কেন্দ্ৰীয় নিবন্ধনিবন্ধ

কালজয়ী সাহিত্যৰ পাতত প্ৰেম, সিদ্ধান্ত আৰু জীৱন ।। আকাংক্ষা গগৈ

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

সমগ্ৰ বিশ্বজুৰি বসবাস কৰে সাহিত্যপ্ৰেমী লোক, যিয়ে গ্ৰন্থৰ পৃষ্ঠাত সূক্ষ্মভাৱে অধ্যয়ন কৰে জীৱন আৰু দৰ্শন। গ্ৰন্থ অধ্যয়নত ৰুচি থকা প্ৰায়সংখ্যক পঢ়ুৱৈয়েই আপোন মাতৃভাষাৰ উপৰিও অন্য ভাষাত ৰচিত গ্ৰন্থসমূহৰ সোৱাদ লোৱাত আগ্রহ প্ৰকাশ কৰে। প্ৰত্যেক ভাষাৰেই  “কাল্ট ক্লাছিক” (cult classics) হিচাপে পৰিগণিত কিছু জনপ্ৰিয় কালজয়ী গ্ৰন্থ থাকে, যাৰ বিষয়ে পঢ়ুৱৈ সমাজত সততে চৰ্চা হয়, চৰিত্ৰসমূহৰ সূক্ষ্ম বিশ্লেষণ হয়।

“কালজয়ী গ্ৰন্থসমূহ আচলতে কিয় কালজয়ী? এনে কি উৎপাদকৰ হেতু এই কাহিনীবোৰ অতি চৰ্চিত, কালজয়ীৰূপে পৰিগণিত?” এই চমু নিবন্ধটোৰ লেখকৰ মানসত এইটো প্ৰশ্নৰ উদ্ভাৱন হৈছিল, আৰু তাৰেই উত্তৰ বিচাৰি মাতৃভাষাৰ উপৰিও অন্যান্য ভাষাসাহিত্যৰ কিছু লোকপ্ৰিয় গ্ৰন্থ অধ্যয়নৰ প্ৰতি উৎসুকতাৰ জন্ম হৈছিল।

এই লেখাত তিনি ভাষাৰ—অসমীয়া, হিন্দী আৰু ৰাছিয়ান (ইংৰাজী অনুবাদিত)—তিনিটা কালজয়ী কাহিনীৰ এক সংক্ষিপ্ত মানসিক অধ্যয়ন কৰাৰ প্ৰয়াস কৰা হৈছে। এক ৰোমাণ্টিক পটভূমিৰ আঁৰত সামাজিক, মনঃস্তাত্বিক আৰু জীৱন-দৰ্শনৰ বিচিত্ৰতাৰ স্পষ্ট নিদৰ্শন, তিনিও কাহিনীৰ বৈশিষ্ট্য সেইখিনিতেই।

১) হোৱাইট নাইট্‌ছ্ (White Nights)

ফিওডৰ ডষ্টয়েভস্কিৰ (Fyodor Dostoyevsky) দ্বাৰা ৰচিত “হোৱাইট নাইট্‌ছ্” হৈছে ঊনবিংশ শতিকাত প্ৰকাশিত ৰাছিয়ান সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাসিকা, য’ত আছে তিনিটা মুখ্য চৰিত্ৰ— এজন স্বপ্নদ্রষ্টা (the dreamer), নাষ্টেংকা (Nastenka) আৰু নাষ্টেংকাৰ ভাৰাতীয়া (the lodger), আৰু এক ৰোমাণ্টিক কাহিনীৰ বেশত এই চমু উপন্যাসিকাখনে ফুটাই তুলিছে নিঃসংগতা, ব্যাকুলতা আৰু মুখ্যতঃ বহুৰূপী প্ৰেমৰ নিদৰ্শন। ডষ্টয়েভস্কিৰ “হোৱাইট নাইট্‌ছ্”য়ে পূৰ্ণ প্ৰেম নহৈ, অভিজ্ঞ প্ৰেমৰ বৰ্ণন কৰিছে, যে ইয়াক কেনেকৈ কল্পনা কৰা যায়, অনুভৱ কৰা হয় আৰু সেই অনুভৱ মনত সাঁচি ৰখা হয়।

কাহিনীৰ কথকে নাম প্ৰকাশ কৰাৰ সলনি নিজকে “ড্ৰীমাৰ” আখ্যা দিছে। চেণ্ট পিটাৰ্ছবাৰ্গৰ বাসিন্দা উক্ত চৰিত্ৰটোৱে এক অন্তৰ্দৃষ্টিসম্পন্ন, প্ৰায় ভংগুৰ মনোজগতক প্ৰতিনিধিত্ব কৰে। তেওঁৰ “প্ৰেম” বাস্তৱত নহয় কল্পনাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁৰ অত্যন্ত নিঃসংগ জীৱনত কাকতালীয় সংযোগৰ জৰিয়তে পৰিচয় হোৱা নাষ্টেংকাৰ প্ৰতি তেওঁৰ যি তীব্ৰ আকৰ্ষণ, সেইয়া প্ৰকৃততে তেওঁৰ আৱেগিক ভোকৰ পৰাহে উদ্ভৱ হোৱা যেন পৰিগণিত হয়। তেওঁৰ ভাষাৰে প্ৰেম পৰিৱৰ্তনশীল, তথাপি তেওঁৰ প্ৰেম গভীৰভাৱে নিঃস্বাৰ্থ। কাহিনীৰ শেষৰ অধ্যায়ত যেতিয়া নাষ্টেংকাৰ পূৰ্বৰ প্ৰেমিকজন ঘূৰি আহে, তেতিয়া নিজৰ ভালপোৱাৰ উৰ্দ্ধত নাষ্টেংকাৰ ইচ্ছা আৰু সুখক প্ৰাধান্য দি নিদৰ্শন কৰা তেওঁৰ আৱেগিক সংযমৰ দ্বাৰা প্ৰকাশ পাইছে যে, তেওঁৰ বাবে প্ৰেম প্ৰাপ্তিতকৈ বেছি কৰ্তব্যপৰায়ণ। ই ক্ষণস্থায়ী যদিও গভীৰভাৱে পূৰ্ণতাপূৰ্ণ, তেওঁ প্ৰতিফলিত কৰা দৰেই “এটা সম্পূৰ্ণ আনন্দৰ মুহূৰ্ত আজীৱনৰ বাবে যথেষ্ট” (My god! A whole moment of bliss! Is that really so little for the whole of a man’s life!)

নাষ্টেংকা চৰিত্ৰটিয়ে প্ৰেমক আশা, ভৰসা আৰু পৰিৱৰ্তনশীল ৰূপে প্ৰস্তুত কৰি তুলিছে। সমগ্ৰ কাহিনীটোত নাষ্টেংকাই আৱেগিক সংঘাতপূৰ্ণ প্ৰেমৰ ৰূপ এটাক মূৰ্ত কৰি তুলিছে। প্ৰথম অৱস্থাত তেওঁৰ প্ৰেম নিৰ্ভৰশীলতাৰূপে পৰিস্ফুত হয়। আইতাকৰ সৈতে নিজৰ বান্ধোনমূলক জীৱনৰ পৰা পলায়ন বিচৰা নাষ্টেংকাই পোন প্ৰথমবাৰৰ বাবে তেওঁক স্বাধীনতাৰ সুৰুঙা আগ বঢ়োৱা তেওঁৰ ঘৰত বাস কৰা ভাৰাতীয়াগৰাকীৰ প্ৰেমত পৰে, তেওঁৰ পুনৰাগমনৰ প্ৰতিশ্ৰুতিকে মাথোঁ সাৱটি দিন অতিবাহিত কৰে। “ড্ৰীমাৰ”গৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক অতি দ্বিধামূলক। যদিওবা তেওঁৰ বাবে “ড্ৰীমাৰ”ৰ সংগ অতি মহত্বপূৰ্ণ, আৰু একোবাৰ নাষ্টেংকাই তেওঁক ভালপোৱাৰ কথাও ব্যক্ত কৰে, কিন্তু তেওঁৰ হৃদয়খন অতীতৰ প্ৰতিশ্ৰুতিৰ টানত বন্দী হৈ থাকে। নাষ্টেংকাৰ প্ৰেমত সেয়েহে অনিশ্চয়তা আৰু আৱেগিক তাৎক্ষণিকতা চিহ্নিত কৰা হৈছে। নাষ্টেংকাৰ প্ৰেম আদৰ্শগত নহয়, বৰঞ্চ আশা আৰু পৰিস্থিতিৰ দ্বাৰা গঢ় লৈ উঠা এটা জীৱিত বিভ্ৰান্তিকৰ অভিজ্ঞতা।

উপন্যাসখনৰ বেছিভাগৰ বাবে শাৰীৰিকভাৱে অনুপস্থিত হ’লেও নাষ্টেংকাৰ পূৰ্ব প্ৰেমিক ভাৰাতীয়াগৰাকীয়ে কাহিনীৰ আৱেগিক উত্তেজনা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ প্ৰেমৰ বাস্তৱবাদী আৰু ব্যৱহাৰিক ৰূপ এটাক প্ৰতিনিধিত্ব কৰে। নাষ্টেংকাক আপোন কৰি লোৱাৰ পূৰ্বে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ গুচি যায় আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হোৱাৰ লগে লগে নাষ্টেংকাৰ চিঠি পাই ঘূৰি আহে। ড্ৰিমাৰৰ আদৰ্শবাদ বা নাষ্টেংকাৰ আৱেগিক প্ৰবাহৰ পৰিৱৰ্তে তেওঁৰ প্ৰেমৰ শিপা ক্ৰিয়া আৰু সময়ৰ মাজত। কিন্তু ডষ্টয়েভস্কিয়ে ইয়াত এক অস্পষ্টতা এৰি থৈ গৈছে যে তেওঁৰ উভতি অহাটো প্ৰকৃততে প্ৰেম নে কেৱল সুবিধা? এই অনিশ্চয়তাই ৰোমাণ্টিক সম্পৰ্কত প্ৰতিশ্ৰুতিৰ নিৰ্ভৰযোগ্যতাক সূক্ষ্মভাৱে সমালোচনা কৰে।

“হোৱাইট নাইটছ”ক যিটোৱে কালজয়ী কৰি তুলিছে সেয়া ইয়াৰ কাহিনী নহয়, ইয়াৰ আৱেগিক সততাহে। উপন্যাসখনে শেষত আমাক এটা বেদনাদায়ক অন্তৰ্দৃষ্টিৰ সৈতে এৰি থৈ যায়, পঢ়ুৱৈক বিচাৰ কৰি চাবলৈ বাধ্য কৰে যে প্ৰেমক অৰ্থপূৰ্ণ হ’বলৈ পাৰস্পৰিক বা স্থায়ী হোৱাৰ প্ৰয়োজন আছেনে? নে ইয়াৰ ক্ষন্তেকীয়া স্বভাৱটোৱেই হয়তো ইয়াক ইয়াৰ তীব্ৰতা প্ৰদান কৰে?

২)  গুনাহো কা দেৱতা (गुनाहों का देवता)

ধৰ্মবীৰ ভাৰতীৰ দ্বাৰা ৰচিত “গুনাহো কা দেৱতা” উপন্যাসখন হিন্দী সাহিত্যৰ এক বহুচৰ্চিত কিতাপ। বছা বছা কেইটিমান চৰিত্ৰৰ জৰিয়তে ভাৰতীদেৱে মধ্যবৰ্গীয় জীৱনৰ এটি সাধাৰণ যেন লগা প্ৰেম কাহিনীক, পটভূমিৰ বিশেষ কেইটিমান পাকৰ জৰিয়তে, অসাধাৰণ কৰি তুলিছে।

কাহিনীৰ মুখ্য চৰিত্ৰ সুধা, চন্দৰ, বিনতি, পম্মি, কৈলাশ, গেচু আৰু অন্যান্য চৰিত্ৰ যেনে সুধাৰ দেউতাক, বৰ্টি, বিনতিৰ মাক ইত্যাদি আৰু এইকেইটা চৰিত্ৰৰ চৌপাশেই কাহিনীয়ে গতি লৈছে। প্ৰত্যেক চৰিত্ৰৰ বিশিষ্টতা আৰু পৰিস্থিতি সাপেক্ষে লোৱা সিদ্ধান্তৰ  তেওঁলোকৰ ব্যক্তিত্বত প্ৰভাৱ খুউব স্বচ্ছকৈ পৰিদৰ্শিত কৰা গৈছে। প্ৰেমত ভিন্ন ৰস আৰু প্ৰকাৰ, বিশেষকৈ নাৰী হৃদয়ত প্ৰেমৰ বৈচিত্র্য, বিভিন্ন চৰিত্ৰৰ জৰিয়তে ফুটাই তোলা হৈছে।

সুধাৰ চন্দৰৰ প্ৰতি থকা ভালপোৱাত অগাধ ভক্তিৰস নিহৰিত হৈ আছে। সচৰাচৰ শৰীৰকামী প্ৰেমৰ উৰ্ধত গৈ সুধাই চন্দৰক নিজৰ হৃদয়ত দেৱতাৰ স্থান দিছে, বাৰে বাৰে চন্দৰক নিজৰ পূজ্য বুলি আখ্যা দিছে, চন্দৰৰ সৈতে বিচ্ছেদক আত্মা আৰু শৰীৰৰ বিচ্ছেদ বুলি গণ্য কৰিছে। সুধাৰ প্ৰেমত এচিকুটো কলুষতা বিচাৰিও পাব নোৱাৰি আৰু সেই প্ৰেমেই সুধাক উজ্জ্বল কৰি তুলিছে।

সুধাৰ দৰেই তাইৰ সম্পৰ্কীয় ভনীয়েক বিনতিৰ মনত চন্দৰৰ প্ৰতি এক শ্ৰদ্ধাৰ ভাৱ প্ৰত্যক্ষ কৰা গৈছে, হয়তো সেইয়া সুধাৰ সংগৰ প্ৰভাৱ। বিনতিৰ ভালপোৱাত বাসনা বা কামনাৰ বিপৰীতে এক সমৰ্পণ পোৱা গৈছে। বিনতি নম্ৰ, সৰল, কোমল অথচ বুজন তথা দৃঢ়। সুধাৰ অনুপস্থিতিত “দেৱতাৰ পৰা প্ৰেত” হ’বলৈ গতি কৰা চন্দৰক বাৰে বাৰে সঠিক দিশ দেখুৱাবলৈ চেষ্টা কৰা বিনতিৰ চৰিত্ৰত সুধাৰ এক ছায়া দেখিবলৈ পোৱা যায়, আৰু উপন্যাসৰ শেষত সুধাৰ ছাইৰে চন্দৰে বিনতিৰ শিৰত “সেন্দুৰ”ৰ দৰে বুলি দিয়া কাৰ্যই ইয়াৰ প্ৰমাণ দিছে।

পম্মীৰ প্ৰেম এক প্ৰকাৰৰ শৰীৰকামী আকৰ্ষণৰূপে প্ৰকাশিত হয়। প্ৰথম দৃষ্টিতে চন্দৰৰ প্ৰতি আকৃষ্ট হোৱা পম্মিয়ে ভিন্ন উপায়েৰে চন্দৰৰ সান্নিধ্য লাভ কৰিবৰ বাবে চেষ্টা কৰে আৰু সুধাৰ স্বৰ্গীয় প্ৰেম হেৰুৱাই পথভ্ৰষ্ট চন্দৰ অতি সহজেই সেই তৰল প্ৰেমৰ আহ্বানত আপ্লুত হৈ পৰে।

সুধাৰ সখিয়েক  গেচুই  কাহিনীটোত এটি সৰু অথচ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গেচুৰ প্ৰেমিক ভাবী স্বামীয়ে যেতিয়া হঠাতে বিয়া ভংগ কৰি গেচুৰ ভনীয়েকৰ সৈতে বিবাহ কৰে, স্বাভাৱিকভাৱেই এগৰাকী নাৰী তেনে প্ৰতাৰণাত ভাঙি পৰে, কিন্তু গেচুই তাৰ পৰিৱৰ্তে নিজৰ ভৰিত থিয় দি বিৰল মানসিক সবলতা তথা প্ৰাপ্তবয়স্কতাৰ চানেকি দিছে। চন্দৰৰ সৈতে হোৱা বাৰ্তালাপত গেচুই ব্যক্ত কৰিছে যে প্ৰতাৰণাৰ বলি হোৱাৰ স্বত্বেও কিদৰে তেওঁৰ অন্তৰত পূৰ্ব প্ৰেমিকৰ প্ৰতি থকা প্ৰেম সম্পূৰ্ণৰূপে শেষ হৈ যাব পৰা নাই, আৰু এইয়াই পট পৰিৱৰ্তনৰ ভূমিকা পালন কৰিছে, চন্দৰক উপলব্ধি কৰাইছে যে প্ৰাপ্তিয়েই প্ৰেমৰ চৰম পৰ্যায় নহয়। এই মুহূৰ্ত্তত সুধাৰ আত্মীয় প্ৰেমক সন্দেহ কৰাৰ বাবে চন্দৰে আত্মগ্লানিত ভুগিছে।

কাহিনীৰ মুখ্য চৰিত্ৰ চন্দৰ যদিওবা এজন প্ৰাপ্তবয়স্ক, প্ৰেমৰ ক্ষেত্ৰত তেওঁৰ অপৰিপক্কতা অতি স্পষ্ট। চন্দৰৰ অধ্যাপক সুধাৰ দেউতাকে স্বভাৱত অধ্যয়নশীল চন্দৰক নিজ সন্তানৰ দৰে বিশ্বাস কৰে আৰু সিয়েই হৈছে সুধা আৰু চন্দৰৰ মাজৰ নিস্পাপ আদৰৰ বুনিয়াদ। চন্দৰৰ  প্ৰতি থকা অত্যন্ত শ্ৰদ্ধাৰ দেওনা লৈ তীব্ৰ প্ৰতিবাদৰ পাছতো সুধাক বিয়াৰ বাবে মান্তি কৰোৱা হয়, আৰু এইখিনিতে চন্দৰৰ চৰিত্ৰটিয়ে সুধাৰ দেউতাকৰ প্ৰতি কৃতজ্ঞতা, সমাজ, ব্যক্তিৰ সমালোচনাৰ ভয় ইত্যাদি কাৰণক সুধাৰ প্ৰতি থকা মৰমৰ উৰ্ধত ৰখা দেখা পোৱা যায়। কিন্তু অতি সোনকালেই তেওঁ বিচ্ছেদৰ বেদনাত জৰ্জৰিত হৈ পৰে আৰু বিনতিৰ বুজনি তথা নিজৰ আদৰ্শবাদৰ বিপৰীতে গৈ পম্মীৰ শৰীৰকামী প্ৰেমৰ আশ্ৰয় লয়। আত্মগ্লানিয়ে চন্দৰৰ সমগ্ৰ সত্ত্বাকে ক্ৰমশ গ্ৰাস কৰি আনে আৰু সুধাৰ স্বৰ্গীয় প্ৰেমৰ পৰা আঁতৰি চন্দৰৰ ভাষাৰে তেওঁ  “দেৱতাৰ পৰা প্রেত” হৈ পৰে।

১৯৬০ৰ দশকত প্ৰকাশ পোৱা কিতাপখনৰ কাহিনীটোৰ সময় সাপেক্ষে যদিও চিত্ৰকল্প সলনি হৈছে, আমোদজনক কথাটো এইয়ে আৱেগ, অনুভূতিৰ, দোমোজাৰ দৰে উৎপাদকবোৰৰ লগত আজিৰ যুগৰ পঢ়ুৱৈৰ মনোভাৱ মিল খাই পৰে। ইয়ে বুজাই যে সময় সাপেক্ষে মানুহৰ পৰিস্থিতি সলনি হ’ব পাৰে, কিন্তু মানুহৰ অন্তঃসত্ত্বা, চিন্তা-ভাৱনা, অনুভৱৰ চানেকি কম বেছি পৰিমাণে একেই থাকে।

৩) কাৰেঙৰ লিগিৰী

জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত নাট “কাৰেঙৰ লিগিৰী” অসমীয়া সাহিত্য, তথা কলাজগতৰ এক অন্যতম অমূল্য উপাদান। উক্ত লেখকৰ অন্য এক জনপ্ৰিয় নাট “শোণিত কুঁৱৰী” যিদৰে এখন সপোন কোমল নাট, “কাৰেঙৰ লিগিৰী” হৈছে সামাজিক পৰম্পৰা আৰু ব্যক্তি চেতনাৰ মাজৰ বিৰোধ উদঙাই তোলা এক সমস্যামূলক নাট। ঐতিহাসিক পটভূমিত যদিও নাটকখন উপস্থাপন কৰা হৈছে, চৰিত্ৰ ৰূপায়ণৰ জৰিয়তে আগৰৱালাদেৱে আধুনিক জীৱনৰ সমস্যাৰ লক্ষণসমূহ ফুটাই তুলিছে। পৰম্পৰা আৰু জাগৰণৰ সন্ধিক্ষণত নাটকৰ নায়ক সুন্দৰ কোঁৱৰ ব্যক্তি-চেতনা আৰু ৰাজমাও দেউতা, অনংগ তথা কাঞ্চনকুঁৱৰীৰ দৰে চৰিত্ৰসমূহ হৈছে সামাজিক পৰম্পৰাৰ প্ৰতিনিধি। সমগ্ৰ নাটখন ভিন্ন দৃষ্টিকোণৰ বিপৰীত অভিব্যক্তিৰে সমৃদ্ধ।

সুন্দৰৰ চৰিত্ৰই কঢ়িয়াইছে এক বিপ্লৱী চেতনা, তেওঁ প্ৰতিষ্ঠা কৰিব খোজে যুক্তিবাদ আৰু সত্য আদৰ্শৰ ৰাজত্ব। পিছে, তেওঁৰ চৰিত্ৰটোৰ সৈতে জড়িত কৰা হৈছে এটা নাৰী-বিদ্বেষী মনোভাৱ, হয়তো পট পৰিৱৰ্তনৰ হেতু। অন্তৰংগ বন্ধু সুদৰ্শনৰ মুখৰ পৰা যেতিয়া তেওঁ শেৱালীৰ তেওঁৰ প্ৰতি থকা সম্ভাৱ্য প্ৰেমৰ উমান পাইছে তেওঁ “টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে” কৈছে:

“লিগিৰী এজনীৰ ইমান স্পৰ্ধা। কেনেকৈ? কেনেকৈ?”

আৰু এইখিনিৰ পৰাই তেওঁৰ অন্তৰত জাগৃত হৈছে সুস্থ প্ৰেমৰ চেতনা। যদিওবা তেখেতে ৰাজমাও দেউতা তথা সামাজিক পৰম্পৰাৰ প্ৰতিবাদ স্বৰূপে শেৱালীক “কাৰেঙৰ লিগিৰী গুচাই কাৰেঙৰ কুঁৱৰী” কৰাৰ সংকল্প হাতত লৈছে, তথাপি শেৱালীৰ মৃত্যুৰ আগমূৰ্হুত্বলৈকে বন্ধু অনংগৰ সৈতে নগা পাহাৰত হোৱা বাৰ্তালাপত তেওঁ ব্যক্ত কৰিছে যে “পদুম পাতৰ পানীৰ দৰে তিৰোতা মোৰ জীৱনলৈ আহিলে গ’লেও মোক তিয়াব নোৱাৰে”

কিন্তু সেই সুন্দৰেই, শেৱালীয়ে যেতিয়া তাইৰ “এনেয়ে ভাল পোৱাৰ” আহুতি নিজৰ জীৱনেৰে দিলে, প্ৰকৃত প্ৰেমৰ গভীৰতম অৰ্থৰ উপলব্ধি কৰি হাহাকাৰ কৰি উঠিল-

“…. শেৱালী, মোক বুজালি। জীৱনেৰে বুজালি, মৰণেৰে বুজালি। মোৰ জীৱন-যজ্ঞত তোৰ জীৱন আহুতি দিলি….. ত্যাগৰ মুকুটেৰে উজলি শেৱালী গোঁসানী মোৰ জীৱন সুদাকৈ, কাৰ আহ্বানত , সৃষ্টিৰ ইন্দ্ৰজাল ভেদি কোন ব্ৰহ্মাণ্ডলৈ উফৰি গ’লি!….”

আৰু এইখিনিতেই নাট্যকাৰে শেৱালীৰ ত্যাগে কৰা কোঁৱৰৰ অন্তৰৰ নাৰী-বিদ্বেষৰ ভাৱৰ ৰূপান্তৰৰ জাননী দিছে-

“বিশ্ব জগতৰ সকলো তিৰোতাৰ গালতে কি গৌৰৱৰ সেন্দুৰ সানি গ’লি!”

শেৱালী আৰু কাঞ্চন কুঁৱৰীৰ চাৰিত্ৰিক বৈচিত্ৰতাৰ জৰিয়তেও নাৰী অন্তৰৰ প্ৰেমৰ বিচিত্ৰতাৰ চানেকি উৎকৃষ্ট ৰূপত প্ৰকাশ পাইছে। অথচ ঊল্লেখযোগ্য যে দুয়ো নাৰীয়েই নিজৰ প্ৰেম বক্তব্য কৰাত কোনোধৰণৰ কুণ্ঠাবোধ প্ৰকাশ কৰা নাই। কাঞ্চন কুঁৱৰীৰ চৰিত্ৰটি যুক্তিবাদী সাহস আৰু সামাজিক নিয়ম তথা সংস্কাৰ পালনৰ এক বিস্ময়কৰ মিলনভূমি। অন্যহাতে শেৱালী, নামৰ দৰেই কোমল মনৰ, আলফুল ব্যক্তিত্বৰ অধিকাৰী। কিন্তু নিজৰ প্ৰেমৰ বিষয়ে দুয়োৱেই দৃঢ়। কাঞ্চন কুঁৱৰীয়ে বিবাহৰ পাছতো সুন্দৰ কোঁৱৰৰ আগত আপোচবিহীনভাৱে অনংগৰ প্ৰতি নিজ প্ৰেমৰ  কথা ব্যক্ত কৰাৰ সাহস দেখুৱাইছে, অথচ সুন্দৰ কোঁৱৰে যেতিয়া সমাজৰ নিয়ম বিৰোধ কৰি তেওঁক অনংগৰ সৈতে নৱজীৱন যাপনৰ এক সুবিধা প্ৰদান কৰিছে, সতীত্ব লঙ্ঘনৰ সলনি তেওঁ  মৃত্যুক সাৱটি লৈছে। কাঞ্চন কুঁৱৰীৰ এই অন্ত্বঃদ্বন্দই আধুনিক জীৱনৰো এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমল যোগাইছে- প্ৰেম আৰু সতীত্বৰ সম্পৰ্কটো প্ৰকৃততে কিমান সৰল ৰেখাংকৃত?

ঠিক সেইদৰেই শেৱালীৰ সমুখতো স্বয়ং সুন্দৰ কোঁৱৰে যেতিয়া প্ৰশ্ন দাঙি ধৰিছে,

“শেৱালী, তই মোক ভাল পাৱনে?”

শেৱালীয়ে “স্বাভাৱিকভাৱে” উত্তৰ দিছে “পাওঁ কোঁৱৰ” আৰু কিয়ৰ উত্তৰত কৈছে “এনেয়ে ভালপাওঁ”

এৰা, শেৱালীৰ ভালপোৱা বাসনাবিহীন, শুভ্ৰ। সুন্দৰ কোঁৱৰ শেৱালীৰ ভাষাৰে ” নীলা আকাশৰ পূৰ্ণিমাৰ জোন” আৰু সুদৰ্শনৰ ব্যাখ্যাৰে “জোনটোক যেনেকৈ মানুহে ভাল পায়, কিন্তু তাক পাবলৈ আকাংক্ষা নকৰে, পোৱা অসম্ভৱ বুলি জানে, কিন্তু তাৰ শীতল কিৰণত ফুৰি আনন্দ পায়, সেইদৰে তায়ো তোমাক পাবলৈ কেতিয়াও আকাংক্ষা নকৰে কিন্তু তোমাৰ মৰমৰ উমনি সপোন দেখি বলিয়া হৈ থাকে”। পিছে শেৱালীৰ কোমলমতীয়া চৰিত্ৰই পৰম পৰিপক্কতাৰ নিদৰ্শন দাঙি ধৰিছে কোঁৱৰৰ কঠোৰ জেদে চেদেলি-ভেদেলি কৰিব পৰা ৰাজপাট তথা কোঁৱৰৰো ভৱিষ্যতৰ হিতাৰ্থে আপোন প্ৰাণৰ ত্যাগ কৰি। শেৱালীৰ প্ৰেম নীৰৱ যন্ত্ৰণা তথা ত্যাগৰ নিদৰ্শন।

অনংগৰামৰ প্ৰেমত ভাৱপ্ৰৱণতা আৰু সামাজিক বান্ধোন লঙ্ঘন তথা নিজ বন্ধুক নিজৰ ভালপোৱাৰ প্ৰকাশ কৰিব নোৱাৰাৰ দৰে কিছু পৰিমাণৰ কাপুৰুষালি প্ৰকাশ পাইছে। কাঞ্চন কুঁৱৰীয়ে সেইয়া আঙুলিয়াই দিওতে তেওঁ অভিযোগৰ আশ্ৰয় লৈছে “সোণৰ চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত চমক লাগে”। ঠিক এনে অন্য এটি “অবৈধ প্ৰেমৰ” অভিযোগ অনংগই সুন্দৰ কোঁৱৰৰ প্ৰতিও নিক্ষেপ কৰা দেখা গৈছে, যেতিয়া তেওঁ সমাজৰ নিয়ম নেওচি সুন্দৰ কোঁৱৰৰ আদেশ মতে কাঞ্চন কুঁৱৰীক আপোন কৰি লোৱাৰ দৰে কাৰ্য এটি কৰাৰ সাহস গোটাব পৰা নাই।

নগা পাহাৰৰ এটি সৰু নগা ল’ৰাৰ দৃশ্যাংশতো প্ৰেমৰ অন্য এক ৰূপৰ সন্ধান পোৱা গৈছে। প্ৰেম হেৰুৱাই সৰ্বপি মাথোঁ সেই প্ৰেমৰ সন্ধানত মগ্ন হৃদয়ৰ তাড়না ক্ৰমাৎ কিদৰে মানসিক বিভ্ৰান্তিলৈ পৰিণত হৈ পৰে, নগা ল’ৰাই ফুল, পাহাৰ, জুৰি সকলোতে চাৰাপেন নামৰ সহচৰীগৰাকীক বিচাৰি ফুৰা দৃশ্যত ফুটি উঠিছে।

মূলতঃ নাটখনৰ বিষয়-বস্তু উপস্থাপনৰ ক্ষেত্ৰত নাট্যকাৰে বিচক্ষণতাৰে কেইবাটাও ধ্যান-ধাৰণাৰ সংমিশ্ৰণ কৰিছে। সকলোবোৰ গুণৰ সমাহাৰে “কাৰেঙৰ লিগিৰী” হৈ পৰিছে সাহিত্য তথা কলাৰসেৰে ভৰপূৰ অসমীয়া নাট্য-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ।

তিনিকালৰ, তিনি জগতৰ, তিনি লেখকৰ কলমত আপোন শৈলীৰে প্ৰস্তুত তিনিটি লেখাৰ মাজত সুস্পষ্টৰূপে নিহৰিত হৈ আছে মানৱ হৃদয়ৰ বিচিত্ৰতা,  সমাজ আৰু ব্যক্তি চেতনাৰ চিৰকালীন সংঘাত। সচৰাচৰ মানুহে বিভিন্ন তৰপেৰে ঢাকি-ঢুকি লুকুৱাই ৰাখিব বিচৰা মানৱ চৰিত্ৰৰ ভঙ্গুৰ উপাদানসমূহ খুব নিখুঁতৰূপে প্ৰস্তুত কৰি তোলাটোৱেই হৈছে লেখকৰ সৃষ্টিশীলতাৰ পৰিচয়, আৰু সৃষ্টিশীলতাৰ উৎকৃষ্টতম্ সাধনাৰ ফলতেই ফ্যোডৰ ডষ্টয়েভস্কি, ধৰ্মবীৰ ভাৰতী তথা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁলোকৰ সৃষ্টি হৈ পৰিছে কালজয়ী।

Leave a Reply

Your email address will not be published. Required fields are marked *