অমৰ্ত্য সেনৰ স্মৃতিকথা ‘পৃথিৱীয়েই মোৰ ঘৰ’ : অৰ্থনীতি, দৰ্শনৰপৰা জীৱনবোধলৈকে এক অনন্য আৰু ব্যতিক্ৰমী দস্তাৱেজ ।। ড॰ চন্দনজ্যোতি চুতীয়া
মুক্ত চিন্তা। একাদশ বছৰ।। ৩য় সংখ্যা
বিশ্বৰ শ্ৰেষ্ঠ অৰ্থনীতিবিদসকলৰ ভিতৰত অমৰ্ত্য সেন অন্যতম। এগৰাকী অৰ্থনীতিজ্ঞ হিচাপেই তেওঁ ১৯৯০ চনত ‘Giovanni Agnelli International prize’ আৰু ১৯৯৮ চনত ন’বেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ‘ভাৰত-ৰত্ন’ সন্মানেৰেও বিভূষিত কৰে। এইগৰাকী অমৰ্ত্য সেন কেৱল এগৰাকী অৰ্থনীতিবিদেই নহয়; এগৰাকী দাৰ্শনিকো। বিশ্বজনীন মানৱতাবাদেই তেওঁৰ দাৰ্শনিক ভিত্তি। ১৯৫৭ চনৰপৰা ১৯৬৩ চনলৈকে তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজৰ ‘ফেলো’ আছিল। অমৰ্ত্য সেন যাদৱপুৰ বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, লণ্ডন স্কুল অৱ ইক’নমিক্স, অক্সফৰ্ড বিশ্ববিদ্যালয়, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, মাচাছুছেটছ্ ইনষ্টিটিউট অৱ টেকন’লজি, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আদিত অৰ্থনীতি আৰু দৰ্শনৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল। ‘চয়েচ অব্ টেকনিক’, ‘কালেকটিভ চইচ এণ্ড ছ’চিয়েল ৱেলফেয়াৰ’, ‘ডেভেলপ্মেণ্ট এজ ফ্ৰীডম’, ‘দ্য আগুৰ্মেণ্টেটিভ ইণ্ডিয়া’ আদি কেইবাখনো বিশ্ববিশ্ৰুত গ্ৰন্থৰ প্ৰণেতা অমৰ্ত্য সেন।
২০২১ চনত অমৰ্ত্য সেনৰ ‘Home in the World A Memoir’ গ্ৰন্থখন প্ৰকাশ পায়। এইখন সেনৰ এক বিস্ময়কৰ তথা ব্যতিক্ৰমী স্মৃতিকথা। সেনে তেওঁৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাক এই স্মৃতিকথাৰ জৰিয়তে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। ২০২৪ বৰ্ষত এই গ্ৰন্থখন ‘পৃথিৱীয়েই মোৰ ঘৰ স্মৃতি কথা’ শীৰ্ষকেৰে অসমীয়া ভাষালৈ অনূদিত হয়। অনুবাদ কৰিছে বিশিষ্ট অনুবাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ কল্যাণ ভূঞাই। এনে এখন গ্ৰন্থৰ অনুবাদে অসমীয়া অনুবাদ সাহিত্যক নিশ্চয়কৈ চহকী কৰিছে। সেনৰ ‘Home in the World A Memoir’ৰ ড॰ কল্যাণ ভূঞাৰ দ্বাৰা অনূদিত ‘পৃথিৱীয়েই মোৰ ঘৰ স্মৃতিকথা’ৰ আধাৰত এই আলোচনাটি প্ৰস্তুত কৰা হৈছে। প্ৰয়োজন অনুসৰি মূল গ্ৰন্থৰো সহায় লোৱা হৈছে। স্মৃতিকথাখন মূলতঃ পাঁচটা পৰ্বত বিভক্ত। প্ৰথম পৰ্বত লেখকে তেওঁৰ শৈশৱ, পৰিয়াল আৰু শিক্ষাজীৱনৰ আৰম্ভণিৰ সময়খিনি সামৰিছে। দ্বিতীয় পৰ্বত, ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষ, বংগৰ জাতীয় চেতনা, ভাৰত বিভাজন, সাম্প্ৰদায়িকতা, ঔপনিৱেশিক ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক আদি প্ৰসংগ আলোচিত হৈছে। তৃতীয় পৰ্বত আলোচিত হৈছে কলকাতাৰ নগৰীয়া জীৱন, কলেজ ষ্ট্ৰীট, মাৰ্ক্সবাদ, লেখকৰ ছাত্ৰজীৱনৰ ভিন্ন দিশ, ব্যক্তিগত সংগ্ৰাম (ৰোগৰ সৈতে যুদ্ধ), ইংলেণ্ড যাত্ৰাৰ প্ৰস্তুতিৰ প্ৰসংগ৷ চতুৰ্থ পৰ্বত লেখকে কেমব্ৰিজৰ ট্ৰিনিটি কলেজত অধ্যয়ন, তাত লগ পোৱা বন্ধুৰ সান্নিধ্য, অৰ্থনীতিৰ বিৰ্তক, ইউৰোপীয় সমাজ-ৰাজনীতি, শিক্ষক-চিন্তকসকলৰ সংস্পৰ্শৰ প্ৰসংগ অতি সাৱলীলভাৱে বৰ্ণনা কৰিছে। পঞ্চম পৰ্বত পাৰস্পৰিক সহযোগিতা, যুক্তি, বিশ্বদৃষ্টিৰ প্ৰসংগই স্থান লাভ কৰিছে।
স্মৃতিকথাৰ প্ৰথম পৰ্বত সেনে তেওঁৰ শৈশৱৰ প্ৰসংগ টানি আনি মাক-দেউতাক আৰু ককাক-আইতাকৰ সৈতে জড়িত ভিন্ন দিশ উন্মোচিত কৰিছে। গুৰুত্বপূৰ্ণ যে, সেনে তেওঁৰ মাক-দেউতাক, ককাক-আইতাকৰ প্ৰসংগ কেৱল পাৰিবাৰিক স্মৃতি হিচাপে আলোচনা কৰা নাই; তেওঁৰ মানসিক আৰু বৌদ্ধিক গঠনৰ মূল উৎস হিচাপে বিশ্লেষণ কৰিছে। সেনে তেওঁৰ দেউতাকক এগৰাকী যুক্তিবাদী, শিক্ষাৰ প্ৰতি আগ্ৰহী, শৃংখলাবদ্ধ ব্যক্তি হিচাপে উপস্থাপন কৰিছে। দেউতাকৰপৰা তেওঁ অধ্যয়নশীলতা, যুক্তিনিষ্ঠ দৃষ্টিভংগী আৰু জ্ঞানচৰ্চাৰ প্ৰতি প্ৰেৰণা লাভ কৰিছিল। তেওঁৰ মাক আছিল এগৰাকী সাংস্কৃতিকভাৱে আগবঢ়া আৰু দৃঢ়চেতা নাৰী। মাকৰপৰা লাভ কৰা সংবেদনশীলতা আৰু সমাজ-দায়বদ্ধ চেতনাৰ কথা সেনে তেওঁৰ স্মৃতিকথাত স্মৰণ কৰিছে।
ককাক-আইতাকৰ সান্নিধ্য আছিল সেনৰ বাবে এক পৰম উপহাৰ। যিকোনো কাম কৰাৰ সময়ত প্ৰকাশ পোৱা আইতাকৰ বৈজ্ঞানিক দৃষ্টিভংগীয়ে অমৰ্ত্য সেনক প্ৰভাৱান্বিত কৰিছিল। ককাক ক্ষিতিমোহন সেন আছিল এগৰাকী পণ্ডিত মানুহ। ককাকৰ দ্বাৰা শিশু অমৰ্ত্য যথেষ্ট প্ৰভাৱিত হৈছিল। ক্ষিতিমোহন সেন আছিল বিশ্বভাৰতীৰ এগৰাকী বিদ্বান শিক্ষক। ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশেষ সহযোগী। তেওঁ ভাৰতৰ হিন্দু আৰু মুছলমান সংস্কৃতিৰ পাৰস্পৰিক আদান-প্ৰদানৰ দীৰ্ঘ ইতিহাসৰ প্ৰতি গভীৰভাৱে ঔৎসুক্য আছিল। ককাকৰ পৰাই অমৰ্ত্য সেনে ভাৰতীয় সংস্কৃতি, সংস্কৃত সাহিত্য, ধৰ্মীয় সহিষ্ণুতা আৰু মুক্ত চিন্তাৰ পাঠ লাভ কৰিছিল। আইতাকে তেওঁক স্নেহ আৰু যত্নৰে আৱৰি ৰাখিছিল। ‘পৃথিৱীয়েই মোৰ ঘৰ’ পঢ়া যিকোনো পাঠকেই অনুভৱ কৰিব পাৰিব যে, অমৰ্ত্য সেনৰ মন আৰু চিন্তা যুক্তিবাদী, বিশ্বমুখী হৈ উঠাত তেওঁৰ ঘৰখনৰ সদস্যসকলৰ যথেষ্ট অৱদান আছে। দেশ বিভাজনৰ সময়ত তেওঁলোক ঢাকা এৰি কলকাতালৈ আহিব লগা হয়। কিন্তু ‘ঢাকা’ক হেৰুওৱাৰ দুখ শিশু অমৰ্ত্যৰ মনৰ পৰা আঁতৰি নগ’ল – ‘‘এখন সম্পূৰ্ণ পৃথিৱী মোৰ জীৱনৰ পৰা হেৰাই গ’ল। শান্তি নিকেতনত মোৰ জীৱন যিমানেই পূৰ্ণ হৈ নুঠক কিয়, সেই পূৰ্ণতাই কোনোপধ্যে ঢাকাক হেৰুওৱাৰ দুখ পাহৰাব নোৱাৰে। ’’ [পৃ-২২]
অমৰ্ত্য সেনক প্ৰথমে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় [ছেইণ্ট গ্ৰেগৰিক স্কুল]-ত নামভৰ্তি কৰোৱা হৈছিল। কিছুদিন তাতে তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। পাছত কেইবাটাও কাৰণত তেওঁক ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা স্থাপিত বিশেষ শিক্ষানুষ্ঠান ‘শান্তিনিকেতন’লৈ লৈ অনা হয়। এই সম্পৰ্কে স্মৃতিকথাত সেনে লিখিছে -‘‘ৰবীন্দ্ৰনাথৰ মৃত্যুৰ কেইমাহমানৰ পাছত, ১৯৪১ চনৰ অক্টোবৰ মাহত মই শান্তি নিকেতনলৈ যাত্ৰা কৰিলোঁ। ’’ [পৃ-৪২]
‘শান্তিনিকেতন’ৰ সামগ্ৰিক পৰিৱেশে অমৰ্ত্য সেনক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। তেওঁৰ স্মৃতিকথাৰ বহু পৃষ্ঠা ‘শান্তিনিকেতন’ৰ প্ৰসংগৰে সম্পূৰ্ণ হৈ আছে। মুকলি আকাশৰ তলত পাঠদান, প্ৰকৃতিৰ নিবিড় সান্নিধ্য, সংগীত-সাহিত্য-শিল্পৰ চৰ্চা, শংকামুক্ত পৰিৱেশে সেনক গভীৰভাৱে আকৃষ্ট কৰিছিল। এই পৰিৱেশেই সেনক মুক্ত চিন্তা, যুক্তিবাদ, বহুসংস্কৃতিবাদ, মানৱতাবোধ আৰু বিশ্বনাগৰিক চেতনা গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেনে তেওঁৰ স্মৃতিকথাত ‘শান্তিনিকেতন’ৰ ভিন্ন অভিজ্ঞতাৰ কথা বৰ মননশীলৰূপত উপস্থাপন কৰিছে –
‘‘এখন স্কুলত যে ইমান আনন্দ থাকিব পাৰে, শান্তি নিকেতনলৈ নাহিলে মই সেই কথা বুজিয়েই নাপালোঁহেঁতেন। মই কি কৰিব বিচাৰোঁ, সেই কথা ভাবিবলৈ অনেক স্বাধীনতা আছিল, শ্ৰেণীত কথা পাতিবলৈ ইমানবোৰ বুদ্ধিদীপ্ত সহপাঠী আছিল। শিক্ষকসকল আছিল একেবাৰে বন্ধুৰ নিচিনা আৰু পাঠ্যক্ৰমৰ বাহিৰৰ নানা বিষয়ৰ প্ৰশ্ন সুধিছিল – সৰ্বোপৰি ধৰাবন্ধা নিয়মৰ গণ্ডী আৰু কথাই কথাই কঠোৰ শাস্তিৰ ভয় নাছিল। ’’ [পৃ-৪৩]
‘শান্তিনিকেতন’ৰ মুকলি আকাশৰ তলত পাঠগ্ৰহণ কৰাৰ সন্দৰ্ভত সেনে কৈছে -‘‘পৰৱৰ্তী সময়ত যেতিয়া বহু বন্ধুৱে ভিৰৰ মাজত, শব্দবহুল ৰে’ল ষ্টেচনত, এয়াৰপৰ্টৰ গে’টৰ শাৰীত থিয় হৈ থকা অৱস্থাতো মোৰ কাম কৰাৰ সক্ষমতাৰ বিষয়ে মন্তব্য দিছিল, মোৰ তেতিয়া গোসাঁইজীৰ সেই কথাবোৰ মনত পৰিছিল, কি দৰে মুকলি আকাশৰ তলত বহি পঢ়া-শুনা কৰাৰ মাজত নানা বিক্ষিপ্ততাৰ উৎস থাকিলেও নিজকে সামৰি মনোযোগ বঢ়াব পাৰি।’’ [পৃ-৪৫]
‘শান্তিনিকেতন’ত শিক্ষা গ্ৰহণ কৰা আন এগৰাকী বিশেষ ব্যক্তি আছিল সত্যজিৎ ৰায়। শান্তিনিকেতনে সত্যজিৎ ৰায়ৰ জীৱনতো পেলোৱা গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কথা তেওঁ বিভিন্ন ঠাইত কৈছে। সেনে তেওঁৰ স্মৃতিকথাতো সত্যজিৎ ৰায়ৰ প্ৰসংগ আনিছে। ৰায়ে কোৱা এটি গুৰুত্বপূৰ্ণ বক্তব্য সেনে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে -‘‘মোৰ [সত্যজিৎ ৰায়] বিবেচনাত মই শান্তি নিকেতনত কটোৱা সেই তিনিটা বছৰেই আছিল মোৰ জীৱনৰ আটাইতকৈ ফলপ্ৰসূ সময়। ..শান্তিনিকেতনতে প্ৰথম ভাৰতীয় আৰু সুদূৰ প্ৰাচ্যৰ অগাধ শিল্পভাণ্ডাৰৰ প্ৰতি মোৰ দৃষ্টি প্ৰসাৰিত হৈছিল। তাৰ আগেয়ে মই পশ্চিমীয়া শিল্প, সংগীত আৰু সাহিত্যতে সম্পূৰ্ণকৈ ডুব গৈ আছিলোঁ। …প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলনেৰে এই যে মইটো, সেয়া শান্তিনিকেতনৰ নিৰ্মাণ। ’’ [পৃ-৪৬]
স্বতন্ত্ৰতাৰ চৰ্চা আৰু কোনো বিষয় যুক্তিৰে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা সেনে ‘শান্তিনিকেতন’তে উপলব্ধি কৰিব পাৰিছিল। সেয়ে তেওঁ সেই সময়ৰ কথা সুঁৱৰি লিখিছে -‘‘শান্তি নিকেতনত পঢ়া-শুনা কৰিয়েই এই বিষয়টো মোৰ বাবে অধিক পৰিষ্কাৰ হৈছিল যে স্বতন্ত্ৰতাৰ চৰ্চা আৰু কোনো বিষয় যুক্তিৰে বিশ্লেষণ কৰা, এই দুয়োধৰণৰ চৰ্চাই একেলগে কৰা উচিত। ’’ [পৃ-৪৮] ‘‘স্বতন্ত্ৰতা আৰু যুক্তিৰ এই ব্যতিক্ৰমী যুগলবন্দী মোৰ সমগ্ৰ জীৱনৰ সংগী হৈ আছে। ’’ [পৃ-৪৯]
বংগৰ দুৰ্ভিক্ষ আৰু দাৰিদ্ৰৰ অভিজ্ঞতা সেনৰ জীৱনৰ এক টাৰ্নিং পইণ্ট হিচাপে বিবেচিত কৰিব পাৰি। তেওঁ লিখিছে -‘‘বংগৰ দুৰ্ভিক্ষৰ দুঃস্বপ্নই মোৰ মনত এটা জেদৰ সৃষ্টি কৰিছিল – আৰু কোনো দিনে যাতে দুৰ্ভিক্ষ নহয়, তাৰ বাবে যি পাৰোঁ কৰিম। ’’ [পৃ-১৩৩] পৰৱৰ্তী সময়ত তেওঁৰ গৱেষণাৰ বিষয় হৈ পৰিছিল দৰিদ্ৰ জনগণৰ জীৱন-যাত্ৰাৰ অৰ্থনৈতিক বিচাৰ। কল্যাণকামী অৰ্থনীতি, সামাজিক চয়ন তত্ত্ব, দৰিদ্ৰতা আৰু বৈষম্য, দুৰ্ভিক্ষ, মানুহৰ কল্যাণ আদি দিশবোৰেই আছিল তেওঁৰ গৱেষণাৰ কেন্দ্ৰবিন্দু।
অমৰ্ত্য সেনে উচ্চশিক্ষা গ্ৰহণ কৰে কলিকতাৰ প্ৰেছিডেন্সি কলেজত। সেই সময়ত কলেজখন ভাৰতৰ এক অনন্য সজীৱ বৌদ্ধিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। তাত তেওঁ মেধাৱী শিক্ষক আৰু চিন্তাশীল সহপাঠীৰ সংস্পৰ্শ লাভ কৰিছিল। ইয়াতে সামাজিক ন্যায়, সামাজিক চয়ন তত্ত্ব, দৰিদ্ৰতা, বৈষম্য আদি বিষয়ৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ জন্মে। এই সময়ছোৱাত তেওঁৰ যুক্তিবাদী মনোভাব আৰু বিশ্লেষণী ক্ষমতা বিশেষভাৱে বৃদ্ধি পায়। সেনে তেওঁৰ স্মৃতিকথাত প্ৰেছিডেন্সি কলেজৰ কথা সুঁৱৰি বহু কথা লিখিছে – ‘‘প্ৰেছিডেন্সী কলেজে যি বৌদ্ধিক প্ৰত্যাহ্বান আগবঢ়াইছিল, তাত যথেষ্ট উত্তেজনাৰ খোৰাক আছিল, কিন্তু সেই শ্ৰেণীকক্ষ আৰু প্ৰাতিষ্ঠানিক লেখা-পঢ়াৰ বৃত্তত আৱদ্ধ হৈ আছিলোঁ বুলিলে সেয়া মোৰ কলেজ জীৱনৰ সঠিক বৰ্ণনা নহ’ব। কিয়নো, যিমান সময় কফি হাউছত হোৱা আলোচনাত মজি আছিলোঁ, সেয়া মোৰ ক্লাছৰ সময়তকৈ কম নাছিল।’’ [পৃ-২১৮] সেনে কলকাতাৰ কফি হাউছৰ সজীৱ আড্ডা, জ্ঞানচৰ্চাৰ আনন্দ আৰু বন্ধুত্বৰ গুৰুত্বৰ লগতে কলেজ ষ্ট্ৰীটৰ কিতাপৰ প্ৰসংগও অতি আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিছে -‘‘অচিৰেই কফি হাউছৰ কোণত খুন্দ খাই থকা কলেজ ষ্ট্ৰীটৰ অনেক কিতাপৰ দোকানত ডুব মাৰিছিলোঁ, সেয়া আছিল আনন্দ আৰু জ্ঞানৰ খনি। মোৰ বৰ প্ৰিয় আছিল দাশগুপ্ত, ১৮৮৬ চনত প্ৰতিষ্ঠিত কিতাপৰ দোকানখনক মই লাইব্ৰেৰীৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিলোঁ। মালিক-কাম-মেনেজাৰজনৰ ধৈৰ্যৰ অভাৱ নাছিল, মই আৰু সুখময়ে তেওঁৰ প্ৰশ্ৰয় পাই তাত বহু সময় পাৰ কৰিছিলোঁ, নতুনকৈ অহা কিতাপ পঢ়িছিলোঁ। তেতিয়া আমাৰ কিতাপ কিনাৰ টকা নাছিল, ফলত সেয়া আছিল আমাৰ বাবে সুবৰ্ণ সুযোগ। কেতিয়াবা কেতিয়াবা তেওঁ এৰাতিৰ বাবে আমাক কিতাপ ধাৰলৈ দিছিল এই চৰ্তত যে যেনে অৱস্থাত নিছোঁ, ঠিক তেনে অৱস্থাতে কিতাপ ঘূৰাই দিব লাগিব। (মাজে মাজে কিতাপখনত খবৰ কাগজেৰে ক’ভাৰ লগাই দিছিল।) এবাৰ কোনোবা বন্ধুৱে আমাৰ লগত গৈ দোকানখনত প্ৰশ্ন কৰিছিল -‘অমৰ্ত্যৰ ওচৰত কিতাপ কিনাৰ টকা নাথাকে, আপুনি একো নাভাবে?’ উত্তৰত তেওঁ কৈছিল ‘মইতো গহনাৰ দোকান দিলে বেছি উপাৰ্জন কৰিব পাৰিম। তুমি সুধিব পাৰা, তাকে নকৰি মই কিতাপৰ দোকান দিছোঁ কিয়?’’ [পৃ-২১৯]
কলকাতাতেই ভৱিষ্যৎ গৱেষণাৰ দিশে সেনৰ মগজুত পোখা মেলিছিল। এই বিষয়ে সেনে স্মৃতিকথাত লিখিছে -‘‘১৯৫১ চনত মই আৰু সুখময় যেতিয়া প্ৰেছিডেন্সী কলেজত স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ, সামাজিক চয়ন তত্ত্বত কেনেথ এৰোৰ যুগান্তকাৰী গৱেষণা গ্ৰন্থ ‘ছ’চিয়েল ছায়েন্স এণ্ড ইণ্ডিভিজুৱেল ভেলুজ’ নিউইৰ্য়কৰ পৰা প্ৰকাশিত হৈছিল। সুখময়ে ততাতৈয়াকৈ এটা কপী ধাৰলৈ আনিলে।’’ [পৃ-২২২]
‘‘মোৰ দীঘলীয়া বৌদ্ধিক চৰ্চাত এৰোৰ সামাজিক চয়ন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। আজি পাছলৈ ঘূৰি চালে বিস্ময়েৰে (আৰু আনন্দেৰে) ভাবোঁ, ইয়াৰ সূচনা হৈছিল কলকাতাত স্নাতক পৰ্যায়ত মোৰ ছাত্ৰজীৱনৰ প্ৰথম বৰ্ষটোতে, আৰু তাৰ আৰম্ভ হৈছিল কলেজ ষ্ট্ৰীটৰ এখন কিতাপৰ দোকানৰ পৰা এৰাতিৰ বাবে বন্ধুৱে ধাৰ কৰি অনা এখন কিতাপৰ পৰা।’’ [পৃ-২২৫]
প্ৰেছিডেন্সি কলেজত পঢ়ি থকাৰ সময়তে অৰ্থাৎ যুৱাৱস্থাতে সেন মুখগহ্বৰৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈছিল। সেই সময়ত এই ৰোগটো যথেষ্ট গুৰুতৰ বুলি ভবা হৈছিল আৰু চিকিৎসকসকলে বেছি আশা নেদেখুৱাইছিল। কলকাতা আৰু পিছত উন্নত চিকিৎসাৰ জৰিয়তে তেওঁ ৰেডিয়েছন চিকিৎসা গ্ৰহণ কৰে। দীঘলীয়া চিকিৎসা, শাৰীৰিক কষ্ট আৰু অনিশ্চয়তাৰ মাজতো সেনে মানসিক দৃঢ়তা হেৰুওৱা নাছিল। অৱশেষত তেওঁ ৰোগমুক্ত হয় আৰু স্বাভাৱিক জীৱনলৈ উভতি আহে। এই অভিজ্ঞতাই তেওঁৰ মনত স্বাস্থ্যসেৱা, মানৱজীৱনৰ অনিশ্চয়তা আৰু সামাজিক সুৰুক্ষাৰ প্ৰতি গভীৰ সচেতনতাৰ সৃষ্টি কৰে। এই অভিজ্ঞতাৰ কথা সুঁৱৰি সেনে তেওঁৰ স্মৃতিকথাত লিখিছে -‘‘আমাৰ জীৱনবোৰ আচলতে অসংখ্য অভিজ্ঞতাৰ শৃংখল আৰু কিছুকালৰ চিকিৎসাৰ অভিজ্ঞতা তাৰেই অংশ। গতিকে ব্যাধিৰ কবলৰ পৰা বাচি উঠিব পাৰিলোঁ নে ব্যৰ্থ হ’লোঁ, আমি কেৱল সেই পৰিণতিটোৰ কথা ভাবিলে নহ’ব; কেনেকৈ সেই দুৰ্বিপাকৰ মোকাবিলা কৰিছোঁ, সেয়াও জীৱনৰ পৰম প্ৰাপ্তি। আন কথাত ক’বলৈ হ’লে, যুদ্ধৰ সময়ত জীৱনটো কেনে আছিল সেয়াও মনত ৰখাটো দৰকাৰ, আৰু এই কথাও সঁচা যে কেন্সাৰৰ বেলিকা যুদ্ধখন বেছ দীঘলীয়াই হয়।’’ [পৃ-২৬২]
অমৰ্ত্য সেনে প্ৰেছিডেন্সি কলেজত অধ্যয়ন সমাপ্ত কৰি উচ্চতৰ অধ্যয়ন, গৱেষণাৰ বাবে ইংলেণ্ডৰ ট্ৰিনিটি কলেজলৈ ৰাওনা হয়। সেই সময়ত ইউনিভাৰ্ছিটি অব্ কেমব্ৰিজ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বৌদ্ধিক কেন্দ্ৰ আছিল। তালৈ গৈ সেনে অৰ্থনীতিৰ গভীৰ অধ্যয়ন আৰম্ভ কৰে আৰু সেই সময়ৰ বিশিষ্ট অৰ্থনীতিবিদকলৰ সংস্পৰ্শ লাভ কৰে। ট্ৰিনিটি কলেজৰ মুক্ত বিৰ্তকমুখী পৰিৱেশ, তাত্ত্বিক আলোচনা আৰু বিশ্বমুখী চিন্তাজগতৰ সংযোগে তেওঁৰ চিন্তাধাৰাক নতুন মাত্ৰা প্ৰদান কৰে।
ট্ৰিনিটি কলেজত লগ পোৱা শিক্ষক, বন্ধুমহলৰ সান্নিধ্য সেনৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আছিল। সকলোৰে লগত মত বিনিময় কৰি তেওঁ বিশেষভাৱে উপকৃত হৈছিল। এই মত বিনিময়ে তেওঁৰ চিন্তাক অধিক বিস্তৃত, শাণিত আৰু সমালোচনামূলক কৰি তোলে। সেনে ট্ৰিনিটিত লগ পোৱা শিক্ষকসকলৰ ভিতৰত – পিয়েৰ’ শ্ৰাফা, মৰিচ ডব, ডেনিছ ৰবাৰ্টছন, জোন ৰবিনছন, নিক’লাছ কালডৰ, ৰিচাৰ্ড কান আদি অন্যতম। সেনে তেওঁৰ স্মৃতিগ্ৰন্থত এনে বহু ব্যক্তিৰ কথা উল্লেখ কৰিছে, যাৰ সান্নিধ্যৰে তেওঁ উপকৃত হৈছে। ইয়াত অৰ্থনীতিবিদ, দাৰ্শনিকৰ পৰা সাহিত্যিকলৈকে আছে। অমৰ্ত্য সেনে তেওঁৰ জীৱনকালত সান্নিধ্য লাভ কৰা এই ব্যক্তিসকলৰ ভিতৰত -লুডৱিগ উইটগেনষ্টাইন, গ্ৰাম্ছী, মহবুব উল হক, লাল জয়ৱৰ্ধনে, পল ছেমুৱেলছন, ৰবাৰ্ট ছল’, প্ৰশান্তচন্দ্ৰ মহলানবীশ, হিকছ, হেনৰী ডিৰোজিয়ো, ভৱতোষ দত্ত, তাপস মজুমদাৰ, তপন ৰায়, পাৰ্থ গুপ্ত, আন্দ্ৰে বেটেই, ৰমিলা থাপাৰ, সুখময়, জন মৰিচন, ডেভিদ এপষ্টাইন, এলেন হেছ, ইয়ান হেকিঙ, ছালভে ছালভেছেন, ৰমেশ গাংগুলি, মনমোহন সিং, ফ্ৰেংক হান অন্যতম। ট্ৰিনিটিত পঢ়িবলৈ গৈ সেনে বহু দেশ ভ্ৰমণ কৰিলে। অধ্যয়ন আৰু কৰ্মসূত্ৰেও তেওঁ বহু ঠাইত থাকিব লগা হ’ল। সেনৰ বুকুত নিগাজি হৈ থকা ঠাইবোৰৰ ভিতৰত – ঢাকা, শান্তিনিকেতন, কলকাতা, কেমব্ৰিজ, লণ্ডন, দিল্লী, যাদৱপুৰ, বাৰ্কলি (কেলিফৰ্নিয়া), ষ্টেনফৰ্ড, হাৰ্ভাৰ্ড, এম আই টি, অক্সফৰ্ড, বষ্টন, নিউইয়ৰ্ক, ৰোম, পেৰিছ, ইটালি আদি। নানা ঠাইৰ অভিজ্ঞতাৰে তেওঁ সমৃদ্ধ। সেইবাবে তেওঁ নিজকে কেৱল এখন ঠাইৰ মানুহ বুলি নকৈ বহুসংস্কৃতিৰ মাজত গঢ় লৈ উঠা বিশ্বনাগৰিক হিচাপে পৰিচয় দিছে। সেয়ে তেওঁৰ স্মৃতিকথাৰ নামটোও তাৎপৰ্যপূৰ্ণ হৈ উঠিছে – ‘Home in the world’ অৰ্থাৎ ‘পৃথিৱীয়েই মোৰ ঘৰ’। অমৰ্ত্য সেনৰ স্মৃতিকথাত বন্ধু বা শিক্ষকৰ সৈতে কৰা বাৰ্তালাপ বা আড্ডাই বিশেষ গুৰুত্ব লাভ কৰিছে। সেনে আড্ডাক কেৱল অৱসৰ বিনোদনৰ মাধ্যম বুলি ভবা নাছিল; চিন্তা গঢ়া, জ্ঞান বিস্তাৰ কৰা আৰু মত বিনিময়ৰ এক সৃজনশীল মাধ্যম বুলি হয়তো ভাবিছিল। বিভিন্ন সময়ত লগ পোৱা বিভিন্নজনৰ সৈতে দিয়া আড্ডাই তেওঁক ভিন্নধৰণে সমৃদ্ধ কৰিছিল। এই আড্ডাবোৰৰ মাধ্যমেৰে তেওঁ ভিন্ন মত শুনিবলৈ, যুক্তিৰে নিজৰ মত দাঙি ধৰিবলৈ, সমালোচনাত্মক চিন্তা গঢ় দিবলৈ, সংকীৰ্ণতা এৰি উদাৰ মানসিকতা লাভ কৰিবলৈ প্ৰেৰণা লাভ কৰিছিল। সেনে তেওঁৰ স্মৃতিকথাত তেওঁৰ পত্নী নৱনীতা সেনৰ কথা অতি সন্মান, স্নেহ আৰু কৃতজ্ঞতাৰে উপস্থাপন কৰিছে। তেওঁক কেৱল পত্নী হিচাপে নহয়, এগৰাকী স্বতন্ত্ৰ প্ৰতিভাসম্পন্ন সাহিত্যিক, বুদ্ধিদীপ্ত সংগী আৰু প্ৰাণময় ব্যক্তিত্বৰ অধিকাৰিণী হিচাপে দেখুৱাইছে।
ট্ৰিনিটিত গৱেষণা কৰি থকা সময়তেই সেন ভাৰতলৈ উভতি আহি যাদৱপুৰ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত যোগদান কৰে। অতি কম বয়সতে অধ্যাপক আৰু বিভাগীয় মুৰব্বী হিচাপে কৰ্মত আত্মনিয়োগ কৰি নতুন উদ্যমেৰে পাঠদান, গৱেষণা আৰু বিভাগ গঢ়ি তোলাৰ কাম আৰম্ভ কৰে। পাছত পুনৰ ইউনিভাৰ্ছিটি অব কেমব্ৰিজলৈ গৱেষণাৰ কাম আগবঢ়াবলৈ যায় আৰু লাহে লাহে আন্তৰ্জাতিক খ্যাতিসম্পন্ন অৰ্থনীতিবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰে।
অধ্যেতা ৰূপত অমৰ্ত্য সেনঃ
অমৰ্ত্য সেন শিশু অৱস্থাৰপৰাই অধ্যয়ন আৰু জ্ঞানচৰ্চাৰ সৈতে জড়িত হৈ পৰিছিল। পৰিয়ালৰ পৰাই এই ক্ষেত্ৰত তেওঁ অনুপ্ৰেৰণা লাভ কৰিছিল। বিশেষকৈ ককাক ক্ষিতিমোহন সেনৰ সান্নিধ্যত তেওঁ অতি সৰু বয়সতেই পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। ‘শান্তিনিকেতন’লৈ যোৱাৰ পাছত তাৰ মুক্ত পৰিৱেশত বিভিন্ন বিষয়ৰ গ্ৰন্থ পঢ়া, প্ৰশ্ন কৰা আৰু নিত্য-নতুন প্ৰসংগ জনাৰ প্ৰতি বিশেষভাৱে আগ্ৰহী হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰে। প্ৰখ্যাত অৰ্থনীতিবিদ, দাৰ্শনিক অমৰ্ত্য সেনৰ মূলতে এই অধ্যেতা অমৰ্ত্য সেনেই ক্ৰিয়াশীল আছিল বুলি ক’ব পাৰি।
শৈশৱ তথা শান্তিনিকেতনৰ পৰ্যায়ত সেনে মূলতঃ সাহিত্য, সংস্কৃতি আৰু নৈতিক শিক্ষা সম্পৰ্কীয় পঢ়া-শুনাত ব্যস্ত আছিল। এই সময়ত তেওঁ ৰবীন্দ্ৰনাথৰ ৰচনা [কবিতা, প্ৰবন্ধ] পঢ়িছিল। তেওঁ স্মৃতিকথাত কৈছে -‘ৰবীন্দ্ৰনাথৰ ‘নদী’ কবিতাটো মই একে উশাহেৰে পঢ়ি পেলাইছিলোঁ।’ [পৃ-২৮] সেনে বাংলা সাহিত্য পঢ়া আৰম্ভ কৰিছিল। ‘চৰ্যাপদ’ [পৃ-৩৪], হুমায়ুন কবীৰৰ উপন্যাস – ‘নদী আৰু নাৰী’ [১৯৪৫] [পৃ-৩৬-৩৭] আদি এই সময়তে তেওঁ পঢ়িছিল। ‘শান্তিনিকেতন’ত পঢ়ি থকাৰ সময়ত তেওঁলোকে পত্ৰিকা এখন প্ৰকাশ কৰি উলিয়াইছিল। নাম দিছিল- ‘স্ফুলিংগ’। এই নামকৰণত লেনিনৰ প্ৰভাৱ প্ৰত্যক্ষ কৰা যায় (লেনিনৰ পত্ৰিকাখনৰ নাম আছিল ইছ্ক্ৰা, যাৰ অৰ্থ স্ফুলিংগ)।
ককাক ক্ষিতিমোহনৰ প্ৰভাৱৰ কথা উল্লেখ কৰি সেনে লিখিছে-‘‘প্ৰাচীন সংস্কৃত সাহিত্যৰ পৰা তেওঁ চাৰ্বাক আৰু ৰামায়ণত থকা জাবালিৰ বক্তব্যসহ অনেক অজ্ঞেয়বাদী আৰু নাস্তিক ধাৰাৰ কথা উল্লেখ কৰিলে আৰু লোকায়তৰ দাৰ্শনিকসকলৰ কামৰ কথা ক’লে। ক্ষিতিমোহনে মোক চতুৰ্থ শতিকাত প্ৰকাশিত মাধৱাচাৰ্যৰ সংস্কৃত কিতাপ ‘সৰ্বদৰ্শন সংগ্ৰহ’ৰ কথাও ক’লে। এই গ্ৰন্থৰ প্ৰথম অধ্যায়টোৱেই আছিল নাস্তিক ধাৰাৰ লোকায়ত দৰ্শনৰ সংবেদী ব্যাখ্যা। মোৰ সেই বয়সত সংস্কৃত পাঠৰ প্ৰতি থকা প্ৰৱল হেঁপাহৰ ফলত উৎসাহেৰে সেই চৰ্চাত নামি পৰিলোঁ। মাধৱাচাৰ্য মই পঢ়া লেখকসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ, বেলেগ বেলেগ অধ্যায়ত তেওঁ দেখুৱাইছে, কেনেকৈ যুক্তি প্ৰসাৰিত কৰি নানা বিৰোধী দাৰ্শনিক অৱস্থানৰ সপক্ষে ব্যাখ্যা আগবঢ়াব পাৰি। এই কিতাপখনৰ প্ৰথম অধ্যায়ত বস্তুবাদ আৰু নাস্তিকতাৰ সপক্ষে দিয়া তেওঁৰ ব্যাখ্যা এই দৃষ্টিভংগীৰ বিষয়ে পঢ়া শ্ৰেষ্ঠতম ৰচনাসমূহৰ অন্যতম। ’’ [পৃ-৭২]
‘‘হিন্দু ধৰ্মৰ ৰচনাসমূহত অজ্ঞেয়বাদী আনকি নাস্তিকতাবাদী চিন্তা-ভাৱনায়ো স্থান পাইছে, এই কথাই মোক বৰ আচৰিত কৰে। অৱশ্যে সামান্য হতাশো হওঁ – এই প্ৰসাৰিত ধাৰণা অনুসৰি আনকি নাস্তিকৰো তেন্তে ধৰ্মৰ হাতত নিস্তাৰ নাই।’’ [পৃ-৭৩] কলকাতা তথা প্ৰাৰম্ভিক উচ্চ শিক্ষাৰ পৰ্যায়তে সেনৰ অধ্যয়নৰ বিষয় সম্প্ৰসাৰিত হয়। এই সময়ত তেওঁ বিশেষভাৱে অৰ্থনীতি, গণিত আৰু যুক্তিবিদ্যা অধ্যয়ন কৰে। অধ্যয়ন, গৱেষণাৰ বাবে কেমব্ৰিজলৈ যোৱাৰ পাছত অধ্যেতা হিচাপে অমৰ্ত্য সেন অধিক ৰূপত বিকশিত হয়। সেনে তেওঁৰ স্মৃতিকথাত বিভিন্ন সময়ত তেওঁ অধ্যয়ন কৰা গ্ৰন্থ আৰু লেখকৰ নাম শ্ৰদ্ধা সহকাৰে উল্লেখ কৰিছে।
সেনে সংস্কৃত ভাষা আৰু ব্যাকৰণ অতি মনোযোগেৰে পঢ়িছিল। এই সম্পৰ্কে তেওঁ কৈছে -‘‘সংস্কৃত ভাষা আৰু ব্যাকৰণৰ পাঠত মগ্ন হৈ পৰিছিলোঁ। চতুৰ্থ শতিকাৰ প্ৰখ্যাত বৈয়াকৰণিক পাণিনি অধ্যয়ন মোৰ জীৱনজোৰা বৌদ্ধিকচৰ্চাৰ আন যিকোনো প্ৰয়াসৰ নিচিনাই আছিল উত্তেজনাময়। দৰাচলতে, কেৱল সংস্কৃতচৰ্চা বুলিয়ে নহয়, জ্ঞানচৰ্চাৰ যিকোনো ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ হ’লে কি কি বুনিয়াদী চাহিদা পূৰণ কৰিব লাগে, সেয়া পাণিনি পঢ়িয়েই শিকিছিলোঁ। আমি যাক জ্ঞান বুলি কওঁ, সেয়া যে আচলতে উপলব্ধিৰ সুনিৰ্দিষ্ট বৰ্গীকৰণ – পাণিনিৰ এই অন্তদৃৰ্ষ্টি জীৱনত বাৰে বাৰে মোৰ কাষলৈ উভতি আহিছে।’’ [পৃ-১০৫]
সংস্কৃত নাটক, মহাকাব্য দুখন, বুদ্ধৰ চিন্তা তথা দৰ্শন আদিৰ প্ৰতিও তেওঁ আছিল অতি আগ্ৰহী। এই সম্পৰ্কে স্মৃতিকথাত তেওঁ লিখিছে – ‘‘সংস্কৃত সাহিত্যৰ মাজত মোৰ বিশেষ প্ৰিয় আছিল কালিদাস, শূদ্ৰক, বাণসহ অন্যান্য নাট্যকাৰসকলৰ দুৰ্দান্ত নাটকসমূহ – সেই কিতাপবোৰ পঢ়াৰ মজাটোতো আছিলেই, লগতে সেইবোৰে নানা ধৰণৰ প্ৰশ্ন উদ্ৰেককাৰী দাৰ্শনিক সমস্যাৰ লগতো পৰিচয় কৰি দিছিল। একে সময়তে দুই মহাকাব্য, ৰামায়ণ আৰু মহাভাৰতৰ মাজত ডুব গৈ আছিলোঁ।’’ [পৃ-১০৬]
‘‘সেই সৰু কালতে ককাই দিয়া এখন সৰু কিতাপৰ মাজেৰে গৌতম বুদ্ধৰ চিন্তাৰ সৈতে ঘটা মোৰ প্ৰথম পৰিচয়ৰ পৰাই মই কিয় ইমান গভীৰভাৱে প্ৰভাৱিত হৈছোঁ…তেতিয়া মোৰ বয়স দহ বা এঘাৰ বছৰ হ’ব আৰু মোৰ মনত পৰে, দুটা কথাই মোক অভিভূত কৰিছিল; বুদ্ধৰ যুক্তিৰ স্বচ্চতা আৰু বিচাৰবুদ্ধিসম্পন্ন যি কোনো লোকৰ বাবে তেওঁৰ সুলভতা।’’ [পৃ-১০৭]
সেনৰ অধ্যয়ন আছিল বহুমাত্ৰিক। এই বহুমাত্ৰিক অধ্যয়নে তেওঁক কিদৰে সমৃদ্ধ কৰিছিল তাৰো উল্লেখ তেওঁ কৰিছে – ‘‘সৌভাগ্যবশতঃ কিছুদিনৰ ভিতৰতে আৱিষ্কাৰ কৰি পেলালোঁ, গণিত আৰু সংস্কৃতত মোৰ আগ্ৰহৰ মাজত এটা পৰিপূৰক সম্পৰ্ক আছে। এয়া উপলব্ধি কৰি মোৰ বৰ আনন্দ লাগিল যে মই অতি স্বাচ্ছন্দে মোৰ অতি প্ৰিয় কালিদাসৰ অপূৰ্ব কাব্য ‘মেঘদূত’ আৰু শুদ্ৰকৰ জটিল নাটক ‘মৃচ্চকটিকম’ৰ পৰা আৰম্ভ কৰি আৰ্যভট্ট, ব্ৰহ্মগুপ্ত আৰু ভাস্কৰৰ গণিত আৰু জ্ঞানতত্ত্বলৈ যাব পাৰিম। বস্তুতঃ মোৰ দুটা সকলোতকৈ আগ্ৰহৰ বিষয় – সামাজিক চয়ন আৰু সিদ্ধান্ততত্ত্ব – এই দুয়োটাই এইসকল গণিতশাস্ত্ৰীৰ সংস্কৃত ৰচনাৰ মাজত নিশ্চিন্ত আশ্ৰয় লাভ কৰিছিল। ’’ [পৃ-১১০]
আৰ্যভট্টৰ সন্দৰ্ভত সেনে কৈছে -‘‘আৰ্যভট্টৰ ‘আৰ্যভট্টীয়’ নামৰ কিতাপখন, এইখন আছিল মোৰ অত্যন্ত প্ৰিয় কিতাপ আৰু এইখন পঢ়ি বৰ উপকৃত হৈছিলোঁ। ’’ [পৃ-১১০]
সেনে তেওঁৰ স্মৃতিকথাত উল্লেখ কৰা আৰু কিছু গুৰুত্বপূৰ্ণ প্ৰসংগ তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। কাৰণ অধ্যেতা সেনক বুজিবলৈ হ’লে এই কথাকেইষাৰৰ নিশ্চয়কৈ প্ৰাসংগিকতা আছে।
‘‘মহাকাব্য তথা প্ৰাচীন শাস্ত্ৰৰ পাঠৰ লগে লগে মই প্ৰথম সহস্ৰাব্দ আৰু পৰৱৰ্তী সময়ৰ জয়দেৱ আৰু মাধৱাচাৰ্যৰ পৰা আৰম্ভ কৰি কবীৰ আৰু সম্ৰাট আকবৰৰ উপদেষ্টা আৰু সহযোগী আবুল ফজলৰ নিচিনা চিন্তাবিদসকলৰ যুক্তি আৰু ভাৱনাৰ বিষয়েও পঢ়িব লগা হৈছিল। প্ৰচলিত মতৰ বিৰুদ্ধে এইসকলৰ বলিষ্ঠ অৱস্থানে মোক ৰোমাঞ্চিত কৰিছিল। এইসকলৰ মহান চিন্তাৰ ঐতিহ্যই যেনেকৈ মুগ্ধ কৰে, তেনেকৈয়ে আকৌ ভাৰতীয় সংস্কৃতিৰ ধাৰণাক এটা অতি সংকীৰ্ণ গণ্ডীৰ মাজত আৱদ্ধ কৰি পেলোৱাৰ যি প্ৰয়াস সক্ৰিয় হৈছিল, সি বৰ কষ্ট দিয়ে।’’ [পৃ-১১২]
‘‘চতুৰ্থ খ্ৰীষ্টাব্দত লিখা শূদ্ৰকৰ নাটক ‘মৃচ্চকটিকম’ৰ নায়িকা বসন্তসেনাকেই ধৰি লওক – এই নাটকখনত নানা মৌলিক তথা অন্তৰ্ঘাতী ধাৰণাৰ মিশ্ৰণত বেছ কিছু বিশিষ্ট আৰু গুৰুত্বপূৰ্ণ চিন্তা দেখা যায়। এইবোৰৰ মাজত অন্যতম হ’ল এই যে, প্ৰত্যেক মানুহৰেই কেইবাটাও পৰিচয় থাকে – মানুহক কেৱল হিন্দু-মুছলমানৰ নিচিনা এটা ধৰ্মীয় বা জাত-পাতভিত্তিক পৰিচিতিৰ ভিত্তিত জাপি দিয়া বিভাজনক প্ৰতিহত কৰাৰ কামত এই ধাৰণাটোৱে মোক বৰ সহায় কৰিছিল, মোৰ স্কুলীয়া জীৱন আগবাঢ়ি যোৱাৰ লগে লগে সমাজত এই পৰিচয়ভিত্তিক বিভাজনো বাঢ়িবলৈ ধৰিছিল।’’ [পৃ-১১২]
‘‘মোক ভবাই তোলা মৃচ্চকটিকমৰ দ্বিতীয় বিষয়টো হ’ল, চাৰু দত্তই বিশ্বৰ সন্মুখত দাঙি ধৰা বিধিতাত্ত্বিক দিশটো।’’ [পৃ-১১৩]
‘বেদ’ পঢ়াৰ অভিজ্ঞতাৰ কথা সেনে এনেদৰে কৈছে -‘‘ষাঠি বছৰৰ আগতে যেতিয়া প্ৰথম ‘বেদ’ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মই এই গ্ৰন্থৰ উচ্চাংগ ৰূপটো দেখিছিলোঁ – তাক হিন্দু ধৰ্মৰ ভিত্তি হিচাপে নহয়, বা বেদত সূক্ষ্মাতিসূক্ষ্ম গণিতৰ অস্তিত্ব আছে বুলি যিদৰে এতিয়া বৰকৈ দাবী কৰা হৈছে, সেই ধৰণে নহয়। … আমাৰ বাবে ভাল লাগিবলগীয়া কাৰণটো হ’ল, আশ্চৰ্যকৰ চিন্তাশীল, সাহসী, সৌন্দৰ্যময় আৰু উদ্দীপক কাব্য পংক্তিৰে বেদ উপচি আছে। ’’ [পৃ-১১৫]
পাৰ্ল বাৰ্কৰ ‘দ্য গুড আৰ্থ’কিতাপখন কংকমামাকে সেনক উপহাৰ দিছিল। সেনে স্মৃতিকথাত এই বিষয়ে লিখিছে -‘‘কিমান যে মোহাৱিষ্ট হৈ লাহে লাহে পঢ়িছিলোঁ চীনৰ দুৰ্ভিক্ষৰ প্ৰেক্ষাপটত লিখা সেই সুদীৰ্ঘ কাহিনীটো।’’ [পৃ-১৩০]
ভাবি আচৰিত হওঁ যে, এগৰাকী অৰ্থনীতিবিদ অথচ ধৰ্ম, নাটক, সাহিত্য, সংস্কৃতিৰ বিষয়বোৰ কিমান যে মনোযোগেৰে তেওঁ অধ্যয়ন কৰিছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল – এই বিষয়বোৰৰ পৰাও তেওঁ বহু প্ৰয়োজনীয় দিশ সংগ্ৰহ কৰিছিল। এই দিশসমূহে তেওঁৰ গৱেষণাতো ভিন্নধৰণে সহায় কৰিছিল।
উল্লিখিত দিশসমূহৰ উপৰিও সেনে তেওঁৰ স্মৃতিকথাত আৰু বহু গ্ৰন্থৰ কথা উল্লেখ কৰিছে। যিসমূহ গ্ৰন্থ তেওঁ পঢ়িছিল; তাৰ পৰা প্ৰয়োজনীয় সমল সংগ্ৰহ কৰিছিল। তেওঁ উল্লেখ কৰা এই গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ এখন অসম্পূৰ্ণ তালিকা প্ৰস্তুত কৰিব পাৰি –
ছেমুৱেল হাণ্টিংটনৰ গৱেষণা গ্ৰন্থ ‘দ্য ক্লেছ অৱ চিভিলাইজেশ্যন’ [পৃ-১৪৯] ৰফিক জাকাৰিয়াৰ ‘দ্য মেন হু ডিভাইডেড ইণ্ডিয়া’ [পৃ-১৬২], ছাদাত হাছান মাণ্টো [পৃ-১৬৪], নিয়াল ফাগুৰ্ছনৰ ‘এম্পায়াৰ’ [পৃ-১৭১], নিউ ইৰ্য়ক ডেইলি ট্ৰিবিউনত প্ৰকাশিত কাৰ্ল মাৰ্ক্সৰ প্ৰবন্ধ [পৃ-১৭৩], ইতিহাসবিদ ক্ৰিষ্টোফাৰ বেইলিৰ ‘দ্য আৰ্থ অৱ দ্য মডাৰ্ণ ৱল্ড ১৭৮০-১৯১৪’ (এই গ্ৰন্থখনৰ কথা আকৌ সেনে এনেদৰেও কৈছে – ‘ব্ৰিটিছ সাম্ৰাজ্যৰ গৰিমাৰ বিষয়ে পঢ়ি ভাল পোৱাসকলে নপঢ়াই ভাল) [পৃ-১৭৪], আডাম স্মিথৰ ‘দ্য ৱেল্থ অৱ নেশন্ছ’ [পৃ-১১৫], জেমছ এটকিনছনৰ কবিতা ‘দ্য চিটি অৱ পেলেচেজ’ [পৃ-১৯১], জে জে এ কাম্পোছৰ ‘হিষ্ট্ৰী অৱ দ্য পতুৰ্গীজ ইন বেংগল’ [পৃ-১৯৫], বাংলা মংগলকাব্য [পৃ-১৯৫], ‘মনসা মংগল’ [কম বয়সতে পঢ়া] [পৃ-১৯৫], জন হিক্ছৰ ‘ভ্যেলু এণ্ড কেপিটেল’ আৰু ‘দ্য ছ’চিয়েল ফ্ৰেমৱৰ্ক’, জে বি এছ হেল্ডেনৰ ‘আ মাথমেটিকেল থিয়ৰী অব নেচাৰেল এণ্ড আৰ্টিফিচিয়েল ছিলেক্শ্যন’ [পৃ-২২১], কেনেথ এৰো ‘ছ’চিয়েল ছায়েন্স এণ্ড ইণ্ডিভিজুৱেল ভেলুজ’ [পৃ-২২২], মৰিচ ডবৰ ‘পলিটিকেল ইক’নমি এণ্ড কেপিটেলিজম’ [পৃ-২২৯], ‘দ্য ৰিকুয়াৰমেণ্ট অব দ্য থিয়ৰী অৱ ভেল্যু’ [প্ৰবন্ধ] [পৃ-২৩০], মাৰ্ক্স, ফ্ৰেডেৰিখ এংগেলছৰ ‘দ্য জাৰ্মান আইডিয়োলজি’ [১৮৪৬] [পৃ-২৩২], মাৰ্ক্সৰ অন্তিম কিতাপ ‘ক্ৰিটিক অৱ দ্য গোথা প্ৰগ্ৰেম’ [পৃ-২৩৩], গাৰেথ ষ্টেডমেন জোন্ছৰ ‘কাৰ্ল মাৰ্ক্সঃ গ্ৰেটনেছ এণ্ড ইলিউশন’ [পৃ-২৪২], শ্বেইক্সপীয়েৰৰ নাটক, বাৰ্নাড শ্বৰ নাটক [পৃ-২৫৬], জন গুণ্টাৰৰ ‘ইনছাইড ইউৰোপ’ [পৃ-২৫৮], হেল্ডেনৰ কবিতা ‘হাজাৰ প্ৰতিকূলতা থাকিলেও…’[পৃ-২৬১], জোন ৰবিনছনৰ ‘দ্য ইকনমিকছ অৱ ইমপাৰফেকট কম্পিটিশন’, [পৃ-২৯০], টামৰ ‘দ্য ইম্পৰ্টেন্স অৱ বিয়িং অকৱাৰ্ড’ [পৃ-৩৪৭], ছেম ব্ৰিটনৰ ‘এছেইজঃ মৰেল, পলিটিকেল এণ্ড ইক’নমিক’ [১৯৯৮], ‘আ ৰিষ্টেটমেণ্ট অৱ ইক’নমিক লিবাৰেলিজম’ [১৯৮৮] আৰু ‘কেপিটেলিজম উইথ আ হিউমেন ফেচ’ [১৯৯৫] [পৃ-৩৪৮], এ চি পিগুৰ ‘দ্য ইক’নমিকছ অৱ ৱেলফেয়াৰ’ [পৃ-৩৪৯], কালিদাসৰ প্ৰসংগ, ফৰ্ষ্টাৰ, আবিঞ্জাৰ হাৰভেষ্ট, আড্ৰিফট ইন ইণ্ডিয়াঃ দ্য নাইন জেমছ অব উজ্জয়িন [পৃ-৩৫৬], ধৰ্মা কুমাৰৰ ‘লেণ্ড এণ্ড কাষ্ট ইন ছাউথ ইণ্ডিয়া’ [পৃ-৩৬০], ৰণজিৎ গুহৰ ‘আ ৰুল অব প্ৰপাৰ্টি ফৰ বেংগল’ [পৃ-৩৬৭], ‘ছাব অল্টাৰ্ণ ষ্টাডিজ’ [পৃ-৩৬৮] আদি।
দৰ্শন অধ্যয়ন, গৱেষণাতো সেন পিছপৰি ৰোৱা নাছিল। দৰ্শনৰ ক্ষেত্ৰত তেওঁ উল্লেখ কৰা গ্ৰন্থৰ ভিতৰত – ছি ডি ব্ৰডৰ ‘দ্য মাইণ্ড এণ্ড ইটছ প্লেচ ইন নেচাৰ’ [পৃ-৩৭৩], আইছাইয়া বাৰ্লিনৰ ‘হিষ্টৰিকেল ইনেভিটেবিলিটি’ [পৃ-৩৭৩] উইট্গেন্ষ্টাইনৰ ‘ত্ৰেক্তাতুছ লজিকো-ফিলছফিকোছ’, ‘ফিলছফিকেল ইন্ভেষ্টিগেশন্ছ’ [পৃ-৩৯০] আদি। লগতে মহাকাব্য – ‘গিলগামেছ’, ‘ইলিয়াড’, ‘ওডিছী’, ‘ছং অৱ দ্য ৰোলেণ্ড’, ‘নিবিলোয়েঁলিইট’, ‘কালেভেলা’ আদি [পৃ-৩৯৯]। ষ্টেলিনৰ অৰ্থনৈতিক তত্ত্বাৱলী (সেনে কৈছে – কওঁতে মোৰ উশাহ বন্ধ কৰি কৈছোঁ) [পৃ-৪১৫] কেইন্ছৰ ‘এছেইজ ইন পাৰ্ছুৱেছন’, ‘দ্য জেনেৰেল থিয়ৰী অব এম্প্লয়মেণ্ট’, ‘ইণ্টাৰেষ্ট এণ্ড মানী’ [পৃ-৪৩২] আডাম স্মিথৰ ‘থিয়ৰী অব মৰেল ছেণ্টিমেণ্টছ’ [পৃ-৪৫২] আদি।
এই গ্ৰন্থসমূহৰ অধ্যয়নে সেনক বিভিন্ন বিষয়ৰ ধাৰণা লোৱাত প্ৰভূত সহায় কৰিছিল। কেমব্ৰিজত তেওঁৰ কেইনচীয় অৰ্থনীতি, মাক্ৰ্সবাদ, ক্লাচিকেল অৰ্থনীতিৰ ধাৰণা বিকশিত হয়। বিভিন্ন দিশৰ মাজত তুলনামূলক দৃষ্টিভংগীৰো বিকাশ হয়৷ ভাৰতত অধ্যাপনা কৰা কালত এই দেশৰ দৰিদ্ৰতা আৰু অসমতাক কেন্দ্ৰ কৰি তেওঁৰ ৱেলফেয়াৰ অৰ্থনীতি, চয়ন তত্ত্ব, মানুহৰ কল্যাণ আৰু ন্যায়ৰ ধাৰণাসমূহে বিকাশ লাভ কৰে।
সামৰণী মন্তব্যঃ
অমৰ্ত্য সেনৰ এইখন কেৱল এখন স্মৃতিকথাই নহয়; ই চিন্তা কৰাৰ এক বাট। বৌদ্ধিক বিকাশৰো যেন এক শক্তিশালী মাধ্যম। এই স্মৃতিকথাই তেওঁৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ তথা প্ৰসংগ উন্মোচন কৰিছে। তেওঁ লগ পোৱা বিভিন্ন ব্যক্তি, তেওঁ শিক্ষা আৰু কৰ্মস্থানৰ বিভিন্ন প্ৰসংগ, তেওঁৰ জীৱনৰ সৈতে জড়িত ভিন্ন দিশ, তেওঁৰ চিন্তা আদিয়ে সঠিকভাৱেই ইয়াত প্ৰতিফলিত হৈছে। শান্তিনিকেতন, ঢাকা, কলকাতা আদি স্থানৰ অভিজ্ঞতাই তেওঁৰ চিন্তাধাৰা কিদৰে গঢ়ি তুলিছিল, বহু সংস্কৃতি, ভাষা আৰু সমাজৰ সংস্পৰ্শত তেওঁ কি দৰে ‘গ্ল’বেল আইডেণ্টিটি’বুজিবলৈ যত্ন কৰিছিল তাৰো স্বাক্ষৰ এই স্মৃতিকথাই বহন কৰিছে। বিভিন্ন দেশৰ শিক্ষা ব্যৱস্থাই তেওঁৰ চিন্তাধাৰাত পেলোৱা প্ৰভাৱ, অৰ্থনীতি, নৈতিকতা আৰু দৰ্শনৰ সংযোগ, স্বাধীনতা আৰু সক্ষমতাৰ ধাৰণা, পৰিচয় আৰু সহিষ্ণুতা, ভ্ৰমণৰ অভিজ্ঞতা, ব্যক্তিগত জীৱন আৰু সংগ্ৰাম, গণতন্ত্ৰ আৰু ন্যায়, শিক্ষাৰ প্ৰকৃত অৰ্থ, সামাজিক দায়িত্ববোধ, যুক্তি আৰু আলোচনা, অৰ্থনীতি বুজা, জীৱনবোধৰ প্ৰেৰণা লাভ আদি ভিন্ন দিশৰ সমাহাৰেৰে এই স্মৃতিকথা এক গুৰুত্বপূৰ্ণ বৌদ্ধিক কৰ্মলৈ ৰূপান্তৰিত হৈছে।
গ্ৰন্থঃ
কল্যাণ ভূঞা (অনূদিত), পৃথিৱীয়েই মোৰ ঘৰ স্মৃতিকথা, অমৰ্ত্য সেন (মূল.), গুৱাহাটী, অসম পাবলিচিং কোম্পানী, প্ৰথম অসমীয়া সংস্কৰণঃ জুলাই, ২০২৪

