চিনেমানিবন্ধশিল্প-কলা-সংস্কৃতি

শেহতীয়া অসমীয়া চিনেমা আৰু নাৰী ।। উপাসনা কৃষ্ণাত্ৰেয়

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

যোৱা বছৰ অৰ্থাৎ ২০২৫ আৰু এই বছৰ অৰ্থাৎ ২০২৬-ৰ ফেব্ৰুৱাৰী মাহলৈকে ভালেকেইখন অসমীয়া চিনেমাই মুক্তি লাভ কৰিছে। আৰু কেৱল মাত্ৰ মুক্তি লাভ কৰাই নহয়, ইয়াৰ কেবাখনো জনপ্ৰিয় আৰু ব্যৱসায়িকভাৱে অতি সফল হৈছে। এনে ব্যৱসায়িকভাৱে সফল ছবিৰ ভিতৰত ‘ভাইমন দা’, ‘ৰুদ্ৰ’, ‘মালামাল বইজ’ আৰু ‘ৰৈ ৰৈ বিনালে’ৰ নাম লব লাগিব। তাৰ মাজতে আকৌ ‘গোলাই চোৰ’ৰ দৰে চিনেমা বক্স অফিচত হিট নহ’লেও দৰ্শকৰ মনত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে ২০২৬ চনত মুক্তি লাভ কৰা ‘যৌৱনে আমনি কৰে ২’ আৰু ‘অগ্নিবাণ’ ব্যৱসায়িকভাৱে সফল নহ’লেও সাধাৰণ ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈছে।

প্ৰথমতেই আহোঁ জনপ্ৰিয় হোৱা আৰু ব্যৱসায়িকভাৱে অতি সফল অসমীয়া চিনেমা ‘ভাইমন দা’লৈ। ‘ভাইমন দা’ অসমীয়া চলচিত্ৰ পৰিচালক মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এখন চিনেমা, যি কেইবাটাও দশক জুৰি অসমীয়া চিনেমাৰ সংগ্ৰাম আৰু জয়যাত্ৰাক সাঙুৰি লৈছে। এইখন বোলছবি সমগ্ৰ বিশ্বজুৰি দৰ্শকে মৰমেৰে আঁকোৱালি লৈছে। কিন্তু দুখৰ কথা এয়ে যে চিনেমাখনত নাৰী চৰিত্ৰসমূহ কেৱল মাত্ৰ পাৰ্শ্ব চৰিত্ৰ হিচাপেহে দেখুওৱা যেন লাগিল। মুনীন বৰুৱাৰ পত্নী মঞ্জুলা বৰুৱাৰ চৰিত্ৰই চাহ যঁচা, মৃদুলা বৰুৱাৰ চৰিত্ৰই অকণমান গান গাই নচা আৰু বিদ্যা ৰাওৰ চৰিত্ৰই খং কৰা— ইয়াৰ বাহিৰে নাৰীসকলৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা নাই চিনেমাখনত। সেই সময়ছোৱাত অসমীয়া চিনেমাত নাৰীৰ অৱদান ইমানো কম নিশ্চয় নহয়। সীমিত তথ্য আৰু কল্পনাৰ আশ্ৰয়েৰে এছোৱা সময়ৰ কথা কাহিনী হিচাপে দেখুৱালেও চিনেমাখনত নাৰী চৰিত্ৰৰ উপস্থিতি আৰু গুৰুত্বৰ অভাৱ এক হতাশাজনক পৰিস্থিতি বুলি ক’ব লাগিব।

এইখনৰ পিছতেই আন এখন বক্স অফিচত হিট চিনেমা আছিল ‘ৰুদ্ৰ’। ৰুদ্ৰত আকৌ কেইবাটাও নাৰী চৰিত্ৰ অতি গুৰুত্বপূৰ্ণ; যেনে— চোনিয়াৰ চৰিত্ৰত অৰ্চিতা আগৰৱালা, মুখ্যমন্ত্ৰীৰ চৰিত্ৰত মঞ্জুলা বৰুৱা। অৱশ্যেই সুৰভিৰ চৰিত্ৰত নন্দিনী কাশ্যপক সাঁচত ঢলা গাঁৱৰ সহজ-সৰল, মেখেলা-চাদৰ পিন্ধি বৰগীত গাব জনা ছোৱালী হিচাপে দেখুওৱা আৰু চোনিয়াক চহৰীয়া মেনিক পিক্সী ড্ৰীম গাৰ্ল ধৰণৰ প্ৰগলভ ব্যক্তিত্বৰ চৰিত্ৰ হিচাপে দেখুওৱাটো এক ধৰণৰ প্ৰচলিত ফৰ্মুলাত পেলোৱা যেন লাগে। ৰুদ্ৰ চিনেমাখনেই এনে বহু প্ৰচলিত ফৰ্মুলাত পেলোৱা ধৰণৰ।

ইয়াৰ পিছতেই আহোঁ ‘মালামাল বইজ’ চিনেমাখনলৈ। মালামাল বইজতো নাৰীৰ উপস্থিতি তথা গুৰুত্ব সন্তোষজনক। জুনু নাথ আৰু প্ৰণামী বৰা— দুয়োটা চৰিত্ৰই চিনেমাখনক গতি প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এইখন বোলছবিও অভিনয় আৰু আঞ্চলিক বৈশিষ্ট্য থকাৰ সুবাদতে দৰ্শকে আঁকোৱালি লৈছে আৰু ব্যৱসায়িকভাৱে যথেষ্ট সফল হৈছে।

ঠিক তেনেদৰে, ‘ৰৈ ৰৈ বিনালে’তো মুখ্য অভিনেত্ৰীগৰাকী এগৰাকী শক্তিশালী নাৰী চৰিত্ৰ। তথাপি অৱশ্যে চৰিত্ৰটিয়ে প্ৰেমিক থকাৰ পিছতেও আন পুৰুষ বন্ধুৰ সৈতে কৰা প্ৰয়োজনাধিক মিলামিছা আদিবোৰ যদি আধুনিক অথবা শক্তিশালী (empowered) মহিলা হিচাপে ন্যায্যতা প্ৰদান কৰা কথাটো যদি নাৰীবাদ বুলি ভবা হৈছে, তেন্তে ই ভুল। পিছে জুবিন গাৰ্গৰ এই শেষৰ চিনেমাখনৰ কথা লিখিবলৈ লওতেও দুখে হেঁচামাৰি ধৰিছে। তেওঁ জীয়াই থকা হ’লে যে অসমীয়া চলচ্চিত্ৰ উদ্যোগত আৰু কিমান এনে জনপ্ৰিয় ছবি নিৰ্মাণ হ’লহেঁতেন, এই কেইখন ছবিয়ে তাৰ প্ৰমাণ।

ইয়াৰ উপৰি ২০২৫ চনৰ আৰম্ভণিতে মুক্তি পোৱা ‘গোলাই চোৰ’ত ‘গোলাপী’ৰ দৰে চৰিত্ৰ এটা লিখি কোনো ধৰণৰ হাস্যৰসৰ বাবে ব্যৱহাৰ নকৰি এটা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰি এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। আন নাৰী চৰিত্ৰসমূহো spontaneous, কোনো প্ৰচলিত ফৰ্মুলাত পেলোৱা নাৰী চৰিত্ৰ নয়। চিনেমা হিচাপে ‘গোলাই চোৰ’ অসমীয়া চিনেমাৰ ইতিহাসত এক বিশেষ স্থান নিশ্চয়েই গ্ৰহণ কৰি থাকিব। ইতিমধ্যেই ফিল্মফেয়াৰ এৱাৰ্ডত কেইবাটাও পুৰষ্কাৰ জয় কৰি ই নিজৰ সফলতাৰ বাট বুলিছেই।

২০২৫ৰ এই চিনেমাসমূহৰ বাদেও ২০২৬ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা আৰু ভালেমান দিন ছবিগৃহত প্ৰদৰ্শিত হোৱা ‘যৌৱনে আমনি কৰে’ৰ ছিকুৱেল ‘যৌৱনে আমনি কৰে ২’ অনাকাংক্ষিতভাৱেই যথেষ্ট পৰিমাণে আধুনিক আৰু প্ৰগতিশীল। তথাপি কিন্তু নায়কৰ পিতৃ-মাতৃ অৰ্থাৎ অংকুৰ আৰু পূজাৰ বৈবাহিক জীৱনৰ সমস্যা আৰু বিচ্ছেদৰ কাৰণ হিচাপে পূজা অৰ্থাৎ নাৰীগৰাকীকে একপক্ষীয়ভাৱে দোষাৰোপ কৰা যেন লাগিছে— যি পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে এক নিৰাপদ নেৰেটিভ! অৱশ্যেই আন নাৰী চৰিত্ৰসমূহ নব্বৈ দশকৰ হিন্দী চিনেমাৰ সাঁচত ঢলাৰ বহু সুযোগ থকা সত্বেও কিন্তু চৰিত্ৰসমূহ আধুনিক আৰু বাস্তৱিক হিচাপে নিৰ্মাণ কৰিছে, যি এক আশাৰ বতৰা।

এইখিনিতে ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰা ‘অগ্নিবাণ’ নামৰ চিনেমাখনত নাৰীৰ ভূমিকাৰ কথা যদি কবলৈ যাওঁ, এয়া স্বীকাৰ কৰিব লাগিব যে শক্তিশালী আৰু স্বাভিমানী নাৰী চৰিত্ৰৰ উপস্থিতি চিনেমাখনৰ এক বিশেষ বৈশিষ্ট্য। এক্সনধৰ্মী চিনেমা এখনত মুখ্যমন্ত্ৰী আৰু আৰক্ষী বিষয়াৰ ৰূপত দুগৰাকী নাৰীক চৰিত্ৰায়ণ কৰাটো নিশ্চয়কৈ এক সুখবৰ। অৱশ্যেই প্ৰেৰণাৰ চৰিত্ৰটিয়ে প্ৰাক্তন স্বামীক কাৰ্যালয়লৈ গৈ চৰ মৰা দৃশ্যাংশ নাটকীয় তথা অবাস্তৱিক যেন লাগে। এইখিনিতে ফিল্ম ফেষ্টিভেলত চোৱা আন এখন চিনেমা ‘গণৰাগ’তো একে ধৰণৰ প্ৰদৰ্শনীমূলক নাৰী মুক্তিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এইখন চিনেমাতো ৰাজনীতিৰ প্ৰতি আগ্ৰহী এগৰাকী নাৰীক স্বামীয়ে বাহিৰলৈ ওলাই যাবলৈ আৰু আন বহু ক্ষেত্ৰত হকা-বধা কৰাৰ বাবে এদিন তেওঁ স্বামীগৰাকীক শাৰীৰিকভাৱে আঘাত কৰাৰ লগে লগে সকলো ঠিক হৈ যোৱা দেখুৱাইছে। কোনোবাখিনিত দুয়োখন চিনেমাতে নাৰী মুক্তিৰ বাবে ‘শাৰীৰিক প্ৰহাৰ’কে সমাধান হিচাপে দেখুৱাব চেষ্টা কৰা যেন লাগিছে, যি অত্যন্ত উপৰুৱা চিন্তাৰ ফলাফল। এনেবোৰ দৃশ্য যদি কোনোবাই নাৰীবাদী বুলি ভাবে, তেন্তে ই নাৰীবাদৰ বাবেই ক্ষতিকাৰক!

মুঠৰ ওপৰত সমাজত জনপ্ৰিয় চিনেমাৰ প্ৰভাৱ যিহেতু অতি বেছি, সেয়ে এই চিনেমাসমূহৰ এনে বিভিন্ন দিশ সম্পৰ্কে আলোচনা হোৱাটোও প্ৰয়োজনীয়। আৰু যিহেতু অসমীয়া সমাজত ভাৰতৰ আন ৰাজ্যতকৈ নাৰীৰ স্থান যথেষ্ট উন্নত, ইয়াৰ চিনেমা-চিৰিয়েলসমূহতো নাৰীৰ স্থান, সমস্যা তথা জটিলতাৰ প্ৰকৃত প্ৰতিফলন ঘটিলেহে ন্যাযতা প্ৰদান কৰা হব। তথাপি আমি আশাবাদী যে অনাগত দিনবোৰত অসমীয়া চলচ্চিত্ৰ উদ্যোগত একক আৰু সমগ্ৰ দেশ তথা বিশ্বতে চৰ্চাৰ যোগ্য চিনেমা নিৰ্মাণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *