সোঁ, বাঁও আৰু জেণ্ডাৰ (৪ৰ্থ খণ্ড) ।। জিতেন বেজবৰুৱা
(৫)
(তৃতীয় খণ্ডৰ বাবে ইয়াতে টিপক)
নব্য উদাৰতাবাদী পুঁজিৰ বাবে জেণ্ডাৰ হ’ল মুনাফাৰ এখন নতুন ক্ষেত্ৰ। জেণ্ডাৰৰ যোগেদি পুঁজিবাদে এখন সীমাহীন বজাৰ আৱিষ্কাৰ কৰিছে। মানুহৰ শৰীৰৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এই বজাৰখনৰ প্ৰসাৰৰ বাবে সমগ্ৰ পুঁজিবাদী ব্যৱস্থাটোৱেই বৰ্তমান উঠি-পৰি লাগিছে। ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ ঊধৰপৰা মূধলৈকে কৰ্প’ৰেট পুঁজিৰ টকা প্ৰবাহিত হৈ আছে। এই আন্দোলন য’লৈকে যায়, তাৰ পিছে পিছে বজাৰখনো যায় – নতুন উপভোক্তাৰ সন্ধানত। ইয়াৰ সৈতে জড়িত সবাতোকৈ ডাঙৰ উদ্যোগটো হ’ল মেডিকেল। কিন্তু কেৱল সিয়েই নহয়, আচলতে পুঁজিবাদী বজাৰৰ সম্ভৱপৰ সকলোবোৰ বিভাগেই জেণ্ডাৰৰ সৈতে ব্যস্ত হৈ পৰিছে৷ মানৱ ইতিহাসত এনে কিবা সামাজিক জাগৰণ আছেনে, গোটেই পৃথিৱীতে আন কিবা মানৱাধিকাৰ আন্দোলন আছেনে যি এনেধৰণে বজাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত? দেখা গৈছে যে জেণ্ডাৰৰ নামত সকলো বস্তু বিক্ৰী কৰিব পাৰি – হৰম’ন-ছাৰ্জাৰিৰপৰা, ফেশ্বন-মেকআপৰপৰা, চিনেমা-টিভি ছিৰিজৰপৰা, মানসিক স্বাস্থ্যৰ ট্ৰিটমেণ্টৰপৰা আণ্ডাৰৱেৰলৈকে। বহুতো উৎসাহী পুঁজিপতি, বৃহৎ বেংক, প্ৰযুক্তিগত কোম্পানি, ফাৰ্মাচিউটিকেল কোম্পানিৰ (Billionaire philanthropists, Big Banks, Big Tech, Big Pharma) উপৰি ফেশ্বন হাউছ, হলিউড, চেলিব্ৰিটিসকল সকলো জঁপিয়াই পৰিছে ট্ৰেন্সজেণ্ডাৰ এক্টিভিজমত। বেংক আৰু ইনভেষ্টমেণ্ট হাউছবিলাকৰপৰা টকাৰ নিৰৱচ্ছিন্ন সোঁত ব’ব লাগিছে বিশ্ব জুৰি বিয়পি থকা ট্ৰেন্সজেণ্ডাৰ সংগঠনবিলাকলৈ। ইয়াৰ সহায়ত জেণ্ডাৰ মতাদৰ্শই এটাৰ পাছত এটাকৈ সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান গ্ৰাস কৰিব লাগিছে। বিশ্ববিদ্যালয়, মেডিয়া, আদালত, মেডিকেল প্ৰতিষ্ঠান আদি সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰাৰ জৰিয়তে সংস্কৃতিত, ভাষাত জেণ্ডাৰ মতাদৰ্শৰ স্বাভাৱিকীকৰণ ঘটোৱা হৈছে। জেনিফাৰ বিলেকে (Jennifer Bilek) বিস্তৃত তথ্য-প্ৰমাণৰ সহায়ত ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ সৈতে গোলকীয় বজাৰৰ এই ঘনিষ্ঠ সম্পৰ্কৰ কথা পুংখানুপুংখভাৱে সাব্যস্ত কৰিছে। তেওঁৰ গৱেষণাৰ ওপৰত চকু ফুৰালে ধৰিব পাৰি, কিদৰে জেণ্ডাৰক এটা কৰ্প’ৰেট এজেণ্ডা হিচাপে আগবঢ়াই নিয়া হৈছে। এঠাইত তেওঁ কৈছে – ‘‘We need to look at what transgenderism does, how it functions, and how it is growing in the culture, and to ask why it does what it does, what it is asking of us, why it is so tightly wedded to commerce, and where it is leading. The trans lobby screams civil rights, but transgenderism looks and functions just like the worst of capitalism.’’ (‘Transgenderism Is Just Big Business Dressed Up In Pretend Civil Rights Clothes’, thefederalist.com)
এফালে আমাক কোৱা হৈছে যে ট্ৰেন্সজেণ্ডাৰ আন্দোলন হ’ল নিপীড়িতৰ মানৱাধিকাৰ আন্দোলন, আনহাতে আমাক দেখুওৱা হৈছে যে এয়া হ’ল এক cutting-edge lifestyle. নব্য উদাৰতাবাদী বজাৰত পৰিচিতিও হ’ল এটা পণ্য, আৰু জেণ্ডাৰ হ’ল তাৰ অত্যাধুনিক ৰূপ। জেণ্ডাৰ হৈ পৰিছে প্ৰদৰ্শনীয় পণ্য, যাৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই। ই হ’ল নাৰ্চছিষ্টিক উপভোক্তাবাদৰে নৱৰূপ, য’ত নিজকো পণ্যত পৰিণত কৰা হয় আৰু প্ৰদৰ্শনৰ বাবে অহৰহ পুনৰ্নিৰ্মাণ কৰিব বিচৰা হয়। নতুন কিবা জেণ্ডাৰ বুলি পৰিচয় দিয়াটো শৰীৰত টেটু এটা অংকন কৰি লোৱাৰ নিচিনা একেই কথা। সি যি নহওক, লাইফষ্টাইল হিচাপে বজাৰত তাক সকলোৰে বাবে আকৰ্ষণীয় আৰু অনুকৰণীয় ৰূপত উপস্থাপন কৰা হৈছে। উদাহৰণস্বৰূপে, ট্ৰেন্স মডেলিঙক জনপ্ৰিয় কৰি তোলা হৈছে, ট্ৰেন্স মডেলসকলক ‘মডেলিঙৰ ভৱিষ্যৎ’ বুলি অভিহিত কৰা হৈছে। কোনোবা কোম্পানিয়ে যদি নতুন জেণ্ডাৰ-ফ্লুইড মেকআপ আৱিষ্কাৰ কৰিছে, আন কোনোবাই ট্ৰেন্স মানুহৰ বাবে পোছাকৰ নতুন লাইন আৰম্ভ কৰিছে। ট্ৰেন্স চেলিব্ৰিটিসকলক অহৰহ মেডিয়াত দেখিবলৈ পোৱা গৈছে; ব্ৰে’ষ্ট বাইণ্ডিং, পেকিং (breast binding, packing) আদিৰ পৰামৰ্শৰে জনপ্ৰিয় কাকত-আলোচনীৰ পাত ভৰি আছে। Jazz Jennings নামৰ ল’ৰাজনে চাৰি বছৰ বয়সতে আত্মচিনাক্তকৰণ কৰিছিল ট্ৰেন্স ছোৱালী হিচাপে (স্বাভাৱিকতেই এইটো তেওঁৰ পৰিয়ালৰ কাম); পৰৱৰ্তী সময়ত তেওঁ মেডিকেল ট্ৰেঞ্জিচন কৰে, তেওঁৰ পে’নিছটো ছাৰ্জাৰি কৰি উঠাই দিয়া হয় (যাৰ পূৰ্বে ‘penis farewell’ পাৰ্টি দিয়া হৈছিল)। টেন্স আত্মচিনাক্তকৰণৰ সময়ৰপৰাই জেন্নিংছ এগৰাকী চেলিব্ৰিটি : তেওঁ বহুতো টিভি প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছিল, সকলোতে আলোচনাৰ বিষয় হৈ পৰিছিল; তেওঁৰ নিজৰ ৰিয়েলিটি টিভি ছিৰিজ আছে, নিজৰ এটা ট্ৰেন্স ফাউণ্ডেচন আছে; তেওঁ বহুতো এৱাৰ্ড তথা সন্মান বুটলিবলৈ সক্ষম হৈছে; তেওঁ লিখা আত্মজীৱনীমূলক শিশুৰ কিতাপ এখন আছে যিখন বহু ঠাইত স্কুলৰ পাঠ্যক্ৰমত পঢ়ুওৱা হয়। জেন্নিংছ বা তেওঁৰ নিচিনা আন ট্ৰেন্স চেলিব্ৰিটিসকলে ট্ৰেন্সজেণ্ডাৰ ধাৰণাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰিছে; আৰু জেণ্ডাৰ বজাৰখনে তেওঁলোকক সৰ্বান্তঃকৰণে পৃষ্ঠপোষকতা কৰে।
মাৰ্টিন ৰথব্লাটক (Martine Rothblatt) আমি সাম্প্ৰতিক ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ এগৰাকী প্ৰধান প্ৰতিষ্ঠাতা (বিলেকৰ ভাষাত ‘A founding father of the transgender empire’) বুলি ক’ব পাৰোঁ। তেওঁ হ’ল এগৰাকী ট্ৰেন্স নাৰী, এগৰাকী পুঁজিপতি আৰু অধিবক্তা। ট্ৰেন্সজেণ্ডাৰবাদৰ বিকাশ আৰু প্ৰসাৰত তেওঁৰ ভূমিকা আছিল নিৰ্ণায়ক; তেওঁৰ শেহতীয়া প্ৰচেষ্টা হ’ল ট্ৰেন্সহিউমেনিজমক (Transhumanism) লৈ। New York আলোচনীয়ে তেওঁক অভিহিত কৰিছে ‘The Trans-Everything CEO’ বুলি – ‘‘Futurist, pharma tycoon, satellite entrepreneur, philosopher. Martine Rothblatt, the highest-paid female executive in America, was born male. But that is far from the thing that defines her. Just ask her wife. Then ask the robot version of her wife.” ১৯৯৫ চনত প্ৰকাশ পোৱা তেওঁৰ The Apartheid of Sex কিতাপত তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল – ‘‘Is the categorization of people from the moment of birth as either male or female a form of sexual segregation as pernicious as racial apartheid?’’ তেওঁৰ উত্তৰ আছিল এই যে, হয় – মানুহক মতা আৰু মাইকী বুলি দুটা ভাগত ভাগ কৰাটো বৰ্ণভিত্তিক পৃথকীকৰণৰ সমানেই মাৰাত্মক। এই ভয়ংকৰ ব্যৱস্থাৰ অৱসান ঘটাই তেওঁ বিচাৰিছিল ‘‘adoption of a new sexual model that accommodates every possible shade of gender identity’’, ‘‘a new acceptance of human sexuality in all its prismatic variety’’. মন কৰিবলগীয়া কথাটো হ’ল, জেণ্ডাৰ ডিস্ফ’ৰিয়াত ভুগি থকা বা অন্যধৰণে লৈংগিক হাৰাশাস্তিৰ বলি হোৱা কোনো সংখ্যালঘু গোটৰ কথাক লৈ তেওঁৰ অধিক চিন্তা নাছিল; তেওঁৰ লক্ষ্য আছিল পোনপটীয়াভাৱে মানৱ জাতিৰ sexual dimorphismঅক আক্ৰমণ কৰা; ইয়াক ভিত্তিহীন আৰু শোষণমূলক বুলি সাব্যস্ত কৰি নস্যাৎ কৰা। আনহাতে, এই নতুন অবাস্তৱ ধাৰণাটোক তেওঁ সাঙুৰি দিছিল বৰ্ণবাদৰ সৈতে। এনেকৈয়ে sex denialismঅক এক মানৱাধিকাৰ ইচ্ছ্যু হিচাপে উত্থাপন কৰা হৈছিল, বৰ্ণবৈষম্যবিৰোধী আন্দোলনৰ ঐতিহ্য আত্মসাৎকৰণৰ জৰিয়তে। ২০১১ চনত কিতাপখনৰ সংবৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় নতুন নামেৰে – From Transgender to Transhuman: a manifesto on the freedom of form. ইয়াত আমি ট্ৰেন্সজেণ্ডাৰৰপৰা আহি ট্ৰেন্সহিউমেনত উপনীত হ’লোহি। মানুহৰ ক্ষমতা আৰু পৰিসীমা অতিক্ৰম কৰি একপ্ৰকাৰ অতিমানৱত পৰিণত হোৱাটোৱেই হ’ল ট্ৰেন্সহিউমেন। প্ৰযুক্তিৰ সহায়ত আমি আমাৰ মনটোক শৰীৰপৰা পৃথক আৰু মুক্ত কৰিব পাৰোঁ। (উল্লেখ্য যে মৃত্যুৰ পাছত ৰথব্লাটে তেওঁৰ পত্নীৰ এটা ৰবট সংস্কৰণ তৈয়াৰ কৰিছিল। ) বায়’টেক্ন’ল’জিৰ সহায়ত আমি আমাৰ তেজ-মঙহৰ সীমাবদ্ধতা (‘fleshism’) অতিক্ৰম কৰি যাবলৈ চেষ্টা কৰিব লাগে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, জেনেটিক ইঞ্জিনিয়াৰিং, ৰবট, বায়’নিক অংগ আদিৰ সাম্প্ৰতিক যুগত এতিয়া মানুহে প্ৰজাতিটোৰ এক নতুন বিৱৰ্তনৰ কথা ক’বলৈ ধৰিছে – আমি যেন ধূলি-মাটিৰ মানুহৰপৰা উত্তৰিত হৈ ট্ৰেন্সহিউমেন হ’বলৈ গৈ আছোঁ। ট্ৰেন্সজেণ্ডাৰ আন্দোলনটো এই ট্ৰেন্সহিউমেনিষ্ট প্ৰজেক্টৰে এটা অংশ হৈ পৰিছে। ঠিক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, human augmentation আদিৰ লগৰে এটা বস্তু হ’ল ট্ৰেন্সজেণ্ডাৰ। ৰথব্লাটে ক’ব খোজে যে ট্ৰেন্সজেণ্ডাৰ হ’ল ট্ৰেন্সহিউমেন হোৱাৰে এটা পদক্ষেপ – ট্ৰেন্সজেণ্ডাৰ হ’ল এডাল সাঁকোৰ নিচিনা, যিফালেদি গৈ ট্ৰেন্সহিউমেন হ’ব পাৰি। ট্ৰেন্সজেণ্ডাৰ মানেই হ’ল শৰীৰৰ ওপৰত মনৰ আধিপত্য – মনৰদ্বাৰা শৰীৰৰ অতিক্ৰমণ, মানুহৰ জৈৱিক বাস্তৱতাৰ ঊৰ্ধলৈ গমন। ট্ৰেন্সজেণ্ডাৰ ট্ৰিটমেণ্টে আচলতে মানুহৰ হৈ থকা সমস্যা এটা ঠিক কৰা নাই, বৰং সি মানুহক এক উন্নততৰ স্তৰলৈ উত্তৰিত কৰিছে। এয়া আচলতে ট্ৰেন্সহিউমেন হোৱাৰে এটা পৰ্যায়। আচলতে ট্ৰেন্সহিউমেনিষ্ট প্ৰজেক্টটো হ’ল প্ৰযুক্তি-পৰিচালিত নব্য উদাৰতাবাদী পুঁজিবাদে দেখুওৱা এটা স্বপ্ন মাথোন। ই বিচাৰে যে আমি প্ৰযুক্তিৰ মায়াত আচ্ছন্ন হৈ নিজৰ মাজতে ডুব গৈ থাকোঁ। এয়া কোনো মুক্তি নহয়, বৰং কৰ্প’ৰেট পৰিচালিত প্ৰযুক্তিৰ সাম্ৰাজ্যত দাসত্ব গ্ৰহণ কৰাহে – যি আমাৰ শৰীৰৰপৰা মুনাফা আহৰণ কৰিব বিচাৰে, আমাৰ মনটোক নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ মাজত বান্ধি ৰাখিব বিচাৰে, সম্পদ আৰু প্ৰকৃতিৰ লুণ্ঠনৰ প্ৰতি আমাক নিস্পৃহ কৰি ৰাখিব বিচাৰে। মানুহ প্ৰজাতিটো হ’ল প্ৰকৃতিৰ সন্তান, বহু বিলিয়ন বছৰৰ বিৱৰ্তনৰ পাছত যাৰ সৃষ্টি আৰু পৃথিৱীৰ সৈতে যাৰ সম্পৰ্ক অবিচ্ছেদ্য। মানুহৰ মনটোক স্বাধীন আৰু সৰ্বশক্তিমান বুলি কৈ ট্ৰেন্সহিউমেনিজমে আমাক সেই প্ৰাকৃতিক উৎসৰপৰা বিচ্ছিন্ন কৰিব খোজে। ট্ৰেন্সহিউমেন হ’বলৈ যাওঁতে হিউমেনৰ কিছুমান মৌলিক গুণ অন্তৰ্হিত হোৱাটো স্বাভাৱিক – নিজৰ শৰীৰটোৰ নিচিনাকৈয়ে, প্ৰকৃতি সম্পৰ্কেও তেওঁলোক চিন্তিত হোৱাৰ সম্ভাৱনা কম। সি যি নহওক, এনেকৈয়ে আমি ট্ৰেন্সজেণ্ডাৰৰপৰা ট্ৰেন্সহিউমেনৰ ধাৰণাত উপনীত হওঁ। দুইটা ধাৰণায়েই গোলকীয় বজাৰৰ সৈতে সাঙোৰ খাই আছে, আৰু বজাৰৰ শক্তিবিলাকেই দুইটাৰ প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰিছে।
(৬)
এতিয়া আহিল কুইয়েৰ তত্ত্বৰ কথা। এটা সময়ত তত্ত্বটোৱে নিঃসন্দেহে এক আলোকসঞ্চাৰী ভূমিকা পালন কৰিছিল, নতুন নতুন প্ৰশ্নৰ জন্ম দিছিল। গতিকে এটা একাডেমিক বিশ্লেষণ পদ্ধতি হিচাপে আৰু এটা সমালোচনাত্মক দৃষ্টিভংগী হিচাপে সি এটা বৰ লাগতিয়াল কাম কৰিছিল। কিন্তু আন সকলোবোৰ প্ৰামাণিক আৰু বাস্তৱসন্মত সামাজিক তত্ত্বক নস্যাৎ কৰি কুইয়েৰ তত্ত্বকেই একমাত্ৰ নিৰ্ভৰযোগ্য আৰু অবিসম্বাদী তত্ত্ব বুলি প্ৰতিষ্ঠা কৰিব খোজাটো, আৰু তাকেই সামাজিক পৰিৱৰ্তনৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য আদৰ্শ হিচাপে ৰাজনৈতিক এক্টিভিজমৰ হাতিয়াৰ কৰি তোলাটো অতিকে সমস্যাজনক আৰু ক্ষতিকৰ বুলি ইতিমধ্যে প্ৰতীয়মান হৈছে। আচলতে এতিয়া কুইয়েৰ তত্ত্বক প্ৰশ্নৰ কাঠগৰাত তোলাৰ সময় আহি পৰিছে।
জে’ম্ছ পেন্নিয়ে (James Penney, After Queer Theory: The Limits of Sexual Politics) কৈছে যে ‘‘queer discourse has run its course, its project made obsolete by the full elaboration of its own logic.’’ উত্তৰগঠনবাদৰদ্বাৰা অনুপ্ৰাণিত হৈ আৰু ১৯৯০ৰ দশকৰ প্ৰাৰম্ভত ঘটা এংলো-মাৰ্কিন যৌনতা সম্পৰ্কীয় নতুন চিন্তা-চৰ্চাৰ প্ৰভাৱত কুইয়েৰ তত্ত্বই প্ৰাণ পাই উঠিছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল যে এই তত্ত্বৰ মূল ধাৰণাৰাজি যথাৰ্থতে মুক্তিকামী ৰাজনীতিৰ সৈতে খাপ নাখায়। ১৯৬০ আৰু ১৯৭০ৰ দশকত গে’ আৰু লেছবিয়ান আন্দোলনসমূহ চলিছিল এটা বহল ৰাজনৈতিক প্ৰেক্ষাপটত, যাৰ সৈতে নাৰীবাদ আৰু নতুন বাঁওপন্থাৰ (New Left) এটা জৈৱিক সম্পৰ্ক আছিল। ষ্ট’নৱাল-পৰৱৰ্তী প্ৰথম প্ৰজন্মৰ এক্টিভিষ্টসকলৰ মাজত সমাজবাদী ঐতিহ্যৰ কিছুমান সঁচা অৱশেষ দেখিবলৈ পোৱা গৈছিল। এতিয়াও কিছুমান লেখকৰ ৰচনাত সেই সময়ছোৱাৰ স্পষ্ট প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। কিন্তু তাৰ বিপৰীতে শেহতীয়া কুইয়েৰ এজেণ্ডাসমূহ হ’ল খুবেই সংকীৰ্ণ, তত্ত্ববাদী (theoriticist) আৰু লাইফষ্টাইল-কেন্দ্ৰিক (lifestyle-oriented)। খুব বেছি কুইয়েৰ এক্টিভিষ্টসকলে কেতিয়াবা মন গ’লে সামাজিক বৈষম্যৰ দীঘলীয়া তালিকাৰ শেষৰফালে ‘শ্ৰেণী’ শব্দটো সংযোগ কৰি দিয়ে। পূৰ্বৰ গে’ আৰু লেছবিয়ান এক্টিভিষ্টসকলে তেওঁলোকৰ নিজৰ সৈতে বাকী নিষ্পেষিত গোষ্ঠীবিলাকৰ (বিশেষকৈ বিষমকামী নাৰী আৰু কৃষ্ণাংগসকলৰ) সমস্যা তথা আকাংক্ষাৰ এক অন্তৰ্নিহিত সম্পৰ্ক থকা বুলি বিশ্বাস কৰিছিল। তাৰ বিপৰীতে, পৰিচিতিৰ নৰ্মেটিভ আৰু বহিষ্কৰণবাদী চৰিত্ৰক লৈ সদাব্যস্ত এতিয়াৰ কুইয়েৰ এক্টিভিষ্টসকল তুলনামূলকভাৱে আত্মনিমগ্ন, আৰু নিজকে যৌন পৰিভাষাৰে সংজ্ঞায়িত নকৰা যিকোনো গোষ্ঠীৰ (groups that don’t define themselves in sexual terms) সৈতে মৈত্ৰী বন্ধনৰ প্ৰতি অনিচ্ছুক। জটিল তাত্ত্বিক কথা-বাৰ্তা কৰা আৰু পৰিচিতি কেটেগৰিৰ সীমালংঘন কৰাৰ (transgressing presumptive identity categories) প্ৰতিহে এই এক্টিভিষ্টসকল অধিক আগ্ৰহী। যিসমূহ ঐতিহাসিক সামাজিক আন্দোলনৰ ফলস্বৰূপে কুইয়েৰৰ জন্ম সম্ভৱ হ’ল সেইসমূহৰ প্ৰতি আন্তৰিকতাৰে মনোযোগ দিবলৈ তেওঁলোক নাৰাজ। ‘‘Counterintuitively, the subversion of sexual identity has turned the sexually marginal inward. With few exceptions, the queer contingent has been less willing than its predecessors to articulate its concerns to those of other groups, particularly geopolitically distant ones whose marginality takes a more conventionally material, that is to say socioeconomic, form.’’ আনহাতে, তাত্ত্বিক বাগধাৰা হিচাপে কুইয়েৰ প্ৰজেক্টটো মূলতঃ এংলো-মাৰ্কিন একাডেমিক ৰিডাৰশ্বিপৰ মাজতে সীমাবদ্ধ। বিশেষকৈ ইয়াৰ প্ৰথম বিকাশ ঘটিছিল আমেৰিকাৰ একাডেমিক চৰ্চাৰ এলিট কেন্দ্ৰবিলাকত। ‘‘For these reasons, it should hardly come as a surprise that queer discourse in general reflects the interests and investments of this group of privileged academics and students in the global North.’’ ইয়াৰ পিছত পেন্নিয়ে কৈছে – ‘‘The advent of queer saw a project coupling minority sexual identity with a wide-reaching emancipatory political agenda, cede ground to an approach that wed sexual identity’s immanent subversion and a vision of the universal implications of queerness with an issue- and lifestyle-oriented micro-level politics, alarmingly distanced from the critique of capitalism or any programme for thoroughgoing social change. Far from forging broad political alliances, the project of identity’s subversion has had the unanticipated effect of strengthening the boundaries that separate a given identity, however problematised or deconstructed, from the wider social field. Meanwhile, in the world of academic publishing, queer studies and queer theory are intellectually dead discourses. Excluding for the time being its elite theoretical vanguard, recent queer textual production can be divided into two moribund categories: introductions and textbooks that repeat old mantras from the 1990s, and a range of largely untheorised studies of cultural phenomena featuring non-normative sexual content, otherwise fully conventional in scope and aim.’’ (‘Introduction: After Queer Theory – Manifesto and Consequences’)
মেক্স এইচ. কিৰ্শ্ছে (Max H. Kirsch, Queer Theory and Social Change) কুইয়েৰ তত্ত্ব সম্পৰ্কে কিছুমান মৌলিক প্ৰশ্ন উত্থাপন কৰিছে : সমতাকাংক্ষী সামাজিক সংগ্ৰামত তত্ত্বৰ ভূমিকা কেনেধৰণৰ, কুইয়েৰ তত্ত্বই প্ৰকৃততে সমাজ পৰিবৰ্তনৰ বাট দেখুৱাব পাৰেনে, পুঁজিবাদৰ গতিধাৰাৰ সৈতে তাৰ সম্পৰ্ক কেনেধৰণৰ? বিশ্বায়নৰ প্ৰেক্ষাপটত তেওঁ কুইয়েৰ তত্ত্ব তথা ৰাজনীতিৰ সমস্যা আৰু সম্ভাৱনা সম্পৰ্কে এক সূক্ষ্ম পৰ্যালোচনা দাঙি ধৰিছে৷ তেওঁ লিখিছে, কেনেকৈ উদ্ভৱৰ কালতেই কুইয়েৰ তত্ত্বক ১৯৯০ৰ দশকৰ বিদ্যায়তনিক মহলে, বিশেষকৈ ছাত্ৰসমাজে, ঊৰ্ধবাহু হৈ আদৰণি জনাইছিল, যেন সকলোৱেই ইমান দিনে তাৰ বাবে অধীৰ হৈ ৰৈহে আছিল। ‘‘I was also fascinated by the ready and aggressive acceptance of this theory in the academy, particularly by students in the 1990s. It seemed curious how quickly elements of “queer” became accepted as received wisdom, as if students were more intent on finding ways of individuating themselves from others (and from society in general) than critically evaluating the theory being presented. To be sure, part of this acceptance can be explained by youthful energies that are focused on discovering who one is, and more often, what one is not. It is part of the “I matter most” philosophy in which individualism, subversion, and social resistance are equated. This conjoining of complex issues is encouraged by a culture that is now more than ever oriented towards separating the individual from the social, promoting an ideal that we are all unique, special, unfettered by structural forces outside our control. These positions are indeed related to the place of the individual in society as this place has evolved during the twentieth century.’’ ‘‘Why should this generation of students find this line of thought so rewarding? It is easy to speculate that students of a traditional college age are acting normally in their desire to test the limits of their own realities. But why did academic departments, especially in the humanities, so readily staff their ranks with those professing a direction that refocuses research and teaching from critical social theory to an obsession with the individual and the subject (or lack thereof), and personal “rights”?’’ (‘Introduction’) কুইয়েৰ তত্ত্ব বিকশিত হৈছিল অতীতৰ পৰিৱৰ্তনকামী তত্ত্বসমূহৰ একধৰণৰ মৌলিক সমালোচনা হিচাপে, যাৰ মাজেৰে সি অন্তৰ্ভুক্তিবাদৰ পোষকতা কৰিছিল। আলোকপ্ৰাপ্তিৰ যুগৰ সাৰ্বজনীন প্ৰমূল্যৰ ওপৰত ভৰ দি গঢ়ি উঠা সমাজবাদ, নাৰীবাদ আদি আন্দোলনৰ বিৰুদ্ধে সি অভিযোগ উত্থাপন কৰিছিল যে সেইবোৰ যথেষ্টভাৱে অন্তৰ্ভুক্তিবাদী নহয় – ‘‘not inclusive enough to represent the experience of individuals, persons, and ‘selves’’’. সাম্প্ৰতিক সামাজিক তত্ত্বত বিশ্লেষণৰ একক বা ইউনিট হিচাপে ‘শ্ৰেণী’ৰ ঠাই ক্ৰমাৎ দখল কৰিছিল ‘বাগধাৰা’ই; বুৰ্জোৱা পুঁজিবাদী ব্যৱস্থাৰ মাজত জীয়াই থকা ব্যক্তিজনৰ সলনি এতিয়া গুৰুত্ব লাভ কৰিছিল ‘ব্যক্তিগত অভিজ্ঞতা’ই। কাঠামোৰ সলনি কেন্দ্ৰীয় স্থান লাভ কৰিছিল ‘স্বসত্তা’ই (self), আৰু ইয়াক আধাৰ কৰিয়েই কুইয়েৰ তত্ত্বই অন্তৰ্ভুক্তি আৰু বহুত্বৰ জয়গান গাইছিল। কিন্তু কাৰ্যক্ষেত্ৰত এনে কোনো প্ৰকৃত অন্তৰ্ভুক্তিৰ বাবে সি চেষ্টা কৰা নাছিল, যাৰ ভিত্তিত প্ৰতিৰোধ তথা সংগ্ৰামৰ বাবে কোনো সম্প্ৰদায়ৰ জন্ম হ’ব পাৰে। ইয়াৰ পৰিচিতিৰ ধাৰণাটো হ’ল এক ‘resistence identity’. ইয়াৰ বিপৰীতে আমি ‘project identity’ৰ কথা ক’ব পাৰোঁ, য’ত উপলব্ধ শক্তি-সম্পদৰ ভিত্তিত এক সম্প্ৰদায় নিৰ্মাণ আৰু সামাজিক কাঠোমোৰ ৰূপান্তৰৰ ধাৰণা থাকে। কিন্তু, “A resistance identity allows an exclusion of the excluders by the excluded, the building of identity in Foucault’s terms. But ‘excluded’ for them can range from gender to clothing style to music: they do not have a specific project in mind, but a determination to assert themselves as individuals.” পুঁজিবাদে সদায় সম্প্ৰদায়ৰ ভাঙোন আনি স্বতন্ত্ৰ ব্যক্তিৰ স্বাধীনতা প্ৰতিষ্ঠা কৰিব খোজে। কুইয়েৰ তত্ত্বও অন্তৰ্নিহিতভাৱে সম্প্ৰদায়-বিৰোধী; ব্যক্তিৰ অনন্যতা আৰু অভিজ্ঞতাৰ আপেক্ষিকতাৰ (uniqueness of the individual and the relativity of experience) ওপৰত গুৰুত্বাৰোপ কৰি সি সম্প্ৰদায়ৰ বিপৰীতে থিয় দিয়ে। ক’ব পাৰি যে নব্য উদাৰতাবাদী পুঁজিবাদে দাঙি ধৰা চূড়ান্ত ব্যক্তিবাদৰ ধাৰণাটোৱেই কুইয়েৰ তত্ত্বৰো ধাৰণা। ‘‘While Queer theory does not call for the destruction of communities, at least by name, its consequences are the same: communities must be deconstructed to free the individual for self-expression. As the individual becomes the center of analysis in all aspects of social life, and as late capitalism emphasizes individualism on a global scale, resistance theory has closely followed the dominant streams. . . . At worst, such a stance is in operative support of current structures of capitalist relations of being.’’ দেখাত কুইয়েৰ তত্ত্বৰ দাবীটো আনবিলাক প্ৰতিৰোধ আন্দোলনৰ সৈতে একে, যে সি সামাজিক নিষ্পেষণৰ অৱসান ঘটাব বিচাৰে আৰু তাৰ ঠাইত নতুন ন্যায়সংগত জীৱন-প্ৰণালীৰ (forms of being) সৃষ্টি কৰিব খোজে। কিন্তু সি সামাজিক কাঠোমোৰ সলনি ব্যক্তিকহে পৰিবৰ্তনৰ একমাত্ৰ স্থান হিচাপে গণ্য কৰে; ‘‘The right to be oneself’ thus becomes a mechanism for self-protection rather than a call for equality.’’ আচলতে ব্যক্তিৰ পৰিচিতি আৰু আত্ম-ৰূপায়ণ (self-actualization) সম্প্ৰদায়ৰ বিৰোধী বস্তু নহয়, বৰং পৰিপূৰকহে। সম্প্ৰদায়ৰ মাজত অংশগ্ৰহণৰ জৰিয়তেহে ব্যক্তিৰ সামাজিক আৰু আৱেগিক স্বাস্থ্য সুৰক্ষিত হ’ব পাৰে; সম্প্ৰদায়ৰ ভিতৰতহে আলাপ হ’ব পাৰে আৰু ৰণনীতিৰ নিৰ্মাণ হ’ব পাৰে; সম্প্ৰদায়ৰ ভিতৰতহে সামাজিক পৰিবৰ্তনৰ বীজ অংকুৰিত হ’ব পাৰে। ‘‘The call for individuality is the most harmful strategy of all, for it separates every person from any concrete sense of identity and collective opposition.’’ ক’ব পাৰি যে কুইয়েৰ তত্ত্বই সম্প্ৰদায়ৰ বিপৰীতে ব্যক্তিৰ ওপৰত দিয়া সৰ্বোচ্চ গুৰুত্বই প্ৰকৃততে নব্য উদাৰতাবাদী পুঁজিবাদৰ লজিককেই শক্তিশালী কৰিছে। আনহাতে, বিদ্যায়তনিক মহলত কুইয়েৰ তত্ত্বই এক আধিপত্যশীল ৰূপ লাভ কৰিছে, যাৰ সমালোচনা কৰাটো সম্ভৱ নহয়। ‘‘Current Queer theory’s engagement of this fear and concentration on the deconstruction of identity are results of such a reaction to power, a reductionistic view of the possibilities for change generated by the politics of the 1960s and 1970s. The reaction has taken place most prominently in the academy, where the purveyors of this theory are in positions that pose real danger to those opposing them. They have become the new academic elite, complete with editorships of journals, the power to hire, to decide who publishes, to deny tenure, and the ability to apply pressure with regard to which theory is well received and which disregarded. Let there be no mistake: they do act on their privileges. They are self-protective in much the same way that the managers of capitalist enterprises control the organization of work. It is not in their interest to further communities of dissidence, particularly against themselves.’’ (‘Conclusion: theory, politics, and the community’)
সাম্প্ৰতিক সময়ত কুইয়েৰ তত্ত্ব এক আধিপত্যশীল বাগধাৰাত পৰিণত হৈছে। ই হৈ পৰিছে একাডেমিক নৰ্মেটিভিটি। কুইয়েৰ তত্ত্বৰ মাজত প্ৰাৰম্ভতে যিটো সমালোচনাত্মক সম্ভাৱনা আছিল, বৰ্তমানৰ বাগধাৰাটোৰ মাজত তাৰ অৱশেষ বিচাৰি পোৱা টান। এটা কথা ঠিক যে একাডেমিক ক্ষেত্ৰ হিচাপে কুইয়েৰ চৰ্চাৰ পৰিধি বহল আৰু বহু বৈচিত্ৰ্যপূৰ্ণ বিতৰ্কৰে মুখৰ। কিন্তু তাৰ মাজতো কুইয়েৰ তত্ত্ব সম্পৰ্কে বুনিয়াদী প্ৰশ্ন উত্থাপন কৰাটো, কুইয়েৰ আধিপত্যক বিচাৰৰ কাঠগৰাত উঠোৱাটো সহজ নহয়। চিন্তাক পূৰ্বনিৰ্ধাৰিত সিদ্ধান্তৰ এক কুইয়েৰ ফ্ৰেমৱৰ্কৰ মাজত আবদ্ধ ৰখা আৰু তাৰ সমালোচনাত বাধা আৰোপ কৰাৰ ক্ষেত্ৰত কুইয়েৰ বাগধাৰাৰ কঠোৰতা লক্ষণীয়। একে সময়তে দেখা যায় যে কুইয়েৰ তাত্ত্বিকসকলে পৃথিৱীৰ সকলো কথাকে প্ৰশ্ন কৰিব পাৰে, কিন্তু জেণ্ডাৰ পৰিচিতিৰ ক্ষেত্ৰত সেইটো কৰিবলৈ তেওঁলোক নাৰাজ। ফুকোডীয় ইতিহাসবাদৰ (Foucauldian historicism) প্ৰয়োগ তেওঁলোকে নিৰ্বাচিত কিছুমান ক্ষেত্ৰতহে কৰে; উদাহৰণস্বৰূপে, ‘ট্ৰেন্স শিশু’ বস্তুটো তেওঁলোকে সমাজত সদায় আছিল বুলি ভাবে, Sex denialism যে এটা শেহতীয়া ঐতিহাসিক ধাৰণা সেই কথা তেওঁলোকে নকয়। আনহাতে, কুইয়েৰ বাগধাৰা এতিয়া ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ সৈতে অংগাংগীভাৱে সাঙোৰ খাই আছে; সি আন্দোলনটোৰ তাত্ত্বিক ৰক্ষাকৱচ হিচাপে আৱিৰ্ভূত হৈছে। এই দুটাৰ মাজত এতিয়া পাৰ্থক্য চিহ্নিত কৰা টান – ক’ত তত্ত্ব শেষ হৈ এক্টিভিজম আৰম্ভ হয় ক’ব নোৱাৰি; অধিক ক্ষেত্ৰত তত্ত্বৰ নামত এক্টিভিজমেই চলি আছে। একে আষাৰে ক’বলৈ গ’লে, কুইয়েৰ বাগধাৰা তথা সি বৌদ্ধিক আৱৰণ দি ৰখা ট্ৰেন্সজেণ্ডাৰ আন্দোলন, দুইটাই ইতিমধ্যে এক অৰ্থডক্সিত পৰিণত হৈছে। ফুকোৰ নাম লৈয়েই এটা ‘regulatory regime’ প্ৰতিষ্ঠা কৰা হৈছে। সহনশীলতা, বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিবাদৰ অহৰহ শ্লোগান সত্ত্বেও ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ চৰিত্ৰ যে কৰ্তৃত্ববাদী তথা সৰ্বগ্ৰাসী, সেইটো বুজিবলৈ অলপো অসুবিধা নহয়। কুইয়েৰ তথা ট্ৰেন্স অৰ্থডক্সিক প্ৰশ্ন কৰা বা বিৰোধিতা কৰা যিকোনো মানুহেই, বিশেষকৈ নাৰীসকলে, বিৰূপ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক পৰিণাম ভুগিবলগীয়া হয়। এইক্ষেত্ৰত ট্ৰেন্স এক্টিভিষ্ট তথা সমৰ্থকসকলৰ আচৰণ খুবেই মৌলবাদী, আন ভাষাত কাল্টসুলভ (cultish)। জে’ন ক্লেয়াৰ জ’ন্ছে (Jane Clare Jones) ট্ৰেন্সজেণ্ডাৰ আন্দোলনে জাপি দিব খোজা ‘trans normativity’ৰ কথা কৈছে। “Quite how the organizers planned to parse ‘bad normativity’ from ‘good hegemony’ is anyone’s guess—if ‘normative’ or ‘hegemonic’ discourses are ‘disciplinary’ or ‘bad’ by virtue of being hegemonic, then there is no reason why ‘queer’ discourses should get a free pass. (There is a paradox in the centre of queer thought here—at the point at which queer theory becomes a form of academic normativity, it is no longer, by its own definitions, queer.) Indeed, what I want to suggest here, is that . . . the moral logic of queer ‘inclusivity’ has now become a hegemonic, punitive, and profoundly disciplinary discourse.” “Trans and radical queer activism is animated by a deeply authoritarian and coercive political impulse that leads proponents to behave like the bastard children of Stalinism and the medieval Catholic Church. It has produced a generation of aesthetically and discursively identikit activists who are utterly in thrall to their own moral righteousness, the categorical ‘evil’ of anyone who questions their sacred axioms, and their inquisitorial right to school and punish heretics. . . . which discourse is dominant here—the hegemonic normativity of ‘queer’ inclusivity—and the fact that there is nothing ‘anti-disciplinary,’ ‘diverse,’ ‘fluid,’ ‘open,’ or, strictly speaking, ‘queer’ about trans activism. ‘In Queer Times’ we find ourselves. Indeed.” (‘Disciplining Martina: Heretics and the Church of Trans Normativity’, The Annals of the TERF-Wars and Other Writing) সি যি নহওক, বিদ্যায়তনিক ক্ষেত্ৰত টিকি থাকিবলৈ হ’লে এই মুহূৰ্তত যিকোনো একাডেমিকেই কুইয়েৰ তথা ট্ৰেন্স অৰ্থডক্সিক চকু মুদি মানি ল’বই লাগিব। দেখা গৈছে যে ট্ৰেন্সজেণ্ডাৰ ইচ্ছ্যুক লৈ স্বতন্ত্ৰভাৱে আৰু বিজ্ঞানসন্মতভাৱে গৱেষণা কৰিব খোজা একাডেমিকসকলক হাৰাশাস্তি কৰা হয়; witch huntingঅৰ বলি হোৱাৰ ভয়ত এই বিষয়ত কাম কৰিবলৈ বা আনকি মাত মাতিবলৈও সৰহভাগ একাডেমিকে ভয় কৰে। কেৱল সাধাৰণ এক্টিভিষ্টসকলেই যে মৌলবাদী আচৰণ কৰে তেনে নহয়, উচ্চ পৰ্যায়ৰ বুলি ভবা একাডেমিকসকলো ইয়াৰ ব্যতিক্ৰম নহয়; তেওঁলোককো বহু সময়ত mob ৰূপত দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে, দাৰ্শনিক ডেনিয়েল এ’. কৌফমেনে (Daniel A. Kaufman, ‘Philosophy’s Aspirant Tin-Pot Dictators’, Electric Agora) দৰ্শনৰ ক্ষেত্ৰখনত দেখিবলৈ পোৱা তেনে প্ৰৱণতাৰ সমালোচনা কৰোতে এঠাইত লিখিছে – ‘‘Ours is becoming a sick, noxious discipline, in which a number of aspirant, philosopher tin-pot dictators try to intimidate and terrorize everyone else into permitting them to dominate our discipline’s institutions and mores. If allowed to continue in the manner they have pursued thus far, they will destroy the credibility of peer-review and publication in academic philosophy, which will compromise our standing within the University. And they will further alienate a general public, already turned off by the histrionic spectacles that so-called “progressive” campus activists have engaged in from Evergreen College to Middlebury College to Yale, in recent years.’’
এইখিনিতে ৱ’ক সংস্কৃতিৰ (woke culture) প্ৰসংগটো আহি পৰে। ইয়াত বিষয়টো সম্পৰ্কে সবিশেষ আলোচনাৰ অৱকাশ নাই; কিন্তু প্ৰাসংগিক দুটামান কথা অতি চমুকৈ উনুকিওৱাৰ প্ৰয়োজনবোধ কৰিছোঁ। Wokeness হ’ল একধৰণৰ প্ৰগতিশীল সাংস্কৃতিক সংবেদনশীলতা (cultural sensibility), এক linguistic and behavioural hygiene, যাক সম্প্ৰতি প্ৰগতিশীল ৰাজনীতিৰ এটা নতুন ৰূপ বা এটা অংগ হিচাপে গণ্য কৰা হ’ব ধৰিছে। ৱ’ক সংস্কৃতিৰ সমালোচনা আৰু বিৰোধিতা সোঁপন্থীসকলে অহৰহ কৰি আছে; ইয়াক লৈ তেওঁলোকে এক আতংকৰ সৃষ্টি কৰিছে, ইয়াক সমাজ-সভ্যতা বা দেশৰ বাবে প্ৰধান বিপদ হিচাপে চিহ্নিত কৰিছে। নক’লেও হ’ব যে এই সমালোচনা-বিৰোধিতা-আতংকৰ আঁৰত আছে সোঁপন্থীসকলৰ ন্যস্ত স্বাৰ্থ আৰু ৰক্ষণশীল ৰাজনীতি। তেওঁলোকে সমাজৰ শোষণমূলক-পদানুক্ৰমবদ্ধ কাঠামো তথা প্ৰমূল্যৰ কোনোধৰণৰ সমালোচনা হোৱাটো নিবিচাৰে; পৰম্পৰাগতভাৱে চলি অহা সকলোধৰণৰ প্ৰতিক্ৰিয়াশীল মতাদৰ্শ জীয়াই ৰাখিব বিচাৰে আৰু তাৰপৰা নিজে সামাজিক-ৰাজনৈতিক সুবিধা আদায় কৰিব বিচাৰে। গতিকে সোঁপন্থীসকলে কৰা ৱ’ক সংস্কৃতিৰ সমালোচনা-বিৰোধিতা স্বাভাৱিকতেই উদ্দেশ্যপ্ৰণোদিত, সমস্যাজনক আৰু বিভ্ৰান্তিকৰ। মন কৰিবলগীয়া যে সংগঠিত সোঁপন্থী শক্তিৰ সৈতে জড়িত নোহোৱাকৈ বা কোনো ৰাজনৈতিক এজেণ্ডা নোহোৱাকৈ ৱ’ক সংস্কৃতিৰ সমালোচনা কৰা বহু ৰক্ষণশীল ব্যক্তি আছে; তেওঁলোকৰ সমালোচনাও সাধাৰণতেই সোঁপন্থী প্ৰতিক্ৰিয়াশীলতা তথা বৌদ্ধিক দৈন্যৰপৰা মুক্ত নহয়। (উদাহৰণস্বৰূপে, Matt Walshঅক আমি প্ৰথম শ্ৰেণীত আৰু Jordan Petersonঅক দ্বিতীয় শ্ৰেণীত ৰাখিব পাৰোঁ) এই সোঁপন্থী সমালোচনাসমূহ প্ৰায়েই খুব তৰাং হয়; তাত্ত্বিক স্পষ্টতা বা গভীৰতাৰ চিন-মোকাম পাবলৈ নাই। তেনে বহুতো সমালোচকৰ বাবে মাৰ্ক্সবাদ, নাৰীবাদ, উত্তৰাধুনিকতাবাদ, কুইয়েৰ তত্ত্ব, ট্ৰেন্সজেণ্ডাৰবাদ – এই সকলোবোৰ একেই, ইটোৰপৰা সিটোৰ বিশেষ কোনো পাৰ্থক্যই নাই; গতিকে মাৰ্ক্সবাদৰপৰাই ট্ৰেন্সজেণ্ডাৰবাদ ওলাইছে বুলি ক’লেও একো ভুল নহয়। নক’লেও হ’ব যে এই সোঁপন্থী সমালোচনাবিলাকৰ বিষয়ে বৌদ্ধিকভাৱে পাতিবলগীয়া বেছি একো কথা নাই। একে সময়তে, ৱ’ক সংস্কৃতিৰ কিছুমান সৰলীকৃত লিবাৰেল ব্যাখ্যাও দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, হেলেন প্লাকৰ’জ আৰু জে’মছ লিণ্ডছে’ই (Helen Pluckrose & James Lindsay, Cynical Theories: How Activist Scholarship Made Everything about Race, Gender, and Identity) এই সম্পৰ্কীয় কিছুমান মূল্যৱান কথা আলোচনা কৰিছে যদিও তেওঁলোকৰ মূল থেছিছটো সৰলীকৃত। তেওঁলোকে কোৱাৰ দৰে, ৱ’ক সংস্কৃতিৰ পোনে পোনে উত্তৰাধুনিকতাবাদৰপৰা উৎপত্তি হোৱা বুলি ক’ব নোৱাৰি। যোৱা শতিকাৰ ষাঠিৰ দশকতে আৰম্ভ হোৱা এটা তাত্ত্বিক আন্দোলনে এতিয়াহে কেনেকৈ ৱ’ক সংস্কৃতিৰ ৰূপ পালে তাৰ ব্যাখ্যা তেওঁলোকে দিয়া নাই। উত্তৰাধুনিকতাবাদ আৰু ৱ’ক সংস্কৃতিৰ মাজত স্পষ্টভাৱেই চৰিত্ৰগত বিৰোধ আছে। উত্তৰাধুনিকতাবাদ অন্তৰ্নিহিতভাৱেই এটা anti-authoritarian আৰু সংশয়প্ৰৱণ বস্তু, কিন্তু তাৰ বিপৰীতে ৱ’ক সংস্কৃতিৰ মাজত দেখিবলৈ পোৱা যায় এক authoritarian প্ৰৱণতা আৰু অন্ধ জ্ঞানগত নিশ্চিতি। সি যি নহওক, ঐতিহাসিক দৃষ্টিকোণৰপৰা ৱ’ক সংস্কৃতি নিঃসন্দেহে এটা গুৰুত্বপূৰ্ণ প্ৰগতিশীল বিকাশ। ইমানদিনে স্বাভাৱিকীকৃত হৈ লুকাই থকা ভালেমান সামাজিক অন্যায়ৰ ওপৰত ই আলোকপাত কৰিছে, আৰু এক অধিক গণতান্ত্ৰিক আৰু ন্যায়সংগত সমাজ গঢ়াৰ সম্ভাৱনা মুকলি কৰিছে। বস্তুনিষ্ঠতাৰপৰা বিষয়ীসত্তালৈ, কাঠোমোগত নিৰাৱেগ বিশ্লেষণৰপৰা ব্যক্তিগত অভিজ্ঞতা-অনুভৱৰ কেন্দ্ৰীয়তালৈ – সামাজিক চিন্তাৰ এই যিটো শেহতীয়া পৰিবৰ্তন দেখিবলৈ পাওঁ, তাৰ এটা মূল্যৱান যোগাত্মক দিশ আছে। পূৰ্বৰ প্ৰগতিশীল সামাজিক আন্দোলনবিলাকে মানুহৰ বিষয়ীসত্তা তথা অনুভৱৰ প্ৰতি বিশেষ মনোযোগ দিয়া নাছিল; বহু সময়ত সেয়ে সাৰ্বজনীনতাৰ ৰথৰ চকাত এচাম মানুহে ভোগ কৰি থকা অন্যায়-অৱহেলা পিষ্ট হৈ লুকাই পৰিছিল। ৱ’ক আন্দোলনে আগেয়ে ক’বলৈ সুবিধা নোপোৱা বহু মানুহক নিজৰ অভিজ্ঞতা-অনুভৱ ক’বলৈ আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা কৰি দিছে। নাৰী, গে’, ট্ৰেন্সজেণ্ডাৰ, বৰ্ণগত সংখ্যালঘু, এথনিক সংখ্যালঘু আদি মানুহে ভুগিবলগীয়া হোৱা দৈনন্দিন micro-aggressionsঅৰ কথা পাতিবলৈ ইয়াৰ পূৰ্বে কোনো সাংস্কৃতিক জাগৰণ হোৱা নাছিল। গতিকে ক’ব পাৰি যে ৱ’ক সংস্কৃতি হ’ল ভাল উদ্দেশ্য নিহিত হৈ থকা এটা সদৰ্থক সামাজিক ধাৰা। কিন্তু বৰ্তমান ই যিটো ৰূপ লাভ কৰিছে তাত নিশ্চয়কৈ চিন্তনীয় বহু কথা আছে।
দেখা যায় যে ৱ’ক সংস্কৃতিৰ সমালোচনা কৰিবলৈ বা সেই বিষয়ে কোনো প্ৰশ্নৰ সন্মুখীন হ’বলৈ সৰহভাগ বাঁওপন্থীয়েই নাৰাজ। সোঁপন্থীসকলে ইয়াৰ বিৰোধিতা কৰে; গতিকে ইয়াৰ সমালোচনা কৰাসকল নিশ্চয়কৈ সোঁপন্থীয়েই হ’ব, নতুবা বাঁওপন্থী কোনোবাই আন্তৰিকতাৰে ইয়াৰ কিবা সমালোচনা কৰিছে যদিও তাৰপৰা সোঁপন্থীসকলেই লাভান্বিত হ’ব। গতিকে ৱ’ক সংস্কৃতি সম্পৰ্কীয় যিকোনো সমালোচনাকেই বহু বাঁওপন্থীয়ে চিধাই নস্যাৎ কৰিব বিচাৰে; বাকী বহুতে নস্যাৎ নকৰিলেও সমালোচনা কৰা অনুচিত বুলি ভাবে। উমুট অ’জকিৰিম্লিয়ে এনেকুৱাধৰণৰ এখন কিতাপ (Umut Ozkirimli, Cancelled: The Left Way Back from Woke) লিখাৰ কথা কোৱাত তেওঁৰ এগৰাকী শুভাকাংক্ষী সহকৰ্মীয়ে কৈছিল – ‘‘I think that your argument is mostly going to be used against the Left, not the Right. And the Left is not the main problem at the moment.’’ ছুছান নেইমানৰ (Susan Neiman) Left is Not Woke কিতাপখন তেওঁৰ পূৰ্বৰ ফৰাচী প্ৰকাশকে (যি ইতিমধ্যে তেওঁৰ দুখন কিতাপ প্ৰকাশ কৰিছিল) প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল; তেওঁলোকে সংশয় প্ৰকাশ কৰিছিল যে কিতাপখনে সোঁপন্থীসকলক সহায় কৰিব পাৰে। কিন্তু প্ৰশ্ন হ’ল, ৱ’ক সংস্কৃতিৰ কিছুমান বুনিয়াদী সমস্যা নাইনে, আৰু সি কিছুমান জঞ্জালৰ সৃষ্টি কৰা নাইনে, বহুতকে হাৰাশাস্তি কৰা নাইনে; তাৰ অচিলা লৈ সোঁপন্থীসকলে ৰাজনৈতিক মুনাফা আদায় কৰা নাইনে; যদি সেইটো হয় তেনেহ’লে বিষয়টোত বাঁওপন্থীসকলে নিশ্চুপ হৈ থাকিলে সোঁপন্থীসকলে অধিক সুবিধাহে নাপাবনে? শেহতীয়াভাৱে এনে বাঁওপন্থী নস্যাৎবাদৰ বিপৰীতে গৈ ভালেমান ব্যক্তিয়ে ৱ’ক সংস্কৃতিৰ প্ৰগতিশীল বিশ্লেষণ-সমালোচনা দাঙি ধৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ সাধাৰণ ধাৰণাটো হ’ল এই যে ৱ’ক সংস্কৃতিয়ে বাঁওপন্থাক প্ৰতিনিধিত্ব নকৰে। আমি থোৰতে দুই-এখনৰ কথা উল্লেখ কৰিব খুজিছোঁ। অ’জকিৰিমলিৰ চেষ্টাটো হ’ল ‘‘reclaim the Left from the woke Left’’; সেইটো কৰিলেহে সোঁপন্থী শক্তিসমূহক সাৰ্থকভাৱে প্ৰত্যাহ্বান জনাব পৰা যাব, যাৰ ৰাজনীতি হ’ল বহু বেছি ভয়ংকৰ আৰু মাৰাত্মক। বিশ্বত এতিয়া প্ৰতি মুহূৰ্ততে কোনোবা নহয় কোনোবা cancel হৈ আছে, যাৰ ফলত বহুতৰে জীৱন-জীৱিকা ধ্বংস হৈ গৈছে। বাঁওপন্থীসকলে সোঁপন্থীসকলক ধিক্কাৰ দিছে; সোঁপন্থীসকলে ৱ’ক ৰাজনীতি আৰু ৰাজনৈতিক শুদ্ধতাক (political correctness) ধিক্কাৰ দিছে। দুয়োটা পক্ষয়েই একধৰণৰ self-defeating প্ৰতিক্ৰিয়াশীল ৰাজনীতিৰ মাজত হেৰাই গৈছে। নিজকে প্ৰগতিশীল বুলি গণ্য কৰি নৈতিক উচ্চতাত ৰাখিলেও প্ৰকৃততে বাঁওপন্থীসকলেও এতিয়া সোঁপন্থীসকলৰ নিচিনাই আচৰণ কৰিছে। বাঁওপন্থী পৰিচিতিৰ ৰাজনীতি এতিয়া চৰিত্ৰগতভাৱে সোঁপন্থী গণবাদৰ (populism) সৈতে মিলি গৈছে – The Left meets the Right. আনহাতে, মুছা অল-গাৰ্বিয়ে (Musa al-Gharbi, We Have Never Been Woke: The Cultural Contradictions of a New Elite) দেখুৱাইছে যে আচলতে সমস্যাটো অধিক ৱ’ক (Too woke) হোৱাটো নহয়, বৰং ৱ’ক বুলি দাবী কৰাসকল নিজে ৱ’ক নোহোৱাটোহে। তেওঁ Pierre Bourdieuৰ symbolic capitalঅৰ ধাৰণাৰ আধাৰত বিশ্লেষণ কৰি কৈছে যে ৱ’ক হ’ল symbolic capitalist শ্ৰেণীটোৰ (একাডেমিক, কন্সাল্টেণ্ট, সাংবাদিক, প্ৰশাসক, অধিবক্তা, ফাইনেন্স আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কৰ্মৰতসকল আদি) মতাদৰ্শ। সমাজৰ প্ৰকৃত দৰিদ্ৰ-প্ৰান্তীয় মানুহৰ সৈতে এই মতাদৰ্শৰ কোনো সম্পৰ্ক নাই। ইয়াৰ পৰিবৰ্তে উক্ত symbolic অৰ্থনীতিৰ সৈতে জড়িত উচ্চশিক্ষিত আৰু উচ্চবিত্ত শ্ৰেণীটোৱেহে এই মতাদৰ্শৰ পোষকতা কৰে, যাৰ জৰিয়তে সি নিজৰ সামাজিক-ৰাজনৈতিক চৰিত্ৰক ঢাকি ৰাখে আৰু প্ৰগতিশীল বুলি আত্মপৰিচয় দি মতাদৰ্শগত আধিপত্য বৰ্তাই ৰাখিব বিচাৰে। ৱ’ক প্ৰমূল্যসমূহ (নাৰীবাদ, বৰ্ণবাদ-বিৰোধিতা, এল জি বি টি অধিকাৰ আদি যিয়েই নহওক) আদৰণীয়, কিন্তু সিবিলাক মুখতে সমৰ্থন কৰিলেও সেই শ্ৰেণীটোৱে বাস্তৱত এনে আচৰণ কৰে যাৰদ্বাৰা সামাজিক বৈষম্য অধিক গভীৰ আৰু দীৰ্ঘায়িতহে হয়। লেখক নিজেও সেইটো শ্ৰেণীৰে অংশীদাৰ; সেয়ে তেওঁ কৈছে – we have never been woke. জে’ন ক্লেয়াৰ জ’ন্ছে ৱ’ক সংস্কৃতিক চৰিত্ৰগতভাৱে এটা মাৰ্কিন পৰিঘটনা হিচাপে দেখুৱাইছে আৰু তাৰ মতাদৰ্শগত উৎপত্তি বিশ্লেষণ কৰিছে। ৱ’ক সংস্কৃতি বা cancel cultureঅক তেওঁ এঠাইত অভিহিত কৰিছে ‘‘individualizing dematerialization of the analysis of structural oppression’’ বুলি। ‘‘A better explanation of the emergence of ‘cancel culture’ can be found in what happens when materialist accounts of structural oppression are run through a specifically American cultural matrix, infused with the individualist and idealist legacy of American Puritanism.’’ ৱ’ক টাৰ্মটোৱে প্ৰথমতে সামাজিক নিপীড়নৰ বিৰুদ্ধে সচেতন অৱস্থান লোৱা বুজাইছিল। একেদৰে intersectionality ধাৰণাটোৱে শ্ৰেণী, ছেক্স আৰু বৰ্ণৰ পাৰস্পৰিক সম্পৰ্কৰ (intersection of socioeconomic class, sex, and race) কথা সূচাইছিল। কিন্তু কালক্ৰমত এই দুইটা ধাৰণায়েই অন্তঃসাৰশূন্য হৈ এক ব্যক্তিকেন্দ্ৰিক-পৰিচিতিবাদী বিশুদ্ধ representational politicsঅলৈ পৰ্যবসিত হৈছিল। দমন-শোষণতকৈ বেয়া বস্তু হৈ পৰিল নৰ্মেটিভিটি। কাঠোমোগত নিপীড়নক individualize কৰি চিহ্নিত কৰা হ’ল বিশেষাধিকাৰ (privilege) হিচাপে। ইয়াৰ পৰিণামত বিশেষাধিকাৰেই হৈ পৰিল প্ৰধান সমস্যা। এনে অৱস্থাত দমন-শোষণৰ ভৌতিক ব্যৱস্থাসমূহক প্ৰত্যাহ্বান জনোৱাৰ সলনি ৱ’ক-বাঁও ৰাজনীতিৰ লক্ষ্য হৈ পৰিল বিশেষাধিকাৰভোগীসকলক ব্যক্তিগতভাৱে ৰাজহুৱা স্তৰত জবাবদিহি কৰা আৰু তেওঁলোকক পাপ স্বীকাৰ কৰিবলৈ বাধ্য কৰা। ‘‘The woke-left has abandoned a material analysis of power and individualized the analysis of structural inequality. They think we live in an unequal society simply because people have bad ideas or bad attitudes. Privilege has become an avatar of sin. And so, the way to make the world a better place is to act like a bunch of medieval inquisitors, run around finding sinners, and then extort performative atonement from them, preferably with as much pain and humiliation as possible.’’ ‘‘On the one hand, there is something exemplary about the evolution of ‘woke’ from a term designating opposition to one axis of material structural oppression into a political tendency overwhelmingly focused on representational marginalization, empty performative gestures (often by large corporate interests), and an apparently unquenchable desire to discipline people for thoughtcrimes and wrongspeak. On the other hand, we must remain attuned to the array of right-leaning political interests who are using the critique of the authoritarian overreach of ‘wokeism’ to try to put the analysis of structural oppression firmly back in its box. And that, to be clear, will include radical and materialist feminism.’’ সি যি নহওক, কোনোধৰণৰ কাঠামোগত সামাজিক পৰিৱৰ্তনৰ দাবী নকৰা ৱ’ক ৰাজনীতিৰ মাজত নব্য উদাৰতাবাদী পুঁজিয়ে অতি লাভজনক কিছুমান সম্ভাৱনা দেখিবলৈ পালে। এই ৰাজনীতিক কৰ্প’ৰেট লবিয়ে সোনকালেই আত্মসাৎ কৰিলে, আৰু অনায়াসে নিজে প্ৰগতিশীল হিচাপে আত্মপ্ৰকাশ কৰিলে। কেইখনমান বেনাৰ, কেইটামান টেগলাইন লগাই আন্তৰ্জাতিক কোম্পানিসমূহ হৈ পৰিল সামাজিক পৰিৱৰ্তনৰ আপোচবিহীন নেতৃত্ব; আৰু বিশ্ব জুৰি এই প্ৰতীকী প্ৰগতিশীলতা হৈ পৰিল সিবিলাকৰ মুনাফা আহৰণৰ এটা প্ৰধান হাতিয়াৰ। এই পৰিৱৰ্তনক আমি অকুপাই আন্দোলনৰ পৰৱৰ্তী পৰিঘটনা হিচাপে অভিহিত কৰিব পাৰোঁ। অকুপাই আন্দোলনৰ জৰিয়তে পুঁজিবাদৰ কেন্দ্ৰীয় ঠাইসমূহতে অৰ্থনৈতিক বৈষম্য, কৰ্প’ৰেটৰ মুনাফাৰ খঁক তথা ৰাজনৈতিক প্ৰভাৱৰ বিৰুদ্ধে জনসাধাৰণে বিপুলভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ৱ’ক ৰাজনীতিৰ যোগেদি নিজকে প্ৰগতিশীল সাজি নব্য উদাৰতাবাদী পুঁজিয়ে এক নতুন সাংস্কৃতিক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। এই মুহূৰ্তত আমি তাৰ বিৰুদ্ধে অকুপাই-ধৰণৰ কোনো জাগৰণ কল্পনা কৰিব নোৱাৰো। পুঁজি-বিৰোধী সংগ্ৰামৰ এই পশ্চাদপসৰণৰ এটা কাৰণ নিশ্চয়কৈ individualized আৰু অন্তঃসাৰশূন্য ৱ’ক ৰাজনীতিৰ কৰ্প’ৰেট আত্মসাৎকৰণ৷ জ’নছেও এই সম্পৰ্কে লিখিছে – ‘‘The last time actual corporate power was directly challenged, in the Occupy movements and the anti-austerity protests, the state came down hard. By a couple of years later, all that energy of dissatisfaction—stemming in part from the outrage of the financial crisis and the passing of debt and poverty onto the most vulnerable, while the elites ran off with all the cash they had stolen from the future—all that energy was distorted and twisted into the individualist, representational, witch-hunting politics of ‘wokeism.’ The corporate Equity, Diversity and Inclusion industry flourished. Political activism became about trying to get corporate and government power to punish people for wrongthink. Big business wrapped itself in rainbows and sparkles.’’ (‘The Woke-EDI-Industrial Complex’, ‘Privilege is an Avatar of Sin’, ‘Cancel Culture and the Puritan Imagination’, The Annals of the TERF-Wars and Other Writing)।

