বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় সংবাদ মাধ্যমৰ তথ্যবিভ্ৰাট অভিযান ।। মূল: ৰুশাদ ফৰিদী, অনুবাদ: পংকজ কলিতা
(টোকা: বিগত বৰ্ষৰ জুলাই মাহত বাংলাদেশত এক গণ অভ্যুত্থানৰ যোগে হাসিনা চৰকাৰৰ পতন হোৱাৰ পাচত ভাৰতৰ গণ আৰু সামাজিক মাধ্যমত চুবুৰীয়া দেশখনৰ বিপক্ষে পৰিকল্পিতভাৱে এক অপপ্ৰচাৰ চলোৱা দেখা গৈছে। এই অপপ্ৰচাৰত জড়িত ভাৰতৰ গণ আৰু সামাজিক মাধ্যমসমূহত দেশখনৰ সংখ্যালঘূৰ ওপৰত নিৰ্যাতনক হয়তো পৰিৱৰ্ধিত কৰা হৈছে নতুবা ভিত্তিহীন বাতৰি চলোৱা হৈছে । উদাহৰণস্বৰূপে ভাৰতৰএটা জনপ্ৰিয় গণ মাধ্যমৰ বাংলামাধ্যমত সম্প্ৰচাৰ কৰা চেনেলত বাংলাদেশৰ জনপ্ৰিত অভিনেতা চঞ্চল চৌধুৰীক গৃহবন্দী কৰা বুলি খবৰ চলোৱা হৈছিল।পাছত অভিনেতাগৰাকীয়ে সেই বাতৰি নিজমুখে নস্যাৎ কৰিছিল ।
ভাৰতৰ গণ আৰু সামাজিক মাধ্যমৰ এই ভিত্তিহীন আৰু ন্যস্তস্বাৰ্থ সংবাদ সম্প্ৰচাৰৰ ফলত দুয়োদেশৰ মাজত কূটনৈতিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সমাজিক সম্পৰ্ক বিঘ্নিত হৈ পৰিছে আৰু তাৰ ফলত দুয়োদেশৰ সাধাৰণ জনতাৰ লগতে কৃষক, ব্যৱসায়িক গোষ্ঠী, পৰ্যটন ক্ষেত্ৰখনৰ ক্ষতি হৈছে। ভাৰত গণ আৰু সামাজিক মাধ্যমৰ এই অবিবেকী কাণ্ডই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ সচেতন সমাজত ধূমায়িত কৰি তুলিছে। চিৎকাৰ সৰ্বস্ব ভাৰতৰ গণ আৰু সামাজিক মাধ্যমৰ পেচাদাৰী দেশভক্তিৰ প্ৰকোপত ভাৰত প্ৰতিৱেশী দেশৰ দৃষ্টিত অৱনমিত হোৱাৰ লগতে শত্ৰুভাৱাপন্নও হৈ পৰিছে। ফলত ভাৰতৰ শত্ৰুৰ সংখ্যা বাঢ়ি আহিছে। এই দৰে বৰ্ধিত শত্ৰুৰ মোকাবিলা কৰাৰ বাবে পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে অধিক মাত্ৰাত প্ৰতিৰক্ষা আৰু অন্যন্য ক্ষেত্ৰত ধনৰ আৱণ্টন আৰু বঢ়াব লাগিব তথা বঢ়াবৰ বাবে হেঁচাৰ সন্মুখীন হ’ব লাগিব। আৰু এই হেঁচাৰ ওচৰত নতি স্বীকাৰ কৰি তথা দেশৰ মূল সমস্যা আওকাণ কৰিব বিচৰা আৰু মূল বিষয়ৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই ৰাখিব বিচৰা শাসক আৰু মাৰণাস্ত্ৰ উদ্যোগী আৰু মধ্যভোগী শ্ৰেণীটোৰ হাতত এটা অকাট্য যুক্তি আহি পৰিবহি । ইতিমধ্যে ভাৰতৰ প্ৰতিৰক্ষা বাজেট ১২.৯শতাংশ স্পৰ্শ কৰিছেহি। পৰৱৰ্তী পৰ্যায়ত এই পৰিমাণ আৰু বৃদ্ধি পাব আৰু হ্ৰাস পাব অন্যন্য জনকল্যাণকাৰী, অসমাৰিক জৰুৰী শিতানৰ বাবে আৱণ্টিত ধনৰ পৰিমাণ। এই সংবাদ মাধ্যমসমূহে শাসক, উদ্যোগপতি আৰু মধ্যভোগী শ্ৰেণীটোৰ স্বাৰ্থৰ হকে দেশৰ জনমতক ব্যৱহাৰ কৰাৰ দিশত উল্লেখযোগ্য সফলতা লাভ কৰিছে। ইতিমধ্যে আমাৰ জোৰ পুৰি হাত পাইছেহি। সময়মতে বোধোদয় নহ’লে সমাজ আৰু দেশ যুদ্ধৰ লেলিহান শিখাৰ মাজত জাহ যাবলৈ গৈ আছে।
ইতিমধ্যে এই জ্বলন্ত সমস্যাটো সম্পৰ্কে সচেতন লোকৰ মনত সজাগতা আহিছে। ভাৰতীয় গণ আৰু সামাজিক মাধ্যমৰ ন্যস্তস্বাৰ্থ জড়িত আৰু ৰাজনৈতিক উদ্যেশ্য প্ৰণোদিত ভুৱা তথ্য বিয়পোৱাৰ অভিযানটোৰ বিপক্ষে The Diplomatত (৫ ডিচেম্বৰ ২০২৪) লিখক ৰুশাদ ফৰিদীৰ মাৰ্জিত, তথ্যসমৃদ্ধ লেখাটো অত্যন্ত সময়োপোযোগী। লেখাটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল। )
যোৱা কেইমাহমানৰ পৰা ভাৰতীয় সংবাদ মাধ্যমে ৫ আগষ্টত শ্বেখ হাছিনাৰ শাসনৰ পতনৰ পিছত গঠন হোৱা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক বদনাম কৰাৰ লক্ষ্যৰে আগ্ৰাসী ভুল তথ্য অভিযান আৰম্ভ কৰিছে। প্ৰচাৰিত আখ্যানবোৰ কেৱল বিভ্ৰান্তিকৰেই নহয়, ৰাজনৈতিক আনুগত্য লাভৰ বাবে সাংবাদিকতাৰ পৰা আশা কৰা সত্যনিষ্ঠাৰ খহনীয়া হোৱা প্ৰকৃত স্বৰূপটোও প্ৰতিফলিত কৰিছে, যিটো পৰিৱৰ্তনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত ভাৰতীয় সংবাদ মাধ্যমৰ বহুখিনিকে “গোদী” সংবাদ মাধ্যম বা মেৰুদণ্ডহীন সংবাদ মাধ্যমলৈ ৰূপান্তৰিত কৰিছে। সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত বাংলাদেশ প্ৰত্যাহ্বানহীন নহয় যদিও ই অসহিষ্ণু দেশ হোৱাৰ পৰা বহু দূৰত। সংখ্যালঘুৰ বিৰুদ্ধে হিংসাৰ দৃষ্টান্ত ঘটিলেও এইবোৰ প্ৰায়ে গভীৰভাৱে সোমাই থকা সাম্প্ৰদায়িক শত্ৰুতাৰ পৰিৱৰ্তে ব্যক্তিগত বিবাদ বা ভূমি সংঘাতৰ দ্বাৰা পৰিচালিত হয়। হাছিনাৰ বিদায়ৰ পিছত বাংলাদেশৰ ৰাজনৈতিক অশান্তিৰ ভিতৰত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কৰা নৃশংস কাৰ্যৰ প্ৰতিশোধৰ অংশ হিচাপে থানাত আক্ৰমণ কৰাৰ ঘটনাও সংঘতিত হৈছিল। ফলত বহু আৰক্ষী জোৱানে কামৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লোৱাত অধিকাংশ থানা খালী হৈ পৰিল। ইয়াৰ পিছত সৃষ্টি হোৱা বিশৃংখলতাৰ মাজতে সংখ্যালঘুৰ বিৰুদ্ধে হিংসাৰ কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল।
কিন্তু ভাৰতীয় সংবাদ মাধ্যমৰ কিছুমান বিশেষ অংশই পৰিস্থিতিটোক যথেষ্ট অতিৰঞ্জিত কৰি গণহত্যা সংঘটিত হোৱাৰ দৰে চিত্ৰিত কৰিছিল। ভাৰতীয় সংবাদ মাধ্যমেও বাংলাদেশত সংহতিৰ উল্লেখযোগ্য কাৰ্য্যৰ বাতৰি প্ৰকাশ কৰা নাছিল, য’ত মুছলমান স্বেচ্ছাসেৱকসকলে হিন্দু সম্প্ৰদায়ক সুবিধাবাদী হিংসাৰ পৰা ৰক্ষা কৰিছিল।
বাংলাদেশে সংখ্যালঘুসকলৰ বাবে ভাৰততকৈ তুলনামূলকভাৱে অধিক সুৰক্ষিত পৰিৱেশ প্ৰদান কৰে, য’ত মোডীৰ চৰকাৰৰ অধীনত ৰাষ্ট্ৰ সমৰ্থিত বৈষম্য আৰু হিংসা বৃদ্ধি পাইছে। মোডীৰ কাৰ্যকালত সাম্প্ৰদায়িক বাক্যবাণ আৰু নীতিৰ দ্বাৰা ইন্ধন যোগোৱা মুছলমান বিৰোধী কাণ্ড বৃদ্ধি পাইছে। দৰাচলতে ২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত মুখ্যমন্ত্ৰী হিচাপে থকা মোদীয়ে এনে এক পৰিৱেশ সৃষ্টি কৰিছে যিয়ে সাম্প্ৰদায়িক অসহিষ্ণুতা মূৰ তুলি উঠাত সহায় কৰিছে।
বাংলাদেশক সংখ্যালঘুৰ বাবে অসুৰক্ষিত বুলি চিত্ৰিত কৰাৰ ভাৰতে কৰা প্ৰচেষ্টা বিশেষকৈ নিজৰ দেশৰ অস্বস্তিকৰ ট্ৰেক ৰেকৰ্ডৰ বাবে লক্ষ্যভ্ৰষ্ট হোৱা দেখা দেখা যায়। নিজৰ সংবাদ মাধ্যমৰ প্ৰভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় ভাৱমূৰ্তিৰ সুযোগ লৈ ভাৰতে প্ৰায়ে এনে আখ্যান গঢ় দিয়ে যিয়ে সংখ্যালঘুৰ অধিকাৰৰ ওপৰত ইয়াৰ আভ্যন্তৰীণ আসোঁৱাহসমূহ অস্পষ্ট কৰি ৰাখে।
শেহতীয়া ঘটনা, যেনে ইস্কন আৰু চিন্ময় কৃষ্ণ দাসৰ লগত জড়িত ঘটনাই এই এজেণ্ডাক উজ্জ্বল কৰি তুলিছে। পৃথক হিন্দু মিত্ৰজোঁট গঠন কৰা বহিষ্কৃত নেতা দাসৰ কাৰ্যকলাপৰ বাবে বিশ্বব্যাপ্ত হিন্দু ধৰ্মীয় সংগঠন ইস্কন বাংলাদেশত সমালোচনাৰ সন্মুখীন হৈছে। তথাপিও ভাৰতীয় সংবাদ মাধ্যমে এই পৰিঘটনাসমূহক ইস্কন নেতাসকলৰ ওপৰত বিস্তৃত ধৰ্মীয় নিৰ্যাতনৰ সৈতে মিছাকৈ জড়িত কৰিছিল। একেদৰে দাসক গ্ৰেপ্তাৰ কৰাটো হিন্দু নেতৃত্বৰ ওপৰত লক্ষ্যভিত্তিক আক্ৰমণ হিচাপে উপস্থাপন কৰা হৈছিল, তেওঁৰ সমৰ্থকসকলৰ হিংসাকে ধৰি জটিল ৰাজনৈতিক আৰু আইনী প্ৰেক্ষাপটক আওকাণ কৰি যিয়ে এজন মুছলমান অধিবক্তাৰ হত্যাৰ সূচনা কৰিছিল।
এই স্পৰ্শকাতৰ বিষয়টো ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা সংবাদৰ আন এটা অস্বস্তিজনকভাৱে এৰাই চলা ঘটনা হ’ল যোৱা বছৰ দাসক ইস্কনৰ পৰা নিলম্বন কৰা খবৰটো সম্পূৰ্ণৰূপে বাদ দিয়া বাতৰিটো এৰাই যোৱা। ইস্কনৰ শিশু নিৰাপত্তা গোটে (চিপিটি) জাৰী কৰা এক পত্ৰ অনুসৰি দাসক নেতৃত্বৰ ভূমিকা গ্ৰহণ, শ্ৰেণী পৰিচালনা, ৰাজহুৱা উপাসনাত অংশগ্ৰহণ কৰাত বাধা দিয়া হৈছে। তদুপৰি তেওঁক অনুমোদন অবিহনে ইস্কনৰ সম্পত্তিত ৰাত্ৰিযাপনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইস্কনে তেওঁক নিলম্বনৰ কাৰণ আনুষ্ঠানিকভাৱে কোৱাৰ পৰা বিৰত থকাৰ বিপৰীতে বাংলাদেশৰ ইস্কন নেতাসকলৰ উদ্ধৃতি দি স্থানীয় সংবাদ মাধ্যমৰ বাতৰিত শিশুৰ সৈতে জড়িত অসৎ আচৰণৰ অভিযোগ উন্মোচিত হৈছে। ইস্কনৰ নিৰ্দেশনা মানি চলিবলৈ অস্বীকাৰ কৰাৰ ফলত হাছিনা শাসনৰ বিৰুদ্ধে গণ বিদ্ৰোহৰ ঠিক আগতে জুলাই মাহত তেওঁক স্থায়ীভাৱে বহিষ্কাৰ কৰা হয়।
দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত হিন্দু পতাকা ৰখাক লৈ দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰাটো মৃদু প্ৰৰোচনামূলক আছিল। তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰাটো অত্যধিক যেন লাগে। স্থানীয় এজন দলৰ পৰা খেদা খোৱা ৰাজনৈতিক নেতাই আৰম্ভ কৰা এই গোচৰটোৰ আৰম্ভণিৰে পৰাই যোগ্যতাৰ অভাৱ আছিল। বাংলাদেশ চৰকাৰে দাসক লঘূ দোষত গুৰু দণ্ডৰ পন্থাটো ৰাজনৈতিক দমন নীতিৰ অংশীদাৰ, যাৰ সুবিধা ভাৰতীয় সংবাদ মাধ্যমৰ কিছুমান অংশই আনন্দৰে গ্ৰহণ কৰিছিল ।
ভাৰতীয় সংবাদ মাধ্যমে দাসৰ অপৰাধমূলক কাৰ্যকলাপক লৈ মৌন হৈ থকাৰ সময়তে গোচৰটোৰ বিভিন্ন দিশৰ ওপৰত মিছা আৰু ভুল তথ্যৰ ঢৌ ৰটিছিল। উদাহৰণস্বৰূপে, কেইবাটাও সংবাদ মাধ্যমে মিছাকৈ দাবী কৰিছিল যে হত্যা কৰা অধিবক্তা ছাইফুল ইছলাম আছিল দাসৰ এটৰ্নি আৰু ইছলামিক সন্ত্ৰাসবাদীয়ে তেওঁক সেইবাবে হত্যা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে আখ্যানটো স্থানান্তৰিত কৰি দাবী কৰিছিল যে আদালতৰ বাহিৰত গোট খাই দাসক কঢ়িয়াই অনা আৰক্ষীৰ ভানখনৰ পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীসকলৰ — যি সকলৰ অধিকাংশই হিন্দু — আৰক্ষীয়ে সেই প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীচালনাৰ সময়ত ছাইফুল নিহত হৈছিল। বাস্তৱত ছাইফুল ইছলামক হত্যা কৰিছিল মাৰাত্মক অস্ত্ৰৰে সজ্জিত হিন্দু দল এটাই।
ভাৰতৰ ভুল তথ্য প্ৰচাৰ অভিযানৰ নেতিবাচক প্ৰভাৱ আমি ইতিমধ্যে প্ৰত্যক্ষ কৰি আছোঁ। শাসনাধিস্থিত বিজেপিয়ে ইয়াক এক নিৰ্বাচনী ৰণকৌশল হিচাপে গ্ৰহণ কৰিছে, যিটোত তেওঁলোক বিগত সময়ত সফলতাৰে লাভৱান হৈছে। নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰি ভোট সুৰক্ষিত কৰিবলৈ সাম্প্ৰদায়িক আৱেগক সমল কৰি ভোটাৰক উত্তেজিত আৰু উৎসাহিত কৰে। পশ্চিম বংগত এই প্লে-বুক অনুসৰণ কৰি বিজেপিয়ে দাসৰ গোচৰটোৰ সুযোগ গ্ৰহণ কৰাৰ ফলত আগৰতলাত অৱস্থিত বাংলাদেশী সহকাৰী উচ্চায়োগত আক্ৰমণ আৰু লণ্ড-ভণ্ড সংঘটিত হয়। এই ঘটনাত বাংলাদেশত এক বিৰাট প্ৰতিবাদৰ সৃষ্টি হয়, যাৰ ফলত দুয়ো দেশৰ ইতিমধ্যে তিক্ততাৰে ভৰি থকা দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক তিক্ত হৈ পৰে। ফলত দুয়োখন চুবুৰীয়া দেশৰ সম্পৰ্ক এতিয়া সৰ্বকালৰ নিম্নতম স্তৰত উপনীত হৈছে।
গতিকে, বিশ্বৰ তথাকথিত বৃহত্তম গণতন্ত্ৰৰ আপাত দৃষ্টিত স্বাধীন সংবাদ মাধ্যমে সাম্প্ৰদায়িক বিভাজনকাৰী চৰকাৰখনৰ অপপ্ৰচাৰৰ যন্ত্ৰ হ’বলৈ কিয় মৰ-কামোৰ দি আছে?
বাংলাদেশৰ বহুতেই বিশ্বাস কৰে যে ভাৰতীয় সংবাদ মাধ্যমৰ এটা অংশই ভাৰতীয় ডীপ ষ্টেটৰ সৈতে কাম কৰি বাংলাদেশৰ অতীতৰ স্বৈৰাচাৰী শাসক শ্বেখ হাছিনা আৰু তেওঁৰ শাসন ব্যৱস্থাক বৈধতা প্ৰদান কৰি আহিছে। এতিয়া হাছিনাৰ পতনৰ লগে লগে তেওঁলোকে তেওঁৰ ঠাইত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰখনক ভেঙুচালি কৰাত নিয়োজিত হৈছে।
১৬ বছৰীয়া শাসন কালত হাচিনাই ইয়াৰ উত্তৰ-পূৱত ভাৰতীয় নিৰাপত্তাৰ চিন্তা-চৰ্চা যাতে দূৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বিৰোধী উগ্ৰপন্থী সংগঠনক বাংলাদেশৰ মাটিত আশ্ৰয় দিয়াৰ কাম বন্ধ কৰি দিয়ে। তেওঁ ভাৰতক অন্যান্য বহুতো সুবিধাৰ লগতে ট্ৰেনজিট আৰু বন্দৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছিল, মূলতঃ বাংলাদেশক ভাৰতৰ ৰণকৌশলগত লক্ষ্যৰ সৈতে একাকাৰ কৰি তুলিছিল। বিশেষকৈ দক্ষিণ এছিয়াৰ অন্যান্য প্ৰতিবেশী দেশসমূহৰ পৰা শত্ৰুতাৰ সন্মুখীন হোৱাৰ বাবে ভাৰতৰ বাবে এই অংশীদাৰিত্ব অমূল্য আছিল।
ইয়াৰ বিনিময়ত ভাৰতে বিশেষকৈ ইউৰোপীয় সংঘ আৰু আমেৰিকাৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈ হাছিনাৰ নিৰ্দয় আৰু অত্যাচাৰী শাসন ব্যৱস্থাক অটল সমৰ্থন আগবঢ়াই শক্তিশালী কৰি তুলিছিল। হাছিনা শাসনৰ প্ৰতি প্ৰকৃত জনাদেশৰ অভাৱ আছিল, কিয়নো যোৱা তিনিটা নিৰ্বাচন হয় ৰাজনৈতিক বিৰোধীয়ে বৰ্জন কৰিছিল নহয় ব্যাপক নিৰ্বাচনী ৰিগিঙৰ ফলত বাধাগ্ৰস্ত হৈছিল। ৰাজনৈতিক অবৈধতাৰ পৰিণতিৰ পৰা শাসন ব্যৱস্থাক ৰক্ষা কৰি ভাৰতে হাছিনাৰ ক্ষমতাৰ দখল বজাই ৰখাত মূল ভূমিকা পালন কৰিছিল। ২০২৪ চনৰ জানুৱাৰী মাহৰ প্ৰহসনমূলক নিৰ্বাচনৰ পূৰ্বে এই কথা স্পষ্ট হৈ পৰিছিল।
গোটেই ২০২৩ চনত আৰু ২০২৪ চনৰ জানুৱাৰী মাহৰ নিৰ্বাচনলৈকে আমেৰিকাই ধাৰাবাহিকভাৱে আৱামি লীগ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল, মুক্ত আৰু নিকা নিৰ্বাচনৰ দাবী জনাইছিল। কিন্তু ভাৰতে তীব্ৰ হস্তক্ষেপ কৰে, শেষত আমেৰিকাই পিছুৱাই যাবলৈ বাধ্য হ’ল। এই পিছুৱাই যোৱাৰ মূল কাৰণ হৈছে ভূ-ৰাজনৈতিক স্বাৰ্থৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিত ভাৰত আৰু আমেৰিকাৰ নিজৰ নিজৰ স্বাৰ্থৰক্ষা কৰা, বিশেষকৈ অঞ্চলটোত চীনৰ প্ৰভাৱ প্ৰতিহত কৰাৰ ক্ষেত্ৰত।
বিগত দশকত ভাৰতীয় সংবাদ মাধ্যম মোডী চৰকাৰৰ আখ্যানৰ বশ হৈ পৰিছে। ভাবুকি, আৰ্থিক প্ৰৰোচনা, আৰু ৰাষ্ট্ৰ সমৰ্থিত অধিগ্ৰহণৰ সংমিশ্ৰণৰ জৰিয়তে, যেনে আদানি গ্ৰুপৰ দ্বাৰা এনডিটিভিৰ অধিগ্ৰহণ, এসময়ৰ স্বাধীন মাধ্যমক ৰাষ্ট্ৰৰ সহযোগীভাৱে গ্ৰহণ কৰা হৈছে। এই ৰূপান্তৰিত ব্যৱস্থাই মোডী চৰকাৰক ঘৰুৱা আৰু আঞ্চলিক আখ্যান গঢ়ি তোলাৰ ক্ষেত্ৰত সক্ষমতা প্ৰদান কৰিছে, প্ৰায়ে ৰাজনৈতিক সুবিধাৰ বাবে প্ৰকৃত তথ্যসমূহক গুৰুত্বহীন কৰি ৰাখিছে।
এই পটভূমিত ২০২৪ চনৰ আগষ্ট মাহত হাছিনা শাসনৰ আকস্মিক পতনে বাংলাদেশৰ ভাৰতীয় ডীপ ষ্টেটৰ সপোনৰ দৌৰৰ অন্ত পেলায়। ভাৰতীয় ডীপ ষ্টেটে নিজৰ মিত্ৰ চৰকাৰখন আগন্তুক বছৰবোৰলৈকে ক্ষমতাত থাকিব বুলি আশা কৰিছিল। ইয়াৰ উত্তৰত ভাৰতীয় সংবাদ মাধ্যমে সংখ্যালঘূৰ অধিকাৰৰ স্পৰ্শকাতৰ বিষয়টোৰ সহায় লৈ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈধতাক ক্ষতিগ্ৰস্ত কৰি ভুল তথ্যৰ ঢৌ উলিয়াইছিল।
হাছিনাৰ শাসন ব্যৱস্থাৰ অন্ত পৰাৰ বাস্তৱতাটো ভাৰত চৰকাৰে মানি ল’ব লাগিব আৰু বাংলাদেশৰ সৈতে নিজৰ সম্পৰ্ক পুনৰ সঠিক কৰিব লাগিব। বাংলাদেশক অধীনস্থ ৰাষ্ট্ৰ হিচাপে গণ্য কৰাৰ যুগ শেষ হ’ল। দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক স্থিতিশীলতাৰ বাবে এক সুস্থিৰ, পাৰস্পৰিকভাৱে সন্মানজনক অংশীদাৰিত্ব অতি প্ৰয়োজনীয়।
ভাৰতীয় সংবাদ মাধ্যমেও ৰাজনৈতিক এজেণ্ডাৰ মুখপাত্ৰ হিচাপে বৰ্তমানৰ ভূমিকাৰ উৰ্ধত উঠিব লাগিব। দুয়োটা জাতিৰ মাজত আস্থা গঢ়ি তোলাৰ বাবে সৎ প্ৰতিবেদন আৰু গঠনমূলক আদান-প্ৰদান অতি প্ৰয়োজনীয়। বৰ্তমানৰ ভুল তথ্য আৰু চাঞ্চল্যকৰ সংবাদ প্ৰচাৰৰ পথটোৱে আঞ্চলিক সমন্বয়ক ক্ষতিগ্ৰস্তহে কৰে আৰু আঞ্চলিক নেতা হিচাপে ভাৰতৰ বিশ্বাসযোগ্যতাক দুৰ্বল প্ৰতিপন্ন কৰে।