পাৰ্থিৱ।। দেৱযানী বৰা
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
ডাৱৰখচিত মুকুতাৰ ৰাজপ্ৰাসাদটোৰ বাৰান্দাৰ পৰা তলৰ পৃথিৱীলৈ চালে পাহাৰটোৰ ওপৰত থকা মন্দিৰটো পোনছাটেই চকুত পৰে। সূৰ্যৰ পোহৰ যেতিয়া কাষেৰে বৈ যোৱা নদীখনৰ পানীত প্ৰতিফলিত হৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া তেওঁৰ মূৰ্ত্তিটোও দৃশ্যমান হৈ পৰে।
শান্ত, গভীৰ আৰু পৰিস্কাৰ পানীৰে পৰিপূৰ্ণ নদীখন বৈ থাকে। নিৰৱিচ্ছিন্নভাৱে। ধীৰে ধীৰে। কোনো তৃষ্ণাৰ ইচ্ছা নথকাকৈ। অন্যহাতে, অপৰিৱৰ্ত্তনশীলভাৱে থিয় হৈ থাকে মন্দিৰ বহনকাৰী পাহাৰটো।
সূৰ্যোদয়লৈ এতিয়াও বাকী। ডাঙৰ ডাঙৰ বহল চকুযোৰ সি লাহেকৈ টিপিয়ালে। চকুযোৰৰ দীঘল দীঘল নোমবোৰ এতিয়াও গধুৰ টোপনিৰ ভৰত। পিছলৈ দোঁ খাই থকা কাণখন লৰচৰ কৰি কাণ পাতি শুনিবলৈ ধৰিলে সি চৰাইবোৰে কিচিৰ—মিচিৰ মাতেৰে গাই থকা গানবোৰ।
ঠেং দুটা আগলৈ মেলি এঙামুৰি লৈ সি ওলাই গ’ল। অলপ দূৰত কোমল কোমল ঘাঁহবোৰ গজি আছিল। সেই ঠাইতে ৰৈ সি তললৈ মূৰ কৰিলে। নাকটো কোচাই শুঙি লৈ জিভাখনেৰে চেলেকি চালে ঘাঁহৰ ওপৰত থকা নিয়ৰৰ টোপালবোৰ। তাৰ চকুযোৰ বহল হৈ পৰিল। মিঠা মিঠা! ঠিক যেন ৰেণু মিহলি পানীখিনিৰ দৰেই।
ঠাইখনত ইতিমধ্যে এটা গোন্ধই নিজৰ উপস্থিতি প্ৰকাশ কৰিবলৈ ধৰিছিল। সি নাকটো তুলিলে। ঘন ঘন উশাহবোৰেৰে বাৰে বাৰে শুঙি চালে। তেনেই ক্ষীণ সেই গোন্ধ। অথচ সেইকণ তীব্ৰতাৰে ই বাৰে বাৰে সোঁৱৰাই তোলে এক ৰহস্যময়ীতা। চিনাকি অথচ অচিনাকি গোন্ধ। কোনোবাখিনিত নিয়ৰৰ টোপালে স্পৰ্শ কৰা পাতখিলা। কোনোবাখিনিত ছিঙি চূৰমাৰ কৰা ঘাঁহ-পাতবোৰ। কোনোবাখিনিত খুৰাৰে গচকি থকা মাটিখিনি। কোনোবাখিনিত মিঠা মিঠা ফুলবিলাক। আৰু… আৰু কোনোবাখিনিত সি গৈ ভালপোৱা ঠাইবোৰৰ গোন্ধ। ঠিক যেন অজস্ৰ গোন্ধৰ এক সুগন্ধি মিশ্ৰণ সেইয়া।
সি আগবাঢ়ি গ’ল উৎসৰ দিশত। মূৰটো থিয় কৰি, ওপৰলৈ কৰি লোৱা নাকটোৰ সৈতে। চুটি চুটি ধীৰ খোজবোৰৰ মাজে মাজে ৰৈ যায় সি। শুঙি চায়। খোজৰ লগে লগে যেন সলনি হৈ যায় সেই সুগন্ধ। কেতিয়াবা মিঠা আৰু উষ্ম। কেতিয়াবা শান্ত আৰু সতেজ। কেতিয়াবা বেলেগ। আকৌ বেলেগ। আকৌ বেলেগ। শেষত পুনৰাবৃত্তি।
সেই সুগন্ধ খেদি খেদি যেতিয়া সি উপস্থিত হৈছিলগৈ পাহাৰটোৰ তলত, তেতিয়া চৰাই-চিৰিকটিৰ কাকলি, কীট-পতংগৰ শব্দ – একোৱেই নাছিল তাত। আছিল মাথো এক আশ্চৰ্যকৰ নীৰৱতা। লগত সেই ৰহস্যময়ী গোন্ধৰ তীব্ৰ সুবাস।
আনফালে, মন্দিৰৰ ভিতৰতো কোনোবাই অনুভৱ কৰি উঠিছিল হৰিণা পোৱালিটোৰ উপস্থিতি।
সি আৰু এখোজ আগবঢ়াইছিল। লগে লগে নাইকীয়া হৈ পৰিছিল সেই তীব্ৰ সুগন্ধ।
তেতিয়ালৈ সূৰ্যোদয় হৈছিল। হাবিখনৰ এমূৰত থকা পুখুৰীটোত ইতিমধ্যেই গোট খাইছিলহি হাঁহবোৰ।
সেই হাঁহ পোৱালিটোও নামি গ’ল পানীখিনিলৈ। অন্য হাঁহ পোৱালিবোৰৰ জাকৰ ওচৰলৈ। আশাপূৰ্ণ চকুযোৰেৰে সৈতে সি অপেক্ষা কৰিলে জাকটোৱে তাক আদৰণি জনোৱাৰ। কিন্তু জাকটো আঁতৰি গ’ল। ফিচিঙা-ফিচিং হাঁহিৰ শব্দ তেতিয়াও ভাহি আহিছিল দূৰৈৰ পৰা।
“সিহঁতি মোক নেদেখিলে!”
নে নেদেখাৰ ভাও ধৰিলে?
তাৰ মূৰটো দোঁ খাই আহিল। চকুত পৰিল তলৰ পানীখিনিত প্ৰতিফলিত হোৱা নিজৰ প্ৰতিবিম্বটো। সিহঁতৰ কমলা ৰঙৰ ঠোঁট আৰু ঠেঙৰ বিপৰীতে তাৰ ক’লা ৰঙৰ ঠোঁট আৰু ঠেং। সিহঁতৰ হালধীয়া বৰণৰ মৰমলগা নোমাল শৰীৰটোৰ বিপৰীতে তাৰ ধূসৰ নোমৰ আজোখা শৰীৰ। পৃথক। কুৰূপ।
কিন্তু তাৰোতো আছে এযোৰ চকু, এটা ঠোঁট, এযোৰ ডেউকা আৰু এযোৰ ঠেং। ঠিক সিহঁতৰ দৰেই। তেনেহ’লে কিয় সি হ’ব নোৱাৰিব সিহঁতৰ মাজৰে এক? কিয় আকোঁৱালি নল’ব কোনেও?
ল’ব। কিয় নল’ব? চেষ্টা কৰিব সি।
সূৰ্যৰ পোহৰবোৰ ক্ৰমাৎ সোণালী হৈ পৰিছিল। শালজোপাই ডালবোৰ মেলি দিছিল। নিয়ৰত তিতি থকা পাতবোৰ চিকমিকাই উঠিছিল।
সেই ৰাতিলৈ এটা ফেঁচা আহি পৰিছিলহি তাইৰ ডালত। ৰাতিৰ আন্ধাৰত চকু দুটা জিলিকি উঠিছিল ফেঁচাটোৰ। কিছুসময়ৰ পাছত সি মৃদুভাৱে কুৰুলিয়াই উঠিছিল। তাইৰ ছায়াৰ আশ্ৰয় লৈ। হয়তো তাই দিয়া আশ্ৰয়ৰ কৃতজ্ঞতা আছিল সেইয়া।
তাই মিচিকিয়াই উঠিছিল। পাতবোৰো লৰি উঠিছিল আনন্দত। তথাপিও সেই আনন্দৰ মাজতে অহৰহ বিচৰণ কৰি ফুৰিছিল সন্দেহৰ বীজ এটাই।
সময় বাগৰিছিল। বসন্ত আহিছিল। শালজোপাৰ লগতে পলাশ আৰু শিমলুজোপাও ফুলি উঠিছিল।
হাবিখনৰ কাষৰ পথটোৰে যেতিয়া মানুহবোৰ যায়, তেতিয়া থমকি ৰয়। মন্ত্ৰমুগ্ধ হৈ পৰে। কিন্তু মানুহবোৰৰ সেই মন্ত্ৰমুগ্ধতা জানো শালজোপাৰ সৰু সৰু শেঁতা হালধীয়া ফুলবোৰৰ প্ৰতি? নহয়। ডাঙৰ ডাঙৰ জুই হেন ৰঙা পলাশ আৰু শিমলুৰ ফুলবোৰৰ প্ৰতিহে।
“সিহঁতি মোক নাচায়! মোক সন্মান নকৰে! কিয়?“- উজাই অহা চকুপানীখিনিক বান্ধি ৰাখিলে তাই।
কিন্তু ফুলবোৰ সৰি পৰিছিল কাৰোৰে দৃষ্টিগোচৰ নোহোৱাকৈয়ে। আৰু মিলি গৈছিল মাটিৰ লগত। যেন লজ্জিতহে হৈছিল নিজৰ অসামৰ্থতাৰ ওপৰত।
ঋতু বাগৰিছিল। তাই মাটিখিনি অধিক জোৰকৈ খামুচি ধৰিছিল। ডালবোৰ অধিক প্ৰসাৰিত কৰি তুলিছিল। চেষ্টা কৰিছিল বাকীবোৰ গছতকৈ ওখ হৈ পৰিবলৈ। কিজানি ওখ-বিশাল আৰু শক্তিশালী হ’লে ঘূৰাই পায়েই আনৰ চকুত যথোচিত সন্মান।
“…হ’লেও কি হ’ব! এইজোপা কাঠহে।“ – পুনৰ ভাহি আহিছিল মানুহৰ শব্দবোৰ।
তাইৰ পাতবোৰ কুচমুচ খাই গৈছিল। ঠিক তেনেকৈ যেনেকৈ কুচমুচ খাই গৈছিল হাঁহ পোৱালিটোৰ ডেউকা দুখনো। যেন সাবটিহে ধৰিবলৈ চেষ্টা কৰিছিল দুয়ো নিজকে নিজেই।
হাঁহ পোৱালিটোৰ আকাৰ ডাঙৰ হৈ আহিছিল। নোমৰ পৰিৱৰ্ত্তে পাখিবোৰ গজি উঠিছিল। কিন্তু জাকৰ পৰিৱৰ্ত্তে থেৰোগেৰো খোজবোৰেৰে সি অকলশৰেই ঘূৰি ফুৰিবলৈ ধৰিছিল পুখুৰীটোৰ কাষত। আৰু আকুলতাৰে চাই ৰৈছিল আনবোৰৰ উষ্মতাৰে ভৰা থূপবোৰ।
বুকুখন টানি ধৰে তাৰ। জাকবোৰৰ মাজৰ উষ্মতাই খুচি ধৰে। চিৎকাৰ কৰি উঠে সি। সিয়ো বিচাৰে সেই উষ্মতা। সেই আপোনতা। কিন্তু সিহঁতি ঠেলি পঠায়। আকোঁৱালি নলয়। হয়তো কেতিয়াও নল’ব। চকুযোৰ পানীৰে উপচি পৰে তাৰ। ইমানেই বেলেগ নে সি!
গালৰ ওপৰেদি তপত চকুলো বাগৰি পৰে। কিন্তু পিছমুহূৰ্ত্ততে চকুপানীৰ টোপালবোৰ মচি সি মাথো কৈ উঠে নিজকে, “কোনো কথা নাই। সি অকলেই যথেষ্ট। প্ৰয়োজন নাই তাক সিহঁতৰ”।
নিশ্বাস এটা এৰি ডেউকাখনেৰে মৃদুভাৱে ঢৌ তোলে সি পানীখিনিত। তেতিয়া তৰংগৰ সৃষ্টি হয়। সৰু সৰু অথচ ক্ৰমাৎ ডাঙৰ হৈ নোহোৱা হৈ পৰা। পুনৰ ঢৌ তোলে সি। পুনৰ তোলে আৰু পুনৰ তোলে। ঠিক যেন তৰংগখিনিৰ মাজতেই পাহৰি যাবলৈ চেষ্টা কৰে নিজৰ অকলশৰতা। কিন্তু বিষাই উঠা ডেউকাকেইখনে সময়ত সোঁৱৰাই নোতোলাকৈ নাথাকে তাৰ অভাৱৰ কথা।
তেতিয়ালৈ সন্ধিয়া নামিছিল। পিছলৈ ৰাতি দোভাগত পাহাৰটোৰ ওপৰত থকা মন্দিৰটোৰ পৰা তেনেই ক্ষীণ পোহৰ ভাহি আহিছিল।
ভিতৰত ঠাণ্ডা মাটিখিনিৰ ওপৰত তেওঁ আঁঠু কাঢ়ি আছিল। নিজৰেই মন্দিৰত। যি মন্দিৰ কোনোবা একালত সজা হৈছিল তেওঁৰ সন্মানাৰ্থে, সেই মন্দিৰ এতিয়া পৰিৱৰ্ত্তন হৈছে এটা প্ৰায়চিত্তৰ কোঠালৈ। তীব্ৰ পোহৰে জকমকাই থকা তেওঁৰ শৰীৰ এতিয়া ম্লান; শৌৰ্যহীন। আকাশীগংগাসদৃশ উজ্বল চকুযোৰো এতিয়া নাই। আছে অনুজ্বল এযোৰ চকু। নুমুৱাৰ আগমুহূৰ্ত্তত ঢিমিক-ঢামাককৈ জ্বলি থকা চাকিগছাৰ দৰেই।
ফুচফুচাই ফুচফুচাই উচ্চাৰণ কৰি নিজকে দিয়া শাও-পাতবোৰত তেওঁৰ ওঁঠযোৰ কঁপি উঠিল।
সজোৰে মুঠি মাৰি উঠিল তেওঁ। কোন কাহানিবা যি দুয়ো হাত জড়িত হৈছিল সৃষ্টিত, সেই দুয়ো হাতৰ তলুৱাত নখবোৰ সোমাই গৈ তেজ বৈ আহিছিল। তাৰপাছত নিজৰ শক্তিনিহিত ৰূপালী চাবুকডাল তুলি লৈ সজোৰে প্ৰহাৰ কৰিবলৈ ধৰিলে নিজৰ পিঠিত। লগে লগে মন্দিৰটোৰ দেৱালবোৰত প্ৰতিধ্বনিত হৈ উঠিবলৈ ধৰিছিল বজ্ৰসদৃশ চাবুকৰ কোববোৰৰ শব্দ।
তেওঁৰ চিৰাচিৰ হৈ পৰা পিঠিৰ পৰা তেজ বৈ আহিছিল। কেঁকাই উঠিছিল মাজে মাজে তেওঁ। তথাপিও ওঁঠযোৰ কামুৰি সহ্য কৰি গৈছিল সেই কষ্টবোৰ। কিজানিবা সহ্য কৰা এই কষ্টবোৰৰ বিনিময়ত নোহোৱা হয়েই সেই পাৰ্থিৱ ইচ্ছাবোৰ।
তেতিয়ালৈ ৰাতিপুৱাইছিল। তেতিয়াৰ পৰাই আকাশখনে ওন্দোলাই আনিছিল। ক’লা ডাৱৰবোৰৰ পৰা প্ৰথমটো টোপাল যেতিয়া খহি পৰিছিল তেতিয়া সেইটো আহি হৰিণা পোৱালিটোৰ নাকটোত পৰি ৰৈছিলহি।
“আকাশখনে কান্দিছে!”- মুখখন দাঙি ওপৰলৈ চালে হৰিণা পোৱালিটোৱে। আউল লাগিছিল মনটো।
চাই থাকোঁতেই পুনৰ এটা টোপাল পৰিল তাৰ ওঁঠত। সি চেলেকি চালে এইবাৰ। “পানীৰ নিচিনা!”
তেনেতে বতাহ এজাকে প্ৰচণ্ডভাৱে কোবাই গ’ল তাক। সি দূৰৈত থকা গছবোৰলৈ চালে। সিহঁতিও নাচিবলৈ ধৰিছিল। তথাপিও সিহঁতি পলাই যোৱা নাছিল। সিয়ো নাযায়।
সি এখোজ আগুৱালে। ওপৰলৈ চালে,
“মই নাযাওঁ।“- সি দৃঢ়তাৰে ক’লে, “তুমি যিমান কান্দা কান্দি লোৱা। মই তোমাৰ লগতে থাকিম।“ মিচিকিয়া হাঁহি এটি অংকিত হৈ উঠিছিল তাৰ মুখখনত।
বৰষুণ, বতাহ, বিজুলী আৰু ঢেৰেকনিয়ে ৰুদ্ৰতাণ্ডৱ কৰিবলৈ আৰম্ভ কৰিছিল। তথাপিও হৰিণা পোৱালিটো ৰৈ আছিল। একে ঠাইতে। আকাশখনলৈ চাই।
আনহাতে সেই ৰুদ্ৰতাণ্ডৱে ভয়ংকৰভাৱে কোবাই গৈছিল শালজোপাক।
অহৰহ পৰি থকা বৰষুণৰ টোপালবোৰে ছালত ফুটা কৰি ভিতৰলৈ সোমাই গৈছিল। মাটিখিনি কোমলাই দিছিল। ধুমুহাজাকে পাতবোৰ ডালৰ পৰা চিঙি দূৰলৈ উৰাই লৈ গৈছিল আৰু ডালবোৰ হেঁচিবলৈ ধৰিছিল বিপৰীত দিশত। তাই বিষত চিঞৰি উঠিছিল।
কোমল মাটিখিনিত খোপনি পুতিবলৈ আপ্ৰাণ চেষ্টা কৰি তাই হাহাকাৰ কৰিবলৈ ধৰিছিল, “অনুগ্ৰহ কৰি শান্ত হোৱা। ক্ষান্ত হোৱা তোমালোক। মোক থাকিবলৈ দিয়া। মই আৰু আগবাঢ়ি লাগিব। এতিয়া নহয়। এতিয়া নহয়।“
কিন্তু পিছদিনা যেতিয়ালৈ সেই ধ্বংসলীলা সমাপ্ত হৈছিল, তেতিয়ালৈ শাখা-প্ৰশাখাহীন গা-গছডালহে বাকী ৰৈছিলগৈ।
আনবোৰে সান্ত্বনা দিছিল। কৈছিল পুনৰ গঢ়ি ল’ব পাৰিব তাইৰ শাখা-প্ৰশাখাবোৰ। তাই মৌন হৈ ৰৈছিল। গা-গছডাল যে কাহানিবাই আৰম্ভ কৰিছিল গেলিবলৈ।
ইফালে পুখুৰীটোৰ কাষে কাষে হাঁহৰ পোৱালিটোৱে ছটফটাই ফুৰিছে। তাৰ কাণত সঘনাই বাজিবলৈ ধৰিছিল বাকীবোৰৰ তাক লৈ কৰা ঠাট্টা-মস্কৰাবোৰ। চকুৰ সন্মুখত ভাহি উঠিবলৈ ধৰিছিল সিহঁতে বাৰে বাৰে কৰা অপমানবোৰ।
অসহনীয় সেইবোৰ। বুকুখনত প্ৰচণ্ড বিষ অনুভৱ হয়। যেন মৰি যাব সি। মৰি গলেই শান্তি পাব সি।
মৰি গলেই শান্তি পাব সি?
নে মাৰি লৈ শান্তি পাব সি?
সি আগবাঢ়ি যাব সিহঁতৰ ফালে। শিলত ঘঁহি ঘঁহি চোকা কৰি লোৱা ঠোঁটটোৰে সৈতে। তাৰপাছত সজোৰে খুটিব সিহঁতৰ ডিঙিত। খুটিয়েই থাকিব মূৰবোৰ শৰীৰৰ পৰা পৃথক নোহোৱা পৰ্যন্ত। তাৰ মুখত চিটিকনি পৰিব তেজৰ। সিহঁতৰ মুণ্ডহীন শৰীৰটোৰ পৰা তেজৰ নৈ ববলৈ আৰম্ভ কৰিব। আৰু সি বুৰ মাৰি উঠিব সেই তেজৰ নৈত। পি উঠিব সিহঁতৰ তেজবোৰ। মতলীয়া হৈ পৰিব তেজৰ গোন্ধত। কেনেকুৱা হ’ব সেই গোন্ধ? কেছেমা কেছেম?
কেছেমা কেছেম লেতেৰা তেজ। ৰঙা ৰঙৰ তেজ। চৌদিশে বিয়পি পৰা তেজ।
ৰৈ গ’ল সি। পাৰৰ গছবোৰৰ পৰা দুটামান চৰাইৰ মাত ভাহি আহিছে। মাজে মাজে। তেনেই সৰুকৈ। পানীখিনিও লৰি উঠিছে লাহেকৈ। হয়তো দূৰৈত পানীৰ তলৰ পৰা পৃষ্ঠলৈ ওলাই আহি বুৰ গ’ল কোনোবা মাছ। যথেষ্ঠ শান্ত হৈ আছে পৃথিৱীখন। বহুদিনৰ মূৰত।
ইতিমধ্যে তেওঁ ৰাজপ্ৰাসাদৰ পৰা নামি আহিছিল হাবিখনলৈ।
লগে লগে বতাহছাটিয়ে কঢ়িয়াই নিছিল তেওঁৰ সুগন্ধ। তাৰেই পম খেদি অপৰিপক্ক খোজকেইটাৰে ধীৰে ধীৰে এখোজি দুখোজিকৈ আহি ওলাইছিলহি হৰিণা পোৱালিটো সেইঠাইত।
বহল চকুযোৰেৰে সি সন্মুখলৈ চালে। কুঁৱলীৰ মাজত উজ্বলকৈ বগা সাজ পিন্ধি তেওঁ ৰৈ আছিল। মূৰটো তুলি তেওঁৰ চকুযোৰলৈ চালে সি। চায়েই থাকিল বহু সময় একেথৰে। ইতিমধ্যে এক প্ৰশান্তিযুক্ত উষ্মতা অনুভৱ হ’বলৈ ধৰিছিল তাৰ বুকুখনত।
তেওঁ মিচিকিয়ালে। ঠিক তেনেকৈ যেনেকৈ মিচিকিয়াই উঠিছিল সেইদিনা মন্দিৰটোৰ ভিতৰত তাৰ উপস্থিতিৰ উমান পাই। খিৰিকীৰে জুমি চাইছিল তেওঁ। ৰ’দৰ পোহৰত তাৰ শৰীৰটো চিকমিকাই আছিল। কাণখন লৰাই লৰাই নিজান ঠাইখনত শব্দ শুনিবলৈ চেষ্টা কৰিছিল বহল অবুজ চকুযোৰৰ সৈতে।
তেওঁ আগবাঢ়ি যাব বিচাৰিছিল। কিন্তু পিছমুহূৰ্ত্ততে ৰৈ গৈছিল। আৰু যেতিয়া সি এখোজ আগুৱাই আহিছিল তেতিয়া অন্তৰ্ধান হৈ গৈছিল সেই ঠাইৰ পৰা।
আনহাতে নিজৰ অজানিতে নেজডাল জোকাৰি জোকাৰি আগবাঢ়ি আহি সি শুঙি চালেহি তেওঁক। ঠিকেই, সেই একেই সুগন্ধ, যি সুগন্ধৰ পম খেদি সি সেইদিনা উপস্থিত হৈছিলগৈ পাহাৰটোৰ তলিত।
তেওঁ হাতখনেৰে স্পৰ্শ কৰিলে তাৰ মুখখন। ভেলভেট আৰু পাটৰ মিশ্ৰণসদৃশ নোমেৰে আবৃত্ত গৰম ছালখন লৰি উঠিছিল তাৰ উশাহ-নিশাহৰ লগে লগে। তেওঁ তাৰ চকুলৈ চালে। সেই স্ফটিকৰ দৰে পৰিষ্কাৰ চকুটোত প্ৰতিফলিত হোৱা তেওঁৰ প্ৰতিবিম্বটোৰ চকুযোৰ অন্ধকাৰ। সেই অন্ধকাৰৰ পৰা আতঁৰি থাকিব বিচাৰিছিল তেওঁ কোন কাহানিবা। সেই অন্ধকাৰৰ পৰা আতঁৰাই ৰাখিব বিচাৰিছিল তাক সদায়ে। সেইকাৰণেইতো আহিবলৈ দিয়া নাছিল সেইদিনা তাক নিজৰ ওচৰলৈ। কিন্তু…। চেলাউৰিযোৰ কোঁচ খাই পৰিছিল তেওঁৰ।
“তুমি মোৰ জীৱনৰ সেই নিষ্পাপ আৰু সুখী সময়ছোৱা যাক মই কেতিয়াও হেৰুৱাব নিবিচাৰো। অথচ…” – তেওঁৰ চলচলীয়া হৈ পৰা চকুযোৰৰ কোণত জমা হোৱা চকুপানীৰ টোপালবোৰে গালত ৰূপালী ৰেখা আঁকি থৈ মাটিত পৰিছিলগৈ,“শুই যোৱা“।
হৰিণা পোৱালিটো কঁপি উঠিছিল। আৰু তৎক্ষণাত প্ৰতিহতহীনভাৱে ঢলি পৰিছিল চিৰনিদ্ৰাত।
তেতিয়ালৈ কুঁৱলীবোৰ আঁতৰি দৃশ্যমান হৈ পৰিছিল শালগছজোপা। তেনেতে, ৰঙা হৈ পৰা ঠোঁট আৰু পাখিবোৰেৰে সৈতে হাঁহৰ পোৱালিটোও উৰি আহি সেই ঠাই পাইছিলহি।
আলফুলকৈ ধৰি থকা হৰিণা পোৱালিটোৰ মৃতদেহটো মাটিৰ ওপৰত ৰাখি তেওঁ থিয় হ’ল।
চাওঁতে চাওঁতে হাঁহ পোৱালিটো আৰু শালজোপা এক হৈ পৰিছিল তেওঁৰ মাজত।
সূৰ্য ডুব গৈছিল। তেতিয়ালৈ তেওঁৰ শৰীৰৰ বগা সাজযোৰ ক’লা হৈ পৰিছিল।
ইচ্ছা?
প্ৰয়োজনীয়তা।
পাৰ্থিৱ প্ৰয়োজনীয়তা!!!
হাত বাউলি মাতে। তাৰকাৰাজ্যৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি থকা গভীৰ খাদটোৰ দৰেই?

