ক্ৰীড়াংগননিবন্ধবিবিধ চিন্তা

বিশ্বকাপ বিশেষ : শৈলীৰ পৰিৱৰ্তন ।। দিগন্ত চহৰীয়া

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

সময়ৰ লগে লগে প্রতিটো ক্ষেত্ৰতে পৰিৱৰ্তনৰ চাপ পৰে। সেয়া ভালেই হওক বা বেয়াই হওক পৰিৱৰ্তন হ’বই। আধুনিক ক্রীড়াও ইয়াৰ ব্যতিক্রম নহয়। ফুটবল, ক্রিকেট, টেনিছ সকলোতে এতিয়া নতুনত্ব বিদ্যমান। আগৰ ফুটবল আৰু আধুনিক ফুটবলৰ মাজত বিস্তৰ পাৰ্থক্য। ফুটবলত গ’লেই মূলধন। গ’ল দিয়াটোৱে প্ৰতিটো দলৰ প্ৰধান লক্ষ্য। এয়াই চিৰন্তন সত্য।

কিন্তু ফুটবল খেলৰ শৈলীলৈ যথেষ্ট পৰিৱৰ্তন আহিছে। আধুনিক ফুটবল তীব্ৰ গতিসম্পন্ন। আক্ৰমণৰ বৈশিষ্ট্য একে ৰাখিও বহুকেইখন দেশে টেকনিক সলনি কৰিবলগীয়া হৈছে। ২০১০ চনৰ ফিফা বিশ্বকাপৰ পাছত বিশ্বজুৰি এটা শব্দই ব্যাপক চর্চা লাভ কৰিছিল। ‘টিকিটাকা’-এই যাদুকৰী শব্দটোৱে সুন্দৰ ফুটবলৰ উপাসক ব্রাজিললৈ ভাবুকি কঢ়িয়াই আনে। ‘টিকিটাকা’ এটা স্পেনিছ শৈলী। বার্চিলোনাত পৰিশীলিত ৰূপ লোৱা টিকিটাকা হৈছে চুটি চুটি পাছৰ শৈলী। ‘টিকিটাকা’ ষ্টাইলেৰে স্পেইনে একেলেথাৰিয়ে তিনিটাকৈ বৃহৎ খিতাপ (২০০৮ চনৰ ইউৰো, ২০১০ চনৰ বিশ্বকাপ, ২০১২ চনৰ ইউৰো কাপ) হস্তগত কৰিছিল। অৱশ্যে এতিয়া টিকিটাকাও দুর্ভেদ্য হৈ থকা নাই।

এটা প্রবাদ আছে, ব্রাজিলে হৃদয়েৰে ফুটবল খেলে। ব্রাজিলিয়ান ফুটবলত সৌন্দর্য বিচাৰি পোৱা যায়। ধুনীয়া ফুটবলৰ বাবে বিশ্বখ্যাত ব্রাজিল পাঁচবাৰৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন। পিছে শেহতীয়াকৈ ব্রাজিলৰ ধুনীয়া ফুটবলৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। ‘টিকিটাকা’ৰ অভ্যুত্থানে ব্রাজিলৰ ধুনীয়া ফুটবললৈ ভাবুকি কঢ়িয়াই অনাৰ পাছতে ব্রাজিলিয়ান শৈলীলৈ যথেষ্ট পৰিৱৰ্তন আহিছে। ধুনীয়া ফুটবলক বিসর্জন দি গতিশীলতাক আঁকোৱালি ল’বলৈ বাধ্য হৈছে।

বিশ্বখ্যাত প্রশিক্ষক আৰ্ছেন ৱেংগাৰে ইউৰোপৰ পাঁচখন শীর্ষ ফুটবল লীগৰ খেলৰ শৈলী সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছিল। তেওঁৰ মতে স্পেনিছ ফুটবলৰ প্রধান বৈশিষ্ট্য টেকনিক। স্পেইনৰ লা লীগাৰ প্রতিটো ক্লাবেই টেকনিকেলৰ কোৱালিটিত গুৰুত্ব আৰোপ কৰে। চুটি চুটি পাছ খেলৰ অন্যতম বৈশিষ্ট্য, যাক ‘টিকিটাকা’ বুলি কৈ অহা হৈছে।

গতি, দক্ষতা আৰু টিম স্পিৰিটৰ অপূৰ্ব সমাহাৰে জার্মানীৰ ফুটবলক স্বকীয় বৈশিষ্ট্য প্রদান কৰিছে। জার্মান খেলুৱৈসকল কঠোৰ পৰিশ্ৰমী, দলৰ প্ৰতি দায়বদ্ধতা অসীম। জার্মানীৰ বুন্দেছ লীগাত বিগত ডেৰ দশক ধৰি বেয়ার্ন মিউনিকে আধিপত্য অব্যাহত ৰাখিলেও বাকী ক্লাববোৰৰ প্ৰদৰ্শনেও নতুন খেলুৱৈক উদ্বুদ্ধ কৰি ৰাখিছে। যোৱা তিনিটা দশকত জার্মান ফুটবলৰ উত্তৰণ সাংঘাতিক। ২০০২ চনৰ বিশ্বকাপত ৰানাৰ্ছ আপ, ২০০৬ চনৰ বিশ্বকাপ আৰু ২০১০ চনৰ বিশ্বকাপত তৃতীয় স্থান দখল কৰা জার্মানী ২০১৪ চনত ব্রাজিলত অনুষ্ঠিত বিশ্বকাপত চেম্পিয়ন হৈছিল।

আৰ্ছেন বেংগাৰৰ মতে ইটালীৰ ফুটবল বুদ্ধিমত্তাৰ ওপৰত প্রতিষ্ঠিত। বুদ্ধিমত্তা, দুর্ভেদ্য ৰক্ষণ আৰু সুযোগৰ সদ্ব্যৱহাৰ কৰিব পৰাটো ইটালীৰ ফুটবলৰ বৈশিষ্ট্য। কিন্তু ইটালীৰ দুর্ভেদ্য ৰক্ষণ বেহুতো এতিয়া ফাট মেলিছে। বিপক্ষৰ সূচতুৰ আক্রমণে ইটালীৰ ৰক্ষণ বেহুতো ছিদ্র উলিয়াইছে। সেয়ে সময়ৰ লগে লগে ইটালীৰ খেলৰ শৈলীও পৰিৱৰ্তন হ’বলৈ ধৰিছে। বিশ্ব ফুটবলত সংগ্ৰাম কৰিবলগীয়া হোৱা ইটালী এইবাৰো বিশ্বকাপৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে।

 ১৯৯৮ চনৰ বিশ্বকাপ জয় কৰা ফ্রান্সে পৰৱৰ্তী সময়ত স্বকীয় পৰিচয় বিচাৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল যদিও এয়া সাময়িক হিচাপে বিবেচিত হয়। জিনেদাইন জিদানৰ পাছত কিলিয়ান এমবাপেৰ দৰে মহাতাৰকাৰ সৃষ্টি হৈছে ফৰাচী ফুটবলত। এমবাপেৰ সৌজন্যতে ফৰাচী বাহিনীয়ে ২০১৮ চনত ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত চেম্পিয়ন হৈছে। অৱশ্যে মিছেল প্লেটিনি, জিনেডাইন জিডানৰ সেই ফ্রান্স আৰু এতিয়াৰ এমবাপে, জিৰোড, গ্ৰীজমেনৰ  ফ্ৰান্সৰ মাজত পাৰ্থক্য পৰিলক্ষিত হৈছে। পৰম্পৰাগতভাৱে ফৰাছী ফুটবল টেকনিকসর্বস্ব যদিও খেলুৱৈসকল শাৰীৰিকভাবে শক্তিশালী নাছিল। জিনেডাইন জিডান, এমানুবেল পেটিট, পেট্রিক ভিয়েৰা, ৰবাৰ্ট পাইৰেছ, থিয়েৰি হেনৰিৰ দৰে খেলুৱৈৰ আবিৰ্ভাৱে দুর্বলতা নোহোৱা কৰিছিল। বর্তমান ফৰাছী ফুটবলত শাৰীৰিক শক্তিক অধিক গুৰুত্ব আৰোপ কৰা হয়। এই মত আৰ্ছেন ৱেংগাৰৰ।

ইংলিছ ফুটবল তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ বুলি আৰ্ছেন ৱেংগাৰে মত প্রকাশ কৰিছে।

ইউৰোপ, লেটিন আমেৰিকা, আফ্রিকা-সকলোতে খেলৰ শৈলীৰ নিজস্ব বৈশিষ্ট্য থাকিবই। কিন্তু আধুনিক ফুটবল ইমানেই গতিসম্পন্ন হয় যে প্রতিনিয়ত খেলৰ শৈলী সলনি কৰিবলৈ বাধ্য। খেলৰ পজিশান সঘনে সলনি হোৱাটো আধুনিক ফুটবলৰ অন্যতম বৈশিষ্ট্য। পর্তুগালৰ তাৰকা ফুটবলাৰ  ক্ৰিষ্টিয়ানো ৰোনাল্ডোক কি বুলি ক’ব? গেম মেকাৰ, উইংগাৰ নে ষ্ট্ৰাইকাৰ? আপোনাৰ খেলিমেলি লাগি যাব পাৰে। ফুটবলাৰ এজনৰ বাবে জ্যামিতিক সূক্ষ্মতা একান্ত প্রয়োজনীয়। খেলুৱৈ এজনে তীব্র গতিৰে বল আগুৱাই লৈ যোৱাৰ সময়ত কোনটো পজিশ্যনত থকা সতীর্থক পাছ দিব ভাবিবলৈ ছেকেণ্ডৰো কম সময়ৰ প্রয়োজন। ভগ্নাংশৰো কম সময়ত চিন্তা কৰি সতীৰ্থক পাছ দিয়াটো কম কথা নহয়। তাৰ বাবে খেলুৱৈজনৰ বুদ্ধিমত্তাৰ প্ৰয়োজন। সেয়ে স্পেইনত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ফুটবলত পাছ দিয়াৰ বিষয়ে অধ্যয়ন কৰা হৈছিল। কাটাৰ কম্পিউটিং ৰিছার্চ ইনষ্টিটিউটৰ গবেষক লাজলো গাৰমাটিয়ে (Laszlo Gyarmati) ২০১২-১৩ চনৰ ইংলেণ্ড, স্পেইন, জার্মানী, ফ্রান্স আৰু ইটালীৰ ফুটবল লীগৰ পাছৰ পৰিসংখ্যা অধ্যয়ন কৰিছিল। 1-3-4-3 পজিশ্যনত কোনে কেনেদৰে পাছ দিয়ে, সেই সন্দৰ্ভত ইউৰোপৰ পাঁচখন শীর্ষ লিগৰ তথ্য সংগ্ৰহ কৰা হৈছিল। বার্চিলোনাৰ বাদে প্রতিটো ক্লাবৰে পাছ তথ্যবোৰ সংগ্ৰহ কৰা হৈছিল। অধ্যয়নত সকলো দলৰে গ’ল দিয়াৰ পদ্ধতি প্রায় একে বুলি প্ৰমাণিত হয়।

ফুটবলত পৰিৱৰ্তনৰ বতাহ বলিলেও ব্ৰাজিলিয়ান জগ’ বনিটোৱে আজিও সন্মোহিত কৰি ৰাখিছে ক্ৰীড়াপ্ৰেমীক। পেলেৰ মনোমোহা বাইচাইকেল কিক, ৰ’ণাল্ডো লুই লাজাৰিঅ’ ডি লিমাৰ শিল্পীসুলভ ফুটবল, ৰণাল্ডিনহোৰ ইলাষ্টিকো আৰু ধেনুভেৰীয়া গ’ল টিভিত চালে আজিও ক্ৰীড়াপ্ৰেমীৰ মন জুৰায়। ২০০২ বিশ্বকাপত শেষবাৰৰ বাবে চেম্পিয়ন হোৱাৰ পাছত ব্ৰাজিলিয়ান চাম্বা সম্প্ৰতি দেখিবলৈ পোৱা হোৱা নাই। এইবাৰ নেইমাৰৰ ব্ৰাজিলে জগ’ বনিটোক নতুন ৰূপ দিব বুলি অনুৰাগীয়ে নিশ্চয় আশা কৰিব পাৰে।

বিশ্ব ফুটবলপ্ৰেমীৰ দৃষ্টিত ব্ৰাজিল চিৰন্তন ফেভাৰিট।‌ তাৰ পাছতে মাৰাডোনা আৰু মেছীৰ দেশ আৰ্জেণ্টিনা।

Leave a Reply

Your email address will not be published. Required fields are marked *