হিন্দুত্বৰ ‘ঘৰ ৱাপসী’ আৰু বংগৰ ভৱিষ্যত (প্ৰথম অংশ) ।। কমল নয়ন মিশ্ৰ
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
১৭৪১ চনৰ পৰা ১৭৫১ চন পৰ্যন্ত বংগত বৰ্গীৰ সন্ত্ৰাস চলিছিল। এই বৰ্গীৰ দল নাগপুৰৰ শাসনকৰ্তা পেছোৱা সৈন্য বাহিনী, যি সমগ্ৰ বংগ জুৰি লুটপাত আৰু হত্যাৰে এক বিভীষিকাময় সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সেই সন্ত্ৰাস ইমানেই ভয়াৱহ আছিল যে বংগৰ লোকজীৱনত তাৰ চাপ বহু যুগলৈ ৰৈ গৈছিল—দুঃসময়ৰ সেই বেলাড মানুহৰ স্মৃতিপটত ৰৈ গৈছিল এনেদৰে, “খোকা ঘুমালো, পাৰা জুৰালো, বৰ্গী এলো দেশে”। নৱাবৰ পৰা বংগৰ শাসনভাৰ বৃটিছৰ হাতলৈ যোৱাৰ লগে লগে গ্ৰাম্য জীৱন পুনৰ আকাল আৰু দুৰ্ভিক্ষৰ অমানিশাত বুৰ গ’ল। ঔপনিৱেশিক কৰ ব্যৱস্থাই ১৭৭০ চনত সৃষ্টি কৰা মহা দুৰ্ভিক্ষৰ ফলত বংগৰ প্ৰায় এক তৃতীয়াংশ জনগণৰ প্ৰাণ গ’ল।
ঠায়ে ঠায়ে বুভুক্ষ জনগণে সেই কৰ নীতিৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছিল। সেই বিদ্ৰোহ আধুনিক যুগত সংঘটিত ভাৰতীয় উপমহাদেশৰ প্ৰথম পৰ্যায়ৰ গেৰিলা সংগ্ৰামবোৰৰ অন্যতম। সেই পৰ্যন্ত ঊনবিংশ শতিকাৰ জাতীয়তাবাদৰ কাণ্ডাৰী বঙালী ভদ্ৰলোকসকলৰ মঞ্চত পদাৰ্পণ ঘটা নাছিল। এক কল্পিত ধৰ্মৰাষ্ট্ৰৰ সংজ্ঞা প্ৰতিষ্ঠিত হ’বলৈ তেতিয়াও আছিল অনেক দূৰ। সেই অৱস্থাত জনগণৰ যুঁজত নেতৃত্ব দিবলৈ ওলাই আহিল ধৰ্মপ্ৰচাৰক সন্যাসীৰ দল, লগতে সেই যুঁজৰ অংশীদাৰ হ’ল মুছলমান পীৰসকল। যুদ্ধই প্ৰায় পঞ্চাছ বছৰৰ পৰিক্ৰমা অতিক্ৰম কৰিছিল। তাৰ কৰুণ পৰিসমাপ্তিৰ পিছৰছোৱা ইতিহাসত বংগত এক নতুন ধৰণৰ সামন্ততন্ত্ৰৰ উদ্ভৱ হবলৈ ধৰিছিল, যাৰ নেপথ্যত বৃটিছৰ ঔৰষত পুষ্ট হোৱা হিন্দু উচ্চ-বৰ্ণৰ জমিদাৰ শ্ৰেণী আৰু তাৰ বিপৰীতে আছিল বৃহৎ মুছলিম তথা নিম্ন জাতিৰ ভূমিহীন কৃষক সমাজ।
জমিদাৰী উচ্ছেদ, দুৰ্ভিক্ষ, খাদ্য সংকটৰ পৰা দূৰৈত নতুন পশ্চিমীয়া শিক্ষাৰে শিক্ষিত, বাঙালী সুশীল সমাজৰ অন্যতম পথিকৃৎ বংকিমচন্দ্ৰৰ সাহিত্যিক, সামাজিক মানসতো এক নতুন চিন্তাৰ উকমুকনিৰ সৃষ্টি হৈছিল। ঔপনিবেশিক চৰকাৰৰ অধীনত কৰ্মৰত বিদ্ৰোহী বংকিমে দেখিছিল বহু শতিকা জোৰা মুছলিম শাসনৰ অৱসান আৰু মুছলমানসকলৰ ক্ৰমাৎ দুৰ্বল আৰু খণ্ডিত হৈ অহা অৰ্থনৈতিক তথা ৰাজনৈতিক ভেটি। স্বাভাৱিকতে, ঊনবিংশ শতিকাৰ ঔপনিৱেশিক শ্ৰেণী-শোষণ আৰু হিন্দু বৰ্ণবাদৰ নিৰ্মম শিকলিৰ বান্ধোনৰ পৰা দূৰৈত অৱস্থান কৰা বংকিমৰ দৰে সুযোগ সন্ধানী উচ্চবৰ্ণৰ মধ্যবিত্তৰ কল্পনাত সেই শোষণৰ মূল ভেটিক উৎখাত কৰাৰ চিন্তাৰ পৰিৱৰ্তে ঠাই লৈছিল মুছলমানৰ ওপৰত প্ৰতিশোধৰ বাসনাই। মাৰাঠী বৰ্গীয়ে স্বজাতিৰ বিৰুদ্ধে সৃষ্টি কৰা হত্যা-সন্ত্ৰাসৰ জীৱন্ত ইতিহাসক কৌশলেৰে পাহৰাই ৰাখি মোগলৰ বিৰুদ্ধে মাৰাঠা জাতিৰ সংগ্ৰামৰ ইতিহাসকেই ভৱিষ্যতৰ সংগ্ৰামৰ পথ হিচাপে বাচি লৈছিল বংকিমচন্দ্ৰই। তেওঁৰ বন্দেমাতৰমৰ আঁৰৰ যি কল্পিত, সৌন্দৰ্যময় বাংলা ভূখণ্ডৰ প্ৰতিচ্ছৱি, সি কালক্ৰমত দশভূজা ভাৰত মাতাৰ ৰূপ লয়। এনেদৰে ভাৰত মাতা ৰূপী শাক্ত দেৱীৰ প্ৰতিমাৰ আৱাহনেৰে বিশাল ভাৰতবৰ্ষৰ জনগণৰ ভৌগোলিক সাংস্কৃতিক বৈচিত্ৰ্য তথা বিশ্বাস আৰু আদৰ্শৰ পৰা উদ্ভুত হ’ব পৰা ৰাজনৈতিক গণতান্ত্ৰিকতাৰ চিন্তাক সমাধিস্থ কৰা হৈছিল। বংগীয় ভদ্ৰলোক বৰ্ণহিন্দু সমাজে ঊনবিংশ শতিকাত কল্পনা কৰা ৰাষ্ট্ৰৰ ধাৰণাকে তথাকথিত বৈচিত্ৰ্যৰ মাজত এক ভাৰতবৰ্ষৰ শ্লোগানেৰে ঔপনিৱেশিকতা বিৰোধী সংগ্ৰামৰো কেন্দ্ৰীয়, মুখ্য ধাৰাত পৰিণত কৰা হ’ল। লিবাৰেল ভাৰতীয় জাতীয়তাবাদৰ মূল দৰ্শনো হৈ উঠিল সেয়াই, কিন্তু হিন্দু লিবাৰেল চেতনাৰ সৈতে অপ্ৰকাশিত ৰূপত জঁটবান্ধি থকা এক দেশ, এক সংস্কৃতি, এক ধৰ্মৰ আদৰ্শৰ বিপজ্জনক ভাইৰাছবিধৰ ভৱিষ্যতৰ উৎপৰিৱৰ্তনৰ দুৰ্ভাৱনা এটিও সদায়েই ৰৈ গৈছিল। আচৰিত হ’বলগীয়া নাই যে বংকিমচন্দ্ৰৰ আনন্দমঠ উপন্যাসত কল্পিত, মুছলমানৰ বিৰুদ্ধে ভৱিষ্যতৰ যুঁজৰ মূল কাণ্ডাৰী সন্যাসীৰূপী সনাতনসকলেই শেহতীয়াভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বংগৰ শাসনভাৰ দখল কৰিছে। পিছে এই অভিযানৰ বেলিকা যি ঘৃণাৰ দুষ্কৃতি আৰু ভোট চুৰিৰ জাল গুঠি সনাতনসকলে বংগ দখল কৰিবলৈ সক্ষম হ’ল, সেয়া প্ৰত্যক্ষ কৰিলে হয়তো বংকিমচন্দ্ৰৰো চকু কপালত উঠিলহেতেন।
ঔপনিৱেশিকতা বিৰোধী সশস্ত্ৰ গণ অভ্যুত্থান, বৈপ্লৱিক মানৱতাবাদী ইয়ং ইণ্ডিয়া, নক্সাল আন্দোলন, অপাৰেচন বৰ্গা, বাঁওপন্থী গ্ৰাম্য পঞ্চায়ত, ছিংগুৰৰ কৃষক সংগ্ৰাম আদি বহু ঐতিহাসিক ঘটনাক্ৰমৰ মাজেৰে আগবঢ়া, ৰবীন্দ্ৰনাথ, অৰ্মত্য সেন, মাণিক বন্দ্যোপাধ্যায়, সত্যজিৎ ৰায়, কবীৰ সুমনৰ বংগ বৌদ্ধিকতা আৰু পৰিৱৰ্তনৰ সংগ্ৰামৰ প্ৰতীকৰূপে পৰিচিত। কিন্তু তাৰপিছতো ইতিহাসৰ নিৰ্মমতাই সকলো বৈপ্লৱিক ৰোমাণ্টিকতাৰেই অৱসান ঘটায়। আচলতে বংগত হিন্দুত্বৰ “ঘৰ ৱাপসী”-ও একপ্ৰকাৰ অৱধাৰিত আছিল।
কেইবা শতিকা জোৰা মুছলমান শাসনৰ পিছতো বংগত কিদৰে এক প্ৰভাৱশালী হিন্দু সমাজ গঢ় লৈ উঠিল, সেয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ। অসমৰ তুলনাত বংগত ৰাজকীয় সামন্তবাদৰ ভেটি ঐতিহাসিকভাৱে মজবুত, ইয়াৰ অন্যতম এক কাৰণ হৈছে মোগল শাসকসকলৰ নুমলীয়া অংশীদাৰৰ ৰূপত স্থানীয় হিন্দু ৰজা তথা জমিদাৰ শ্ৰেণীৰ ক্ৰমবৰ্ধমান ধৰ্মীয়, সামাজিক প্ৰতিপত্তি। এক প্ৰভাৱশালী নিম্নবৰ্গীয় বৈষ্ণৱ আন্দোলন আৰু উচ্চ বৰ্ণক প্ৰতিনিধিত্ব কৰা শাক্ত ব্ৰাহ্মণ্যবাদে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰাৰ ফলত বংগত এক বিচিত্ৰ ধৰ্মীয় শাসনৰ পিৰামিড গঢ় লৈ উঠে। মুছলমান শাসকৰ বিৰুদ্ধে সময়ে সময়ে গঢ় লৈ উঠা স্থানীয় হিন্দু ৰাজন্যবৰ্গৰ বিদ্ৰোহৰ প্ৰতীক হৈ উঠিছে দেৱী চণ্ডী অথবা আন স্থানীয় শাক্ত দেৱী। এই ৰাজপৰিয়াল তথা সম্ভ্ৰান্ত জমিদাৰ বংশৰ পৰিয়ালৰ ৰক্ষাকৰ্তাৰ ৰূপত চণ্ডীৰ উপৰিও অভয়া, মৃন্ময়ী আদি বনবাসী দেৱীৰ আৱিৰ্ভাৱ ঘটিছে, যাৰ পূজাৰ্থে ৰজাৰ সামৰিক প্ৰসাদ অথবা জমিদাৰৰ বিশাল ভৱনত বৃহৎ মন্দিৰ স্থাপন কৰা হৈছিল। ৰাজপৰিয়ালৰ পৰা সৰ্বসাধাৰণ সমাজলৈ এনেদৰে দেৱীৰ মাহাত্ম্যভৰা কৃপাদৃষ্টিয়ে একোটা অঞ্চলত যুদ্ধ-বিগ্ৰহ, মহামাৰী আৰু শোষণত পিষ্ট জনগণৰ বাবে জীয়াই থকাৰ সম্বল স্বৰূপ হৈ উঠে। বৰ্তমানৰ কলকাতা চহৰকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলত ষোল্ল শতিকাৰ শেষৰ ফালৰপৰা যি আনুষ্ঠানিক দূৰ্গা পূজা আৰম্ভ কৰা হৈছিল তাৰ আঁৰত আছিল কেইটামান ৰাজ পৰিয়াল—তাৰ ভিতৰত অন্যতম নাদিয়াৰ ৰজা ভবানন্দ মজুমদাৰ আৰু জমিদাৰ চৌধুৰী বংশীয় লক্ষ্মীকান্ত মজুমদাৰৰ পৰিয়াল দুটি। এই প্ৰথম পৰ্যায়ৰ বৃহৎ পূজাসমূহৰ আঁৰৰ যিসকল মুখ্য উদ্যোক্তা তেওঁলোক আছিল মোগল সাম্ৰাজ্যৰ অধীনত কাৰ্যনিৰ্বাহ কৰা সামৰিক উদ্যোগী আৰু আমোলা। ষোল্ল-সোতৰ শতিকাত বংগ আৰু অসম অভিমুখে চলা মোগলৰ অভিযানত এই সামন্তীয় ৰাজন্যবৰ্গই আগবঢ়োৱা সামৰিক সাহায্যৰ পুৰষ্কাৰ ৰূপে তেওঁলোকৰ ওপৰত অৰ্পিত হৈছিল কৰ-কাটল সংগ্ৰহৰ দায়িত্ব, লগতে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল মজুমদাৰ, ৰয়, ৰয়চৌধুৰীৰ দৰে উপাধি আৰু খিতাপ। মুছলমান শাসনৰ কালছোৱাত শক্তি লাভ কৰা এই নব্য হিন্দু সামন্তকুলে বংগত শাক্ত ব্ৰাহ্মণ্য ধৰ্মৰ গুৰি ধৰিছিল। বৃহৎ মন্দিৰ, শক্তিপীঠ আদি নিৰ্মাণৰ লগতে সৰ্বসাধাৰণ সমাজত পৰিচয় দিছিল কালী, জগদ্ধাত্ৰী দেৱীৰ আশীষ লাভ কৰা শ্ৰেষ্ঠ ভক্তৰূপে। সোতৰ শতিকাৰ আৰম্ভণিৰে পৰা শাৰদীয় দুৰ্গোৎসৱৰ বিপুল আয়োজনৰ দ্বাৰা এই সামন্ত শ্ৰেণীয়ে এহাতেদি যিদৰে নিজৰ ধন ঐশ্বৰ্যৰ প্ৰদৰ্শন কৰিছিল, আনফালে নিজৰ ৰাজনৈতিক প্ৰতিপত্তি তথা উচ্চতৰ সাংস্কৃতিক নেতৃত্বাভিমানকো বহল সমাজত প্ৰতিষ্ঠা কৰিছিল।
ইতিহাসবিদ প্ৰয়াত কুমকুম চেটাৰ্জীৰ “Goddess encounters: Mughals, Monsters and the Goddess in Bengal” শীৰ্ষক বিস্তৃত গৱেষণাই মধ্যযুগৰ বংগৰ ইতিহাসৰ এনে বহুতো দিশকেই উন্মোচন কৰিছে।
১৭৫৭ চনৰ পলাশীৰ যুদ্ধত নৱাব চিৰাজদ্দৌলাৰ পৰাজয় ঘটিল। বিজয়ী ৰবাৰ্ট ক্লাইভৰ সন্মানাৰ্থে নৱকৃষ্ণ দেৱ নামৰ ঔপনিৱেশিক শাসনৰ অধীনত কাম কৰা এজন মুন্সীয়ে পূজা আৰু এক ভোজনৰ আয়োজন কৰিলে, যʼত বলিৰ মাংস তথা সুৰাৰে সৈতে বাঈজী নৃত্যৰো ব্যাপক আয়োজন কৰা হৈছিল।
সনাতনী পৰম্পৰাৰ গৌৰৱ বুকুত বান্ধি তাৰ সৈতে পশ্চিমীয়া সাম্ৰাজ্যবাদী ভোগবাদৰ এক অদ্ভুত ককটেইল সৃষ্টি কৰিব পৰা এক নতুন সামাজিক শ্ৰেণীৰ উত্থানে দৰাচলতে বংগৰ ইতিহাস সলনি কৰিছিল।
লৰ্ড কৰ্ণৱালিছে ১৭৯৩ চনত অনা স্থায়ী বন্দোৱস্তি আইনৰ সুবাদত এই নতুন মধ্যভোগী (comprador) বুৰ্জোৱা শ্ৰেণীয়ে স্বতন্ত্ৰভাৱে ব্যৱসায়-বাণিজ্যক বিকশিত কৰাৰ সলনি, সম্পত্তি আৰু পণ্য আহৰণৰ কাৰণে সাম্ৰাজ্যবাদৰ লুণ্ঠনৰ পৰা অহা লভ্যাংশ আহৰণ কৰিবলৈ ধৰে। এনে ধনৰ বিপুল অংশ ভূমি ক্ৰয়কে ধৰি বৃহৎ ৰাজকীয় সামাজিক অনুষ্ঠানত খৰচ কৰা হয়। বৃটিছৰ সন্মানাৰ্থে নৱকৃষ্ণই আয়োজন কৰা শোভাবজাৰ ৰজাবাৰীৰ প্ৰখ্যাত দূৰ্গা পূজাৰ ইতিহাসৰো এনেদৰেই আৰম্ভণি হৈছিল, লগতে বৃটিছৰ আৰ্শীবাদত নৱকৃষ্ণ নিজেই অগাধ ভূ-সম্পত্তিৰ গৰাকী হৈ পৰিছিল।
তথাকথিত অনুপস্থিত (Absentee) জমিদাৰী ব্যৱস্থাৰ সুবাদত কলিকতাত বিলাসী জীৱন কটাবলৈ ধাপলি মেলা নতুন আঢ্যৱন্ত, ভদ্ৰলোক শ্ৰেণীয়ে পূৰ্ব বংগৰ মুছলমান আৰু নমঃশূদ্ৰ ৰায়তসকলৰ কষ্টোপাৰ্জিত ফচলৰ ওপৰত বহি নতুন বঙালী হিন্দু জাতিৰ দস্তাবেজ লিখিবলৈ আৰম্ভ কৰিছিল। পাকিস্তানৰ ধাৰণা আৰু সাম্প্ৰদায়িক মুছলিম ৰাষ্ট্ৰবাদৰ ধাৰণাই পোখা মেলাৰ বহু পূৰ্বেই বংগত উচ্চ বৰ্ণৰ হিন্দু সমাজে ইউৰোপীয় জাতিৰাষ্ট্ৰবাদৰ প্ৰেৰণাত নিজকে এক অভিন্ন হিন্দুৰাষ্ট্ৰৰ বাটকটীয়া বুলি কল্পনা কৰিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ ৰাজ নাৰায়ণ বসু (১৮২৬-১৮৯৯) আৰু নৱগোপাল মিত্ৰ (১৮৪০-১৮৯৪) নামৰ দুগৰাকী বঙালী ভদ্ৰলোকক ভাৰতবৰ্ষত ধৰ্মীয় দ্বি জাতিতত্ত্বৰ মূল কাণ্ডাৰী বুলি অভিহিত কৰিব পাৰি। ৰাজ নাৰায়ণ বসুৱে জন্মদিয়া ভাৰত ধৰ্ম মহামণ্ডলেই কালক্ৰমত হৈছিলগৈ হিন্দু মহাসভা।
একেদৰে ১৮৬৭ চনৰ পৰা ১৮৮০ চনলৈ নিৰবিচ্ছিন্ন ভাৱে ব্ৰাক্ষ্মণ উচ্চ বৰ্ণৰ নেতৃত্বত বংগত আয়োজিত হোৱা হিন্দু মেলাৰ মূল উদ্যোক্তা আছিল নৱ গোপাল মিত্ৰ। ইতিহাসবিদ আৰ চি মজুমদাৰে উল্লেখ কৰা মতে নৱগোপাল মিত্ৰই দৰাচলতে জিন্নাৰ দেশ বিভাজনৰ তত্ত্বকেই আধাশতিকাৰো পূৰ্বে সুপ্ৰতিষ্ঠিত কৰিছিল।
উনবিংশ শতিকাৰ মাজভাগত উদিত জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাৰ আৰত প্ৰকৃততে হিন্দু চেতনাকহে জাগ্ৰত কৰা হৈছিল। মুছলমান আৰু খ্ৰীষ্টানৰ বিপৰীতে হিন্দু জনসংখ্যাৰ সংখ্যাগৰিষ্ঠতাৰ বলতহে আজিৰ ভাৰতবৰ্ষ এক ধৰ্মনিৰপেক্ষ দেশ হৈ উঠিছে বুলি দাবী কৰা আজিৰ প্ৰভাৱশালী সংখ্যাগুৰুবাদী নেৰেটিভো আচলতে এক মিথ্যাবাদ আৰু ইতিহাস বিকৃতিৰ পৰিণাম।
আধুনিক ভাৰতৰ ইতিহাসত কেৱল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বেলিকাহে এক বিৰল, সংগ্ৰামী ধৰ্মনিৰপেক্ষ ঐক্যতা প্ৰকাশিত হৈ উঠিছিল! অৱশ্যে সেয়া এক অন্য আলোচনাৰ বিষয়।
কংগ্ৰেছৰ নেতৃত্বত ভদ্ৰলোক সমাজৰ অংশগ্ৰহণেৰে ১৯০৫ চনত যি বংগভংগবিৰোধী আন্দোলন আৰু স্বদেশী জাগৰণৰ উত্তাল ঢৌৰ সৃষ্টি হৈছিল তাৰো বহু আগৰে পৰা পৰা পূৰ্ব বংগত চলি থকা নমঃশূদ্ৰসকলৰ সামাজিক, অস্পৃশ্যতাবিৰোধী সংগ্ৰামে বিংশ শতিকাৰ আৰম্ভণিত এক নতুন গতি লাভ কৰিছিল।
ঔপনিৱেশিক শাসনে এফালে নতুন পশ্চিমীয়া শিক্ষাৰ দুৱাৰ মুকলি কৰি দিয়া আৰু আনফালে ৰাজনৈতিক স্ব-শাসনৰ ধাৰণাক প্ৰতিষ্ঠা কৰাৰ ফলতেই নিম্ন বৰ্গীয় আন্দোলনে বৃটিছবিৰোধী স্বদেশী আন্দোলনৰ প্ৰতিমুখে এক সমান্তৰাল ধাৰাৰ সৃষ্টি কৰিছিল। আনকি নমঃশূদ্ৰ নেতাসকলে স্বদেশী আন্দোলনত ব্যৱহৃত অধিক মূল্যৰ দেশীয় হেণ্ডলুমৰ কাপোৰৰ পৰিৱৰ্তে বিদেশত উৎপাদিত সস্তীয়া কাপোৰ ব্যৱহাৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল।
এনেদৰে নমঃশূদ্ৰ তথা মতুৱাসকলৰ সামাজিক উত্তৰণৰ সংগ্ৰামে এক ব্যাপক ৰাজনৈতিক আৰু শ্ৰেণীগত চৰিত্ৰ অৰ্জন কৰে। নমঃশূদ্ৰ ৰায়ত আৰু বৰ্গাদাৰসকলে ১৮৮৫ চনৰ Bengal Tenancy Act-এ নিৰ্দিষ্ট কৰি দিয়া অনুসৰি নগদ ধনৰ ৰূপত কৰ আদায়ৰ নতুন নিয়মৰ সুবাদত যি এক সাময়িক সকাহ লাভ কৰিছিল সেই নিয়মক ওলোটাই দি জমিদাৰ, মধ্যভোগী জোতদাৰ তথা ধনী কৃষক শ্ৰেণীয়ে এক অমানুষিক শোষণৰ লাইচেন্স স্বৰূপ ‘ধনকাৰাৰী’ ব্যৱস্থাৰ বলপূৰ্বক প্ৰচলন কৰে। ধনকাৰাৰী অনুযায়ী ৰায়তসকলক নগদ ধনৰ পৰিৱৰ্তে ফচলৰ এক নিৰ্দিষ্ট অংশক কৰ হিচাপে আদায় দিবলৈ বাধ্য কৰোৱা হৈছিল। বিংশ শতিকাৰ আৰম্ভণিৰ পৰা সকলো শস্যৰেই আকাশলংঘী মূল্যবৃদ্ধি ঘটাৰ পৰিপ্ৰেক্ষিতত ৰায়তসকলৰপৰা ইচ্ছামতে ফচল কাঢ়ি মুকলি বজাৰত বিক্ৰীৰ দ্বাৰা ভদ্ৰলোক শ্ৰেণীৰ প্ৰচুৰভাৱে মুনাফা অৰ্জনৰ পথ মুকলি হৈ পৰে। এনে শোষণৰ বিৰুদ্ধে নমঃশূদ্ৰসকলে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰে। বকৰাগঞ্জ, ফৰিদপুৰকে ধৰি কেইবাখনো জিলাত প্ৰতিবাদকাৰী কৃষকসকলে জমিদাৰৰ ভূমিত কৰি অহা সকলো শ্ৰমদানৰ পৰা অব্যাহতি ঘোষণা কৰে। কিন্তু স্থানীয় ভদ্ৰলোক সমাজৰ দ্বাৰা ওলোটাই কৃষক ৰায়তসকলৰ বিৰুদ্ধেহে আদালতত ভুৱা গোচৰ জাপি দিয়া হৈছিল।
Beyond Nationalist Frame : Relocating Postmodernism, Hindutva, History শীৰ্ষক গ্ৰন্থত সুমিত সৰকাৰে বিস্তৃত গৱেষণাৰে দেখুৱাইছে যে আনকি ১৯০৯ চনৰ বংগত ভদ্ৰলোক সমাজৰ নেতৃত্বত বৃটিছবিৰোধী স্বদেশী আন্দোলন তুংগত উঠাৰ সময়তো কৃষকৰ বিৰুদ্ধে অৱস্থানৰ বেলিকা ভদ্ৰলোকসকলে সংকীৰ্ণ ভেদাভেদক পাহৰি এক বিৰল শ্ৰেণীঐক্যৰ নিদৰ্শন ডাঙি ধৰিছিল। তাৰ বিপৰীতে নমঃশূদ্ৰ কৃষকসকলৰ শ্ৰেণীঐক্য আৰু নিম্ন বৰ্গীয় পৰিচয় ভিত্তিক ৰাজনৈতিক সক্ৰিয়তা এই উভয় কাৰকেই ভদ্ৰলোক সমাজৰ মাজত অসন্তুষ্টি আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল। সেয়েহে তাৰ মোকাবিলা কৰিবলৈ এক সৰ্বাত্মক হিন্দু ঐক্য আৰু হিন্দু চেতনাৰ প্ৰসাৰৰ ধাৰণাক সংগঠিত কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল, সুমিত সৰকাৰৰ মতে এয়া কোনো ব্যতিক্ৰমী ঘটনা নাছিল যে একেটা বৰ্ষৰেই অৰ্থাৎ ১৯০৯ চনৰ জুন মাহত U N Mukherjee-ৰ Hindus : ‘A Dying Race’ শীৰ্ষক ধাৰাবাহিক ৰচনাখনি Bengalee পত্ৰিকাত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল। এই ৰচনাখনেই আজিৰ যুগৰ ‘হিন্দু খতৰে ম্যে’, হিন্দুৰ জনসংখ্যা কমি অহাৰ বিপৰীতে মুছলমানৰ সংখ্যা বাঢ়ি যোৱা, অথবা হিন্দু সমাজত একতাৰ অভাৱ আদি জনপ্ৰিয় প্ৰ’পাগণ্ডাৰ সৃষ্টি কৰা হিন্দুত্ব ৰাজনীতিৰ এক নিৰ্ভৰযোগ্য ‘আদিপাঠ’। এক হিন্দু ঐক্য গঢ়াৰ বাবে বঙালী ভদ্ৰলোকসকলক প্ৰয়োজন হৈছিল নিম্ন বৰ্ণ আৰু জাতিসমূহৰ সংখ্যাভিত্তিক সমৰ্থনৰ আৰু তাৰ লগতে লোকপিয়লভিত্তিক একত্ৰ হিন্দু পৰিচয়ৰ যাৰ সহায়ত বৰ্ধিত সংখ্যাবলৰ দ্বাৰা ভৱিষ্যতৰ শাসন ক্ষমতাক যাতে নিজৰ হাতত ৰাখিব পৰা যায়। একেসময়তে মূৰ্খাজীৰ Dying Race সেইসময়ৰ নিম্নবৰ্গীয় স্ব-অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ বিপক্ষেও এক বৌদ্ধিক জাগৰণৰ অন্য নাম আছিল।
কেইবাতৰপীয়া শ্ৰেণী-শোষণৰ ওপৰত প্ৰতিষ্ঠিত এক অমানৱীয় ভূমি-সামন্তবাদে বংগৰ ভৱিষ্যতৰ পথ নিৰূপণ কৰিছিল। বংগৰ ইতিহাসত বৰ্ণবাদী ব্যৱস্থা শক্তিশালী হৈ থকাৰ পিছতো দাক্ষিণাত্যৰ দৰে এক সামাজিক ন্যায় আৰু সমতাভিত্তিক বৃহৎ সংগ্ৰামে দীৰ্ঘস্থায়িত্ব লাভ কৰিব নোৱাৰিলে, তাৰ কাৰণ ভদ্ৰলোক সমাজে সৃষ্টি কৰা বঙালী হিন্দু জাতিৰ ধাৰণা আৰু তাৰ বিপৰীতে ক্ৰমাৎ শক্তিশালী হ’বলৈ ধৰা মুছলমান সাম্প্ৰদায়িক পৰিচিতিৰ ৰাজনীতি।
(ক্ৰমশঃ)

