নিবন্ধবিবিধ চিন্তা

চন্দ্ৰবিন্দু : প্ৰয়োগ আৰু নিষেধ।। দিলীপ কুমাৰ ৰয়

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

অসমীয়া ভাষাত চন্দ্রবিন্দু বিশিষ্ট ধ্বনিগুণ অৰ্থাৎ বৰ্ণ। চন্দ্ৰবিন্দু এটা লাগতিয়াল পূৰ্ণাংগ বৰ্ণ আৰু অসমীয়া বৰ্ণমালাৰ শেষৰ বৰ্ণ।
চন্দ্ৰবিন্দুৰে শব্দ আৰম্ভ নহয়। ই আন আখৰৰ ওপৰত বহে আৰু এটা অনুনাসিক উচ্চাৰণ দিয়ে। চন্দ্ৰবিন্দু আখৰৰ ওপৰতহে দিব লাগে,স্বৰ চিহ্নৰ ওপৰত নহয়।
ভাষাবৈজ্ঞানিক দৃষ্টিৰে চন্দ্ৰবিন্দু এটা উপহিত বৰ্ণ।  ইয়াৰ নিজা অৱস্থান নাই, স্বৰধ্বনিৰ দ্বাৰাহে ই উচ্চাৰিত হয় আৰু স্বৰ আখৰৰ ওপৰত অৱস্থান কৰে। অৰ্থাৎ চন্দ্রবিন্দু গাইগুটীয়াকৈ উচ্চাৰিত নহয়। স্বৰধ্বনিৰ সৈতেহে ইয়াৰ উচ্চাৰণ হয়। স্বৰধ্বনিৰ লগত উচ্চাৰিত হয় বাবে ইয়াক উপাহিত ধ্বনিও বোলে। স্বৰধ্বনি হ’ল অৰ্ধ নাসিক্য বা Semi Nasal। চন্দ্ৰবিন্দুৰ আন নাম হ’ল অনুনাসিকতা। আধা মুখেৰে আৰু আধা নাকেৰে শ্বাস নিৰ্গত হোৱা ধ্বনিকে অনুনাসিক ধ্বনি বুলি কোৱা হয়, অৰ্থাৎ চন্দ্ৰবিন্দু। ইয়াৰ উচ্চাৰণ নাকী সুৰেৰে কৰা হয়। অসমীয়া ভাষাত ঙ ঞ ণ ন ম—এই পাঁচোটা ব্যঞ্জন ধ্বনি উচ্চাৰণ কৰোঁতে নাকেৰে বতাহ নিৰ্গত হয় বাবে ইহঁতকো নাসিক্য ধ্বনি (Nasal Sound) বুলি কোৱা হয়।
চন্দ্ৰবিন্দু স্বৰবৰ্ণযুক্ত শব্দৰ লগত যুক্ত হ’লে মুখ্য ৰূপত থকা স্বৰ বৰ্ণটোৰ ওপৰত বহে। যেনে – অঁকৰা ,আঁঠু, আঁউসী,ওঁঠ , অঁহীয়া ইত্যাদি।
কিন্তু স্বৰবৰ্ণটো গৌণ ৰূপত থাকিলে স্বৰ বৰ্ণ সংযুক্ত ব্যঞ্জন বৰ্ণটোৰ ওপৰত বহে।
যেনে—সঁচা , কাঁইট , তিয়ঁহ , দাঁত ইত্যাদি।

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ
অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা-নকৰাক লৈ শব্দৰ অৰ্থৰ লৰচৰ হয়। যেনে—গড় /গঁড়, তেও / তেওঁ, বাও / বাঁও, তাত / তাঁত, আহ/আঁহ, কথা/কঁথা,খুচি/খুঁচি,খাটি/খাঁটি,জোৰ/জোঁৰ,জাত/জাঁত ইত্যাদি। ইয়াৰ প্ৰথমটোৰ অৰ্থ আৰু দ্বিতীয়টোৰ অৰ্থৰ তফাৎ আছে। সেয়েহে চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়ে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তলত চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়ে কিছু কথা  আলোচনা কৰা হ’ল।
১) মূল সংস্কৃত শব্দত থকা নাসিক্য বৰ্ণ ঙ, ঞ, ণ, ন, ম আৰু অনুস্বৰ লুপ্ত হৈ যিবোৰ তদ্ভৱ শব্দৰ সৃষ্টি হৈছে তাৰ লুপ্ত বৰ্ণটোৰ আগৰ বৰ্ণটোত চন্দ্ৰবিন্দু দিব লাগে। এনেবোৰ শব্দত নাসিক্য বৰ্ণ লুপ্ত হয় আৰু তাৰ অভাৱ পূৰণৰ বাবে চন্দ্ৰবিন্দু বহে। যেনে, অঞ্চল—আঁচল, অংক—আঁক , কম্পন—কঁপনি, দন্ত—দাঁত, কণ্টক—কাঁইট, হংস—হাঁহ, জাম্প—জাঁপ, গ্ৰাম—গাঁও, গণ্ডাৰ—গঁড়, বাম—বাঁও, বংশ—বাঁহ, পঞ্চ—পাঁচ, সিমন্ত—সেওঁতা, অন্ত—আঁত, কাংস—কাঁহ, পুঞ্জি—পুঁজি, ইত্যাদি।
২) মূল সংস্কৃত শব্দত নাসিক্য ধ্বনি নাথাকিলেও অসমীয়ালৈ অহা পৰিৱৰ্তিত ৰূপটোত স্বতঃ অনুনাসিকীকৰণ প্ৰক্ৰিয়াৰে চন্দ্ৰবিন্দু যুক্ত হোৱা দেখা যায়। যেনে— অশ্বত্থ—আঁহত (গছ), অষ্ঠৱৎ—আঁঠু, গৰ্ত—গাঁত, কুহেলিকা—কুঁৱলি, কূপ—কুঁৱা, পেচক—ফেঁচা, সত্য—সঁচা, যুদ্ধ—যুঁজ, ঘোটক—ঘোঁৰা, স্ৰোত—সোঁত, কৰ্কট—কেঁকোৰা, কৰ্পাস—কঁপাহ, জট—জঁট, কাচ—কাঁচ আদি৷
৩) কৰ্তা পদ উত্তম পুৰুষৰ (প্ৰথম পুৰুষৰ) ক্ৰিয়াৰূপত ও বিভক্তিযুক্ত হয়। সেয়ে তেনে ক্ষেত্ৰত বৰ্তমান কালৰ ধাতুৰ লগত চন্দ্ৰবিন্দু বহে। অৰ্থাৎ প্ৰথম পুৰুষৰ “মই / আমি” কৰ্তাযুক্ত ক্ৰিয়াবিলাকৰ নিত্য বৰ্তমান কালৰ প্ৰথমাৰ ক্ৰিয়াৰূপৰ শেষৰ বৰ্ণটোৰ ওপৰত  চন্দ্ৰবিন্দু ব্যৱহাৰ হয়।যেনে—
ক) (ওঁ) —কৰ্+ ওঁ= কৰোঁ , ধৰ্ + ওঁ= ধৰোঁ ,পঢ়্+ওঁ=পঢ়োঁ, লিখ্+ওঁ= লিখোঁ।
খ) (ইছোঁ) —কৰ্+ ইছোঁ= কৰিছোঁ ,পঢ়্ +ইছোঁ= পঢ়িছোঁ, খেল্ + ইছোঁ= খেলিছোঁ।
গ) (ইলোঁ) —কৰ্+ইলোঁ= কৰিলোঁ , নাচ্- ইলোঁ= নাচিলোঁ , লিখ্+ ইলোঁ= লিখিলোঁ।
৪) অপূৰ্ণ ভূত কাল আৰু স্বৰূপ ভূত কাল বুজোৱা প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ বিভক্তিটো —ওঁ৷ এই বিভক্তি চন্দ্ৰবিন্দু যুক্ত। যেনে— (ইছিলোঁ) —কৰ্+ইছিলোঁ= কৰিছিলোঁ, খা+ইছিলোঁ=খাইছিলোঁ, খেল+ইছিলোঁ= খেলিছিলোঁ।
৫) সম্ভাব্য ভূত কালৰ চিন ‘হেঁতেন’-ৰ ‘হ’-ৰ ওপৰত সদায় চন্দ্ৰবিন্দু বহুৱাব লাগে। যেনে—
কৰ্+ ইলোঁহেঁতেন= কৰিলোঁহেঁতেন
খেল্+ইলোঁহেঁতেন= খেলিলোঁহেঁতেন
পঢ়্ + ইলোঁহেঁতেন= পঢ়িলোঁহেঁতেন
খা +ইলোঁহেঁতেন = খালোঁহেঁতেন ইত্যাদি। মন কৰিবলগীয়া যে এইধৰণে সম্ভাব্য ভূত কালৰ ৰূপটোত দুটা চন্দ্ৰবিন্দু বহুওৱাৰ প্ৰয়োজন হয়, কিন্তু এই ক্ষেত্ৰত বহুতে এটা মাথোন চন্দ্ৰবিন্দুহে বহুওৱা দেখা যায়। সেয়া ভুল।
৬) পাচনী ক্ৰিয়া গঠন কৰিবলৈ ‘ওঁতা’ বা ‘অঁতী’ত চন্দ্ৰবিন্দু দিব লাগে। যেনে—  পঢ়্+ ওঁতা= পঢ়োঁতা , লিখ্+ওঁতা=লিখোঁতা , খা+ওঁতা= খাওঁতা , লিখ্+অঁতী=লিখঁতী , কৰ্+অঁতী= কৰঁতী, দি +ওঁতা = দিওঁতা , নি + ওঁতা = নিওঁতা, কৰ্ + ওঁতা = কৰোঁতা।
৭) কৃদন্ত পদত ‘ওঁতে’ প্ৰত্যয়ত চন্দ্ৰবিন্দু দিব লাগে। যেনে—কওঁতে, লওঁতে, গাওঁতে, খাওঁতে, যাওঁতে, মাতোঁতে, পঢ়োঁতে, লিখোঁতে, নিওঁতে,শোওঁতে, উঠোঁতে, বহোঁতে এইবোৰত চন্দ্ৰবিন্দু দিব লাগে।
৮ ) বহুবচন বুজোৱা ‘হঁত’ প্ৰত্যয়ত চন্দ্ৰবিন্দু দিব লাগে। যেনে—সিহঁত, ল’ৰাহঁত, তহঁত, ককায়েকহঁত, ভায়েকহঁত আদি।
৯ ) কৰ্তা পদ মধ্যম পুৰুষৰ হ’লে লঘু মান্যাৰ্থত (অৰ্থাৎ  কৰ্তা পদ তুমি, তোমালোক হ’লে) অনুজ্ঞাত ক্ৰিয়া পদত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। যেনে—, যোৱাঁ, খোৱাঁ, কৰাঁ, দিয়াঁ, নিয়াঁ আদি।
১০) লঘু মান্যাৰ্থত ক্ৰিয়া পদত যোগ হোৱা ‘হঁক’ত  চন্দ্ৰবিন্দু বহে। যেনে—আহাঁহঁক, যোৱাঁহঁক, খোৱাঁহঁক।
১১ ) নাসিক্য ধ্বনি ‘ঞ’-ৰ পৰিৱৰ্তে ‘য়’ লিখিলে চন্দ্রবিন্দু হয়। যেনে-গোহাঞি—গোহাঁই , জিঞা—জিয়াঁ, ভূঞা—ভূয়াঁ, চিঞৰ—চিয়ঁৰ আদি শব্দবোৰৰ দুয়োটা বানান শুদ্ধ। কিন্তু  চিঞঁৰ বুলি লিখিলে ভুল হ’ব—কাৰণ ‘ঞ’টো অনুনাসিক।
১২ ) কিছুমান বিদেশী শব্দ চন্দ্ৰবিন্দু যুক্ত হোৱা দেখা যায়৷ পিয়াঁজ, ৰেষ্টোৰাঁ, ৰেনেচাঁ ইত্যাদি।

চন্দ্ৰবিন্দু নিষেধ
চন্দ্ৰবিন্দুৰ প্ৰয়োগ শুদ্ধ নহ’লেও শব্দ এটা ভুল হ’ব পাৰে। দিবলগীয়া শব্দত চন্দ্ৰবিন্দু নিদি নিদিবলগীয়াত দিলেও ভুল কৰা হয়। তলত সেই বিষয়ে আলোচনা কৰা হ’ল।
১) সাধাৰণতে নাসিক্য ধ্বনি নথকা ধাতু শব্দত —ওঁতা আৰু —ওঁতে যোগ হ’লে তাত সদায় চন্দ্ৰবিন্দু দিব লাগে; যেনে— কৰোঁতা, খাওঁতা, পঢ়োঁতা, লিখোঁতা, কৰোঁতে, উঠোঁতে, বহোঁতে ইত্যাদি। কিন্তু মূল ধাতু শব্দটোত ঙ, ঞ ,ণ, ন, মই—এইকেইটা নাসিক্য ধ্বনিগুণ বিশিষ্ট বৰ্ণ থাকিলে চন্দ্ৰবিন্দু দিব নালাগে। যেনে— শুনোতা, শুনোতে, গণোতা, গণোতে ইত্যাদি। কিয়নো এই বৰ্ণবোৰৰ নিজা নাসিক্য উচ্চাৰণ আছেই।
২) ঋ আৰু ও এই দুটা বৰ্ণ কেতিয়াও নাসিক্য উচ্চাৰণ কৰিব নোৱাৰি। সেয়ে এই দুটা বৰ্ণৰ ওপৰতো চন্দ্ৰবিন্দু দিয়া নিষেধ।
৩) ‘ও’ দেখিলেই তাৰ ওপৰত বহুতেই চন্দ্ৰবিন্দু দিয়ে। কিন্তু সকলো ‘ও’ৰ ওপৰত চন্দ্ৰবিন্দু দিব নালাগে। যেনে—ভাও, নাও, নেওতা, কেওট, নেওগ, নেওচা, খালেও, চালেও, খাওক, যাওক, হওক, ৰওক আদি শব্দত চন্দ্ৰবিন্দু দিব নালাগে।
৪) কোনো ব্যক্তিৰ নামৰ আগত একে শাৰীত অকলে লিখা চন্দ্ৰবিন্দুৱে ব্যক্তিগৰাকী মৃত বুজায়।
৫) আদেশ, অনুজ্ঞা, অনুৰোধ বুজোৱা দ্বিতীয় পুৰুষৰ মান্যাৰ্থত ক্ৰিয়া বিভক্তি -ওক, -অক প্ৰত্যয়ত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহয়। যেনে—খাওক, যাওক, আহক, গাওক, পাওক, লওক, হওক,কওক ইত্যাদি। বহুতেই এইবোৰত চন্দ্ৰবিন্দু দি ভুল কৰে ন অৰ্থাৎ অনুজ্ঞাবাচক ক্ৰিয়াৰ ক্ষেত্ৰত সন্মানসূচক দ্বিতীয় আৰু তৃতীয় পুৰুষত থকা কৰ্তা হ’লে ক্ৰিয়াটোৰ ও বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহুৱাব নালাগে।
যেনে—দ্বিতীয় পুৰুষৰ আদৰ / মান্যাৰ্থৰ কৰ্তা
আপুনি যাওক (যাওঁক ভুল)
আপুনি খাওক (খাওঁক ভুল)
আপুনি লওক (লওঁক ভুল) ইত্যাদি।
তৃতীয় পুৰুষৰ কৰ্তা (তুচ্চাৰ্থ / মান্যাৰ্থ )
সি/তাই/ তেখেত—যাওক
সি/তাই/তেখেত—থাওক ইত্যাদি
আকৌ, ভাব বাচ্যৰ বাক্যত ও-ৰ ওপৰত চন্দ্ৰবিন্দু দিব নালাগে। যেনে—ধৰা হওক (ধৰা হওঁক ভুল ), ভাবি চোৱা যাওক (যাওঁক ভুল), কিনো কয় শুনা যাওক (যাওঁক ভুল)
৬) জোৰ বুজোৱা ও বৰ্ণযুক্ত শব্দত চন্দ্ৰবিন্দু প্রয়োগ নহয়। যেনে — কেতিয়াও , গ’লেও , আহিলেও , খালেও , হ’লেও , আহিবও , যাবও , খাবও ইত্যাদি।
৭) ইংৰাজী Also সূচোৱা ‘ও’ টোৰ ওপৰতো অভ্যাসবশতঃ চন্দ্ৰবিন্দু বহুওৱা দেখা যায়। যেনে;
ৰামেওঁ দেখিছিল; তুমিওঁ আহিবা, তোমালোকৰ ঘৰলৈওঁ যাম ,ইত্যাদি। এইবোৰ ভুল; ইয়াত ‘ও’ৰ ওপৰত চন্দ্ৰবিন্দু নবহে।
৮) ই, ঈ, উ, ঊ, ঋ, ঐ, ঔ আদি স্বৰ বর্ণতো চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়৷
৯ ) ৰেফ কাৰযুক্ত বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু নবহে।

Leave a Reply

Your email address will not be published. Required fields are marked *