“এণ্ড টোৱাৰ্ডছ হেপী এলিজ” ইৰাণী চিনেমা প্ৰেমীৰ বাবে উৎকৃষ্ট উপহাৰ ।। প্ৰিয়ম হাজৰিকা
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
শ্ৰীময়ী সিং পৰিচালিত “এণ্ড টোৱাৰ্ডছ হেপী এলিজ” তথ্যচিত্ৰখনক ইৰাণী চিনেমা আৰু কবিতাৰ প্ৰতি থকা গভীৰ প্ৰেমৰ এক আবেগিক প্ৰকাশ বুলিব পাৰি, যিয়ে চিনেমা আৰু কবিতাৰ উপৰিও ইৰাণৰ কঠোৰ শাসন ব্যৱস্থাৰ অস্বস্তিকৰ পৰিস্থিতি আৰু ইৰাণী মহিলাসকলৰ দৈনন্দিন আপোচবিহীন সংগ্ৰামৰ বিষয়েও অকপট দৃষ্টিভংগী আগবঢ়াইছে।
কিছুমান চিনেমাই সমাজৰ সকলোধৰণৰ সীমাবদ্ধতা নেওচি নিজৰ লক্ষ্যৰ দিশে আগ বাঢ়ে। ভাৰতীয় পৰিচালক শ্ৰীময়ী সিঙৰ প্ৰথমখন তথ্যচিত্ৰ এণ্ড টোৱাৰ্ডছ হেপী এলিজেও প্ৰতিৰোধৰ সীমা অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হৈছে। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ চলচ্চিত্ৰ অধ্যয়ন বিষয়ত গৱেষণাৰত ছাত্ৰী সিঙক বিশ্ববিদ্যালয়ত থকা সময়ছোৱাত ইৰাণী কবি ফ’ৰ’ ফাৰোখজাদৰ কবিতা আৰু জাফাৰ পানাহি, ম’হচেন মাখমলবাফ, আব্বাছ কিয়াৰোস্তামিৰ চিনেমাই খুব আকৃষ্ট কৰিছিল। ইৰাণী চিনেমা আৰু কবিতাৰ প্ৰতি থকা তেওঁৰ এই প্ৰেমৰ বলতে তেওঁ পাৰ্চী ভাষা ভালকৈ বুজিব আৰু ক’ব পৰাও হৈছিল। এই ধাউতিৰ ফলতে তেওঁ সকলো বাধা-বিঘিনি নেওচি গৱেষণাৰ কামত সাত বছৰৰ বাবে ইৰাণলৈ ঢাপলি মেলে। তেওঁ উল্লেখ কৰা মতে “এণ্ড টুৱাৰ্ডছ হেপি এলেইজ” শিৰোনামটো ফাৰোখজাদৰ কবিতাৰ পৰা লোৱা হৈছে। তথ্যচিত্ৰখনে তেওঁৰ গোটেই ইৰাণ যাত্ৰাটোক সামৰি লৈছে, য’ত তেওঁ বহুতো ইৰাণী চলচিত্ৰ নিৰ্মাতা আৰু তেওঁলোকৰ সহযোগীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ লগতে ইৰাণী শাসন ব্যৱস্থাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰতিবাদী সত্তাকো নথিভুক্ত কৰিছে।

হিজাব পিন্ধা মহিলাসকলৰ পৰা আৰম্ভ কৰি ফাৰোখজাদৰ নাৰীবাদী কবিতা পাঠ কৰালৈকে ইৰাণ আৰু ইয়াৰ সংস্কৃতিৰ ওপৰত তেওঁৰ মুক্ত প্ৰবাহিত পৰ্যবেক্ষণ তেওঁৰ তথ্যচিত্ৰখনিত চিত্ৰিত হৈছে। শ্ৰীময়ী সিঙৰ তেওঁৰ গোটেই যাত্ৰাটোত তেওঁৰ কেমেৰাটো হৈ পৰিছে এজন অন্যতম প্ৰত্যক্ষদৰ্শী যিয়ে ইৰাণত অতিবাহিত সকলো স্মৰণীয় মুহূৰ্তক বন্দী কৰি আমাৰ দৰে দৰ্শকক ইৰাণৰ মাটি-পানীৰ লগত চিনাকি কৰাইছে। চিনেমাখন চাই থাকোঁতে দৰ্শক হিচাপে আমিও তাত উপস্থিত হৈ শ্ৰীময়ী সিঙক অনুসৰণ কৰা যেন বোধ হয় যেতিয়া তেওঁ জাফাৰ পানাহি আৰু তেওঁৰ “দ্য হোৱাইট বেলুন” চিনেমাৰ নায়িকাগৰাকীৰ সৈতে একেলগে গাড়ীত বহি মহম্মদ নৌৰৰ বিখ্যাত পাৰ্চী গীত “জানে মৰিয়ম” গীতটি গুণগুণায়।

এনেদৰেই কিয়াৰোস্তামিৰ চিনেমাৰ দৃশ্যবিলাকৰ দৰে তেওঁলোকেও চলন্ত গাড়ীৰ ভিতৰত তেওঁলোকৰ কথাপকথন অব্যাহত ৰাখে। পানাহিয়ে তেওঁৰ শিশু নেতৃত্বাধীন দুখন ছবি দ্য হোৱাইট বেলুন (১৯৯৫) আৰু দ্য মিৰ’ৰ (১৯৯৭) পৰা ইৰাণৰ মহিলা অধিকাৰৰ ভিত্তিত নিৰ্মাণ কৰা সামাজিকভাৱে অধিক সক্ৰিয় ছবি দ্য চাৰ্কল (২০০০) লৈকে তেওঁ চলচ্চিত্ৰ নিৰ্মাণত হোৱা পৰিৱৰ্তনখিনিৰ কথা ব্যক্ত কৰে। তেওঁ এই কথাও উল্লেখ কৰে যে যেতিয়া ইৰাণ চৰকাৰে তেওঁৰ সামাজিকভাৱে অধিক সক্ৰিয় ছবিসমূহত বাধা আৰোপ কৰি তেওঁক ছবি নিৰ্মাণৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ দিছিল সেই সময়ছোৱাত তেওঁ এবাৰ আত্মহত্যাৰ চেষ্টাও কৰিছিল। কেমেৰালৈ মুখখন ঘূৰাই তেওঁ কয়, “মোৰ ভাৱ হৈছিল মোৰ কাম (চিত্ৰ নিৰ্মাণ)ৰ অবিহনে মোৰ জীৱনৰ অৰ্থ কি।”

তথ্যচিত্ৰখনত চলচ্চিত্ৰ নিৰ্মাতা মহম্মদ শিৰবানীকো এটি দৃশ্যত দেখিবলৈ পোৱা যায়। তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰত শিৰবানীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ দৃষ্টিভংগী ব্যক্ত কৰে। কিয়াৰোষ্টামিৰ এণ্ড লাইফ গ’জ অন (১৯৯২) আৰু থ্ৰু দ্য অলিভ ট্ৰিছ (১৯৯৪) ছবিৰ বাবে পৰিচিত অভিনেতা ফাৰহাদ খেৰাদমাণ্ডেও কিয়াৰোষ্টামিৰ সৈতে কাম কৰাৰ অভিজ্ঞতা উল্লেখ কৰি সেই দিনবিলাকৰ স্মৃতি ৰোমন্থন কৰে। পানাহিৰ “দ্য হোৱাইট বেলুন (১৯৯৫)”ৰ শিশু অভিনেত্ৰী আইদা মহম্মদখানীয়ে শ্ৰীময়ী সিঙক সাক্ষাৎ কৰি শিশু অভিনেতা হিচাপে তেওঁৰ অভিজ্ঞতা প্ৰকাশ কৰে। ইৰাণী চিনেমা প্ৰেমীসকলৰ বাবে আৱেগভৰা এই আকৰ্ষণীয় সাক্ষাৎকাৰবোৰ কোনো এক উপন্যাসৰ অধ্যায়বোৰৰ দৰে এটি এটিকৈ তথ্যচিত্ৰখনিত সন্নিৱিষ্ট হৈ যায়। চিনেমাখনৰ এটা দৃশ্যত আমি পৰিচালকগৰাকীয়ে কিয়াৰোষ্টামিক সাক্ষাৎ কৰিবলৈ তেওঁৰ ঘৰলৈ যোৱা দেখিবলৈ পাওঁ, কিন্তু কিবা কাৰণত তেওঁ কিয়াৰোষ্টামিক সাক্ষাৎ কৰিবলৈ অপাৰগ হয়। ইয়াৰ ঠিক এক সপ্তাহৰ পিছতেই ২০১৭ চনৰ ৪ জুলাইত কিয়াৰোষ্টামিৰ মৃত্যু হয়। কিয়াৰোষ্টামিৰ অনুৰাগীৰ বাবে এই দৃশ্যটো খুবেই দুখজনক কিয়নো আন দৰ্শকৰ দৰে মইও তথ্যচিত্ৰখনিত চিনেমা নিৰ্মাতা আৰু অভিনেতাসকলৰ লগত হোৱা এটাৰ পিছত এটা সাক্ষাৎকাৰ দেখি পৰৱৰ্তী সময়ছোৱাত কিয়াৰোষ্টামিৰ সাক্ষাৎকাৰলৈ উৎকণ্ঠাৰে বাট চাই আছিলোঁ। কিয়াৰোষ্টামিৰ বাসগৃহত উপস্থিত হোৱা সত্ত্বেও তেওঁক লগ কৰিবলৈ অপাৰগ হোৱা কথাটোৱে পৰিচালকগৰাকীৰ লগতে আমাৰ দৰে দৰ্শককো আবেগিক কৰি তুলিলে।

এণ্ড টোৱাৰ্ডছ হেপী এলিজেও আন বহুতো ইৰাণী চিনেমাৰ দৰে দৰ্শকক চিনেমাত প্ৰতিফলিত হোৱা পৃথিৱীখন আৰু ইয়াৰ মানুহবোৰৰ লগত এক আত্মীয়তাৰ বান্ধোনেৰে বান্ধি ৰখাত সক্ষম হৈছে। কিন্তু যেতিয়াই শ্ৰীময়ী সিঙৰ কেমেৰাটো ইৰাণৰ অত্যাচাৰী শাসন ব্যৱস্থা আৰু ইয়াৰ অমানৱীয় কাৰ্যকলাপৰ সাক্ষী হৈ পৰে তেতিয়াই ছবিখন এক প্ৰতিবাদী কণ্ঠলৈ ৰূপান্তৰিত হৈ পৰে। ইৰাণৰ অপ্ৰীতিকৰ সামাজিক বাতাবৰণৰ প্রতিচ্ছবি চিনেমাখনত তেতিয়া প্ৰকাশ পাবলৈ ধৰে যেতিয়া ৰাজপথত পৰিচালকৰ কাষেৰে পাৰ হৈ যোৱা এটা শিশুৱে তেওঁক তেওঁৰ হিজাববিহীন পোছাকযোৰৰ ওপৰত প্ৰশ্ন কৰে? এয়া মাথোঁ এক উদাহৰণহে, এনেকৈ প্রতিদিনে সাধাৰণ জনগণ, বিশেষকৈ মহিলাসকল যে তিলতিলকৈ শোষিত হৈ আহিছে, এই কথা তথ্যচিত্ৰখনৰ যোগেদি অনুধাৱন কৰিব পাৰি। হিজাব পৰিধান বিৰোধিতা কৰা মহিলাসকলৰ সংগ্ৰামৰ আঁতধৰা নাছৰিন সতৌদেহৰ কিছু বক্তব্যও তথ্যচিত্ৰখনিত সন্নিৱিষ্ট হৈছে। শ্ৰীময়ী সিঙৰ সাক্ষাৎকাৰৰ পিছতেই সতৌদেহক পুনৰ ৩৮ বছৰৰ বাবে কাৰাৰুদ্ধ কৰা হয়। এই তথ্যচিত্ৰখন নিৰ্মাণত অৰ্জন কৰা বৈচিত্ৰ্যময় অভিজ্ঞতা আৰু তেওঁৰ সংঘৰ্ষৰ সজীৱতাক আত্মসাৎ কৰি সিঙৰ কেমেৰাই চলচিত্ৰ আৰু কাব্য সংস্কৃতিৰ শান্ত পৰিস্থিতিসমূহৰ মাজতো এক জ্বলন্ত বিদ্ৰোহ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ উদীয়মান পৰিচালক আদিত্য কৃপালিনীয়ে শ্ৰীময়ী সিঙক বিখ্যাত চলচিত্ৰ নিৰ্মাতা এগ্নেছ বাৰ্দাৰ লগত তুলনা কৰি কয়, “বাৰ্দাৰ দৰেই মুক্ত আৰু গীতিময়।” ইৰাণী চিনেমাৰ প্ৰতি থকা অপৰিসীম প্ৰেমৰ নিদৰ্শন হিচাপে বিকশিত হৈ পৰৱৰ্তী সময়ত শোষণৰ প্ৰতিবাদী স্বৰলৈ পৰিণত হোৱা এই তথ্যচিত্ৰখনে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰদ্বাৰা পোনপ্ৰথমে মুক্তি লাভ কৰে। বৰ্তমানলৈকে ভিন ভিন দেশৰ অনেক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা তথ্যচিত্ৰখনে ভাৰতৰ লগতে বিভিন্ন দেশৰ অনেক দৰ্শকৰ, বিশেষকৈ ইৰাণী চিনেমাৰ প্ৰতি আকৃষ্ট লোকৰ মন আলোকিত কৰিবলৈ সক্ষম হৈছে।

