নিবন্ধবিবিধ চিন্তা

বৰ্ণাশুদ্ধিৰ বৈয়াকৰণিক আৰু অন্যান্য কাৰণ ।। দিলীপ কুমাৰ ৰয়

হীৰেন ভট্টাচাৰ্যই কৈ গৈছে যে “তুমি ইংৰাজী ভালেই লিখা বা বেয়াই লিখা, তাত ইংৰাজী ভাষাটোৰ একো আহে বা  নাযায়। তুমি বা আন ইংৰাজী ভাষাত লিখা সকলে জাবৰ লিখিলেও ইংৰাজী ভাষাৰ মৰ্যাদাৰ হীন-ডেঢ়ি নঘটে। কিন্তু আমি এটা কথা উপলব্ধি কৰা উচিত যে যিসকলে অসমীয়া অৰ্থাৎ মাতৃভাষাত লিখা পঢ়া কৰে, তেওঁলোকে যদি ভুল অসমীয়া লিখে তেতিয়া কিন্তু অসমীয়া ভাষাটোৰ প্ৰচুৰ ক্ষতি হব।”
গতিকে বৰ্ণাশুদ্ধি বা ভুল বানান বা ভুল আখৰ জোঁটনিয়ে ভাষা এটা বিকৃতকৰণৰ যে অন্যতম কাৰণ ভট্টাচাৰ্যদেৱৰ কথাষাৰিয়েই যথেষ্ট। বানান বিভ্ৰাট কিয় হয় সেয়া ফঁহিয়াই চালে মুলতঃ নিম্ম উল্লিখিত কাৰণসমূহকেই আঙুলিয়াব পাৰি। যথা-
১) বানান ভুলৰ প্ৰধান কাৰণ হ’ল ব্যাকৰণৰ জ্ঞানৰ অভাৱ। ব্যাকৰণৰ সাধাৰণ জ্ঞান যেনে – বৰ্ণ, সন্ধি, সমাস, ণত্ববিধি, ষত্ববিধি, প্রত্যয় আদিৰ জ্ঞানৰ অভাৱ হ’লে বেছিভাগ ক্ষেত্ৰতে বানান বিভ্রাট হোৱা দেখা যায়। তাৰ ভিতৰত-
ক)  অসমীয়া ভাষাৰ স্বৰবৰ্ণ এঘাৰটা আৰু সেয়া হ’ল- অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ও, ঐ আৰু ঔ। ইয়াৰ বিপৰীতে এই এঘাৰটা বৰ্ণৰ ধ্বনিগত বিশিষ্ট ৰূপ আঠোটাহে । সেইকেইটা হ’ল-ই, এ’, এ, আ, অ, অ’, ও, আৰু উ।  ইহঁতৰ ই ঈ আৰু উ ঊ-ৰ বৰ্ণগতপার্থক্য নাই।  ঋ-টো স্বৰ হিচাপে উচ্চাৰিত নহয়। ঐ আৰু ঔ দুয়োটাই দ্বিস্বৰ, অৰ্থাৎ dipthongসূচক আখৰ।|অ| বুজাবলৈ আখৰ আছে ;  কিন্তু চ’ত, ক’ত, ৰ’দ আদি শব্দ বুজাবলৈ|অ’|বুলি অসমীয়াত কোনো বৰ্ণ নাই।  অ-ৰ ওপৰত ঊর্ধ্বকমা ব্যৱহাৰ কৰিহে ৰ’দ, চ’ত আদি শব্দবোৰ লিখা হয়। একেদৰে এ বুজাবলৈ আখৰ আছে যদিও দেশ, বেশ, বেল (খোৱা ফল) ইত্যাদি বুজাবলৈ|এ’|বৰ্ণ নাই। তাতো এ-ৰ ওপৰত ঊৰ্ধকমা ব্যৱহাৰ কৰা হয়। ফলত |অ’| আৰু |এ’|-ৰ প্ৰয়োগত ভুল হয় যাৰ ফলত বানান ভুল হয়। তেনেদৰে ই ঈ উ ঊ-ৰ মাত্রাও সমান অর্থাৎ সকলোবোৰ হ্রস্ব যদিও স্বৰবোৰৰ অৱস্থানভেদে দীর্ঘ উচ্চাৰণ কৰা হয়। ফলত হ্রস্ব-দীর্ঘ স্বৰ সূচক আখৰৰ প্ৰয়োগত বিভ্রান্তি হয় যাৰ বাবে আখৰ জোঁটনিতো ভুল হয়।
খ) অসমীয়া ভাষাত সমোচ্চাৰণ হোৱা বহুত শব্দ আছে। উচ্চাৰণ একে হ’লেও শব্দবোৰৰ অৰ্থ সম্পূর্ণ বেলেগ। হাত মানে শৰীৰৰ অংগ আৰু হাট মানে বজাৰ। এতিয়া শৰীৰৰ অংগ বুজাবলৈ ‘হাট’ আৰু বজাৰ বুজাবলৈ ‘হাত’ লিখিলে ভুল হয়।
গ) সন্ধিৰ জ্ঞান নথকাৰ ফলত উৎসৰ্গা (শুদ্ধ- উচৰ্গা), উশৃংখল (শুদ্ধ- উচ্ছৃংখল ), নিৰৱিচ্ছন্ন (শুদ্ধ- নিৰৱচ্ছিন্ন) আদি বানান ভুল কৰে। সন্ধিযুক্ত কিছুমান শব্দ সন্ধিৰ নিয়মমতে বানান হয়। ‘অ’/’আ’ ৰ পাছত বিসর্গ থাকিলে বিসর্গটো ‘স’ হৈ যায়। যেনে নমঃ + কাৰ = নমস্কাৰ, পুৰঃ + কাৰ = পুৰস্কাৰ আদি। কিন্তু পৰিষ্কাৰ, আৱিষ্কাৰ, অনুষ্ঠান, প্ৰতিষ্ঠা আদি শব্দত ‘ষ’ হয়। পৰিস্থিতি, পৰিস্ফুট, পৰিসীমা আদি শব্দত ‘স’ হয়। এইবোৰ স্বাধীন শব্দ। সন্ধিযুক্তনহয়। ঠিক তেনেকৈ সন্ধিৰ নিয়মমতে শব্দৰ শেষত থকা ‘ই’ বৰ্ণৰ -পাছত আন স্বৰবৰ্ণ থাকিলে ‘ই’ ‘য়’ হৈ যায়। সেয়েহে তই + ও = তয়ো, মই + ও = ময়ো। তেনেকৈ ‘উ’ ৰ পাছত আন স্বৰবৰ্ণ থাকিলে ‘উ’ ‘ৱ’ হৈ যায়। যেনে দেউ + এ = দেৱে, সাধু + এ = সাধুৱে আদি। ইয়াক ব্যাকৰণৰ পৰিভাষাত ‘য়’ আৰু ‘ৱ’ শ্ৰুতি আগম বুলি কোৱা হয় ।
ঘ)  ণত্ব বিধি আৰু ষত্ব বিধি নজনাৰ ফলতো বানান ভুল হয়। ণত্ব বিধি নজনাৰ ফলত কাৰন (শুদ্ধ -কাৰণ), পুৰন (শুদ্ধ – পূৰ্ণ) আদি বানান ভুল হয়। তেনেকৈ ষত্ব বিধি নজনাৰ ফলত অনুস্থান (শুদ্ধ -অনুষ্ঠান), প্ৰতিস্থা (শুদ্ধ -প্ৰতিষ্ঠা ) আদি শব্দৰ বানান ভুল হয়।
ং – অনুস্বাৰটোত অসমীয়াত সুকীয়া ধ্বনিগত বৈশিষ্ট্য নাই, ই ‘ঙ’ বৰ্ণৰে এটা সুকীয়া ৰূপ। সেয়েহে ‘ঙ’ বৰ্ণক পদান্তত বা অক্ষৰান্তত ‘ং’ আৰু স্বৰৰ মাজত ‘ঙ’ৰূপে লিখিব লাগে। যেনে- শিং – শিঙাল, খং – খঙাল, মাংস – মঙহ ইত্যাদি। কেতিয়াবা এনে জ্ঞানৰ অভাৱতো বানান ভুল হয় ।
ঙ) বিভক্তিৰ প্ৰয়োগ নাজানিলে বানান ভুল হয়। সাধাৰণতে প্ৰাতিপাদিক লগত শব্দ বিভক্তি যোগ হৈ পদ গঠন হয়। এই বিভক্তিৰ ভুল প্ৰয়োগ হ’লে বানান ভুল হয় আৰু তেতিয়া অৰ্থৰ তাৰতম্য ঘটে। যেনে- এইফালে ইউথ ক্লাবলৈ যাব লাগে। ইয়াত ‘লৈ’ চতুৰ্থী বিভক্তি নাম শব্দ ‘ক্লাৱ’-ৰ লগত লগ হৈ বহে। তাকে নকৰি এইফালে ইউথ ক্লাৱ লৈ যাব লাগে বুলি ক্লাৱ আৰু লৈ পৃথককৈ লিখিলে ক্লাবটো কৰবালে লৈ যাব লগা বুলি বুজাব। গতিকে এইক্ষেত্ৰত বিভক্তিৰ প্ৰয়োগ নজনাৰ ফলত বানান ভুল হ’ব। তেনেকৈ সপ্তমী বিভক্তি যেতিয়া দন্ত্য ‘ত’ সংযোগী শব্দত ‘ও’ যোগ হৈ ইংৰাজী ‘Also’ অর্থ প্ৰকাশ কৰে তেতিয়া ‘টো’ নহৈ -‘তো’ হে হয়। যেনে- অসমত – ও = অসমতো , মজিয়াত – ও = মজিয়াতো , কিতাপত – ও = কিতাপতো ইত্যাদি। কিন্তু নির্দিষ্টতাবাচক প্রত্যয়’টো’-ৰ ক্ষেত্ৰত নির্দিষ্টকৈ বুজাবলৈহে ব্যৱহাৰ হয়। এনে ক্ষেত্ৰত শব্দটোৰ ৰূপৰ পৰিৱৰ্তন ঘটে আৰু মূৰ্ধণ্য’টো’ৰ ব্যৱহাৰ হয়। যেনে- মন -টো =  মনটো, শৰীৰ -টো = শৰীৰটো, বানান-টো = বানানটো ,বহী -টো = বহীটো ইত্যাদি।
চ) প্ৰত্যয়ৰ ক্ষেত্ৰতো বোৰ, বিলাক, সকল আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ শব্দৰ লগত লগ হৈ বহে। যেনে- ল’ৰাবোৰ, এইবিলাক, উপস্থিতসকল আদি ধৰণে লিখিব লাগে। তাকে নকৰি ল’ৰাবোৰ, এই বিলাক, উপস্থিত সকল বুলি লিখি বানান ভুল কৰে।
ছ) কিছুমান শব্দৰ ইকাৰ বা ঈকাৰৰ নিদিষ্টনিয়ম নাই। যেনে- ‘দীপ’ শব্দটোত ঈকাৰ আছে। গতিকে দীপাৱলি, দীপালি, দীপক আদি দীপযুক্ত সকলো শব্দৰে প্ৰথমে ঈকাৰেই হ’ব। ‘অলি/অলী’, বা ‘আৱলি/আৱলী’ দুয়োটাই শুদ্ধ। গতিকে দীপালী বা দীপাৱলী দুয়োটাই শুদ্ধ। তেনেকৈ গিৰি মানে পৰ্বত আৰু গিৰী মানে মালিক। মালিক বা গৃহস্থ বুজাবলৈ ব্যৱহাৰ কৰা সকলো শব্দতে গিৰী হ’ব। যেনে – ডেকাগিৰী। কিন্তু পাহাৰ বুজাবলৈ গিৰিহে হ’ব। যেনে- নীলগিৰি।
জ) বিশেষণৰ পৰা ভাববাচক বিশেষ্যলৈ নিওঁতে শব্দৰ প্ৰথম স্বৰবৰ্ণটো বৃদ্ধি হয়। বৃদ্ধি মানে অ থাকিলে আ, ই বা ঈ থাকিলে ঐ আৰু উ বা ঊ থাকিলে ঔ হয়। যেনে- অ’ থকা আ হৈ বর্ষ- বাৰ্ষিক, শৰীৰ- শাৰীৰিক, সপ্তাহ- সাপ্তাহিক আদি হয়। তেনেকৈ ই বা ঈ থকা ঐ হৈ দিন- দৈনিক, বিমান -বৈমানিক আদি হয়। তেনেদৰে উ বা ঊ  থকা ঔ হৈ সুন্দৰ- সৌন্দর্য, ভূমি- ভৌমিক আদি ৰূপ লয়। গতিকে বৰ্ণৰ এনে জ্ঞানৰ অভাৱত বানান ভুল হয়।
তদুপৰি প্ৰচুৰ-প্রাচুর্য, সৌন্দর্য আদি বিশেষ্য শব্দ। তাক বিশেষ্য কৰিবলৈ বহুতে ‘সৌন্দৰ্যতা’ ‘প্রাচুর্যতা’ লিখে। সেই ক্ষেত্ৰত সুন্দৰতা, প্ৰচুৰতাহে শুদ্ধ।
ঝ) ‘ভাবে’ আৰু ‘ভাৱে’ৰ প্ৰয়োগৰ ক্ষেত্ৰতো বানান। ভুল হয়। এইক্ষেত্ৰত মন কৰা উচিত যে ‘ভাব’ এক মানসিক স্থিতি বা মানসিক অনুভৱহে। ই স্বাধীনভাৱে বাক্যত বহে। ইয়াৰ লগত নঞার্থক পূর্বসর্গ যোগ হ’লে ‘ব’ গুচি ‘ৱ’ হয়। যেনে- (ক) ৰহিমে ভাবে যে তেওঁহে সকলো জানে। (খ) কথাটোত মই ভাবিবলগীয়া একো নাই। আনহাতে ক্রিয়া বিশেষণ ‘ভাৱে’-ত ‘ব’ নহৈ ‘ৱ’ হয় আৰু ই মূল শব্দটোৰ লগতহে যোগ হয়। যেনে- ক) কথাটো মোক স্পষ্টভাৱে ক’ব লাগিছিল। (খ) ভক্তিভাৱে ঈশ্বৰক পূজা কৰিলে মনোবাঞ্চা পূর্ণ হয়।
ঞ) অসমীয়া ভাষাত চন্দ্রবিন্দু বিশিষ্ট ধ্বনিগুণ বৰ্ণ। ইয়াক নাসিক্য ধ্বনি (Nasal Sound) বুলি কোৱা হয়। চন্দ্ৰবিন্দুৰে শব্দ আৰম্ভ নহয়। ই আন আখৰৰ ওপৰত বহে আৰু এটা অনুনাসিক উচ্চাৰণ দিয়ে। চন্দ্ৰবিন্দু সদায় আখৰৰ ওপৰতহে দিব লাগে, স্বৰ চিহ্নৰ ওপৰত নহয়। অসমীয়া ভাষাত ঙ ঞ ণ ন ম— এই পাঁচোটা ব্যঞ্জন ধ্বনি উচ্চাৰণ কৰোঁতে নাকেৰে বতাহ নিৰ্গত হয় বাবে ইহঁতকো নাসিক্য ধ্বনি (Nasal Sound) বুলি কোৱা হয়। চন্দ্ৰবিন্দু স্বৰবৰ্ণযুক্ত শব্দৰ লগত যুক্ত হ’লে মুখ্য ৰূপত থকা স্বৰ বৰ্ণটোৰ ওপৰত বহে। যেনে- অঁকৰা, আঁউসী, ওঁঠ ইত্যাদি।
কিন্তু স্বৰবৰ্ণটো গৌণ ৰূপত থাকিলে স্বৰ বৰ্ণ সংযুক্ত ব্যঞ্জন বৰ্ণটোৰ ওপৰত বহে। যেনে- সঁচা, কাঁইট, তিঁয়হ, দাঁত ইত্যাদি। গতিকে চন্দ্ৰবিন্দুৰ জ্ঞান নাথাকিলে বানান ভুল হয় আৰু তেতিয়া অৰ্থ বিভ্ৰাট ঘটে। যেনে-
১. মূল সংস্কৃত শব্দত থকা নাসিক্য বৰ্ণ ঙ, ঞ, ণ, ন, ম আৰু অনুস্বৰ লুপ্ত হৈ যিবোৰ তদ্ভৱ শব্দৰ সৃষ্টি হৈছে তাৰ লুপ্ত বৰ্ণটোৰ আগৰ বৰ্ণটোত চন্দ্ৰবিন্দু দিব লাগে । যেনে- অঞ্চল – আঁচল, অংক – আঁক, কম্পন – কঁপনি ইত্যাদি
২. মূল সংস্কৃত শব্দত নাসিক্য ধ্বনি নাথাকিলেও অসমীয়ালৈ অহা পৰিৱৰ্তিত ৰূপটোত স্বতঃঅনুনাসিকীকৰণ প্ৰক্ৰিয়াৰে চন্দ্ৰবিন্দু যুক্ত হোৱা দেখা যায়। যেনে— অশ্বত্থ-আঁহত (গছ), অষ্ঠৱৎ-আঁঠু, গৰ্ত-গাঁত ইত্যাদি।
৩. কৰ্তা পদ উত্তম পুৰুষৰ (প্ৰথম পুৰুষৰ) ক্ৰিয়াৰূপত ও বিভক্তিযুক্ত হয়। যেনে – কৰ্+ ওঁ=কৰোঁ, কৰ্+ ইছোঁ=কৰিছোঁ, কৰ্+ইলোঁ=কৰিলোঁ, কৰ্+ইছিলোঁ=কৰিছিলোঁ, কৰ্+ইলোঁহেঁতেন=কৰিলোঁহেঁতেন, খেল্+ইলোঁহেঁতেন= খেলিলোঁহেঁতেন ইত্যাদি।
৪. পাচনীক্ৰিয়া গঠন কৰিবলৈ ‘ওঁতা’ বা ‘অঁতী’ত চন্দ্ৰবিন্দু দিব লাগে। যেনে-  পঢ়্+ ওঁতা=পঢ়োঁতা, লিখ্+ওঁতা=লিখোঁতা ইত্যাদি।
৫. কৃদন্ত পদত ‘ওঁতে’ প্ৰত্যয়ত চন্দ্ৰবিন্দু দিব লাগে। যেনে- কওঁতে, লওঁতে ইত্যাদি।
৬. বহুবচন বুজোৱা ‘হঁত’ প্ৰত্যয়ত চন্দ্ৰবিন্দু দিব লাগে। যেনে- সিহঁত, ল’ৰাহঁত, তহঁত, ককায়েকহঁত আদি।
৭. আদেশ, অনুজ্ঞা, অনুৰোধ বুজোৱা দ্বিতীয় পুৰুষৰ মান্যাৰ্থত ক্ৰিয়া বিভক্তি ওক, অক প্ৰত্যয়ত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহয়। যেনে- খাওক, যাওক, গাওক, পাওক, ইত্যাদি।
৮. মূল ধাতু শব্দটোত ঙ, ঞ, ণ, ন, মই এইকেইটা নাসিক্যধ্বনিগুণ বিশিষ্ট বৰ্ণ থাকিলে চন্দ্ৰবিন্দু দিব নালাগে। যেনে— শুনোতা, শুনোতে, গণোতা, গণোতে ইত্যাদি। কিয়নো এই বৰ্ণবোৰৰ নিজা নাসিক্য উচ্চাৰণ আছেই।
৯. ‘ও’ দেখিলেই তাৰ ওপৰত চন্দ্ৰবিন্দু দিলে ভুল হ’ব। যেনে- ভাও, নাও , নেওতা, কেওট, নেওগ ইত্যাদিত চন্দ্ৰবিন্দু নালাগে।
১০. সমাপিকা আৰু অসমাপিকা ক্ৰিয়া প্ৰয়োগৰ ক্ষেত্ৰতো বানান ভুল কৰা দেখা যায়। যি ক্ৰিয়াই বাক্যটো বা ক্ৰিয়াৰ কাৰ্য সম্পূৰ্ণ কৰে সেইবোৰ সমাপিকা ক্ৰিয়া। যেনে- তেওঁ ভাত খালে। ইয়াত খালে সমাপিকা ক্ৰিয়া। আনহাতে যি ক্ৰিয়াই বাক্য বা ক্ৰিয়াৰ কাৰ্য সম্পূৰ্ণ কৰা নুবুজায় তেনে ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। যেনে- তেওঁ ভাত খাই ঘৰলৈ গ’ল। ইয়াত পাই অসমাপিকা আৰু গ’ল সমাপিকা ক্ৰিয়া। বহুতে সমাপিকাক অসমাপিকা আৰু অসমাপিকাকো সমাপিকা হিচাপে প্ৰয়োগ কৰি ভুল কৰে। অৰ্থাৎ পায় হ’লে পাই বা পাইৰ ঠাইত পায় লিখি বানান ভুল কৰে।

২) শব্দৰ প্ৰকৃত অর্থ নুবুজাৰ ফলত বানান ভুল হয়। কোনো এটা শব্দই কি অর্থ প্রকাশ কৰে, সেই সম্পৰ্কে জ্ঞান নাথাকিলে বানান ভুল হ’ব পাৰে। উদাহৰণ স্বৰূপে ‘খালি’ আৰু ‘খালী’, ‘গড়’ আৰু ‘গঁড়’, ‘পাণি’ আৰু ‘পানী’ ইত্যাদি প্রত্যেকটো শব্দৰ অর্থ বেলেগ বেলেগ। লিখোঁতে কি অৰ্থত শব্দটো ব্যৱহাৰ কৰিব তাৰ জ্ঞানৰ অভাৱত বানান ভুল হয়। খোৱা অৰ্থত পানী আৰু হাত বুজাবলৈ পাণি শব্দ ব্যৱহাৰ হ’ব। ওলোটা কৰিলে অৰ্থৰ বিভ্ৰাট ঘটিব আৰু বানানো ভুল হ’ব।

৩) পঢ়া বা লিখাৰ সময়ত ছাত্র-ছাত্ৰীয়ে শ্রৱণ (Listening ), পঠন (Reading) আৰু লিখন (Writing) ত অসাৱধান আৰু অন্যমনস্ক হ’লে বানান ভুল হয়। শব্দ এটা একাগ্ৰচিত্তে আৰু মনযোগেৰে নুশুনিলে, নপঢ়িলে শুদ্ধকৈ লিখিব নোৱাৰিব আৰু তেতিয়া আখৰ জোঁটনিত ভুল হ’ব।

৪) বহু ক্ষেত্ৰত অসমীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীৰ মাতৃভাষাৰ প্রতি অমনোযোগিতাৰ কাৰণেও বানান ভুল কৰা দেখা যায়। বহুতো অভিভাৱকৰ মুখত গৌৰৱেৰে এনেদৰে শুনা যায় যে মোৰ ল’ৰাজনে বা ছোৱালীজনীয়ে ইংৰাজী লিখি বা কৈহে ভাল পায় আৰু বিশ্বাস নকৰিব যে সি / তাই ইংৰাজী সলসলীয়াকৈ ক’ব পাৰে। অসমীয় সি / তাই ভালদৰে ক’বও নোৱাৰে আৰু লিখিবও নোৱাৰে। এনে ক্ষেত্ৰত কেতিয়াবা অসমীয়া ক’ব লগা বা লিখিব লগা হ’লে স্বাভাৱিকতে বানান ভুল হয়।

৫) বিশেষকৈ আক্ষৰিক জ্ঞান নথকা এচাম গাঁৱলীয়া মানুহৰ মুখত কিছুমান শব্দৰ অশুদ্ধ উচ্চাৰণ সদায় শুনি শুনি নিজেও সেইবোৰ উচ্চাৰণ কৰাৰ ফলত কওঁতে বা লিখোঁতে বানান ভুল হয়। যেনে- কিৰপণ (কৃপণ), ছর্মা (শর্মা), চিপচ্চাগৰ (শিৱসাগৰ) ইত্যাদি। ছাত্র-ছাত্রীয়ে এনেবিলাক শব্দ শুনি নিজেও পিছলৈ অশুদ্ধকৈয়ে অনুকৰণ কৰে আৰু পিছলৈ এই ভুল নিগাজী হৈ পৰে।

৬) থলুৱা ভাষাৰ প্ৰয়োগ বানান ভুলৰ অন্য এক কাৰণ। প্রত্যেক অঞ্চলত প্রয়োগ কৰা কিছুমান নিজা নিজা ভাষাৰ শব্দ আছে আৰু সেইবিলাকৰ অৰ্থও অঞ্চল বিশেষে পৃথক পৃথক। এটা অঞ্চলত ব্যৱহাৰ কৰা থলুৱা ভাষা অন্যান্য অঞ্চলত একেবাৰেই ব্যৱহাৰ নকৰে। যেনে- নামনিত কঁঠাল শব্দটো কিছুমান অঞ্চলত কাঁঠল আৰু কিছুমানত কঁঠল বুলি কয়। গতিকে যি ঠাইত যি উচ্চাৰণ সেই অনুসৰি সেই অঞ্চলৰ লোকে লিখোঁতে স্বাভাৱিকতে থলুৱা শব্দবোৰ মান্য ভাষাতো  লিখি ভুল কৰে। ঠিক তেনেকৈ উজনিৰ কিছুমানে কোৱাটোকেই লিখেও। যেনে- আপোনি (আপুনি), নোৱাও (নোৱাৰোঁ), নি (নেকি) ইত্যাদি ধৰণে বানান ভুল কৰে।

৭) অভিধান চোৱাৰ অভ্যাস নাথাকিলেও বৰ্ণাশুদ্ধি হয়। ভাষা শিক্ষাত অভিধান চোৱাটো অপৰিহাৰ্য। বানানৰ শুদ্ধাশুদ্ধ নিৰ্ণয় কৰিব পাৰে কেৱল অভিধানেহে। অভিধানেহে প্রকৃততে কোনটো শব্দ শুদ্ধ আৰু কোনটো অশুদ্ধ তাক নিশ্চিতভাৱে দেখুৱাই দিব পাৰে। তাকে নকৰিলে বানান ভুল হয়।

৮) ন-শিকাৰুৱে লিখা-পঢ়াত যিমানে অৱহেলা কৰিব সিমানে বৰ্ণাশুদ্ধি বাঢ়ে। নিয়মিতভাৱে লিখা-পঢ়াৰ অনুশীলন নকৰিলে আৰু নিম্নস্তৰত শ্রুতলিপি, অনুলিপি আদিত গুৰুত্ব নিদিলে বানান ভুল হয়। ইয়াৰ বাবে এটা শব্দ একাধিকবাৰ উচ্চাৰণ কৰাতকৈ একাধিকবাৰ লিখিলে বানান শুদ্ধ হয়। গতিকে  লিখন কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে।

৯) কিতাপ বা আন ছপা আখৰ, চাইনবোর্ড, টেলিভিচনৰ পৰ্দা, দেৱাল লিখনৰ আদিৰ প্ৰভাৱতো বানান ভুল হয়। সাধাৰণতে ছপা আখৰ, চাইনবোর্ড, টেলিভিচনৰ পৰ্দা, দেৱাল লিখন আদিয়ে বিশেষকৈ ন-শিকাৰুসকলৰ মনত গভীৰ ৰেখাপাত কৰে আৰু তেনেদৰে দেখা বানানবোৰ শুদ্ধ বুলি মনত ভ্ৰান্ত ধাৰণা লৈ বানান ভুল কৰে।

১০) অতি সম্প্ৰতি সামাজিক মাধ্যম বৰ্ণাশুদ্ধিৰ অন্যতম মূল কাৰণ হৈ পৰিছে। হোৱাইটচ এপ, ফেইচবুক, ইউ টিউব ইত্যাদি মেলিলেই ভুলেৰে ভৰা অসংখ্য শব্দ দেখা যায়। এনে ভুল বানান দেখি তাৰ আৰ্হি লৈ আন এচামে বানান ভুল কৰি আছে আৰু এনেদৰে ভুলৰ সংখ্যা বাঢ়ি গৈ আছে।

১১) বানান ভুল হোৱাৰ ক্ষেত্ৰত অগ্রজসকলৰো প্ৰভাৱ এৰাই চলিব নোৱাৰি। অগ্ৰজসকলে যদি ভুলকৈ উচ্চাৰণ কৰি সেই উচ্চাৰণমতেই শব্দ এটা লিখে, তেনে অনুজসকলে তাকেই অনুসৰণ কৰে। উদাহৰণস্বৰূপে বহুতো অভিভাৱকে অনির্বাণক অর্নিবাণ, অন্যান্যক অনান্য, অশ্বত্থামাক অচত্থামা, বৃত্তিক বির্তি, গৌৰৱান্বিতক গৌৰান্বিত, হঠাৎ শব্দটো হৰ্থাত, সাহায্যক সাহার্য, ত্ৰুটিক ক্ৰটি, আশীৰ্বাদক আৰ্শীবাদ, ওতঃপ্রোতক ওতঃপ্রোতঃ, জোনাকক জুনাক, টোপালক টুপাল, ক্রীড়াক ক্রীয়া, সিদ্ধান্তক সিধান্ত যিয়েক যোনে ইত্যাদি ধৰণে উচ্চাৰণ কৰে আৰু লিখে তেতিয়া অনুজসকলে তাকেই লিখিব।

সেয়েহে উল্লিখিত বৰ্ণাশুদ্ধিৰ কাৰণবোৰ অলপ গুৰুত্বসহকাৰে ল’লে বৰ্ণাশুদ্ধি বহুলাংশে এৰাই চলিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *