মুখা ।। অপৰাজিতা গগৈ
মুখা এখন পিন্ধি ল’লে জনপ্ৰিয় হ’ব পাৰি
লোহাৰ মুখা, ৰূপৰ মুখা, সোণৰ মুখা, হীৰাৰ মুখা
বাঁহেৰে চাঁচি-কাটি বাঁহৰ মুখাও সাজি ল’ব পাৰি
সকলোতে মুখাৰ পয়োভৰ
ৰজাৰ দৰবাৰ
বজাৰ অফিচ বিদ্যালয়
বিয়া সবাহ সকাম
মুখাৰ আঁৰৰ মুখাত সংগোপনে
ব্ৰহ্মাস্ত্ৰ তৈয়াৰী কৌশল
মুখাৰ আঁৰৰ মুখাত
প্ৰতাৰণাৰ চলনা
মুখাৰ আঁৰত অন্তৰ্ভেদী হুমুনিয়াহ কাঢ়িলেও
ওঁঠত ওলোমাই ৰাখিব পাৰি এটি মিচিকিয়া হাঁহি
সুখী হোৱাৰ ভাও জুৰি মোবাইলত ছেলফি উঠিব পাৰি
কান্ধত কান্ধ লগাই খোজ দিব পাৰি
সোণৰ মুখা, হীৰাৰ মুখা ভয়ংকৰ অতি
এনে মুখাধাৰীয়ে দিনক ৰাতি
ৰাতিক দিন বুলি ক’ব পাৰে
তুমি নহয় বুলি ক’লে
ভঁৰালত জুই লগাই দিব
মুখাধাৰীৰ পৰা সাৱধান
মুখা এখন নিপিন্ধাকৈ
অনাদৰ অৱহেলাক আওকাণ কৰি
জীৱন জীয়াৰ ধ্বনিৰে
আহাঁচোন আহাঁ মোকো সাহস দিয়া
পৰ্বতৰ টিঙত সৌৱা বেলিৰ জলমল কিৰণ