অনুবাদগ্ৰন্থ

চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ‌।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

(পূৰ্বৰ সংখ্যাৰ বাবে ইয়াত টিপক)

ভাৰতৰ নাভিস্থলইটাৰ্ছী

 (প্ৰথম অংশ)

মই ইটাৰ্ছী গৈ পাওঁতে গধূলি হৈছিল আৰু কিনকিনীয়া বৰষুণ এজাক দি আছিল। “আপোনাৰ বুকিং কৰা আছে নেকি?” পি ডব্লিউ ডিৰ ৰে’ষ্ট হাউছ চোৱা-চিতা কৰা মানুহজনে মোক সুধিলে।

“মই এজনৰ লগত কথা পাতিছিলোঁ, তেখেতে এছডিএমৰ লগত কথা পাতিব বুলি কৈছিল। এছডিএমে আপোনালৈ ফোন নাই কৰা নেকি?” মই সুধিলোঁ।

এছডিএম মানে চাব ডিভিজনেল মেজিষ্ট্ৰেট, চৰকাৰৰ প্ৰতিনিধি আৰু ইটাৰ্ছী নামৰ সৰু চহৰখনৰ শেষ বচনৰ দৰে।

“তেখেতে ফোন কৰিছিল চাগে, কিন্তু ফোনটো যোৱা দুসপ্তাহ ধৰি ডেথ হৈ আছে।”

“মোৰ ওচৰত এছডিএম চাহাবৰ ফোন নাম্বাৰটো আছে। মই তেখেতৰ লগত কথা পাতোঁ নেকি?”  মই পৰামৰ্শ দিলোঁ।

“আপুনি যিহেতু কোনোবাই তেখেতৰ সৈতে কথা পাতিছে বুলি কৈছেই, তেন্তে ঠিকেই আছে। আহক, মই আপোনাক কোঠাটো দেখুৱাই দিওঁ।”

কোঠাটো ডাঙৰ আৰু ছিলিংখন ইমান ওপৰত আছে যে ঘৰটো দুমহলীয়া কৰিব পাৰিলেহেঁতেন। বিছনা চাদৰখনৰ মাজতে ডাঙৰ গোলকৈ এটা তেলৰ দাগ লাগি আছিল, ঠিক যেন কোনোবা এজুম মানুহে চিধা বিছনাখনতে থৈ কিবা তেলীয়া বস্তু খাইছিল। মই গা-ধোৱা কোঠাটো নিৰীক্ষণ কৰিলোঁ। সেইটো প্ৰায় কোঠাটোৰ সমানেই ডাঙৰ আছিল। তাত ভাৰতীয় আৰু পশ্চিমীয়া -দুই প্ৰকাৰৰ শৌচাগাৰ আছিল আৰু লগতে প্ৰস্ৰাৱাগাৰ আছিল। প্ৰস্ৰাৱাগাৰৰ পৰা ওলোৱা নলীডাল, মজিয়াত পুতি থোৱাৰ সলনি, লোহাৰ জালি এখনৰ লগত কেই ইঞ্চিমান ওপৰত ওলমি আছিল। তাৰ অর্থটো এনেকুৱা যে দুবটল বিয়েৰ খাই লোৱাৰ পিছত আপুনি পেট খালী কৰিবলৈ গ’লে, গোটেই গা-ধোৱা ঘৰটো প্ৰস্ৰাৱেৰে  তিতি যাব। এই কথাটো ভাবিয়েই মোৰ ওকালি আহোঁ যেন হ’ল। আচলতে সেই প্ৰস্ৰাৱাগাৰ ৰাজহুৱা গোন্ধাই থকা প্ৰস্ৰাৱাগাৰৰ দৰে। সাধাৰণতে এনেধৰণৰ প্ৰস্ৰাৱাগাৰ হোটেলবোৰে কোঠাত নলগায়।

বিছনা চাদৰৰ দাগটোৰ পৰা নিজকে সাৱধানে আঁতৰাই মই বিছনাখনত বহি লৈ কি কৰোঁ বুলি ভাবোঁতেই, দুৱাৰত জোৰেৰে কোনোবাই টুকুৰিয়ালে। তাৰ চোৱা-চিতা কৰা মানুহজন আকৌ আহিল।

“ছাৰ, আপোনাৰ এছডিএম চাহাবৰ লগত কথা হ’ল নেকি?”

“মই ভাবিলোঁ আপুনি একো প্রয়োজন নাই বুলি ক’লে যেতিয়া ……”

“ বুজিছো, তথাপি আপুনি কথা পাতি চাওক।”

মই এছডিএম লৈ টেলিফোন কৰিলোঁ। আমাৰ মাজৰ সৰস কথা-বতৰা শুনি, সেই চোৱা-চিতা কৰা মানুহজন, যিজন  বহি আছিল, সাৱধানে থিয় দি ৰ’ল। এছডিএমে ফোনটো মানুহজনক দিবলৈ ক’লে। ফোন লৈ কথা পাতিবৰ কাৰণে তেওঁ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গ’ল। ঘূৰি অহাৰ পাছত মই তেওঁক বিছনা চাদৰখন বদলি কৰি দিব পাৰিব নেকি সুধিলোঁ।

“বিছনা চাদৰ কিয়, মই আপোনাৰ কোঠাটোকে সলাই দিম। কাষৰ কোঠাটো ভাল। কোঠাটো এতিয়া খালি হৈছে।”

কাষৰ কোঠাটোত বিছনাখনৰ লগতে এযোৰ চোফা আছিল আৰু বিছনা চাদৰখন সিমান দাগ লগা নহয়। কিন্তু পৰিষ্কাৰ মজিয়াখনত আগৰ আবাসীৰ লেতেৰা ভৰিৰ চাপ দেখিলোঁ। সেই ভৰিৰ চাপক অনুসৰণ কৰিলোঁ, সিহঁত গা-ধোৱা কোঠালৈ গৈছে, একেবাৰে প্ৰস্ৰাৱাগাৰত দুটা ভৰিৰ স্পষ্ট চাপে এটা কোণ সৃষ্টি কৰি থৈছে। মই ভৰিৰ চাপতকৈ দাগ লগা বিছনা চাদৰ খনকে অগ্ৰাধিকাৰ দিলোঁ।

“মোৰ বোধেৰে আগৰ কোঠাটোৱে মোৰ বাবে ঠিক হ’ব।” মই চোৱা-চিতা কৰা মানুহজনক ক’লোঁ।

“আপোনাৰ যি ইচ্ছা।”

“কিন্তু নতুন বিছনা চাদৰ পোৱা যাব নেকি?”

“আমাৰ ওচৰত এই কেইখনেই আছে, ছাৰ।”

“বাৰু, ঠিক আছে।”

তাৰপাছত এটা আচৰিত ধৰণৰ নিৰৱতা বিৰাজ কৰিলে।

“ঠিক আছে তেন্তে। ছাৰ, মই আপোনাৰ কাৰণে এক বাল্টি পানী আনোগৈ আৰু গা-ধোৱা ঘৰত থৈ যাওঁ।”

“কেলেই! গা-ধোৱা ঘৰত পানী নোলায় নেকি?”

“নোলায়, ছাৰ! কিন্তু চিন্তা নকৰিব। যেতিয়াই আপোনাক পানীৰ দৰকাৰ হ’ব, মোক কৈ দিলেই হ’ব। যেই বাল্টি পানী দৰকাৰ হয় মই আনি দিম।”

মই দাগ লগা বিছনা চাদৰখনৰ ওপৰতে বাগৰ মাৰিলোঁ, প্লেট এখনকে এছট্ৰে কৰি, মোৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা ভাবিবলৈ ধৰিলোঁ।

******************

ভূপালত থাকোঁতে, যেতিয়া মই ভাইটিক ইটাৰ্ছীলৈ এটা ৰিজাৰ্ভ টিকেট কাটি দিবলৈ কৈছিলোঁ, সি হাঁহিবলৈ আৰম্ভ কৰিছিল। সি কৈছিল ভূপালৰ কোনেও ইমান ওচৰতে থকা ইটাৰ্ছীলৈ ৰিজাৰ্ভ টিকেট নেকাটে। মই জোৰ কৰাত সি ট্ৰেভেল এজেন্সী এটালৈ গৈছিল, কিন্তু খালি হাতে ঘূৰি আহিল।

“মোৰ কথা শুনি সকলোৱে হাঁহিবলৈ ধৰিলে আৰু জানিব খুজিলে সেইজননো কোন, যি ইটাৰ্ছীলৈ ৰিজাৰ্ভ টিকেট বিচাৰিছে। মই সিহঁতক নক’লোঁ যে সেইটো মোৰ দাদা।” সি ক’লে।

মোৰ ইচ্ছাৰ বিৰুদ্ধে, মই বিনা টিকেটত ভূপাল ষ্টেচনলৈ বুলি ওলালোঁ। মোক কোৱা হ’ল যে এটা ‘জেনেৰেল’ টিকেট (কেৱল ৰিজাৰ্ভেশ্বন নথকা ডবাৰ বাবে বৈধ হোৱা আৰু সেইকাৰণে হাস্যকৰভাৱে সস্তা) কিনি লৈ ইটাৰ্ছী হৈ যোৱা যিকোনো ৰে’লৰ ৰিজাৰ্ভেশ্বন ডবাত সোমাই দিলেই হ’ল। সেইকাৰণে মই জেনেৰেল টিকেট কাটিবৰ কাৰণে লাইনত থিয় হ’লোঁ আৰু ইয়াতে জীৱনত প্ৰথমবাৰৰ বাবে এগৰাকী দুৰ্নীতিগ্ৰস্ত মহিলা ক্লাৰ্ক লগ পালোঁ। লাইনত মোৰ আগত থিয় হৈ থকা মানুহজনক মুকলিকৈ আৰু ‘এক্সট্ৰা’ বিচাৰিলে। মানুহজনে কোনোবা দূৰণিবটীয়া বিশেষ ৰে’লৰ একেবাৰে শেষৰ সময়ৰ ৰিজাৰ্ভেশ্বন বিচাৰিছিল।

মহিলা গৰাকী সুঠাম দেহৰ আৰু আকৰ্ষণীয় আছিল। তেনে এগৰাকীক মই সহযাত্ৰী হিচাপে পোৱা হ’লে ভালেই পালোঁহেঁতেন। কিন্তু এজন অসহায় যাত্ৰীৰ পৰা অতিৰিক্ত পইচা বিচাৰি তেওঁ মোৰ অন্তৰত আঘাত কৰিলে। অৱশ্যে মোৰ লগত তেওঁ ভালকৈয়ে কথা পাতিলে। তেওঁ কোনখন ৰে’লগাড়ীত গ’লে মোৰ সুবিধা হ’ব তাকো জনালে আৰু জেনেৰেল টিকেটত ৰিজাৰ্ভেশ্বন ডবাত যাত্ৰা কৰাক লৈ চিন্তিত নহ’বলৈ ক’লে।

“ৰে’লগাড়ীখন খালী আহিব, য’তে মন যায় তাতে বহি ল’ব।” এটা মিচিকিয়া হাঁহিৰে তাই উত্তৰ দিলে।

ৰে’লগাড়ীখন প্ৰায় খালী হৈয়েই আহিছিল। মই ৰিজাৰ্ভেশ্বন ডবা এটাত উঠি, খিৰিকী কাষৰ চিট এটাত বহি ল’লোঁ। জোকাৰণি এটা তুলি ৰে’লখন চলিবলৈ ধৰিলে। লক্ষ্য কৰিলোঁ, তেতিয়ালৈকে মোৰ আশে-পাশে ল’ৰাৰ এটা দলসহ আৰু সহযাত্ৰী উঠিছে। ল’ৰাহঁতৰ হাতত কিতাপ, বেগ দেখি মই বুজিলোঁ যে সিহঁত ভূপালৰ কোনো কলেজত পঢ়ে আৰু এতিয়া কলেজৰ পৰা ঘৰলৈ ঘূৰি গৈছে। মই আশা কৰিছিলোঁ যে টিকেট নিৰীক্ষকজন হয়তো ইমান খালী ৰে’লখনত টিকেট চাবলৈ নাহিব। কিন্তু সেইজন আহিলেই, মোৰ কাষৰ আন যাত্ৰীক গুৰুত্ব নিদি চিধাই মোৰ টিকেট বিচাৰিলে। মোৰ টিকেটটো যেতিয়া দেখুৱালোঁ, তেওঁ মোৰ কাষতে বহি পৰিল।

“এইটো জেনেৰেল টিকেট”, তেওঁ ক’লে।

“মই জানো।”

“কিন্তু আপুনি শ্লিপাৰ ক্লাছত যাত্ৰা কৰিছে।”

“মই জানো।”

“কিন্তু আপুনি এনেকুৱা কৰিব নোৱাৰে।”

“মই জানো। আপুনি মোৰ পৰা অতিৰিক্ত ভাড়া আৰু জৰিমনা ল’ব পাৰে ।”

তেওঁ মোলৈ আচৰিত হৈ চালে। “আপুনি কি কৰে?” তেওঁ বিনম্রভাৱে সুধিলে।

“মই এজন সাংবাদিক।”

“ইয়াৰ পিছৰ ষ্টেচনটো হাবিবগঞ্জ। আপুনি ৰিজাৰ্ভেশ্বন নথকা যিকোনো এটা ডবালৈ যাব পাৰে। সেইবোৰ ডবাও খালী। ইমান টকা কিয় দিব লাগে?”

“কিমান টকা দিব লাগিব?”

“তিনিশ টকা। ৰ’ব, মই আপোনাক সম্পূর্ণ হিচাপটো দি আছোঁ।”

“মই দিম। কোনো কথা নাই।”

যি দামেই নহওক, মই মোৰ টিকেটটো বৈধ কৰিবৰ বাবে উত্ৰাৱল হৈ আছোঁ। কেতিয়া  ইটাৰ্ছী গৈ পামগৈ, তাকে ভাবি অপৰাধীৰ দৰে বহি অহাতকৈ মই আৰামত মোৰ যাত্ৰাটো উপভোগ কৰিব বিচাৰোঁ। টিকেট নিৰীক্ষকজন প্রকৃততেই আচৰিত হৈছিল, য’ত পঞ্চাছ বা এশ টকা এটা ঘোচ দি কোনোবাই আৰামত সেই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন, তাৰ ঠাইত মই ইমান বেছি টকা ভৰিবলৈ সাজু আছোঁ। মই নিশ্চিত হৈছিলোঁ যে সাংবাদিক বুলি পৰিচয় নিদিয়া হ’লে, তেওঁ মোৰ পৰাও পঞ্চাছ বা এশ টকাকে বিচাৰিলেহেঁতেন। চালানখন লিখি থকাৰ সময়ত তেওঁৰ মুখৰ অসন্তুষ্টিৰ ভাব মই স্পষ্টভাৱেই মন কৰিলোঁ। ইয়াৰ পৰিৱৰ্তে তাৰ চাৰিভাগৰ এক অংশতে তেওঁ মোক অতি আনন্দ মনেৰে সেই ছিটটোতে বহি আহিবলৈ দিলেহেঁতেন, যিটো ছিট এনেয়েও খালী হৈয়ে আছিল। কিন্তু এতিয়া এই গোটেই ধনৰাশি ৰে’ল বিভাগৰ সম্পত্তি হিচাপে জমা হৈছিল, তাৰ পৰা আমাৰ দুয়োটাৰে ভিতৰত কাৰো একো লাভ হোৱা নাছিল।

টিকেট নিৰীক্ষকজন যোৱাৰ পাছত, আমাৰ কথা শুনি থকা কলেজীয়া ল’ৰা কেইটাই, মোক নতুন ধৰণে চাবলৈ ধৰিলে। কিছু সময়ত পিছতে আহি পোৱা হাবিবগঞ্জ ষ্টেচনত সিহঁতি প’পকৰ্ণ কিনোতে মোৰ হাততো এটা জোৰকৈ গুজি দিলে। আৰু এনেকৈয়ে মোৰ জীৱনৰ আটাইতকৈ চমৎকাৰী ৰে’ল যাত্রাটো আৰম্ভ হৈছিল, যেতিয়া ৰে’লখন লাহে লাহে, ভাৰতক উত্তৰ আৰু দক্ষিণ ভাৰতত পৃথক কৰা বিন্ধ্য পৰ্বতমালাক ভেদি পাৰ হৈছিল। যোৱা সাত বছৰ ধৰি, প্রত্যেক বাৰেই যেতিয়া মই দক্ষিণৰ পৰা উত্তৰলৈ যাওঁ আৰু ঘূৰি আহোঁ, বিন্ধ্যাঞ্চল পৰ্বতমালাক হয় নিশাৰ ভাগত পাৰ কৰিছোঁ নহ’লেবা শীত-তাপ নিয়ন্ত্ৰিত ৰে’লৰ ডবাৰ বন্ধ খিৰিকীৰ মাজেৰে  উপভোগ কৰিছোঁ। প্রথমবাৰৰ বাবে আকাশৰ ফালে ধিয়াই থকা সেউজীয়া অৰণ্যৰ দলিছাখন মই দেখা পালোঁ। সৌ সৰু কংক্ৰিটৰ ঘৰটোৰ পৰা ৰে’লপথ আৰু অৰণ্যৰ বিশাল বিস্তৃতি চাই থকা, ৰ’দে পোৰা এজন মানুহে আমাৰ ৰে’লখনলৈ সেউজীয়া পতাকাখন জোকাৰি আছিল। কিমান যে ভাগ্যবান তেওঁ, মই ভাবিলোঁ, অৰণ্যৰ সুবাসিত বতাহৰ গোন্ধ ল’বলৈ পায়, যি বতাহ এতিয়া মোৰ নাকত আহি লাগিছেহি। কিন্তু কোনে জানে, হয়তো তেওঁ পাৰ হৈ যোৱা ৰে’লগাড়ীৰ যাত্ৰীসকলৰ প্রতি ইৰ্ষা অনুভৱ কৰিছে।

বিন্ধ্য পৰ্বতমালাৰ মাজেৰে এই যাত্রা মাথোঁ এঘণ্টাৰ। সোনকালেই ৰে’লখন ইটাৰ্ছীৰ প্ৰশাসনিক ঠাই হোছাংগাবাদ পালেগৈ আৰু প্রায় সকলোবোৰ যাত্রী নামি গ’ল। কেই মিনিটমানৰ পাছতে ৰে’লখনে আমাক ইটাৰ্ছীলৈ টানি লৈ গ’ল। মোৰ অসংখ্য যাত্ৰাত এই ষ্টেচনৰ মাজেৰে কিমান বাৰ পাৰ হৈছোঁ, কিন্তু এই প্রথমবাৰ মই মোৰ বেগটোৰ ফালে হাতখন আগবঢ়াই নিলোঁ।

**********************

ইটাৰ্ছী! মধ্য প্ৰদেশৰ এখন সৰু চহৰ কিন্তু ভাৰতীয় ৰে’ল বিভাগৰ এটা বহুত ডাঙৰ ষ্টেচন। ভাৰত ৰাষ্ট্ৰৰ মেপখনৰ এমূৰৰ পৰা একেবাৰে বিপৰীত মূৰলৈ কিছুমান ৰেখা টানিলে, ৰেখাবোৰে ইটাৰ্ছীতে কটাকটি কৰিব। ইয়ে একমাত্র ষ্টেচন, য’ৰ পৰা আপুনি দেশৰ যিকোনো কোণলৈ যাবলৈ ৰে’লগাড়ী পাব। ইমান মহত্বপূর্ণ এটা ষ্টেচন হোৱাৰ পাছতো ইয়াৰ বাহিৰফালে লগোৱা কাঢ়া নীলা ৰঙটোৱে মনটো বেয়া লগাই দিয়ে। কিন্তু তাৰপাছতো, ইয়াৰ বাহিৰ ফালটো কোনেনো চায়, মানুহবোৰে প্লেটফৰ্মত চাহ খায় আৰু গুচি যায়।

ষ্টেচনৰ পৰা বাহিৰ ওলাই  বিভিন্ন যাত্রী, ৰিক্সাৱালা, ধুনীয়া কাপোৰ পিন্ধি, নিজৰ ৰখাই থোৱা মটৰ চাইকেলত উঠি থকা ডেকা ল’ৰাৰ জুম এটাই কৰা ভিৰৰ মাজ পালোঁহি। ৰিক্সাৱালা আৰু বাকী যাত্ৰীসকলৰ কথা বুজিলোঁ বাৰু। কিন্তু এই ডেকা ল’ৰাবোৰে ইয়াত কি কৰিছে? পিছত গম পালোঁ যে ডেকা ল’ৰাবোৰৰ কাৰণে ষ্টেচন হৈছে সন্ধিয়াৰ এটা ভাল আড্ডাৰ স্থলী। ষ্টেচনৰ পৰা এক ফাৰ্লং মান দূৰত্বত অৱস্থিত ৰেষ্ট হাউছটোলৈ কিনকিনীয়া বৰষুণৰ মাজেৰে মই খোজ কাঢ়িয়েই গৈছিলোঁ।

এতিয়া বিছনা চাদৰখনত ডাঙৰ গোলকৈ দাগ থকা বিছনাখনত বহি মই ভাবিবলৈ ধৰিলোঁ, ইয়াৰ পিছত কি কৰা যায়। মোৰ হাতত তিনিটা বিকল্প আছিল – প্ৰথম, অমনদীপ বাট্ৰা নামৰ সাংবাদিকজন, যাৰ টেলিফোন নাম্বাৰটো মোক দিয়া হৈছিল তেওঁলৈ ফোন কৰোঁ আৰু তেওঁক লগ কৰিবলৈ যাওঁ। সাংবাদিকতা তেওঁৰ গৌণ কৰ্মসংস্থাপন, মূলতঃ তেওঁ এখন গেলামাল দোকান চলাইছিল যিখন পৈত্ৰিক সম্পত্তি হিচাপে পাইছিল। সময় পালে বা কিবা উপলক্ষ্যৰ চাহিদাত তেওঁ সেই অঞ্চলৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হিন্দী বাতৰি কাকতলৈ খবৰ প্ৰেৰণ কৰে। দ্বিতীয়টো বিকল্প আছিল— চহৰখনৰ মাজেৰে খোজকাঢ়ি গৈ কেনেবাকৈ এখন বাৰ পোৱা যায় নেকি, চোৱা যাওক। তৃতীয়তে, তাৰ চোৱা-চিতা কৰা কোনোবা এজনৰ হতুৱাই মদ অনাই, বৰষুণ দি থকা গধূলিটো কোঠাৰ ভিতৰতে পাৰ কৰিব পাৰি। কিন্তু মই খোজ কাঢ়িবলৈ ওলাই গ’লোঁ।

সৰু চহৰ এখনত, দুটা কথাই খোজকাঢ়ি ঘূৰি ফুৰাটো খুব উপভোগ্য কৰি তোলে। প্রথম, ট্ৰেফিকে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে। দ্বিতীয়, গাড়ী এখন নিকিনালৈকে, নিজৰ চাৰিওফালে দেখি থকা বস্তুবোৰ আপুনি কিনিব পৰা ক্ষমতাৰ ভিতৰত থাকিব আৰু ইটাৰ্ছীৰ দৰে এখন ঠাইত, য’ত গাড়ী বিক্রী কৰা কোনো দোকান নাছিল, তথাপি ৰেষ্ট হাউছৰ ঠিক সম্মূখতে থকা এটা শ্ব’ৰূম দেখি মই গাড়ীৰ শ্ব’ৰূম বুলি ভাবিছিলোঁ। তাৰ কাঁচৰ দুৱাৰৰ পিছফালে হালধীয়া পোহৰৰ তলত দুখন চিকমিকাই থকা গাড়ী দেখা পালোঁ, যি দুখনে সম্ভাৱিত গ্ৰাহকক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। কিন্তু ওচৰৰ পৰা গৈ চাওঁতে, দেখিলোঁ যে সেইকেইখন গাড়ী নহয় বৰঞ্চ মহিন্দ্ৰাৰ টেক্টৰ, যি কেইখনে ইটাৰ্ছীলৈ স্বাগতম জনাইছে!

ৰে’ষ্ট হাউচৰ পৰা ষ্টেচনৰ দিশত খোজকাঢ়ি গৈ থাকোঁতে বাওঁফালে এটা ডাঙৰ ৰাস্তাৰে মই সোমাই গলোঁ। ভাৰতবৰ্ষৰ প্রায় সকলোবোৰ চহৰ আৰু নগৰত একোটা মহাত্মা গান্ধী পথ থাকেই, আৰু এইটো ইটার্ছীৰ মহাত্মা গান্ধী পথ। আপুনি যদি কোনোবা মহানগৰত বাস কৰে আৰু ১৯৬০ আৰু ১৯৭০ দশকৰ সহজ-সৰল পৰিৱেশ হেৰাই যোৱা যেন অনুভৱ কৰে, তেন্তে এই পথেৰে গ’লেই পুৰণি স্মৃতিবোৰ ঘূৰাই পাব পাৰে। তাত থকা চিঙৰা বিক্রী কৰা মানুহটো এতিয়াও আকৰ্ষণৰ কেন্দ্ৰবিন্দু। লোভৰ পানী পৰি থকা এটা বিশাল গ্ৰাহকৰ দলে তেওঁক ঘেৰি লৈ বাৰে বাৰে ঘড়ীটোলৈ চাই ভাবিছে— কেতিয়ানো গৰম তেলৰ পৰা চিঙৰা তুলি আনি পাত্ৰটোত ৰাখিব য’ত আগৰে পৰা দুই চাৰিটা চিঙৰা মজুত আছিল। তাৰপিছতে থকা ষ্টেচনাৰী দোকানবোৰত হয়তো আপুনি সৰু কালত দেউতাক ফেন্সী ইৰেজৰ আৰু পেঞ্চিল চাৰ্পনাৰ কিনিবলৈ বাধ্য কৰাইছিল। আৰু কাপোৰ দোকানবোৰ, য’ত প্ৰতিটো উৎসৱৰ বতৰতে গোটেই পৰিয়ালটো সোমাইছিল আৰু শেষত ল’ৰা-ছোৱালীবোৰৰ কাৰণে একেধৰণৰ চোলা আৰু পেণ্টৰ কাপোৰ কিনিছিল। আৰু সেই দৰ্জীজনৰ কথা নকলোঁৱেই, যাক এই কাপোৰৰ টুকুৰাবোৰৰ দায়িত্ব দিয়া হ’ব—তেওঁ জোখ-মাখ ল’ব আৰু তাৰপাছত কাপোৰ চিলাই ঘূৰাই দিয়াৰ এটা তাৰিখ দিব, যিটো তাৰিখৰ কাৰণে আপুনি আগ্ৰহেৰে বাট চাই ৰ’ব। ম’ল আৰু চুপাৰ মাৰ্কেট নহালৈকে এইটোৱে আছিল আমাৰ জীৱনৰ পথ। ইটাৰ্ছীয়ে দিল্লীক চেন্নাইৰ লগত আৰু মুম্বাইক কলকতাৰ লগত সংযোগ কৰিছে যদিও বৰ্তমানলৈকে তাত লিভাইছ্ আৰু ৰীবক আনিব পৰা হোৱা নাই। এতিয়াও ই পুৰণি বাটা কোম্পানী আৰু ৰাস্তাৰ কাষত বহা জোতা মেৰামতি কৰা মুচিৰ যুগতেই আছে, যিয়ে যেতিয়াই আপোনাৰ জোতাৰ চিলনি এৰাই যাব ঠিক কৰি দিব।

আচলতে সেই ৰাস্তাত মোৰ চকুত পৰা বস্তুটো হ’ল নাপিতৰ চেলুন, প্রায় সকলো ঠাইতে আছিল,  ৰাকেশ হেয়াৰ আর্টৰ দৰে সৃষ্টিশীল আৰু আকর্ষণীয় নামেৰে নিজকে বেলেগ ধৰণে ৰাখিছিল।  তেওঁলোকৰ মাজৰে এজনে ছাইনব’ৰ্ডত ইংৰাজী শব্দ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছিল, সেয়েহে চেলুনখনে নিজকে ‘খুশহাল কেশ কর্তনালয়’ বুলি অভিহিত কৰিছিল। আৰু কোনো এটা নাপিত এনেয়ে বহি থকা নাই। সকলোবোৰে ধৈৰ্য্যৰে নিজৰ নিজৰ গ্ৰাহকৰ মুখত ছেভিং ক্ৰীমৰ ফেন উঠাই আছিল।

আকৌ বৰষুণ দিবলৈ ধৰিলে আৰু মই নোটবুক খনেৰে মূৰটো ঢাকি ল’লোঁ। কিন্তু মই আশ্রয় বিচাৰি পোৱাৰ আগতেই বৰষুণ এৰিলে। এনেকুৱা সন্ধ্যাবোৰত ভাৰতীয় মধ্যবিত্ত পৰিয়ালৰ ঘৰত পকোৰা ভাজে অথবা কোনোবা বিশ্বাসী ঠেলাৱালাৰ পৰা পকোৰা কিনাই আনে। মই নিশ্চিত আছিলোঁ যে এই ৰাস্তাটোৰে আগলৈ গৈ থাকিলে তেনেকুৱা ঠেলাৱালা থাকিবই, নহ’লে এই সৰু চহৰখন যি চৰিত্ৰৰ ফালৰপৰা পূৰাপূৰি ভাৰতীয় তাৰ কাৰণে এইটো অতি অপমানজনক হ’ব। অলপ সময়ৰ পিছতে মই এখন পালোঁৱেই। ঠেলাখন মহাত্মা গান্ধী পথৰ দাঁতিৰ এটা শান্ত চুকত থিয় দি আছিল। কিন্তু তেওঁৰ জনপ্রিয়তা আৰু বতৰে কেইমিনিটমানৰ বাবে হ’লেও সেই চুকটোক শান্ত হৈ থাকিবলৈ নিদিলে। মানুহবোৰ মাগোড়া কিনিবলৈ আহে। কোনোবাই এশ গ্ৰাম বিচাৰে, কোনোবাই দুশ গ্ৰাম বিচাৰে, আনহাতে দুই এজনে পাঁচশ গ্ৰাম দাবী কৰে। মাগোড়া হৈছে মগু দাইলৰ পৰা তৈয়াৰ কৰা পকোৰা, এই ধৰণৰ বৰ্ষামূখৰ সন্ধিয়াত চাহৰ আদৰ্শ সংগী।

মোৰ নিচিনা মানুহে পথৰ কাষৰ ঠেলাৱালাৰ চাহ-পকোৰা খাই কেৱল ভাল পোৱাৰ বাবেই নহয়, মোৰ অৱচেতন মনত ক’ৰবাত পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠজনৰ প্ৰতি বিদ্ৰোহ ভাব সোমাই আছে যিসকলে আমাক সৰুতে ‘বীজাণু’, ‘বেক্টেৰীয়া’, ‘জণ্ডিচ’, ‘টাইফয়েড’, ‘কলেৰা’ আদি শব্দ প্ৰয়োগ কৰি ভয় খুৱাই এইবোৰ খাদ্যৰ পৰা আঁতৰাই ৰাখিছিল। পথৰ কাষৰ খাদ্য বস্তুখিনি অবৈধ যৌন সম্পৰ্কৰ দৰে— আপুনি ইয়াক খাবলৈ প্ৰলোভিত হয় কাৰণ আপোনাক সদায় কোৱা হয় যে ই নিষিদ্ধ। আপোনাক ই আনন্দ দিয়ে কিন্তু তথাপিও ইয়াক হেয়জ্ঞান কৰা হয়! আৰু এবাৰ যেতিয়া আপুনি এই বৰ্জিত আনন্দৰ সোৱাদ লয়, বাৰে বাৰে তাৰ সোৱাদ ল’বলৈ মন যাব। গতিকে মইও তাতেই আছিলোঁ, মাগোড়া বিক্ৰেতাৰ ঠেলাখনৰ ওচৰত থিয় হৈ, তেওঁৰ মনোযোগৰ বাবে অপেক্ষা কৰি আছিলোঁ। আপুনি তেওঁৰ লেতেৰা কাপোৰৰ ফালে চকু দিলে ভিক্ষাৰী বুলি ভাবি তেওঁ হাতেৰে চোৱা একো বস্তুকে কেতিয়াও খাবলৈ হয়তো মন নকৰিব। কিন্তু যদি তেওঁৰ গ্ৰাহকৰ প্ৰতি থকা ভক্তিক লক্ষ্য কৰে, তেন্তে উপলব্ধি কৰিব যে তেওঁ এনে এজন শিল্পী যিয়ে নিজৰ শিল্পত ইমান নিমগ্ন যে ধূলি আৰু তেলৰ চিকটিয়ে লেতেৰা কৰা চোলাটোৰ ফালে চকু দিবলৈ আহৰি নাই। ঠেলাখনৰ প্ৰতি আকৰ্ষিত হৈ জুম বন্ধা মানুহৰ সংখ্যা দেখি, তেওঁক যদি ইটাৰ্চীৰ আটাইতকৈ ধনী ব্যক্তিৰ এজন বুলি কৈ দিয়ে মই আচৰিত নহ’ম। তেওঁ মাগোড়াৰ প্লেটখন মোৰ হাতত তুলি দিওঁতে মই পদিনাৰ চাটনিৰ ক্ষেত্ৰত উদাৰ হ’বলৈ ক’লোঁ।

খাই থাকোঁতে ইতিমধ্যে দ্বিতীয় ৰাউণ্ড মাগোড়াত হাত দিয়া দুজন বৃদ্ধলোকৰ কথা-বতৰাত কাণ নপতাকৈ থাকিব নোৱাৰিলোঁ। তেওঁলোকৰ এজনে অলপতে এটা ৰঙীন টেলিভিছন কিনিছে আৰু অলপ ফুটনি মাৰিব খুজিছে, “আজিকালি সিহঁতি চল্লিশ পঞ্চাশটা চেনেল দেখুৱায়, আপুনি বাৰু ভাবিছিল নে? ল’ৰা-ছোৱালীৰ সাধাৰণ জ্ঞানত সহায়ক হয়। তাকে ভাবি কিনি পেলালোঁ।” আনজন বৃদ্ধ বিশেষ প্ৰভাৱিত নহ’ল। মাগোড়া খাই থকাৰ মাজতে তেখেতে ক’লে, “মোৰ ল’ৰাই কিনা নতুন ফোনটোত আঢ়ৈশ গান ষ্ট’ৰ কৰিব পাৰি, কেতিয়াবা কল্পনা কৰিছিল নে বাৰু?” প্ৰথমজন লোক মনে মনে ৰ’ল। সদ্যহতে টেলিভিছন আৰু সাধাৰণ জ্ঞানৰ মাজৰ সম্পৰ্ক আৱিষ্কাৰ কৰাৰ পাছত, ম’বাইল ফোনৰ ষ্ট’ৰেজ ক্ষমতা বুজি পোৱাৰ খটখটি বগোৱাৰ পৰা বহু নিলগত আছে। অন্ততঃ দুয়োজন এই কথাটোত সহমতত উপনীত হ’ল যে প্ৰযুক্তিয়ে তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আনিছে আৰু চৈধ্য টকাৰ বিল পৰিশোধ কৰাৰ পাছত তেওঁলোক তাৰপৰা গুচি গৈছিল।

*********************

মাগোড়া খোৱাৰ পাছত মোৰ নষ্টালজিয়া গলিবোৰত আৰু ঘূৰি ফুৰাৰ হেঁপাহ নাইকিয়া হ’ল। এতিয়া মই এটা পেগৰ প্রয়োজন বোধ কৰিলোঁ। মই ষ্টেচনৰ ফালে ঘূৰি আহিলোঁ আৰু হোটেল এখনৰ বাৰত সোমাই গ’লোঁ। তাত থকা প্ৰাণৱন্ত ৱেটাৰ কেইটা দালালৰ দৰে মোৰ পিছত লাগি গ’ল। সিহঁতি মই পর্দা লগোৱা কেবিন এটাত বহাটো বিচাৰিছিল। “ফুল প্ৰাইভেচি, ছাৰ।” বুলি কৈ সিহঁতে মোক ইফালে বা সিফালে নিবলৈ চেষ্টা কৰিলে। মই সিহঁতক আওকাণ কৰিলোঁ। ইটাৰ্ছীৰ ওপৰত থকা পর্দা আঁতৰাবলৈ মই আহিছোঁ, নিজে পৰ্দাৰ আঁৰত লুকাবলৈ অহা নাই। তাৰ উপৰি ভূপালৰ আৰক্ষণ টিকেট কাউণ্টাৰত থকা সেই ভৰাদেহৰ মহিলাগৰাকীৰ আকৰ্ষণীয় সান্নিধ্যৰ প্রতি থকা আকাংক্ষাৰ বাহিৰে আন একো লুকুৱাবলৈ নথকা মোৰ দৰে মানুহক গোপনীয়তা প্রদান কৰাটো হাস্যকৰ বুলি ভাবোঁ। কিন্তু এইসময়ত তাইৰ মুখখনো মই মনত পেলাব পৰা নাই।

মই ৱেটাৰকেইটাক হাত জোকাৰি আঁতৰাই পঠালোঁ আৰু হলত থকা এখন খালী টেবুলত বহিলোঁগৈ, যি স্বাধীনতাৰ মশালৰ সলনি এশ ৱাটৰ বাল্ব জ্বলাই ৰখা অর্ধনগ্ন প্রতিমাৰ দৃষ্টিৰ তলত ইয়াত মদ খাই খাবলৈ অহা মানুহৰ বাবে দেহত সুৰসুৰণি তুলিব পৰা একমাত্র উৎস। মোৰ ঠিক কাষৰ টেবুলখনত দুজন মালয়ালী লোক বহি আছিল, সিহঁতৰ ছুটকেছ দুটা ভৰিৰ মাজত সুৰক্ষিত কৰি ৰাখিছিল। মোৰ পিছফালে থকা টেবুলখনত দুজন মাৰাঠীভাষী লোক আছিল যাক ফুৰিবলৈ অহা যাত্রীৰ দৰে লাগিছিল। মোৰ সন্মুখৰ টেবুলখন জিম-ফিট চেহেৰাৰ এটা হুলস্থুলীয়া পাঞ্জাৱী দলে দখল কৰিছিল, যিসকল যাত্রী নহয় বৰঞ্চ সন্ধিয়াটো উদযাপন কৰিবলৈ ওলাই অহা স্থানীয় লোক। বাৰখনে মদৰ ৰাগীত ডুবি থকা  সৰু-সুৰা ভাৰতবৰ্ষ এখনৰ ছবি উপস্থাপন কৰি আছিল।

স্পীকাৰত উচ্চস্বৰত  বাজি থকা গীতটো ইটাৰ্ছীৰ জীৱনৰ গতিৰ লগত মিলি গৈছিল— ১৯৮০ চনৰ ‘লাভ ষ্টৰী’ ছবিখনৰ এসময়ৰ জনপ্ৰিয় গীত ‘য়াদ আ ৰহী হ্যায়’, যিটো গীত বহুদিনৰ আগতেই আপোনাৰ স্মৃতিৰ মণিকোঠত কবৰস্থ হৈছিল। তাৰ পিছত বাজি উঠা গীতবোৰো সেই দিনৰে একে সুৰীয়া গীত, যিবোৰ মই কেতিয়াও ৰাজহুৱা স্থানত শুনিবলৈ পাম বুলি ভবা নাছিলোঁ। বাৰখনত আপুনি একবিংশ শতিকাত বাস কৰা বুলি সোঁৱৰাই দিয়া একমাত্র বস্তুটো আছিল দেৱালত আঠা লগাই থোৱা এটা বিজ্ঞাপন, য’ত দেখা গৈছিল এজন সুশ্রী যুৱকক বিমানত চিগনেচাৰ ব্ৰেণ্ডৰ হুইস্কি দিয়া হৈছে। কেপচনত লিখা আছিল, “৩৬-ত এমডি”। হল ঘৰটোত বাকী সকলো সেই যুগৰ আছিল মাথোঁ চুলি বগা হোৱা কেইজনহে এমডি বা মেনেজিং ডাইৰেক্টৰ হ’বৰ উপযুক্ত আছিল কাৰণ তেতিয়া কেৰিয়াৰ নিজে জোৰকৈ বগুৱা বাই উঠি যোৱা জখলা নাছিল বৰঞ্চ নিজে গতিপথ লোৱা এটা ৰহস্যময় পথ আছিল।

মোৰ প্রথম পেগটো খাই থাকোঁতে বিজ্ঞাপনৰ পোষ্টাৰত থকা মানুহটোৱে মোক উপহাস কৰা যেন লাগিল। সি চিগনেচাৰ হুইস্কী খাই আছিল, মইও। তাৰ বয়স ছয়ত্ৰিশ, মোৰো। কিন্তু সি তাৰ কোম্পানীটোৰ এমডি যাৰ কাৰণে বিমানৰ হাঁহিমুখীয়া পৰিচাৰিকা গৰাকীয়ে পেগ বাকি দিছে আৰু মই হ’লোঁ এখন অন্ধকাৰ বাৰত বহি থকা এজন সাধাৰণ সাংবাদিক, যাৰ প্ৰতি টিপ পোৱাৰ লোভত মৰমীয়াল হৈ ৱেইটাৰে হুইস্কি বাকি খুৱাই আছে। যেতিয়া মই দ্বিতীয়টো পেগ খাবলৈ আৰম্ভ কৰিলোঁ মোৰ তাৰ প্ৰতি কৰুণা উপজিবলৈ ধৰিলে-ব্যৱসায়িক লক্ষ্য পূৰণ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ বিমান বদলি কৰি অহা-যোৱা কৰি সি কেনে দুৰ্ভগীয়া জীৱন কটাইছে। সি বাৰু সঁচাকৈয়ে মনতে অহৰহ তাৰিখ আৰু তথ্যৰ সৈতে তালমিল মিলাই, হিচাপ-নিকাচ কৰি বিজ্ঞাপন দিয়া পানীয়টোৰ সোৱাদ লৈছিল নেকি? আনহাতে মই হৈছোঁ এটা মুক্ত চৰাই, যিয়ে লক্ষ্যহীনভাৱে ঘূৰি ফুৰাৰ একমাত্ৰ উদ্দেশ্যৰে আহি ইটাৰ্ছীত নামিছোঁহি আৰু এতিয়া সেই হুইস্কিটোৰে সোৱাদ লৈ আছোঁ যাৰ গিলাছটো সি তাৰ কঠিন হাতখনেৰে ধৰি আছে।

মই মোৰ তিনি নম্বৰ পেগটো অৰ্ডাৰ দিয়াৰ সময়লৈকে মোৰ মনৰ পৰা ডেকা এমডি আঁতৰি গৈছিল। মোক এটা লগ প্ৰয়োজন হৈছিল। মই দোকানী তথা সাংবাদিক অমনদীপ বাট্ৰা লৈ টেলিফোন কৰিলোঁ, যাৰ নাম্বাৰটো মোক দিয়া হৈছিল। ফোনতে তেওঁ মোক ইটাৰ্ছীলৈ অহাৰ কাৰণে উষ্ম আদৰণি জনালে। কিন্তু যেতিয়া মই তেওঁক মোৰ লগত এটা পেগ খোৱাৰ প্ৰস্তাৱ আগবঢ়ালোঁ, তেওঁ বিনম্ৰতাৰে নাকচ কৰিলে। তেওঁ ক’লে যে তেওঁৰ ঘৰলৈ কিছুমান আত্মীয় স্বজন আহিছে— “কালিলৈ লগ পাম। সাধাৰণতে মই কমেই ড্রিংক কৰোঁ। কিন্তু তোমাক সংগ দিব পাৰিম।”

বাৰখনত এতিয়া হুলস্থূলীয়া পৰিৱেশ এটা সৃষ্টি হৈছে। হাতত ছুটকেচ লৈ মানুহৰ ভিৰ বাৰখনৰ ভিতৰলৈ সোমাই আহিছে। কেইঘণ্টামানৰ পিছতে তেওঁলোকে ট্ৰেইন ধৰিব লাগিব। কিন্তু এতিয়া তেওঁলোকে মদ আৰু কিবা এটা খাই পেট ভৰাব খুজিছে। ৱেটাৰ কেইটাই সিহঁতৰ পর্দাযুক্ত কেবিনবোৰ সোনকালেই ভৰি পৰা দেখি বৰ আনন্দ পালে। পৰ্দাৰ আঁৰত মদ্যপান কৰিবলৈ বহা লোকসকলে নিজকে বিশিষ্ট আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰাটো বিচাৰিছিল। ইয়াৰ উপৰি পর্দাখনে আন এটা কামো কৰিছিল— মাজে মাজে কোনোবা এটা কেবিনৰ কোনোবাই তেল লগা হাতৰ আঙুলি মচিবলৈ ব্যৱহাৰ কৰিছিল।

বিল পৰিশোধ কৰি মই ৰেষ্ট হাউছলৈ উভতি আহিলোঁ আৰু এই সময়ত তেলৰ দাগ লগা বিছনা চাদৰ থকা ডাঙৰ কোঠাটো মোৰ বহুত বেছি ভাল লাগি গ’ল। মোৰ ইচ্ছা হৈছে, এই মুহূৰ্ততে চেন্নাইত থকা মোৰ বন্ধুবোৰক ইয়ালৈ মাতি আনি ইটা আৰু ৰছী-এই দুটা বস্তুৰ পৰাই নাম লোৱা নগৰখনত এটা সৰু পার্টি কৰোঁ। এই দুটা বস্তুৰ বাবে ইটাৰ্ছী পৰিচিত আছিল। ইয়াত এতিয়া ৰছী নির্মাণ কৰা নহয় যদিও ইটা ভাটাবোৰ এতিয়াও আছে।

মাজনিশাৰ আশে-পাশে ষ্টেচনটোলৈ এপাক যোৱাৰ সিদ্ধান্ত ল’লোঁ। পাৰ হৈ যোৱা ৰে’লগাড়ীৰ উকিটোৱে মোক বৰ আকৃষ্ট কৰে আৰু সেইবাবেই ছয় ঘণ্টাৰ ভিতৰত তৃতীয়বাৰৰ কাৰণে একেটা ৰাস্তাতে উভতি আহিলোঁ। ৰেলষ্টেচন! ই পৃথিৱীৰ আটাইতকৈ হতাশাজনক ঠাই হ’ব পাৰে আৰু লগতে আটাইতকৈ মনোমোহা ঠাই হ’ব পাৰে। বৰ্তমান মই প্লেটফৰ্মৰ টিকেট এটা কিনিবলৈ শুই থকা মানুহ আৰু কেইবাটাও কুকুৰ আৰু দুটামান গৰুৰ মাজেৰে খোজকাঢ়ি যোৱাৰ সময়ত মোক শক্তি প্ৰদান কৰা কাৰকটো আছিল মোহ। প্লেটফৰ্মটো খালী আৰু নিস্তব্ধ হৈ আছিল। এঘণ্টাৰ আগলৈকে ভৰি থকা বিয়াঘৰৰ দৰে আছিল যদিও এতিয়া যেন সকলো আলহী গুচি গ’ল। কিন্তু এই নিস্তব্ধতা ধুমুহা এজাকৰ আগৰ নিস্তব্ধতা যেন লাগিছে। অলপ পাছতে চিৰ পৰিচিত নাৰী কণ্ঠই ঘোষণা কৰিলে— অমৃতসৰৰ পৰা নান্দেড় যাবলগীয়া ৰে’লগাড়ীখন অলপ পিছতে আহি পাবহি। হঠাতে ক’ৰ পৰা নাজানো, খোৱাবস্তুৰ এখন ঠেলা আহি উপস্থিত হ’ল আৰু ঠেলাখন ঠেলি অহা মানুহ দুজন ব্যস্ত হৈ পৰিল— এজনে পুৰি বেলিবলৈ ধৰিলে আৰু আনজনে ছ’লে গৰম কৰিবলৈ ধৰিলে। ৰে’লগাড়ীখন অহাৰ লগে লগে প্রথমজনে ভাপ ওলাই থকা পুৰি এজাপ তেলৰপৰা নমালে যাতে যাত্ৰীসকলে পুৰিবোৰ একেবাৰে তাজা দেখে। কিন্তু সেই সময়ত বহুত যাত্রী সাৰে নাছিল, কেইজনমান হ’ব। তাৰ ভিতৰত প্রায় আটাইকেইজনেই নান্দেড়ত থকা বিখ্যাত গুৰুদ্বাৰ দৰ্শন কৰিবলৈ বুলি অহা শিখলোক, যি কেইজনে হয়তো ৰাতিৰ আহাৰ খাবলৈ নাপালে। তেওঁলোকে ঠেলাখন ঘেৰি থিয় হ’ল আৰু অতি আগ্ৰহেৰে হাতত টকা লৈ খোৱাবস্তুলৈ বাট চাই থাকিল কাৰণ কেইমিনিটমানৰ পিছতে ট্রেইন এৰিব। মই তেওঁলোকৰ মাজৰে এজন হ’লোঁ যদিও মোৰ ট্রেইন ধৰিবলগীয়া নাছিল।

ৰাতিপুৱা জীৱনলাল নামৰ চোৱা-চিতা কৰা ল’ৰাজনে চাহ, পোহা আৰু জেলেপীৰে পুৱাৰ জলপান আনি দিছিল। মই তাক কোনোবা ইঞ্জিন চালকক চিনি পায় নেকি সুধিলোঁ, যিজনে ভাপ ইঞ্জিন চলাব জানিছিল আৰু তেওঁ সেই সময়ৰ কাহিনীৰ বিষয়ে ক’ব পাৰিব।

“ছাৰ, মোৰ দেউতাও এজন ইঞ্জিন চালক আছিল।” জীৱনলালে কিছু দ্বিধাবোধ কৰি ক’লে।

“ভাপ ইঞ্জিন?”

“হয় ছাৰ, ভাপ ইঞ্জিন।”

দেখা গ’ল যে, তাৰ সমগ্র পৰিয়ালটো ৰে’লৱেৰ লগতে জড়িত। তাৰ ককাদেউতাক গেংমেন আছিল আৰু তাৰ দেউতাকে দৈনন্দিন হাজিৰা কৰা বনুৱা হিচাপে যোগদান কৰিছিল, যাৰ কাম আছিল ইঞ্জিনৰ টেণ্ডাৰত কয়লা ভৰোৱা। বহু বছৰ কাম কৰাৰ পাছত তেওঁক চালকৰ সহযোগী হিচাপে উন্নীত কৰা হৈছিল যাৰ কাম আছিল ইঞ্জিনৰ চুলালৈ কয়লা ঠেলি দিয়া। অৱসৰৰ কেইবছৰমানৰ আগতে তেওঁ নিজেই চালক হৈ পৰিছিল। কিন্তু তেওঁক ৰে’লগাড়ীখন কেৱল ওচৰতে থকা খাণ্ডৱালৈকে নিবলৈ অনুমতি দিয়া হৈছিল, যিখন চহৰ আজি গায়ক কিশোৰ কুমাৰৰ জন্মস্থান হিচাপে বেছি বিখ্যাত। আজিকালি, জীৱন লালৰ ককায়েকেও কম দূৰত্বৰ যাত্ৰীবাহী ৰে’ল চলায়। কিন্তু সি খৰধৰকৈ আৰু ক’লে যে তাৰ ককায়েকে চলোৱা ৰে’লবোৰ বৰ গুৰুত্বপূৰ্ণ নহয়।

“তোমাৰ দেউতাক লগ পাব পাৰিমনে?” মই তাক সুধিলোঁ।

“কেইবছৰমানৰ আগতে তেখেত ঢুকালে। কিন্তু মই তেখেতক ভাপ ইঞ্জিন চলোৱা দেখিছোঁ। তেতিয়া মোৰ বয়স খুব সম্ভৱ দহ বা বাৰ বছৰ। মোৰ মনত আছে, তেখেতে এডাল লিভাৰ দাঙি ধৰে আৰু তাক ৰছী এডালেৰে বান্ধি দিয়ে, যিয়ে ইঞ্জিনটোৰ গতি বৃদ্ধি কৰি ৰাখে। গতি কমাবলগীয়া হ’লে, লিভাৰটো ৰছীডালৰ পৰা খুলি তললৈ নমাই দিয়ে।”

“তুমি বেলেগ কোনোবা চালকক চিনি পোৱা নেকি?”

“খবৰ কৰিব লাগিব, ছাৰ।”

মই তাক ইটাৰ্ছীৰ বিষয়ে সুধিবলৈ ধৰিলোঁ ।

“এতিয়া ইয়াত একো নাই, ৰে’লৱে ষ্টেচনটোৰ বাহিৰে।” সি উত্তৰ দিলে। “ভাপ ইঞ্জিনসমূহ কাটি উলিয়াই ট্রাকত তুলি ইয়াৰপৰা পঠাই দিয়া হ’ল। মোৰ চকুৰ সন্মূখতে সেইবোৰ ঘটি গ’ল। গতিকে কি বাকী আছে? আগতে ইয়াত চাৰিটা নে পাঁচটা চিনেমা হল আছিল। এতিয়া সকলোবোৰ বন্ধ হৈ গৈছে।”

মই তাক ইটার্ছীত চাবলগীয়া ঠাইৰ বিষয়ে সুধিলোঁ। সি নীলম নামৰ হোটেল এখনৰ কথা দৃঢ়তাৰে ক’লে— “তাত দুপৰীয়া আহাৰ খাব পাৰি। চহৰৰ ভিতৰত খাবলৈ আটাইতকৈ ভাল ঠাই।”

জীৱন লাল গুচি যোৱাৰ পাছত, স্থানীয় হিন্দী বাতৰি কাকতবোৰৰ ভিতৰৰে এখন, ৰাজ এক্সপ্ৰেছৰ পৃষ্ঠাত বান্ধি অনা পোহা আৰু জেলেপী খালোঁ। ইয়াৰ বিশিষ্ট শিতানত থকা এটা গল্পই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। গল্পটোৰ কাহিনীটো আছিল ওচৰৰ গাঁৱৰ কলী বাই নামৰ এগৰাকী গৃহিণী, যিগৰাকীক ঘৰুৱা দৈনন্দিন কাম-কাজ কৰি থাকোঁতে সাপে খোঁটে। সাপে খোঁটাৰ পিছত তাই অজ্ঞান হৈ পৰে আৰু ততাতৈয়াকৈ ভূপালৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকৰ বহুত প্ৰচেষ্টাৰ পাছতো অজ্ঞান হৈয়েই থাকিল। আতংকিত হৈ পৰিয়ালৰ মানুহে তাইক লছুৰিয়া নামৰ এখন গাঁৱলৈ লৈ যায়, য’ত তাৰ এটা  হনুমান মন্দিৰৰ পূজাৰীয়ে মন্ত্র জপ কৰি সাপে দংশন কৰা মানুহক পুনৰ সজীৱ কৰি তোলে। কোৱা বাহুল্য যে তেওঁ কলী বাইক পুনৰোজ্জীৱিত কৰি, নাগ দেৱতাৰ প্রতি কৃতজ্ঞতাৰ চিনস্বৰূপে পূৰ্ণিমা তিথিত মন্দিৰলৈ পুনৰ আহিবলৈ ক’লে। কথামতেই কলী বাই সেই দিনটোত মন্দিৰলৈ গ’ল। কিন্তু মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে তাইৰ গাটো হালি-জালি কৰিবলৈ ধৰিলে, ঠিক যেনেকৈ বীণ বজালে সাপে যেনেকুৱা কৰে তেনেকৈ। তাই মুখেৰে হিচ-হিচাবলৈ ধৰিলে আৰু চকুকেইটা জিলিকিবলৈ ধৰিলে। প্রথমে মন্দিৰলৈ যোৱা বাকীসকল লোকে ভয় কৰিছিল। কিন্তু এজন পূজাৰীৰ কথাত তেওঁলোকে কলী বাইক ধৰিবলৈ আগবাঢ়ি গ’ল। সাপৰ আত্মাই তাইক বশ কৰিলে বুলি নিশ্চিত হোৱা পূজাৰীজনে নিজৰ শক্তি ব্যৱহাৰ কৰি সেই আত্মাৰ লগত কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলে।

পূজাৰী: এই মহিলা গৰাকীৰ শৰীৰ এৰি যাবলৈ আদেশ দিছোঁ!

আত্মা(কলী বাইৰ মুখেৰে নাৰী কণ্ঠত উত্তৰ দিলে): মই নাযাওঁ।

পূজাৰী: কিন্তু কিয় নাযাৱ?

আত্মা: তাইৰ ঘৰটো এজন সাধুৰ সমাধিৰ ওপৰতে আছে আৰু প্ৰতিদিনে সন্ধিয়া তাইৰ গিৰিয়েকে মদ আৰু কুকুৰা মাংস খাই ঘৰলৈ ঘূৰি আহি সমাধি অশুচি কৰিছে।

পূজাৰী: যদি তাইৰ গিৰিয়েকে মদ আৰু মাংস স্পৰ্শ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া কি হ’ব?

(সেই অনুতপ্ত গিৰীয়েকটো, যাৰ নাম খেলন, তৎক্ষণাত ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ কেতিয়াও মদ আৰু মাংস স্পৰ্শ নকৰে)

পূজাৰী: চা! তাইৰ গিৰিয়েকে কথা দিছে যে সি কেতিয়াও মদ আৰু মাংস নুচুৱে।

আত্মা: ঠিক আছে। মই তাক এবছৰ সময় দিছোঁ। যদি সি আকৌ আগৰ স্বভাৱলৈ ঘূৰি যায়, তেন্তে তাৰ ঘৈণীয়েকক কোনেও বচাব নোৱাৰিব।

কলী বাই নিমিষতে সাপৰ আত্মাৰ পৰা মুক্ত হৈ নিজৰ স্বাভাৱিক ৰূপলৈ ঘূৰি আহিল। আনন্দিত হৈ তাই আৰু তাইৰ গিৰিয়েকে সদায় সুখী হৈ থকাৰ সংকল্প লৈ ঘৰলৈ গুচি গ’ল।

মোৰ এই কথাটো বুজি পোৱাত অসুবিধা হয় যে বাতৰি কাকতবোৰে এনেকুৱা কাহিনীবোৰক বাস্তৱতে বিশ্বাস কৰে নেকি যাৰবাবে এইবোৰ কাকতৰ বিশিষ্ট পৃষ্ঠাত প্ৰকাশ পায়, নে ইচ্ছাকৃতভাৱে মানুহক মদ্যপানৰ পৰা বিৰত ৰাখিবলৈ গাঁৱৰ মানুহৰ অলৌকিকতাৰ ওপৰত থকা বিশ্বাসক ব্যৱহাৰ কৰা হৈছে নেকি? বাতৰি কাকতখনৰ প্ৰতি নিৰপেক্ষ হ’বৰ বাবে ইয়াত এজন স্থানীয় চৰকাৰী চিকিৎসকৰ উক্তি প্ৰকাশ কৰা হৈছিল, যিজনে কৈছিল সাপে খোঁটা মানুহৰ চিকিৎসা কৰা পূজাৰীৰ দৃষ্টান্তক গুৰুত্ব সহকাৰে ল’ব নালাগে কাৰণ ভাৰতত পোৱা শতকৰা নব্বৈ শতাংশ সাপ বিষাক্ত নহয়। চিকিৎসকগৰাকীৰ উদ্ধৃতিৰে কোৱা হৈছে যে “এই ধৰণৰ ‘চিকিৎসা’ কেৱল মনস্তাত্বিক হয়।” কিন্তু এই উক্তিটো কলী বাইৰ অনুতপ্ত গিৰিয়েক খেলানৰ উক্তিটোৰ কাষতে থকা এটা সৰু বাকচত ওলাইছিল।

কলী বাইৰ কাহিনী পাঠকে বিশ্বাস কৰিব নে চিকিৎসকৰ ব্যাখ্যা বিশ্বাস কৰিব, মই ভাবিবলৈ ধৰিলোঁ। (আগলৈ)

***********************************

Leave a Reply

Your email address will not be published. Required fields are marked *