অনুবাদগ্ৰন্থ

এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ, অনুবাদ: অৰুণ কুমাৰ শৰ্মা

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

দ্বাদশ অধ্যায়
জন্ম আৰু ধ্বংস

হে গোলাপৰ কোলাত ওপজা বাছা,
হে কপৌৰ জাক, হে মাছ আৰু গুলপীয়া জোপোহাৰ দুৰ্গ,
তোমাৰ আত্মা যেন এবটল শুকান নিমখ আৰু তোমাৰ ছালখন যেন
আঙুৰেৰে পৰিপূৰ্ণ এটি ঘণ্টা।
দুৰ্ভাগ্যবশতঃ, তোমাক দিবলৈ মোৰ একোৱেই নাই, আছে মাথোঁ নখ, চকুৰ নোম, অথবা গলিত পিয়ানো;
আৰু আছে মোৰ অন্তৰ উথলি পৰা ভাবৰ বুৰবুৰণি, ক’লা অশ্বাৰোহীৰ দৰে চেঁকুৰা ধূসৰ স্বপ্ন, ভগ্নমনোৰথ আৰু হতাশাই দীৰ্ণ কৰা সপোন।
— “বিননিৰ এটি গাথা” (মৰতৰ আবাসৰ অন্যতম কবিতা)
পাবলো নেৰুডা


অপৰিণত অৱস্থাত, ১৯৩৪ চনৰ ১৮ আগষ্টত, নেৰুডা দম্পতীৰ জীয়েকৰ জন্ম হৈছিল। মাহীমাক ত্ৰিনিদাদৰ প্ৰতি শ্ৰদ্ধা জনাই নেৰুডাই জীয়েকৰ নাম থৈছিল মালভা মেৰিনা ত্ৰিনিদাদ। পিছে কেঁচুৱাটো আছিল হাইড্ৰোচেফালী ৰোগত আক্ৰান্ত। কৰোটিত ফ্লুইড জমা হোৱা বাবে তাইৰ মূৰটো অস্বাভাৱিকভাৱে ডাঙৰ আছিল। তাই পোহৰ সহ্য কৰিব নোৱাৰা বাবে সদায় আন্ধাৰ কোঠাত ৰাখিবলগীয়া হৈছিল। তাই মাথোঁ আঠ বছৰহে জীয়াই আছিল।
তাইৰ জন্মৰ চাৰি সপ্তাহ পাছত, নেৰুডাই তেওঁৰ বুৱেনছ্‌ এয়াৰছ্‌ৰ বন্ধু চেৰা তোৰ্নুলৈ লিখিছিল:
“মোৰ কন্যাসন্তানটো, সঠিককৈ ক’বলৈ গ’লে এটি পৰিহসনীয় জীৱ, এটি ছেমিক’লনৰ দৰে প্ৰজাতি, তিনি কিলো ওজনৰ এটি বাদুলী। আগতে সকলো বৰ বেয়াকৈ চলি আছিল যদিও, এতিয়া সকলো ঠিকেই আছে। ছোৱালীজনী মৰিবলৈ ওলাইছিল; তাই কন্দাকটা কৰা নাছিল, তাই শোৱাও নাছিল। আমি তাইৰ চিকিৎসা কৰিবলগীয়া হৈছিল। চিকিৎসকে বেজীৰে ফ্লুইড বাহিৰ কৰিছিল, আৰু আমি সপ্তাহজুৰি ওৰে দিন, ওৰে ৰাতি উজাগৰে কটাইছিলোঁ। এই যদি শল্যচিকিৎসকৰ ওচৰলৈ যাওঁ, পাছ মুহূৰ্ততে ভয়ানক আকাৰৰ বেবী-বটল, তৰ্জু, যথাযথ খোৱাপানীৰ বটল, ৰেগিউলেটৰ থকা চুপি ইত্যাদি কিনাৰ বাবে অস্থিচিকিৎসকৰ আচহুৱা যেন লগা ঘৰটোলৈ বাৰেপতি ঢপলিয়াবলগীয়া হৈছিল। তুমি চাগে বুজিব পাৰিছা, মোৰ কিমান কষ্ট হৈছে। ডাক্তৰে কৈছে, ছোৱালীজনী বচাৰ আশা কম; আৰু সেই সৰু প্ৰাণীটোৱে জন্মতে মস্তিষ্কত আঘাত পাই ৰক্তক্ষৰণ হোৱাৰ ফলত ভীষণ কষ্ট পাইছে। যিয়েই নহওঁক, পিছে সুখবৰ এয়ে যে সম্প্ৰতি ছোৱালীজনীয়ে চিকিৎসাৰ প্ৰতি সঁহাৰি জনাবলৈ লৈছে, আৰু অনৱৰতে লাগি থকা ডাক্তৰেও ঘনাই আহিব নলগা হৈছে; তাই মুখৰ কোণত কণ কণ হাঁহি বিৰিঙাব পৰা হৈছে আৰু সামান্য পৰিমাণে খাব পৰা হৈছে।”
এই দীঘলীয়া চিঠিখনত নেৰুডাই এবাৰৰ বাবে হ’লেও মাৰুকাৰ নাম উল্লেখ কৰা নাই।
১৯৭৭ চনত, সাহিত্যত নোবেল বঁটা পোৱা ভিছেন্তি আলেক্সেন্দ্ৰিয়ে যেতিয়া কেঁচুৱাটোৰ খবৰ ল’বলৈ নেৰুডাৰ “ফুলবাৰী” নামৰ এপাৰ্টমেণ্টটোলৈ আহিছিল, তেতিয়া তেওঁ নেৰুডাৰ চকুৱে-মুখে জীয়েকৰ প্ৰতি চেনেহৰ ভাব পৰিস্ফুট হোৱা দেখিছিল যদিও লক্ষ্য কৰিছিল কিছু পৰিমাণৰ বিকাৰগ্ৰস্ততা:
“মই যেতিয়া তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিলোঁ, তেতিয়া পাবলোৱে কেঁচুৱাৰ দোলন বিছনাখনত ভেজা দি সদ্যোজাত জীয়েকৰ কাষত আছিল। দূৰৈৰ পৰাই তেওঁক কোৱা শুনিছিলোঁ, ‘মালভা মেৰিনা, মোৰ আইজনী শুনিছানে? আহা ভিছেণ্টি, আহা। আমাৰ মেৰিনাজনীক চোৱাচোন, কিমান যে ধুনীয়া।’ মই কাষ চপালৈকে এইদৰে তেওঁ অনৰ্গল মোক উদ্দেশ্য কৰি কথাবোৰ কৈ গৈছিল। তেওঁ মোক হাত বাউলি মাতি অতি সন্তোষেৰে কেঁচুৱাটো দেখুৱাইছিল। একেবাৰে ওচৰৰ পৰা নিৰীক্ষণ কৰাত মই দেখিছিলোঁ, মিহি সূতাৰ কাপোৰেৰে ঢাকি থোৱা তাইৰ প্ৰকাণ্ড মূৰটো— এটি যেন অভিশপ্ত মূৰ…”!
পাবলো আছিল পোহৰ আৰু সপোনেৰে পৰিপূৰ্ণ, এটি “বিকিৰিত অবাস্তৱতা”। তেওঁৰ উদ্ভট কল্পনাবোৰ আছিল শিলৰ দৰে কঠিন। আলেক্সেন্দ্ৰিৰ মতে, জীয়েকৰ প্ৰশংসাত গদগদ তেওঁৰ যেন গৌৰৱৰ সীমা নাই।
দুখ আৰু অনুতাপৰ মাজত দোলায়িত অস্থিৰপ্ৰাণ নেৰুডাই জীয়েকৰ জন্মৰ আগে-পিছে কেইটিমান সন্তাপিত কবিতা লিখিছিল। তাৰে এটাৰ নাম আছিল “মাতৃত্ব”, যিটো তেওঁ লিখিছিল জীয়েকৰ জন্মৰ পূৰ্বে, বুৱেনছ্‌ এয়াৰছ্‌ত থকা কালত। “মোৰ ঘৰত বেমাৰ” নামৰ আন এটি কবিতাত তেওঁ জীয়েকৰ কষ্টতকৈ নিজৰ দুখকষ্টক বেছি প্ৰাধান্য দিয়া দেখা যায়। “বিননিৰ এটি গাথা” নামৰ আন এটি চমৎকাৰ কবিতাত মালভাৰ সংকটজনক অৱস্থা আৰু ইয়াৰ প্ৰতিকাৰৰ কোনো উপায় নোপোৱা এক অসহায় পিতৃৰ মৰ্মবেদনাক প্ৰকাশ কৰা যেন অনুমান হয়। কিন্তু এই কবিতাটোও তেওঁ তাইৰ জন্মৰ পূৰ্বে বুৱেনছ্‌ এয়াৰছ্‌ত লিখিছিল। তেনেদৰে, “পৰিয়ালত গভীৰ হতাশা” নামৰ আন এটি কবিতা তেওঁ ৰচিছিল স্পেইনত, ১৯৩৫ চনত, জীয়েকৰ জন্মৰ কেবামাহ পাছত। ইয়াত তেওঁ স্পেইনৰ ৰক্তাক্ত গৃহযুদ্ধই ভয়ংকৰ হতাশাৰ সৃষ্টি কৰা এক গোমা পৰিবেশৰ চিত্ৰ অংকিত কৰাৰ লগতে পৰিয়ালৰ অন্যান্যসকলৰ দুখ-যন্ত্ৰণাক আওকাণ কৰি, অত্যন্ত আত্মকেন্দ্ৰিকতাৰে নিজৰ আবেগ-অনুভূতিবোৰৰ প্ৰকাশ ঘটোৱা পৰিলক্ষিত হয়। কবিতাটোৰ এই শাৰীকেইটাই তাকে প্ৰতিপন্ন কৰে:
মুঠতে ভয়ানক, ভয়ানকভাৱে পৰিত্যক্ত ভোজন কক্ষত
এনিতেনি ভাঙিচিঙি পৰি থকা নিমখ, চাটনি আৰু
মচলাগুড়িৰ বটল আৰু বয়ামবোৰ আৰু ভিনেগাৰ
নিগৰি চামনি বন্ধা চকীৰ তলবোৰ,
কিবা যেন আন্ধাৰ আন্ধাৰ,
জোনৰ হিমায়িত পোহৰৰ ৰেঙনি,
মই নিজেই নিজৰ মাজত তুলনা কৰোঁ:
হয়তো সাগৰেৰে পৰিবৃত
এয়া এখন দোকান আৰু ফটাকানিবোৰে টোপাটোপে নিগৰাইছে
নিমখীয়া পানী।
এয়া মাথোঁ এটি পৰিত্যক্ত ভোজন কক্ষ, ইয়াৰ চাৰিওপিনে
যোগ দিবলৈ আছে ডুবন্ত কলকাৰখানা আৰু
গছ-গছনিবোৰ, আৰু ইয়াকেই মই মাথোঁ জানোঁ,
কাৰণ মই দুঃখী আৰু ভ্ৰমণৰত,
আৰু মই বুজি পাওঁ ধৰিত্ৰীক,
আৰু মই দুঃখিত।
লক্ষণীয় যে, নেৰুডাই মাত্ৰ এবাৰেই মাৰুকাৰ নাম তেওঁৰ প্ৰসিদ্ধ কবিতা “ফেডেৰিকো গাৰ্ছিয়া লোৰকাৰ প্ৰতি শোকগাথা”ত উল্লেখ কৰিছিল, যিটো তেওঁ লোৰকাৰ মৃত্যুৰ পূৰ্বে লিখিছিল। ইয়াৰ বাহিৰে তেওঁৰ ৰচনাৱলীৰ আন ক’তো মাৰুকাৰ নাম পাবলৈ নাই। উল্লেখিত কবিতাটোত মাৰুকাক তেওঁ কল্পনা কৰামতে দেলিয়া, ৰাফেল এলবাৰ্টি, মেৰিয়া লুইছা বোম্বেল আৰু অন্যান্য পোন্ধৰজনৰ সৈতে ৰাখে, যিসকলে লোৰকাৰ ঘৰলৈ শোক প্ৰকাশ কৰিবলৈ আহিছিল। তথাপি, ইয়াতো তেওঁ নিজ পত্নী আৰু জীয়াৰীক গৌণ স্থান দিয়াহে দেখা যায় আৰু স্তৱকটোৰ তৃতীয় শাৰীতহে তেওঁলোকক মেৰিয়া লুইছা আৰু লাৰ্কোৰ সৈতে ৰাখে। এইখিনিতে উল্লেখযোগ্য যে, নেৰুডাৰ জীয়েকৰ দুৰ্দশাত ব্যথিত ফেডেৰিকো গাৰ্ছিয়া লোৰকাই অসহায় বোধ কৰি, “মালভা মেৰিনা নেৰুডাৰ জন্ম উপলক্ষে কেইটিমান শাৰী” নামৰ এটি শোকগাথা লিখি আশাশূন্য সেই পৰিস্থিতিত বন্ধু নেৰুডাক প্ৰবোধ দিছিল এইদৰে:
মালভা মেৰিনা, আইজনী মোৰ,
যদি মই তোমাক প্ৰেমময় ডলফিনৰ
দৰে প্ৰাচীন ঢৌবোৰৰ ওপৰত উমলি
থকা দেখিলোঁহেঁতেন,
আৰু যদি দেখিলোঁহেঁতেন তোমাৰ আমেৰিকাৰ ৱাল্টজবোৰে
মৰণশীল কপৌৰ বিষাক্ত তেজ-পূঁজবোৰ পাতন কৰা!
যদি দেখিলোঁহেঁতেন শিলে শিলে
তৰ্জন-গৰ্জন কৰি ফুৰা ৰাতিটোৰ ক’লা ভৰি দুখন ভাঙি
টুকুৰাটুকুৰ কৰা, আৰু যদি দেখিলোঁহেঁতেন
বলিয়াৰ দৰে ছাঁবোৰ এৰি থৈ ডালিয়াবোৰ কঢ়িয়াই নিয়া
বিষাদময় বতাহজাকক বাধা দিয়া!
যিয়েই নহওঁক, জীয়েকৰ এনে নিদাৰুণ যন্ত্ৰণাই প্ৰাৰম্ভিক পৰ্যায়ত তেওঁক প্ৰচণ্ড আঘাত দিলেও তেওঁ অতি শীঘ্ৰে হৃত উদ্যম আৰু কাৰ্যক্ষমতা ওভতাই আনি পুনৰ প্ৰাণৱন্ত আৰু তজবজীয়া হৈ পৰিছিল। পৰিয়ালৰ প্ৰতি কৰ্তব্য হিচাপে কৰিবলগীয়া ন্যূনতম কামৰ বাহিৰে তেওঁ আৰু কোনোক্ৰমে মালভা আৰু মাৰুকাৰ সৈতে সাঙোৰ খাই থাকিব বিচৰা নাছিল। এৰাব নোৱাৰা প্ৰেমৰ এনাজৰীৰে তেওঁ দেলিয়াৰ সৈতে আগতকৈয়ো অধিক সম্পৃক্ত হৈ পৰিছিল, যেতিয়া যুদ্ধৰ ভাবুকিয়ে সমগ্ৰ ইউৰোপ প্ৰকম্পিত কৰিছিল।
*
১৯৩৫ চনৰ আৰম্ভণিতে পাবলো আৰু দেলিয়া হৈ পৰিছিল অবিচ্ছেদ্য অংগ। নেৰুডাই এখন চিঠিতে লিখিছিল, “মই দেলিয়াক গভীৰভাৱে ভাল পাওঁ আৰু পছন্দ কৰোঁ।” সেই জানুৱাৰীতে তেওঁ হেক্টৰ ইয়ান্দিলৈ আকৌ লিখিছিল। এইবাৰ তেওঁ “ক্ৰমশঃ শকত হৈ যোৱা” মালভাৰ কথা উল্লেখ কৰিলেও মাৰুকাৰ বিষয়ে ঘূণাক্ষৰে একো নকৈ দেলিয়াৰ প্ৰশংসাত পঞ্চমুখ হৈছিল আৰু তেওঁক “অতি উত্তম” বুলি কৈছিল। তেওঁ তেওঁৰ ন-ন সতীৰ্থৰ কথাও কৈছিল এইদৰে: “পূৰ্বৰ দৰে মই সদায় বন্ধুবৰ্গৰ দ্বাৰা বেষ্টিত হৈ থাকোঁ— কবি, চিত্ৰকৰ সমন্বিতে লোৰকা আৰু বাৰ্জেমিনৰ দৰে বিচিত্ৰ মোৰ সুহৃদবোৰ। এওঁলোক কোনোজনেই জটিল নহয়, এওঁলোক মোৰ তেজৰ দৰে। শৈশৱ কালটো অতি তিক্ততাৰ মাজেৰে কটোৱা মই যিদৰে মানুহৰ উদাৰতা সম্পৰ্কে সজাগ, সেইদৰে মানুহৰ বুকুত বিৰাজ কৰা সৌভ্রাতৃত্ব সম্পৰ্কেও সচেতন।”
ইমানখিনি কোৱাৰ পাছতো লক্ষণীয় যে তেওঁৰ দেশৰে দুগৰাকী অত্যুত্তম কবিৰ স’তে তেওঁৰ ভ্ৰাতৃত্ববোধ নাছিল। তাৎপৰ্যপূৰ্ণভাৱে তেওঁতকৈ বয়োজ্যেষ্ঠ এই দুগৰাকী আছিল পাবলো দা ৰোখা আৰু ভিছেন্তি হুইদোব্ৰো। দা ৰোখাই সংবাদপত্ৰত নেৰুডাৰ বিষয়ে কৰা চোকা মন্তব্যই তোলপাৰ লগোৱাৰ পাছতে তিনিওৰে মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। কিন্তু ১৯৩৪ চনত হুইদোব্ৰোৰ অনুগামী এজনে যেতিয়া নেৰুডাৰ প্ৰেমৰ কবিতা এটি কুম্ভীলক বৃত্তিৰ ফচল বুলি অভিযোগ উত্থাপন কৰিছিল, তেতিয়া এই লৈ তুমুল বাকবিতণ্ডাৰ সৃষ্টি হৈছিল আৰু সময়ত গৈ ই এক অভৱ্য আৰু কুৰুচিকৰ “বৈদ্যায়তনিক যুদ্ধত” পৰিণত হৈছিল; ইয়াত দৃষ্টিকটুভাৱে সকলো পক্ষ জড়িত হৈ পৰিছিল।
সেই সময়ত ওঠৰ বছৰীয়া ভোলোদিয়া টিটেলবোম চিলিৰ কমিউনিষ্ট পাৰ্টিৰ সভ্য হোৱাৰ উপৰিও এজন সম্ভাৱনাপূৰ্ণ লেখক আছিল। চিলিৰ বুদ্ধিজীৱীসকলৰ মাজত “ককাই” বুলি পৰিচিত একচল্লিশ বছৰীয়া হুইদোব্ৰোৰ প্ৰতি টিটেলবোমৰ আছিল প্ৰবল অনুৰাগ। এদিনাখন টিটেলবোমে জাতীয় গ্ৰন্থশালাৰ প্ৰেক্ষাগৃহত ৰবীন্দ্ৰনাথ ঠাকুৰৰ “মালী” (Gardener) কবিতাটো পঢ়ি আছিল। এই কবিতাটো ১৯১৩ চনত প্ৰকাশিত হৈছিল আৰু উক্ত বছৰতে কবিগুৰুক তেওঁৰ “সুদক্ষ প্ৰকাশভংগী” আৰু “গভীৰভাৱে সংবেদনশীল, নিৰ্মল আৰু মনোৰম কবিতাৰ” বাবে নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। “মালী” কবিতাটো পঢ়ি থাকোঁতে টিটেলবোমৰ মনলৈ ছাট কৰে নেৰুডাৰ Poem XVI লৈ মনত পৰিছিল। কবিগুৰুয়ে লিখিছিল:
“তুমি মোৰ সপোনৰ আকাশত উটিভাঁহি ফুৰা গধূলিৰ মেঘ।
প্ৰেমৰ অনুৰাগেৰে তোমাক মই চিৰতিকালে ৰঙ-তুলিকাৰে
মনোৰমকৈ সজাওঁ।
তুমি মোৰ, তুমি মোৰ, নিবাসিনী
তুমি মোৰ সীমাহীন সপোনৰ।”
নেৰুডাই Poem XVI ত লিখিছিল:
“তুমি মোৰ আকাশত চকামকা পোহৰত দেখা এচপৰা মেঘ
তোমাতেই জিলিকে মই ভাল পোৱা ৰঙ আৰু ৰূপ।
তুমি মোৰ, তুমি মোৰ, হে মোৰ সুমিষ্ঠ ওঁঠৰ নাৰীগৰাকী,
সীমাহীন সপোনে মোৰ তোমাতেই জিৰায়।”
তেনেদৰে কবিতাটোৰ বাকী অংশটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ স’তে সম্পূৰ্ণ মিল থকা দেখা যায়। সঁচাকৈ ক’বলৈ হ’লে, স্কুলীয়া কালত নেৰুডা আৰু তেওঁৰ বন্ধুবৰ্গৰ বাবে টেগোৰ (ঠাকুৰ) আছিল অন্যতম প্ৰিয় কবি।
টিটেলবোমে দুয়োটা মূল কবিতা তুলনা কৰাৰ পাছত বিষয়টো কবি বন্ধু এজনৰ লগত আলাপ কৰাৰ অন্তত ’প্ৰো’ নামৰ সাংস্কৃতিক আলোচনী এখনৰ ১৯৩৪ চনৰ নভেম্বৰ সংখ্যাত “নেৰুডা-টেগোৰ সম্পৰ্ক” শিৰোনামেৰে দুইটা কবিতাকে ওচৰাওচৰিকৈ উপস্থাপন কৰি প্ৰকাশ কৰিছিল। নেৰুডাক কুম্ভীলক বৃত্তিৰ বাবে জগৰীয়া কৰাৰ ক্ষেত্ৰত এই দুটা কবিতাই যথেষ্ট আছিল।
অন্যান্য এমুঠিমান অগ্ৰণী আলোচনীৰ দৰে ’প্ৰো’ও হুইদোব্ৰোৰ সহায়-সহযোগেৰে প্ৰতিষ্ঠিত আৰু পৰিচালিত এখন আলোচনী আছিল। যিহেতুকে আলোচনীখনৰ প্ৰথম পৃষ্ঠাত লেখকৰ নাম-ধাম নাছিল, গতিকে পাঠকে চিধাচিধি হুইদোব্ৰোকে ইয়াৰ বাবে জগৰীয়া কৰিছিল, যদিও ইয়াৰ নেপথ্যৰ মূল নায়কজন আছিল টিটেলবোম। সেই সময়ত স্পেইনত থকা হুইদোব্ৰোয়ে এই সম্পৰ্কে তেওঁ সমূলি জ্ঞাত নহয় বুলি দাবী কৰিছিল।
অতীজত, বিশেষকৈ ক্লেৰিদাদৰ পাতত হুইদোব্ৰোৰ বিষয়ে উচ্চ প্ৰশংসা কৰা নেৰুডাই এই ঘটনাত তেনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। আগতে কিন্তু তেওঁক সাঙুৰি কোনো অসত্য লেখামেলা প্ৰকাশ হ’লে তাৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদী মন্তব্য নিদিয়াকৈ থকা নাছিল। কিন্তু এইবাৰ তেওঁ সংযম অৱলম্বন কৰাৰ জৰিয়তে অভিযোগটোক তেনেই সাধাৰণ আৰু মামূলি বুলি উৰাই দিয়াৰ চেষ্টা কৰাৰ লগতে অভিযোগকাৰীকো তুচ্ছ বুলি এৰাই চলা দেখা গৈছিল।
কিন্তু পাবলো দা ৰোখাই মনে মনে বহি নাথাকিল। তেওঁ ইতিমধ্যে অন্যান্য কবিৰ ক্ষেত্ৰত বিদ্বেষপূৰ্ণ সমালোচনা আগবঢ়াই জনাজাত হৈ পৰিছিল। কিছুকালৰ পৰা দা ৰোখাৰ নেৰুডাৰ সৈতে তিক্ততাপূৰ্ণ সম্পৰ্ক বিৰাজ কৰি আহিছিল। তেওঁৰ পাছত কবি হিচাপে আত্মপ্ৰকাশ কৰা নেৰুডাই তেওঁক চেৰ পেলাই দোপতদোপে আগবাঢ়ি গৈ জনগণৰ মাজত উত্তম কবি বুলি স্বীকৃত হোৱাত তেওঁৰ চকু পুৰিছিল। তাতে নেৰুডাৰ বিপক্ষে বিৰূপ সমালোচনাৰ জোৱাৰ তোলা কেবাজনো সমালোচক আছিল, যিসকলক ইতিপূৰ্বে আমি স্থানান্তৰত ‘মৰতৰ আবাস’ক লৈ হোৱা আলোচনাত প্ৰত্যক্ষ কৰিছোঁ। তাৰো আগতে, ১৯৩২ চনত দা ৰোখাই নিম্ন ৰুচিৰ এখন বহুবল্কী কাকতত নেৰুডাক “সুবিধাবাদী” আখ্যা দিয়াৰ লগতে “বিচক্ষণতাৰে আৰু ধৈৰ্যসহকাৰে নিজৰ যশ বৃদ্ধিত লাগি থকা” এজন ব্যক্তি বুলি সদৰী কৰিছিল। নেৰুডাৰ সকলো ৰচনাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল আক্ৰমণাত্মক। আনকি “শেহতীয়া ঢঙ”ত লিখা সৰ্বজনসমাদৃত ‘কুৰিটা প্ৰেমৰ কবিতা’কো তেওঁ “মধ্যমীয়া বুদ্ধিবৃত্তিসম্পন্ন লোকৰ দ্বাৰা সৃষ্ট ছন্দোবদ্ধ বাইবেলৰ প্ৰৰূপ” বুলি আখ্যায়িত কৰিছিল।
টিটেলবোমে দুয়োটা কবিতা ওচৰাওচৰিকৈ প্ৰকাশ কৰাৰ এমাহ পাছত দা ৰোখাই এই সম্পৰ্কে ‘লা অপিনয়ন’ কাকতত (যিখনৰ তেওঁ স্তম্ভলেখক আছিল) সৰু নিবন্ধ এটি লিখি নেৰুডাক আক্ৰমণ কৰিছিল এইদৰে:
“কুম্ভীলক বৃত্তিধাৰী হ’বলৈ হ’লে তুমি নিয়ন্ত্ৰণৰ বাহিৰৰ সুবিধাবাদক প্রশ্ৰয় দিব লাগিব। অভিনেতা অথবা ব্যাৰ্থকাম বহুৱাৰ দৰে তোমাৰ থাকিব লাগিব বিশাল পৰিমাণৰ ময়লাৰে পূৰ্ণ নৈৰ্ব্যক্তিক ভেম। থাকিব লাগিব ছলনা আৰু মিথ্যাচাৰৰ আশ্ৰয় ল’ব পৰা প্ৰচণ্ড সামৰ্থ্য, আৰু একে সময়তে দৈন্যতাৰে ভৰা মাত্ৰাধিক অহমিকা আৰু ঘৃণিত বোধ… ইয়াত স্পষ্টকৈ দেখুওৱা হৈছে যে পাবলো নেৰুডাই ভাৰতীয় কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা নকল কৰিছে।”
ৰাজহুৱাভাৱে এই ধৰণে কৰা অভিযোগৰ প্ৰত্যুত্তৰত নেৰুডাই কৈছিল— হয়, তেওঁ ৰবীন্দ্ৰনাথৰ কবিতাৰ মূল কথাখিনি আত্মস্থ কৰিছে সঁচা, কিন্তু ইয়াক কুম্ভীলক বৃত্তি বুলি কোৱা নাযায়; বৰঞ্চ ইয়াক পেৰেফ্রেইজ অৰ্থাৎ শব্দান্তৰত প্ৰকাশ কৰা বুলি কোৱাটোহে যুগুত হ’ব। শুনা যায় যে ‘কুৰিটা প্ৰেমৰ কবিতা’ পুথিখনৰ প্ৰথম সংস্কৰণ প্ৰকাশিত হোৱাৰ সময়ত নেৰুডাৰ কিছুসংখ্যক বন্ধুৱে পৰামৰ্শ দিছিল যে Poem XVI কবিতাটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘মালী’ কবিতাৰ পেৰেফ্রেইজ বুলি এটা টোকা কিতাপখনত ৰখা দৰকাৰ।
চিলিৰ প্ৰগতিবাদী কবি এগৰাকীৰ বিৰুদ্ধে হুইদোব্ৰোয়ে ক্ষুদ্ৰ এটি কথাক কেন্দ্ৰ কৰি লিপ্ত হোৱা এনে অসঞ্জাতী কাৰ্য্যক টোমাছ লেগো আৰু দিয়েগো মুনোজে তীব্ৰ নিন্দা কৰিছিল। বিতৰ্কৰ সৃষ্টি কৰাত জাঙুৰ খাই হুইদোব্ৰোয়ে ‘প্ৰো’তকৈয়ো বহুলভাৱে প্ৰচলিত ‘ৱাইটেল’ নামৰ আলোচনীখনৰ প্ৰথম পৃষ্ঠাত ডাঙৰ ডাঙৰ হৰফেৰে “নেৰুডা-টেগোৰ সম্পৰ্ক” শিৰোনামেৰে পুনৰাই দুয়োটা কবিতা প্ৰকাশ কৰিছিল।
পাৰ্থক্য এইখিনিতে যে আগৰবাৰ টিটেলবোমে কোনো টিপ্পনী নিদিয়াকৈ প্ৰকাশ কৰিছিল। কিন্তু এইবাৰ হুইদোব্ৰোয়ে লেগো আৰু মুনোজক আক্ৰমণ কৰি লিখাৰ উপৰিও দুখন কঢ়া চিঠি সন্নিবিষ্ট কৰিছিল। এখনত তেওঁ লিখিছিল:
“মই জানো যে তুমি মিছা মাতিবা আৰু মোৰ বিৰুদ্ধে আজেবাজে বলকিবা… তেওঁলোকে মোক ইতিমধ্যে কৈছে যে তুমি এটা মস্ত পৰচৰ্চাকাৰী আৰু বুঢ়ী নটীনিৰ দৰে অ’ৰ কথা ত’ত লগোৱা ভ্ৰষ্টাচাৰী, অভৱ্য লোক। তোমাৰ মিছা কথাই মোৰ নোম এডালো যে সৰাব নোৱাৰে, সেয়া বিশ্ববাসীয়ে জানে। মই তোমাক নিৰ্ঘাত মূৰ্খ বুলি ভাবোঁ। তুমি এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক; তোমাতকৈ অধম কাপুৰুষ আৰু পৃথিৱীত নাই।”
আনখন চিঠিত হুইদোব্ৰোয়ে এই বিষয়ে আচৰিত ধৰণে আত্মপক্ষ সমৰ্থন কৰি লিখিছিল এইদৰে:
“সদৰী কৰা এই কুম্ভীলক বৃত্তিয়ে ক্ষুদ্ৰ পৰিসৰৰ বন্ধুবৰ্গ আৰু সহযোগীসকলৰ মাজত এক ধৰণৰ কৌতূহলৰ উন্মেষ ঘটাইছে: এইযে জহান্নামে যোৱা ক্ৰোধাগ্নি। এয়া কাৰ বিৰুদ্ধে? নিশ্চয় নেৰুডাৰ বিৰুদ্ধে, তেওঁ লিপ্ত হোৱা কুম্ভীলক বৃত্তিৰ বাবে? দহ বছৰ পূৰ্বে টেগোৰে চৰম নিৰ্বুদ্ধিতাৰে লিখা কবিতাটোৰ বাবে, যিটোক দহ বছৰ পাছত একে ভাবনাকে নকল কৰি নেৰুডাই নিজৰ বুলি লিখিছিল? কথাটো হয়নে? স্বাভাৱিকতে কুম্ভীলক বৃত্তিৰ আবিষ্কাৰকজনৰ বিৰুদ্ধে ঘৃণাৰ উদ্ৰেক হৈছে। এয়া কি বিশ্বাসযোগ্য নহয়? যিহেতুকে হুইদোব্ৰো সঠিক আছিল, সেয়ে গেংটোৱে তেওঁৰ বিৰুদ্ধে জাঙুৰ খাই উঠি ক্ৰোধানল বিয়পাইছে। অথচ, এই ক্ষেত্ৰত আদিতে হুইদোব্ৰো সাতটো নাছিল আৰু পাঁচটো নাছিল।”
বিশেষকৈ দা ৰোখাই এই সন্দৰ্ভত শেষলৈকে চলাই লৈ যোৱা আক্ৰমণৰ পটভূমিত লোৰকা, এলবাৰ্টি, হাৰনান্দেজ, আলেক্সেন্দ্ৰি, ছেৰ্নুদা আৰু আন দহগৰাকী স্পেনিছ কবিয়ে তেওঁলোকৰ আদৰৰ বন্ধু নেৰুডাৰ সমৰ্থনত “নেৰুডালৈ শ্ৰদ্ধাঞ্জলি” শীৰ্ষক নামাকৰণেৰে এটি সংকলন প্ৰকাশ কৰিবলৈ গৈ তাত নেৰুডাৰ তিনিটা কবিতা সন্নিবিষ্ট কৰিছিল। উক্ত কিতাপখনৰ প্ৰস্তাৱনাটোৰ এটি অংশ আছিল এনে ধৰণৰ:
“চিলিয়ে পাবলো নেৰুডাৰ দৰে এগৰাকী মহান কবিক স্পেইনলৈ পঠিয়াইছে। সম্পূৰ্ণ ব্যক্তিগত প্ৰয়াসেৰে কাব্যিক ভৱিতব্যক পূৰাপূৰি নিজৰ দখললৈ অনা এইগৰাকী কবিৰ সুস্পষ্ট সৃজনশীলতাই সৃষ্টি কৰা ৰচনাৰাজিয়ে স্পেনিছ ভাষাক নথৈ সন্মানিত কৰিছে… আমি কবিসকলে আৰু বিশেষ প্ৰতিভাসম্পন্ন দক্ষিণ আমেৰিকাৰ যুৱ লেখকসকলৰ অনুৰাগীসকলে এই অপ্ৰকাশিত কবিতাবোৰ প্ৰকাশ কৰিবলৈ যাওঁতে—তেওঁৰ অপূৰ্ব সৃষ্টিৰ শেহতীয়া নিদৰ্শনক দৃষ্টিগোচৰ কৰাৰ লগতে তেওঁৰ অনুপম ব্যক্তিত্ব আৰু তেওঁৰ অপ্ৰমাদী সাহিত্যিক গৰিমাৰ শলাগ লৈছোঁ।”
ইয়াৰ ঠিক পাছত নেৰুডাই কার্লছ মোৰ্লা লিঞ্চৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। বয়োজ্যেষ্ঠ কূটনীতিবিদগৰাকীৰ মতে সিদিনা পাবলোক আনন্দিত দেখা গৈছিল। তেওঁৰ শত্ৰু হুইদোব্ৰোৰ বিৰুদ্ধে উলিওৱা পুস্তিকাখনে তেওঁক সন্তোষ দিছিল। “বিশেষ মুহূৰ্তই বিখ্যাত নকৰালৈকে সকলো মানুহেই ক্ষুদ্ৰ,” মোৰ্লা লিঞ্চে মন্তব্য দিছিল।
নেৰুডাৰ বিৰুদ্ধবাদীসকলে এই শ্ৰদ্ধাঞ্জলিক কেৱল বিশ্বস্ত সমৰ্থকৰ বুলি ইয়াক প্ৰত্যাখ্যান কৰিছিল। পৰিণামস্বৰূপে “সাহিত্যিক যুদ্ধখনে” গৈ এনে পৰ্যায় পাইছিল যে নেৰুডাই সৰ্বশেষত ১৯৩৫ চনৰ এপ্ৰিলত নিজে ৰণক্ষেত্ৰত নামিবলৈ বাধ্য হৈছিল। তেওঁ তেওঁৰ সাহিত্যিক শত্ৰুসকলক অত্যন্ত কটু কাব্যিক ভাষাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আক্ৰমণ কৰিছিল। অৱশ্যে তেওঁ তেওঁৰ এই কাব্যিক প্ৰতিক্ৰিয়াক কবিতা আকাৰে প্ৰকাশ কৰি ৰাজহুৱা কৰাৰ পৰিবৰ্তে স্পেইন হৈ চিলিলৈকে ইহাত-সিহাতকৈ বগৰাই প্ৰচাৰ কৰিছিল। কবিতাটোত তেওঁৰ স্বাক্ষৰ নাছিল যদিও সকলোৱে গম পাইছিল যে এয়া নেৰুডাৰ। স্পৰ্ধাসহকাৰে তেওঁ লিখা “মই ইয়াতে” বোলা কবিতাটো আছিল এনেকুৱা:
জহৰাসকল!
বেশ্যাৰ সন্তানসকল!
আজি কিম্বা কালিয়েই হওক
কেতিয়াও কি মোক
তহঁতে শেষ কৰিব পাৰিবি!
মই মোৰ অণ্ডকোষ ফুলৰ পাহিৰ মাজত ভৰাই থৈছোঁ,
মই মোৰ চুলি চৰাইৰ পাখিৰে পৰিপূৰ্ণ কৰি ৰাখিছোঁ,
মোৰ আছে কবিতা আৰু ভাপ,
কবৰখানা আৰু ঘৰ,
ঢলকুচিওৱা মানু্হবোৰে
গুলীচালনা কৰে
মোৰ “কুৰিটা কবিতা”ক,
মোৰ সপ্তাহক, মোৰ অভিযানক,
আৰু মই সেই গণিকাসকলৰ
মুখত হাগোঁ, যিসকলে তহঁতক জনম দিছে,
ৰোখাৰ বন্ধুবৰ্গ, ফাঁচীশালবোৰ,
বিশ্বাসঘাতক হুইদোব্ৰো….
যিয়েই নহওঁক, ১৯৩৭ চনত প্ৰকাশিত ‘কুৰিটা প্ৰেমৰ কবিতা’ পুথিখনৰ পঞ্চম সংস্কৰণত কিতাপখনৰ আৰম্ভণিতে নেৰুডাই এটি টোকা লিখি তেওঁৰ Poem XVIৰ অধিকাংশই যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ “মালী” কবিতাটোৰ পেৰেফ্রেইজ (অৰ্থাৎ শব্দান্তৰত লিখা) তাক স্বীকাৰ কৰিছিল, আৰু “সেয়া সকলোৰে জ্ঞাত” বুলিও লিখিছিল। তাৰ পাছত তেওঁ আৰু কৈছিল, “মোৰ প্ৰতি বিৰূপ মনোভাৱ লৈ যিসকলে এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি মোৰ অবৰ্তমানত এনে অভৱ্য আচৰণ কৰিছে, তেওঁলোকক এই বৰ্ষীয়ান কিতাপখনৰ জীৱনীশক্তিৰ স্থায়ীত্বলৈ লক্ষ্য ৰাখি যোগ্যতৰ অশ্লীলতাৰে প্ৰত্যুত্তৰ দিয়া হৈছে।”
এইবাৰ আন এগৰাকী খ্যাতিমান সাহিত্যিক প্ৰতিদ্বন্দ্বীয়ে নেৰুডাৰ সমালোচনাত সৰৱ হৈ যোগ দিছিল। তেওঁ আছিল স্পেনিছ কবি জুৱান ৰেমন জিমেনেজ। কবিতাৰ পুৰণি ধাৰাৰ ৰক্ষক এইগৰাকী কবিয়ে ১৯৫৬ চনত সাহিত্যত নোবেল বঁটা লাভ কৰিছিল। জিমেনেজৰ কবিতা আছিল মাৰ্জিত। আনহাতে নেৰুডাই কবিতাত বিদ্যমান পৰম্পৰাগত শুচিতাৰ ধাৰণাক অতিক্ৰম কৰিব বিচাৰিছিল। কাব্যিক শৈলীৰ ক্ষেত্ৰত দেখা দিয়া দুই দৃষ্টিভংগীয়ে দুয়োজনকে পৃথক কৰি ৰাখিছিল। জিমেনেজে নেৰুডাক “এগৰাকী মহান অৰুচিকৰ কবি” আখ্যা দিছিল। জিমেনেজে লক্ষ্য কৰিছিল যে কবিতাৰ ক্ষেত্ৰত লোৰকাৰ প্ৰজন্মই (নেৰুডাও যাৰ অংশীদাৰ) স্পেইনত প্ৰৱৰ্তন কৰা নতুন বাকধাৰাৰ আন্দোলনৰ মুখত তেওঁ এলাগী হৈ পৰিছে আৰু এনে বাস্তৱতাৰ মুখামুখি হৈয়েই তেওঁ নেৰুডাক গুৰুত্বহীন কৰাৰ প্ৰয়াস কৰিছিল।
“মহান অৰুচিকৰ কবি” বোলা মন্তব্যত ক্ষুণ্ণ হৈ নেৰুডা আৰু তেওঁৰ সতীৰ্থসকলৰ সকলোৱে জিমেনেজৰ ঘৰলৈ ফোন কৰিবলৈ লৈছিল, আৰু তেওঁ ফোন উঠোৱা মাত্ৰকে কাটি দি তেওঁক বিৰক্ত কৰিছিল। কিন্তু নেৰুডাই অতি তাৎপৰ্যপূৰ্ণভাৱে জিমেনেজৰ এনে উক্তিক অতি পৰিপক্ক কবিতাৰ ভাষাৰে খণ্ডন কৰিছিল। কবি আৰু মুদ্ৰক মেনুৱেল এল্টোলাগিৰেই নেৰুডাক চকু চমকোৱা এখন আলোচনীৰ সম্পাদনাৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰি, এই আলোচনীখনে যাতে “স্পেইনৰ সমসাময়িক কবিসকলৰ উত্তম ৰচনাবোৰৰ সৰ্বোকৃষ্ট পৰ্যালোচনা দাঙি ধৰিব পাৰে”, তাৰ প্ৰতি সদাসচেষ্ট থাকিবলৈ আহ্বান জনাইছিল। নেৰুডাই আলোচনীখনৰ নাম দিছিল “কবিতাৰ সেউজী ঘোঁৰা”। আকাৰত সৰু হ’লেও আলোচনীখনে সেই সময়ৰ সাংস্কৃতিক বাতাৱৰণক নিৰ্দিষ্ট পথৰ সন্ধান দিছিল। প্ৰথম সংখ্যাটোত নেৰুডাই “অৰুচিকৰ কবিতাৰ” ওপৰত এখন ইস্তাহাৰ লিখি জিমেনেজৰ সৃষ্ট সুন্দৰ আৰু পৰিশোধিত “ৰুচিকৰ” দূৰবৰ্তী কবিতাৰ বিপৰীতে গৈ বৰ্তমানে কবিতাত নতুন বাগধাৰা প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ সপক্ষে দৃঢ় মত পোষণ কৰিছিল।
ভাষা আৰু বুদ্ধিমত্তাৰ সূক্ষ্ম তাৰতম্যৰ ওপৰত প্ৰতিষ্ঠিত “নগ্ন” কবিতাৰ হৈ সবল ওকালতি কৰা জিমেনেজৰ যুক্তিক নেৰুডাই মূলতঃ তেওঁৰ ঘোষণাপত্রৰ জৰিয়তে খণ্ডন কৰিছিল আৰু তেওঁ কবিতাৰ ধাৰাক বৰ্তমানৰ উপযোগীকৈ অধিক মানৱীয় কৰাৰ ওপৰত জোৰ দিছিল। সময়ৰ দ্ৰুত পৰিৱৰ্তন হৈছিল আৰু এনে পৰিৱৰ্তিত পৰিস্থিতিত ঘোষিত নেৰুডাৰ ইস্তাহাৰখনে তেওঁৰ বহু স্পেনিছ বন্ধুকে ধৰি অন্যান্যসকলকো প্ৰভাৱিত কৰিছিল; কাৰণ স্পেইনত দিনে দিনে ক্ৰমশ জটিলৰ পৰা জটিলতৰ হোৱা আলোড়িত অৱস্থাই প্ৰকাশৰ মাধ্যম বিচাৰিছিল উদ্দাম কবিতা সৃষ্টিৰ জৰিয়তে। বিৰাট ৰাজনৈতিক বিপৰ্যয়ৰ মাজেদি অতি কষ্টেৰে গতি কৰা দেশখনে তীব্ৰ মেৰুকৰণেৰে গৃহযুদ্ধৰ পিনে ধাৱিত হৈছিল। আৰু এই ৰচনাখন প্ৰকাশিত হোৱাৰ আঠ মাহ পাছতে দেশখনক যুদ্ধই ছানি ধৰিছিল।
ইস্তাহাৰখনে ‘মৰতৰ আবাস’ৰ প্ৰথম খণ্ডত বিৰাজ কৰা গীতিময়তাক বিসৰ্জন দিয়া নাছিল। পিছে তেওঁ ইয়াৰ মাধ্যমেদি নকৈ‌ গঢ় লৈ উঠা এক নন্দনতত্ত্বৰ কথা ঘোষণা কৰিছিল, যি তত্ত্ব স্পেইনত উদ্ভূত পৰিস্থিতিৰ তাগিদাত জন্ম লৈছিল। তেওঁ কবিতাৰ পৰিসৰ বঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এইমৰ্মে ৰাজনৈতিক কৰ্মকাণ্ডৰ দ্বাৰা আবিৰ্ভূত পৰিস্থিতি, কল্পনা, সপোন আৰু ভৱিষ্যদ্বানীৰ দৰে সকলোকে এই পৰিসৰৰ আওতালৈ অনাৰ বিষয়টো দৃঢ়তাৰে উপস্থাপন কৰিছিল।
অন্যায় আৰু হিংসাৰ বিৰুদ্ধে বিদ্ৰোহী প্ৰতিক্ৰিয়াস্বৰূপে লভা মানুহৰ অভিজ্ঞতাই এই নতুন ধাৰাৰ উপাদানবোৰৰ মূল প্রোথিত আছে বুলি নেৰুডাই বৰ্ণনা কৰিছিল। দ্বিতীয় স্পেনিছ প্ৰজাতন্ত্ৰক ৰক্ষণশীল, সোঁপন্থী প্ৰতিক্ৰিয়াশীল আৰু ফেচিষ্ট শত্ৰুসকলৰ কবলৰ পৰা ৰক্ষা কৰাৰ নিমিত্তে নেৰুডাই তেওঁৰ বাঁওপন্থী বন্ধুবৰ্গৰ সৈতে লগ লাগি যিমান দূৰ সম্ভৱ সকলো কৰিছিল। এনে দুৰ্ঘোৰ পৰিস্থিতিৰ প্ৰেক্ষাপটত নেৰুডাৰ “অৰুচিকৰ কবিতা”ই কঁকালত টঙালি বান্ধি শ্ৰমিকৰ মলিয়ন হাতেৰে ৰচা, “মূত আৰু ভেট”ৰ গন্ধেৰে সম্পৃক্ত লেতেৰা কবিতাৰ হকে ওকালতি কৰিছিল। নেৰুডাই এতিয়া ভাববাদৰ বিপৰীতে বাস্তৱবাদ আৰু অস্বাভাৱিকতাৰ বিপৰীতে প্ৰাত্যহিকতাৰ ওপৰত জোৰ দি কবিতা লিখিবলৈ লৈছিল। সুদূৰ প্ৰাচ্যত ৰচনা কৰা কবিতাৰ পৰা সম্পূৰ্ণৰূপে অব্যাহতি লৈ তেওঁৰ কবিতাই মোৰ লৈ নতুন দিশে যাত্ৰা আৰম্ভ কৰিছিল। এতিয়া আৰু তেওঁ সেইপিনে উভতি নাচায়।
১৯৩৫ চনৰ আগভাগত ৰচিত “সুৰাৰ বিধান” নামৰ কবিতাটোৱে অতীজৰ পবিত্ৰতাৰ পৰা নিজকে সমূলঞ্চে মুক্ত কৰি অগ্ৰসৰ হোৱাটো স্পষ্ট কৰি দিয়ে:
“মই বৰ্তি থকা বস্তুবোৰৰ কথাকে কওঁ। যেতিয়া মই গান গাই থাকোঁ ঈশ্বৰে মোক এইবোৰকে আৱিষ্কাৰ কৰিবলৈ কয়!”
লোৰকা আৰু অন্যান্যসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ নতুন উদ্যমেৰে লেখামেলা কৰি থকাৰ সময়ত নেৰুডাই অতীজৰ শ্ৰেষ্ঠ কবিসকলৰ ৰচনাৱলী গভীৰভাৱে অধ্যয়ন কৰিবলৈ লৈছিল। তেওঁ উইলিয়াম ব্লেইকৰ কবিতাবোৰ অনুবাদ কৰি প্ৰকাশ কৰিছিল। সেইদৰে হুইটমেনৰ “মোৰ নিজৰ গান”ৰ কিছু অংশ অনুবাদ কৰি প্ৰকাশ কৰিছিল। তেওঁ পোন্ধৰ বছৰ বয়সতে হুইটমেনৰ ৰচনা পঢ়া আৰম্ভ কৰিছিল আৰু ঊনৈছ বছৰ বয়সত তেওঁৰ বিষয়ে এটি পৰ্যালোচনা ‘ক্লেৰিদাদ’ পত্ৰিকাত লিখিছিল। ছয় বছৰ আগতে নিউয়ৰ্কত থকা সময়ত লোৰকাই বন্ধুৰ মুখত হুইটমেনৰ সতীৰ্থপ্ৰীতিৰ কথা জানিব পাৰি আৰু সেই সতীৰ্থপ্ৰীতিক “Leaves of Grass”ত মূৰ্ত কৰা শুনি তেওঁৰ পূজক হৈ পৰিছিল আৰু ভক্তিত গদগদ হৈ ‘Ode to Walt Whitman’ নামৰ এটি দীঘলীয়া কবিতা লিখিছিল, যিটো পাছত তেওঁৰ “নিউয়ৰ্কত কবি” নামৰ কবিতাপুথিখনত প্ৰকাশ পাইছিল। সমকামিতাৰ বাবে নিন্দিত হ’লেও ভাষাৰ অপূৰ্ব সংযোজনেৰে লিখা হুইটমেনৰ মুক্তক ছন্দৰ কবিতাবোৰ যে অভাৱনীয়ভাৱে চমৎকাৰ, সেয়া অস্বীকাৰ কৰা নাযায়। সৃষ্টিশীলতাক কেনেকৈ কল্পনাই উদ্দীপ্ত কৰিব পাৰে, তাক তেওঁ নাটকীয়ভাৱে গণতন্ত্ৰৰ জয়গান গোৱা “মোৰ গান” নামৰ কবিতাটোত অতি দক্ষতাৰে প্ৰকাশ কৰিছিল। এই সকলোবোৰে নেৰুডাৰ মন-মেজাজত অনুনাদৰ সৃষ্টি কৰিছিল আৰু হুইটমেনক তেওঁ নায়কোচিত দৃষ্টিভংগীৰে চাবলৈ শিখিছিল।
“মোৰ নিজৰ গান” কবিতাটো ১৮৫৫ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল। কিন্তু ছবছৰ পাছত সংঘটিত আমেৰিকাৰ গৃহযুদ্ধই হুইটমেন আৰু তেওঁৰ কবিতাত ৰূপগত পৰিবৰ্তন সাধন কৰিছিল। চাৰিওপিনে বিৰাজ কৰা চৰম দুৰ্ভাগ্যজনক আৰু কৰুণ ঘটনাৱলীয়ে তেওঁক সবল ৰাজনৈতিক স্থিতি গ্ৰহণ কৰিবলৈ উদ্গনি দিছিল। ভাববাদী ৰমন্যাসবাদৰ সলনি বাস্তৱবাদীতাক তেওঁ পাথেয় হিচাপে লৈছিল। এতিয়া তেওঁৰ কবিতা আৰু কল্পলোকৰ বিষয়বস্তু হোৱাৰ সলনি জীয়া বাস্তৱৰ জাজ্বল্যমান সাক্ষী হৈ পৰিল। চাৰি বছৰ পাছত নেৰুডাই হুইটমেনৰ “মোৰ নিজৰ গান” কবিতাটো অনুবাদ কৰাৰ পৰত স্পেইনত ঘটা ভয়ংকৰ গৃহযুদ্ধই সেই একে ধৰণে তেওঁৰ মনত হুইটমেনসদৃশ অনুভূতি জাগ্ৰত কৰিছিল।
জীৱনৰ শেষলৈকে নেৰুডাই হুইটমেনক তেওঁৰ হৃদয়ৰ মণিকোঠাত থাপি লৈছিল। স্পেইনৰ গৃহযুদ্ধৰ সময়ত আৰু তাৰ পৰৱৰ্তী সময়ত লিখা নেৰুডাৰ কবিতাবোৰত এই কবিগৰাকীৰ প্ৰভাৱ আছিল অপৰিসীম। এই ক্ষেত্ৰত তেওঁৰ “কেণ্টো জেনেৰেল” কবিতাপুথিখন বিশেষভাৱে উল্লেখযোগ্য। ‘ৱেষ্টাৰ্ণ কেনন’ত হেৰল্ড ব্লুমে লিখিছিল, “নেৰুডাক বিনাদ্বিধাই হুইটমেনৰ আটাইতকৈ উপযুক্ত উত্তৰসূৰী বুলি ক’ব পাৰি। ‘কেণ্টো জেনেৰেল’ৰ কবিগৰাকীৰ বাহিৰে ‘লীভচ্‌ অৱ গ্ৰাছ্‌’ৰ পাছত এনে কোনো লায়ক প্ৰতিদ্বন্দ্বী আজিলৈকে ওলোৱা নাই।” ‘কেণ্টো’খন ওলোৱাৰ কিছু বছৰ পাছত ছাণ্টিয়াগোত অনুষ্ঠিত মহাদেশীয় সাংস্কৃতিক কংগ্ৰেছত তেওঁৰ ওপৰত পৰা হুইটমেনৰ প্ৰভাৱৰ কথা ক’বলৈ গৈ নেৰুডাই আমেৰিকাৰ কবিগৰাকীৰ ১৮৭১ চনৰ বক্তব্যটো দোহাৰিছিল:
“মই সাংস্কৃতিক অনুষ্ঠানৰ কৰ্মসূচী এনেদৰে নিৰ্ধাৰিত হোৱাটো বিচাৰোঁ, য’ত কেৱল এককভাৱে এটা শ্ৰেণী নাথাকিব আৰু সেয়া মাথোঁ বৈঠকখানা বা বক্তৃতাকোঠাৰ মাজতে সীমাবদ্ধ নাথাকিব; পশ্চিমৰ শ্ৰমিকৰ ব্যৱহাৰিক জীৱনৰ সৈতে সম্পৰ্কিত কৃষিশ্ৰমিক, পশুপালক, মিস্ত্ৰী আৰু কাৰিকৰ আৰু ইঞ্জিনিয়াৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগিব।”
মই মোৰ দেশক ভাল পোৱাৰ নিমিত্তে তোমাক ঘূৰাই পাব বিচাৰোঁ, হে ধূসৰ হাতৰ অপৰিহাৰ্য বন্ধু মোৰ, ৱাল্ট হুইটমেন।
যাতে আমি তোমাৰ অপূৰ্ব সহায় আৰু কবিতাৰ চৰণেৰে,
গুৰিতে নিধন কৰিব পাৰোঁ
ৰক্তপিপাসু ৰাষ্ট্ৰপতি নিক্সনক।
—ৱাল্ট হুইটমেনৰ সহায় মাগি, পাবলো নেৰুডা

অৱশেষত ১৯৩৫ চনৰ ছেপ্টেম্বৰ মাহত ‘মৰতৰ আবাস’খন স্পেইনত ‘ক্ৰুজ আৰু ৰেয়াৰ’ৰ দ্বাৰা প্ৰকাশিত হৈছিল। এই প্ৰকাশন গোষ্ঠীটোৱে কিতাপখনৰ প্ৰথম খণ্ডটোৰ উপৰিও ১৯৩১ চনৰ পৰা লিখা তেইছটা কবিতাও প্ৰকাশ কৰিছিল। নেৰুডাৰ এই কবিতাবোৰে পাঠকৰ বিপুল সমাদৰ লাভ কৰিছিল। আটাইতকৈ লেখত ল’বলগীয়া কথা এয়ে যে কিতাপ দুখনে নেৰুডাৰ চিৰাচৰিত মণ্ডলৰ বাহিৰত প্ৰশংসামূলক পৰ্যালোচনা লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰকাশ হোৱাৰ দুমাহ পাছত পেৰিছৰ ‘লা মইছ প্ৰো’ আলোচনীখনে এইদৰে মন্তব্য কৰিছিল:
“সকলোৰে জ্ঞাত যে কবিতাৰ ক্ষেত্ৰত স্পেইন আৰু লেটিন আমেৰিকাৰ দৰে ইউৰোপৰ কোনো দেশ চহকী নহয়। কবিতাৰ গুৰু জুৱান ৰেমন জিমেনেজৰ চৌপাশে স্পেইনৰ যিসকল তৰুণ তাৰকা কবি সমবেত হৈছে, সেইসকল নিঃসন্দেহে প্ৰথম শ্ৰেণীৰ প্ৰতিভাপন্ন কবি। তত্ৰাচ ক’বই লাগিব যে এই বছৰ প্ৰকাশৰ মুখ দেখা পাবলো নেৰুডাৰ ‘মৰতৰ আবাস’ৰ দুটি খণ্ড অনস্বীকাৰ্যভাৱে উৎকৃষ্টৰ তালিকাত ৰাখিব পৰা যায়। মহান আৰু প্ৰকৃত কবি এগৰাকীৰ দ্বাৰা ৰচিত এইখন এখন প্ৰশংসনীয় কিতাপ। শক্তিশালী আৰু সাহসী এইগৰাকী কবিৰ আছে সুগভীৰ আৰু সুবিশাল অন্তৰ্দৃষ্টি।”
নেৰুডাৰ পুৰণি পৰামৰ্শদাত্ৰী গুৰু গেব্ৰিয়েলা মিষ্ট্ৰেলো সেই সময়ত মাদ্ৰিদত বাণিজ্য দূত হিচাপে কৰ্মৰত আছিল। তেওঁ কিতাপখনৰ ওপৰত উচ্চ প্ৰশংসা কৰি লিখা এটি সমীক্ষা চিলিৰ ‘এল মাৰ্কাৰিও’ত ১৯৩৬ চনৰ ২৩ এপ্ৰিলত ওলাইছিল। তেওঁ লিখিছিল, “কবি নেৰুডাই ধ্বংস, যন্ত্ৰণা, মৃত্যু আৰু দুৰ্নীতিৰ চিত্ৰ আৱিষ্কাৰ কৰি অকল্পনীয়তাৰে আমাৰ সম্মুখত তুলি ধৰিছে। নেৰুডাই বিভিন্ন ধৰণে কাব্যিক সম্পৰীক্ষাৰ মাজেৰে অগ্ৰসৰ হৈ প্ৰবল জোৱাৰৰ সৃষ্টি কৰিব পাৰিছে, যি জোৱাৰৰ দৈত্যকায় ঢৌৱে সাগৰৰ অভ্যন্তৰৰ বস্তুবোৰক প্ৰচণ্ডভাৱে কোবাই উপকূললৈ প্ৰক্ষেপ কৰিছে। অথচ তেওঁৰ অগ্ৰজসকলে তোলা ঢৌবোৰ আছিল নিশকতীয়া, সেইবোৰে পাৰত মৃদু আঘাতহে কৰিছিল।”
মোৰ্লা লিঞ্চে গেব্ৰিয়েলাৰ সমীক্ষাক “চমৎকাৰ আৰু অনুপম” আখ্যা দিছিল। কিন্তু এই সমীক্ষাৰ পাছতেই তেওঁ নিজ দেশ চিলিৰ অনুগ্ৰহৰ পৰা বঞ্চিত হৈছিল, যেতিয়া এজন সাংবাদিকে তেওঁৰ কিছুমান ব্যক্তিগত চিঠি প্ৰকাশ কৰি দিছিল। এই ঘটনাই স্পেইনৰ লোকসকলক অসন্তুষ্ট কৰাৰ উপৰিও স্পেইনৰ চিলিবাসী আৰু কূটনৈতিক সম্প্ৰদায়ক প্ৰচণ্ড আঘাত দিছিল। ফাদিল হোৱা চিঠিবোৰৰ এখন চিঠি মিষ্ট্ৰেলে তেওঁৰ চিলিৰ কবিবন্ধু মেৰিয়া মোনভেল আৰু সমালোচক আৰ্মাদো দোনোচোলৈ লিখিছিল। চিঠিখনৰ বক্তব্য আছিল এনেকুৱা:

“স্পেইন সম্পৰ্কে মোৰ ধাৰণা আৰু তোমালোকৰ ধাৰণাৰ মাজত বিস্তৰ পাৰ্থক্য আছে… যোৱা দুটা বছৰ ধৰি মই ইয়াত দুৰ্বোধ্য মানুহবোৰৰ সৈতে দিন যাপন কৰিছোঁ, সম্পূৰ্ণ বিৰোধিতা আৰু উদ্ভট ছলনাৰ মাজত… এইসকলৰ পৰা ন্যায় পোৱাটো আকাশকুসুম কল্পনাৰ বাহিৰে একো নহয়; এই সমাজখন এতিয়া চুবুৰীয়া আৰবসকলতকৈয়ো অনাখৰী। ই এতিয়া ভগ্নাৱস্থাত; আজি এইখন প্ৰজাতন্ত্ৰ, কিন্তু কাইলৈ ফিলিপৰ আমোলৰ ৰাজতন্ত্ৰ হ’ব পাৰে। অন্যান্য সকলো লোকে উচ্চাত্মিকতাৰে ইয়াক হেয় চকুৰে চায়, আনকি ঘৃণাৰ দৃষ্টিৰেও; সেয়া ইংৰাজ, ইটালিয়ান কিম্বা লেটিন আমেৰিকানেই হওক।”
চিলিৰ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰণালয়ে ততাতৈয়াকৈ মিষ্ট্ৰেলক পৰ্তুগাললৈ বদলি কৰিছিল আৰু নেৰুডাক পদোন্নতিৰে তেওঁৰ ঠাইত নিযুক্তি দিছিল। কিন্তু পাছত হ’লেও নেৰুডাৰ বাবেও তেনে এটি দিনেই অপেক্ষা কৰি আছিল, যিদিনা তেওঁৰ নতুন ৰাজনৈতিক কৰ্মকাণ্ডই উত্তাল বিতৰ্কৰ সৃষ্টি কৰিব আৰু তেওঁও সেই একে মন্ত্ৰণালয়ৰ ৰোষত পৰিব।
স্পেইনত গৃহযুদ্ধ আৰম্ভ হোৱাৰ আগে আগে হিটলাৰ আৰু মুছলিনিয়ে ক্ষমতা দখল কৰাত বিশ্বব্যাপী ফেচিবাদী উত্থানৰ আশংকাই পৃথিৱীজুৰি প্ৰগতিবাদীসকলক সন্ত্ৰস্ত কৰিছিল। একে সময়তে কমিউনিষ্ট, চছিয়েলিষ্ট আৰু অন্যান্য বাঁওপন্থী শক্তিসমূহে একগোট হৈ ‘পপুলাৰ ফ্ৰণ্ট’ গঠন কৰাৰ জৰিয়তে ইয়াৰ শক্তি বৃদ্ধি কৰি নিৰ্বাচনত (বিশেষকৈ আগন্তুক ফ্ৰান্সৰ নিৰ্বাচনত) জয়লাভ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। ফেচিবাদবিৰোধী এই যুক্তমোৰ্চাৰ আন্দোলনক সবল কৰাৰ উদ্দেশ্যেৰে বিশ্বৰ লেখকসকলৰ প্ৰথম আন্তৰ্জাতিক কংগ্ৰেছ ১৯৩৫ চনৰ জুন মাহত পেৰিছত অনুষ্ঠিত হৈছিল। উক্ত কংগ্ৰেছৰ মূল শ্লোগান আছিল, “ফেচিবাদ আৰু যুদ্ধৰ বিপজ্জনক ভাবুকিৰ পৰা সংস্কৃতিক ৰক্ষা কৰক।” তাৰকাসদৃশ বিখ্যাত ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত এই কংগ্ৰেছত সৰ্বমুঠ আঠত্ৰিশখন দেশৰ দুশ ত্ৰিশজন প্ৰতিনিধিয়ে যোগ দিছিল। নেৰুডাই চিলিক এই কংগ্ৰেছত প্ৰতিনিধিত্ব কৰিছিল। বিশাল সংখ্যক ছাত্ৰ, যুৱক আৰু শ্ৰমিক শ্ৰোতাৰ যোগদানে কংগ্ৰেছক বৰ্ণাঢ্য ৰূপ দিছিল। কংগ্ৰেছক ধন্য কৰা বিখ্যাত বক্তাসকলৰ ভিতৰত অলদছ হাক্সলি, আন্না চেঘৰছ্‌, লুই আৰাগঁ, ই এম ফৰ্ষ্টাৰ আৰু বাৰটল্‌ ব্ৰেখত আছিল অন্যতম। তিনি হেজাৰ আসনবিশিষ্ট ‘মেজন দা লা মিউচুয়েলিটি’ প্ৰেক্ষাগৃহটো শ্ৰোতামণ্ডলীৰে উপচি পৰাত বাহিৰত থিয় হোৱাসকলে শুনিব পৰাকৈ লাউডস্পীকাৰৰ ব্যৱস্থা কৰা হৈছিল।
ৰক্ষণশীল চিলি চৰকাৰৰ কূটনীতিবিদ হোৱা বাবে আৰু তেতিয়াও কমিউনিষ্ট পাৰ্টিত যোগ নিদিয়া হেতুকে নেৰুডাই সাৱধানতা অৱলম্বন কৰি চৰকাৰী প্ৰতিনিধি হিচাপে বক্তব্য ৰখাৰ উপৰিও অধিৱেশনৰ শেষৰপিনে বুদ্ধিজীৱী আৰু লেখকসকলৰ বিৰুদ্ধে লেটিন আমেৰিকাৰ চৰকাৰে চলোৱা নিৰ্যাতনক নিন্দা কৰি উত্থাপন কৰা ঘোষণাপত্ৰখনত স্বাক্ষৰ কৰি আন এটি বিবৃতি ৰাখিছিল।
*
আন্তৰ্জাতিক কংগ্ৰেছ সম্পন্ন হোৱাৰ পাছত নেৰুডাই পেৰিছৰ চ্যেন নদীৰ বাঁওপাৰৰ ৰাস্তাৰ ফুটপাথৰ দাঁতিৰ কেফেবোৰত ৰাতি ৰাতি বহা বৈঠকবোৰত যোগ দিছিল। তেওঁ তেওঁৰ ভ্ৰমণ সংগীসকলক খৰচৰ ক্ষেত্ৰত সংযমী হ’বলৈ কৈছিল, যাতে তেওঁলোকে নিৰ্ধাৰিত ধনেৰে আৰু কিছুদিন পেৰিছত থাকিব পাৰে। পেৰিছত এই যে আৰু কিছুদিন থকাৰ অভিলাষ, ইয়াৰ কাৰণ কিন্তু ৰাজনৈতিক অথবা সাহিত্য বিষয়ক নাছিল। অনুমান কৰামতে তেওঁৰ হিয়াখনে তেতিয়া সুন্দৰী ৰমণী ইভা ফ্ৰেজাভিলৰ সান্নিধ্য লভাৰ বাবে উগুল-থুগুল লগাই আছিল। ‘মৰতৰ আবাস’ৰ তৃতীয় খণ্ডত “কোপানল আৰু দুখ” নামৰ এটি দীঘলীয়া কবিতাত তেওঁ ৰোমান্টিক প্ৰেম আৰু তদজনিত আকুলতাপূৰ্ণ ৰতিক্ৰিয়া আৰু দুখৰ বৰ্ণনা কৰিছে। ১৯৬০-ৰ দশকৰ বিখ্যাত পণ্ডিত হেৰনান লোয়োলাই বিভ্ৰান্ত হৈ এই কবিতাটোৰ নেপথ্যৰ নাৰীগৰাকীনো কোন, তাক চিধাচিধিকৈ জানিব বিচৰাত তেওঁ পাকে-প্ৰকাৰে কৈছিল: “কাৰ্পেন্তিয়েৰৰ স্ত্ৰী।”
লোয়োলাই অধ্যৱসায় আৰু বিস্তৰ গৱেষণাৰ অন্তত নিৰ্ণয় কৰিছিল যে নেৰুডাই উল্লেখ কৰা নাৰীগৰাকী সুন্দৰী ইভা ফ্ৰেজাভিলতকৈ আন কোনো নহয়। অনুমান কৰামতে তেওঁ দিয়েগো ৰিভেৰা আৰু ফৰাছী তিৰোতা এগৰাকীৰ ঔৰসজাত অবৈধ সন্তান। ১৯৩৪ চনৰ ডিচেম্বৰত কিউবাৰ প্ৰভাৱশালী লেখক এলিজো কাৰ্পেন্তিয়াৰ মাদ্ৰিদলৈ অহাৰ সময়ত ইভা তেওঁৰ লগত আছিল। বোধহয় তেতিয়াই দেলিয়াৰ প্ৰতি অনুৰক্ত আৰু কাৰ্পেন্তিয়াৰৰ প্ৰতি সশ্ৰদ্ধ থকাৰ পাছতো ইভা আৰু নেৰুডাৰ মাজত কামনাৰ জুইকুৰা জ্বলি উঠিছিল।
নেৰুডাই জানিছিল যে ইভাই আন্তজাৰ্তিক অধিৱেশন উপলক্ষে পেৰিছলৈ আহিব; সেয়ে তেওঁ দেলিয়াই আহিব খোজা সত্ত্বেও তেওঁক পেৰিছলৈ অনা নাছিল। দেলিয়া নেৰুডাতকৈ কুৰি বছৰ ডাঙৰ আছিল; আনহাতে ইভা আছিল তেনেই কোমলমতি, মাত্ৰ বাইশ-তেইশ বছৰীয়া। দেলিয়া দেখাত ধুনীয়া আছিল যদিও কামোদ্দীপক নাছিল। কিন্তু ইভাৰ ক্ষেত্ৰত সেয়া নাছিল। কাৰ্পেন্তিয়াৰৰ প্ৰতি অনুৰাগ থকা সত্ত্বেও তেওঁ আনৰ সৈতে প্ৰেমৰ অভিনয় কৰিবলৈ ভাল পাইছিল। পৰপুৰুষক আকৰ্ষণ কৰিব পৰা শক্তি আছেনে নাই, তাৰ জোখ ল’বলৈ তেওঁ সেয়া কৰিছিল। কেৱল নেৰুডাই নহয়, অন্যান্য দেখনিয়াৰ পুৰুষৰ লগতো তেওঁ সেয়া কৰিছিল, কিন্তু কাৰো প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ নোহোৱাকৈয়ে। নেৰুডাই এই ছলনাত ভৰি দিবলৈ গৈ নিজৰ প্ৰেমিকাৰ লগতে আপোন স্ত্ৰীকো বিশ্বাসঘাতকতা কৰা কাৰ্যত ব্যথিত হৈছিল। ফলত তেওঁৰ পেৰিছ ভ্ৰমণৰ শেষছোৱা সুখপ্ৰদ নহ’ল।
গণবিক্ষোভৰ বাতৰিয়ে চৌদিশ উত্তাল কৰি ৰাখিলেও মাৰুকা আৰু মালভা মেৰিনাক পিঠি দিয়া নেৰুডাৰ মাদ্ৰিদৰ জীৱন শান্তিপূৰ্ণ আছিল বুলিয়েই ক’ব পাৰি। ইপিনে দেলিয়াই নিজৰ ঘৰত থকাৰ উপৰিও বেছিভাগ সময় নেৰুডাৰ এপাৰ্টমেণ্টত কটাবলৈ লৈছিল। এই প্ৰসংগত কাৰ্লছ মোৰ্লা লিঞ্চে এবাৰ লিখিছিল যে দেলিয়াই “নেৰুডা, মাৰুকা আৰু বেমাৰী কেঁচুৱাটোৰে সৈতে একেখন ঘৰতে থাকে। এনে নাটৰ পৰিণতি শুভ নোহোৱাটোৱেই স্বাভাৱিক।”
লোৰকাই তেওঁৰ সহজাত গভীৰ আত্মসন্তুষ্টিৰে নগৰীৰ বাহিৰে-ভিতৰে ঘূৰি ‘লা বেৰেকা’ নাট্যদল পৰিচালনাত ব্যস্ত আছিল। এই দলৰ বেছিভাগেই আছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ, যিসকলে সমগ্ৰ স্পেইন পৰিভ্ৰমণ কৰি দৰিদ্ৰ গাঁওবাসীৰ মাজত চাৰ্ভাণ্টিছ আৰু অন্যান্য লেখকসকলৰ কালজয়ী নাটকবোৰ পৰিৱেশন কৰিছিল। মোৰ্লা লিঞ্চে সুঁৱৰি কৈছিল, কিদৰে এদিন গধূলি তেওঁৰ ঘৰত অনুষ্ঠিত এখন বৈঠকলৈ ধুমুহাৰ গতিৰে লোৰকাই আহি প্ৰৱেশ কৰি ঘোষণা কৰিছিল যে তেওঁৰ লক্ষ্য হ’ল স্পেনিছ নাটকক “জনসাধাৰণৰ মাজলৈ লৈ যোৱা”। সেই সময়ত লোৰকা ইমানেই প্ৰাণচঞ্চল আছিল যে তেওঁ প্ৰজাতন্ত্ৰৰ উৎসাহেৰে উৎসাহিত হৈ নাটকৰ জৰিয়তে সামাজিক সমস্যাবোৰ তুলি ধৰি তাৰ সমাধানৰ পথ নিৰ্দিষ্ট কৰি দেখুওৱাৰ প্ৰতি দায়বদ্ধ হৈছিল। চালুকীয়া প্ৰজাতন্ত্ৰখনৰ উৎসাহপূৰ্ণ কামকাজ যেন ‘লা বেৰেকা’ৰ বাবে দৃষ্টান্তস্বৰূপ হৈ পৰিছিল; চৰকাৰখনেও লোৰকাই লোৱা উদ্যোগৰ প্ৰতি সঁহাৰি জনাই অগ্ৰাধিকাৰৰ ভিত্তিত নাট্যদলটোলৈ পুঁজি মঞ্জুৰ কৰিছিল, যাতে ইয়াৰ কৰ্মীসকলে প্ৰগতিবাদী আদৰ্শবোৰ গাঁৱে-ভূঞে প্ৰচাৰ কৰিব পাৰে। তদুপৰি চৰকাৰে এই ক্ষেত্ৰত যোগদানকাৰী কলাকাৰ আৰু ছাত্ৰসকলক প্ৰয়োজনীয় বৈধতা প্ৰদান কৰিছিল।
নেৰুডা, লোৰকা সমন্বিতে গেঙৰ অন্যান্য সদস্যসকলে ১৯৩৫ চনত দেলিয়াৰ এপাৰ্টমেণ্টত খ্ৰীষ্টমাছ পালন কৰিছিল। তেওঁলোকে এই উৎসৱ ভোজনপৰ্বৰ জৰিয়তে পালন কৰাৰ সিদ্ধান্ত লৈছিল আৰু এইমৰ্মে চিলিৰ চিত্ৰকৰ কেবেজোনক এটি টাৰ্কি কিনাৰ দায়িত্ব দিছিল। কোৱামতে তেওঁ এটি জীয়া টাৰ্কি লৈ আনিছিল। কোনোবা এজনে মাংস ৰসাল কৰাৰ বাবে চৰাইটোক পুৰণি উৎকৃষ্ট সুৰা পান কৰোৱাৰ পৰামৰ্শ দিছিল। কেবেজোনে এই পৰামৰ্শক গুৰুত্বসহকাৰে লৈছিল অথবা লোৱাৰ ভাও জুৰি টাৰ্কিটো ইখনৰ পাছত সিখন বাৰলৈ নি ভিন ভিন সুৰা আৰু বিয়েৰেৰে তাৰ উদৰ পূৰোৱাৰ লগতে নিজেও গললৈকে গিলি ৰাতি দহ বজাত দেলিয়াৰ কাষত আহি হাজিৰ হৈছিল। টাৰ্কিটো বৰ ডাঙৰ হোৱা বাবে নিত্যব্যৱহাৰ্য ঘৰুৱা অ’ভেনটোত নধৰাত তেওঁলোকে সেইটো বেকাৰীলৈ নি সেকিবলগীয়া হৈছিল। এইদৰে কামবোৰ অতাই-মেলি খাওঁতে তেওঁলোকৰ ৰাতি দুটা বাজিছিল।
এসপ্তাহ পাছত তেওঁলোকে নতুন বছৰৰ পাৰ্টি নগৰীৰ মাজমজিয়াত উদযাপন কৰিছিল। প্ৰচণ্ড জাৰৰ বাবে তেওঁলোকে জেকেটৰ কলাৰবোৰ বতাহ সোমাব নোৱাৰাকৈ ওপৰলৈ তুলি লৈ ‘পুৱেৰ্তো ডেল ছোল’ নামৰ মুকলি ঠাই এখনত উপস্থিত হৈছিল আৰু তাতে হাজাৰ-বিজাৰ উল্লসিত মাদ্ৰিদিয়ানৰ জুমৰ মাজত আত্মহাৰা হৈ প্ৰতিজনে আগন্তুক বছৰৰ প্ৰতিটি মাহক শুভেচ্ছা জনাই বাৰটাকৈ আঙুৰ কিনি খাইছিল। মন কৰিবলগীয়া যে আলোচিত এই দুয়োটা ৰাতিৰ কোনোটোতে মাৰুকাৰ উপস্থিতি সম্পৰ্কে তথ্য পোৱা নাযায়।
কিন্তু ভবামতে আগন্তুক বছৰটো উৎসৱমুখৰ হোৱা দেখা নগ’ল। স্পেইনৰ উত্তৰ-পশ্চিম প্ৰান্তৰ এষ্টুৰিয়াছ প্ৰদেশত কেবাজনো খনি শ্ৰমিকক হত্যা কৰা হৈছিল। এলবাৰ্টি আৰু মেৰিয়া টেৰিজা লিওৰ মস্কো ভ্ৰমণকালত ফেচিবাদীসকলে তেওঁলোকৰ ঘৰ জ্বলাই দিয়াৰ চেষ্টা কৰিছিল। ১৯৩৬ চনৰ জানুৱাৰীৰ পৰা স্পেইনৰ দ্বিতীয় প্ৰজাতান্ত্ৰিক চৰকাৰখনে অন্য এক সংকটৰ মুখামুখি হৈছিল। পূৰ্বৰ প্ৰজাতান্ত্ৰিক চৰকাৰৰ পতন, দুটাকৈ বিত্তীয় কেলেংকাৰী আৰু ভিতৰুৱা বাদ-বিসম্বাদে প্ৰশাসন যন্ত্ৰটোৰ সুখ্যাতি বিনষ্ট কৰিছিল আৰু পৰৱৰ্তী কালত ক্ষমতাকেন্দ্ৰিক সংগ্ৰামে তীব্ৰ ৰূপ ধাৰণ কৰাত সংসদ ভংগ কৰি জাতীয় নিৰ্বাচন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল।
বাঁওপন্থী দলবোৰে তেওঁলোকৰ মাজৰ মতানৈক্য দূৰ কৰি পপুলাৰ ফ্ৰণ্ট গঠন কৰিছিল। সোঁপন্থীসকলে এই ফ্ৰণ্টক ছোভিয়েট-নিয়ন্ত্ৰিত কমিউনিষ্ট আন্তৰ্জাতিক বা কমিণ্টাৰ্ণৰ দ্বাৰা গঠিত বুলি অপপ্ৰচাৰ চলাইছিল। তেওঁলোকে ইয়াতে ক্ষান্ত নাথাকি মস্কোৰ পৃষ্ঠপোষকতাত স্পেনিছ বিপ্লৱ যে আসন্ন, সেই বুলি মিথ্যা প্ৰচাৰ চলাই জনগণৰ মাজত ভীতি সঞ্চাৰ কৰিছিল। স্পেইনৰ ৰাজতান্ত্ৰিক দলৰ মুৰব্বী যোছ কেলবো ছোটেলোৱে “কমিউনিজমৰ লাল দস্যু”সকলক প্ৰতিৰোধ কৰাৰ বাবে সামৰিক বাহিনীক আহ্বান জনাইছিল আৰু স্পেইনৰ জনসাধাৰণক ভীতিগ্ৰস্ত কৰি সতৰ্কবাণী শুনাই কৈছিল যে যদিহে তেওঁলোকে আগন্তুক নিৰ্বাচনত সংৰক্ষণশীল জাতীয় ফ্ৰণ্টক ভোট নিদিয়ে, স্পেইনৰ আকাশত “লাল পতাকা” উৰিব।
১৯৩৬ চনৰ ১৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ঘোষিত ফল অনুযায়ী পপুলাৰ ফ্ৰণ্টে অকলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল ঠিকেই, কিন্তু সোঁপন্থী জাতীয় ফ্ৰণ্ট আৰু মধ্যমপন্থীসকল একত্ৰিত হোৱা হ’লে তেওঁলোকৰ আসনৰ সংখ্যা পপুলাৰ ফ্ৰণ্টতকৈ সামান্য বেছি হ’লহেঁতেন। গতিকে পপুলাৰ ফ্ৰণ্টৰ এই জয় আছিল ভংগুৰ। তথাপি নেৰুডা আৰু তেওঁৰ বন্ধুবৰ্গই তেওঁৰ ফুলবাৰীৰ এপাৰ্টমেণ্টত এই বিজয় উৎসৱ জাকজমককৈ পাতিছিল।
নিৰ্বাচনী ফলাফলৰ পাছদিনা ফ্ৰেঞ্চিস্কো ফ্ৰাংক’ আৰু অন্যান্য সেনাধ্যক্ষসকলে সামৰিক অভ্যুত্থান মাৰফত নতুন চৰকাৰৰ পতন ঘটাব বুলি এটি গুজব সমগ্ৰ স্পেইনত বিয়পি পৰিছিল। ফ্ৰাংক’ৱে ১৯৩৪ চনত খনি শ্ৰমিকসকলৰ বিদ্ৰোহ নিষ্ঠুৰভাৱে দমন কৰা কাৰ্যক যিদৰে বাঁওপন্থীসকলে ভাল পোৱা নাছিল, সেইদৰে তেওঁ ৰাজহুৱাকৈ কৰা মুছলিনি বন্দনা কাৰ্যকো নিন্দা কৰিছিল।
ফেব্ৰুৱাৰীৰ ১৯ তাৰিখে মেনুৱেল এজানাই স্পেইনৰ প্ৰধান মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ দুদিন পাছতে তেওঁ ফ্ৰাংক’ক মুখ্য সেনাধিনায়ক পদৰ পৰা আঁতৰাই কেনেৰী দ্বীপপুঞ্জৰ লাচ পালমাত কামাণ্ডেণ্ট জেনেৰেল হিচাপে নিযুক্তি দিছিল। এই “নিৰ্বাসনস্বৰূপ” নিযুক্তিৱে ফ্ৰাংক’ৰ মনত নতুন চৰকাৰৰ প্ৰতি শত্ৰুতা বৃদ্ধিত ইন্ধন যোগাইছিল আৰু তেওঁ ইয়াক ওফৰোৱাৰ বাবে বদ্ধপৰিকৰ হৈছিল।
১৯৩৬ চনৰ প্ৰথম মাহকেইটাত স্পেইনত বাঁওপন্থী আৰু সোঁপন্থীসকলৰ মাজত বিবাদ তুংগত উঠিছিল। এই বিবাদ চৰকাৰী পৰ্যায়তে সীমাবদ্ধ নাথাকি ৰাস্তা পৰ্যন্ত পাইছিল। মাৰ্চ মাহত ফালাঞ্জে নামৰ ফেচিবাদী দলৰ সদস্যসকলক মেচিনগান টোঁৱাই মাদ্ৰিদৰ ৰাস্তাই ৰাস্তাই গোট বান্ধি মটৰগাড়ীৰে ফিতাহি মাৰি ঘূৰি ফুৰা দেখা গৈছিল। তেওঁলোকে কমিউনিষ্টৰ ঘাটি বুলি চিহ্নিত কৰি শ্ৰমিক শ্ৰেণী অধ্যুষিত অঞ্চলবোৰত বিক্ষিপ্তভাৱে গুলীচালনাও কৰিছিল। এই ফালাঞ্জেসকলে সমাজবাদী দলৰ সদস্য এজনক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰাত প্ৰধান মন্ত্ৰী এজানাই ইয়াক বেআইনী ঘোষণা কৰাৰ লগতে উক্ত দলৰ অধিকাংশ সদস্যক জেলত বন্দী কৰি থৈছিল। ফলস্বৰূপে ৰাজনৈতিক মেৰুকৰণ আৰু অধিক হৈছিল আৰু হিংসা কমাৰ সলনি বাঢ়িহে গৈছিল। জুনৰ ফালে ব্যৰ্থকাম প্ৰজাতান্ত্ৰিক চৰকাৰখনৰ বিৰুদ্ধে কমিউনিষ্ট, সমাজবাদী আৰু নৈৰাজ্যবাদী দলবোৰৰ বহুতো সদস্যই বিপ্লৱ সংঘটিত কৰাৰ বাবে ৰাজহুৱাকৈ আহ্বান জনোৱা দেখা গৈছিল। এনে অৱস্থাত সোঁপন্থী সংবাদপত্ৰবোৰে মধ্যবিত্ত শ্ৰেণীৰ মাজত কমিউনিষ্ট ৰাষ্ট্ৰৰ আতংকৰ বীজ ৰোপণ কৰিবলৈ উঠি-পৰি লাগিছিল আৰু মিলিটাৰী অভ্যুত্থানেহে যে কেৱল স্পেইনক উদ্ধাৰ কৰিব পাৰে, তাক প্ৰতিপন্ন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। চৰকাৰে নিৰ্ণায়ক সিদ্ধান্ত ল’ব নোৱাৰাত পৰিস্থিতিৰ দিনে দিনে দ্ৰুত অৱনতি ঘটিবলৈ লৈছিল আৰু দেশখন ক্ৰমাৎ অঘোষিত গৃহযুদ্ধৰ পিনে গতি কৰিছিল।
১৯৩৬ চনৰ জুনৰ শেষৰ ফালে মাদ্ৰিদত এনে অৰাজকতাই দেখা দিছিল যে নেৰুডাই বাধ্য হৈ মাৰুকাক কেঁচুৱাটোৰে সৈতে বাৰ্ছিলোনালৈ যোৱাটো নিৰাপদ হ’ব বুলি বুজনি দিছিল; কাৰণ তাত স্থানীয় বাণিজ্য দূতগৰাকীৰ সহায় পোৱা যাব। এইদৰে মাৰুকা আৰু কেঁচুৱাটো বাৰ্ছিলোনালৈ যোৱাত নেৰুডা আৰু দেলিয়াই আপোনমনে মুকলিকৈ থকাৰ সুবিধা পাইছিল যদিও তেওঁলোকৰ বাবেও মাদ্ৰিদ এৰাৰ সময় চমু চাপি আহিছিল।
জুলাইৰ ১১ তাৰিখে লোৰকাই তেওঁৰ বন্ধুবৰ্গ আৰু সমাজবাদী পাৰ্টিৰ সংসদীয় সদস্য ফুলগেঞ্চিও দিয়েজ পেষ্টোৰৰ সৈতে ‘লা কাচা দি ফ্লোৰছ’ত একেলগে আহাৰ কৰিছিল। সিদিনাৰ উল্লেখযোগ্য বাতৰিৰ ভিতৰত অন্যতম আছিল যে ফালাঞ্জিষ্টৰ এটি দলে সাময়িকভাৱে ৰেডিঅ’ ভেলেন্সিয়াক নিজৰ দখললৈ আনি ঘোষণা কৰিছিল যে ফেচিবাদী বিপ্লৱলৈ আৰু বেছি দিন নাই। ভোজনৰ সময়ত লোৰকাই দিয়েজ পেষ্টোৰক সাংঘাতিক উদ্বিগ্ন হোৱা দেখিছিল; কাৰণ সংসদৰ সদস্য হোৱা হেতুকে তেওঁ দেশৰ পৰিস্থিতি সম্পৰ্কে আনতকৈ অধিক জ্ঞাত আছিল। লোৰকাই আতংকিত হৈ দিয়েজ পেষ্টোৰক বাৰে বাৰে সুধিছিল: “কি হ’ব এতিয়া? মই কি কৰিম? অভ্যুত্থান হ’ব নেকি?” হঠাৎ লোৰকাই ডাঙৰকৈ চিঞৰি কৈছিল, “মই গ্ৰানাডালৈ যাওঁ নেকি!” দিয়েজ পেষ্টোৰে কৈছিল: “নহয়, তোমাৰ বাবে মাদ্ৰিদেই নিৰাপদ।” অন্যান্য বন্ধুসকলেও সেই একে উপদেশকে দিছিল।
পিছদিনাখন জুলাইৰ বাৰ তাৰিখ। সিদিনা আছিল নেৰুডাৰ বত্ৰিছতম জন্মদিন। পৰিস্থিতি শান্ত হোৱা নাছিল। ফালাঞ্জিষ্টসকলে পুলিচ বিভাগৰ কণিষ্ঠ বিষয়া যোছ কেষ্টিলোক হত্যা কৰিছিল। তেওঁ আছিল প্ৰজাতন্ত্ৰৰ সমৰ্থক আৰু বাঁও দলৰ সদস্য। এই ঘটনাৰ পাছদিনা সংৰক্ষণশীল ৰাজতন্ত্ৰী দলৰ সদস্য যোছ কেলবো ছোটেলো অপহৃত হৈছিল; তেওঁক ডিঙিৰ পাছফালে দুবাৰ গুলীওৱা হৈছিল আৰু মাদ্ৰিদৰ উপকণ্ঠৰ কবৰখানাত পেলাই থোৱা হৈছিল। সিদিনা ৰাতিৰ আহাৰৰ সময়ত দেলিয়াই বন্ধুবৰ্গক কৈছিল যে ফেচিষ্টসকলে নিজেই কেলবো ছোটেলোক হত্যা কৰি ৰিপাব্লিকানসকলক ইয়াৰ বাবে দায়ী কৰি দোষ জাপি দিছিল। আচলতে পুলিচ বিভাগৰ কণিষ্ঠ বিষয়া কেষ্টিলোৰ হত্যাৰ প্ৰতিশোধকল্পে তেওঁৰ ৰিপাব্লিকান বন্ধুসকলে এই কাম কৰিছিল। ফলত ৰিপাব্লিকানসকলে নিজৰ সদস্যকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ধৰণৰ অৱস্থাৰ উদ্ভৱ হোৱা বুলি বহুতৰ মনত সন্দেহ উপজিবলৈ লৈছিল। ইয়াৰ বহিঃপ্ৰকাশস্বৰূপে কেলবো ছোটেলোৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ শোকসন্তপ্তসকলে হাত দাঙি ফেচিষ্ট চেলুট দিছিল আৰু কেষ্টিলোৰ অন্ত্যেষ্টিক্ৰিয়াত ৰিপাব্লিকান, কমিউনিষ্ট আৰু সমাজবাদী সমৰ্থকসকলে হাতৰ মুঠি ওপৰলৈ তুলি শ্ৰদ্ধা নিবেদন কৰিছিল। এইদৰে পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিবলৈ লৈছিল।
আৰ্জেণ্টিনাৰ পৰা ওভতাৰ সময়ত নিজৰ মৃত্যু সম্পৰ্কে প্ৰথমবাৰৰ বাবে পূৰ্বানুমান কৰামতে লোৰকাৰ ভাগ্যত যেন সেয়াই ঘটিবলৈ গৈ আছিল। সমকামী এগৰাকী বাঁওপন্থী কবি, যিগৰাকীয়ে ক্ৰমান্বয়ে প্ৰজাতন্ত্ৰৰ সপক্ষে সৰৱ হৈ উঠিছিল, সেইগৰাকী যে সোঁপন্থী ফেচিষ্টসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব, এই বিষয়ে তেওঁ নিজেও নিঃসন্দেহ আছিল। মাদ্ৰিদত ঘটি থকা ক্ৰমবৰ্ধিত হিংসাই তেওঁৰ আত্মবিশ্বাসত যতি পেলাইছিল। তেওঁ ইমানেই ভয় খাইছিল যে নেৰুডা আৰু কাৰ্লছ লিঞ্চৰ দৰে বন্ধুবৰ্গ লগত নাথাকিলে তেওঁ ঘৰৰ বাজ নহৈছিল। কাচিৎহে তেওঁ অকলে গৈছিল। কেলবো ছোটেলো হত্যাকাণ্ডৰ দিনাখন তেওঁ থৰ-কাছুটি এৰি কেফেত বহি থকা জুৱান গিল-এলবাৰ্টৰ কাষলৈ ঢাপলি মেলিছিল। কবি এলবাৰ্টে পাছত এই বিষয়ে বিবৰি কৈছিল যে সিদিনাখন বিহ্বল হৈ পৰা তেওঁ অন্য এদিন নৈশ আহাৰৰ সময়ত দিয়েজ পেষ্টোৰক সোধাৰ দৰে একেই প্ৰশ্নৰ অৱতাৰণা কৰিছিল: “কি হ’ব এতিয়া? কি হ’ব এতিয়া?” সেই গধূলি এজন বন্ধুৰ সৈতে চিগাৰেট হুপি হুপি ব্ৰেণ্ডি পান কৰি লোৰকাই আগজাননী দি কৈছিল: “এই পথাৰবোৰ মানুহৰ মৰাশৰে ভৰি পৰিব।” কাকো বিদায় নজনোৱাকৈ তেওঁ মাদ্ৰিদ ত্যাগ কৰিছিল আৰু তেওঁৰ গৃহচহৰ গ্ৰানাডালৈ পলাই গৈছিল। তেওঁ আশা কৰিছিল যে তেওঁৰ ৰক্ষণশীল পৰিয়ালটোৱে তেওঁক বচাব পাৰিব।
জুলাইৰ সোতৰ তাৰিখে সেনাধ্যক্ষ ফ্ৰেঞ্চিস্কো ফ্ৰাংক’ৱে স্পেনিছ মৰক্কোত তেওঁৰ অনুগত সামৰিক বাহিনীৰ দ্বাৰা বিদ্ৰোহ সংঘটিত কৰিছিল। তেওঁ প্ৰথম পদক্ষেপ হিচাপে আফ্ৰিকাত অৱস্থানৰত বিদেশী সৈন্যৰ দুশ প্ৰৱীণ বিষয়াক (যিসকল প্ৰজাতন্ত্ৰী চৰকাৰৰ আজ্ঞাৱহ আছিল) হত্যা কৰিছিল। ঠিক সেই সময়তে স্পেইনত থকা আন চাৰিজন সেনাধ্যক্ষ আৰু নেতৃস্থানীয় বিষয়া কেইজনমানে প্ৰজাতন্ত্ৰী চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ একজোঁট হৈ আগবাঢ়িছিল। ফলত স্পেইনত গৃহযুদ্ধৰ আৰম্ভ হৈছিল। ফ্ৰাংক’ আৰু তেওঁৰ অনুগামীসকলে সেনাবাহিনীৰ অধিকাংশকে তেওঁলোকৰ হাতৰ মুঠিলৈ আনিছিল। মুছলিনি আৰু হিটলাৰে ফ্ৰাংক’ক অস্ত্ৰ-শস্ত্ৰ আৰু যুদ্ধবিমান যোগান ধৰিছিল। বিদ্ৰোহ সংঘটিত কৰাৰ পাছদিনাই ফ্ৰাংক’ৰ জাতীয়বাদীসকলৰ হাতত ছেভিলৰ পতন ঘটিছিল। ফেচিষ্ট বিদ্ৰোহীসকলে ক্ষিপ্ৰ গতিৰে কৰ্ডোবা, গ্ৰানাডা আৰু মাদ্ৰিদৰ পিনে অগ্ৰসৰ হৈছিল। কমিউনিষ্ট নেত্ৰী ডোলোৰেছ ইবাৰুৰিয়ে ৰেডিঅ’যোগে এই বিদ্ৰোহক প্ৰতিৰোধ কৰিবলৈ নাগৰিকসকলক প্ৰবল আহ্বান জনাইছিল। তেওঁ মহিলাসকলক ছুৰী-কটাৰী আৰু উতলা তেলেৰে বিদ্ৰোহীসকলৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হোৱাৰ নিমিত্তে উদাত্ত কণ্ঠে আবেদন জনাই কৈছিল: “সিহঁতক বাট এৰি নিদিবা! No pasaran!” আৰু এই যে “No pasaran”, এয়াই হৈ পৰিছিল বাঁওপন্থীসকলৰ ৰণধ্বনি।
বিদ্ৰোহীসকলে ছেভিল দখল কৰাৰ পাছদিনা এজন বিদ্ৰোহী সেনাধ্যক্ষই পাঁচ হেজাৰ সৈন্য লৈ বাৰ্ছিলোনা কৰায়ত্ত কৰাৰ বাবে অভিযান চলাইছিল। কিন্তু তেওঁলোক শ্ৰমিক ইউনিয়নৰ নেতৃত্বত পৰিচালিত, প্ৰজাতন্ত্ৰৰ অনুগত ঐক্যবদ্ধ মিত্ৰগোষ্ঠীৰ হাতত পৰাস্ত হৈছিল। ফ্ৰাংক’ৱে দ্ৰুত-অভ্যুত্থানৰ পৰিকল্পনা কৰিও তাক সাৰ্থক কৰিব পৰা নাছিল; সুদীৰ্ঘ তিনি বছৰ ধৰি এই যুঁজ চলিছিল।
যুদ্ধৰ আৰম্ভণিতে ফ্ৰাংক’ৰ সহযোগী হোৱাৰ নিমিত্তে মাৰ্কুইছ দা হেৰিয়াই পৰিয়ালসমন্বিতে মাদ্ৰিদ ত্যাগ কৰি তেওঁৰ (ফ্ৰাংক’ৰ) বাৰ্গছৰ ঘাটিত গৈ উপস্থিত হৈছিল। তেওঁ এৰি থৈ যোৱা প্ৰকাণ্ড অট্টালিকাটো সংস্কৃতি ৰক্ষাৰ হকে গঠিত ফেচিবাদবিৰোধী বুদ্ধিজীৱীসকলৰ যৌথ মঞ্চই দখল কৰিছিল আৰু ই ফ্ৰাংক’বিৰোধী অভিযানৰ অন্যতম ঘাটি হৈ পৰিছিল। নেৰুডাৰ বন্ধুসকলে গঢ়ি তোলা বুদ্ধিজীৱীসকলৰ এই যৌথ মঞ্চই প্ৰজাতন্ত্ৰৰ সমৰ্থনত লেখামেলা আৰু নাট্যাভিনয় কৰিবলৈ সংকল্পবদ্ধ হৈছিল। ইয়াৰ দ্বাৰা তেওঁলোকে দেশৰ ভিতৰত জনসাধাৰণৰ মনোবল বৃদ্ধি কৰাৰ উপৰিও বিদেশৰ লোকক স্পেইনৰ ঘটনাৱলী সম্পৰ্কে অৱগত কৰি সহমৰ্মিতা আদায় কৰাৰ প্ৰতিও সচেষ্ট হৈছিল (১৯৩৫ চনত পেৰিছত অনুষ্ঠিত লেখকসকলৰ আন্তৰ্জাতিক কংগ্ৰেছৰ দ্বাৰা এই লেখকসকল উদ্বুদ্ধ হৈছিল। কাৰ্যতঃ এই মোৰ্চাক আন্তৰ্জাতিক কংগ্ৰেছৰ স্পেনীয় শাখা বুলি ক’ব পাৰি।)।
“জবলবুৰ প্ৰাসাদ” স্বৰূপে খ্যাত মাৰ্কুইছৰ অত্যাধুনিক অট্টালিকাটোৰ এক সুদীৰ্ঘ ইতিহাস আছে। দাস-ব্যৱসায়ৰ সময়ত নতুন স্পেইনৰ সৈতে গঢ়ি উঠা ৰমৰমীয়া সম্পৰ্কৰ সুবাদত বুজন অংকৰ ধন আত্মসাৎ কৰি কোনো পৰিয়ালে এইটো সাজিছিল। মাদ্ৰিদ নগৰীৰ সোমাজত অৱস্থিত এই প্ৰাসাদটো এতিয়া বুদ্ধিজীৱীসকলৰ যৌথ মঞ্চৰ আদৰ্শনীয় কেন্দ্ৰস্থলী। যুদ্ধৰ সময়ত প্ৰজাতন্ত্ৰৰ হকে সহায় কৰিবলৈ অহা আন্তৰ্জাতিক ব্ৰিগেডৰ লেখক, কলাকাৰ আৰু কৰ্মীসকলৰ থকা-খোৱাৰ বাবে ই ইয়াৰ দুৱাৰ মুকলি কৰি দিছিল। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাই তিনি হাজাৰতকৈও অধিক পুৰুষ আৰু মহিলাই ‘আব্ৰাহাম লিংকন ব্ৰিগেড’ নামেৰে আহি যুদ্ধত অৱতীৰ্ণ হৈছিল। এই আন্তৰ্জাতিক আদৰ্শবাদী ব্যক্তিসকলৰ বহুতে পোনপটীয়াকৈ বুদ্ধিজীৱীসকলৰ যৌথ মঞ্চৰ কাম-কাজত জড়িত হৈ পৰিছিল।
১৯৩৭ চনত মাদ্ৰিদত অনুষ্ঠিত লেখকসকলৰ দ্বিতীয় আন্তৰ্জাতিক কংগ্ৰেছৰ সময়ত, প্ৰাসাদটোৱে যথোচিত আতিথ্য আগবঢ়াইছিল। আৰ্নেষ্ট হেমিংৱে, লেংস্তন হিউজ আৰু ফটোগ্ৰাফাৰ ৰবাৰ্ট কাপা ইয়াতেই অতিথি হিচাপে আছিল। ঠিক সেইদৰে কিউবাৰ জাতীয় কবি নিকলাছ গিলেন, মেক্সিকোৰ আটাইতকৈ প্রশংসনীয় আৰু অৰ্থপূৰ্ণ কবি অক্টাভিও পাজ (১৯৯০ চনত নোবেল বঁটাপ্ৰাপ্ত), কুৰি শতিকাৰ অন্যতম উল্লেখযোগ্য ফৰাচী কবি লুই আৰাগঁ আৰু বহু সৃজনক্ষম লেখিকা হিচাপে প্ৰতিষ্ঠিত তেওঁৰ সহধৰ্মিনী এলছা ত্ৰিওলেতৰ দৰে স্বনামধন্য সাহিত্যিকসকলৰ উজ্জীৱিত প্ৰাণ-পৰশেৰে ই জীপাল হৈছিল।
যেতিয়া লেংস্তন হিউজে মাদ্ৰিদত উপস্থিত হৈছিল আৰু ফ্ৰেংকোৱে নগৰীখনক প্ৰায় প্ৰতিদিনে প্ৰচণ্ডভাৱে গুলীবাৰুদেৰে আঘাত কৰি আছিল, তেতিয়া আয়োজকসকলে তেওঁ বিচৰামতে উক্ত প্ৰাসাদটোৰ ওপৰ মহলাৰ আহল-বহল আৰু প্ৰয়োজনীয় আচবাব থকা সুশৃংখল কোঠাটোত থাকিবলৈ দিয়া বাবে আচৰিত হৈছিল। কোঠাটো মুকলিমূৰীয়াও আছিল। অনতিপলমে তেওঁ গম পাইছিল যে, ফেচিষ্টসকলৰ আক্ৰমণৰ পটভূমিত উক্ত কোঠাটো অসুৰক্ষিত আছিল বাবেই খালী ৰখা হৈছিল। লেংস্তন হিউজৰ ভাষাত: “প্ৰতি ৰাতি মই শত্ৰুৰ গোলাবৰ্ষণে নগৰীখন চমকোৱা দেখিবলৈ পাইছিলোঁ। কিন্তু কোঠাটোত সোমাইছিলোঁ যেতিয়া, সলনি কৰাৰ কথা আৰু নাভাবিলোঁ ৷ আন এজন আমেৰিকানৰ সৈতে ময়ে আছিলোঁ ওপৰ মহলাৰ অতিথি। স্পেনিছ লেখকসকলে হয়তো ভাবিছিল যে সকলো আমেৰিকান হেমিংৱেৰ দৰে, আৰু ধাৰণা কৰিছিল যে আমি বন্দুকৰ মুখামুখিকৈ থাকি ভাল পাওঁ।”
হিউজৰ মতে, “নিকোলাছ গিলেন অতি জ্ঞানী হোৱা বাবে চিৰিৰ তলৰ লগুৱাৰ কোঠা এটিত থাকিবলৈ লৈছিল।” তেওঁৰ যিমান দূৰ মনত পৰে, “প্ৰাসাদটোত বহুমূলীয়া আচবাবেৰে সজ্জিত প্ৰায় পঞ্চাছটা কোঠা আছিল।” বৈঠকখানা হিচাপে ব্যৱহৃত কোঠাটোৰ বেৰবোৰ স্পেইনৰ প্ৰসিদ্ধ চিত্ৰকৰ গোয়া আৰু স্পেইনত জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰা এল গ্ৰেচোৰ মনোৰম পেইণ্টিঙেৰে শোভিত কৰা আছিল। তাত পাৰি থোৱা আছিল পঞ্চদশ লুইৰ আমোলৰ চকী। যৌথ মঞ্চৰ সদস্যসকলে আড়ম্বৰপূৰ্ণ পৰিবেশত কাম কৰিছিল আৰু শুইছিল। হিউজে কোৱামতে, তাৰ আন এটি কোঠা ভৰি আছিল বিভিন্ন ধাতুৰে তৈয়াৰী বৰ্ম; তাৰে কিছুমান ‘ডন কিক্সতে’ পৰিধান কৰাৰ লেখীয়া আছিল। তাত দেখা গৈছিল কেবাটাও ট্ৰাংক, যিবোৰ কোঁচমোচ খোৱা ছেভিলিয়ান স্কাৰ্টেৰে ভৰপূৰ আছিল আৰু আনবোৰ ভৰি আছিল ষাড়যুঁজাৰুৰ পোছাকেৰে, যিবোৰত লগোৱা আছিল চুমকী।
অতিৰিক্ত কাপোৰবোৰ ৰেড ক্ৰচত জমা দিয়া হৈছিল; চাই মন জুৰোৱাৰ নিমিত্তে কিছু তেনে খানদানী কাপোৰ ৰাখি থোৱা হৈছিল। যৌথ মঞ্চৰ সদস্যসকলে পাখিৰে শোভিত টুপী অথবা কেপ্‌ পিন্ধি আৰু দীঘলীয়া সাজ পৰিধান কৰি নৈশ আহাৰত যোগ দিছিল। সেই দিনবোৰৰ কথা সুঁৱৰি হিউজে কৈছিল কেনেকৈ, “হাড় কঁপোৱা ঠাণ্ডা ৰাতিবোৰত, যেতিয়া আমাৰ কৰিবলগীয়া বিশেষ একো নাছিল, আমি মতা মানুহবোৰে বিজয়ী ষাঁড়যুঁজাৰুৱে পিন্ধা জেকেট আৰু মহিলাসকলে ছেভিলৰ কিংবদন্তীমূলক পোছাক পৰিধান কৰি জেয্‌ সংগীতৰ ৰেকৰ্ডৰ তালে তালে পূৰ্বপ্ৰস্তুতি নোহোৱাকৈয়ে নাচিছিলোঁ।”
বুদ্ধিজীৱীসকলৰ ফেচিবাদবিৰোধী যুক্ত মঞ্চই আগষ্ট মাহৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰপত্ৰিকা উলিওৱা আৰম্ভ কৰিছিল আৰু পাছত সিবোৰক থূপাই মেলি সৰু আলোচনী আকাৰে প্ৰকাশ কৰিবলৈ লৈছিল। সেইবোৰ মূলতঃ প্ৰজাতন্ত্ৰী সৈন্যসকলৰ নিমিত্তে লিখা হৈছিল; বহুতে সেইবোৰ সমৰক্ষেত্ৰত পঢ়িছিল। প্ৰচাৰপত্ৰিকাখনৰ নাম আছিল “নীলা হলৌচোলা”, যাক প্ৰজাতন্ত্ৰী সৈন্যসকলে সাময়িকভাৱে পিন্ধা ইউনিফৰ্মৰ নামৰ পৰা লোৱা হৈছিল—যি ইউনিফৰ্ম সাধাৰণতে শ্রমিকে পৰিধান কৰিছিল। সৈনিকৰ গোট এটিৰ পঢ়িব পৰাজনে পঢ়িব নোৱাৰাসকলক পত্ৰিকাখন ডাঙৰ ডাঙৰকৈ পঢ়ি শুনাইছিল। স্পেইনৰ ফ্ৰেংকোবিৰোধী প্ৰায় সকলো বিশিষ্ট বুদ্ধিজীৱীয়ে পত্ৰিকাখনত লেখামেলা কৰিছিল। এইসকলৰ ভিতৰত আছিল: এণ্টোনিও মাছাডো, লুই ছেৰনুদা, ভিছেণ্টি আলেক্সেন্দ্ৰী, ভিছেন্তি হুইদোব্ৰো, আন্দ্ৰে মালৰো, মেৰিয়া টেৰিজা লিও আৰু ৰাফেল এলবাৰ্টি। শেষৰ দুগৰাকী আছিল এই পত্ৰিকাখনৰ প্ৰকাশনাৰ মূল দায়িত্বত। এইখিনিতে উনুকিওৱা যুগুত যে ওপৰোল্লেখিত আন্দ্ৰে মালৰো আছিল এগৰাকী প্ৰখ্যাত ফৰাচী ঔপন্যাসিক আৰু তাত্ত্বিক কলাকাৰ। তেওঁ ফ্ৰাঞ্চৰ বাসিন্দা যদিও স্পেইনৰ গৃহযুদ্ধত প্ৰজাতন্ত্ৰী বিমান বাহিনীত বায়ুসেনা হিচাপে যোগ দিছিল। সেইদৰে, ‘মানহাটান ট্ৰেঞ্চফাৰ’ আৰু ‘ট্ৰিল’জি’ লিখি প্ৰখ্যাত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰন্থকাৰ জন দোছ পেছোচেও এই যুদ্ধত অৰিহণা যোগাইছিল, যদিও তেওঁ পাছৰ সময়ছোৱাত সোঁপন্থীসকলৰ পক্ষ লৈছিল।
আগষ্টৰ প্ৰাৰম্ভতে স্পেনিছ প্ৰজাতন্ত্ৰৰ প্ৰধান মন্ত্ৰী যোছ গিৰেলে ফ্ৰাঞ্চৰ সমাজবাদী প্ৰধান মন্ত্ৰী তথা কবি লেও ব্লুমৰ সহায় বিচাৰি আবেদন কৰিছিল। প্ৰথম অৱস্থাত ব্লুমে সহায় আগবঢ়াইছিল যদিও পাছত মধ্যমপন্থী আৰু সোঁপন্থীসকলৰ হেঁচা আৰু ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী ষ্টেনলি বেল্ডউইনৰ হস্তক্ষেপৰ পৰিপ্ৰেক্ষিতত স্পেনিছ গৃহযুদ্ধত নিৰপেক্ষতা অৱলম্বন কৰিছিল। তেওঁ আনকি বেল্ডউইনৰ লগ লাগি স্পেনিছ গৃহযুদ্ধত ইউৰোপৰ দেশসমূহ যাতে নিৰপেক্ষ থাকে, সেই উদ্দেশ্যে এক ‘ইউৰোপীয় হস্তক্ষেপ বিৰোধী চুক্তি’ স্বাক্ষৰ কৰাৰ বাবে আহ্বান জনাইছিল। ছোভিয়েট ৰাছিয়া, জাৰ্মানী আৰু ইটালীকে ধৰি সাতাইছখন দেশে এই চুক্তিত স্বাক্ষৰ কৰিছিল। স্পেইনত নিযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতগৰাকীৰ সহানুভূতি প্ৰজাতন্ত্ৰী চৰকাৰৰ সপক্ষে আছিল ঠিকেই, কিন্তু ৰুজভেল্ট প্ৰশাসনে গ্ৰহণ কৰা নিৰ্লিপ্ত নীতিয়ে ইয়াক অসাৰ কৰিছিল।
ইউৰোপ আৰু লেটিন আমেৰিকাৰ ভালেকেইখন গণতান্ত্ৰিক দেশে হস্তক্ষেপ বিৰোধী চুক্তিক মানি লৈ সহায় কৰিবলৈ আগবাঢ়ি নহা কাৰ্যই স্পেনিছ প্ৰজাতন্ত্ৰক নিৰুৎসাহিত কৰিছিল। এনে পৰিস্থিতিত প্ৰজাতন্ত্ৰৰ সপক্ষে মেক্সিকোৰ শক্তিশালী সমৰ্থন আছিল লক্ষণীয়। পিছে ক্ষুদ্ৰ দেশ এখনৰ এই সহায় আছিল এপাচি শাকত এটা জালুকৰ দৰে। তেনে ক্ষণত প্ৰজাতন্ত্ৰীসকলৰ ফেচিবাদবিৰোধী যুঁজত একমাত্ৰ উৎসাহ যোগাইছিল আন্তৰ্জাতিক ব্ৰিগেডে, যিসকলে বিভিন্ন দেশৰ পৰা নিজাববীয়াকৈ আহি অকুতোভয় সাহস আৰু ত্যাগেৰে প্ৰজাতন্ত্ৰৰ সপক্ষে দায়বদ্ধ থাকি যুদ্ধত অৱতীৰ্ণ হৈছিল।
গৃহযুদ্ধ আৰম্ভ হোৱাৰ আগতে লোৰকাই মাদ্ৰিদৰ পৰা পলাই যোৱা বাতৰিটো বিয়পি পৰোঁতে মাত্ৰ দুদিন লাগিছিল। নেৰুডাই বুজা নাছিল কিয়ইবা তেওঁলোকে একেলগে উপভোগ কৰিম বুলি ভবা মল্লযুদ্ধখন চাবলৈ লোৰকা নাহিল। কিন্তু লোৰকাই মাদ্ৰিদৰ বিপৰ্যয়মুখৰ পৰিস্থিতিৰ পৰা মুক্তি পাম বুলি গ্ৰানাডাৰ নিজ পৰিয়ালৰ আবেষ্টনীৰ মাজলৈ গৈছিল—ভাবিছিল তাতে কিছু হ’লেও স্বস্তি পাব। ভবামতে তাত তেওঁ সামান্য নিৰাপদ অনুভৱ কৰিছিল আৰু উদ্বেগৰ কিছু প্ৰশমন ঘটাত এখন নতুন নাটকৰ কামো হাতত লৈছিল।
কিন্তু তেওঁ গ্ৰানাডা গৈ পোৱাৰ তিনিদিনৰ দিনা ৰাতি, সোতৰ জুলাই তাৰিখে, সেনাবিষয়াৰ দ্বাৰা স্পেনিছ মৰক্কোত ঘটা বিদ্ৰোহৰ খবৰ আহি গ্ৰানাডা পাইছিল। জুলাইৰ বিশ তাৰিখ সোমবাৰে, গ্ৰানাডা শিবিৰৰ সেনাসকলে ইয়াৰ প্ৰজাতন্ত্ৰৰ অনুগত সেনাধ্যক্ষৰ বিৰুদ্ধে বিদ্ৰোহত অৱতীৰ্ণ হৈছিল। সিদিনাই আবেলি তেওঁলোকে নগৰীখনৰ বেছিভাগ অঞ্চলেই নিজৰ দখললৈ আনিছিল। পেছাত ডাক্তৰ আৰু সমাজবাদী দলৰ সদস্য লোৰকাৰ ভতিজাক, যিজনে মাত্ৰ দহ দিন পূৰ্বে গ্ৰানাডা নগৰ সমিতিৰ মেয়ৰ নিৰ্বাচিত হৈছিল, তেওঁক জে’লত নিক্ষেপ কৰা হৈছিল। জে’লখানাবোৰ দ্ৰুত গতিত বন্দীৰে উপচি পৰিছিল। মানুহবোৰে ঘৰৰ ভিতৰতে দুৱাৰ মাৰি সোমাই থাকিবলগীয়া হৈছিল; ফলত নগৰীখন কাৰ্যতঃ স্তব্ধ হৈ পৰিছিল।
দুদিন পাছত ফ্ৰেংকোৱে সৈন্য-সামন্তেৰে সৈতে পঠোৱা সেনাধ্যক্ষ এজন আহি উপস্থিত হোৱাত গ্ৰানাডাৰ লোকসকলে তেওঁক জয়ধ্বনিৰে অভিনন্দন জ্ঞাপন কৰিছিল। প্ৰায় পাঁচ হেজাৰ স্থানীয় লোকে জাতীয়তাবাদী দলত যোগ দিছিল। অবাঞ্ছনীয়সকলক নিধন কৰাৰ হুমকিৰে প্ৰথমটো মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল।
উক্ত এলেকাত লোৰকাৰ উপস্থিতি গোপন হৈ থকা নাছিল, কাৰণ চুবুৰিৰ লোকেই সকলোৰে ওপৰত চকু ৰাখিছিল আৰু বাসিন্দাৰ লোকসকলৰ তালিকা বনাইছিল। তেওঁ গ্ৰানাডা নগৰৰ উপকণ্ঠত অৱস্থিত হুৱেৰ্তা দা ছান ভিছেন্তিৰ গ্ৰীষ্মনিবাসত পৰিয়ালৰ সৈতে আছিল। এদিন ৰাতি সপোনত তেওঁ ক’লা সাজ পিন্ধি আৰু ক’লা ওৰণি টানি কেইগৰাকীমান তিৰোতাক হাতে হাতে ক্ৰুচ লৈ তেওঁৰ ওচৰলৈ অহা দেখিছিল।
ফেচিষ্ট ফালাঞ্জেৰ সদস্য কেইজনমানে এবাৰ লোৰকাৰ ওচৰলৈ শ্বৰ্টৱেভ ৰেডিও এটি থকা বুলি বিচাৰি আহিছিল। কাৰণ সেই ৰেডিওৰে লোৰকাই ৰাছিয়াৰ লগত যোগাযোগ কৰিব পাৰে বুলি তেওঁলোকে সন্দেহ কৰিছিল। আন এবাৰ এই ফালাঞ্জিষ্ট সদস্যসকলে তেওঁলোকৰ ঘৰৰ ওচৰৰে তত্বাৱধায়ক এজনক সোধপোছ কৰাৰ বাবে আহিছিল, যিজনৰ ভায়েকসকল হত্যাৰ অপৰাধত অভিযুক্ত আছিল। তেওঁলোকে তত্বাবধায়কজনক গছত বান্ধি প্ৰহাৰ কৰিছিল। তাৰ পাছতে তেওঁলোকে লোৰকাৰ ঘৰত প্ৰৱেশ কৰি চিৰিত লোৰকাক বগৰাই লৈ আঘাত কৰি ‘খৰিৰ মুঠা’ বুলি গালি পাৰিছিল আৰু তেওঁৰ জনা-শুনা মানুহবোৰৰ তথ্য বিচাৰিছিল। ইমানতে ক্ষান্ত নাথাকি তেওঁলোকে ঘৰৰ সকলোকে উলিয়াই আনি থিয় কৰাইছিল, যেন হত্যাহে কৰিব। এনেতে আন এটি বাহিনী আবিৰ্ভূত হৈ প্ৰথম বাহিনীটোক বাৰণ কৰিছিল আৰু সকলোৱে আঁতৰি গৈছিল।
চিধা-চাধা লোৰকাৰ পৰিয়ালটোৱে বিপদ যে দীৰ্ঘদিনীয়া হ’ব, সেই কথা সমূলি ভবা নাছিল। গুণাগঁথা কৰাৰ অন্তত তেওঁলোকে ফেডেৰিকোক তেওঁলোকৰ নিকটবন্ধু মেনুৱেল দা ফালাৰ ঘৰত ৰাখিবলৈ সিদ্ধান্ত লৈছিল। এইখিনিতে কোৱাটো প্ৰাসংগিক হ’ব যে গোড়া কেথলিক মেনুৱেল দা ফালা এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন সুৰকাৰ আছিল, আৰু সেই সুবাদতে তেওঁক জাতীয়তাবাদীসকলে শ্ৰদ্ধাৰ চকুৰে চাইছিল। আগষ্টৰ পোন্ধৰ তাৰিখে জাতীয়তাবাদী পুলিচ বিষয়াসকলে লোৰকাক গ্ৰেপ্তাৰ কৰাৰ বাবে ফালাৰ ঘৰত উপস্থিত হৈছিল। লোৰকাৰ ত্রাণকৰ্তাজনে গ্ৰেপ্তাৰৰ কাৰণ সোধাত যুদ্ধংদেহি মনোভাৱৰ পুলিচ বিষয়া ৰেমন লুই এলোচোঁৱে উত্তৰত কৈছিল, “দায়ী তেওঁৰ কামকাজ।” তেওঁ লোৰকাক লৈ গৈ গ্ৰানাডাৰ অসামৰিক চৰকাৰী বিল্ডিঙত বন্দী কৰি থৈছিল। তিনিদিন পাছত, ৰাতি তিনি বজাত এখন মটৰ-গাড়ীত তেওঁক উঠোৱা হৈছিল; লগত আছিল এঘণ্টা আগতে গ্ৰেপ্তাৰ কৰা এজন শিক্ষক। দুয়োকে হেণ্ডকাফ লগাই দুজন ৰক্ষী আৰু দুজন ফালাঞ্জে সদস্যই গ্ৰানাডাৰ পৰা ছয় মাইল দূৰৈত অৱস্থিত ভিজনাৰ নামৰ সৰু গাঁওখনলৈ লৈ গৈছিল। লোৰকা আৰু শিক্ষকজন তাত মিলিত হৈছিল অন্য দুজন ষাঁড়যুঁজাৰুৰ লগত, যি দুজনক বাঁওপন্থী মতবাদৰ বাবে গ্ৰেপ্তাৰ কৰি তাৰে এটি বিল্ডিঙত আবদ্ধ কৰি ৰখা হৈছিল। সৌ সিদিনালৈকে সেই অঞ্চলৰ ল’ৰা-ছোৱালীৰ বাবে খেলাধূলাৰ কেন্দ্ৰ হৈ থকা বিল্ডিঙটোৰ ওপৰতলাটো এতিয়া সেনা, ৰক্ষী, কবৰখননকাৰী আৰু দুজন পৰিচাৰকৰ আবাসস্থলীত পৰিণত হৈছিল। লোৰকাক তলৰ মহলাত ৰখা হৈছিল। কেথলিক ৰক্ষী এজনে তেওঁক কৈছিল, “তোমাক হত্যা কৰিব, সেয়ে খ্ৰীষ্টিয়ান নিয়ম অনুযায়ী তুমি যাতে তোমাৰ শেষ স্বীকাৰোক্তিৰে প্ৰাৰ্থনা কৰিব পাৰা, সেয়েহে কথাটো ক’লোঁ।” “কিন্তু মইতো দোষণীয় একো কৰা নাই!”—লোৰকাই কান্দি কান্দি কৈছিল। তেওঁ প্ৰাৰ্থনাগীত এটি গাব বিচাৰিছিল, কিন্তু পৰা নাছিল; নয়নভৰি তেওঁৰ চকুপানী নিগৰিছিল। থোকাথুকি মাতেৰে তেওঁ আৰু কৈছিল, “মোৰ মায়ে মোক এটি প্ৰাৰ্থনাগীত শিকাইছিল জানা, অথচ সেইটোকে মই পাহৰি থাকিলোঁ? ইয়াৰ বাবে মোৰ শাস্তি হ’ব নেকি?”
সিদিনা ৰাতিপুৱা সূৰ্যোদয়ৰ পূৰ্বে লোৰকা আৰু আন তিনিজন বন্দীক অলিভ গছবোৰৰ কাষত গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ এবছৰ আগতে নেৰুডাই তেওঁৰ “ফেডেৰিকো গাৰ্ছিয়া লোৰকাৰ প্ৰতি এটি শোকগাথা” নামেৰে এটি কবিতা লিখিছিল। আচৰিত যে পূৰ্বানুমান যেন লগা এই আবেগ-উদ্দীপক কবিতাৰ চৰণবোৰে নেৰুডাৰ হৃদয় বিদাৰি নিগৰা গভীৰতম দুখকেই ব্যক্ত কৰে:
যদি মই পাৰিলোঁহেঁতেন
নিজম নিতাল এটি ঘৰত
শংকিত হৈ উচুপিব’লে,
আৰু যদি মই পৰিলোঁহেঁতেন
মোৰ চকু দুটি ঘুঁকটি উলিয়াই
খাই পেলাবলৈ,
তাকেই কৰিলোহেঁতেন মই
ক’লা কাপোৰেৰে ঢকা
তোমাৰ কমলাৰঙী মাতটোৰ বাবে,
আৰু কান্দি কান্দি নিগৰোৱা
তোমাৰ কবিতাৰ বাবে।
নেৰুডাই তেওঁৰ স্মৃতিকথাত লিখিছিল, “মোৰ সংগ্ৰামী জীৱনত দেখা ঘটনাবোৰৰ ভিতৰত এই অপৰাধটো আটাইতকৈ দুখজনক।” এলবাৰ্টিয়ে কৈছিল, “লোৰকাৰ মৃত্যু যেন মোৰেই মৃত্যু।” এবছৰ পাছত লোৰকাক সুঁৱৰি দেলিয়াই কৈছিল, “তেওঁৰ মৃত্যুৰ বাতৰিয়ে সকলোকে কন্দুৱাইছিল।” বন্ধু এজনক ৰাজনৈতিক উদ্দেশ্যেৰে হত্যা কৰি আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ উপৰিও এই মৃত্যুৱে বহু কথাকেই উন্মোচিত কৰিছিল। ইয়াৰ ফলত সকলোৱে অৰক্ষিত অনুভৱ কৰিছিল। তেওঁ ছহিদ হৈছিল, কাৰণ কবি হোৱা বাবে আংশিকভাবে দায়ী কৰি তেওঁক লক্ষ্যবস্তু হিচাপে লোৱা হৈছিল। তেওঁৰ দোষ কি বুলি সোধাত পুলিচ বিষয়া ৰেমন ৰুজ এলোচোঁৱে উত্তৰ দিছিল, “অন্যান্যসকলে পিষ্টলেৰে কৰাতকৈ তেওঁ কলমেৰে তাতোকৈ অধিক অনিষ্ট সাধন কৰিছে।” লুই ব্ৰুনেলে আনসকলৰ কথাকে সমৰ্থন কৰি কৈছিল, “সত্য এয়ে যে তেওঁক কবি হোৱা বাবে হত্যা কৰা হৈছিল।” এনে লাগে যেন ফেচিষ্টসকলে কবিতাকে হত্যা কৰিছিল।
“বুদ্ধিজীৱীসকলৰ মৃত্যু হওঁক”—সেয়া আছিল সেই সময়ত সোঁপন্থীসকলৰ প্ৰিয় সমৰধ্বনি।
লোৰকাৰ দুৰ্ভগীয়া মৃত্যুত বিচলিত কবিসকলে গৃহযুদ্ধত নীৰৱ দৰ্শক হোৱাৰ সলনি সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল। পাবলো নেৰুডায়ো অন্য এক কবিলৈ ৰূপান্তৰিত হৈছিল; এতিয়া তেওঁ আৰু আগৰ মানুহজন হৈ থকা নাছিল। তেওঁৰ কবিতাৰ পৰা এতিয়া অধিবাস্তৱবাদী মৃত কপৌ অথবা ৰঙালাউৱে বিদায় লৈছিল। এতিয়া তেজেৰে লুটুৰিপুতুৰি ৰক্তাক্ত শিশুবোৰ তেওঁৰ কবিতাত প্ৰতিভাত হৈছিল। সকলোতে লোৰকাৰ তেজ, আৰু তাতোকৈ অধিক হ’বলৈ গৈ আছিল।
দুমহীয়া গৃহযুদ্ধত ক্ষতবিক্ষত স্পেইনত তেজৰ নৈ বৈছিল। ফ্ৰেংকো আৰু তেওঁৰ অনুগত সেনাধ্যক্ষসকলে দেশখনৰ বৃহৎ অঞ্চল অধিকাৰ কৰিছিল আৰু পুনৰ আক্ৰমণৰ বাবে নিজকে সাজু কৰিছিল। অক্টোবৰৰ আৰম্ভণিতে জাৰ্মান জাংকাৰ আৰু ইটালীৰ কেপ্ৰনি যুদ্ধবিমানবোৰে বোমা নিক্ষেপ কৰি স্পেইনৰ বিমানঘাটিবোৰৰ উপৰিও মাদ্ৰিদ অভিমুখী ৰাস্তাবোৰ বিধ্বস্ত কৰি যোগাযোগ ব্যৱস্থা বিকল কৰি দিছিল। হিটলাৰ আৰু মুছলিনিয়ে যে আনৰ দেশত হস্তক্ষেপ কৰাৰ নীতিক বুঢ়া আঙুলি দেখুৱাই ফ্ৰেংকোক মদত দিছিল, সেয়া ইউৰোপৰ চৰকাৰসমূহে জানিছিল যদিও ইতিমধ্যে জ্বালামুখৰ দৰে হৈ থকা অঞ্চলটোৰ পৰিস্থিতি আৰু অধিক অৱনতিৰ পিনে গতি কৰিব বুলি আশংকা কৰি সেই দুই শক্তিৰ বিৰুদ্ধে তেওঁলোকে থিয় দিয়াৰ সাহস গোটাব পৰা নাছিল। কিন্তু ছোভিয়েট ইউনিয়নে বেলেগ ধৰণে ভাবিছিল। ফ্ৰেংকোৱে যুদ্ধ আৰম্ভ কৰাৰ তিনি মাহ উকলাৰ পাছত ছোভিয়েট ইউনিয়নে প্ৰজাতন্ত্ৰীসকলক সামৰিক যুদ্ধাস্ত্ৰ যোগান ধৰিবলৈ লৈছিল (যদিও কোনো কোনো সময়ত চৰা দামত)। জাতীয়তাবাদী সামৰিক বাহিনীয়ে এনে ধাৰণাৰে ৰাজধানী মাদ্ৰিদ আক্ৰমণ কৰিছিল যে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিৰোধ হ’ব ন্যূনতম। কিন্তু ফল হৈছিল ওলোটা। ইপিনে প্ৰজাতন্ত্ৰৰ অনুগত সেনাবিষয়াসকলে মাদ্ৰিদৰ শ্ৰমিকসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ দি অৱশ্যম্ভাবী যুদ্ধৰ বাবে সাজু কৰিছিল। ইতিবাচক দিশ এয়ে আছিল যে প্ৰজাতন্ত্ৰৰ প্ৰতি আস্থা জ্ঞাপন কৰা নগৰীৰ সংখ্যাগৰিষ্ঠ নাগৰিকে “মৃত্যুপণ গ্ৰহণ কৰি মাদ্ৰিদক ৰক্ষা কৰাৰ বাবে” সাজু হৈছিল। জাতীয়তাবাদীসকলে দখল কৰা সৰু সৰু চহৰবোৰৰ পৰা পলাই অহা শৰণাৰ্থীসকলে বিদ্ৰোহী সেনাই জনসাধাৰণৰ ওপৰত ঘটোৱা নিষ্ঠুৰ অত্যাচাৰৰ কথা বিবৰি কৈছিল। ক্ষণে ক্ষণে শত্ৰুসৈন্যৰ আক্ৰমণৰ উৰাবাতৰি সমগ্ৰ নগৰীত বিয়পি পৰিব ধৰিছিল। কিন্তু জনসাধাৰণৰ অধিকাংশই শত্ৰুৰ বিৰুদ্ধে নগৰীখনক ৰক্ষা কৰাটো জৰুৰী কৰ্তব্য বুলি ভাবিছিল। বাসিন্দাসকলে ঘৰে ঘৰে, ৰাস্তাই ৰাস্তাই প্ৰতিৰোধ গঢ়ি তুলিবলৈ সাজু হৈছিল।
যেতিয়া নেৰুডাক সোধা হৈছিল যে তেওঁ কেতিয়া “মনো আচুল”ত লিখিব, তেতিয়া তেওঁৰ উত্তৰ আছিল অস্পষ্ট। কিন্তু হঠাৎ তেওঁ সেই ছেপ্টেম্বৰৰে কোনোবা এদিন “মনো আচুল”ৰ অফিচলৈ আহি লুই এনৰিক দিলেনোক টাইপৰাইটাৰত লিখা কবিতা এটি (য’ত মাজে মাজে চিয়াঁহীৰে লিখি শুদ্ধ কৰা আছিল) দিছিল:
তেওঁলোক মৰা নাই!
তেওঁলোক তাতে আছে,
বাৰুদৰ ভিতৰত,
জ্বলন্ত ফিউযৰ দৰে, থিয় হৈ ।
…..
আইমাতৃসকল!
দুপৰ বেলিকাৰ গভীৰতাৰ দৰে
ওখ তেওঁলোকে,
থিয় দি আছে গমৰ মাজত
…..
ভাঙি থানবান হোৱা হৃদয়ৰ
হে পতিত ধূলিৰ দৰে ভনীসকল,
তোমালোকে, তোমালোকৰ মৃতকসকলৰ প্ৰতি বিশ্বস্ত থাকা!
তেজৰ দাগ লগা শিলৰ তলৰ
তেওঁলোক কেৱল শিপা নহয়,
তেওঁলোকৰ গুড়ি কৰা হাড়বোৰেযে
চিৰতিকালৰ বাবে মাটি প্ৰস্তুত কৰিব এনে নহয়,
কিন্তু তেওঁলোকৰ মুখবোৰে
এতিয়াও কামুৰি আছে বাৰুদ
আৰু আক্ৰমণ কৰে লৌহকঠিন মহাসাগৰৰ দৰে, আৰু
আজিও তেওঁলোকৰ উদ্ধত হাতৰ মুঠিয়ে মৃত্যুক স্পৰ্ধাৰে প্ৰতিহত কৰে।
…..
তোমালোকৰ শোকৰ সাজযোৰ
দলিয়াই পেলোৱা,
তোমালোকৰ চকুলোবোৰ থূপাই
লোৱা, যেতিয়ালৈকে সিবোৰ
তীখাত পৰিণত নহয়
…..
এই কবিতাটো নেৰুডাই তেওঁৰ পূৰ্বৰ শৈলীৰ বিপৰীতে এক নতুন শৈলীৰে লিখিছিল, যাতে অগণন পঢ়ুৱৈয়ে ইয়াক তৎকালেই বুজি পায়। ডাঙৰ ডাঙৰ হৰফত লিখা শব্দৰ পুনৰুক্তি আৰু পৰিষ্কাৰ চিত্ৰকল্পবোৰক তেওঁ আধাৰ হিচাপে লৈছিল, যাতে তেওঁ তেওঁৰ বাৰ্তা স্তৱকৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে। “মৃত অৰ্ধসামৰিক বাহিনীৰ লোকসকলৰ স্মৃতিত মাতৃসকলৰ গান” নামৰ কবিতাটো স্পেনিছ গৃহযুদ্ধৰ ওপৰত লিখা নেৰুডাৰ প্ৰথম কবিতা আছিল, যিটো “মনো আচুল”ত ১৯৩৬ চনৰ ২৪ ছেপ্টেম্বৰত প্ৰকাশিত হৈছিল। যিহেতু তেতিয়ালৈকে তেওঁ চিলিৰ চৰকাৰৰ প্ৰতিনিধি আছিল, সেয়েহে উক্ত কবিতাটো কবিৰ নাম উহ্য ৰাখি প্ৰকাশ কৰা হৈছিল।
এইদৰে তেওঁ স্পেনিছ গৃহযুদ্ধৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখা সৰ্বমুঠ ২১টা কবিতা পাছত “হৃদয়ত স্পেইন” নামৰ কবিতাপুথিখনত অন্তৰ্ভুক্ত কৰা হৈছিল, যিবোৰ আকৌ শেহান্তৰত ‘মৰতৰ আবাসৰ’ তৃতীয় খণ্ডত স্থান পাইছিল। উৎসাহ যোগোৱা এই কবিতাবোৰৰ প্ৰতি আকৃষ্ট হৈ স্পেইনৰ প্ৰজাতন্ত্ৰী সৈন্যসকলে নেৰুডাৰ বন্ধু এজনৰ সহযোগত ১৯৩৮ চনত এইবোৰ ছপা কৰি উলিয়াইছিল। কিতাপখনৰ মুদ্ৰক আৰু প্ৰকাশক আছিল মেনুৱেল এলটোলাগিৰে। তেওঁৰ ছপাশালটো আছিল যুদ্ধক্ষেত্ৰৰ নিচেই সমীপৰ এটি মঠৰ ভিতৰত। এই সম্পৰ্কে পাছত এলটোলাগিৰেই লিখিছিল এইদৰে: “কিতাপখনৰ বাবে প্ৰয়োজনীয় কাগজ প্ৰস্তুত কৰিবলৈ সৈন্যবাহিনীৰ ৰচদ যোগান ধৰা দপ্তৰটোৱে পঠোৱা কপাহ আৰু কাপোৰ অপ্রতুল হোৱাত, প্ৰজাতন্ত্ৰী সৈনিকসকলে বেণ্ডেজ, যুদ্ধৰ মেডেল, শত্ৰুৰ পতাকা আৰু মূৰিছ বন্ধুসকলৰ চোলাবোৰকে মণ্ডলৈ ৰূপান্তৰিত কৰি কাগজ তৈয়াৰ কৰিছিল” (এই কথাখিনিৰ সত্যতা সম্পৰ্কে অৱশ্যে সন্দেহৰ অৱকাশ নথকা নহয়)।  যিয়েই নহওক, কাগজ পোৱাৰ পাছত তেওঁলোকে মুদ্ৰাক্ষৰ বহুৱাই ছপা কৰি উলিওৱাৰ অন্তত কিতাপৰ কপিবোৰ টোপোলা বান্ধি পিঠিত লৈ যুদ্ধক্ষেত্ৰৰ সৈনিকৰ মাজত বিতৰণ কৰিবলৈ গৈছিল। গৃহযুদ্ধত সৈনিক হিচাপে যোগদান কৰা লেখক এলবাৰ্টিয়ে এইবোৰক “আমাৰ বাবে পবিত্ৰ কাব্য” বুলি কৈছিল। পূব মণ্ডলৰ সেনা দপ্তৰৰ সৌজন্যত উলিওৱা ইয়াৰ প্ৰথম পাঁচশ কপিৰ প্ৰথম পৃষ্ঠাত লেখকগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে লিখা হৈছিল: “গৃহযুদ্ধৰ প্ৰথম মাহকেইটাত আমাৰ লগত থকা মহান কবি পাবলো নেৰুডাৰ প্ৰতি কৃতজ্ঞতাৰে।”
স্পেনিছ প্ৰজাতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত নেৰুডাৰ উপৰিও লেংস্তন হিউজ আৰু ক্ৰিষ্টেন জাৰাৰ দৰে উল্লেখযোগ্য কবিসকলেও কবিতা লিখিছিল। ৰোমানিয়ানজাত ফৰাচী কবি জাৰা আছিল দাধাবাদৰ স্ৰষ্টা। ইংৰাজ কবি ৱিষ্টান হিউগ অ’দেনেও গৃহযুদ্ধক লৈ “স্পেইন ১৯৩৭” নামেৰ এটি বিখ্যাত কবিতা লিখি সামৰিছিল এইদৰে:
তৰাবোৰ মৃত।
জন্তুবোৰেও মূৰ তুলি নাচাব।
দিনটোৰ স’তে আমি অকলে ইয়াত,
ইপিনে সময় কম
আৰু পৰাজিতসকলৰ বুৰঞ্জীয়ে
হায় বুলি খেদ প্ৰকাশ কৰিলেও
আমাক সহায় অথবা ক্ষমা কৰিব নোৱাৰে।
ছিজাৰ ভেলেজো, অক্টাভিও পাজ আৰু নিকোলাছ গিলেনেও নেৰুডাৰ দৰে স্পেইনৰ জনগণৰ দুখৰ সমভাগী হৈ হাতত কলম তুলি লৈছিল। বহু স্পেনিছ কবিয়ে, বিশেষকৈ ভিছেন্তি আলেক্সেন্দ্ৰি, মিগুৱেল হাৰনান্দেজ, জৰ্জে গিলেন, পেদ্ৰো চেলিনাছ আৰু ৰাফেল এলবাৰ্টিৰ দৰে ‘জেনেৰেইশ্বন’ ২৭’ৰ লগত জড়িত কবিসকলেও এই মৰণ পণ যুঁজত কবিতা সৃষ্টিৰে ফেচিষ্টৰ বিৰুদ্ধে মুখৰ হৈ পৰিছিল। আনকি এণ্টোনিও মাছাডো আৰু জুৱান ৰেমন জিমেনেজৰ দৰে পূৰ্বৰ প্ৰজন্মৰ কবিসকলেও ফেচিবাদবিৰোধী যুঁজাৰুসকলৰ সপক্ষে গুণগান গাই কবিতা লিখিছিল। উল্লিখিত কবিসকলৰ তাৎপৰ্যপূৰ্ণ অৱস্থান গ্ৰহণক বহুতে স্পেইনৰ গৃহযুদ্ধক “কবিসকলৰ যুদ্ধ” (Poet’s War) বুলি আখ্যায়িত কৰিছিল। যুদ্ধৰ আতংকৰ মাজত থাকি অনুপম সাহিত্য সৃষ্টিৰে কবিসকলেইযে অকলে হাত উজান দিছিল এনে নহয়; পাবলো পিকাছো আৰু জোৱান মিৰোয়ে ৰং-তুলিকাৰে কেনভাছত ছবি আঁকি তেওঁলোকৰ ফেচিবাদবিৰোধী উত্থলিত আবেগক বাঙ্ময় কৰিছিল। জৰ্জ অৰৱেলে “কেটেলোনিয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে” নামৰ গ্ৰন্থত হিংসা আৰু অমানৱিকতাৰ বিৰুদ্ধে ত্যাগৰ সাহসী ভূমিকাৰ জীৱন্ত বৰ্ণনা দাঙি ধৰিছিল।
অনস্বীকাৰ্য যে যিহেতু পেইণ্টিংছ আৰু উপন্যাসৰ তুলনাত কবিতা ততাতৈয়াকৈ লিখি তাৎক্ষণিকভাৱে কাগজৰ টুকুৰাত ছপা কৰি উলিয়াব পাৰি, সেয়েহে ইয়াৰ কদৰ স্পেইনৰ গৃহযুদ্ধত আছিল সৰ্বাধিক। প্ৰজাতন্ত্ৰী সেনাসকলক অনুপ্ৰাণিত কৰি মনোবল বৃদ্ধি কৰাৰ ক্ষেত্ৰত উপৰিউক্ত কবিসকলৰ কবিতাই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। আনকি এই কবিতাবোৰে আন্তৰ্জাতিক ক্ষেত্ৰতো বিশ্ব নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰি স্পেইনৰ প্ৰজাতন্ত্ৰৰ প্ৰতি সহানুভূতিশীল হ’বলৈ আবেদন জনাইছিল। ফলস্বৰূপে ৰাছিয়াই প্ৰজাতন্ত্ৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল যদিও জাৰ্মানী, ইটালী আৰু পৰ্তুগালে ফ্ৰেংকো আৰু তেওঁৰ জাতীয়তাবাদী দলক নিয়মিতভাৱে সহায় কৰি থাকিল।
বিগত দশকত স্পেইনৰ প্ৰেমত পৰা আৰ্নেষ্ট হেমিংৱেই ১৯৩৭ চনত উত্তৰ আমেৰিকাৰ নিউজ পেপাৰ এলায়েঞ্চৰ সংবাদদাতা হিচাপে পুনৰ ইয়ালৈ আহিছিল। তেওঁৱেই সম্ভৱতঃ একমাত্ৰ অকমিউনিষ্ট লেখক, যিগৰাকীয়ে প্ৰজাতন্ত্ৰীসকলৰ উদ্দেশ্যৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাতেই ক্ষান্ত নাথাকি নিজকে তেওঁলোকৰ নায্য উদ্দেশ্যৰ সৈতে গভীৰভাৱে বিজড়িত কৰিছিল। আৰু ইয়াকো স্বীকাৰ কৰিব লাগিব যে তেওঁৰ দৰে কোনোৱে ইমান সজোৰে আৰু দৃঢ়তাৰে ফেচিষ্টসকলক বাধা দিয়াৰ বাবে জৰুৰী বিদেশী সাহায্যৰ আহ্বান জনোৱা নাছিল। যুদ্ধক্ষেত্ৰৰ পৰা পঠোৱা এটি বাৰ্তাত, যিটো ১৯৩৮ চনৰ জানুৱাৰীত প্ৰকাশ হৈছিল, তেওঁ আন্তৰ্জাতিক ব্ৰিগেডৰ সদস্যসকলৰ সবিশেষ বৃত্তান্ত দাঙি ধৰিছিল: “যোৱা বসন্তত দেখা তেওঁলোক এতিয়া একোজন সৈনিকত পৰিণত হৈছে। তেওঁলোকৰ মনৰ পৰা কল্পনাপ্ৰৱণতাই মেলানি মাগিছে। আঘাতপ্ৰাপ্তসকলৰ সৈতে ভীৰুসকল ঘৰলৈ উভতি গৈছে। মৃতকসকল অৱশ্যে তাত নাই। যিসকল আছে, তেওঁলোক নিঃসন্দেহে সবল আৰু কষ্টসহিষ্ণু। তেওঁলোকৰ মুখমণ্ডলত অদম্য সাহসৰ ৰেঙনি পৰিস্ফুট হৈছে। সাত মাহ পাছত তেওঁলোকে তেওঁলোকৰ বৃত্তি সম্পৰ্কে সম্পূৰ্ণ অৱগত হৈছে।” এইদৰে হেমিংৱেৰ নিবন্ধবোৰ ক্ৰমাৎ বেছি বেছিকৈ উদ্দেশ্যধৰ্মী প্ৰচাৰত পৰিণত হৈছিল আৰু সৰহভাগেই স্পেনিছ প্ৰজাতন্ত্ৰৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আমেৰিকাক বাধ্য কৰোৱাৰ মানসেৰে লিখা হৈছিল।
“স্পেইনৰ মাটি” নামৰ প্ৰচাৰধৰ্মী চলচিত্ৰ সম্প্ৰচাৰৰ দিশটোৰ প্ৰতি ধ্যান দি ইয়াৰ সপক্ষে হেমিংৱেই লেখামেলা আৰু আলোচনা কৰাৰ উপৰিও টকা-পইছা সংগ্ৰহ কৰিছিল। “কোলিয়াৰছ্‌ ৱীকলি”ৰ বাবে যুদ্ধৰ খবৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যে সাংবাদিক মাৰ্থা গেলহোনেও ১৯৩৭ চনত স্পেইনত আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্টৰ পত্নী এলিনৰ ৰুজভেল্টৰ সৈতে তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। সেই সুবাদতেই তেওঁ ছবি পৰিচালক যোৰিছ ইভেনছ্‌ৰ সহযোগত ৰুজভেল্ট পৰিয়াল আৰু কিছু সংখ্যক মিলিটাৰী উপদেষ্টাৰ সম্মুখত হোৱাইট হাউছত এখন কথাছবি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিল, য’ত হেমিংৱেও উপস্থিত আছিল। ফ্ৰেংকলিন দা ৰুজভেল্টে স্পেইনৰ চৰম বাঁওপন্থী আৰু নৈৰাজ্যবাদীসকলৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিলেও ইতিমধ্যে তেওঁ প্ৰজাতন্ত্ৰৰ প্ৰতি সহানুভূতিশীল হ’বলৈ লৈছিল। তেওঁ স্পেইনৰ প্ৰজাতন্ত্ৰীসকলৰ সংগ্ৰামৰ গুৰুত্ব উপলব্ধি কৰিছিল যদিও ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হ’বলৈ ধৰা ইউৰোপৰ সংঘাতময় পৰিস্থিতিয়ে আন্তৰ্জাতিক সংকটক ঘনীভূত কৰা দেখি উৎকণ্ঠা প্ৰকাশ কৰিছিল। প্ৰণিধানযোগ্য যে হেমিংৱে আৰু গেলহোন অহাৰ পূৰ্বেই ১৯৩৬ চনৰ এপ্ৰিলত ৰুজভেল্টে স্পেইনৰ ঘটনাৱলী তেওঁৰ বাবে আটাইতকৈ উদ্বেগৰ বিষয় বুলি অভিমত ব্যক্ত কৰিছিল। চলচিত্ৰখন প্ৰদৰ্শিত হোৱাৰ পাছত তেওঁ সেইখনক ভাল লগা বুলি কৈ যথাযথভাৱে সম্পাদনা কৰাৰ পৰামৰ্শ দি কথাপ্ৰসংগত স্পেইনৰ কথা অৱতাৰণা কৰি কৈছিল, “স্পেনীয়সকলে অকল নিজৰ প্ৰজাতন্ত্ৰী চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবেই যুঁজ দি থকা নাই; তেওঁলোকে বিশেষকৈ পূৰ্বৰ আমোলে জোৰজুলুমকৈ চন পেলাই থোৱা কৃষিভূমিবোৰত খেতি কৰাৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে।” কিন্তু ইমানৰ পাছতো চলচিত্ৰখনে ৰুজভেল্টক তেওঁৰ হস্তক্ষেপ বিৰোধী নীতিৰ পৰা টলাব পৰা নাছিল (তিনি বছৰ পাছত হেমিংৱে আৰু গেলহোন বিবাহপাশত আবদ্ধ হৈছিল)।
স্পেনিছ গৃহযুদ্ধৰ সৈতে নিকটতম সম্পৰ্ক ৰক্ষা কৰা হেমিংৱেই এই যুদ্ধৰ ১৯৩৬-৩৭ চনৰ ঘটনাৱলীৰ ওপৰতে লিখি উলিয়াইছিল তেওঁৰ প্ৰকাণ্ড কলেৱৰৰ কালজয়ী উপন্যাস— “বাজে দুন্দুভি কাৰ বাবে”। ইয়াৰ মূল কাহিনীটো ৰচনা কৰা হৈছিল যুদ্ধ পূৰ্বৱৰ্তী স্পেইন নিবাসী এজন নৱীন আমেৰিকানক লৈ, যিজনে যুদ্ধ আৰম্ভ হোৱাত আন্তৰ্জাতিক ব্ৰিগেডত যোগ দিছিল। কিছুমানে ক’ব খোজে যে উপন্যাসখন ফেচিবাদবিৰোধী বুদ্ধিজীৱীসকলৰ যৌথ মঞ্চৰ দ্বাৰা প্ৰভাৱিত আৰু অনুপ্ৰাণিত হৈ লিখা হৈছিল; বিশেষকৈ ৰাফেল এলবাৰ্টি আৰু মেৰিয়া টেৰিজা লিওৰ পৰিচালনাত অনুষ্ঠিত গেৰিলা থিয়েটাৰৰ দ্বাৰা, যিখন যুদ্ধক্ষেত্ৰত প্ৰজাতন্ত্ৰী সেনাসকলৰ সম্মুখত পৰিবেশন কৰা হৈছিল। কিন্তু গ্ৰন্থখন যিমানেই শক্তিশালী নহওক কিয়, হেমিংৱেই ১৯৩৯ চনতহে সেইখন লিখিবলৈ লৈছিল আৰু প্ৰজাতন্ত্ৰী চৰকাৰৰ পতন ঘটাৰ কুৰি মাহ পাছত, অৰ্থাৎ ১৯৪০ চনৰ জুলাইতহে লিখি শেষ কৰিছিল। সেই বছৰৰে অক্টোবৰত কিতাপখন প্ৰকাশিত হৈছিল।
১৯৩৬ চনৰ অক্টোবৰ শেষত ফেচিষ্ট বাহিনীয়ে মাদ্ৰিদত প্ৰথম বৃহত্তৰ আক্ৰমণৰ সূচনা কৰাত খঙে-ৰাগে অতিষ্ঠ হৈ প্ৰচণ্ড ক্ষোভত নেৰুডাই সেই সময়ত তেওঁৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য কবিতা এটি লিখিছিল, যিটোক সেই কালৰ এটি অত্যুত্তম কবিতা বুলি ক’ব পাৰি। ফেচিষ্ট বাহিনীৰ এই আক্ৰমণ আছিল নিৰন্তৰ। ২৩ অক্টোবৰত নাজী বায়ুসেনাই জাংকাৰেৰে বোমা বৰ্ষণ আৰম্ভ কৰিছিল। ইপিনে ইটালীৰ বিমান বাহিনীয়ে প্ৰচাৰপত্ৰ বিলি কৰি মাদ্ৰিদৰ নাগৰিকসকলক ভালে ভালে নগৰী ত্যাগ কৰিবলৈ হুমকি দি কৈছিল: অন্যথা, “মাদ্ৰিদক পৃথিৱীৰ বুকুৰ পৰা চিৰতৰে নিশ্চিহ্ন কৰা হ’ব।” এসপ্তাহ পাছত ৰাজধানীৰ আকাশ মাৰ্গত ৰাছিয়াৰ যুঁজাৰু বিমানে অৱস্থান গ্ৰহণ কৰি তিনি দিনৰ ভিতৰত ইটালীৰ সকলোবোৰ বোমাৰু বিমানকে খেদি পঠিয়াইছিল। ইটালীৰ পশ্চাদপসৰণে প্ৰজাতন্ত্ৰীসকলৰ মনত আস্থা ওভতাই আনিছিল। নৱেম্বৰৰ আঠ তাৰিখে কুৰি হেজাৰ জাতীয়তাবাদী সেনাই জাৰ্মান পেঞ্জাৰ টেংকৰ ছত্ৰছায়াত আক্ৰমণ আৰম্ভ কৰি নগৰীৰ উপকণ্ঠসমূহত অৱস্থান গ্ৰহণ কৰিছিল। সিদিনাখনেই প্ৰথম আন্তৰ্জাতিক ব্ৰিগেডৰ সৈন্যদলে মাদ্ৰিদত পদাৰ্পণ কৰিছিল। প্ৰায় এমাহ ধৰি বিৰতিহীনভাৱে এই যুঁজ চলিছিল। তেতিয়ালৈকে মাদ্ৰিদৰ নাগৰিকসকলেও প্ৰজাতন্ত্ৰীসকলৰ সৈতে কান্ধত কান্ধ মিলাই সংকল্পিত প্ৰাণেৰে শত্ৰুৰ আক্ৰমণক মোকাবিলা কৰি প্রতিৰোধী যুঁজ অব্যাহত ৰাখিছিল।
নভেম্বৰৰ ১৭ তাৰিখৰ জাতীয়তাবাদীসকলৰ আক্ৰমণ আছিল ভয়ংকৰ। সিদিনা সিহঁতে বহু শক্তি আৰু সাহস সঞ্চয় কৰি, মাদ্ৰিদৰ নাগৰিকসকলে অদম্য সাহসেৰে গঢ়ি তোলা প্ৰতিৰোধ সংগ্ৰাম ভাঙি থানবান কৰাৰ লক্ষ্যেৰে অতি নিৰ্মমতাৰে নিৰ্বিচাৰ বোমাবৰ্ষণ আৰম্ভ কৰি দিছিল। এই আক্ৰমণ ইমানেই নিষ্ঠুৰ আছিল যে ফেচিষ্ট বাহিনীয়ে প্ৰতি ঘণ্টাতে দুই হাজাৰ বোমা মাদ্ৰিদ চহৰত নিক্ষেপ কৰিছিল। এনে পৰিস্থিতিতো প্ৰতিৰোধকাৰীসকলে অমিত পৰাক্ৰমেৰে খোপনি নেহেৰুৱাই শত্ৰুৰ বিৰুদ্ধে যুঁজ দি নগৰীখনক ৰক্ষা কৰি আছিল। ইপিনে বিশ্বৰ জনমত জাতীয়তাবাদীসকলে গঢ়ি তোলা অৱৰোধ আৰু নিষ্ঠুৰ আক্ৰমণৰ বিৰুদ্ধে যোৱাত, ফ্ৰেংকোৱে অৱশেষত থমকি ৰ’বলগীয়া হৈছিল। শেহান্তৰত তেওঁ নগৰীখন দখল কৰাৰ বাবে ১৯৩৯ চনৰ মাৰ্চ মাহলৈ বাট চাবলগীয়া হৈছিল।
নেৰুডাৰ “হৃদয়ত স্পেইন” নামৰ কবিতাপুথিখনৰ “কিছু কথা খোলোচাকৈ ক’ব বিচাৰোঁ” নামৰ কবিতাটো তৰ্কাতীতভাৱে এটি অতি শক্তিশালী কবিতা। গৃহযুদ্ধৰ সময়ত লিখা তেওঁৰ এইটো আছিল দ্বিতীয় উল্লেখযোগ্য কবিতা। “প্ৰতিৰোধী মৃত সৈনিকসকলৰ আইমাতৃসকলৰ বাবে গোৱা গান” নামৰ প্ৰথম কবিতাটোৰ দৰে নিদাৰুণ বাস্তৱতাৰ আধাৰত ৰচনা কৰা এইটোও এটি অতি বাস্তৱবাদী কবিতা। প্ৰথম কবিতাটোৰ দৰে এই কবিতাটোও ১৯৩৭ চনত “মনো আচুল”ত প্ৰকাশিত হৈছিল।
নেৰুডাই তেওঁৰ ৰচনাৰ বেলিকা এনে অৱস্থাত উপনীত হৈছিল যে তেওঁৰ আৰু পাছলৈ ঘূৰি চোৱাৰ অৱকাশ নাছিল। শৈশৱ কালত তেওঁৰ জন্মস্থান টেমুকোত বিৰাজ কৰা সামাজিক বৈষম্যবোৰ দেখি, নৈৰাজ্যবাদী খুৰাকৰ দ্বাৰা প্ৰভাৱিত হৈ, ছাণ্টিয়াগোৰ ছাত্ৰ আন্দোলনৰ আমূল পৰিবৰ্তনকামী ধাৰাটোৰ সৈতে নিজকে সংযুক্ত কৰি, তেওঁ অৰাজনৈতিক কিছু প্ৰেমৰ কবিতা লিখি প্ৰকাশ কৰাৰ উপৰিও “অসীম মানুহৰ উদ্যোগ”ত আধ্যাত্মিক ভাবৰ প্ৰকাশ ঘটাইছিল আৰু তাৰো পৰবৰ্তী কালত দূৰ প্ৰাচ্যত থকা সময়লৈকে ৰাজনীতিৰ পৰা নিজকে মুক্ত ৰাখিছিল যদিও, এতিয়া তেওঁ সম্যকভাৱে উপলব্ধি কৰিছিল যে ইমানদিনে আতোলতোলকৈ লৈ ফুৰা তেওঁৰ অন্তৰ্মুখিনতাক তেওঁ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগিব। ১৯৩৬ চনৰ স্পেইনৰ নিকৰুণ ঘটনাৱলীয়ে হওক কিম্বা ইটালী, জাৰ্মানী আদিৰ দৰে বিশ্বত ঘটা যিকোনো নিদাৰুণ ঘটনাই হওক—কবিতাই সেইবোৰক উপেক্ষা কৰি বাস্তৱতাৰ পৰা আঁতৰি থকা যুগুত নহয় বুলি তেওঁ হৃদয়ঙ্গম কৰিছিল।
“কিছু কথা খোলোচাকৈ ক’ব বিচাৰোঁ”ত নেৰুডাই সন্ত্ৰাসকবলিত স্পেইনত নিজ চকুৰে প্ৰত্যক্ষ কৰা ভয়ংকৰ দৃশ্যৰাজিয়ে তেওঁৰ মনত ঘটোৱা গভীৰ পৰিৱৰ্তনৰ অবাধ প্ৰকাশ স্বচ্ছ ভাষাৰে কৰা দেখা গৈছে। স্পেইনৰ অভিজ্ঞতাই তেওঁৰ কবিতাৰ গতিধাৰা আৰু উদ্দেশ্যধৰ্মিতাৰ অভিমুখক ব্যাপক পৰিবৰ্তন দিশে ধাৱিত কৰিছে। চিলিত উপজি ডাঙৰ-দীঘল হোৱা উচ্চ প্ৰশংসিত গ্ৰন্থকাৰ এৰিয়েল দোফমেনে উপৰিউক্ত কবিতাটোৰ বক্তাৰ ভাষাক শব্দান্তৰত প্ৰকাশ কৰিছিল এইদৰে: “যেতিয়া বাস্তৱ সত্য হিচাবে—তেজ, মঙহ আৰু শিশুবোৰক—বোমাৰে ছিন্নভিন্ন কৰা হৈছে, তেতিয়া আৰু মই অসম্পূৰ্ণ বাস্তৱক লৈ কবিতা লিখিব নোৱাৰা হৈছোঁ—লিখিব নোৱাৰা হৈছোঁ মোক খণ্ডিত কৰা বিষয়বোৰৰ ওপৰতো।”
অধ্যায়ৰ সামৰণিত পাবলোৰ উল্লেখিত কবিতাটোৰ কিয়দংশ তলত উদ্ধৃত কৰা হ’ল:
তোমালোকে সুধিবা:
ক’ত সেই লাইলেক ফুল?
ক’ত সেই আফিম ফুলৰ বিমূৰ্ত দৰ্শন?
আৰু নেৰানেপেৰা কিনকিনিয়া বৰষুণজাক
যিয়ে তাৰ কথাবোৰ সুমুৱাই থয়
খোৰোং আৰু চৰাইৰ পাখিত?
আজি ক’ত হেৰাল সেইবোৰ
মই তোমালোকক সকলো বুজাই ক’ম৷
মই বাস কৰিছিলোঁ মাদ্ৰিদৰ উপকণ্ঠত, গিৰ্জাৰ ঘণ্টা, ঘড়ী আৰু
বৃক্ষৰ সৈতে।
…..
মোৰ ঘৰখনক কোৱা হৈছিল ফুলবাৰী, কাৰণ ইয়াৰ বেৰৰ
ফাটত মুখ গুজি চৌপাশে ফুলিছিল
জেৰানিয়াম:
এমখা ল’ছোৱালী আৰু কুকুৰ-মেকুৰীৰে ভৰা
ঘৰখন আছিল চালে চকুৰোৱা৷
……
ফেডেৰিকো, তোমাৰ চাগে মনত পৰে,
গ্ৰীষ্মৰ উত্তাপত মোৰ ঘৰৰ বাৰান্দাই
বাৰান্দাই ফুলবোৰে প্ৰাণ পাই
কেনেকৈ জকমকাই নাচিছিল
আৰু হাউলি পৰিছিল তোমাৰ মুখত?
হে ভাই, হে ভাই মোৰ!
……
হঠাৎ এদিন ৰাতিপুৱা
সকলোকে চকিত কৰি
ভমককৈ জ্বলিছিল জুই
……
আৰু তেতিয়াৰে পৰা বিয়াগোম
জুয়ে, গুলী-বাৰুদৰ খেলে,
বোৱাইছিল তেজৰ বন্যা৷
আকাশীযানেৰে মূৰ আৰু ডকাইতৰ দলে,
আঙুঠি আৰু চাহেবাসকলক লৈ দস্যুৰ দলে,
আশীষ বৰষাৰ ছলেৰে ভিক্ষুৰ বেশত কালান্তকৰ দলে,
জঁপিয়াই পৰিছিল আকাশৰ পৰা শিশুবোৰক খুন কৰাৰ বাবে,
আৰু হোৰাহোৰে ওলোৱা শিশুৰ
তেজেৰে ৰাঙলী হৈছিল ৰাস্তা,
সৰল শিশুৰ তেজৰ দৰে সেই তেজ
বৈ আছিল নিৰ্বিকাৰে।
……
হে মোৰ ভাইসকল,
তোমালোকে এতিয়া নিশ্চয় নোসোধা
কিয় তেওঁৰ কবিতাই নিলিখিলে
সপোন আৰু সেউজী পাতৰ কথা,
কিয়ইবা নৰচিলে নিজৰ দেশৰ
বৃহৎ বৃহৎ আগ্নেয়গিৰিৰ গাথা?
আহা আৰু চাই যোৱা
তেজ বোৱা ৰাস্তা
আহা আৰু চাই যোৱা
তেজে ধোৱা ৰাস্তা,
আহা আৰু চাই যোৱা
ৰাস্তাত তেজৰ ডোঙা!

Leave a Reply

Your email address will not be published. Required fields are marked *