এ ললিতা : ভাৰতীয় অভিযন্তা ।। অদিতি বেজবৰুৱা

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
Oxymoron—ইংৰাজী ভাষাৰ এই শব্দটোৰ অসমীয়া অৰ্থ হৈছে পৰস্পৰ বিৰোধী গুণ প্ৰকাশ কৰা শব্দৰ সংযোগ। Clearly confused, seriously funny, original copies, pretty ugly আদি অক্সিমৰণৰ উদাহৰণ। আজি কিছুদিন আগলৈকে অভিযন্তা আৰু মহিলা পৰস্পৰ বিৰোধী গুণ প্ৰকাশ কৰা দুটা শব্দ আছিল। অৰ্থাৎ অভিযন্তা আৰু মহিলা যেন অক্সিমৰণ হে আছিল। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ১৯৬০ চনতে স্থাপন কৰা হ’ল যদিও সুদীৰ্ঘ পোন্ধৰ বছৰ অপেক্ষা কৰাৰ পাছত, ১৯৭৫ চনতহে প্ৰথমবাৰৰ বাবে এই মহাবিদ্যালয়ত ছোৱালীয়ে নাম ভৰ্তি কৰিছিল। ১৮৮৬ চনত ভাৰতবৰ্ষৰ প্ৰথম মহিলা চিকিৎসক কাদম্বিনী গাংগুলী আৰু আনন্দি বাই যোশীয়ে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিছিল। কিন্তু কুৰি শতিকাৰ চতুৰ্থ দশকলৈ ভাৰতৰ অভিযান্ত্ৰিক ক্ষেত্ৰখনত খোজ পেলাবলৈ কোনো মহিলাই সাহস কৰা নাছিল। ১৯৪০ চনত এগৰাকী কম বয়সীয়া বিধবাই সমাজৰ সকলো বাধা নিষেধ অতিক্ৰম কৰি পিতৃৰ পৰিয়ালৰ অনুপ্ৰেৰণাৰে অভিযান্ত্ৰিক শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰি এক ব্যতিক্ৰমী পদক্ষেপ লৈছিল। এই গৰাকী সাহসী বিধবাৰ নাম আছিল এ. ললিতা।
১৯১৯ চনৰ ২৭ আগষ্টত চেন্নাইৰ (তেতিয়াৰ মাদ্ৰাজত) এটা মধ্যবিত্ত তেলেগু পৰিয়ালত ললিতাৰ জন্ম হৈছিল। সেই সময়ত প্ৰচলিত বাল্যবিবাহৰ নিয়ম অনুসৰি পোন্ধৰ বছৰ বয়সতে ছোৱালীজনীৰ বিয়া দিয়া হ’ল। পিছে সমাজৰ নিয়ম মানি বিয়া দিলেও শিক্ষানুৰাগী পিতৃয়ে ললিতাৰ পঢ়া-শুনা চলি থকাটো কামনা কৰিছিল। সেয়ে জীয়েকৰ মাধ্যমিক শিক্ষা চলাই যাবৰ কাৰণে মিতিৰৰ ঘৰক টানি অনুৰোধ কৰিছিল। সেই অনুক্ৰমে বিবাহৰ পাছতো ললিতাৰ মাধ্যমিক স্তৰৰ শিক্ষা চলি থাকিল। ললিতাই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ’ল। ললিতাৰ শহুৰেকৰ ঘৰখনো সেই সময়ৰ সামাজিক ধ্যান-ধাৰণাৰ অনুগামী আছিল। গতিকে ‘ছোৱালীয়ে বেছি পঢ়াৰ সকাম নাই’—এই কথা বিশ্বাস কৰা শহুৰেকৰ পৰিয়ালে সিমানতেই ললিতাৰ শৈক্ষিক যাত্ৰাৰ সামৰণি পেলালে। ইতিমধ্যে ১৯৩৭ চনত ললিতা এটি কন্যা সন্তানৰ মাতৃ হৈছিল। পিছে সন্তানটিৰ চাৰিমাহ হওঁতেই ললিতাৰ স্বামীৰ মৃত্যু হ’ল। ওঠৰ বছৰ বয়সতে ললিতা বিধবা হ’ল। সেই সময়ত ভাৰতবৰ্ষৰ পুৰুষতান্ত্ৰিক সমাজখনত বিধবা মহিলাসকলে নানা যাতনা সহ্য কৰিব লগা হৈছিল। স্বামীৰ মৃত্যুৰ লগে লগে যেন পত্নীৰো সকলো সপোন আৰু সুখৰ অন্ত পৰিছিল। ললিতা কিন্তু ব্যতিক্ৰম আছিল। দৃঢ় মনৰ ললিতাই উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ সপোন দেখিছিল। ললিতাৰ পিতৃ, প্ৰগতিবাদী মনৰ পাপ্পু চুব্বা ৰাৱে সেয়ে ললিতাক পিতৃগৃহলৈ ঘূৰাই আনি চেন্নাইৰ কুইন মেৰী কলেজৰ প্ৰাকবিশ্ববিদ্যালয় শাখাত নাম ভৰ্তি কৰি দিলে। নিজৰ লক্ষ্যত অবিচল থাকি একাগ্ৰতাৰে শিক্ষা গ্ৰহণ কৰি ললিতা প্ৰাকবিশ্ববিদ্যালয়ৰ পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল।

সেইয়া আছিল ১৯৪০ চন। কুৰি শতিকাৰ চতুৰ্থ দশকৰ শেষৰ সেই সময়ছোৱাত ভাৰতবৰ্ষৰ বেছিভাগ ছোৱালীয়ে কৰ্মজীৱন বা কেৰিয়াৰৰ সপোন দেখাটো দূৰৰে কথা, প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰদলি গচকৰ কথাকে ভাবিব পৰা নাছিল। সেই সময়তে কিন্তু এই অকলশৰীয়া বিধবা মাতৃয়ে এক অবাস্তৱ সপোন দেখিছিল। ললিতা নামৰ ছোৱালীজনীয়ে তাইৰ দেউতাক আৰু ককায়েকহঁতৰ দৰেই অভিযন্তা হোৱাৰ আশা কৰিছিল। ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে অভিযান্ত্ৰিক শিক্ষাৰ দুৱাৰদলি গচকৰ দুৰ্বাৰ হেঁপাহেৰে ললিতা নামৰ উচ্চভিলাষী ছোৱালীজীয়ে অভিযান্ত্ৰিক শিক্ষাৰ দুৱাৰত খটখটালে। কিন্তু যাত্ৰাৰ পথ ইমান মসৃণ নাছিল।
মাদ্ৰাজত ৰাজস্থান বা বংগৰ দৰে সতীদাহ প্ৰথাৰ প্ৰচলন নাছিল যদিও সমাজৰ ৰঙা চকুৱে এগৰাকী কমবয়সীয়া বিধবা মাতৃৰ জীৱন, প্ৰতিটো খোজতে দুৰ্বিসহ কৰি তুলিছিল। সমাজৰ পৰা নিৰ্বাসিত হৈ মূৰ খুৰাই কঠোৰ নিয়ন্ত্ৰিত জীৱন কটোৱা বিধবাসকলৰ কাৰণে জীৱনত প্ৰলম্বিত অভিঘাত নীৰৱে সহি যোৱাৰ বাহিৰে গত্যন্তৰ নাছিল। সমাজৰ বিধান মতে যুৱতী বিধবাসকলে কৃচ্ছ্ৰসাধ্য জীৱন যাপন কৰিব লাগিছিল। তাতে ললিতাৰ শাহুৱেকে তেওঁৰ মৰমৰ ষোল্ল নম্বৰ সন্তানক হেৰুৱাৰ সকলো ক্ষোভ, হতাশা আৰু আশা ভংগৰ বেদনা, বিধবা বোৱাৰীয়েকৰ ওপৰতে উজাৰিছিল। এই সকলোৰে মাজতো, ললিতাই নিজৰ পিতৃ পৰিয়ালৰ সমৰ্থনত নিজৰ আৰু জীয়েকৰ জীৱন গঢ়াৰ সপোন দেখিবলৈ এৰা নাছিল। ললিতাকে ধৰি তেওঁলোকৰ পৰিয়ালটোত সাতটা ল’ৰা-ছোৱালী আছিল। ঘৰৰ আনসকলক দেখি ছোৱালীজনীয়েও কিবা এটা বৃত্তি গ্ৰহণ কৰাৰ কথা ভাবিছিল। ঊনৈশ শতিকাৰ শেষৰ ফালে আৰম্ভ কৰি কুৰি শতিকাৰ প্ৰথমাৰ্ধত ভাৰতবৰ্ষৰ এমুঠি মহিলাই চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি চিকিৎসা বিজ্ঞানক বৃত্তি হিচাপে গ্ৰহণ কৰিছিল। ললিতায়ো প্ৰথমে চিকিৎসা বিজ্ঞানকে পঢ়াৰ কথা ভাবিলে। কিন্তু তেওঁযে পিতৃহীন কন্যা সন্তান শ্যামলাৰ মাতৃ। কণমানি শ্যামলা এই স্বামীহাৰা মাতৃৰ দায়িত্ব। মাজনিশা ৰোগী চাবলৈ হ’লে কন্যাক ঘৰত অকলে এৰি থৈ যাব লাগিব নেকি? এজন চিকিৎসকৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিবলৈ যাওঁতে ক’ৰবাত নিজৰ কন্যাৰ দায়িত্ব পালন কৰিবলৈ অপাৰগ হয় বুলি চিকিৎসক হোৱাৰ চিন্তা ত্যাগ কৰিলে। গতিকে দেউতাক আৰু ককায়েকহঁতৰ পদক্ষেপ অনুসৰণ কৰি অভিযন্তা হোৱাৰ কথা ভাবিলে। দেউতাক পাপ্পু চুব্বা ৰাও মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুণ্ডী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিদ্যুৎ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আছিল (আজিৰ পৰা ২২৫ বছৰৰ আগতে অৰ্থাৎ ১৭৯৪ চনতে স্থাপন কৰা মাদ্ৰাজৰ গুণ্ডী অভিযান্ত্ৰিক মহাবিদ্যালয়খন ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি প্ৰযুক্তি প্ৰতিষ্ঠান। প্ৰকৃততে ইউৰোপৰ বাহিৰৰে প্ৰথম অভিযান্ত্ৰিক প্ৰতিষ্ঠান। ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰয়োজন হোৱা জৰীপকৰ্মীৰ কাৰণে এই প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। ১৮৬৮ চনত ইয়াত চিভিল ইঞ্জিনিয়াৰিং স্কুল আৰু ১৮৫৯ চনত যান্ত্ৰিক-অভিযান্ত্ৰিক বিদ্যাৰ পাঠ্যক্ৰম সংযোজিত কৰি অভিযান্ত্ৰিক কলেজলৈ ৰূপান্তৰ ঘটোৱা হয়)। এগৰাকী মেধাৱী ছাত্ৰী হিচাপে চি.ই.জি.ত (College of Engineering, Guindy) নামভৰ্তি কৰাটো ললিতাৰ বাবে কোনো সমস্যাই হ’ব নালাগিছিল। কিন্তু সেই যুগত সেইয়া এক অসম্ভৱ আৰু আচৰিত কথা আছিল। কাৰণ সেই সময়ত কাৰিকৰী শিক্ষাত পুৰুষৰহে একচেটিয়া আধিপত্য আছিল। তেওঁৰ দেউতাক চি.ই.জি.ৰ অধ্যাপক হোৱাৰ সূত্ৰে তেওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ কে.চি. চাক্ক’ৰ সৈতে ললিতাৰ নামভৰ্তি সম্পৰ্কে কথা পাতি তেওঁক পতিয়ন নিয়াবলৈ সক্ষম হ’ল। অধ্যক্ষ চাক্ক’ আৰু ললিতাৰ দেউতাকে এইবাৰ ব্ৰিটিছ চৰকাৰৰ ৰাজহুৱা শিক্ষাৰ সঞ্চালক আৰ. এম. ষ্টথামক লগ ধৰিলে। প্ৰগতিবাদী মনৰ সঞ্চালকজনে ললিতাৰ নামভৰ্তিৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰিলে। অৱশেষত ললিতাই ইতিহাস সৃষ্টি কৰি গুণ্ডী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিলে। বহুবোৰ ছাত্ৰৰ মাজত কেৱল এজনী অকলশৰীয়া ছাত্ৰীয়ে প্ৰতিষ্ঠানৰ চৌহদৰ জীৱনত ভালেখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হৈছিল। ছাত্ৰসকলৰ সৈতে প্ৰকল্প কৰা, একেলগে খোৱা, অধ্যয়ন কৰাত ললিতা কিছুমান অসুবিধাৰ সন্মুখীন হৈছিল। অৱশ্যে উক্ত প্ৰতিষ্ঠানতে কাম কৰা অধ্যাপকৰ কন্যা হোৱা কাৰণে তেওঁৰ বহুখিনি সুবিধাও হৈছিল। সহপাঠী ছাত্ৰসকলে তেওঁক সমীহ আৰু কিছুমান ক্ষেত্ৰত সহায়ো কৰিছিল। তথাপিও এসোপা ল’ৰাৰ মাজত এগৰাকী অকলশৰীয়া ছাত্ৰীয়ে সন্মুখীন হোৱা এনেধৰণৰ সমস্যাৰ কথা চিন্তা কৰি তেওঁৰ পিতৃয়ে অধ্যক্ষ আৰু সঞ্চালকৰ লগত আকৌ আলোচনা কৰিলে। আলোচনাৰ ফলশ্ৰুতিত মহাবিদ্যালয়খনত নতুনকৈ অধিক ছাত্ৰীৰ নামভৰ্তিৰ আবেদন বিচাৰি বিজ্ঞাপন দিয়া হ’ল। সেই মৰ্মে সেই বছৰতে কিছু পলমকৈ মহাবিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগত পি.কে. ত্ৰেছিয়া আৰু লীলাম্মা জৰ্জ নামৰ কেৰালাৰ দুগৰাকী ছাত্ৰীয়ে নামভৰ্তি কৰিলে।

