নিবন্ধবিবিধ চিন্তা

শীলভদ্ৰৰ গল্পত উত্থাপন ।। পাপৰি বৰ্মন

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

‘অসম বাতৰি’ৰপূজা সংখ্যাত প্ৰকাশিত ‘অভিযোগ’ শীৰ্ষক চুটি গল্প এটিৰে ১৯৬৪ চনত শীলভদ্ৰই গল্প-সাহিত্যত প্ৰৱেশ কৰে। অসমৰ সাহিত্য জগতৰ ব্যতিক্ৰমী লেখক, শীলভদ্ৰৰ গল্পৰ বিষয়বস্তু হৈছে মূলত আঞ্চলিকতা। তেখেতৰে সৃষ্টিৰাজিৰ জৰিয়তে উপলব্ধি কৰিব পাৰি ‘মধুপুৰ’এ যেন তেখেতৰ সৃষ্টিক অলেখ ৰকমে তাগিদা যোগাই আহিছিল। আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, মধুপুৰৰ মধুকৰ, অন্য এক মধুপুৰ ইত্যাদি নামকৰণেৰে তেখেতৰ গল্প সংকলনসমূহ। তাৰোপৰি উপন্যাস মধুপুৰ আৰু মধুপুৰক লৈ আত্মজীৱনীমূলক সৃষ্টিৰেঅসমীয়া সাহিত্যৰ কেন্দ্ৰত মধুপুৰক আজিও টনকিয়াল কৰি ৰাখিছে।

মধুপুৰ অৰ্থাৎ এতিয়াৰ গৌৰীপুৰ; য’ত তেখেতে স্বাধীনতাৰ পূৰ্বৰ আৰু পাছৰ পৰ্যায়ৰ আঞ্চলিক অৱস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে কি ধৰণে একো একোগৰাকী ব্যক্তি তথা তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক সমাজ জীৱনত পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন ঘটিব পাৰে  তাকে সৃষ্টিৰ জৰিয়তে তুলি ধৰিলেও শৈশৱৰ মধুপুৰখনৰ প্ৰতিহে যেন তেখেতৰ সৰহ আদৰ।

“আমাৰ সৰুকালত মধুপুৰ উন্নতিৰ শীৰ্ষ পৰ্যায় পাইছিলগৈ’’, মধুপুৰ বহুদূৰ গল্পটোৰ জৰিয়তে  পৰিৱৰ্তনৰ সোঁতত হেৰাই যাব ধৰা তাহানিৰ আঞ্চলিকতাক শব্দৰমায়াৰে তেখেতে সামৰি ৰাখিছিল। তেখেতৰ গল্পত বাস্তৱ জীৱনৰ অভিজ্ঞতাই সবল ৰূপত পৰিস্ফূত অথচ একঘেয়ামিৰ পৰা বিৰত। সেয়া সম্ভৱ তেখেতৰ জীৱনকালত তেখেতে নিজকে ভিন্ন কৰ্মৰে চহকী কৰিবলৈ সুযোগ পোৱাৰ নিমিত্তে সম্ভৱ হৈ উঠিছিল।

শাসক, শোষক আৰু শোষিত সমাজৰ কাহিনী ক’বলৈ যাওঁতেই তেখেতৰ সৃষ্টিত কোনো এক জাতি বা গোষ্ঠীয়ে প্ৰভুত্ব পোৱা নাই বৰং কিছু ক্ষেত্ৰত সবল ৰূপত কাহিনীতকৈও একো একোটি চৰিত্ৰইহে সাবলীনতাৰে ধৰা দিছে, যি সমাজ-ৰাজনীতিৰ সৈতে পৰোক্ষভাবে সামঞ্জস্য।

গল্প লেখক ৰূপে শীলভদ্ৰৰ অনুৰাগী যিভাবে সৰহ, সেইভাবেই তেখেতৰ লিখন আৰু চৰিত্ৰকেন্দ্ৰিক বৈচিত্ৰও বিচিত্ৰ। লগতে মনস্তাত্বিক জগতত প্ৰৱেশমজবুত। মানৱীয় চৰিত্ৰৰ নেৰা-নেপেৰা দিশসমূহকো তেখেতৰ গল্পই উলাই নকৰি নেৰিলে। প্ৰেম, ঈৰ্ষা, বিদ্বেষ, শ্ৰেণী বৈষম্য, আপোচবিহীন আকাংক্ষা অথবা মনোবৃত্তি সকলোকে সামৰি অসমীয়া গল্প সাহিত্যত শীলভদ্ৰৰ সৃষ্টি অনন্য।

“ভাল মানুহ একো একোজন হঠাতেই পগলা হৈ যায়। দেখাত কোনো কাৰণ নাই, হ’ল আৰু পগলা। ইয়াৰ পগলাবোৰৰ বৈশিষ্ট্য আছে। কোনো সম্পূৰ্ণৰূপে পগলা নহয়। কিছুমান কথাতে সম্পূৰ্ণ উন্মাদ কিন্তু অইন কিছুমান কথাত আকৌ সম্পূৰ্ণ স্বাভাৱিক। যিজনে…”।

মোহন সিঙৰ কথাৰে গল্প এটিত লাঠি এডালৰ মূৰত এপাত জোতা ভৰোৱা কথাটোৱেই হওক বা ছাতি লৈ মানুহে সান্ধ্য ভ্ৰমণ কৰিবলৈযায়নে, তাকো ক’ব নোৱৰা কথাই হওক সহজ-সৰল শৃংখলেৰে চৰিত্ৰসমূহৰ মনস্তাত্বিক দিশসমূহৰ উপস্থাপনত এক অদ্ভুত মুগ্ধ নিজাববীয়া শৈলীৰে চৰম ক্ষোভকো মোহাছন্ন ৰূপত তুলি ধৰিব পৰা গল্পকাৰ হিচাপে ৰামধেনু যুগৰ শীলভদ্ৰ অতুলনীয়।

“পৰিবাৰৰ খুব খং উঠি গ’ল—
“ৰাজ্যৰ নোহোৱা কথা।”
“ভয় খাবলগীয়া কথা। পগলাই কিবা অন্যায় কৰিব পাৰে সেই ভয় নহয়। প্ৰত্যেকৰে ভৰিৰ কাষতে আছে এটা অতলস্পৰ্শী গহ্বৰ। একখোজ ইফাল-সিফাল হ’লেই চৰম সৰ্বনাশ। খুৰস্ব ধাৰঃ।’’

তেখেতৰ গল্পৰ মনস্তাত্বিক বিশ্লেষণ যিভাবে সন্তোষৰ, তেনেকৈ ৰাজনৈতিক স্তৰৰ মাপ কেৱল ৰাজনৈতিক পৰিৱেশৰ আৱৰ্তত ঘূৰ্মুটিয়াই নাথাকি চৰিত্ৰৰ অন্তৰালতো প্ৰৱেশ কৰিছে যি চুম্বকৰ নিচিনাই আকৰ্ষণীয়। সেয়ে হয়তো সকলোৱে দেখি থকা কথাবোৰ স্পৰ্শকাতৰ হৈ ধৰা দিছে। জমিদাৰৰ শাসনকালক, যাক তেখেতে জমিদাৰী মেজাজ বুলি উনুকিয়াব পাৰিছে; তেনেকৈ জমিদাৰৰ ক্ৰুৰতাকো স্পষ্ট ৰূপত তুলি ধৰিছে এইভাবে, “মাৰৰ কোবত কোনোবা মৰি যাব পাৰে’’, “বৃত্ৰিছ শাসকসকলে জমিদাৰৰ কাম-কাজত হস্তক্ষেপ কৰা নাছিল’’ আদি স্পষ্ট ধাৰণাৰে সমাজত শাসক শ্ৰেণীক একে পৰ্যায়ৰ বুলি সমতুল কৰি গৈছে তেখেতৰ সৃষ্টিৰাজিয়ে।

মহাভাৰতৰ চৰিত্ৰ-বিন্যাসকো চিন্তনীয় ৰূপত একলব্যৰ গুৰুভক্তিকো প্ৰশ্ন কৰা গল্প, ‘হুমুনিয়াহ’, … স্বাভাৱিকতেই দিলীপৰ আৰু পঢ়া নহ’ল। … অৰ্জুন আৰু কৰ্ণৰ বীৰত্ব কাহিনী কাণত পৰিলে অজ্ঞাতে তেওঁৰো এটা হুমুনিয়াহ অহাটো কি খুবেই অস্বাভাৱিক?

পঢ়িবলৈ আগ্ৰহ ৰখা, এটি বিষয়ক অত্যাধিক ভাল পাই সম্পূৰ্ণ কৰিব নোৱৰা শিক্ষা, চলনাক লৈ দিলীপৰ বন্ধুৰ জৰিয়তেই কথন-শৈলী চলোৱা গল্পটোৰ আঁৰৰ প্ৰশ্ন অনেক;যি আজিৰ সমাজ ব্যৱস্থাতো অপৰিৱৰ্তনীয় ৰূপত বিভিন্ন ভাঁজত বিদ্যমান।

“ৰমেশ চৌধুৰীৰ দৃঢ় বিশ্বাস যে … এই মৃত্যু অনাৱশ্যক, অৰ্থহীন, যুক্তিহীন। গতিকে আৱেগ অনুভূতি এইবোৰক তেওঁ ভয় কৰে, সঁচাকৈ ভয় কৰে।
কাৰোবাক কিবা পইচাপাতি লাগে? পাৰিলে দিম। কাৰোবাক কিবা সহায় কৰিব লাগিলে ক’বা। পাৰিলে নিশ্চয় কৰিম। কিন্তু আবেগিকভাৱে কোনো কথাত বা কাৰো লগত জড়িত হ’বলৈ নাযাওঁ। এই হ’ল ৰমেশ চৌধুৰীৰ জীৱনৰ মূল নীতি।”

‘অসতৰ্ক’ গল্পটোৰ জৰিয়তেই (… তেওঁ চকুৰে দেখিলে কিন্তু মনত কোনো প্ৰতিক্ৰিয়া নহ’ল।…) ৰমেশ চৌধুৰীৰ ব্যক্তিত্ব আৰু দায়িত্ববোধ মনত ৰৈ যোৱাকৈ অনন্য। শীলভদ্ৰৰ গল্পই যেন শিকাইছে কোনো কোনো ক্ষেত্ৰত মানুহৰ ব্যক্তিত্ব আবেগৰ উৰ্ধত গঢ় লোৱাটো যিভাবে জৰুৰী, ঠিক তেনেকৈ দায়িত্ৱ মানৱতাতকৈ কোনোগুণে কম হোৱা উচিত নহয়। মানৱতাও এক দায়িত্বয়ে।

তেখেতৰ গল্পত অঞ্চলভিত্তিক খাদ্যৰসিকতাও আগবঢ়া যি বহুক্ষেত্ৰত অইনৰ সৃষ্টিৰ তুলনাত বাটকটীয়া। এবিধ খাদ্যৰ স্বাদ, শিল্প নিপুণতাই যেন এখন জেগাক পৰিচিত কৰে, তাকেই তেখেতে কৈছে এনেভাবেই—

“নলবাৰী অঞ্চলৰ মানুহ এই দীন হলাই। কত ৰকমৰ মিঠাই বনাইছিল পাট্টা নাই। ক্ষীৰমোহন ৰাঘবসাই, কাচাগোল্লা। আমাৰ ইফালে এইবোৰ মিঠাই দেখাই নাছিলোঁ।…”— নলবাৰীৰ মানুহৰ মিঠাইক লৈও শীলভদ্ৰৰ সৃষ্টিত গল্প নহৈ নেৰিলে।

অঞ্চলভেদে খাদ্যৰ অপূৰ্ব স্বাদৰ বিৱৰণ, লিখন-শৈলীৰ জৰিয়তেই ৰামধেনু যুগৰ এই সৃষ্টিক আগলৈও অনেকেগল্পতেগল্প বিচাৰি প্ৰাক-স্বাধীন কাল নহ’লে স্বৰাজোত্তৰ অসমৰ তাহানিক খেপিয়াব পাৰিব য’ত অনিবাৰ্য বিচাৰি পাব; ঐতিহাসিক পৰিঘটনাসমূহকো।

অনেক কথন, পৰিৱৰ্তিত জলবায়ু, পৰিৱেশ,চৰিত্ৰ সম্ভাৰক টনকিয়াল কৰা বাবেই শীলভদ্ৰৰ সৃষ্টিৰাজি সদায়েই অজেয়। অপূৰ্ব। স্থানীয়।

যি নিতান্তই বিশ্লেষণীয় ভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক, সমাজনৈতিক ও ঐতিহাসিক ব্যৱস্থাৰ ওপৰত একেখনসমাজৰ উত্তোৰণৰ মাজতো (পাছতো) সাংস্কৃতিক থিতাপিৰপ্ৰশ্ন কৰিছিল বাবে। তেখেতৰ সৃষ্টিৰাজিত উল্লেখ নকৰা জেগাসমূহ উত্তৰসূৰীলৈ এইভাবেইই বীজ পুতি গজালি মেলিব পৰাৰ দিহা দি গৈছিল বাবেই।

“মৰিল, মৰিল। কাৰ সাধ্য প্ৰতিবাদ কৰে?’’— গল্প ‘যুগান্তৰ’ৰ জৰিয়তে শীলভদ্ৰৰসৃষ্টিয়ে যুগে যুগে যেন আহ্বান জনাইছে প্ৰতিবাদৰ বাক্য গঢ়াৰ বাবেইব্যৱস্থাই কঢ়িয়াই অনা অন্তৰালৰ প্ৰত্যাহ্বানকো কি ধৰণে উত্থাপিত কৰিব পাৰি। নেওচিব পাৰি। সৃষ্টি একোটিক সমাজ-নীতিৰ উৰ্ধত ৰাখি মাত্ৰা দিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *