অস্তিত্ব ।। চুলতান মাহমুদ মিৰ্ধা
মোৰ চৌদিশে ঘিটমিটিয়া এন্ধাৰ
বৰষুণৰ উত্তাল নাচোন
ঠেঁটুৱৈ ধৰা সময়
আৰু এজাক হায়েনা
মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
হিম চেঁচা আতংক
যিকোনো মুহূৰ্ততে
স্খলিত হ’ব ভূমি
মোৰ ভৰিৰ তলৰ
হৈ পৰিব পাৰোঁ মই,
মোৰ আই অথবা মোৰ কন্যা
সেউজীয়াহীন পৃথিৱীৰ
একো একোটা নাঙঠ স্মৃতি।