নৱবৰ্ষৰ শপত ।। অৰুণ কুমাৰ শৰ্মা
প্ৰতিবছৰে ফুলিব খোজা
আশাৰ খৰিকাজাঁইক
কোন নিধকহঁতে
ডিঙি চেপি কৰে হত্যা
তাৰ পাই পাই হিচাব আজি
ল’বৰ হ’ল।
বুজি লোৱা কোনে কৰে যুদ্ধ
গৰীৱৰ হাড়েৰে, কোনে লগাই
খৰিয়াল নিচলাৰ তেজেৰে
জোল খায় উচটাই
নিজক নিৰাপদে ৰাখি
চিকিউৰিটি য’নত।
সিহঁতৰ ডিঙিৰ জোখাৰে
সাজিবৰ হ’ল পাশুপাত অস্ত্ৰ
ৰণে ৰণচণ্ডী মূৰ্তি ধৰিবৰ হ’ল
এই পণ ঘৰে ঘৰে লৈ
পাতোঁ ব’লা উৎসৱ নৱবৰ্ষৰ।