গল্প-কবিতা

বিষ্ণু ৰাভা এতিয়া দোভাগ ৰাতি ।। অৰুণ কুমাৰ শৰ্মা

বিষ্ণু ৰাভা, এতিয়া ঘোপ মৰা আন্ধাৰে আৱৰা আউঁসীৰ
দোভাগ ৰাতি।
তুমি নাই, তুমি নাই, সাৰেও নাই প্ৰীতি।
নিজম বিহুৰ তলিত কালপুৰুষৰ ক’লা হাতোৰা৷ দ্বিধাবিভক্ত বড়ো গাভৰুৰ নাচোনত ছন্দপতন,
চিফুং বাঁহীত কৰুণ সুৰ৷ ভগ্ন ৰাগ।
চিকুণ ভাষাটোৰ ওপৰতো নিঠুৰ কোব৷
জনতা নিমাত নিতাল৷ মাজনিশা কোনো বলিয়া কবিয়ে বলকে,
“হায়! কেতিয়ানো পুৱাব ৰাতি”?
জানোঁ আমি, তুমি সাৰে থাকি আমাক চাই আছা অতন্দ্ৰ প্ৰহৰীৰ দৰে।
কিন্তু আহিব নোৱাৰা। হাত-ভৰি তোমাৰ শিকলিৰে মেৰিওৱা৷

নিদ্ৰাহীন ৰোগীৰ দৰে হাহাকাৰ কৰি
পৰি আছে আমাৰ উজাগৰী ৰাতি৷ জনতা নিমাত নিতাল৷

বিষ্ণু ৰাভা, এতিয়া ঘোপ মৰা ক’লা মেঘে আৱৰা আঁউসীৰ দোভাগ ৰাতি৷
নিজম বিহুৰ তলিত কালপুৰুষৰ উদ্ধত হাতোৰা,
বিহুৰ পথাৰত কোনো ৰৈ থকা নাই,
ৰৈ থকা নাই তোমাৰ প্ৰিয় মনোৰমা সখী!
ৰাজপথজুৰি মিথ্যাৰ দপ্‌দপনি
কাৰো নাই সাৰসুৰ
প্ৰশ্নবিমুখ মুখবোৰ স্বপ্নৰহিত
এতিয়াও কাৰাগাৰত বন্দী অলেখ ব্যক্তি,
সৃষ্টি কাতৰ প্ৰাণ— বন্দীৰ,
তথাপি জনতাৰ নাই সাৰসুৰ‌৷
এনিমিয়া ৰোগীৰ দৰে প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলি!
বন্দী মনৰ মুক্তিৰ দাবীত নহয় কোনো অধীৰ,
নাই ৰঙা জীৱনৰ উন্মাদনাৰে ভৰা
সঁচা আবেগৰ ৰোল৷
মাজনিশা মৰিশালিৰ নৰকংকালবোৰে চিঞৰে,
“আমাৰ ভুল ক’ত, আমাৰ ভুল ক’ত”৷

“ডাচ কেপিটেল এতিয়া মিউজিয়ামত বন্দী”,
পঢ়োতা কোনো নাই৷ কোনে জানোঁ চিঞৰিছে
“আন্ধাৰ আন্ধাৰ, পোহৰতকৈ আন্ধাৰেই ভাল।”
নৱজীৱনৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি থিয় দি আছে ৰক্ষী।
লিখা আছে, প্ৰৱেশ নিষেধ।
বিষ্ণু ৰাভা আকৌ তুলিকা ল’বা কেনেকৈ,
ইটাৰ দেৱাল ভৰি সিহঁতৰ পেটুক ছৱি,
যি ছৱিত বিৰিঙে সিহঁতৰ উদ্ধত হাঁহি,
য’ত অখ্যাতজনৰ নাই কোনো স্থান।
তুমি নেদেখিলা হাতবোৰ নিথৰ হোৱা৷
প্ৰাচীৰবোৰত এতিয়া গেৰুৱা ৰং।
তাত নোৱাৰা জিলিকাব আৰু
“ডাচ কেপিটেলৰ“ জয়গান৷

জানোঁ মই তুমি সাৰে আছা, আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী৷
তুমি য’তে আছা তাতেই থাকা
তাতটো নাই উদ্ধতজনৰ ক্ৰূৰ হাঁহি৷
পংকিলতাৰে ভৰা ইয়ালৈ
নালাগে আহিব এতিয়া৷

এলান্ধুকলীয়া দিনবোৰ পাৰ হ’লেই
আমি তোমাক কৰিম আমন্ত্ৰণ
গোট খাম একেলগে;
তোমাৰে আমাৰে হ’বলগীয়া বিহুসন্মিলনীত তুমি নাচিবা,
নাচিবা তমোহৰ হৈ বিশ্বৰ
ছন্দে ছন্দে, জাগ্ৰত কৰি নতুন জীৱনৰ জয়গান!

(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অমৰ সৃষ্টিৰ আলমত বৰ্তমানৰ পটভূমিত এই কবিতাটি নিৰ্মাণ কৰাৰ প্ৰয়াস কৰা হৈছে)

Leave a Reply

Your email address will not be published. Required fields are marked *