অনুবাদকবিতা

ইৰাণী শ্ৰমিক কবি চাবিৰ হাকাৰ কবিতা ।। অনুবাদ : পল্লৱ হাজৰিকা

মুক্ত চিন্তা। একাদশ বৰ্ষ।। ৫ম সংখ্যা

ইৰাণী শ্ৰমিক কবি চাবিৰ হাকাৰ কবিতাসমূহ যেন একো একোটা বজ্ৰপাত। ১৯৮৬ চনত ইৰাণৰ কৰমানশ্বাহ চহৰত চাবিৰৰ জন্ম হৈছিল। বৰ্তমান তেওঁ তেহৰানত থাকে আৰু নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰে। চাবিৰ হাকাৰ দুখন কবিতা পুথি প্ৰকাশ পাইছে আৰু তেওঁ ইৰাণৰ শ্ৰমিক কবিতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। কিন্তু কেৱল কবিতাৰে পেট নভৰে। টকা উপাৰ্জনৰ বাবে তেওঁ ইটা-বালি কঢ়িয়াব লগা হয়।

এটা সাক্ষাৎকাৰত চাবিৰ হাকাই কৈছিল, “মই ভাগৰুৱা। অতিশয় ভাগৰুৱা। মই জন্ম হোৱাৰ আগৰে পৰাই ভাগৰুৱা। মোৰ মায়ে মোক গৰ্ভত লৈয়েই শ্ৰমিকৰ কাম কৰিছিল, মই তেতিয়াৰ পৰাই এজন শ্ৰমিক। মই মোৰ মাৰ সেই ভাগৰ অনুভৱ কৰিব পাৰোঁ। সেই ভাগৰ আজিও মোৰ দেহত বিৰাজমান”।
চাবিৰে কয় যে তেহৰানত তেওঁৰ শুবলৈ কোনো নিৰ্দিষ্ট ঠাই নাই আৰু বহু নিশা তেওঁ ৰাজপথত ঘূৰি ফুৰিয়েই পাৰ কৰে। এই কাৰণেই যোৱা বাৰ বছৰ ধৰি তেওঁ ইমানখিনি মানসিক শান্তি পোৱা নাই যে নিজৰ উপন্যাসখন সম্পূৰ্ণ কৰিব পাৰে।
চাবিৰ হাকাৰ এই কবিতাসমূহ কেৱল শব্দ নহয়, এয়া যেন এজন শ্ৰমিকৰ কলিজাৰ তেজ। তেওঁৰ কবিতাত যি বিষাদ, ক্ষোভ আৰু সৰলতা আছে, তাক অসমীয়াত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাকেইটা গীত চতুৰ্বেদীৰ হিন্দী অনুবাদৰ পৰা লোৱা হৈছে।

১. নুনি ফল

আপুনি কেতিয়াবা নুনি ফল দেখিছেনে?
য’ত সৰি পৰে, তাৰ মাটিখিনিত
তাৰ ৰঙা ৰসৰ চেকা বহি যায়।
সৰি পৰাতকৈ অধিক বেদনাদায়ক একোৱেই নাই।
মই কিমান যে বনুৱাক দেখিছোঁ
অট্টালিকাৰ পৰা সৰি পৰা
পৰি গৈ যেন একো একোটা নুনি ফল হৈ পৰা।

২. ঈশ্বৰ
ঈশ্বৰো এজন শ্ৰমিক;
নিশ্চয় তেওঁ ৱেল্ডাৰৰো ৱেল্ডাৰ হ’ব।
গধূলিৰ পোহৰত
তেওঁৰ চকুহাল আঙঠাৰ দৰে ৰঙা হৈ থাকে,
আৰু নিশা তেওঁৰ চোলাটোত
কেৱল ফুটা আৰু ফুটা।

৩. বন্দুক
যদি তেওঁলোকে বন্দুক আৱিষ্কাৰ নকৰিলেহেঁতেন
তেন্তে কিমান মানুহ দূৰৈৰ পৰাই
মৰাৰ পৰা বাচি গ’লহেঁতেন।
বহুতো কথা সহজ হৈ পৰিলহেঁতেন।
তেওঁলোকক শ্ৰমিকৰ শক্তিৰ উমান দিয়াটোও
বহুত বেছি সহজ হ’লহেঁতেন।

৪. মৃত্যুৰ ভয়
গোটেই জীৱন মই বিশ্বাস কৰি আহিছোঁ
যে মিছা কোৱাটো ভুল,
ভুল কাৰোবাক কষ্ট দিয়াটো।
গোটেই জীৱন মই মানি লৈছোঁ
যে মৃত্যুও জীৱনৰেই এটা অংশ।
তাৰ পিছতো মোৰ মৃত্যুলৈ ভয় লাগে;
ভয় লাগে, জানোচা পৰকালতো মই এজন শ্ৰমিক হৈয়েই ৰৈ যাওঁ!

৫. কেৰিয়াৰ নিৰ্বাচন
মই কেতিয়াও এজন সাধাৰণ বেংক কৰ্মচাৰী হ’ব নোৱাৰিলোঁহেঁতেন,
খাদ্য সামগ্ৰীৰ চেলছমেনো হ’ব নোৱাৰিলোঁহেঁতেন,
কোনো ৰাজনৈতিক দলৰ নেতাও নহয়,
টেক্সী ড্ৰাইভাৰো নহয়,
প্ৰচাৰত লাগি থকা মাৰ্কেটিংৱালাও নহয়
মই কেৱল ইমানেই বিচাৰিছিলোঁ
যে চহৰৰ আটাইতকৈ ওখ ঠাইত থিয় হৈ
তলৰ সেই অট্টালিকাবোৰৰ ভিৰৰ মাজত সেইগৰাকী নাৰীৰ ঘৰটো দেখা পাওঁ
যাক মই ভাল পাওঁ
সেইবাবেই মই এজন নিৰ্মাণ শ্ৰমিক হৈ পৰিলোঁ।

৬. মোৰ দেউতা
যদি মোৰ দেউতাৰ বিষয়ে কিবা ক’বলৈ সাহস কৰোঁ,
তেন্তে মোৰ কথা বিশ্বাস কৰিব—
তেওঁৰ জীৱনে তেওঁক বৰ কম আনন্দ দিলে।
সেই মানুহজনে নিজৰ পৰিয়ালৰ বাবে উৎসৰ্গা কৰিছিল সকলো,
পৰিয়ালৰ অভাৱবোৰ ঢাকি ৰাখিবলৈ
তেওঁ নিজৰ জীৱনটো কঠোৰ আৰু খহটা কৰি তুলিলে।

আৰু এতিয়া
মোৰ কবিতাবোৰ ছপা কৰিবলৈ লৈ
মোৰ কেৱল এটা কথাতে সংকোচ হয়—
মোৰ দেউতাই পঢ়িব নাজানে।

৭. আস্থা
মোৰ দেউতা শ্ৰমিক আছিল,
আস্থাৰে ভৰপূৰ এজন মানুহ।
যেতিয়াই তেওঁ নামাজ পঢ়িছিল,
আল্লাহে তেওঁৰ হাত দুখন দেখি লাজ পাইছিল।

৮. মৃত্যু
মোৰ মায়ে কৈছিল
তেওঁ হেনো মৃত্যুক দেখিছে
তাৰ ডাঙৰ ডাঙৰ আৰু ঘন মোচ আছে,
আৰু তাৰ শৰীৰটো যেন কোনোবা এজন উন্মাদ মানুহৰ দৰে।
সেই নিশাৰ পৰা
মাৰ সৰলতাক
মই সন্দেহৰ চকুৰে চাবলৈ ধৰিলোঁ।

৯. ৰাজনীতি
ডাঙৰ ডাঙৰ পৰিৱৰ্তনবোৰো
কিমান সহজতে কৰি পেলোৱা হয়
হাতেৰে কাম কৰা শ্ৰমিকসকলক
ৰাজনৈতিক কৰ্মী কৰি তোলাটোও
কিমান সহজ আছিল, নহয়নে?
ক্ৰেইনবোৰে এই পৰিৱৰ্তনক দাঙি ধৰে
আৰু নি ফাঁচীৰ কাঠ পৰ্যন্ত পোৱাইগৈ।

১০. বন্ধুত্ব
মই ঈশ্বৰৰ বন্ধু নহওঁ,
ইয়াৰ কেৱল এটা কাৰণ আছে
যাৰ শিপা বহু পুৰণি অতীতত সোমাই আছে
যেতিয়া আমাৰ ছজনীয়া পৰিয়ালটো
এটা ঠেক কোঠাত আছিল,
আৰু ঈশ্বৰৰ ওচৰত আছিল এটা বিশাল ঘৰ
য’ত তেওঁ অকলে বাস কৰিছিল।

১১. সীমা
যিদৰে এখন কফনে মৃতদেহক ঢাকি ধৰে,
বৰফেও বহুতো বস্তুক ঢাকি পেলায়।
ঢাকি পেলায় অট্টালিকাৰ জঁকাটোক, গছবোৰক,
কবৰবোৰকো বগা কৰি তোলে।

আৰু কেৱল বৰফেই এনেকুৱা এটা বস্তু
যিয়ে দেশৰ সীমাবোৰকো মচি পেলাব
পেলাব পাৰে।

১২. ঘৰ
মই সমগ্ৰ পৃথিৱীৰ বাবে এই শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ,
পৃথিৱীৰ প্ৰতিখন দেশৰ বাবে ক’ব পাৰোঁ,
আকাশকো ক’ব পাৰোঁ,
এই মহাবিশ্বৰ প্ৰতিটো বস্তুকেই ক’ব পাৰোঁ।
কিন্তু তেহৰানৰ এই খিৰিকীবিহীন ভাড়াতীয়া কোঠাটোক
মই ক’ব নোৱাৰোঁ,
মই ইয়াক ‘ঘৰ’ বুলি ক’ব নোৱাৰোঁ।

১৩. চৰকাৰ
কিছুদিনৰ পৰা
পুলিচে মোক বিচাৰি ফুৰিছে।
মই কাকো হত্যা কৰা নাই,
মই চৰকাৰৰ বিৰুদ্ধে কোনো লেখাও লিখা নাই।
কেৱল তুমি জানা, মোৰ প্ৰিয়তমা,
জনসাধাৰণৰ বাবে কিমান ভয়ংকৰ হ’ব
যদি চৰকাৰে কেৱল এইবাবেই মোক ভয় কৰিবলৈ লয়
যে মই এজন শ্ৰমিক!
যদি মই কোনো বিপ্লৱী বা বিদ্ৰোহী হ’লোহেঁতেন,
তেন্তে তেওঁলোকে কি কৰিলেহেঁতেন?
তথাপিও সেই ল’ৰাটোৰ বাবে এই পৃথিৱীখনৰ
বিশেষ একো সলনি হোৱা নাই,
যিয়ে স্কুলৰ সকলো কিতাপৰ প্ৰথম পৃষ্ঠাত
নিজৰ ছবি চাবলৈ বিচাৰিছিল।

১৪. একমাত্ৰ ভয়
যেতিয়া মই মৰিম,
মোৰ লগতে মোৰ সকলো প্ৰিয় কিতাপ লৈ যাম,
মোৰ কবৰটো ভৰাই পেলাম
মই ভাল পোৱা মানুহবোৰৰ ছবিৰে।
মোৰ নতুন ঘৰত কোনো ঠাই নাথাকিব
ভৱিষ্যতৰ প্ৰতি থকা ভয়ৰ বাবে।
মই শুই থাকিম। চিগাৰেট জ্বলাম
আৰু সেই সকলোবোৰ নাৰীৰ কথা মনত পেলাই কান্দিম
যাক মই সাৱটি ল’ব বিচাৰিছিলোঁ।
এই সকলো আনন্দৰ মাজতো
এটা ভয় ৰৈ যায়:
যে এদিন, দোকমোকালিতে,
কোনোবাই মোৰ কান্ধত ধৰি জোকাৰি দিব আৰু ক’ব:
“অই উঠ চাবিৰ, কামলৈ যাব লাগে”।

(মুখ্য সম্পাদকৰ টোকা :  চাবিৰ হাকাৰ এইকেইটি কবিতাৰ অনুবাদ মুক্ত চিন্তাৰ পূৰ্বৰ সংখ্যা এটিত প্ৰকাশ পাইছিল। ভিন্নজনে কৰা অনুবাদৰ ৰস বেলেগ বেলেগ; লগতে, তেনে ভিন্নতা অনুবাদৰ কলা-কৌশলৰ সন্দৰ্ভত পাঠকৰ বাবেও শিক্ষাপ্ৰদ। আগতে প্ৰকাশ হোৱা অনুবাদকেইটি পঢ়িবলৈ ইয়াতে টিপক।)

Leave a Reply

Your email address will not be published. Required fields are marked *