ঈশ্বৰৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনা পৰীক্ষা ।। ড০ খৰ্গেশ্বৰ ভূঞা
বিখ্যাত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে এবাৰ কৈছিল যে ঈশ্বৰ বিশ্বাসীসকলেই তেওঁলোকে দাবী কৰা ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিব লাগিব, সেই দায়িত্ব নাস্তিকসকলৰ নহয়৷ তেওঁ আৰু কৈছিল যে যদি মঙল গ্ৰহ আৰু পৃথিৱীৰ মাজত এটি অতি ক্ষুদ্ৰ চীনা কেটলি উপবৃত্তাকাৰ পথত সূৰ্যৰ চাৰিওফালে ঘূৰি আছে বুলি দাবী কৰা হয়, তেন্তে এই কথা মিছা বুলি প্ৰমাণ কৰাটো অসম্ভৱ, কাৰণ কৈ দিয়া হৈছে যে কোনো যন্ত্ৰেৰে সেইটো ধৰা পেলাব নোৱাৰি৷ তেনে এটা কথা যদি পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হয়, তেতিয়া বহুকাললৈকে মানুহে সেই কথা সঁচা বুলিয়েই বিশ্বাস কৰি থাকিব৷ ধৰ্মশাস্ত্ৰৰ কথাবোৰো তেনেকুৱাই, কোনোবাই কৈ গ’ল যে দেওবাৰে গিৰ্জাত মম জ্বলালে বাৰুকৈয়ে পুণ্য হয় বা কাৰোবাৰ বেমাৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে ৰোগী ভাল হ’ব, সেই কথাটো বিনা প্ৰমাণেৰে মানি থকাটোৱেই অন্ধবিশ্বাস৷ ৰাছেলে উদাহৰণৰ বাবে কোৱা চীনা কেটলিৰ কথা ধৰ্মশাস্ত্ৰত নাই যদিও মালয়েছিয়াত তেনে এটি বিশ্বাস আছে বুলি পিছত গম পোৱা গ’ল৷ কেটলিটো ৰাছেলে কোৱাৰ দৰে ক্ষুদ্ৰ নহয়, অট্টালিকা এটাৰ সমান ডাঙৰ৷ বিশ্বব্ৰহ্মাণ্ডত ঈশ্বৰক বিচৰাৰ ক্ষেত্ৰতো তেওঁ ক’ত আছে নিদ্দিৰ্ষ্টভাৱে দেখুৱাই দিয়াৰ দায়িত্ব ঈশ্বৰ বিশ্বাসীৰহে হ’ব লাগে৷ কাৰণ বিশ্বখন ইমানেই বৃহৎ যে ঈশ্বৰ নাই বুলি কোৱাজনে বিশ্বৰ প্ৰতিটো চুক-কোণ বিচাৰি ঈশ্বৰ নাই বুলি প্ৰমাণ কৰাটো অসম্ভৱ৷ সেয়েহে এই ক্ষেত্ৰত আস্তিকে দায়িত্ব লোৱাই ভাল৷
ঈশ্বৰ আছে বুলি প্ৰমাণ কৰাৰ এটা উপায় হৈছে— ঈশ্বৰে কৰা বুলি ভবা বা ধৰ্মশাস্ত্ৰত লিখা কৰ্ম এটাৰ কাৰ্যকাৰিতা প্ৰামাণিকভাৱে দেখুৱাই দিয়া৷ তেনে কৰ্মৰ বিষয়ে ঈশ্বৰ আৰু ধৰ্মৰ আৱিৰ্ভাৱৰ কালৰ পৰা চলি অহাৰ পাছত সেইবোৰ পাঠ্যপুথিতো অন্তৰ্ভুক্ত হোৱাৰ বাবে সাধাৰণ লোকেও কথাবোৰ জানে, যেনে তীৰ্থস্নান কৰিলে পুণ্য হয়, মানুহৰ বেমাৰ হ’লে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে ৰোগী ভাল হয় ইত্যাদি৷ ধৰি ল’ব পাৰি যে ঈশ্বৰে মানুহৰ গাত ৰোগ চপাই দিয়াৰ অৰ্থ হ’ল—মানুহজনে কিবা বেয়া কাম কৰিছে বা পূৰ্বজন্মত কিবা অপৰাধ কৰিছিল, তাৰেই ফল এতিয়া ভুগিছে৷ প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰক সন্তুষ্ট কৰি বেয়া কামৰ পাপ বা পূৰ্বজন্মৰ অপৰাধ মৰিষণ কৰাব পাৰিলে ঈশ্বৰে ৰোগীৰ বেমাৰ ভাল কৰি দিব, ঈশ্বৰ বিশ্বাসীৰ এয়াই ধাৰণা বুলিব পাৰি৷ একেদৰে ভাৰতত কুম্ভ মেলাত স্নান কৰাটোও সকলো পাপ ক্ষয় কৰাৰ উত্তম উপায়৷
ঈশ্বৰৰ অস্তিত্ব পোনপটীয়াকৈ প্ৰমাণ কৰিব নোৱাৰিলেও ৰোগ ভাল কৰা, পাপ ক্ষয় কৰা, ভাল কাম কৰিলে ঈশ্বৰে পুৰস্কাৰ দিয়াৰ বিপৰীতে বেয়া কাম কৰিলে শাস্তি দিয়া—এনেধৰণৰ ঈশ্বৰৰ বৈশিষ্ট্যৰ প্ৰমাণ অৱশ্যেই কৰিব পাৰি৷ তেনে এটা কামৰ ভিতৰত কুম্ভমেলাৰ স্নান অতি ফলৱতী বুলি বিশ্বাস কৰা হয় বাবে সেই বিষয়েও পৰীক্ষা চলাব পাৰি৷ ভাৰতৰ কেবাখনো ঠাইত পুণ্য তিথিত নদীৰ সংগম স্থান, পুণ্যসলিলা নদী, সৰোবৰ আদিত স্নান কৰিলে হোৱা পুণ্যৰ কথা শাস্ত্ৰত আছে৷ ইয়াৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত “মৌনি অমাৱস্যা”-ত গংগা-যমুনা-সৰস্বতীৰ মিলনস্থলত স্নান কৰিলে অজস্ৰ পুণ্য লাভ হয় বুলি ভাৰতৰ অন্ততঃ চল্লিশ কোটিমান ভক্তই বিশ্বাস কৰে৷ পুণ্যস্নান কৰা কেইহাজাৰমান তীৰ্থযাত্ৰীক বাচি লৈ কোনে কি কি পুণ্য লাভ কৰিলে তাৰ খতিয়ান ল’ব পাৰি৷ অৱশ্যে এটা অসুবিধা তাতো আছে৷ পুণ্যবোৰৰ ভিতৰত পৰকালৰ পৰমগতিৰ কথাই প্ৰাধান্য পায়৷ গতিকে কোনোবাই এই জন্মত ছাল-বাকলি নাইকিয়া হৈ দুঃসহ জীৱন যাপন কৰিলেও সহজে ক’ব পৰা যাব যে তেনেজনে স্নান কৰি লাভ কৰা পুণ্যৰ ফলত পৰজন্মত ঈশ্বৰৰ কাষতে থাকিবলৈ পাব৷ তেনে পৰীক্ষা এতিয়ালৈকে কোনেও কৰা বুলি জনা নগ’লেও এটা কথা প্ৰমাণ হৈছে যে কুম্ভমেলাৰ নামত প্ৰত্যক্ষ বা পৰোক্ষভাৱে শ শ লোকৰ মৃত্যু হৈ থাকে৷ মৃতসকলৰ ক্ষেত্ৰতো ক’ব পাৰি যে তেওঁলোকে চাগৈ ইহ সংসাৰৰ পৰা মুক্তি লৈ স্বৰ্গ পালেগৈ৷
প্ৰাৰ্থনা পৰীক্ষা
হিন্দু, ইছলামকে ধৰি বিভিন্ন ধৰ্মৰ অনুগামীসকলে বিশ্বাস কৰে যে ঈশ্বৰক প্ৰাৰ্থনা কৰি বহু ঈপ্সিত আৰু ভাল ফল পাব পাৰি৷ হিন্দুৱে মন্ত্ৰ গাই, অসমৰ শংকৰীসকলে গুৰুজনাৰ বিৰচিত পদ, ঘোষা আদিৰে প্ৰাৰ্থনা কৰি, ইছলামে নামাজৰ জৰিয়তে আল্লাক চিঞৰি মাতি বা মনতে ভক্তি গীত গাই, সেইদৰে বিভিন্ন ধৰ্মীয়ে বিভিন্ন পদ্ধতিৰে ঈশ্বৰক আৰাধনাৰে সন্তুষ্ট কৰিব বিচাৰে৷ ভাৰতৰ টিভি চিৰিয়েল, চিনেমা নাটক আদিত কেতিয়াবা ভক্তই ভগৱানক প্ৰত্যাহ্বান জনাই কয় যে ঈশ্বৰে “অমুক” কামটো (যেনে নিশ্চিত ভাৱে মৃত্যুৰ মুখলৈ যোৱা ৰোগীক বচাই দিয়া) কৰি নিদিলে ভৱিষ্যতে তেওঁ আৰু ঈশ্বৰক ভকতি নকৰে৷ কাল্পনিক কাহিনীত অৱশ্যেই ডাক্তৰে মৃত বুলি ঘোষণা কৰা ৰোগীও প্ৰাৰ্থনাৰ জোৰত ভাল হৈ উঠে৷ অৱশ্যে বাস্তৱত তেনে ঘটনা প্ৰায়েই নঘটে৷ ধৰ্মীয় আৰাধনাবোৰ সেই সেই ধৰ্মৰ স্বীকৃত উপাসনা গৃহত কৰিলে অধিক ফল পাই বুলি ভবাৰ বিপৰীতে যিকোনো ঠাইতে প্ৰাৰ্থনা কৰাৰো নিয়ম আছে৷ খ্ৰীষ্টানসকলেও গিৰ্জাত বিশেষ দিনত, সাধাৰণতে দেওবাৰে কৰেল গাই গডৰ প্ৰতি প্ৰাৰ্থনা জনায়৷ সি যি কি নহওক, কুম্ভমেলাৰ ফলপ্ৰাপ্তি ধৰণৰ পৰীক্ষা ভাৰতত কৰা হোৱা নাই যদিও খ্ৰীষ্টান ধৰ্মৰ প্ৰাৰ্থনাৰ ক্ষেত্ৰত বিদেশত এটি বিখ্যাত পৰীক্ষা কৰাৰ কথা জনা যায়৷
২০০৬ চনত ইংলণ্ডত ফ্ৰান্সিচ গেল্টনৰ উদ্যোগত এনে এটি পৰীক্ষা কৰা হৈছিল৷ এইজন গেল্টন জীৱৰ ক্ৰমবিকাশৰ তত্ত্বৰ প্ৰবক্তা ডাৰউইনৰ সম্বন্ধীয় ভাতৃ৷ সকলো ধৰ্মৰ দৰেই খ্ৰীষ্টানসকলেও প্ৰাৰ্থনাত বিশ্বাস কৰে৷ এজনৰ বিভিন্ন ধৰণৰ মংগলৰ বাবে অন্য এজনে গডৰ ওচৰত প্ৰাৰ্থনা কৰিলেও গডে কৰুণাপৰৱশ হৈ ভক্তৰ ইচ্ছা পূৰণ কৰে বুলি এওঁলোকে ভাবে৷ সেয়েহে ইংলণ্ডৰ ৰজাৰ বাবে প্ৰজাই নিয়মিত প্ৰাৰ্থনা কৰিছিল৷ গেল্টনে লক্ষ্য কৰিছিল যে দেওবাৰে ব্ৰিটেইনৰ সকলো গিৰ্জাতে উপস্থিত থকা খ্ৰীষ্টান ধৰ্মীসকলে দেশৰ ৰাজ পৰিয়ালৰ সুস্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰে৷ পিছে গেল্টনে লক্ষ্য কৰিছিল যে বাস্তৱত তেনে প্ৰাৰ্থনা লাভ নকৰা বহুতৰেই স্বাস্থ্য ৰজাঘৰীয়া সদস্যসকলতকৈ উন্নত৷
তেওঁ প্ৰাৰ্থনা সম্পৰ্কত দুই এটা ব্যক্তিগত পৰীক্ষাও কৰিছিল৷ তেওঁ দুডোখৰ মাটিত খেতি কৰি এডৰাৰ বাবে প্ৰাৰ্থনা কৰি আৰু আনডৰাৰ বাবে কোনো প্ৰাৰ্থনা নকৰি ফচলৰ পৰিমাণ লক্ষ্য কৰিছিল৷ পিছে প্ৰাৰ্থনাই খেতি উন্নত কৰা বুলি কোনো প্ৰমাণ পোৱা নাছিল৷ এনে ব্যক্তিগত পৰীক্ষাৰ ফলাফলক ধৰ্ম আৰু প্ৰাৰ্থনা বিশ্বাসীসকলে কোনো গুৰুত্ব নিদিয়ে বাবে তেওঁ বহু মানুহক জড়িত কৰি বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ সহযোগত এটি বিশেষ পৰীক্ষা কৰিবলৈ পৰিকল্পনা কৰিলে৷ ৰাছেল স্তেনাৰ্ড নামৰ পদাৰ্থবিদজন বিজ্ঞানী যদিও ঈশ্বৰ বিশ্বাসী আছিল, তেৱোঁ গেল্টনৰ পৰিকল্পনাত আগভাগ ল’লে৷ এই কাৰ্যৰ বাবে বিপুল পৰিমাণৰ অৰ্থৰ আৱশ্যক, “টেম্প্লেটন ফাউণ্ডেচন” নামৰ সংস্থাই ধন যোগাবলৈ সন্মত হ’ল৷ এই ধনৰ পৰিমাণ আছিল ২৪ লাখ ডলাৰ (ভাৰতীয় মূল্যত প্ৰায় ২৩ কোটি টকা)৷ পৰীক্ষাটো হ’ব মৃত্যুমুখী ৰোগীৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনোৱা আৰু এই প্ৰাৰ্থনাৰ ফলাফল সম্পৰ্কে পৰীক্ষা কৰা৷
এনেধৰণৰ পৰীক্ষাৰ বহু দিশ আছে, য’ত কোনেও নজনা দুটা অন্ধ দিশ ৰাখিব লাগিব৷ সকলো ৰোগী হৃদ্ৰোগী হ’ব যদিও এইসকলক যাদৃচ্চিকভাৱে (অৰ্থাৎ কোনো বিশেষ স্থান, কাল, জাতি আদি বিবেচনা নকৰাকৈ) নিৰ্বাচিত কৰা হৈছিল৷ নিৰ্বাচিত ১৮০২-জন ৰোগীৰ সকলোকে ক’ৰ’নাৰী বাইপাচ চাৰ্জাৰী কৰাৰ প্ৰয়োজন আছিল৷ অস্ত্ৰোপচাৰ হ’ব লগা ৰোগীসকলক তিনিটা ভাগত ভগোৱা হৈছিল—প্ৰথম ভাগৰ বাবে প্ৰাৰ্থনা জনোৱা হৈছিল যদিও ৰোগীসকলে সেই কথা নেজানিছিল৷ এই ভাগৰ নাম পৰীক্ষা ভিত্তিক দল৷ দ্বিতীয় ভাগটোৰ বাবে কোনো প্ৰাৰ্থনা জনোৱা নাছিল, ৰোগীসকলেও সেই কথা জনা নাছিল৷ এই ভাগটোৰ নাম নিয়ন্ত্ৰিত দল৷ তৃতীয় ভাগটোৰ বাবেও প্ৰাৰ্থনা জনোৱা হৈছিল আৰু তেওঁলোকে সেই কথা জানিছিল৷ প্ৰাৰ্থনাকাৰীসকলে যাৰ যাৰ বাবে প্ৰাৰ্থনা কৰিছিল, তেওঁলোকক চিনি নেপাইছিল আৰু ৰোগীৰ অৱস্থা কিমান বেয়া সেই কথাও জনোৱা নাছিল, লগতে ক’ৰ কোন কোন ডাক্তৰে অস্ত্ৰোপচাৰ কৰিব সেই বিষয়েও প্ৰাৰ্থনাকৰাীক জানিবলৈ দিয়া হোৱা নাছিল৷ সাধাৰণতে কাৰ কাৰণে প্ৰাৰ্থনা জনোৱা হয়, সেইজনৰ নাম প্ৰাৰ্থনাকাৰীয়ে উচ্ছাৰণ কৰিব লাগে৷ গতিকে প্ৰাৰ্থনাকাৰীক সংশ্লিষ্ট ৰোগীৰ নাম কোৱা হ’ল যদিও উপাধিৰ আদ্যাক্ষৰহে জানিবলৈ দিছিল৷ ধৰি লোৱা হৈছিল যে ৰোগীৰ নাম আৰু উপাধিৰ আদ্যাক্ষৰ জনালেই সৰ্বজ্ঞ ঈশ্বৰে ৰোগীৰ সম্পূৰ্ণ নাম জানিব পাৰিব আৰু সেইমতে ৰোগীক গডে সুস্থ কৰি তুলিব৷ প্ৰাৰ্থনাৰ ভাষ্য হ’ব—“দয়াময় প্ৰভু! অস্ত্ৰোপচাৰ কৰা (নাম আৰু উপাধি উচ্ছাৰণ কৰা) ব্যক্তিৰ সুস্বাস্থ্য আৰু আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনোৱা হৈছে, অস্ত্ৰোপচাৰত জটিলতা নাহক”৷
পৰীক্ষাটোক লৈ বিদ্ৰূপ কৰা লোকৰ সংখ্যাও কম নাছিল৷ ব’ব নিউহাৰ্ট নামৰ এজনে কৈছিল, “হে প্ৰভু, তুমি এতিয়া কি ক’বা? মই নিয়ন্ত্ৰিত দলৰ ৰোগী বাবেই মোক কৃপা নকৰিলা? মোৰ খুড়াই মোৰ বাবে প্ৰাৰ্থনা কৰিছিল যদিও তুমি সেয়া নুশুনিলা! মোৰ ওচৰৰ শয্যাত থকা ইভান্সে এহেজাৰ মানুহৰ প্ৰাৰ্থনা লাভ কৰিলে, ইমানখিনি মানুহক তেওঁ চিনিয়েই নেপায়৷ প্ৰাৰ্থনাকাৰীসকলে জন ই, অৰ্থাৎ জন ইলিঙৰ বাবেহে প্ৰাৰ্থনা জনাইছিল, তেন্তে তাৰ ফল ইভান্সে কেনেকৈ পালে”?…ইত্যাদি৷ এনেধৰণৰ বহু ব্যংগৰ সন্মুখীন হ’লেও বষ্টনৰ “মন আৰু শৰীৰৰ বিশেষ চিকিৎসালয়”-ৰ হৃদৰোগ বিশেষজ্ঞ ড০ হাৰ্বাৰ্ট বেনচনৰ নেতৃত্বত প্ৰাৰ্থনা কাৰ্যকাৰিতাৰ পৰীক্ষাৰ বাবে বিশেষ দল অগ্ৰসৰ হ’ল৷ পৰীক্ষাভিত্তিক প্ৰথম দল আৰু নিয়ন্ত্ৰিত দ্বিতীয় দলৰ মাজত প্ৰাৰ্থনাৰ ফলৰ পাৰ্থক্যৰ তুলনা হ’ব৷ তৃতীয় দলটোক ৰখা হৈছিল মনোকায়িক বা মনৰ অৱস্থাই শৰীৰৰ অৱস্থাৰ পৰিৱৰ্তন ঘটায় নেকি সেই কথা জানিবলৈ৷
প্ৰাৰ্থনাকাৰীসকলে তিনিটা গিৰ্জাত প্ৰাৰ্থনা কৰিছিল—এটা মিন্নেচতাত, দ্বিতীয়টো মাচাচুচেট্চত আৰু তৃতীয়টো মিচৌৰীত, গিৰ্জা তিনিটা অস্ত্ৰোপচাৰ চলা চিকিৎসালয়ৰ পৰা যথেষ্ট দূৰত অৱস্থিত৷ পূৰ্বতে কোৱাৰ দৰে প্ৰাৰ্থনাকাৰীয়ে ৰোগীৰ নাম আৰু উপাধিৰ আদ্যাক্ষৰহে জানিছিল, সম্পূৰ্ণ মানুহজনক চিনি পোৱাৰ সম্ভাৱনাই নাছিল৷ পৰীক্ষাৰ ফলাফলৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা হৈছিল “এমেৰিকান হাৰ্ট জাৰ্নেল”ৰ¸ এপ্ৰিলৰ ২০২৬ সংখ্যাত৷ চমুকৈ ফলাফল মতে—প্ৰাৰ্থনা কৰা আৰু নকৰা ৰোগীসকলৰ ক্ষেত্ৰত কৃতকাৰ্যতাৰ আধাৰত কোনো পাৰ্থক্য পোৱা নগ’ল৷ ইয়াৰ আধাৰত যুক্তিবাদীসকলে ক’লে যে ঈশ্বৰক কৰা প্ৰাৰ্থনাৰ ৰোগীৰ ওপৰত কোনো প্ৰভাৱ নাই, এয়া বাস্তৱ পৰীক্ষাৰ যোগেদি প্ৰমাণিত হ’ল৷ ধৰ্মশাস্ত্ৰই কোৱামতে ঈশ্বৰক প্ৰাৰ্থনাৰে সন্তুষ্ট কৰিব নোৱাৰি বা তেওঁ প্ৰাৰ্থনাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্বিকাৰ৷ ঈশ্বৰে কোনো ৰোগ ভাল কৰিব বা তেওঁ কোনো ৰোগ মানুহক দিব নোৱাৰে৷ সেইদৰে অভিজ্ঞ ডাক্তৰৰ চিকিৎসাৰ ফলাফল ঈশ্বৰে সলনি কৰিব নোৱাৰে৷ ধৰ্মীয় ধাৰণাৰ আৰম্ভণিৰে পৰা ঈশ্বৰক মানুহে বিভিন্ন বস্তু বা ফলৰ আশাৰে বিভিন্ন ধৰণে স্তুতি, নতি, প্ৰাৰ্থনা আদি কৰি আহিছে আৰু আস্তিকসকলে বিশ্বাস কৰে যে ঈশ্বৰে এনে প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি দিয়ে৷ পিছে এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হ’ল যে ঈশ্বৰৰ তেনে কোনো ক্ষমতা নাই, অধিক উৎসাহীয়ে ইয়াৰ যোগেদি ঈশ্বৰৰ অস্তিত্বকেই নাকচ কৰিবলৈ বিচাৰিলে৷
ৰোগীৰ তৃতীয় ভাগটোৱে জানিছিল যে তেওঁলোকৰ অস্ত্ৰোপচাৰৰ সময়ত বিখ্যাত ধাৰ্মিকে তেওঁলোকৰ অস্ত্ৰোপচাৰ ভালকৈ হ’বৰ বাবে গিৰ্জাৰ গডৰ ওচৰত প্ৰাৰ্থনা জনাইছে৷ তেওঁলোকৰ ক্ষেত্ৰত ফলাফল বেয়া হ’ল, অৰ্থাৎ গৰিষ্ঠ সংখ্যক ৰোগী ঢুকাল৷ ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে যে তেওঁলোকৰ হৈ পাদ্ৰীয়ে প্ৰাৰ্থনা কৰাৰ কথা জানি ৰোগীৰ মানসিক অৱস্থা বেয়া হ’ল, তেওঁলোকে ভাবি ল’লে অৱস্থা ইমানেই গুৰুতৰ যে ঈশ্বৰেহে তেওঁলোকক ভাল কৰিব পাৰিব৷ সেই ভয়ে তেওঁলোকৰ স্বাস্থ্য হানি কৰিলে, অৰ্থাৎ মানসিক আৱস্থাই শৰীৰৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলালে৷
যুক্তিবাদীয়ে পৰীক্ষাটোৰ আধাৰত সহজ সিদ্ধান্ত দিলেও ধৰ্মতাত্ত্বিকসকলে সেই কথা মানি নল’লে৷ এনে পৰীক্ষাই ঈশ্বৰ আৰু ধৰ্মবিশ্বাসত মানুহৰ সন্দেহ ওপজাব পাৰে বুলি তেওঁলোকে পৰীক্ষাৰ বিৰুদ্ধে পৰৱৰ্তী কালত প্ৰবল প্ৰতিবাদ জনালে৷ পৰীক্ষাৰ আগতে অৱশ্যে ধৰ্মৰ কাণ্ডাৰীসকলে কোনো আপত্তি জনোৱা নাছিল আৰু গিৰ্জাৰ যাজকসকলো প্ৰাৰ্থনাকাৰীৰ অন্যতম আছিল৷ হয়তো সেইসকলে বিশ্বাস কৰিছিল যে গডে গিৰ্জাত কৰা প্ৰাৰ্থনাত সঁহাৰি দিয়ে৷ অক্সফ’ৰ্ডৰ ধৰ্মতত্ত্ববিদ ৰিচাৰ্ড চুইবাৰ্ণে ক’লে যে যদি ভাল উদ্দেশ্যেৰে প্ৰাৰ্থনা কৰা হয়, তেতিয়াহে গডে সেয়া গ্ৰহণ কৰে৷ পৰীক্ষাৰ বাবে এজনক বাদ দি আন এজনক দবা খেলৰ গুটিৰ দৰে লৈ প্ৰাৰ্থনা কৰাটো ভাল উদ্দেশ্যৰ ভিতৰত নপৰে৷ গডে সেইবোৰ অসৎ উদ্দেশ্যৰ কথা বুজি পায়, গতিকে ভবামতে কাম নকৰে৷ ৰিচাৰ্ডে ঈশ্বৰৰ পৃথিৱীত দুখ-কষ্ট সহাটো মহৎ কৰ্ম বুলি ভাবে৷ কষ্টই মানুহক সাহস আৰু ধৈৰ্য প্ৰদৰ্শনৰ সুবিধা দিয়ে৷ ইয়াৰ যোগেদি মানুহে পৰৰ সহানুভূতি লাভ কৰে যিখিনিয়ে দুখ পাতল কৰে৷ কষ্ট সহিব পৰাৰ ক্ষমতা বাঢ়িলে কষ্ট আঁতৰাবৰ বাবে দৰকাৰী খৰচৰ পৰিমাণ কমি যায়, মানুহ মিতব্যয়ী হয়৷ সেয়েহে পৰম কৰুণাময় গডে মানুহক কষ্টসহিষ্ণু, ধৈৰ্যশীল, পৰৰ প্ৰতি সহানুভূতিশীল, মিতব্যয়ী আদি হ’বলৈ শিকায়৷
ৰিচাৰ্ডে পুনৰ লিখিছিল যে কিছুমান মানুহে নিজেই ৰোগত ভুগিব খোজে যাতে কষ্টসহিষ্ণুতা আৰু আনবোৰ গুণ বাঢ়ে৷ এনে কাৰ্যই অন্যকো কষ্ট সহাৰ বাবে উৎসাহিত কৰে৷ গতিকে বেমাৰ মানেই বেয়া নহয়৷ ঈশ্বৰ বিশ্বাসী আন কিছুমানে পৰীক্ষাৰ তৃতীয় দলটোৰ শোচনীয় অৱস্থা হোৱাৰ কাৰণ হিচাপে ক’ব বিচাৰে যে সৰ্বশক্তিমান ঈশ্বৰে তেওঁৰ ওপৰত পৰীক্ষা চলোৱাৰ বাবে ক্ষুণ্ণ হৈছিল, সেয়েহে প্ৰাৰ্থনা কৰা ৰোগীকো তেওঁ ভাল কৰি নিদিলে৷ অৱশ্যে ঈশ্বৰক ইমান অভিমানী আৰু প্ৰতিশোধপৰায়ণ বুলি মানিবলৈ বহুতেই ভাল নেপায়৷ প্ৰাৰ্থনা পৰীক্ষাৰ ঋণাত্মক ফলাফল ওলোৱাৰ পাছত ঈশ্বৰ বিশ্বাসীয়ে দিয়া আন বহু কাৰণৰ ভিতৰত এটা হ’ল— যদি ঈশ্বৰে নিজৰ অস্তিত্বৰ প্ৰমাণ দিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ আন বহুত প্ৰমাণ দিলেহেঁতেন৷ কিছু ৰোগীক পক্ষপাতিত্বৰে প্ৰাৰ্থনাৰ ফল দিয়া ধৰণৰ পৰীক্ষাত তেওঁ নিজৰ অস্তিত্ব নেদেখুৱায়, কাৰণ তেতিয়া প্ৰমাণ হৈ যাব যে গডে সঁচাকৈয়ে মানুহৰ প্ৰতি পক্ষপাতিত্ব কৰে৷ যদি ঈশ্বৰ আছে আৰু মানুহক তেওঁৰ অস্তিত্বৰ বিষয়ে জ্ঞাত কৰিবলৈ বিচাৰে, তেন্তে তেওঁ পৃথিৱীত বহুতো অলৌকিক কাৰ্য কৰি দেখুৱালেহেঁতেন৷ পিছে পৃথিৱীত ইতিমধ্যেই ঈশ্বৰে বহুতো অলৌকিক নিদৰ্শন দি থৈছে যিবোৰৰ ৰহস্য মানুহে নেজানে৷ ইয়াতকৈ অধিক ৰহস্যৰ দৰকাৰ নাই, কাৰণ অতিমাত্ৰা সকলোৰে বেয়া৷
এচাম ঈশ্বৰ বিশ্বাসীৰ মতে এনে পৰীক্ষা ধনৰ অপচয়ৰ বাদে একোৱেই নহয়, কাৰণ আধিভৌতিক কাৰ্য-কলাপৰ পৰীক্ষা বিজ্ঞানৰ আওতাত নপৰে৷ পিছে প্ৰাৰ্থনা পৰীক্ষাই দেখুৱাই দিলে যে কিছুমান অলৌকিক যেন লগা ঘটনাক বাস্তৱ পৰীক্ষাৰেও সঁচা-মিছা ধৰা পেলাব পাৰি৷ আধ্যাত্মিক পথ প্ৰদৰ্শক বব বাৰ্থৰ মতে তেওঁলোকে সদায় প্ৰাৰ্থনা কৰিয়েই থাকে আৰু ইয়াৰ সুফলো আশা কৰা মতেই পাই থাকে৷ গতিকে এটা সাধাৰণ পৰীক্ষাৰ ফলে তেওঁলোকৰ বিশ্বাসত ফাঁট মেলাব নোৱাৰে৷ এইবোৰৰ বিপৰীতে যুক্তিবাদীসকলে প্ৰাৰ্থনা পৰীক্ষাক ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰাৰ এটি শক্তিশালী প্ৰমাণ বোলে৷ ইয়াৰ লগতে ক’ব পাৰি যে ঈশ্বৰ বিশ্বাসীৰ ধাৰণা যুক্তি-প্ৰমাণেৰে সলনি কৰাটো বোধহয় অসম্ভৱ কাম৷

