অনুবাদগল্প

কেইট শ্ব’পেনৰ দুটা গল্প ।।  অনুবাদ : কৌশিক দাস

[বিখ্যাত গল্পকাৰ কেইট শ্ব’পেনৰ (Kate Chopin) জন্ম এমেৰিকাৰ চেণ্ট লুইচত, ১৮৫০ চনত, মৃত্যু ১৯০৪ চনত। শ্ব’পেনৰ গল্পত সমাজৰ বৰ্ণবাদ, লিংগবৈষম্য, মানুহৰ মনস্তত্ত্ব আদিৰ দৰে জটিল প্ৰপঞ্চ কিছুমান চমৎকাৰভাৱে চিত্ৰিত হৈ আছে। তেখেতৰ বহুতো গল্পই প্ৰকাশৰ পাছতেই তীব্ৰ বিতৰ্কৰো জন্ম দিছিল। থলুৱা গ্ৰাম্য পটভূমি, ফৰাচী নাম-ধাম আৰু সৰ্বোপৰি ৰচনাশৈলীৰ বৈশিষ্ট্যৰ বাবে শ্ব’পেন গল্পৰ অনুবাদ বৰ কঠিন। সেইবাবেই এই দুটা গল্পৰ অনুবাদ আক্ষৰিক নহয়। তথাপি শ্ব’পেনৰ গল্প দুটাৰ মূল ভাব যাতে অনুবাদত বিনষ্ট নহয়, তাৰ প্ৰতি যত্ন ল’বলৈ প্ৰয়াস কৰা হৈছে। গল্পত প্ৰতিফলিত দৰ্শন শ্ব’পেনৰহে, তাত অনুবাদকৰ কোনো ভূমিকা নাই। Désirée’s Baby গল্পটো ১৮৯৩ চনত ৰচিত আৰু Bayou Folk নামৰ গ্ৰন্থত ১৮৯৪ চনত সংকলিত। ১৮৯৪ চনত ৰচিত Regret গল্পটো ১৮৯৭ চনত প্ৰকাশিত A Night in Acadie নামৰ গল্প-সংকলনত সন্নিবিষ্ট কৰা হৈছিল]

ডেজিৰীৰ কেঁচুৱাটি

সেই দিনটো বৰ ফৰকাল আছিল, সেয়েহে মেডাম ভালমণ্ডেই ডেজিৰী আৰু তাইৰ কেঁচুৱাটিক চাবলৈ বুলি লা-এব্ৰিলৈ ওলাল।

ডেজিৰীৰ কোলাত কেঁচুৱা— কথাটো ভাবি মেডাম ভালমণ্ডেৰ হাঁহি উঠিল। সেয়া আছিল যেন কালিৰহে ঘটনা, ডেজিৰী তেতিয়া নিজেই কণমাণিজনী হৈ আছিল; সেইদিনা মঁচিয়েই ঘোঁৰাৰ পিঠিত ভালমণ্ডেৰ পদূলিয়েদি সোমাই আহোঁতে ডাঙৰ শিলৰ খুটাটোৰ ছাঁত ডেজিৰীক শুই থকা অৱস্থাত পাইছিল।

কণমাণি ছোৱালীজনীয়ে তেওঁৰ কোলাতে সাৰ পাই “দেতা দেতা” বুলি কান্দিবলৈ আৰম্ভ কৰিছিল। সিমানখিনিয়েইতো তেতিয়া তাই কৰিব বা ক’ব পৰা হৈছিল। দুই-এজনে কৈছিল যে তাই হয়তো এখুজি-দুখুজিকৈ নিজেই সেইখিনিলৈ আহি পাইছিলহি, কাৰণ তেতিয়া তাই খোজ পেলাবলৈ শিকিছিলহে মাত্ৰ। কিন্তু সৰহভাগ মানুহৰে বিশ্বাস, টেক্সাছৰ পৰা অহা কোনোবা দল এটাই তাইক ইচ্ছা কৰিয়েই তাত এৰি থৈ গৈছিল, বিয়লি বেলিকা সিহঁতৰ কেনভাছেৰে ঢকা গাড়ীখন হেনো পামখনৰ সিফালৰ ঘাটেৰে পাৰ হৈ গৈছিল কটন মায়েছৰ ফেৰীখনৰে। লাহে লাহে মেডাম ভালমণ্ডেই এই সকলোবোৰ জল্পনা-কল্পনা বাদ দি ভাবিবলৈ ধৰিলে—তেওঁক নিসন্তান দেখি বিধাতাইহে ডেজিৰীক তেওঁৰ মৰমৰ জীয়ৰী হিচাপে তুলি ল’বলৈ তেনেদৰে তালৈ পঠিয়াই দিছিল। একলা দুকলাকৈ বাঢ়ি অহা কণমানিজনী দেখনিয়াৰ আৰু ৰাংঢালি, মৰমীয়াল আৰু নিৰ্মল মনৰ হোৱাৰ কাৰণে ভালমণ্ডে পৰিয়ালৰ সকলোৰে নয়নৰ মণি হৈ পৰিল।

ওঠৰ বছৰৰ আগতে যিটো শিলৰ খুটাৰ ছাঁত ডেজিৰী শুই আছিল, সেই একেটা খুটাৰ কাষত আৰ্মাণ্ড অবিগ্নিয়ে ঘোঁৰাৰ পিঠিৰপৰা তাইক থিয় হৈ থকা দেখি যে প্ৰেমত পৰি যাব, তাত আচৰিত হ’বলগীয়া একো নাছিল। হঠাতে এৰা শৰ এডালে যেনেকৈ কলিজা ভেদ কৰি যায়— অবিগ্নি বংশৰ মানুহবোৰৰ প্ৰেমত পৰাৰ ধৰণটো যেন তেনেকুৱাই আছিল। আচৰিত হোৱাৰ থল আছিল এইটো কথাতহে যে তেওঁ আগতে তাইৰ প্ৰেমত পৰা নাছিলনো কিয়! কিয়নো আঠ বছৰ বয়সত, মাক ঢুকুৱাৰ পাছত পেৰিছৰপৰা দেউতাকে ঘৰলৈ লৈ অনাৰ দিনৰপৰাই আৰ্মাণ্ডে তাইক দেখি আহিছে। সেইদিনা পদূলিমুখত তাইক দেখি আৰ্মাণ্ডৰ মনত যি প্ৰবল আৱেগৰ ঢৌ খেলিছিল, সেয়া বাটৰ সকলো বাধা ওফৰাই আগবাঢ়ি যোৱা প্ৰচণ্ড তুষাৰপাত বা তৃণভূমিৰ বনজুই হেন আছিল।

মঁচিয়ে ভালমণ্ডে আছিল বাস্তৱ বুদ্ধিসম্পন্ন মানুহ; তেওঁ কথাবোৰ চালি-জাৰি চাইছিল— বিশেষকৈ ডেজিৰীৰ অচিন পৰিচয়ৰ কথাটো। কিন্তু আৰ্মাণ্ডে ডেজিৰীৰ চকুত চকু থৈ সেইবোৰ কথা তিলিকতে উৰুৱাই দিলে। ডেজিৰীৰ যে কোনো বংশ পৰিচয় নাই, সেইটো আৰ্মাণ্ডক সোঁৱৰাই দিয়া হৈছিল। লুইজিয়ানাৰ ঐতিহ্যমণ্ডিত আৰু গৌৰৱময় উপাধি এটি তেওঁ যেতিয়া তাইক দিবই, গতিকে সেইবোৰ পুৰণি কথাৰ কি ওজন থাকিব? তেওঁ পেৰিছপৰা কইনাৰ আটক-ধুনীয়া সাজ-পাৰ আৰু মহামূল্যৱান উপহাৰ আনিবলৈ যো-যা কৰিলে আৰু সেইবোৰ আহি নোপোৱালৈকে অসীম ধৈৰ্যৰে অপেক্ষা কৰি থাকিল। তাৰ পিছত দুয়োৰে বিয়া হ’ল।

চাৰি সপ্তাহ হৈ গ’ল, মেডাম ভালমণ্ডেই ডেজিৰী আৰু তাইৰ কেঁচুৱাটিক চাবলৈ যাবই পৰা নাই। যেতিয়াই তেওঁ লা-এব্ৰি পালেগৈ, সদায় হোৱাৰ দৰেই এইবাৰো ঠাইখিনি দেখাৰ লগে লগেই তেওঁৰ বুকুখন চিৰিংকৈ উঠিল। চৌহদটো দেখিবলৈ কিবা যেন বৰ বিষাদগ্ৰস্ত আৰু জয়াল, কাৰণ বহু বছৰ ধৰি সেইখনে কোনো সুগৃহিনীৰ হাতৰ পৰশ লাভ কৰা নাছিল। বুঢ়া মঁচিয়েৰ অবিগ্নিয়ে ফ্ৰান্সতে বিয়া পাতি মানুহজনীক তাতেই কবৰো দিলে, আৰু মানুহজনীয়েও নিজৰ ঠাইখনক ইমানেই ভাল পাইছিল যে সেইখন এৰি কেতিয়াও ইয়ালৈ অহা নাছিল। হালধীয়া ৰঙৰ প্লাষ্টাৰ কৰা হাউলিটোৰ মলিয়ন চালিখন আওগৰীয়া হৈ বহল বাৰাণ্ডাখনক কোনোবা ফকীৰৰ জলহু পোচাক এটাৰ দৰে খাই পেলাও যেন কৰিছিল। গাতে গা লগাই থকা ডাঠ ডাল-পাতৰ ওখ ওখ বুঢ়া ওক গছবোৰৰ গেজপনিয়ে হাউলিটোক ক’লা ছাঁৰে যেন মেৰিয়াই ধৰি আছিল। সেইবোৰতো তেনেকুৱাই, লগতে এতিয়াৰ ডেকা অবিগ্নিৰ শাসন আছিল বৰ কঠোৰ; তেওঁৰ কৃষ্ণাংগ লগুৱাবিলাকে আগৰজন মৰমিয়াল মালিকৰ দিনৰ সেই হাঁহি-ধেমালিৰ মুকলিমূৰীয়া দিনবোৰৰ কথা যেন পাহৰিয়েই পেলাইছিল।

লাহে লাহে সুস্থ হৈ গাভৰু মাকজনী কোমল বগা কাপোৰ পিন্ধি ছ’ফাখনত দীঘল দি পৰি আছিল। কেঁচুৱাটো আছিল মাকৰ দাঁতিতে; সি মাকৰ বাহুৰ ওপৰতে টোপনি গৈছিল। ধাইজনীয়ে খিৰিকীখনৰ কাষতে বহি নিজকে বিচনীৰে বা মাৰি আছিল।

মেডাম ভালমণ্ডেই তেওঁৰ শকত-আৱত শৰীৰটো হাওলাই ডেজিৰীক সাৱটি ধৰি মৰমেৰে চুমা এটা খালে। তাৰ পিছত তেওঁ কেঁচুৱাটোৰ ফালে মুখ ঘূৰালে।

“এইটো কেনেকুৱা কেঁচুৱা”!— তেওঁ উচপ খাই উঠি চিঞৰি উঠিল।

“মই জানিছিলোঁৱেই যে তুমি আচৰিত হৈ যাবা”— ডেজিৰীয়ে হাঁহি মাৰি ক’লে, “ই ইমান খৰকৈ ডাঙৰ হৈছে নহয়! একেবাৰে লোদোৰ-পোদোৰ পোৱালিটো মোৰ! চোৱাচোন মা, তাৰ ভৰি দুখনলৈ চোৱা, হাত দুখন চোৱা, আৰু আঙুলিৰ নখবোৰ— একদম সাংঘাতিক নখ। জান্দ্ৰিনে আজি পুৱাই নখবোৰ কাটি দিবলগীয়া হৈছে। নহয়নে জান্দ্ৰিন?”

মূৰত কাপোৰৰ পটি বান্ধি থকা ধাইজনীয়ে মূৰটো দোঁৱাই সলাগিলে, “হয় মেডাম, ঠিকেই কৈছে”।

“আৰু সি যিহে চিঞৰি চিঞৰি কান্দে নহয়”, ডেজিৰীয়ে কৈ গ’ল, “কাণ ফাটি যোৱা যেন লাগে। সিদিনা আৰ্মাণ্ডে ইয়াৰ কান্দোনৰ চিঞৰ আনকি লা ব্লাঞ্চৰ কেবিনৰ পৰাই শুনিবলৈ পাইছিল”।

মেডাম ভালমণ্ডেৰ চকু কেঁচুৱাটোৰ পৰা অলপো আঁতৰি যোৱা নাছিল। তেওঁ তাক দাঙি খিৰিকীৰে ভালকৈ পোহৰ পৰা ঠাই এটুকুৰালৈ লৈ গ’ল। তেওঁ অতি তীক্ষ্ন দৃষ্টিৰে কেঁচুৱাটিক চালে, তাৰ পাছত সন্দেহী চকুৰে চালে জান্দ্ৰিনৰ ফালে, তাই তেতিয়া মুখ ঘূৰাই বাহিৰৰ পথাৰখনলৈ কিবা চাই আছিল।

“অ’, কেঁচুৱাটো ডাঙৰ হৈছে, তাৰ চেহেৰাটোও সলনি হৈছে”, কেঁচুৱাটোক মাকৰ কাষত শুৱাই দি মেডাম ভালমণ্ডেই লাহেকৈ সুধিলে, “আৰ্মাণ্ডে বাৰু কি কয়”?

ডেজিৰীৰ মুখখন এক অনাবিল সুখৰ আভাৰে জিলিকি উঠিল।

“অ’, আৰ্মাণ্ড হৈছে এই ঠাইখনৰ সকলোতকৈ বেছি ফিতাহি মাৰি থকা বাপেক। তাৰ আচল কাৰণটো হ’ল যে ই এটা ল’ৰা, ল’ৰাইহে বংশৰ নাম ৰাখিব। অৱশ্যে তেওঁ মুখেৰে তেনেকুৱা একো কথা নাই বুলিহে কয়; কয় বোলে— ছোৱালী হ’লেও সমানেই মৰম কৰিলেহেঁতেন। কিন্তু মই জানোঁ, সেয়া সঁচা নহয়। তেওঁ মোক ভালৰি বোলাবলৈহে তেনেকৈ কয়। আৰু বুজিছা মা…”, মেডাম ভালমণ্ডেৰ মূৰটো নিজৰ কাষলৈ চপাই আনি ফুচফুচাই তাই ক’লে, “ইয়াৰ জন্ম হোৱাৰ দিন ধৰি তেওঁ সিহঁতৰ কাৰো গাত হাত তোলা নাই, অ’, এজনকো একো কৰা নাই। আনকি নেগ্ৰিলনে কামৰপৰা সাৰিবলৈ নিজৰ ভৰিখন পুৰি যোৱা বুলি ভাও জুৰিছিল—তেতিয়া তেওঁ হাঁহিলেহে আৰু ক’লে যে নেগ্ৰিলন এটা মহাদুষ্ট। মা, জানানে মই ইমান সুখী যে মোৰ নিজৰে ভয় লাগি যায়”।

ডেজিৰীয়ে ঠিকেই কৈছিল। প্ৰথমতে বিয়া আৰু তাৰ পাছত পুত্ৰৰ জন্মই আৰ্মাণ্ড অবিগ্নিৰ খঙাল আৰু খুট্‌খুটীয়া স্বভাবটো বহুখিনি কোমলাই পেলাইছিল। এই কথাই সহজ-সৰল ডেজিৰীক বৰ সুখী কৰি তুলিছিল, কাৰণ তাই আৰ্মাণ্ডক মনেপ্ৰাণে ভাল পাইছিল। তেওঁ খং কৰিলে তাই ভয়তে কঁপি উঠিছিল, তথাপিও তেনেকুৱা মুহূৰ্ততো তাই আৰ্মাণ্ডক বুকৰ উমেৰে ভাল পাইছিল। আৰু তেওঁ যেতিয়া হাঁহি দিছিল, সেইটোৱেই বিধাতাই দিয়া আটাইতকৈ ডাঙৰ বৰ বুলি ভাবিছিল। অৱশ্যে, তাইৰ প্ৰেমত পৰাৰ পাছৰে পৰা আৰ্মাণ্ডৰ দেখনিয়াৰ কলীয়া মুখখনত খঙৰ চিন বৰকৈ দেখিবলৈ পোৱা নগৈছিল।

কেঁচুৱাটোৰ বয়স তেতিয়া প্ৰায় তিনি মাহ হৈছিল, হঠাতে ডেজিৰীৰ মনলৈ আহিল যে ক’ৰবাত যেন কিবা এটা খেলিমেলি হৈছে, কিবা এটাই যেন তাইৰ সুখ-শান্তি কাঢ়ি নিবলৈ ওলাইছে। প্ৰথমতে তেনে ভাবটো ইমান ছঁয়াময়া আছিল যে তাই একো ধৰিবই পৰা নাছিল— মাথোঁ এটা অশান্তিকৰ অনুভৱ, ক’লা লগুৱাবিলাকৰ মাজত যেন কিবা ফুচফুচনি, কেতিয়াও নহা দূৰ-দূৰণিৰ মিতিৰ-কুটমৰ অকাৰণতে হঠাতে ঘৰলৈ আগমণ। তাৰ পাছতে দেখা গ’ল তাইৰ মানুহজনৰ আচৰণত এটা অদ্ভুত আৰু ভয়ানক পৰিৱৰ্তন, যাৰ কাৰণ কি বুলি সুধিবলৈও তাই সাহস কৰিব পৰা নাছিল। তেওঁ কথা পাতোতে তাইৰ চকুলৈ নহয়, ক’ৰবালৈ চাই থাকিছিল, তেওঁৰ যি দুটি চকু এদিন প্ৰেমত তিৰবিৰাই উঠিছিল, সেই দুটি  আজি যেন নিষ্প্ৰাণ হৈ পৰিছে। তেওঁ ঘৰৰ পৰা আঁতৰি থাকিবলৈ ধৰিলে; আৰু ঘৰত থকাৰ সময়কণতো তাইৰ আৰু কেঁচুৱাটোৰপৰা তেওঁ কোনো কাৰণ নোহোৱাকৈয়ে দূৰৈত থাকিবলৈ ল’লে। দাসসকলৰ প্ৰতি আৰ্মাণ্ডৰ ব্যৱহাৰো অতি নিষ্ঠুৰ হৈ পৰিল। গভীৰ মানসিক যন্ত্ৰণাত ডেজিৰীৰ যেন মৰি যাবলৈহে মন গৈছিল।

এদিন দুপৰীয়াৰ গৰমত নিজৰ কোঠাটোত পাতল ঘৰুৱা সাজ এযোৰেৰে বহি উদাস মনেৰে তাই কান্ধত ওলমি থকা দীঘল, ৰেচমী মুগা চুলিখিনিত আঙুলি বুলাই আছিল। দামী কাপোৰৰ চন্দ্ৰতাপে ঢাকি থোৱা, সিংহাসনৰ দৰে বিলাসী তাইৰ ডাঙৰ মেহগনি কাঠৰ বিছনাখনত গাৰ আধা কাপোৰ খহি পৰা কেঁচুৱাটো শুই আছিল। লা ব্লাঞ্চৰ সৰু বৰ্ণসংকৰ ল’ৰাটোৱে—তাৰ গাতো আধা কাপোৰহে আছিল—ম’ৰাপাখিৰ বিচনী এখনেৰে লাহে লাহে কেঁচুৱাটোক বা দি আছিল। ডেজিৰীৰ চকুযুৰি একেবাৰে উদাস আৰু কৰুণভাৱে কেঁচুৱাটোৰ ওপৰতে থৰ লাগি আছিল; সেই সময়তে তাই আচলতে চাৰিওফালে ঘন হৈ অহা ৰহস্যৰ ভয়াৱহ ডাঠ কুঁৱলী ফালি আচল ৰহস্যটো কি, তাকে বুজিবলৈ আপ্রাণ চেষ্টা চলাই আছিল। তাই এবাৰ নিজৰ কেঁচুৱাটোলৈ চালে, তাৰ পাছত কাষতে থিয় হৈ থকা ল’ৰাটোলৈ চালে; আকৌ কেঁচুৱাটোলৈ, আকৌ ল’ৰাটোলৈ—বাৰে বাৰে তেনেকৈয়ে চাই চাই এবাৰত তাই “অ’ মা” বুলি হঠাতে চিঞৰি দিলে, কান্দোনৰ নিচিনা চিঞৰটো গম নোপোৱাকৈয়ে তাইৰ মুখেদি নিজে নিজে ওলাই আহিছিল। তাইৰ গোটেই শিৰা-উপশিৰাৰ তেজবোৰ যেন গোট মাৰি বৰফ হৈ গ’ল, আৰু গোটেই মুখখন ঘামেৰে তিতি জপজপীয়া হৈ পৰিল।

তাই সেই সৰু বৰ্ণসংকৰ ল’ৰাটোৰ লগত কিবা কথা পাতিবলৈ চেষ্টা কৰিছিল; কিন্তু তাইৰ মুখেৰে কোনো মাতেই নোলাল। যেতিয়া ল’ৰাটোৱে তাৰ নামটো ফুচফুচনিৰ দৰে শুনিবলৈ পালে, সি মূৰ তুলি চালে আৰু দেখিলে যে তাৰ মালিকনীয়ে দুৱাৰখনৰ পিনে আঙুলিয়াই দেখুৱাইছে। সি কোমল বিচনীখন এফালে থৈ বাধ্য ল’ৰাৰ দৰে খালী ভৰিৰে হাতত সাৰে ভৰিত সাৰে মিহি মজিয়াখনেৰে বাহিৰলৈ ওলাই গুছি গ’ল।

তাই একেবাৰে জঠৰ হৈ পৰিল; তাইৰ চকুযুৰি কেঁচুৱাটোৰ ওপৰতে থৰ লাগি আছিল আৰু তাইৰ গোটেই মুখখনত ফুটি উঠিছিল আতংকৰ ছাঁ। তেনেতে তাইৰ মানুহজন কোঠালৈ সোমাই আহিল, কিন্তু তাইৰ পিনে চকু নিদিয়াকৈয়ে পোনে পোনে টেবুলখনৰ ওচৰলৈ গ’ল আৰু তাত সিঁচৰিত হৈ থকা কাগজ-পত্ৰবোৰৰ মাজত কিবা এটা বিচাৰিবলৈ ধৰিলে।

“আৰ্মাণ্ড”! এনেকুৱা এটা সুৰেৰে তাই তাক মাতিলে—যদি তেওঁ মানুহ হৈয়েই আছিল, তেন্তে তেওঁৰ বুকুত মাতটোৱে ছুৰীৰে বিন্ধাৰ দৰে বিন্ধিলেহেঁতেন। কিন্তু তেওঁ তাত কাণেই নিদিলে। “আৰ্মাণ্ড”!— তাই আকৌ মাতিলে। তাৰ পিছত তাই থিয় হৈ থৰক-বৰক খোজেৰে তেওঁৰ ফালে আগ বাঢ়ি গ’ল। “আৰ্মাণ্ড”!— বুলি আকৌ এবাৰ ফোপাই ফোপাই মাতি তেওঁৰ বাহুটো খামুচি ধৰি ক’লে, “আমাৰ ইয়ালৈ চোৱাচোন। এইবোৰৰ মানে কি? মোক কোৱা, কি হৈছে এইবোৰ”‌?

আৰ্মাণ্ডে অতি দৃঢ়তাৰে অথচ লাহেকৈ তাৰ বাহুৰ পৰা তাইৰ আঙুলিবোৰ এৰুৱাই দিলে আৰু তাইৰ হাতখন জোকাৰি আঁতৰাই পঠিয়ালে। “মোক কোৱা, এইবোৰৰ মানে কি”!’—তাই চৰম হতাশাত চিঞৰি উঠিল।

“ইয়াৰ মানে হ’ল”, তেওঁ একেবাৰে সহজভাৱে উত্তৰ দিলে, “আমাৰ কেঁচুৱাটো বগা নহয়; ইয়াৰ মানে এইটোৱেই যে তুমিও বগা নহয়”।

এই অভিযোগটোৰ ভয়ংকৰ পৰিণতিৰ কথা মুহূৰ্ততে বুজি পাই তাই নিজকে চম্ভালি ল’লে; আৰু মনলৈ এক অদ্ভুত সাহস আনি তাই কথাটোক একেবাৰে অস্বীকাৰ কৰিবলৈ উঠি-পৰি লাগিল।

“সেইটো হ’বই নোৱাৰে; এয়া কেতিয়াও সঁচা হ’ব নোৱাৰে, মই বগা! মোৰ চুলিখিনিলৈ চোৱাচোন, এইয়া মুগা বৰণৰ; আৰু মোৰ চকুযুৰি, আৰ্মাণ্ড, তুমিতো জানা মোৰ চকুযুৰি ধূসৰ। মোৰ গাতো একেবাৰে বগা”, তাই তেওঁৰ হাত এখনৰ মণিবন্ধত খামোচ মাৰি ধৰিলে। “মোৰ হাতখনলৈ চোৱা; তোমাতকৈও বেছি বগা, আৰ্মাণ্ড”, হাঁহি-কান্দোন মিহলি সুৰেৰে তাই উন্মাদৰ দৰে চিঞৰি উঠিল।

“লা ব্লাঞ্চৰ হাতখনৰ দৰেই বগা”, তেওঁ নিষ্ঠুৰভাৱে উত্তৰ দিলে; আৰু তাইক কেঁচুৱাটোৰ সৈতে অকলশৰে এৰি ওলাই গুচি গ’ল।

যেতিয়া হাতলৈ কলম এটা ল’ব পৰা শক্তি আহিল, তেতিয়া মেডাম ভালমণ্ডেলৈ তাই চৰম বিষাদেৰে চিঠি এখন লেখিলে—“মা, সিহঁতে মোক কৈছে যে মই হেনো বগা নহয়। আৰ্মাণ্ডেও মোক কৈছে মই হেনো বগা নহয়। ঈশ্বৰৰ শপত মা, সিহঁতক কোৱা যে সেইটো মিছা কথা! তুমিতো জানাই সেয়া সঁচা হ’বই নোৱাৰে। মই মৰি যাম মা, মই সঁচাকৈয়ে মৰি যাম। ইমান দুখ বুকুত লৈ মই জীয়াই থাকিব নোৱাৰোঁ”। তাৰ উত্তৰত আহিল তেনেই চুটি এখন চিঠি—“মোৰ ডেজিৰী সোনজনী! তই ভালমণ্ডেলৈ ঘূৰি আহ; তোক ভাল পোৱা তোৰ মাৰাৰ ওচৰলৈ ঘূৰি আহ। কেঁচুৱাটোক লগত আনিবি”।

ডেজিৰীয়ে মাকৰ চিঠিখন লৈ তাইৰ মানুহজনৰ পঢ়া কোঠালৈ গ’ল আৰু তেওঁ বহি থকা মেজখনৰ ওপৰত চিঠিখন মেলি দিলে। চিঠিখন তাত থৈয়েই তাই যেন এটা পাথৰৰ মূৰ্তি হৈ পৰিল—একেবাৰে নিশ্চুপ, শেঁতা আৰু জঠৰ।
আৰ্মাণ্ডৰ শীতল চকুযুৰিৰ দৃষ্টি চিঠিখনৰ শব্দবোৰৰ ওপৰেৰে পাৰ হৈ গ’ল। তেওঁ একোকে নামাতিলে।
“মই গুচি যামনে, আৰ্মাণ্ড”?—তাইৰ মাতটো কঁপি উঠিল চৰম যন্ত্ৰণা আৰু উৎকণ্ঠাত।
“অ’, যোৱা”।
“তুমি সঁচাকৈয়ে মই গুচি যোৱাটোকে বিচৰা নেকি”?
“অ’, মই তুমি ইয়াৰ পৰা যোৱাটোকে বিচাৰোঁ”। আৰ্মাণ্ডৰ ভাব হৈছিল যেন স্বয়ং ঈশ্বৰেই তেওঁৰ লগত বৰ নিষ্ঠুৰ আৰু অন্যায় আচৰণ কৰিলে; আৰু নিজৰ মানুহজনীৰ বুকুত এনেকৈ শেলেৰে বিন্ধি তেওঁ একপ্ৰকাৰে ঈশ্বৰৰ ওপৰত পোটক তোলা বুলি অনুভৱ কৰিলে। তদুপৰি তেওঁ ডেজিৰীক অলপো ভাল নোপোৱা হৈছিল, কাৰণ তাই তেওঁৰ ঘৰখন আৰু বংশমৰ্যাদালৈ কঢ়িয়াই আনিছিল অমোচনীয় কলংক।

বজ্ৰই আঘাত হনা মানুহৰ দৰে ডেজিৰী থৰ হৈ পৰিল, তাৰ পাছত তাই লাহে লাহে দুৱাৰখনৰ পিনে খোজ ল’লে; তাইৰ মনত তেতিয়াও আশা আছিল—কিজানিবা তাইৰ মানুহটোৱে পিছফালৰপৰা তাইক ৰ’বলৈ কয়েই।

তাইৰ মুখৰপৰা অস্ফুট কণ্ঠেৰে ওলাল—“বিদায়, আৰ্মাণ্ড”। তেওঁ একো উত্তৰ নিদিলে। দৈৱৰ ওপৰত তেওঁ হানিবলৈ খোজা এইটোৱেই যেন আছিল শেষ আঘাত।

ডেজিৰীয়ে কেঁচুৱাটিক বিচাৰি গ’ল। জান্দ্ৰিনে সেই থম্‌থমীয়া বাৰাণ্ডাখনত ইফালে-সিফালে খোজ কাঢ়ি তাক নিচুকাই আছিল। ডেজিৰীয়ে ধাইজনীৰ হাতৰপৰা কোনো কথা নকৈ কেঁচুৱাটোক তাইৰ কোলাত তুলি ল’লে আৰু খটখটিৰে তললৈ নামি বুঢ়া ওক গছবোৰৰ ডাল-পাতৰ তলেদি খোজ ল’লে।

দিনটো আছিল অক্টোবৰ মাহৰ এটা আবেলি; বেলি ডুবু ডুবু হোৱাৰ পৰ। শান্ত পথাৰখনত ক’লা ছালৰ দাসবোৰে তেতিয়াও কঁপাহ তুলি আছিল।

ডেজিৰীৰ গাত পাতল বগা কাপোৰসাজ আৰু ভৰিত চেণ্ডেলযোৰেই আছিল। কোনো আবুৰ নোলোৱা চুলিখিনি তেতিয়া মেলাই আছিল আৰু বেলিৰ পোহৰ পৰি মুগা বৰণীয়া মুকলি চুলিখিনিত যেন সোণালী আভা জিলিকি উঠিছিল।

তাই কিন্তু দূৰৈৰ ভালমণ্ডেৰ জমিদাৰী ঘৰলৈ যোৱা চিনাকী ঘাই পথটোত ভৰি নিদিলে। তাই এখন নিমাওমাও শুকান পথাৰৰ মাজেৰে খোজ ল’লে, য’ত শুকান নৰাৰ ধাৰে তাইৰ পাতল চেণ্ডেল পিন্ধা সুকোমল ভৰি দুখন ক্ষত-বিক্ষত কৰি পেলালে, আৰু বনবোৰৰ কাঁইটীয়া পাতে সেই পাতল বগা কাপোৰযোৰ ফালি চিৰাচিৰ কৰি পেলালে।

লাহে লাহে তাই সেই নিথৰ আৰু দ বিলখনৰ পাৰৰ ইকৰা আৰু নল-খাগৰিৰ ডাঠ জোপোহাবোৰৰ মাজত নাইকিয়া হৈ গ’ল, আৰু তাই কোনোদিনেই উভতি নাহিল।
****
কেইসপ্তাহমানৰ পাছত, লা-এব্ৰিত এটা বেলেগধৰণৰ দৃশ্য দেখিবলৈ পোৱা গ’ল। পিছফালৰ চিকুনকৈ সাৰি-মচি থোৱা চোতালখনৰ একেবাৰে মাজতে দেখা গৈছিল একুৰা ডাঙৰ জুই। আৰ্মাণ্ড অবিগ্নিয়ে সেই বহল বাৰাণ্ডাখনত বহি গোটেই কাণ্ডটো চাই আছিল; আৰু তেওঁ নিজেই আধা ডজনমান কৃষ্ণাংগ দাসক ইটোৰ পিছত সিটো বস্তু জুইত জাপি দিবলৈ উলিয়াই দি আছিল যাতে জুইকুৰা দপ্‌দপাই জ্বলি থাকে।

বেতৰ ধুনীয়া কেঁচুৱাৰ দোলনাখন, লগতে সেইখনৰ সকলো দামী কাপোৰ-কানি জুইকুৰাত জাপি দিয়া হ’ল। তাৰ পিছত জুইকুৰাত এটা এটাকৈ জাপি দিয়া হ’ল চিল্ক, ভেলভেট আৰু চাটিনৰ দামী দামী গাউনবোৰ; লগত নানাবিধ দামী লেচ আৰু এমব্ৰইডাৰি কৰা কাপোৰ, টুপি আৰু হাতমোজা; আনকি কইনাক জোৰোণত দিয়া বিৰল উপাহাৰবোৰ আৰু বহুমূলীয়া পেৰাটোও জ্বলাবলৈ দিয়া হ’ল।

একেবাৰে শেষত আৰ্মাণ্ডে জুইত দিলে চিঠিৰ এটা সৰু টোপোলা; তাত আছিল বিয়া ঠিক হোৱাৰ পাছত ডেজিৰীয়ে তেওঁলৈ মৰমেৰে লিখা নিৰ্মল সৰু সৰু চিঠিবোৰ।

যিটো ড্ৰয়াৰৰ পৰা তেওঁ চিঠিবোৰ উলিয়াই আনিছিল, তাৰ একেবাৰে পিছফালে পুৰণি চিঠি এখনৰ টুকুৰা এটাও আছিল। কিন্তু সেই চিঠিখন ডেজিৰীৰ নাছিল; সেইখন আছিল আৰ্মাণ্ডৰ মাকৰ। মাকে আৰ্মাণ্ডৰ দেউতাকলৈ লিখা এখন পুৰণি চিঠিৰ অংশহে মাত্ৰ।

তেওঁ সেইখন পঢ়িলে। চিঠিখনত আৰ্মাণ্ডৰ মাকে ঈশ্বৰক ধন্যবাদ জনাইছিল নিজৰ মানুহজনৰ মৰম লাভ কৰাৰ বাবে।

“কিন্তু, এই সকলোবোৰৰ উৰ্ধত”, তেওঁ লিখিছিল, “দিনে-নিশাই মই সেই দয়াময় ভগৱানক এইবাবেই ধন্যবাদ জনাওঁ যে তেওঁ আমাৰ জীৱনটোক এনেদৰে সজাই তুলিলে, যাৰ বাবে আমাৰ মৰমৰ আৰ্মাণ্ডে কেতিয়াও গম নাপাব যে তাক ইমান বেছি ভাল পোৱা তাৰ নিজৰ মাকগৰাকী আচলতে দাসত্বৰ বোজা কঢ়িয়াই লৈ ফুৰা হতভগীয়া জাতিটোৰহে আছিল।
*****

অনুতাপ

মেড্‌ম’জেল অৰ্লীৰ শৰীৰটো আছিল বেছ শক্তিশালী, গাল দুখন যেন তেজ ফুটো ফুটো কৰা ৰঙচুৱা, চুলিবোৰে মুগা বৰণটো সলাই লাহে লাহে পকিবলৈ আৰম্ভ কৰিছে, চকু দুটিত ফুটি উঠে তেওঁৰ মনৰ দৃঢ়তা। ফাৰ্মখনত কাম-বন কৰি থাকোঁতে তেওঁৰ মূৰত থাকিছিল পুৰুষৰ টুপী এটা, জাৰ কালি পিন্ধি লৈছিল এটা পুৰণি নীলা মিলিটাৰী অভাৰকোট, কেতিয়াবা আকৌ ভৰিত সুমুৱাই লৈছিল ওখ বুট জোতা।

মেড্‌ম’জেল অৰ্লীয়ে বিয়া-বাৰু কৰোৱাৰ কথা কেতিয়াও নাভাবিলে। তেওঁ কোনোদিনে কাৰো প্ৰেমতো পৰা নাছিল। বিছ বছৰ বয়সত তেওঁ তেনেকুৱা এটা প্ৰস্তাৱ পাইছিল সঁচা, কিন্তু তেওঁ লগে লগেই সেইটোক উৰুৱাই দিছিল, আৰু এই পঞ্চাছ বছৰ বয়সতো তাৰ বাবে তেওঁৰ মনত কোনো খেদ নাই।

গতিকে এই পৃথিৱীত তেওঁ একেবাৰে অকলশৰীয়া আছিল, আপোন বুলিবলৈ আছিল মাত্র তেওঁৰ পোহনীয়া কুকুৰ পণ্টো, ফাৰ্মৰ সৰু পঁজাবোৰত থাকি খেতি-বাতিত লাগি দিয়া কৃষ্ণাংগ মানুহখিনি, কেইটামান হাঁহ-কুকুৰা, কেইজনীমান গাই গৰু, এহাল খচ্চৰ, তেওঁৰ বন্দুকটো (যিটোৰে তেওঁ কুকুৰা থপিয়াই লৈ যোৱা চিলনীবোৰক গুলীয়াইছিল) আৰু তেওঁৰ নিজৰ ধৰ্মবিশ্বাস।

এদিন পুৱা মেড্‌ম’জেল অৰ্লীয়ে কঁকালত হাত দি নিজৰ বাৰাণ্ডাত থিয় হৈ আছিল। তেওঁ থৰ লাগি চাই আছিল চোতালত গোট খোৱা একেবাৰে সৰু সৰু ল’ৰা-ছোৱালীৰ জাক এটালৈ। এনে লাগিছিল, আকাশৰপৰাহে মেঘ ফালি যেন সিহঁত সৰি পৰিছিল—কাৰণ সিহঁতৰ অতৰ্কিত আগমন আছিল তেনেই অপ্ৰত্যাশিত, আচৰিত আৰু লগতে সেইটো আছিল মেড্‌ম’জেল অৰ্লীৰ বাবে একেবাৰে অবাঞ্ছিত। সিহঁত আছিল তেওঁৰ আটাইতকৈ ওচৰৰে চুবুৰীয়া অ’ডিলৰ ল’ৰা-ছোৱালী; অৱশ্যে ওচৰৰ বুলি ক’বলৈহে—সিহঁতৰ ঘৰ আছিল বেছ আঁতৰত।

মাত্ৰ পাঁচ মিনিটমানৰ আগতেহে কম বয়সীয়া মানুহজনীয়ে চাৰিওটা ল’ৰা-ছোৱালীক লৈ এইখিনি পাইছেহি। তাইৰ কোলাত আছিল কণমানি লোডী; আহিবলৈ ইচ্ছা নকৰা টি নমক তাই হাতত ধৰি চোঁচৰাই অনাৰ দৰেহে আনিছিল; আনহাতে মাৰ্চিলিন আৰু মাৰ্চলেটে ক’লৈ যাম, কি কৰিম—তেনে এটা আশংকাৰে সিহঁতৰ পিছে পিছে থমকি থমকি, এখোজ-দুখোজকৈ খোজ কাঢ়ি আহিছিল।

উত্তেজনা আৰু কন্দা-কটা কৰাৰ বাবে তাইৰ মুখখন ৰঙা হৈ ফুলি উঠিছিল। ওচৰৰে আন এখন গাঁৱত থকা মাক টান নৰিয়াত পৰিলত তাইক মাতি পঠোৱা হৈছিল জৰুৰীভাৱে, তাইৰ মানুহটোও আছিল দূৰৈৰ টেক্সাছত— সেই দূৰত্ব তেনে সময়ত তাইৰ বাবে বহু যোজনৰ বাট যেন লাগিছিল। ইফালে ভালচিন নামৰ মানুহজনে তাইক ৰেল ষ্টেচনলৈ লৈ যাবলৈ খচ্চৰৰ গাড়ীখন সাজু কৰি ৰৈ আছিল।

“অন্য একো কথা নাই মেড্‌ম’জেল অৰ্লী; মই ঘূৰি নহালৈকে এই পোৱালিকেইটাক আপুনি অলপ ৰাখিব লাগিব। ঈশ্বৰৰ শপত, অইন কিবা উপায় থকা হ’লে মই আপোনাক এনেদৰে আমনি কৰিবলৈ কেতিয়াও নাহিলোঁহেঁতেন! সিহঁতক একেবাৰে আপোনাৰ মতে চলাব, মেড্‌ম’জেল অৰ্লী, বেছি মৰম দেখুৱাই মূৰত উঠিবলৈ নিদিব। ল’ৰা-ছোৱালীকেইটাৰ জঞ্জালে মোক জ্বলা-কলা খুৱাই আছে, তাতে ল’ন ঘৰত নাই। নাজানোঁ, এতিয়া মোৰ আজলী আইজনীক উশাহ লৈ থকা দেখিবলৈ পাওঁগৈ নে নাই”!— এই আশংকাই অ’ডিলক ইমানেই বিতত কৰি তুলিলে যে তাই লৰালৰিকৈ নিজৰ কান্দি থকা ল’ৰা-ছোৱালীকেইটাৰপৰা খৰখেদাকৈ বিদায় লৈ গুচি গ’ল।

দীঘল আৰু চাপৰ ঘৰটোৰ অকণমান ছাঁ পৰা পিৰালিৰ চুক এটাত সিহঁতক থৈ তাই গুচি গ’ল। ইফালে চোকা ৰ’দজাকত ঘৰটোৰ পুৰণি বগা তক্তাবোৰ গৰম হৈ পৰিছিল। খটখটীটোৰ তলৰ ঘাঁহনিডৰাত কেইটামান কুকুৰাই মাটি খুচৰি আছিল, তাৰে এটাই আকৌ সাহসেৰে ওপৰলৈকে উঠি আহি গহীন অথচ লক্ষ্যহীন ভাবেৰে ইফালে-সিফালে তহল দি ফুৰিছিল। বতাহজাকত ঘূৰি ফুৰিছিল গুটিমালী ফুলৰ এটা কোমল মিঠা সুবাস, আৰু ফুলি থকা কপাহ খেতিডৰাৰ সিপাৰৰপৰা ভাঁহি আহিছিল কৃষ্ণাংগ বনুৱাৰ হাঁহিৰ খিল্‌খিলনি।

মেড্‌ম’জেল অৰ্লীয়ে ল’ৰা-ছোৱালীকেইটালৈ থৰ লাগি চাই ৰ’ল। তেওঁ তীক্ষ্ন দৃষ্টিৰে মাৰ্চিলিনৰ ফালে চালে— কোলাত থকা লোদোৰ-পোদোৰ লোডীজনীৰ ভৰ সহিব নোৱাৰি তাই যেন তাতেই ঢলি পৰিব, তেনেকুৱা এটা অৱস্থাত মাক অ’ডিলে তাইক এৰি থৈ গৈছিল। তেওঁ এইবাৰ হিচাপী চকুৰে মাৰ্চলেটলৈ চালে— তাই টি নমৰ সশব্দ আৰু খিংখিঙীয়া কান্দোনৰ মাজতে নিঃশব্দে চকুৰ পানী টুকি আছিল। মাত্র এই কেইটামান পলৰ ভিতৰতে ভাবি-চিন্তি তেওঁ নিজকে চম্ভালি লৈ ঠিক কৰি পেলালে, কৰ্তব্যৰ খাতিৰত এতিয়া কি কি কৰিব লাগিব। সেইমতে প্ৰথম কামটো কৰিলে তেওঁ— সিহঁতক খাবলৈ দিলে।

মেড্‌ম’জেল অৰ্লীৰ দায়িত্বখিনি যদি কেৱল তাতেই আৰম্ভ হৈ তাতেই শেষ হ’লহেঁতেন, তেনেহ’লে তেওঁ সেইবোৰ বৰ সহজেই চম্ভালি ল’ব পাৰিলেহেঁতেন; কিয়নো এনেকুৱা হঠাতে অহা আহুকালৰ বাবে তেওঁৰ ভঁড়ালত কোনো নাটনি নাছিল। কিন্তু ল’ৰা-ছোৱালীবোৰতো আৰু গাহৰিৰ পোৱালি নহয়— সিহঁতৰ ফালে চকু-কাণ দি এনেকুৱা কিছুমান আলপৈচান ধৰাৰ প্ৰয়োজন হৈ পৰিল, যিবোৰৰ কথা মেড্‌ম’জেল অৰ্লীয়ে কেতিয়াও ভবাও নাছিল আৰু সেইবোৰ কৰিবলৈ তেওঁৰ কোনো প্ৰস্তুতিও নাছিল।

প্ৰথম কেইদিনমান অ’ডিলৰ ল’ৰা-ছোৱালীকেইটাক চম্ভালিবলৈ সঁচাকৈয়ে তেওঁৰ বৰ আহুকাল হৈছিল। তেওঁ বাৰু কেনেকৈ জানিব যে অলপ ডাঙৰকৈ বা আদেশৰ সুৰত কিবা এটা ক’লেই মাৰ্চলেটে উচুপিবলৈ ধৰিব? সেইটোতো মাৰ্চলেটৰ স্বভাৱেই আছিল। টি নমৰ যে ফুলৰ প্ৰতি ইমান আগ্ৰহ আছিল—সেই কথা তেওঁ তেতিয়াহে গম পালে যেতিয়া সি বাগিচাৰ আটাইতকৈ বাছকবনীয়া তগৰ আৰু গুটিমালী ফুলবোৰ ছিঙি আনি একেবাৰে উদ্ভিদ-বিজ্ঞানী এজনৰ দৰে তন্ন তন্নকৈ পৰীক্ষা কৰাত লাগিল।

“তাক কেৱল মুখৰে ক’লে একো কাম নিদিয়ে, মেড্‌ম’জেল অৰ্লী”, মাৰ্চিলিনে তেওঁক বুধি এটা দিলে—“আপুনি তাক চকীত বান্ধি থব লাগিব। সি দুষ্টামি কৰিলে মায়ে সদায় তাকেই কৰে— চকী এখনত একদম বান্ধি থৈ দিয়ে”। সেই মতে মেড্‌ম’জেল অৰ্লীয়ে টি নমক যিখন চকীত বান্ধি থৈছিল, সেইখন আছিল বৰ ডাঙৰ-দীঘল আৰু আৰামদায়ক; গতিকে সিও সুযোগ বুজি তাতে অলপ টোপনি মাৰি ল’লে, কাৰণ বেলি লহিওৱা সময়খিনিত বেছ গৰম পৰিছিল।

ৰাতি হ’লে, কুকুৰাবোৰক খেদাই খেদাই গঁৰালত সুমুওৱাৰ দৰে তেওঁ যেতিয়া সিহঁত আটাইকেইটাকে বিচনালৈ যাবলৈ হুকুম দিলে, সিহঁতে যেন একোকে বুজিব নোৱাৰি তেওঁৰ মুখলৈ থৰ লাগি চাই থাকিল। গাৰুৰ গিলিপত ভৰাই অনা সেই সৰু সৰু বগা, ৰাতি পিন্ধা সাজকেইটাৰ এতিয়া হ’ব কি‌? কোনোবাই টানকৈ জোকাৰি দিলেহে সেইবোৰ চাবুকৰ দৰে ফিট্‌ফিটীয়াকৈ মেল খাই পৰিব! আৰু মজিয়াৰ মাজলৈ পানীৰ চৰিয়াটো আনিব কোনে‌? দিনটো ধূলি-বালি খুচৰি, ৰ’দত পুৰি ভাগৰি পৰা সৰু সৰু ভৰিকেইখন পখালি চাফা কৰিবলৈ যে তাৰেই পানী লাগিব! বুঢ়া ডাঙৰীয়া বা কুকুৰনেচীয়া— বা সেই দুয়োটাৰে সাধু নুশুনাকৈ টি নম টোপনি যাব, অথবা কোলাত লৈ নিচুকনি গীত নোগোৱাকৈ লোডীজনী আপোনা-আপুনি শুই পৰিব— মেড্‌ম’জেল অৰ্লীয়ে যে তেনেকৈ ভাবিছিল, সেই কথাটোত মাৰ্চিলিন আৰু মাৰ্চলেটে বৰ ৰস পাই খিলখিলকৈ হাঁহি দিলে।

“মই তোমাক সঁচাকৈয়ে কৈছোঁ ৰুবী,” মেড্‌ম’জেল অৰ্লীয়ে তেওঁৰ ৰান্ধনীগৰাকীক গোপন কথা এটি বেকত কৰাৰ দৰে ক’লে, “এই চাৰিটা ল’ৰা-ছোৱালীক চম্ভালিবলৈ দিয়াতকৈ মোক দহ পুৰা মাটিৰ খেতি-পথাৰ চাবলৈ দিয়া হ’লেও ভাল আছিল। মই নিগমে মৰিলোঁ বুজিছা! হে ভগৱান! মোৰ আগত এই ল’ৰা-ছোৱালীৰ নামকে নল’বা আৰু”!

“আপোনাৰ নিচিনা আবিয়ৈ মানুহ এগৰাকীয়ে যে ল’ৰা-ছোৱালীৰ এইবোৰ লেঠাৰ কিবা আও-ভাও পাব, তেনে আশা ময়ো কৰা নাছিলোঁ দিয়ক মেড্‌ম’জেল অৰ্লী। কালি যেতিয়া মই সেই অকণমানিটোক আপোনাৰ চাবিৰ কোছাটো লৈ খেলি থকা দেখিলোঁ, তেতিয়াই মই কথাটো ফট্‌ফটীয়াকৈ বুজি পালোঁ। আপুনি নাজানে নেকি যে চাবি লৈ খেলিলে ল’ৰা-ছোৱালীবোৰ ডাঙৰ হৈ বৰ টেটোন আৰু অবাধ্য হয়? ঠিক যেনেকৈ দাপোণত মুখ চাই থাকিলে সিহঁতৰ দাঁত ওলোৱাৰ সময়ত বৰ কষ্ট হয়—তেনেকুৱাই কথা এইবোৰ। ল’ৰা-ছোৱালী তুলি-তালি ডাঙৰ-দীঘল কৰিবলৈ, সিহঁতক চম্ভালিবলৈ এইবোৰ জানিবই লাগিব”।

ল’ৰা-ছোৱালীবোৰৰ মতিগতি বুজি পোৱাৰ ৰুবীৰ যিমান নিবিড় আৰু দীৰ্ঘদিনীয়া অভিজ্ঞতা আছিল, মেড্‌ম’জেল অৰ্লীয়ে নিজৰ তেনে জ্ঞান থকা বুলি কেতিয়াও ফিতাহি মাৰিবলৈ যোৱা নাছিল। কিয়নো বুঢ়ীগৰাকীয়ে নিজৰ জীৱনকালত পাঁচাটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিছিল আৰু ছটাকৈ সন্তানক মাটিও দিছিল। মেড্‌ম’জেল অৰ্লীয়ে সেই তৰণি নোপোৱা অৱস্থাত ল’ৰা-ছোৱালীকেইটাক চম্ভালিবলৈ মাকবিলাকৰ দুই-এটা সৰু-সুৰা ঘৰুৱা বুধি বুঢ়ীগৰাকীৰপৰা জানিবলৈ পাই বৰ সকাহ পালে।

টি নমৰ আঠা আঠা হৈ থকা হাতৰ পৰা বাচিবলৈ মেড্‌ম’জেল অৰ্লীয়ে বহু যুগ ধৰি পেৰাত সোমাই থকা বগা এপ্ৰনকেইটা উলিয়াই ল’বলগীয়া হ’ল; লগতে, তেওঁ অভ্যস্ত হৈ পৰিবলগীয়া হ’ল মৰম আৰু উচাহৰ চুমাৰে দুগাল তিয়াই পেলোৱা তাৰ সেই অভ্যাসটোৰ লগতো। মেড্‌ম’জেল অৰ্লীয়ে আলমাৰীৰ ওপৰৰ খাপটোৰপৰা সচৰাচৰ হাত নিদিয়া বেজী-সূতাৰ বাকছটো নমাই আনিলে, আৰু সিহঁতৰ চোলা-পেণ্টৰ জোৰা-তাপলি দিয়া বা বুটাম লগোৱা কামবোৰ কৰিবলৈ সেইটো হাততে পোৱাকৈ থৈ দিলে। দিনৰ দিনটো ঘৰৰ চুকে-কোণে বাগৰি ফুৰা সিহঁতৰ হাঁহি, কান্দোন আৰু হাই-উৰুমিবোৰৰ লগত নিজকে খাপ খুৱাই ল’বলৈ তেওঁক কেইবাদিনো লাগিছিল। প্ৰথম বা দ্বিতীয় ৰাতি বুলিয়েই নহয়, ভালেকেইদিন তেওঁ বৰ এটা শান্তিৰে শুব পৰা নাছিল, কাৰণ তেওঁৰ গাত লিপিত খাই আছিল লোডীৰ গৰম আৰু কোমল কণমানি দেহাটো, লগতে তাইৰ গৰম নিশাহবোৰে চৰাইৰ ডেউকাই বা দি যোৱাৰ দৰে তেওঁৰ গালখনত খুন্দা মাৰিছিল।

কিন্তু দুসপ্তাহ পাৰ হৈ যোৱাৰ পাছত মেড্‌ম’জেল অৰ্লীয়ে এই গোটেইবোৰ কথাৰ সৈতে একেবাৰে সহজ হৈ পৰিল, তেওঁৰ মনত আৰু কোনো ওজৰ-আপত্তি নোহোৱা হ’ল।

ঠিক সেই দুসপ্তাহৰ মূৰত, গোহালিত গৰু-ছাগলীক গধূলি পৰৰ দানা খুৱাই থকা চাই থাকোঁতে হঠাতে মেড্‌ম’জেল অৰ্লীৰ চকুত পৰিল— ভালচিনৰ সেই নীলা ৰঙৰ গাড়ীখন আঁতৰৰ কেঁকুৰিটো পাৰ হৈ এইফাললৈকে আহি আছে। গাড়ীখনত বৰ্ণসংকৰ লগুৱা এজনৰ কাষতে অ’ডিলে সজাগ হৈ পোনকৈ বহি আছিল। গাড়ীখন যিমানেই ওচৰ চাপি আহিছিল, গাভৰু মানুহজনীৰ উজলি উঠা মুখখনে সিমানেই বুজাই দিছিল যে ঘৰলৈ ঘূৰি অহাৰ আনন্দত তাইৰ মনটো একেবাৰে আত্মহাৰা হৈ পৰিছে।

কিন্তু কোনো আগজাননী নিদিয়াকৈ অ’ডিলৰ এই অপ্ৰত্যাশিত আগমনে মেড্‌ম’জেল অৰ্লীক ইমান এটা খদমদমত পেলাই দিলে যে তেওঁৰ মনটো ভিতৰি ভিতৰি একেবাৰে অস্থিৰ হৈ পৰিল। এতিয়া ল’ৰা-ছোৱালীকেইটাক একগোট কৰিব লাগে। টি নম ক’লৈ গ’ল? সৌৱা দূৰৈৰ চালিখনৰ তলত সি, শিল এটাত ঘঁহি ঘঁহি নিজৰ কটাৰীখনত শান দি আছে। মাৰ্চিলিন আৰু মাৰ্চলেট‌? বাৰাণ্ডাৰ চুকটোত বহি সিহঁতে কাপোৰ কাটি-কুটি পুতলাৰ পোছাক চিলাই কৰি আছে। আৰু লোডী‌? তাই মেড্‌ম’জেল অৰ্লীৰ কোলাতেই উম লৈ আছিল—মাকক লৈ অনা চিনাকি নীলা গাড়ীখন দেখা পাই তাই আনন্দতে কিৰিলি পাৰি উঠিল।

সিহঁত গুচি গ’ল, আৰু লগে লগে শেষ হ’ল সকলো হাই-উৰুমি-হৈ-হুলস্থূল। সিহঁত যোৱাৰ লগে লগেই চৌদিশ যেন এক নিতাল মৰা অতল নৈঃশব্দত ডুব গ’ল। মেড্‌ম’জেল অৰ্লীয়ে বাৰাণ্ডাখনতে থৰ হৈ আঁতৰলৈ চাই কাণ পাতি থাকিল। তেওঁ তেতিয়া আৰু গাড়ীখন দেখা পোৱা নাছিল; বেলি লহিওৱাৰ পৰৰ ৰঙা আভা আৰু নীলা-ধূসৰ ছাঁয়াই পথাৰ আৰু বাটটোৰ ওপৰত যেন হেঙুল কুঁৱলীৰ ওৰণি এখনি টানি দিছিল, যাৰ বাবে গাড়ীখন তেওঁৰ চকুৰ আঁৰ হৈ পৰিছিল। গাড়ীৰ চকাৰ সেই ঘৰ্‌ঘৰণি-কেৰ্‌কেৰণিবোৰ তেওঁ আৰু শুনিবলৈ পোৱা নাছিল। কিন্তু ল’ৰা-ছোৱালীবোৰৰ উচাহেৰে ভৰা সেই তীক্ষ্ন কিৰিলিবোৰ তেতিয়াও যেন তেওঁৰ কাণত ৰিণিকি ৰিণিকি বাজি আছিল।

তেওঁ ঘৰৰ ভিতৰলৈ সোমাই আহিল। তেওঁৰ হেজাৰটা কাম পৰি আছিল, কাৰণ ল’ৰা-ছোৱালীকেইটাই গোটেই ঘৰখন লণ্ড-ভণ্ড কৰি থৈ গৈছিল; কিন্তু তেওঁ লগে লগেই সেইবোৰ সামৰি-সুতৰিবলৈ লাগি নগ’ল। মেড্‌ম’জেল অৰ্লী মেজখনৰ কাষতে বহি পৰিল। তেওঁ অৱশ দৃষ্টি এটাৰে গোটেই কোঠাটোৰ চাৰিওফালে এবাৰ চালে, য’ত ক্রমাৎ ঘন হৈ বগুৱা বাই অহা  গধূলিৰ ছাঁবোৰে যেন তেওঁৰ অকলশৰীয়া অস্তিত্বটোক মেৰিয়াই ধৰিছিল। তেওঁ ভাঁজ কৰি লোৱা হাত দুখনৰ ওপৰত মূৰটো পেলাই দিলে আৰু হুকহুকাই উঠিল। উফ্! বুকুৰ ভিতৰৰপৰা উজাই অহা কান্দোনত তেওঁ যেন ভাগি পৰিল! প্ৰায়বোৰ নাৰীয়ে কন্দাৰ দৰে সেইয়া কোনো কোমল উচুপনি নাছিল; তেওঁ কান্দিছিল এজন পুৰুষৰ দৰে—যি কান্দোনে তেওঁৰ অন্তৰাত্মাক যেন ফালি-চিৰি টুকুৰা-টুকুৰ কৰি পেলাইছিল। পণ্টোৱে যে তেতিয়া তেওঁৰ হাতখন চেলেকি আছিল, সেইটো তেওঁ গমেই পোৱা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *