গল্প-কবিতা

আমাৰ ভাল ।। প্ৰিয়ংকা দাস

কেনে চলিছে– ভাল।
গধূলিতে ঘৰ সোমাইছোঁ
মেলি লৈছো সুখৰ বাকচ
আঙুলিৰে আঁকি গৈছোঁ নীলা বুটাম
আখিপটত আকিছোঁ বিৰ দি বাট নোপোৱা
সুখৰ জুম
বাটাৰ-মাশ্বৰুমৰ ৰেছিপি এটা বিচাৰি পাইছোঁ।
ৰীল চলিছে-
হাঁহি চলিছে-
কথা বলিছে-
ভাল!

কেনে চলিছে– ভাল!
সময়ত দি দিলোঁ লাইফ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম
মাজে মাজে গৈ চাই আহোঁ চুগাৰ, বিপি, থাইৰয়ড
নিয়ন্ত্ৰণাধীন খঙ আৱেগ ক্ষোভ
পৰিমিত হাঁহি আৰু চকুলোৰে
জুখি লৈছোঁ সুখৰ মাত্ৰা
ফেন ঘূৰিছে-
অফিচ চলি আছে-
এচিৰ তলতেই পাৰি লৈছোঁ চকীখন-
মাষ্টৰ মৰিছে
শিক্ষা আমাৰ A+
ভাল— আমাৰ ভাল।

কিনো সোধে আকৌ— ভালেই।

ৰামচন্দ্ৰ আহি ৰভাতলিত বহিছে
বৈদেহীয়ে কঁকাল ঘূৰাই নাচিব বুলি ৰৈ আছে কেমেৰাৰ গতি
কাইলৈৰ পৰা লক্ষী বোৱাৰী চাদৰৰ ফাঁকেৰে ওলাব ইনষ্টাৰ বুমেৰাঙত
ৰিটেক-ৰিটেক-ৰিটেক-
নেট চলিছে—
দেশ চলিছে—
টিভিত চলিছে ইণ্ডিয়া আৰু ভাৰতৰ যুঁজ।
ৰিব্ ৰিব্ কৈ নাচিছোঁ ৰণ ডংকাত।
আমাৰ ভাল।

কলহত ভৰাই সাঁচিছোঁ বসুন্ধৰাৰ মাটি
সেউজ বৃক্ষৰে পুতি পেলাইছোঁ বক্ষৰ দুখ শোক কষ্টৰ চিহ্ন
বান্ধি থোৱা সোণৰ নদীত ধুই ধুই পখালিছোঁ ৰেডীমেড সুখৰ টুকুৰা
প্ৰজাৰ হিত সাধি সাধি সাধি সাধি—
দেউলীয়া মোৰ ৰজা
বুকুৰ কামিহাড় ফালি ওলাই নাহে নিশকতীয়া ভগৱান
তথাপি
চিন্তাৰ কাৰণ নাই—
আনি থোৱাই আছে অৰ্গেনিক মাশ্বৰুমৰ পেকেট
বাটাৰ এপেকেটত মাত্ৰ দহটকা—
মিঠাতেলত ডেৰশ—
বিজয়াৰ গধূলি চৰকাৰী চাউল ছটিয়াই বিসৰ্জিছোঁ দেৱী—
আমাৰ ভাল— ভালেই।
আপোনাৰ?

Leave a Reply

Your email address will not be published. Required fields are marked *