱ বৰ্মণ, আঙুৰবালা, সন্তোষ সেনগুপ্তক। সন্তোষ সেনগুপ্ত তেতিয়া কেৱল গানৰ জগতত পৰিচিত হৈছিলহে। তেওঁৰ কেৱল এখন ৰেকৰ্ড মুকলি হৈছিল। কলিকতালৈ আহিবলৈ পোৱা বাবে মই মোৰ মনৰ দিগন্ত বিস্তাৰ কৰাৰ সুযোগ পাইছিলোঁ। মই যদি শদিয়াত জন্মগ্ৰহণ কৰি, গুৱাহাটীতে বি এ, বি এল পাছ কৰি, তেজপুৰত ওকালতি কৰি জীৱন কটালোঁহেঁতেন, তেন্তে নিশ্চয় এই ভূপেন হাজৰিকা নহ’লোঁহেঁতেন। জ্যোতিপ্রসাদ আৰু বিষ্ণুপ্ৰসাদে কলিকতালৈ নি গান গাবলৈ সুযোগ নিদিয়া হ’লে মই সংগীতক মোৰ জীৱনৰ সৈতে এইদৰে জড়িত কৰিব নোৱাৰিলোঁহেঁতেন। সংগীতক কেৱল বাথৰুম ছং হিচাপেই ব্যৱহাৰ কৰিলোঁহেঁতেন।

প্ৰকৃততে, এইটো বোধহয় আমাৰ ভাগ্যত লিখা আছিল। সেইটো নহ’লে, পশ্চিমবংগৰ ৰাজ্যপালৰ ফটোগ্ৰাফাৰ গুয়াহাটীৰ নীৰোদ ৰায়, ৫৬ নম্বৰ কলেজ ষ্ট্রীটত কিয় থাকিব? কমল নাৰায়ণ চৌধুৰী, গাৰষ্টীন প্লেচৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ অসমীয়া শাখাৰ চীফ প্ৰডিউচাৰ হিচাপে কিয়ই বা থাকিব? আৰু তাতে মই কিয়ই বা মাজে মাজে তেওঁলোকৰ সৈতে যোগাযোগ কৰিম? তাতে কিয়ই বা আব্বাসউদ্দীন নামৰ এজনৰ সৈতে যোগাযোগ হ’ব? আব্বাসউদ্দীনে মাজে মাজে তেওঁৰ নতুন গানৰ সুৰ শুনাইছিল। এদিন তেওঁৰ মুখতে শুনিলোঁ— নৈৰ কূল নাই। আমাৰ অসমীয়া গান তেওঁ বৰ ভাল পায় আৰু মই তেওঁৰ গান অনুকৰণ কৰি গাইছিলোঁ— আব্বাসউদ্দীনে তেতিয়া অবিভক্ত বাংলা চৰকাৰৰ প্ৰচাৰ বিভাগত কাম কৰিছিল।

এদিন শুই আছিলোঁ। সেই সময়তে আব্বাসউদ্দীন ঘৰলৈ আহি উপস্থিত। হঠাতে ভাব হ’ল, এই ব্যক্তিজনক ক’ৰবাত যেন আগতে দেখিছোঁ। ভাবি ভাবি মনত পৰি গ’ল— হয়, সৰুকালত ধুবুৰীত যে ছয় মাহ পঢ়াশুনা কৰিছিলোঁ, তেতিয়াই আব্বাসউদ্দীনক দেখিছিলোঁ। স্থানীয় ডাঙৰ ডাঙৰ জমিদাৰসকলে সেই সময়ত আব্বাসউদ্দীনক ব্যৱহাৰ কৰি বৈঠকী গান গোৱাইছিল। আজিও ঢাকালৈ গ’লে আব্বাসউদ্দীনৰ ল’ৰাহঁতে মোক তেওঁৰ ঘৰলৈ লৈ যায়, সাদৰেৰে আপ্যায়ন কৰে।

মোৰ দেউতাৰ বন্ধু আছিল প্ৰমথেশচন্দ্ৰ বৰুৱা। মাজে মাজে ধুবুৰীলৈ আহিছিল। দেউতাৰ সৈতে ‘মুক্তি’ ছবিৰ আউটডোৰ শ্বুটিং চাবলৈ যোৱাৰ সুযোগ হৈছিল। তাতে মই প্ৰথম দেখিছিলোঁ যমুনা দেৱী, কানন দেৱীক। বুজিব পৰা নাছিলোঁ, সেই সময়ত আমাৰ অজানিতে প্ৰমথেশ বৰুৱা হোৱাৰ আৰু চিনেমা কৰাৰ পোকটো মূৰত কেনেকৈ সোমাইছিল। আনকি অসমৰ পুৰণিকলীয়া মানুহবোৰে ক’বলৈ আৰম্ভ কৰিছিল, প্ৰমথেশ বৰুৱাৰ দৰে সুন্দৰ  ল’ৰাটো বেয়া হৈ গ’ল। দেউতাই কিন্তু কৈছিল, তোক মই প্ৰমথেশ বৰুৱাৰ ওচৰলৈ লৈ যাম। বহুত গুণী মানুহ। কটন কলেজত পঢ়িছিল। এম এল চি (মেম্বৰ অৱ লেজিছলেটিভ কাউন্সিল) হৈছিল। কে এল ছায়গাল প্ৰমুখ্যে কেইবাজনো ব্যক্তি তেওঁৰেই সৃষ্টি। বিমল ৰায়, নীতিন বসু, অজয় কৰৰ দৰে বহুজন অসাধাৰণ গুণসম্পন্ন সহকাৰী তৈয়াৰ কৰিছিল। কিন্তু মোৰ ভয় হয়, দেউতাৰ বন্ধু হিচাপে ক’ত আহি পাওঁহি।

(২)

৭৭-বি গলফ ক্লাব ৰোডৰ ঘৰটো তেতিয়া মাত্ৰ দুমহলীয়া আছিল। ‘পিয়লি ফুকন’ৰ ইউনিটৰ মানুহবোৰ কাষৰ ঘৰটোত আছিল। সৰ্বজন শ্ৰদ্বেয় ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভাও আছিল। ঘৰৰ মালিকে সেইদিনা যিমান টকা কৈছিল, সেই টকাতে মান্তি হৈ গ’লোঁ। হেমাঙ্গদাৰ মতামত বিচাৰিছিলোঁ। তেখেতে কৈছিল, পৃথিৱীৰ মানুহে তোমাক বিচাৰে। সেয়ে কেৱল অসমতে থাকিলেই নহ’ব। তোমাক অসমৰ মানুহে বুজিলেও নেতাসকলে নুবুজিব। পৃথিৱীৰ সৈতে যুঁজিবলৈ হ’লে কলিকতা মহানগৰীলৈ আহিব লাগিব। হেমাঙ্গদাক সুধিলোঁ, আপুনি মোক খুৱাব নে? প্ৰত্যুত্তৰত কৈছিল, তোমাৰ ভাতৰ ব্যৱস্থা ঠিক হৈ যাব। তুমি ইমান চিন্তা কৰিছা কিয়?

ওৱেলিংটন স্কুৱাৰত গণনাট্য সংঘৰ সন্মিলনত মই গীত পৰিৱেশন কৰিলোঁ। পিছদিনা সকলো কাগজত দেখিলোঁ হেডলাইনত ময়েই। কিছুদিন পিছত এগৰাকী ভদ্ৰলোক আহি ক’লে, মই পাৰিজাত চিনেমাৰ মালিক। ‘অসমাপ্ত’ নামৰ এখন ছবি কৰিছোঁ। আমাৰ ইচ্ছা ভূপেন হাজৰিকাই এই ছবিত সুৰ কৰক। তেখেতক লগ কৰিব খোজোঁ। ক’লোঁ, ময়েই ভূপেন হাজৰিকা। তেখেততো আচৰিত। ইমান ইয়ং ল’ৰা। এওঁৰেই নাম ড° ভূপেন হাজৰিকা। বিশ্বাসেই হোৱা নাই। সেই সময়তে অৰ্ধেন্দু মুখাৰ্জী, অনিল চেটাৰ্জী আৰু পিনাকী মুখাৰ্জীয়ে কৈছিল, আপুনি ইয়াতে থাকি যাওক। এখন এখনকৈ তিনিখন ছবিৰ সঙ্গীত পৰিচালনাৰ দায়িত্ব দিম। ‘অসমাপ্ত’ ছবিৰ পিছত ‘কড়ি ও কোমল’। ইয়াৰ মাজতে নগাঁৱৰ সন্তান অসিত সেনৰ সৈতে দেখা হ’ল।

৭৭ বি গলফ ক্লাব ৰোডত মোৰ নতুন জীৱন আৰম্ভ হ’ল। ভাড়া খুব বেছি নহয়, যদিও ঘৰৰ মালিকে দুমাহ থাকিব বুলি শুনাৰ পিছত তুলনামূলকভাৱে বেছি ভাড়া লৈছিল। দুমাহ পাৰ হৈ গ’ল। এইটোৱেই আমাৰ স্থায়ী ঠিকনা হৈ পৰিল আৰু তাৰ লগে লগে কলিকতাৰ অজস্ৰ লোকে মোক সাদৰে গ্ৰহণ কৰিলে। বিচাৰিবলৈ আৰম্ভ কৰিলোঁ জীৱন নিৰ্বাহৰ পথ। ভাল মিউজিক ডাইৰেকচনৰ কাম ৱানছ ইন এ ব্লু মুনত আহে। যদিও ইতিমধ্যেই কেইবাখনো ভাল ছবিৰ সুৰকাৰ হিচাপে কাম কৰা বাবে মোৰ পৰিচিতৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। ‘এৰাবাটৰ সুৰ’ ছবিখন পৰিচালনা কৰা বাবে পৰিচালক হিচাপে যথেষ্ট নাম হৈছিল। বিভিন্ন পত্ৰিকাত তেতিয়া সত্যজিৎ ৰায়ৰ ‘পথেৰ পাঁচালী’, অসিত সেনৰ ‘চলাচল’ আৰু মোৰ ‘এৰাবাটৰ সুৰ’ এই তিনিখন ছবিৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল। কিন্তু দৈনন্দিন জীৱনতো কটাবই লাগিব। দেউতাৰ অৱসৰ হৈছে। মোক এৰি আৰু ন জন ভাই-ভনী। মা আছে। মই বিয়া কৰাইছোঁ। এটা বাচ্ছাও হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়োৱাৰ সময়ত অতি কম দৰমহা পাইছিলোঁ। কলিকতাত হিচাপ কৰি দেখিলোঁ গোটেই মাহটোত মোক পাঁচশ টকাৰ প্ৰয়োজন। দুশ টকা ঘৰভাড়া। যাতায়াতৰ খৰছ। কিন্তু বহুতে প্ৰশ্ন কৰিব পাৰে, ডাবল এম এ আৰু পি এইছ ডি কৰাৰ পিছতো অসমৰ সকলো ভৱিষ্যত এৰি থৈ কিয় মই কলিকতাৰ এই অনিশ্চয়তাৰ মাজত জাঁপ দিছিলোঁ? সেইদিনাও যিসকলে মোক এই প্ৰশ্নটো সুধিছিল আৰু আজিও যিসকলে মোৰ পৰা এই বিষয়ে জানিব বিচাৰে সেইসকলক মই কওঁ, একমাত্ৰ উদ্দেশ্য হ’ল, ভাল চেলেঞ্জ পোৱাৰ সুযোগ এইখন ঠাইৰ বাহিৰে আন ক’ৰবাত যে পাম তাত মোৰ যথেষ্ট সন্দেহ আছে। মই যে সুৰ কৰিম, সেয়া অন্যতকৈ ভাল হ’ব, মোৰ অসমীয়া গানবিলাক যে অনুবাদ কৰিম, তাৰ জৰিয়তে মানুহে গীতি-সাহিত্য সৃষ্টিৰ মৰ্ম বুজি উঠিব— এইটোৱেই মোৰ মুখ্য উদ্দেশ্য আছিল। অসমত ডাঙৰ হ’লেও আমি সৰুকালৰে পৰাই জানি আহিছোঁ, কলিকতা চহৰ হৈছে ভাৰতৰ সাংস্কৃতিক ৰাজধানী। এই প্ৰসংগত উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী মহান ব্যক্তিৰ কথা উল্লেখ কৰিব পাৰি। এগৰাকী হৈছে অসমৰ প্ৰমথেশ চন্দ্ৰ বৰুৱা আৰু আনগৰাকী হৈছে ত্ৰিপুৰাৰ শচীনদেব বৰ্মণ। প্ৰমথেশ চন্দ্ৰ বৰুৱাই এসময়ত অসমৰ সকলো এৰি থৈ আহি চলচ্চিত্ৰ নিৰ্মাণৰ কামত নিজকে উৎসৰ্গা কৰিছিল। শচীনদেব বৰ্মণ ত্ৰিপুৰাৰ মানুহ হ’লেও তেখেতৰ বিভিন্ন বিচৰণ ক্ষেত্ৰৰ মাজত অসম অন্যতম। আগতেই কৈছোঁ, নিজৰ ৰেকৰ্ডৰ গান মানুহৰ মাজত পৰিচিত কৰিবৰ বাবে তেখেতক মই ৰেকৰ্ড বিক্ৰীৰ দোকানত হাৰমনিয়াম বজাই গোৱা দেখিছোঁ। সেই সময়ত শিল্পীসকলে নিজেই জীৱন্ত-বিজ্ঞাপন হৈ ৰেকৰ্ড বিক্ৰীৰ ক্ষেত্ৰত সহায় কৰিছিল। অথচ তেখেত আছিল ৰজাৰ সন্তান।

ভাবিবলৈ ধৰিলোঁ, কেনেকৈ পইছা অৰ্জন কৰিম? মোৰ ইংৰাজী লেখা খুব এটা বেয়া নাছিল। সাংবাদিকতা কৰি উপাৰ্জন কৰিবলৈ সেয়ে সিমান অসুবিধা নহ’ব। আজিও অনেকে প্ৰশ্ন কৰে, তুমি কি সেই সময়ত অভিমান কৰি অসম এৰিছিলা? অভিমান কৰি ঠিক এৰা নাছিলোঁ, আচলতে গোটেই বিশ্বখন পাবৰ বাবে কলিকতালৈ আহিছিলোঁ। যিটো গুৱাহাটীতে পৰি থাকিলে সম্ভব নহ’ব। এবাৰ ভাবিছিলোঁ, গান গাইতো জীৱিকা-নিৰ্বাহ কৰিব পাৰি। কিন্তু হয়তো অনেকেই বিশ্বাস নকৰিব, জীৱিকা-নিৰ্বাহৰ বাবে মই গান শিকা নাছিলোঁ। মই গান শিকিছিলোঁ গণনাট্য সঙ্ঘ কৰিবৰ বাবে, গান শিকিছিলোঁ মানুহৰ চেতনা বৃদ্ধিৰ আন্দোলনত নিজকে চামিল কৰিবৰ বাবে।

কলিকতা যেনেকৈ মোৰ প্ৰতিটো উশাহ-নিশাহৰ সৈতে জড়িত, অসমৰ প্ৰতিটো ধূলিকণাৰ সৈতে তেনেকৈ সম্পৃক্ত মোৰ লক্ষ লক্ষ ৰক্তকণা। কত স্মৃতি, কত আনন্দ-ব্যথা-বেদনাৰ সাক্ষী অসমৰ মাটিয়ে সকলো সময়তে মোক হাতবাউলি মাতি থাকে। ‘প্ৰেম পূজাৰী’ ছবিখন মুক্তি পোৱাৰ পিছত শচীন দেববৰ্মণ আৰু মীৰা দেববৰ্মণ শ্বিলঙলৈ গৈছিল। এদিন ক’লে, সোনালগঞ্জ নামৰ ঠাইখন চাব। সাধাৰণ খাছীয়া দোকানত চাহ খাব। ৰাস্তাৰ কাষৰ এখন খাছীয়া দোকানত চাহ খাবলৈ গ’লোঁ। খাছীয়া ছোৱালীয়ে মোক বা শচীনদেৱ কাকো চিনি নাপায়। শচীনদেৱলৈ চাই ভঙা ভঙা হিন্দীতে সুধিলে, এইজননো কোন? চিনিব পৰা নাই। তেতিয়া শচীনদেৱে ক’লে, ৰাহুল দেববৰ্মণৰ দেউতাক বুলি কোৱা, চিনি পাই যাব। আচৰিত, শচীনদেৱৰ কথা নিমিষতে সত্য প্ৰমাণিত হ’ল।

চেৰাপুঞ্জীৰ পৰা শ্বিলঙলৈ ঘূৰি আহি আছোঁ। মাজত বহিছোঁ মই, মোৰ সোঁফালে মীৰাবৌদি আৰু বাওঁফালে এছ ডি বৰ্মণ। গাড়ী আগবাঢ়িছে, বাটৰ দুয়োফালে চাই চাই নানা প্ৰশ্ন সুধি গৈছে। ইতিমধ্যে তিনিটা জেগাৰ পৰা তিনিটা অৰ্কিড গছৰ সঁচ সংগ্ৰহ কৰিছে মীৰা দেব বৰ্মণে। তৃতীয় অৰ্কিডটো সংগ্ৰহ কৰাৰ পিছত এছ ডি বৰ্মণে একপ্ৰকাৰ খঙেৰেই ক’লে, মীৰা, এইবোৰ নি কি কৰিবা? বোম্বেৰ ঘৰত লগাম।

শচীনকৰ্তাই খঙেৰেই ক’লে, সেয়া কেতিয়াবা সম্ভৱ নে? এনেকুৱা হ’লেতো ব্ৰিটিছসকলে বহুত আগতেই এইবোৰ বিভিন্ন ঠাইত লগোৱাৰ ব্যৱস্থা কৰিলেহেঁতেন। আমাৰ দেশৰ সকলো বিষয়তে এই ধৰণৰ প্ৰচেষ্টা চলি আছে বাবেই আজি ইমানবোৰ সমস্যাৰ সৃষ্টি হৈছে। যেনে ধৰা পলিটিক্স। ‘ৰাছিয়াৰ পৰা অনা এজোপা গছ এই মাটিত লগালেই কি হ’ব নেকি? আজিকালি যে দম মাৰো দম হৈছে, হয়তো সোণৰ ৰেকৰ্ড পাব পাৰে, কিন্তু  তিনি মাহৰ পাছত কুকুৰেও এই গান নাগাব।’ মনত ৰাখা, তোমলোকৰ মাটিলৈ বিদেশৰ গোন্ধ আহিব পাৰে, কিন্তু সেইটো যেন এংলো ইণ্ডিয়ান হৈ নাযায়।

(৩)

‘আমি এক যাযাবৰ’ গানৰ এল পি ৰেকৰ্ড মুকলি হোৱাৰ আগতে গ্ৰামোফোন কোম্পানীৰ কোনো কোনোৱে কৈছিল, মলাটৰ দাম উঠিবতো? তাৰ পিছত যেতিয়া চল্লিশ টকা দামৰ এক লাখ ৰেকৰ্ড বিক্ৰী হ’ল, তেতিয়া তেওঁলোকে সোণৰ থাল দি সন্মানিত কৰিলে।  আকৌ এইটোও দেখিলোঁ, মোৰ অসমীয়া গান ‘ৰেল চলে’ৰ অনুবাদ কৰাৰ অপৰাধত গ্ৰামোফোন কোম্পানীৰ ক্ষিতীশ বসুৰ চাকৰি গৈছিল। বহুতৰ মতে, গান দুটাৰ মাজত দেশদ্ৰোহী সুৰ লুকাই আছিল। কিন্তু সমালোচকসকলে নাজানে যে মই লেনিনতকৈ টলষ্টয়ক বেছি শ্ৰদ্ধা কৰোঁ। অন্তৰৰ পৰা বিশ্বাস কৰোঁ, কোনো ৰাজনৈতিক দলৰ দাসত্ব কৰি সাৰ্বজনীনতা সৃষ্টি কৰা নাযায়।

লণ্ডনলৈ যোৱাৰ কিছুদিন আগতে এইচ এম ভিৰ বিমানদা অৰ্থাৎ সদ্যপ্ৰয়াত বিমান ঘোষে মোক ক’লে, তুমিতো বাংলা গানৰ এল পি ৰেকৰ্ড নকৰা। ক’লোঁ, আপুনি যদি কৰায়, তেতিয়া কৰিম। কি কি গান কৰিম? কিয়, ‘গঙ্গা বইছ কেন’, ‘আমি এক যাযাবৰ’, গৌৰীপ্ৰসন্ন মজুমদাৰে লিখা ‘ও মালিক’ ইত্যাদি। ইতিমধ্যে লণ্ডনলৈ যোৱাৰ টিকট আহি পালে। ৰেকৰ্ড কৰাৰ আগতে কোম্পানীক স্পষ্টকৈ জনাই দিলোঁ, মই যিকেইটা গান গাব খোজোঁ, সেইকেইটাই গাবলৈ দিব লাগিব।

এই সময়খিনিত গ্ৰামোফোন কোম্পানীৰ যি দুজন মানুহে মোৰ হৈ যুঁজিছিল, তেওঁলোকৰ কথা কোনোদিন পাহৰিব নোৱাৰোঁ। এজন হৈছে বিমান ঘোষ। তাৰ কিছুদিন আগতে তেওঁ এইচ এম ভিৰ ছিনিয়ৰ এডভাইজাৰ হিচাপে যোগ দিছিল। আনজন হৈছে এইচ এম ভিৰ ৰেপাৰটোয়াৰ মেনেজাৰ বিশ্বনাথ চট্টোপাধ্যায়। তেওঁক ক’লোঁ, মই দুদিনেই ৰেকৰ্ড কৰি দিম। কাৰণ দ্বিতীয় দিনাই এইচ এম ভিৰ ৰেকৰ্ডিং ৰুমৰ পৰাই সম্ভৱতঃ লণ্ডনৰ প্লেন ধৰিবলৈ বিমানবন্দৰলৈ যাবলগীয়া হ’ব। মনত আছে, বহুদিন বিলাতত থকা এজন পৰিচিত ভদ্ৰলোকে কৈছিল, ভূপেন, লণ্ডনৰ ট্ৰেফালগাৰ চৌহদৰ মাটিত থিয় হৈ বৰ্ণবাদৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি গান গোৱাটো অতি বিপদজনক কথা। ৰেকৰ্ডিং কৰাৰ দিনা কেইবাটাও গান ৰেকৰ্ডিং কৰাৰ পিছত হঠাৎ এইচ এম ভিৰ পৰা কোৱা হ’ল যে, ‘গঙ্গা আমাৰ মা’ গানটো ৰুণা লায়লাক গোৱাব লাগে। ৰুণা লায়লা সেইসময়ত বহুত জনপ্ৰিয় হৈছে। আৰু মোৰ ওচৰত থাকি শিকি ৰুণাই “গঙ্গা আমাৰ মা” গানটোৰ সহায়ত সকলো ঠাইতে আলোড়নৰ সৃষ্টি কৰিছে। কোম্পানীৰ তৰফৰ পৰা আৰু এটা কথা কোৱা হ’ল, মলৰ ওপৰত ভূপেন হাজৰিকা আৰু ৰুণা লায়লা দুয়োজনৰে ছবি দিয়া হওক। মোৰ প্ৰফেচনেল জীৱনত এনেদৰে বহু আণ্ডাৰ এষ্টিমেছন পাইছোঁ। যিজনে সেই সময়ত মোৰ বিষয়ে এই মন্তব্য কৰিছিল তেওঁৰ নাম জানিলেও নজনাৰ ভাও ধৰিছোঁ। পৰাপক্ষত মই কাজিয়া-পেচালৰ পৰা আঁতৰি থাকোঁ। এটা মাৰ্জিত ৰুচিৰ পৰিৱেশত জন্মগ্ৰহণ কৰিছিলোঁ বাবে এই ধৰণৰ ঘটনাত সোনকালে বিচলিত নহওঁ। সকলোতকৈ দুখৰ কথাটো হ’ল, যেতিয়া মাইক্ৰফোনৰ ওচৰত গৈ থিয় হৈছোঁ, তেতিয়াই মোক এইধৰণৰ কথা কোৱা হ’ল। সেই সময়ত অনিল সুদ আছিল এইচ এম ভি আৰু ই এম আইৰ টপ মেন। মাইক্ৰফোনৰ জৰিয়তে অনিল সুদক মাতি পঠালোঁ। ক’লোঁ, ৰুণা মোৰ ভনীৰ দৰে। মোৰ গান গাইছে আৰু গানটোৰ প্ৰচাৰত যথেষ্ট সহায় কৰিছে। কিন্তু এতিয়া তেওঁ ইয়ালৈ আহি গানটো ৰেকৰ্ড কৰিব? পূজালৈও কেইদিনমানহে বাকী আছে। কোৱা হ’ল, নহয়, ৰুণা লায়লাই এখন ফাংচনত গানটো গাইছিল। সেইটো ৰেকৰ্ড কৰা আছে। সেইটোকে মোৰ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিব। এই ধৰণৰ কথা শুনি বিমানদাই তীব্ৰ প্ৰতিবাদ কৰিলে। ৰুণাই গোৱা গানটো শুনোৱা হ’ল। তেতিয়া অনিল সুদে নিজেই ক’লে, নাই, এই গানটো ৰেকৰ্ডিঙৰ কুৱালিটিৰ লগত নিমিলিব। তদুপৰি ডিউৰেচনৰ দিশটোতো সমস্যা হ’ব পাৰে।  হয়তো ক্লেপাৰটো নপৰালৈকে ‘গঙ্গা আমাৰ মা’ৰ সুৰটো ডিঙিত ধৰি ৰাখিছে। ফাংচনত গান নানা ধৰণে গোৱা হয়। কিন্তু ৰেকৰ্ডত গানৰ সময় নিৰ্দিষ্ট কৰা থাকে। একেবাৰে শেষ মুহূৰ্তত গানটো ময়েই গালোঁ। দেখা গ’ল সকলো গান গোৱাৰ পিছত আঢ়ৈ মিনিট সময় বাকী থাকিল। তেতিয়া ‘দোলা’ গানটো আঢ়ৈ মিনিটত শেষ কৰিলোঁ। বহুতে হয়তো নাজানে ৰেকৰ্ডত গান এটা তিনি মিনিট পোন্ধৰ ছেকেণ্ডলৈকে নাগায়। নচিকেতা ঘোষৰ ষোল্ল বছৰীয়া ল’ৰা সুপৰ্ণকান্তি ঘোষে এটা গান সুৰ কৰি আনিছিল। তদানীন্তন বিষয়-ববীয়াসকলে তেওঁৰ সুৰটোত আপত্তি দৰ্শালে। তেওঁৰ কোনো মতামতক সেইদিনা গুৰুত্ব দিয়া নহ’ল। গৌৰীপ্ৰসন্ন মজুমদাৰে লিখা আৰু সুৰ কৰা গানটোও গালোঁ। ইফলে ঘড়ীলৈ চাই দেখিলোঁ, প্লেনৰ সময় হৈ গৈছে। তাৰ পৰা পোনে পোনে লণ্ডনলৈ ৰাওনা হ’লোঁ।

পুনৰ কলিকতালৈ আহিলোঁ। বিমানবন্দৰত দেখিলোঁ এজন ভদ্ৰলোক ফুলৰ তোৰা হাতত লৈ ৰৈ আছে। ভাবিলোঁ, কোনো জনাজাত ব্যক্তিৰ অপেক্ষাত তেওঁ ৰৈ আছে। পিছে নহয়, মোৰ বাবেই তেওঁ ফুলৰ তোৰা লৈ অপেক্ষা কৰিছে। বিমানদাও সেইদিনা বিমান বন্দৰলৈ আহিছিল। তেওঁ আহি দুগালে দুটা চুমা খাই ক’লে, তুমি সকলো বিক্ৰীৰ ৰেকৰ্ড ভাঙি দিলা। আচলতে এইটো কেৱল মোৰ জয় নহয়, বিমানদাৰো জয়। কাৰণ তেতিয়া তেওঁ এইচ এম ভিত ছিনিয়ৰ এডভাইজাৰ হিচাপে জইন কৰিছিল।

সেয়ে, মোৰ এই লেখাত স্পষ্টকৈ উল্লেখ কৰিব খোজোঁ, কোনোৱে কাকো ভয় কৰা উচিত নহয়। আৰু জনসাধাৰণে যাক গ্ৰহণ কৰে, কোনো আমোলাই তাক দমাই ৰাখিব নোৱাৰে। এই প্ৰসংগত মোৰ জীৱনত বিমানদাৰ অৱদানৰ আৰু এটা কথা নক’লে বোধহয় নিজেই সৰু হৈ যাম। অতীতত এটা সময়ত বিমানদাই মোক ৰেডিঅ’ত প্ৰগ্ৰেম দিয়ে, মই নাযাওঁ। টেলিভিছনত প্ৰগ্ৰেম কৰিবলৈ মাতে, মই নাযাওঁ। ফাংচনো খুব কম কৰোঁ। ফ্ৰাষ্ট্ৰেটেড ঠিক নহয়, কিন্তু নিৰাশ হৈ পৰিছিলোঁ। মোক যেন কোনেও বুজি নাপালে। মই জীৱনত বহুত ছেক্ৰিফাইছ কৰিছিলোঁ কিন্তু মোৰ প্ৰকৃত মূল্যায়ন নহ’ল। সেই সময়ত বিমানদাৰ স্নেহ, ভালপোৱা, উৎসাহৰ কথা কোনোদিন পাহৰিব নোৱাৰোঁ। সেয়ে, সেইদিনা বিমানবন্দৰত সেই ভদ্ৰলোকৰ হাতত ফুলৰ তোৰা দেখি আচৰিত নহ’লোঁ। কাৰণ সত্যৰ জয় চিৰকালেই। আৰু এটা কথা ক’ব খোজোঁ, প্ৰকৃত শিল্পীক কোনো ৰাজনৈতিক দলে দমন কৰি ৰাখিব নোৱাৰে।

(৪)

মই সেইধৰণৰ গায়ক নহওঁ যি বৰ্তমানক নামানে। মোৰ সংগীত চৰ্চাৰ এটা উদ্দেশ্য আছে। সেয়ে, মোৰ গানত সদায়েই বোধহয় সমাজচেতনাৰ প্ৰমাণ পোৱা যায়। মই ডাঠি ক’ব পাৰোঁ, এজন স্কুল শিক্ষকৰ সন্তান হৈও, সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ নকৰিলেও, যদি দৃষ্টিভংগী ঠিক থাকে, বিক্ৰী হৈ নগ’লে, এদিন স্বীকৃতি পোৱা যাবই। কেতিয়াও কোনোদিন গোঁৱাৰ হোৱা উচিত নহয়। আৰু কলিকতা কিংবা গুৱাহাটীতে থাকি অসম আৰু পশ্চিমবাংলাৰ সেতুবন্ধনৰ কথা চিন্তা নকৰি যদি কোনোৱে ইউৰোপ আৰু আফ্ৰিকাৰ সেতুবন্ধনৰ কথা চিন্তা কৰে, তেনেহ’লে তেওঁ কেতিয়াও প্ৰকৃত শান্তিৰ সন্ধান দিব নোৱাৰে। বিশ্বৰ সেতুবন্ধনৰ কথা বাদেই। কিন্তু যদি আমি আমাৰ প্ৰতিৱেশীসকলৰ সৈতে সম্পৰ্ক ঠিকে ৰাখিব নোৱাৰোঁ তেনেহ’লে কোনো সমাজেই সঠিকভাৱে গঢ়ি উঠিব নোৱাৰে। এজন অসমীয়াই নিজৰ জন্মভূমিক ভাল পাবই। কিন্তু সেই কাৰণেই যদি পশ্চিমবাংলাক ঘৃণা কৰে তেন্তে তেওঁ নিজেই দূৰ্বল হৈ যাব। সেয়ে মই কেতিয়াও নিৰাশাবাদী নহওঁ। মই সকলো সময়তে বিশ্বাস কৰোঁ এই অন্ধকাৰ কেতিয়াও চিৰস্থায়ী হ’ব নোৱাৰে। সেয়ে মই ক্লান্তিহীনভাৱে আগবাঢ়িছোঁ একবিংশ শতাব্দীৰ দিশে। নতুন প্ৰজন্মৰ যিসকলে সংগ্ৰাম কৰিছে, তেওঁলোকৰ উদ্দেশ্যে ক’ব খোজোঁ, অতীতৰ ভালখিনি লৈ, বৰ্তমানৰ বাস্তৱতাক সম্বল কৰি, অনাগত ভৱিষ্যতৰ ভাল ছবি যিসকলে আঁকি যোৱাৰ কথা ভাবে, মানুহে একমাত্ৰ তেওঁলোককে স্বীকৃতি দিব৷ আৰু আন্তৰিকতাৰ মৰণ নাই।

(“আমি এক যাযাবৰ, ভূপেন হাজৰিকা”, প্ৰজাপতি, ১৯৯১ত প্ৰথম প্ৰকাশিত)

4 thoughts on “কলিকতা আৰু মই।। মূল বাংলা: ড° ভূপেন হাজৰিকা; অনুবাদ: ত্ৰিলোচন গগৈ”

  • সাৱলীল আৰু মনোগ্ৰাহী অনুবাদ।

    Reply
    • Triloson Gogoi

      ধন্যবাদ জনালোঁ৷

      Reply
  • তপন ক্মাৰ শৰ্মা

    পঢ়িলোঁ, অভিভূত হ’লোঁ।

    Reply
    • Triloson Gogoi

      ধন্যবাদ জনালোঁ৷

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *