বিজ্ঞানৰ যুগত বিশ্বাসৰ মনোবিজ্ঞান ।। ৰূপালীম দত্ত
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
ছাৰ আইজাক নিউটনৰ দৰে বিজ্ঞানী যি আধুনিক পদাৰ্থ-বিজ্ঞান গঢ়ি তুলিছিল, তেওঁ ৰসায়নশাস্ত্ৰৰ গোপন তত্ত্ব (Alchemy) আৰু বাইবেলৰ গুপ্ত ভৱিষ্যত বাণীক লৈ সময় ব্যয় কৰিছিল।
ভাৰতত বিতৰ্কিত হৈয়ো ধৰ্মীয় ৰাজনীতিয়ে আদৰ্শমূলক উদাহৰণৰ ৰূপ দিয়া ঘটনাটো আছিল ISRO-ৰ উচ্চ পদস্থ বিজ্ঞানীসকলে মহাকাশ অভিযানৰ আগতে মন্দিৰত পূজা দিয়া ঘটনাতো।
খ্যাতনামা বিজ্ঞানী William Crookes-এ ঊনবিংশ শতিকাত Spiritualism বা আত্মাৰ অস্তিত্ব প্ৰমাণৰ চেষ্টাত জড়িত হৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰোণাল্ড ৰেগনৰ ৰাজনৈতিক বহু গুৰুত্বপূৰ্ণ কামকাজ আনকি কূটনৈতিক কাৰ্যসূচীৰ সময় পৰ্যন্ত নিৰ্ধাৰিত হৈছিল জ্যোতিষীৰ পৰামৰ্শমতে। অৰ্থাৎ মহাশক্তিধৰ আমেৰিকাৰ সিদ্ধান্ত আছিল জ্যোতিষৰ নিয়ন্ত্ৰণত।
আধুনিক সমাজৰ এক ডাঙৰ সংকট হ’ল যে শিক্ষাই সদায় কুসংস্কাৰ আৰু অযুক্তিকৰ বিশ্বাসবোৰ দূৰ নকৰে। উচ্চ শিক্ষিত শব্দটোৰ লগত প্ৰগতিশীল আৰু যুক্তিবাদী শব্দ দুটা সমাৰ্থক কৰি পেলোৱাটো উচিত নহয়। কিন্তু কিয়?
আচলতে আমি শিক্ষাক কেনেদৰে বুজোঁ তাৰ মাজতো বহু প্ৰশ্নৰ উত্তৰ লুকাই থাকে। শিক্ষাই মানুহক প্ৰযুক্তিগত জ্ঞান, বিশ্লেষণ ক্ষমতা আৰু পদ্ধতিৰ সৈতে পৰিচিত কৰায়। কিন্তু মানুহ কেৱল যুক্তি নিৰ্ভৰ সত্ত্বা নহয়। মন কেৱল এক আৱেগহীন যন্ত্ৰ নহয় যে ই কেৱল যুক্তিৰ আধাৰত চলিব। ইয়াক চালিত কৰে ভয়, আকাংক্ষা, উদ্বেগ, পৰিচয়, আৱেগ, সামাজিক সম্পৃক্ততা আৰু অৰ্থৰ প্ৰতি থকা অৱচেতন প্ৰয়োজনীয়তাই। যুক্তিবাদে মানুহৰ মনস্তত্ত্ব সম্পূৰ্ণ নিয়ন্ত্ৰণ নকৰে।
মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চালে কুসংস্কাৰ মূলতঃ অনিশ্চয়তাৰ প্ৰতি মানুহৰ গভীৰ অস্বস্তিৰ ফল। মানুহে বহুসময়ত বাস্তৱত কোনো সংযোগ নাথাকিলেও সংযোগ বিচাৰে। বিৱৰ্তনত বাৰু এই প্ৰৱণতা কিছুক্ষেত্ৰত উপকাৰী আছিল বুলিয়েই ক’ব লাগিব। যেনে জোপোহাটো লৰচৰ কৰা মানে বিপদ থাকিব পাৰে বুলি ধৰি লোৱাটো “একো নাই” বুলি ভবাতকৈ বেছি সুৰক্ষিত। কিন্তু মানুহৰ মগজু এক “সংযোগ সৃষ্টি কৰা” অংগ হিচাপেই গঢ় লৈ উঠিল। কুসংস্কাৰে এই প্ৰৱণতাক ব্যৱহাৰ কৰি বিশৃংখল পৰিস্থিতিত এক নিয়ন্ত্ৰণৰ ভ্ৰম সৃষ্টি কৰিলে। ভাগ্যৰ তাবিজ, পূজা, ৰাশিফল, অশুভ সংকেত দূৰীকৰণ বিধান—এইবোৰে মানুহক এনে অনুভৱ দিয়ে যে অনিশ্চয়তাক নিয়ন্ত্ৰণ কৰিব পৰা যায়। উচ্চ শিক্ষিত লোকসকলো এই মনস্তাত্বিক গঠনৰ বাহিৰত নাথাকিল। শিক্ষা আৰু পেচাগত সফলতাই প্ৰায়ে অধিক চাপ, প্ৰতিযোগিতা আৰু উদ্বেগৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে এজন চাৰ্জন, কৰ্পৰেট এক্সিকিউটিভ বা গৱেষকে এনে পৰিৱেশত কাম কৰে য’ত ব্যৰ্থতাৰ মূল্য বহুত ভৰিবলগীয়া হয়। এনে চাপৰ মাজত আচাৰ-অনুষ্ঠানে মানসিক ভৰসা হিচাপে কাম কৰে। ই যুক্তিগত সত্য হোৱা বাবে নহয়। বুদ্ধিমত্তা আৰু যুক্তিবাদ একে বস্তু নহয়। এজন ব্যক্তি কোনো ক্ষেত্ৰত অসাধাৰণ গুণসম্পন্ন হ’ব পাৰে আনহাতে আনক্ষেত্ৰত আৱেগিকভাৱে অযুক্তিকৰ হ’ব পাৰে। মানুহে নিজৰ চিন্তাক বিভিন্ন ভাগত বিভক্ত কৰি ৰাখে। এজন পদাৰ্থ-বিজ্ঞানীয়ে জটিল সমীকৰণ সমাধান কৰিব পাৰে কিন্তু একেসময়তে অশুভ বিশ্বাসো কৰিব পাৰে। নিজৰ বিষয়ত বিশেষজ্ঞ হ’লেও অন্য জ্ঞানৰ সীমাবদ্ধতা থাকিব পাৰে। শিক্ষাই মানুহক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত সমালোচনামূলক চিন্তা কৰিবলৈহে শিকায়; বিশ্বাসৰ আবেগীয় গঠন সম্পূৰ্ণৰূপে ধ্বংস নকৰে।
এই সকলোৰে মূল তথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমাৰ আধুনিক শিক্ষা ব্যৱস্থাৰ স্বৰূপটো। আমাৰ শিক্ষা ব্যৱস্থাই প্ৰকৃত সমালোচনামূলক চেতনাৰ তুলনাত প্ৰযুক্তিগত দক্ষতাক অধিক অগ্ৰাধিকাৰ দিয়ে। বিশেষকৈ প্ৰায়োগিক বিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসাবিজ্ঞান বা পেচাগত প্ৰশিক্ষণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক ব্যৱস্থা কেনেদৰে চলাব লাগে সেইটোহে শিকোৱা হয়; কিন্তু সেই ব্যৱস্থাক মৌলিকভাৱে কেনেদৰে প্ৰশ্ন কৰিব লাগে সেইটো শিকোৱা নহয়। ফলস্বৰূপে বেছিসংখ্যকেই প্ৰযুক্তিগত সমস্যা সমাধানত অত্যন্ত দক্ষ হৈ উঠিলেও মতাদৰ্শ, সংস্কৃতি, বিশ্বাস আৰু ক্ষমতাৰ বৃহত্তৰ প্ৰশ্নসমূহৰ ক্ষেত্ৰত বৌদ্ধিকভাৱে নিস্ক্ৰিয় হৈ থাকে। গণনা কৰা, ৰোগ নিৰ্ণয় কৰা, কোড লিখা বা যান্ত্ৰিক নক্সা তৈয়াৰ কৰাৰ ক্ষমতাই আপোনা-আপুনি সমাজৰ শুদ্ধ-ভ্ৰান্ত ধাৰণা বা নিজস্ব অৱচেতন পূৰ্বধাৰণাসমূহ সমালোচনাত্মকভাৱে বিশ্লেষণ কৰাৰ ক্ষমতা নিদিয়ে। দেখা যায়, বহু শিক্ষা প্ৰতিষ্ঠানত স্বাধীন চিন্তাৰ তুলনাত অনুকৰণকহে বেছি উৎসাহিত আৰু পুৰস্কৃত কৰা হয়। শিক্ষাৰ্থীসকলে “স্বীকৃত উত্তৰ” দক্ষতাৰে পুনৰাবৃত্তি কৰিবলৈ শিকে অথচ “সত্য” কাক কয় বা কোনে নিৰ্ধাৰণ কৰে সেই প্ৰশ্ন কৰিবলৈ নিশিকে। ফলত বহু উচ্চ শিক্ষিত ব্যক্তি উন্নত পেচাগত দক্ষতাৰ অধিকাৰী হ’লেও অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় দিবলৈ প্ৰয়োজনীয় সংশয়বাদ, আত্মসমালোচনা আৰু দাৰ্শনিক যুক্তিবিচাৰৰ গভীৰ অভ্যাস গঢ়ি তুলিব নোৱাৰে।
আনহাতে বিশ্বাসীসকলে অযুক্তিকৰ বিশ্বাসক কেতিয়াও অযুক্তিকৰ বুলি নাভাবে। এইবোৰ জীৱনৰ অৰ্থ দিয়া সাংকেতিক ব্যৱস্থাৰ অংশ। ভোগবাদ, জাতীয়তাবাদ, চেলিব্ৰেটি সংস্কৃতি, ৰাজনৈতিক মতাদৰ্শ আনকি প্ৰযুক্তিগত অগ্ৰগতিত অন্ধবিশ্বাসৰ ৰেহৰূপবোৰেও মানসিকভাৱে ধৰ্মৰ দৰে কাম কৰিব পাৰে। কিছুসংখ্যক দাৰ্শনিক আৰু মনোবিশ্লেষকে ঠিক এই কথাই কৈছিল যে আধুনিক যুক্তিবাদৰ পৃষ্ঠভূমিৰ তলত ফেণ্টাছি আৰু সাংকেতিক ক্ষমতাৰ প্ৰতি গভীৰ অৱচেতন আসক্তি লুকাই থাকে। মানুহে কেৱল প্ৰমাণে বাধ্য কৰাৰ বাবে বিশ্বাস নকৰে; বিশ্বাসে বাস্তৱতাক সংগঠিত কৰে বাবেও কৰে। বহু সচেতনভাৱে কুসংস্কাৰক উপহাস কৰা ব্যক্তিয়েও অৱচেতনভাৱে নীতিনিয়ম, কাহিনী আৰু সাংকেতিক নিশ্চয়তাৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায়। সামাজিক শক্তিয়েও এনে ঘটনাবোৰক শক্তিশালী কৰে। বিশ্বাস কেৱল ব্যক্তিগত বস্তু নহয়। ই সমষ্টিগত অভ্যাস। পৰিয়াল, সংস্কৃতি আৰু সামাজিক অনুকৰণৰ মাধ্যেমৰে সমাজে আচাৰ-অনুষ্ঠান-বিশ্বাসক পুনৰাবৃত্তি কৰি থাকে। জ্যোতিষ, ভাগ্যবাদ বা অতিপ্ৰাকৃত ভয়ৰে পূৰ্ণ পৰিৱেশত ডাঙৰ হোৱা শিক্ষিত ব্যক্তি বৌদ্ধিকভাৱে সন্দেহপ্ৰৱণ হ’লেও এনে বিশ্বাস সমূলি ত্যাগ কৰা মানে পৰিয়াল-ঐতিহ্য বা পৰিচয় ত্যাগ কৰাৰ দৰে অনুভৱ কৰাব পাৰে।
তদুপৰি বিজ্ঞানীৰ জ্ঞানে বস্তুৰ কাৰ্যপদ্ধতি ব্যাখ্যা কৰে, কিন্তু দুখ-মৃত্যু-নিঃসংগতা বা জীৱনৰ অৰ্থ সংক্ৰান্তীয় প্ৰশ্নৰ সদায় উত্তৰ নিদিয়ে। এজন ব্যক্তিয়ে জ্যোৰ্তিবিজ্ঞান বুজিব পাৰে; কিন্ত শোকদগ্ধ হৈ প্ৰাৰ্থনাও কৰিব পাৰে। যুক্তিগত ব্যাখ্যা আৰু আৱেগিক সান্ত্বনাই মানুহৰ অস্তিত্বৰ দুটা ভিন্ন স্তৰত কাম কৰে। আধুনিক বিজ্ঞানে বহু পৰম্পৰাগত নিশ্চয়তা দুৰ্বল কৰিছে সচাঁ; কিন্তু মানুহৰ সাংকেতিক সান্তনা অৰ্থাৎ সমস্যাৰ সমাধান নোহোৱাকৈও কোনো প্ৰতীক বা বিশ্বাসৰ জৰিয়তে মানসিক ভৰসা লাভৰ প্ৰয়োজনীয়তা শেষ কৰা নাই। বৰঞ্চ বহুক্ষেত্ৰত পুৰণি সামাজিক গঠন ভাঙি যোৱাৰ ফলত মানুহ অধিক অযুক্তিগত নিশ্চয়তাৰ সন্ধানত গৈছে। আধুনিক মিডিয়া ব্যৱস্থাই এই প্ৰৱণতাক বঢ়াই তোলে। ষড়যন্ত্ৰ তত্ত্ব, ছদ্মবিজ্ঞান অথবা চমকপ্ৰদ দাবীসমূহ সহজে ভাইৰেল হয়। কাৰণ ই জটিল বাস্তৱতাৰ সহজ নাটকীয় ব্যাখ্যা দিয়ে। মুঠতে মানুহৰ স্বভাৱৰ এক গভীৰ সত্য এই যে মানুহ মূলতঃ কাহিনী নিৰ্মাণ কৰা সত্ত্বা; যিয়ে অনিশ্চিত পৃথিৱীত নিশ্চয়তা বিচাৰে। আধুনিক ব্যক্তি আজি বিভক্ত—এফালে শিক্ষাগত মেধা আনফালে অযুক্তিকৰ বিশ্বাসৰ আশ্ৰয়ত। শিক্ষিত মনে সম্ভাৱনা, কাৰণ-কাৰ্য আৰু প্ৰমাণ বুজিবলৈ সক্ষম হৈও প্ৰতীক, আচাৰ আৰু বিশৃংখলাৰ বিপৰীতে কোনো নিশ্চয়তাৰ বাবে আকুল হৈ থাকে।
সেই আকুলতাৰে আহি আজি আমি ক’ত থিয় হৈছোঁ? নব্যউদাৰতাবাদী বিশ্বায়নৰ একেবাৰে কেন্দ্ৰত— আৰ্থিক কেন্দ্ৰ, প্ৰযুক্তি কৰিডৰ, আকাশ চুব খুজা অট্টালিকাৰ মাজত; কিন্তু ধৰ্মতো আঁতৰি যোৱা নাই? ই ৰূপান্তৰিতহে হৈছে! ই লাইভ ষ্ট্ৰীম কৰে। ই ট্ৰেণ্ড হয়। ই ব্ৰেণ্ড হয়। ই ষ্টেডিয়াম ভৰাই পেলায়। ই কৰ্পৰেটৰ সৈতে অংশীদাৰ হয়। ই নিৰ্বাচনত জয়ী হয়। মানুহক নতুন ধৰণে মোহিত কৰে।
এইখিনিতে মনোবিশ্লেষক Slavoj Zizek-ৰ কথাটোও আহে, “মই ভালদৰে জানোঁ কি কৰি আছোঁ, তথাপিও কৰি আছোঁ। ” এয়া তথাকথিত যুক্তিসংগত সমাজে নতুন ধৰণে কৰা অস্বীকাৰ (disavowal)। যিটো ফ্ৰয়েডে fetishism-ৰ ক্ষেত্ৰত লক্ষ্য কৰিছিল। একেলগে এটা অশান্তিকৰ সত্য স্বীকাৰো কৰে আৰু অস্বীকাৰো কৰে। অৰ্থাৎ আজিৰ মতাদৰ্শ চলিবলৈ সঁচাকৈয়ে বিশ্বাস কৰাৰ প্ৰয়োজন নহয়। আমি সন্দিহান হ’ব পাৰোঁ, তথাপিও অংশগ্ৰহণ কৰোঁ। নব্যউদাৰতাবাদী পুঁজিবাদত বিশ্বাসে এইদৰে কাম কৰে। ইয়াত মধ্যযুগীয় আন্তৰিকতা নালাগে। ইয়াৰ কাৰ্যপদ্ধতি হৈছে আচাৰ-অনুষ্ঠান, প্ৰতীক আৰু ধাৰণাৰ ভাগ-বাটোৱাৰাৰ মাজেৰে। “মই জানোঁ এইবোৰ বৈজ্ঞানিকভাৱে সত্য নহয়, তথাপিও….” এনেধৰণৰ আচৰণ ইয়াৰ অন্তৰ্ভুক্ত। দেখা যায় দৈনন্দিন জীৱনত এই গঠন সৰ্বত্ৰ। আমি জানোঁ ধূমপানে কেঞ্চাৰ সৃষ্টি কৰে, তথাপিও ধূমপান কৰোঁ। আমি জানোঁ ৰাজনৈতিক কামকাজবোৰ বহুসময়ত মিথ্যচাৰ আৰু ভণ্ডামিৰে ভৰা। তথাপি আৱেগক বিনিয়োগ কৰোঁ। আমি জানোঁ বজাৰ নিৰপেক্ষ নহয়; ই চৰকাৰী নীতি, পুঁজিপতিৰ স্বাৰ্থ, ক্ষমতা আৰু অসমতাৰ দ্বাৰা প্ৰভাৱিত—তথাপি স্বাভাৱিক বা অনিবাৰ্য বুলি মানি লওঁ ই আমাক কেৱল অভিনয় অব্যাহত ৰাখিবলৈ কয়। এটি শিশুৱে হয়তো নাজানে যে ছাণ্টাক্ল’জ সচাঁ নহয়। অভিভাৱকে নিশ্চিতভাৱে জানে। প্ৰতিজনেই বিশ্বাসৰ ব্যৱহাৰ অব্যাহত ৰাখে। নব্যপুঁজিবাদী সমাজত ধৰ্মই প্ৰায় একেদৰেই কাম কৰে। ভক্তিমূলক বাৰ্তা প্ৰেৰণ কৰাজন কট্টৰ ধৰ্মীয় নহ’লেও হয়। মন্দিৰত ধন যোগান দিয়া ব্যৱসায়ীজনে দৈনিক শাস্ত্ৰ নপঢ়িবও পাৰে। বিশ্বাস স্থানান্তৰিত হয়। সামাজিকভাৱে বিশ্বাস চলিবলৈ আন্তৰিক বিশ্বাসৰ সলনি প্ৰতীকি গঠন বজাই ৰাখিলেই যথেষ্ট। বিশ্বাস আচাৰ-প্ৰতিষ্ঠান আৰু প্ৰতীকৰ মাজেৰে জীয়াই থাকে।
চাবলৈ গ’লে ধৰ্মৰ স্থায়িত্ব আধুনিকতাৰ বিফল হোৱাৰ প্ৰমাণ নহ’বও পাৰে। বৰঞ্চ সেয়া তথাকথিত “যুক্তিকৰণ”-এ নিজেই শূন্যতা সৃষ্টি কৰাৰ লক্ষণ। যিমানেই নব্যউদাৰতাবাদী বিশ্ব শুদ্ধ-যুক্তি-চুক্তি আৰু প্ৰতিযোগিতাৰ ওপৰত গঢ়ি উঠে সিমানেই মানুহ ভাগ্য, পৱিত্ৰতা বা সভ্যতাৰ গৌৰৱৰ আখ্যানলৈ ঢাপলি মেলে।
ফ্ৰান্সৰ মনোবিজ্ঞানী Jacques Lacan-ৰ মতে প্ৰতীকী শৃংখলা (Symbolic order) কেৱল কিছুমান ধাৰণা নহয়, ই সমাজক ধৰি ৰখা অদৃশ্য বিশ্বাস আৰু নিয়মৰ গাথঁনি। তেওঁৰ ভাষাত ক’ব পাৰি, “সমাজ সম্ভৱ কৰাৰ অদৃ্শ্য স্থাপত্য। ” ইয়াকেই তেওঁ “Big other” বুলিছে। আকাশৰ ঈশ্বৰ নহয়, বৰঞ্চ নিয়ম আৰু আশা-আকাক্ষাৰ অব্যক্ত ক্ষেত্ৰ। Imaginary, Symbolic আৰু Real— এই তিনিটা ক্ষেত্ৰতেই মানুহে বাস কৰে। প্ৰতীকী শৃংখলাই নিৰ্ধাৰণ কৰে কি সফলতা, কি বিফলতা, কি পবিত্ৰ, কি অপবিত্ৰ। শিশু এটি নাম দিয়াৰ পৰা শিক্ষালাভলৈ প্ৰতীকী শৃংখলাৰ জালত অন্তৰ্ভুক্ত। ইয়াৰ অবিহনে সুশৃংখল আত্মচিনাকি নাথাকে। “Big other” ধ্বংস হ’লে মানুহ বিশৃংখলতাৰ সন্মুখীন হয়। আমি ইয়াক এৰি নিদিওঁ, বৰঞ্চ নতুন নতুন ৰূপত আঁকোৱালি লওঁ। নব্যউদাৰতাবাদে দাবী কৰে যে আমি উত্তৰ আদৰ্শবাদ (post-ideological) যুগত বাস কৰোঁ য’ত ৰাজনীতি মানে কেৱল ব্যৱস্থাপনা; ইয়াত মূল্যবোধ আৰু মতাদৰ্শ উপেক্ষিত।
তেনেকৈ অৰ্থনীতি মানে কেৱল বিজ্ঞান; ইয়াত ন্যায় আৰু সামাজিক বিষয়বোৰ গুৰুত্বহীন। কিন্তু ই মতাদৰ্শৰ বিলোপ নহয়। ই পাতল মতাদৰ্শৰ প্ৰতিষ্ঠা। ইয়াত বজাৰেই “Big other” এই প্ৰতীকি শৃংখলা আৱেগহীন। ই উৎপাদন সংগঠিত কৰে কিন্তু সম্পৰ্ক নহয়। যেতিয়া পুৰণি প্ৰতীকি গাথঁনি যেনে শ্ৰমিক ঐক্য, জনকল্যাণ, সামাজিক বন্ধনসমূহ দুৰ্বল হয় তেতিয়া ই প্ৰতীকী ক্ষুধা জন্মায় অৰ্থাৎ আধুনিক সোঁপন্থী ধৰ্মীয় জাতীয়তাবাদে এই ক্ষুধাক পূৰণ কৰে। আৰম্ভ হৈ যায় ৰাষ্ট্ৰ, নেতা, সভ্যতাৰ মহা মিছন…. এইবোৰে “Big other” পুনৰ ব্যক্তিগত কৰে। এনেকুৱা ধাৰণাৰ জন্ম দিয়ে যে আগতে একতা আছিল, ঐতিহ্য আছিল, গৌৰৱ আছিল, নৈতিক স্পষ্টতাও আছিল যাক কোনো “অন্য”-ই নষ্ট কৰিলে।
মনোবিজ্ঞানৰ বিশ্লেষণত এইটো কথা স্পষ্ট হয় যে মানুহ “Big other” বা প্ৰতীকী শৃংখলা অবিহনে টিকি থাকিব নোৱাৰে। এটা দুৰ্বল হ’লে আন এটাই সেই স্থান লয়। ৰাজনৈতিক পৰিস্থিতি কেৱল প্ৰচাৰ বা অজ্ঞতাৰ বাবেই সলনি নহয়। ই সলনি হয় মানুহৰ মনক অধিক সন্তুষ্টি দিব পৰা কোনো প্ৰতীকি কাঠামোৰ (Symbolic framework) বাবেও; যাক ক’ব পাৰি পৃথিৱীখনক এক অৰ্থ দিবলৈ মানুহে গঢ়ি লোৱা বিশ্বাস আৰু চিন্তাৰ নক্সা। নব্যউদাৰতাবাদে মতাদৰ্শক অস্বীকাৰ কৰিলে। কিন্তু বজাৰ ব্যৱস্থাক স্বাভাৱিক আৰু স্বীকৃত সত্য হিচাপে প্ৰতিষ্ঠা কৰিলে। আনহাতে বাঁওপন্থাই এক বৃহৎ মুক্তিকামী দৃষ্টিভংগী স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ যেন সংকোচবোধ কৰিলে। সমতা, ঐক্য আৰু ন্যায়ৰ শূন্যস্থান পূৰাবলৈ ঈশ্বৰ, জাতি আৰু ঐতিহ্যৰ দায়িত্ব লৈ নতুন প্ৰতীকি শৃংখলা আগবাঢ়ি আহিল।
মূল প্ৰশ্ন এইটো নহয় যে মতাদৰ্শই আমাৰ পৃথিৱীখনক গঢ় দিব নে নিদিব। প্ৰশ্নটো হ’ল—কোন মতাদৰ্শই সেই গঢ় দিব।
যদি আজিৰ যুক্তিবাদী আৰু প্ৰগতিশীল চিন্তাধাৰাই মানুহৰ মনক জীৱনৰ অৰ্থ আৰু আশা দিব পৰা চিন্তাজগত অৰ্থাৎ কোনো অৰ্থপূৰ্ণ প্ৰতীকি দিগন্ত গঢ়ি তুলিব নোৱাৰে যি একে সময়তে বস্তুগত বৈষম্য (Material inequality) আৰু মানুহৰ অস্তিত্বমূলক আকাংক্ষাক (Existential longing) সম্বোধন কৰিব পাৰিব। তেতিয়াহ’লে মানুহে ঐতিহ্য আৰু গৌৰৱৰ প্ৰতিশ্ৰুতিত বাৰে বাৰে ভোল যাব আৰু সংকীৰ্ণ, বৈষম্যমূলক আৰু বিদ্বেষমূলক পৃথিৱীখন বাহাল ৰাখিব।
আৰু এই সংঘাত আমি মানি লওঁ বা নলওঁ সদায়ে মতাদৰ্শৰ সৈতে জড়িত।

