নিবন্ধ

নিত্য বৰালৈ শ্ৰদ্ধাঞ্জলিৰে একলম ।। ৰঞ্জিত ভূঞা

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

জন্ম: ১ ছেপ্তেম্বৰ, ১৯৪৪, পাতলৰচুক, জামুগুৰিহাট
মৃত্যু:২২ এপ্ৰিল, ২০২৬, যোৰহাট

পাছলৈ তীক্ষ্ণধী সাংবাদিক, আলোচনী আৰু বাতৰি কাকতৰ সম্পাদক, নিবন্ধকাৰ হিচাপে প্ৰতিষ্ঠা লাভ আৰু সুখ্যাতি অৰ্জন কৰা নিত্য বৰা দাদাই ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সংগঠনৰ সক্ৰিয় সদস্য আছিল। তেখেতে প্ৰধানতঃ লিখা-মেলাৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ বাবে কৰ্মচাৰী সংগঠনৰ নেতৃত্ব লোৱা নাছিল যদিও সংগঠনৰ প্ৰতি থকা দায়বদ্ধতাক ব্যস্ততাৰ অজুহাতত কেতিয়াও আওকাণ কৰা নাছিল। চাকৰিৰ পৰা অৱসৰৰ পাছতো সংগঠনৰ প্ৰতি তেখেতৰ আনুগত্য অটুট আছিল আৰু কৰ্মচাৰীসকলৰ, বীমা নিগমৰ আৰু সামগ্ৰিকভাৱে শ্ৰমিকৰ স্বাৰ্থ ৰক্ষাৰ আন্দোলনৰ প্ৰতি সহানুভূতিশীল আছিল, বিভিন্ন সময়ত সহায় কৰিছিল। সত্তৰৰ দশকত জীৱন বীমা নিগমৰ গুৱাহাটীৰ মাণ্ডলিক কাৰ্যালয়ত প্ৰগতিশীল চিন্তা-চৰ্চাৰ মানুহৰ বাবে এক উদ্দীপনাময় পৰিৱেশ বিৰাজ কৰিছিল। নিত্য বৰা, নিষ্ঠাবান সাংবাদিক শিৱচৰণ কলিতা, কবি ৰবীন্দ্ৰ সৰকাৰ, অৱনী চক্ৰৱৰ্তীকে ধৰি সাহিত্য-সংস্কৃতি-সাংবাদিকতাৰ জগতৰ লগত জড়িত বহুজন কৰ্মচাৰী, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতিৰ নেতৃত্বত থকা কমৰেড অচ্যুত ডেকা, দুলাল দত্ত, শম্ভূ দত্ত, শতঞ্জীৱ দাস আদি সকলোৰে আড্ডা, ছিৰিয়াছ বিষয়ৰ ওপৰত হোৱা আলাপ আলোচনাই এক সুন্দৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰিছিল।

তেনে এক পৰিৱেশৰ মাজতে নিত্য বৰাই ১৯৭৬ চনৰ আৰম্ভণিতে “সাম্প্ৰতিক সাময়িকী” নামেৰে এখন আলোচনী প্ৰকাশৰ সিদ্ধান্ত লৈ নিজে তাৰ সম্পাদকৰ দায়িত্ব লয়। দেশত তেতিয়া জৰুৰীকালীন অৱস্থা, মুকলি চিন্তাৰ পৰিৱেশ নাই, তেনে সময়তে সমাজত প্ৰগতিশীল চিন্তা-চৰ্চাৰ প্ৰসাৰৰ বাবে এখন আলোচনী প্ৰকাশৰ চিন্তা কৰিবলৈ আৰু তাক বাস্তৱত পৰিণত কৰিবলৈ মনত কিমান উদ্যম, সাহসৰ প্ৰয়োজন সেই কথা নক’লেও হ’ব। আলোচনীখন প্ৰকাশৰ সময়ৰ কথা তেওঁ “স্মৃতিলেখা”ত এনেদৰে সুঁৱৰিছে, “সাম্প্ৰতিক সাময়িকী প্ৰকাশৰ আৰম্ভণি সত্তৰ দশকৰ কুখ্যাত জৰুৰীকালীন অৱস্থাৰ মাজত। ১৯৭৬ চনৰ এপ্ৰিল মাহত জন্ম। প্ৰথম সংখ্যাতে চৰকাৰী চেন্সৰৰ খুন্দা। নাজানিছিলো, আলোচনীত প্ৰকাশ হ’বলগীয়া লেখাও যে চেন্সৰ কৰিব লাগে। ইতিমধ্যে প্ৰথম সংখ্যাটো ছপা হৈ গৈছিল। তাৰ পৰাই বাদ দিবলগীয়া হ’ল সম্পাদকীয়”। জৰুৰীকালীন অৱস্থাৰ ধুমুহাৰ পাছত ১৯৭৮ চনৰ শেষৰ ফালৰ পৰা আৰম্ভ হ’ল জাতীয়তাবাদী উন্মাদনাৰে তোলপাৰ অসম আন্দোলন। আন্দোলনৰ নেতৃত্ব আৰু তেৰাসৱৰ উপদেষ্টামণ্ডলীয়ে যি কয়, যি ভাবে সেয়াই শেষ সত্য। তাৰ বিৰোধিতা কৰাটো বাদেই অকণমান সমালোচনা কৰিলেই বিপদ। নীতিগত আপত্তি, বিৰোধিতা কৰাসকল কিমান নিৰ্মম অত্যাচাৰৰ বলি হ’ল তাৰ সীমা সংখ্যা নাই, ট্ৰেড ইউনিয়নৰ কৰ্মী, নেতাসকলে মুকলিকৈ ফুৰা চকা কৰিব নোৱৰা পৰিস্থিতি। তেনে পৰিৱেশ-পৰিস্থিতিৰ মাজতো নিত্য বৰা দাদাই প্ৰগতিশীল চিন্তা-চৰ্চাৰ আলোচনী “সাম্প্ৰতিক সাময়িকী” প্ৰকাশ বন্ধ কৰা নাছিল, অলেখ বাধা বিঘিনি নেওচি আলোচনীখনৰ পাতত সেই সময়ত চলি থকা আন্দোলনৰ নেতিবাচক আৰু জাতীয় জীৱনৰ ক্ষতিকাৰক দিশ যুক্তিৰে আঙুলিয়াই দিয়াৰ উপৰিও সুস্থ গণতন্ত্ৰৰ বিকাশ, বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ চিন্তা-চৰ্চা, জাতীয়তাবাদ, মাৰ্ক্সবাদ আৰু জাতি সমস্যা সম্পৰ্কে বিভিন্ন বিতৰ্ক, সমাজত মাৰ্ক্সবাদৰ প্ৰাসংগিকতা আদি বিষয়ত ইতিমধ্যে প্ৰতিষ্ঠিত লেখক সমালোচক, সাহিত্যিক, সাংবাদিকৰ বাহিৰেও নতুন লেখক-লেখিকাৰ লেখা প্ৰকাশ কৰি অসমত আৱেগ, উন্মাদনাৰ বিধ্বংসী প্ৰৱণতাৰ বিপৰীতে এক সুস্থ, যুক্তিসন্মত, পৰিশীলিত বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰিলে তেখেতৰ এই প্ৰচেষ্টা  অতুলনীয় উদ্যম, সাহস, জাতিৰ প্ৰতি অন্তৰত অনুভৱ কৰা দায়বদ্ধতাৰ উজ্জ্বল চানেকি বুলি বিনাদ্বিধাই মানি ল’ব পাৰি। ২০২৪ চনৰ নৱেম্বৰ মাহত তেওঁ আৰু পৰমানন্দ মজুমদাৰ দাদাই যুটীয়াভাৱে সম্পাদনা কৰি তিনিটা খণ্ডত প্ৰকাশ কৰা “সাম্প্ৰতিক সাময়িকী” দহ বছৰৰ সম্পূৰ্ণ সংকলন হাতত লৈ চকু ফুৰালে আচৰিত নহৈ নোৱাৰি। কি প্ৰকাশ পোৱা নাছিল আলোচনীখনত! সেই সময়ত প্ৰতিষ্ঠিত লেখকসকলৰ পৰা বিভিন্ন বিষয়ৰ তত্বগধুৰ লেখা আদায় কৰাই নহয়, নতুন লেখকৰ প্ৰতিভা আৰু সামৰ্থ্য আৱিষ্কাৰ কৰি তেওঁলোকক সাহস, উৎসাহ যোগাই বিভিন্ন বিষয়ৰ প্ৰবন্ধ, গল্প কবিতা প্ৰকাশ কৰিছিল, তেওঁলোকৰ বৌদ্ধিক বিকাশৰ বাট মুকলি কৰিছিল। তাৰে মাজৰ বেছি ভাগেই আজি প্ৰসিদ্ধ আৰু জনপ্ৰিয় কবি, সাহিত্যিক, নিবন্ধকাৰ হিচাপে সুপৰিচিত। লেখাটো দীঘলীয়া হোৱাৰ আশংকাতে সেইসকলৰ নাম লোৱাৰ পৰা বিৰত থাকিব লগা হ’ল কিয়নো সেই তালিকা যথেষ্ট দীঘলীয়া আৰু সাহিত্য-সংস্কৃতি, লেখক-লেখিকাৰ বিষয়ে খবৰ ৰখা সকলোৰে জ্ঞাত। সম্পাদক হিচাপে ইয়াতকৈ ডাঙৰ সফলতা আৰু কৃতিত্ব কি হ’ব পাৰে! তাৰ পাছত ২০১১ চনৰ পৰা দহ বছৰ ধৰি অসমৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকত “অসমীয়া প্ৰতিদিন”ৰ সম্পাদকৰ দায়িত্ব পালন কৰি আন এচাম নবীনক লেখক, কবি, গল্পকাৰ, ঔপন্যাসিক হিচাপে প্ৰতিষ্ঠা লাভ কৰাত অৰিহণা যোগালে। নিজেও চৰকাৰৰ, শাসকীয় দলৰ নেতা-পালিনেতাৰ দুৰ্নীতি অনিয়মৰ ক্ষুৰধাৰ সমালোচনা, নিজৰ ৰাজনৈতিক চিন্তা চেতনা, উপলব্ধি প্ৰকাশেৰে অসংখ্য লেখা লিখিলে, যিবোৰ পাছলৈ তেওঁ “দুঃসময়ৰ সময় অসমীয়া সমাজ” আৰু “আত্মঘাতী অসমীয়া” নামৰ দুখন গ্ৰন্থত সন্নিৱিষ্ট কৰিছে। এই প্ৰসংগতে অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাদেৱে নিত্য বৰাৰ বিষয়ে কৰা মন্তব্য উল্লেখযোগ্য। তেওঁ কৈছিল, “আজিৰ সমাজনীতি, ৰাজনীতি আৰু বৌদ্ধিক পৰিমণ্ডলত মধ্যবিত্তৰ তথাকথিত বুদ্ধিজীৱী শ্ৰেণীটোৰ তেওঁ য’তেই চালাকি আৰু বদমাচি দেখা বুলি নিশ্চিত হৈছে, তাক দয়া-মায়া নোহোৱাকৈ উদঙাই দিবলৈ কুণ্ঠাবোধ কৰা নাই। কামটো অসাধাৰণ, কাৰণ তেৱোঁ মধ্যবিত্তৰ একে শ্ৰেণীভুক্ত অৱস্থানৰ পৰাই নিৰীক্ষণ কৰিব লগা হয়। ক’ব পৰা যায় ইয়াক দুঃসাহস বুলি, কিন্তু আচলতে দৰকাৰ সৎ সাহস আৰু স্পষ্টতাৰ।” আজিৰ দিনত নিৰ্বাচনৰ মাত্ৰ এদিন আগেয়ে শাসকীয় পক্ষৰ তৈলমৰ্দন কৰি তেওঁলোকৰ নিশ্চিত জয়লাভৰ ভৱিষ্যদ্বাণী কৰি মুখ্যমন্ত্ৰীজনক শুভেচ্ছা জ্ঞাপন কৰা সাংবাদিক-সম্পাদকসকলৰ ভূমিকা আৰু অৱস্থানৰ কথা ভাবিলে হতাশ নহৈ নোৱাৰি। নিত্য বৰাৰ দৰে এগৰাকী অকুতোভয় সাংবাদিক সম্পাদকৰ গণতান্ত্ৰিক ব্যৱস্থা, সাংবিধানিক নীতি আদৰ্শৰ প্ৰতি থকা শ্ৰদ্ধা আৰু জাতীয় জীৱনৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সেয়েহে আজিৰ পৰিৱেশ পৰিস্থিতিত বিশেষভাৱে উল্লেখযোগ্য আৰু শ্ৰদ্ধা মিশ্ৰিত প্ৰশংসাৰ যোগ্য। “সাম্প্ৰতিক সাময়িকী” প্ৰকাশৰ সময়ত অৰ্থাভাৱৰ বাহিৰেও তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ শেষ নাছিল। ধমকি, প্ৰাণ নাশৰ ভাবুকি দিয়াৰ উপৰিও অসম আন্দোলনৰ সময়ত দুৰ্বৃত্তই প্ৰেছত জুই লগাই দিয়াৰ ফলত আলোচনীখনৰ নথিপত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ বিস্তৰ ক্ষতিৰ সম্মুখীন হ’ব লগা হৈছিল। তাৰ পাছতো তেওঁ থমকি ৰোৱা নাছিল। “সাম্প্ৰতিক সাময়িকী”ৰ দ্বিতীয় বছৰ সপ্তম-অষ্টম (ফেব্ৰুৱাৰী-মাৰ্চ ১৯৭৮) সংখ্যাত অসম সাহিত্য সভাৰ ভূমিকা সম্পৰ্কে বিভিন্নজনৰ লেখা প্ৰকাশ কৰি “অসম সাহিত্য সভা কাৰ অনুষ্ঠান” শীৰ্ষক এটি বিস্তৃত পৰিসৰৰ আলোচনা আগ বঢ়াই অসমৰ সাহিত্য জগতত জোকাৰণি তুলিছিল। সম্পাদকীয় শিতানত অসম সাহিত্য সভাৰ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আৰু সভা গঠনৰ সময়ৰে পৰা পালন কৰি অহা ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ লিখিছিল, “আদিৰেপৰা অসম সাহিত্য সভাই ৰাজনীতি কৰা নাছিল, কৰিছিল ‘প্ৰজানীতি’হে; আৰু সেই ‘প্ৰজানীতি’ আছিল ‘ৰজাৰ নীতি’।” জাতিৰ সংকটৰ সময়ত, চৰকাৰী নীতিৰ ফলত সাধাৰণ ৰাইজে ভোগা দুৰ্দশাৰ সময়ত সাহিত্য সভাৰ নীৰৱতা, সততে কৈ অহা অৰাজনৈতিক চৰিত্ৰক কঠোৰ সমালোচনা কৰি তেওঁ লিখিছিল, “সাহিত্য সভাই ৰাজনীতি নকৰে, ৰজাৰ নীতিহে পালন কৰে।” সেইদৰে ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীৰ বিকৃতকৰণৰ বিৰুদ্ধে তেওঁ সাম্প্ৰতিক সাময়িকীৰ পাততে গৰজি উঠিছিল আৰু এই বিকৃতকৰণৰ ৰহস্য উদঘাটন কৰি পঢ়ুৱৈৰ মাজত প্ৰচাৰ কৰিবলৈ তেওঁ বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। সেই সময়ৰ প্ৰতিভাৱান যুৱ লেখক পৰমানন্দ মজুমদাৰক (এতিয়াৰ প্ৰতিষ্ঠিত লেখক, সমালোচক, গীতিকাৰ, সম্পাদক পৰমানন্দ মজুমদাৰ) জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ সম্পাদকমণ্ডলী আৰু প্ৰকাশকৰ সাক্ষাৎকাৰ লৈ সাম্প্ৰতিক সাময়িকীৰ পাততে সেই বিষয়ে বিস্তাৰিত প্ৰতিবেদন প্ৰকাশ কৰাৰ গুৰুদায়িত্ব অৰ্পণ কৰিছিল। বৰা ডাঙৰীয়াই এই প্ৰসংগ লৈ খুব সম্ভৱ ফেব্ৰুৱাৰী-মাৰ্চ ১৯৮১ সংখ্যা বিশেষ জ্যোতিপ্ৰসাদ সংখ্যা হিচাপে প্ৰকাশ কৰি অবিস্মৰণীয় বৌদ্ধিক দায়িত্ব পালন কৰিছিল। তাৰ পাছত ডঃ হীৰেন গোহাঁইক মুখ্য সম্পাদক আৰু ডঃ পৰমানন্দ মজুমদাৰ আৰু সমীন্দ্ৰ হুজুৰীক সম্পাদনা সহযোগী হিচাপে লৈ অসম প্ৰকাশন পৰিষদে জ্যোতিপ্ৰসাদ ৰচনাৱলীত থকা ত্ৰুটি আঁতৰাই নতুন সংস্কৰণ প্ৰকাশ কৰিছিল। গতিকে জ্যোতিপ্ৰসাদ ৰচনাৱলী শুদ্ধ ৰূপত প্ৰকাশ পোৱাত সাম্প্ৰতিক সাময়িকীৰ যোগেদি নিত্য বৰা ডাঙৰীয়াই লোৱা ভূমিকা সদায়েই স্মৰণীয় হৈ ৰ’ব। সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বিভিন্ন বিষয়ত তেওঁ যেতিয়াই মাত মতাৰ প্ৰয়োজন অনুভৱ কৰিছে, জাতীয় জীৱন ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা কৰিছে, তেতিয়াই তেওঁ যুক্তি সহকাৰে সেই বিষয়ে সম্পাদকীয়ত লিখিছে অথবা যোগ্যজনক তাগিদা দি লেখা প্ৰকাশ কৰিছে। পাছলৈ অসমীয়া প্ৰতিদিন কাকতত সম্পাদক হিচাপে তেওঁ পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা নকৈও কেৱল মাত্ৰ অত্যন্ত জটিল সময়ত “সাম্প্ৰতিক সাময়িকী”ৰ যোগেদি সম্পাদক আৰু প্ৰকাশক হিচাপে বৰা ডাঙৰীয়াই লোৱা সাহসী ভূমিকা আৰু অৱদানৰ বাবে অসমৰ সাহিত্য সংস্কৃতি আৰু সাংবাদিকতাৰ জগতখনত তেওঁৰ নাম জিলিকি থাকিব।

আলোচনী, বাতৰি কাকত সম্পাদনাৰ বাহিৰেও অসমৰ বৌদ্ধিক জগত সমৃদ্ধ কৰা বহু জন পুৰোধা ব্যক্তিৰ সাহিত্য কৰ্ম আৰু জাতীয় জীৱনলৈ আগ বঢ়োৱা অৱদানে যাতে যোগ্য স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁলোকৰ লেখাসমূহ সংগ্ৰহ কৰি, সম্পাদনা কৰি পঢ়ুৱৈৰ মাজলৈ আগ বঢ়াই দিয়াৰ লগতে স্মৃতিচাৰণ, জন্ম শতবাৰ্ষিকী উদযাপন, স্মাৰক বক্তৃতাৰ আয়োজন কৰাত তেখেতে সদায় আগভাগ লৈছিল আৰু য’তেই হাত দিছিল সেই কাম পৰিপাটিকৈ নকৰাকৈ নেৰিছিল। তাৰ ঢেৰ উদাহৰণৰ মাজত মাত্ৰ এটা উদাহৰণ দিব বিচাৰিছোঁ। ডঃ অমলেন্দু গুহ ডাঙৰীয়াৰ অৱদানৰ প্ৰতি সন্মান জনাই তেখেতৰ জীৱিত অৱস্থাতে ডঃ পৰমানন্দ মজুমদাৰক সহযোগী হিচাপে লৈ  ‘ঐতিহ্য আৰু ইতিহাস’ নামেৰে এখনি অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিল। আকৌ তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ লগতে অসমৰ বহু কেইখন ঠাইত বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰাত আগভাগ লৈছিল। তেওঁৰ উদ্যোগতে প্ৰসিদ্ধ লেখক, সম্পাদক মুনীন বায়নৰ সম্পাদনাত “ইতিহাসদৰ্শী -জন্ম শতবৰ্ষত অমলেন্দু গুহ” স্মৃতি গ্ৰন্থ প্ৰকাশ হৈছিল। অমলেন্দু গুহৰ ইংৰাজী গৱেষণামূলক নিবন্ধসমূহৰ সম্পাদনা কৰাৰ দায়িত্ব দিয়া হৈছিল ডঃ অখিল ৰঞ্জন দত্তক। তাৰ উপৰিও তেওঁ ডঃ দত্ত ডাঙৰীয়াকে “সাম্প্ৰতিক সাময়িকী”ত প্ৰকাশ পোৱা জাতীয়তাবাদ, মাৰ্ক্সবাদ আৰু জাতি-সমস্যা ইত্যাদি বিভিন্ন তত্ত্ব গধুৰ প্ৰবন্ধসমূহৰ একত্ৰ সংকলন এখন সম্পাদনা কৰি প্ৰকাশ কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। সেই কাম তেওঁ দেখি যাবলৈ নাপালে যদিও আমি আশা কৰিছোঁ অনাগত দিনত সেই সংকলন এক গুৰুত্বপূৰ্ণ দলিল হিচাপে আমাৰ মাজলৈ আহিব। মাত্ৰ অলপ দিনৰ আগেয়ে সম্পন্ন হোৱা গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰু “গোলাপ বৰবৰা ৰচনাৱলী” প্ৰকাশৰ মূল গুৰি ধৰোঁতা আছিল নিত্য বৰা। বৰা দাদাক দুবাৰ লগ পোৱাৰ সৌভাগ্য হৈছিল। এবাৰ গুৱাহাটীত আমাৰ সংগঠনৰ উদ্যোগত হোৱা এখন অভিৱৰ্তনত আৰু এবাৰ তেজপুৰত তেওঁৰ তাগিদাতে অনুষ্ঠিত হোৱা অমলেন্দু গুহ স্মাৰক বক্তৃতানুষ্ঠানত। কথাবতৰা তেনেকৈ পতাৰ সুযোগ নাপালেও Whatsapp যোগে তেখেতে যোগাযোগ ৰাখিছিল আৰু গ্ৰন্থ উন্মোচনী সভা আৰু গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ দৰে বিশেষ অনুষ্ঠানত উপস্থিতিৰ বাবে নিমন্ত্ৰণ জনাইছিল।

যোৱা বছৰৰ ২৬ অক্টোবৰ তাৰিখে ব্ৰজমোহন শৰ্মা বক্তৃতানুষ্ঠানৰ প্ৰধান উদ্যোক্তা হিচাপে সফলতাৰে দায়িত্ব সমাপন কৰি ঘৰলৈ আহি সেইদিনাই ৰাতিলৈ ষ্ট্ৰ’কত গুৰুতৰভাৱে আক্ৰান্ত হোৱা বৰা দাদা আৰু সুস্থ হৈ উঠিব নোৱাৰিলে। যোৱা ২২ এপ্ৰিল’, ২০২৬ তাৰিখে বিয়লি ২ বজাত যোৰহাট মেডিকেল কলেজ হাস্পতালত তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰিলে। তেখেতৰ বিয়োগত অসমৰ বৌদ্ধিক জগতৰ বিস্তৰ ক্ষতি হোৱাৰ কথা, তেখেতে সাহিত্য সাংবাদিকতা জগতলৈ আগ বঢ়োৱা অমূল্য অৱদানৰ কথা আজি বিভিন্নজনে তেওঁলোকৰ লেখাৰ মাজেৰে অকপটে কৈছে। তেখেতৰ লেখা পঢ়ি, বিশেষকৈ “সাম্প্ৰতিক সাময়িকী” তিনিটা বৃহৎ খণ্ডত চকু ফুৰাই, বিভিন্নজনৰ সৈতে কথা-বতৰা পাতি, বিশেষকৈ প্ৰয়াত তিলক হাজৰিকাৰ দৰে এগৰাকী শ্ৰদ্ধেয় সাংবাদিক, সাহিত্যিকে আগ বঢ়োৱা মন্তব্য পঢ়ি নিবন্ধকাৰ, সাহিত্য-সমালোচক, সাংবাদিক আৰু সম্পাদক হিচাপে তেখেতৰ সফলতা আৰু কৃতিত্বই নিশ্চিতভাৱে আমাৰ শ্ৰদ্ধা আদায় কৰিবলৈ যথেষ্ট বুলি অনুভৱ কৰিছোঁ। নতুন লেখক আৰু প্ৰগতিশীল চিন্তা-চৰ্চাৰ পৰিৱেশ সৃষ্টিত বৰা দাদাৰ অৱদান, অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰা মনিষীসকলৰ স্মৃতি ৰক্ষাৰ প্ৰতি তেখেতৰ প্ৰচেষ্টা, ধৰ্মনিৰপেক্ষতাৰ সপক্ষে আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে থকা তেখেতৰ দৃঢ়, আপোচহীন স্থিতিৰ বাবে তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ।

আশাকৰোঁ বৰ্তমানৰ সাংবাদিক, সম্পাদকসকলে প্ৰয়াত তিলক হাজৰিকা আৰু নিত্য বৰাৰ দৰে জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিবলৈ চেষ্টা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *