নিবন্ধবিজ্ঞান-প্ৰযুক্তি

গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ ৰোগ ।। ডা: কুঞ্জন শইকীয়া

গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ ৰোগ (GESTATIONAL DIABETES MELLITUS) বা GDMৰ বিষয়ে আগতে অলপ কোৱা হৈছে। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত প্রথম দেখা দিয়া এই ৰোগৰ ডায়েগন’ছিছৰ পদ্ধতি প্রথমতে উল্লেখ কৰা হৈছে বাবে ইয়াত দোহৰা হোৱা নাই। প্রত্যেক ১০ গৰাকী গৰ্ভৱতী মহিলাৰ ভিতৰত এগৰাকীৰ GDM হয়। এই পৰিসংখ্যা ভাৰতীয় মহিলাৰ ক্ষেত্ৰত আৰু বেছি। বংশত ডায়েবেটিছ ৰোগীৰ উপস্থিতি, দেহত অত্যাধিক চর্বী বা মেদবহুলতা আৰু লগতে ইনচুলিন Resistance ৰ উপস্থিতি, গৰ্ভৱতী অৱস্থাত শৰীৰত হোৱা বিভিন্ন হৰমনৰ মাত্ৰাৰ তাৰতম্য আদি হ’ল GDM ৰ কাৰণ। গৰ্ভৱতী অৱস্থাৰ এই অত্যাধিক গ্লুকজৰ মাত্ৰাই মাক আৰু শিশুৰ ক্ষেত্ৰত ভালেমান জটিলতাৰ সৃষ্টি কৰিব পাৰে।

মাকৰ ক্ষেত্ৰত :

(ক) গর্ভপাত (Abortion)
(খ) উচ্চ ৰক্তচাপ
(গ) জৰায়ুৰ ভিতৰত পনীয়া (Liquor) ৰ পৰিমাণ বেছি হোৱা (Polyhyramnios
(ঘ) গৰ্ভাৱস্থাৰ Labour বেছি দীঘলীয়া হোৱা
(ঙ) ৰক্তক্ষৰণ বেছিকৈ হোৱা
(চ) বীজাণুৰ সংৰক্ষণৰ সম্ভাৱনা বেছি হোৱা

নৱজাতকৰ ক্ষেত্ৰত :

(ক) জৰায়ুৰ ভিতৰৰ অৱস্থাতে মৃত্যু হোৱা
(খ) মৃত শিশুৰ জন্ম
(গ) বিভিন্ন জন্মগত বিকলতা
(ঘ) জন্মৰ সময়ত গ্লুক’জৰ মাত্ৰা কমি যোৱা
(ঙ) জন্মৰ সময়ত উশাহ-নিশাহৰ কষ্ট পোৱা
(চ) জন্মৰ সময়ত অত্যাধিক ওজনৰ শিশুৰ জন্ম হোৱা

এই সকলো পঢ়াৰ পাছত স্বাভাৱিকতে পাঠক যদি নিজে GM ৰোগী হয় তেন্তে মনত ভীতি ভাৱৰ সৃষ্টি হ’ব। কিন্তু যদিও এনেবোৰ হোৱাৰ সম্ভাৱনা থাকে তথাপিও তেনেকৈ বেয়াকৈ ৰোগীয়ে ভাবিব নেলাগে। গৰ্ভৱতী অৱস্থাৰ মহিলাক আগতে ৰামায়ণ বা মহাভাৰত কাহিনী শুনোৱা হৈছিল যাতে মাতৃগৰাকীৰ মন শান্ত আৰু সমাহিত অৱস্থাত থাকে। গতিকে সকলো GDM ৰ ৰোগীয়ে মন প্রফুল্লিত কৰি ৰাখি চিকিৎসকৰ পৰামৰ্শ মতে চলিলে কোনো ধৰণৰ ভয় খাবলগীয়া কথা নেথাকে।
GDM ৰ চিকিৎসা হ’ল ইনচুলিন। তাৰ লগতে Metformin নামৰ টেবলেটবিধ দিয়া হয়। বহু মহিলাই এই ইনচুলিন লোৱা কথাটোকে ভয় খায় আৰু চিকিৎসকৰ উপদেশক অগ্রাহ্য কৰে। তেওঁলোকে এই কথা মনত ৰখা উচিত যে সাধাৰণতে ডায়েবেটিছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা OAD সমূহ গৰ্ভৱতী অৱস্থাত দিলে মাকৰ শৰীৰৰ পৰা শিশুৰ শৰীৰলৈ প্ৰৱেশ কৰি শিশুৰ সাংঘাতিক বিকলতা ঘটাব পাৰে। ইনচুলিন হ’ল মহৌষধ। ডায়েবেটিছ আৰু GDM ৰ বাবে সঞ্জীৱনী স্বৰূপ হ’ল ইনচুলিন। গতিকে ইনচুলিন গ্ৰহণৰ ক্ষেত্ৰত ভয় ক’ত? বেজীৰ খোচৰ ভয় যদি ইয়াৰ কাৰণ হয় তেন্তে এই কথা জনোৱা ভাল যে আজিকালি ইনচুলিনৰ অতি উন্নত ধৰণৰ কলম বা PEN DEVICE ওলাইছে যাৰ বেজী অতি সূক্ষ্ম আৰু ইয়াৰে ইনচুলিন ল’লে বেজীৰ যি খোচ তাক অনুভৱ কৰা নহয়। গতিকে GDMৰ ৰোগীয়ে এই বিষয়ে মনত অকণো সন্দেহ ভাৱ ৰাখিব নেলাগে আৰু চিকিৎসকৰ পৰা ইনচুলিনৰ ব্যৱহাৰৰ পদ্ধতি আয়ত্ত কৰি ব্যৱহাৰ কৰিব লাগে।
শিশু আৰু মাতৃ উভয়ৰ বাবে গ্লুকজৰ মাত্ৰা চিকিৎসকৰ দ্বাৰা নিয়মীয়া কৰি ৰাখিব লাগে। গ্লুক’জ নিয়ন্ত্ৰণৰ যি লক্ষ্য বা তাৰ মাত্ৰা GDMৰ মহিলাৰ বাবে বেছি কটকটীয়া। অর্থাৎ সাধাৰণ অৱস্থাতকৈ গ্লুকজ আৰু বেছি তললৈ ৰাখিবলৈ চেষ্টা কৰা হয়। এই লক্ষ্যসমূহ এনেধৰণৰ হয়—

খালী পেটত জোখা গ্লুকজৰ মাত্ৰা < ৯৫ মি.গ্ৰা./ডেলি.
খোৱাৰ এঘণ্টা সময়ৰ পাছৰ গ্লুকজৰ মাত্ৰা<১৪০ মি.গ্রা./ডেলি.
খোৱাৰ দুঘণ্টা সময়ৰ পাছৰ গ্লুকজৰ মাত্ৰা<১২০ মি.গ্রা./ডেলি.

গৰ্ভৱতী মহিলাই নিজৰ খাদ্যৰ ওপৰত উপযুক্ত জ্ঞান ৰাখিব লাগিব। খাদ্য আৰু পৰিপুষ্টি মাক আৰু শিশু উভয়ৰ বাবে অতি প্রয়োজনীয়। খাদ্যৰ আঁচনি এনেদৰে কৰিব লাগে যাতে গ্লুক’জৰ নিয়ন্ত্ৰণ হয় আৰু লগতে প্রয়োজনীয় কেলৰিও মহিলাসকলে লাভ কৰে। খাদ্য নিয়ন্ত্ৰণ মানে ভোকত থকা বা অতি কম খাদ্য খোৱা নুবুজায়। তেনে কৰিলে সন্তান আৰু মাতৃ উভয়ৰে ক্ষতি হ’ব। খাদ্যৰ পৰা আহৰণ কৰিব লগা কেলৰি প্ৰত্যেকজন ৰোগীৰ বাবে বেলেগ বেলেগ হয়। প্রয়োজনীয় কেলৰিৰ গণনা কেনেদৰে কৰিব লাগে পিছলৈ খাদ্য শিতানত দিয়া হৈছে। এই কেলৰিৰ উপৰিও গৰ্ভৱতী মহিলাৰ আৰু অতিৰিক্ত ৩৫০ কেলৰিৰ প্ৰয়োজন হয়। বিশেষ গণনা নকৰাকৈও কেলৰিৰ হিচাপ তলত দিয়া তালিকাখনৰ পৰা পাব পাৰি—

ক) পাতলীয়া কাম কৰা বা প্ৰায় একেই শাৰীৰিক কাম বা সঞ্চালন নকৰা মহিলা =

১৯০০ কেলৰি + ৩৫০ = ২২৫০ কেলৰি এদিনত

খ) মধ্যমীয়া কাম কৰা মহিলা =

২২৩০ + ৩৫০ = ২৫৮০ কেলৰি এদিনত

গ) গধুৰ শাৰীৰিক পৰিশ্ৰম কৰা মহিলা =

২৮৫০ + ৩৫০ = ৩২০০ কেলৰি এদিনত

ইয়াৰ উপৰিও মহিলাৰ ওজনৰ ওপৰতো কেলৰিৰ প্ৰয়োজনীয়তা নিৰ্ভৰ কৰে। শকত মহিলাৰ অত্যাধিক কেলৰিৰ খাদ্য গ্রহণে ওজন বঢ়াই তুলিব আৰু আনহাতে কম ওজনৰ মহিলাৰ বাবে কেলৰিৰ কম হ’লেও উপযুক্ত পুষ্টি নেপাব। সেয়ে ওজনৰ ভিত্তিত ৫০০ কেলৰিৰ যোগ বা বিয়োগ কৰি এই সমতা ৰখা হয়। তাৰ এটা হিচাব তলৰ তাৰিকাৰ পৰা পাব পাৰি— কম ওজনৰ মহিলা যাৰ Body Mass Index (BMI) ১৮.৫ কি.গ্ৰা./মি.’ ৰ কম হয় তেওঁলোক উপৰোক্ত কেলৰিৰ লগত আৰু ৫০০ কেলৰিৰ খাদ্য খাব লাগিব ওপৰঞ্চি। যাৰ BMI ১৮.৫ ৰ পৰা ২২.৯ কি.গ্ৰা./মি. তেওঁলোক নিয়মীয়া ওজনৰ হয় আৰু তেওঁলোকে তালিকামতে কেলৰি গ্ৰহণ কৰিব। ২.৩ ৰ পৰা ২৪.৯ কি.গ্রা./মি. BMI মহিলাসকল অতিৰিক্ত ওজনৰ হ’লেও সেই তালিকাৰ কেলৰিৰ হিচাবেই তেওঁলোকৰ বাবে হ’ব। আনহাতে যাৰ BMI হ’ল ২৫ কি.গ্ৰা/মি.’ ৰ বেছি তেওঁলোক হ’ল মেদবহুল আৰু শকত; তেওঁলোকে গ্ৰহণ কৰা খাদ্যৰ কেলৰিৰ পৰা ৫০০ কেলৰি বিয়োগ কৰিব লাগিব। BMI হ’ল ওজনৰ ভিত্তিত কৰা শৰীৰৰ মেদৰ এটা হিচাব আৰু এই বিষয়ে পাছত উল্লেখ কৰা হৈছে।

ৰোগীয়ে নিজে এনে গণনা কৰাৰ অসুবিধা হ’ব পাৰে৷ তথাপি এই তালিকাখনিত অলপ এই বিষয়ে আভাস দিয়া হৈছে। খাদ্যৰ বিষয়ে বিশেষ জ্ঞান থকা DIETICIAN আৰু চিকিৎসকৰ উপদেশৰ সহায়ত ৰোগীসকলে নিজৰ খাদ্যৰ আঁচনি কৰিব পাৰে। মনত ৰাখিব যে যি খাদ্য খাব সেয়াই পোনপটীয়াকৈ গ্লুক’জৰ ওপৰত প্ৰভাৱ পেলাব। ডায়েবেটিছ ৰোগীৰ যি খাদ্যভ্যাস আৰু যাক পাছত বৰ্ণনা কৰা হৈছে সিয়েই GDMৰ মহিলাসকলৰো পাথেয়। কেলৰিৰ লগতে প্ৰটিনৰ পৰিমাণো মহিলাসকলক বেছিকৈ লাগে। (প্রায় ২৩ গ্রাম বেছিকৈ সাধাৰণ মানুহৰ তুলনাত)। মাছ-মাংস, কণী, গাখীৰ, মাহ জাতীয় খাদ্য এই সকলো গৰ্ভৱতী মহিলাৰ বাবে প্রয়োজনীয়। গতিকে গৰ্ভৱতী অৱস্থাত ডায়েবেটিছ ৰোগ হৈছে আৰু মাছ-মাংস খোৱা বাদ দিব লাগিব আদি যি মানুহৰ মনত ধাৰণা থাকে সেয়া শুদ্ধ নহয়।

আন ডায়েবেটিছ ৰোগীৰ দৰে GDM ৰ মহিলাসকলে ব্যায়াম কৰাটো অতি প্রয়োজনীয়। গৰ্ভাৱস্থাত ব্যায়াম কৰিব নেলাগে বুলিয়েই প্ৰায়ে ধাৰণা এটা আছে। কিন্তু আচল কথাটো হ’ল যে ব্যায়ামে মাতৃ আৰু শিশু উভয়কে উপকৃত কৰে। ব্যায়াম কৰা মহিলাৰ গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণ হৈ থাকে, উচ্চ ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস পায়, গৰ্ভাৱস্থাৰ যি ভৰিৰ ফুলা আদি হয় সেয়া কম হয়, শিশুৰ জন্মৰ প্ৰক্ৰিয়া সহজ হয় আৰু মন ভালে থাকে। আনহাতে শিশুৰ বিকাশক ব্যায়ামে সহায় কৰে, গৰ্ভৰ ভিতৰৰ শিশুৰ ওজন, তাক আৱৰি থকা জুলীয়া পদার্থ বা LIQUORE পৰিমাণ নিয়মীয়া হৈ থাকে আৰু স্নায়ুতন্ত্ৰৰ বিকাশ খুউব ভালকৈ হয়। জন্মৰ পাছতো শিশুৰ মেদবহুলতা নহয় আৰু বুদ্ধি বা IQ বেছি হয়। এই সকলো উপকাৰী কথাৰ বাবে সকলো GDM ৰ ৰোগীয়ে ব্যায়াম কৰা দৰকাৰ।

ব্যায়াম কৰিব লাগিব চিকিৎসক আৰু ব্যায়ামৰ বিশেষজ্ঞৰ পৰামৰ্শ মতে। নজনা-নুশুনাকৈ কৰা কিছুমান ব্যায়ামে উপকাৰৰ সলনি অপকাৰহে কৰিব পাৰে। যি ব্যায়াম বা খেলা-ধূলাত আঘাত পোৱাৰ সম্ভাৱনা থাকে যেনে- বাস্কেটবল খেলা, জিমনাচটিক্‌চ কৰা, ঘোঁৰা চলোৱা আদিৰ পৰা বিৰত থাকিব লাগে। যোগাসন কৰিব পাৰে, কিন্তু কিছুমান আসন গৰ্ভাৱস্থাত কৰিলে হানি হ’ব পাৰে। সেয়ে যোগাসনৰ বিষয়ে জ্ঞান থকা লোকৰ ওচৰত এই সময়ত কৰিব পৰা আসনসমূহ শিকি কৰিব পাৰে।
খোজ কঢ়া সবাতোকৈ নিৰাপদ ব্যায়াম। মহিলাসকলে Resistance Training অর্থাৎ ওজন লৈ কৰা ব্যায়ামৰ পৰাও উপকৃত হ’ব পাৰে। খোজকঢ়া হ’ল এৰবিক ব্যায়াম। ই গ্লুক’জৰ ব্যৱহাৰত সহায় কৰে। Resistance Trainingয়েও একেটাই কৰে কেৱল ই বেলেগ এটা ধৰণে কৰে। Resistance Training য়ে মাংসপেশীৰ আকৃতি ডাঙৰ আৰু সবল কৰি গ্লুকজৰ ব্যৱহাৰ কৰে। এনে ওজন লৈ কৰা ব্যায়াম সপ্তাহত ২-৩ বাৰ কৰিব লাগে ব্যায়ামৰ বিশেষজ্ঞৰ তত্ত্বাৱধানত। খোজ কঢ়া, চাইকেল চলোৱা, সাঁতোৰা, খুউব লাহে লাহে দৌৰা আদি Aerobic Exercise ১৫-৩০ মিনিট সপ্তাহত ৩-৪ দিন কৰিব লাগে। ব্যায়াম কৰিলে শৰীৰৰ তাপমাত্রা বৃদ্ধি পায়। ভিতৰত উত্তাপ বৃদ্ধি বেছি হ’লে গৰ্ভৰ শিশুৰ বাবে অপকাৰী হ’ব পাৰে। সেয়ে অত্যাধিক গৰম পৰিৱেশত ব্যায়াম নকৰি শীতল আৰু বতাহৰ চলাচল থকা ঠাইত মধ্যমীয়া গতিৰ ব্যায়াম কৰিব লাগে। ব্যায়ামৰ সময় ৪৫ মিনিটতকৈ কেতিয়াও বেছি হ’ব নেলাগে কাৰণ তেতিয়া শৰীৰৰ ভিতৰৰ উত্তাপ বেছিকৈ বৃদ্ধি হ’ব পাৰে।

ব্যয়ামৰ ক্ষেত্ৰত অতি সাৱধান হ’ব লাগে। খুউব খৰগতিত ব্যায়াম কৰিব নেলাগে আৰু শৰীৰটোৱে জোকাৰণি যাতে নেখায় তাৰ বাবে লক্ষ্য ৰাখিব লাগে। তলত দিয়া যিকোনো এটা হ’লে ব্যায়াম ততালিকে বন্ধ কৰিব লাগে—

  • ৰক্তক্ষৰণ বা যোনীয়েদি তেজ নিগৰা
  • মূৰ ঘূৰোৱা
  • মূৰ বিষোৱা
  • বুকুৰ বিষ
  • মাংসপেশীৰ দুৰ্বলতা
  • কেঁচুৱাৰ লৰচৰ কমকৈ পোৱা
  • উশাহ লওঁতে অসুবিধা হোৱা
  • কলাফুলৰ বিষ হোৱা আৰু ফুলি যোৱা

এনে হ’লে চিকিৎসকৰ পৰামৰ্শ লগে লগে ল’ব লাগে। GDM ৰ ক্ষেত্ৰত মাতৃ আৰু শিশুৰ স্বাস্থ্য দুয়োটাই জড়িত হৈ থাকে। গৰ্ভৱতী মহিলাসকলে, যিসকলৰ GDM হৈছে, তেওঁলোকে ভয় বা নিৰাপত্তাত বিতত নহৈ এটা যোগাত্মক মনেৰে অভিজ্ঞ চিকিৎসকৰ তত্ত্বৱধানত আগবাঢ়ি গ’লে ফলাফল সদায় ভালেই হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *