নিবন্ধবিবিধ চিন্তা

বৰ্ণবাদী অসমীয়া আৰু জনজাতীয় সমাজ ।। বিস্ময় দাস

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

অসমত দুই ধৰণৰ সমাজ প্ৰত্যক্ষ কৰা যায়। এখন সমাজ ব্ৰাহ্মণ্যবাদী বা বৰ্ণবাদী (স্ববৰ্ণ) সমাজ আৰু আনখন ধৰ্মীয় সংখ্যালঘু আৰু জনজাতি মিলি অব্ৰাহ্মণ্যবাদী (অবৰ্ণ) সমাজ।

অসমৰ পাহাৰ-ভৈয়ামৰ জনজাতীয় সমাজবোৰক আৰু অসমীয়া ধৰ্মীয় সংখ্যালঘু সমাজখনক বাদ দি অসমৰ অসমীয়া হিন্দু, বঙালী হিন্দু, বিহাৰী হিন্দু আৰু মাৰোৱাৰী আদি কম বেছি পৰিমাণে সকলোবোৰ ব্ৰাহ্মণ্যবাদী সমাজখনৰ অংশীদাৰ।

অসমত বাস কৰা সকলো জাতি-জনগোষ্ঠীৰ জনসংখ্যা— চৰকাৰী হিচাপৰ পৰা অনুমান কৰিব পাৰি যে দুয়োখন সমাজ প্ৰায় পঞ্চাছ পঞ্চাছ শতাংশত বিভক্ত হৈ আছে। অসমখনৰ ওপৰত যিমান অধিকাৰ ব্ৰাহ্মণ্যবাদীসকলৰ, সিমানখিনি অধিকাৰ ধৰ্মীয় সংখ্যালঘু আৰু জনজাতীয় অব্ৰাহ্মণ্যবাদী সমাজৰো আছে।

যুক্তিৰ আধাৰত হওঁতে হয়, যে ব্ৰাহ্মণ্যবাদী সমাজখনৰ যিমান অধিকাৰ অসমৰ ওপৰত আছে সিমান অধিকাৰ জনজাতীয় সমাজৰ নাগৰিকসকলৰো আছে, যদিও ব্ৰাহ্মণ্যবাদী সমাজখনৰ প্ৰতিপত্তি বা আধিপত্য অসমখনত বেছি। সেই তাহানিৰ দিনৰ পৰাই ব্ৰাহ্মণ্যবাদী চিন্তাৰ সমাজখনেই অসমখনক নেতৃত্ব প্ৰদান কৰি আহিছে। অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সাংস্কৃতিক ক্ষেত্ৰবোৰত এই ব্ৰাহ্মণ্যবাদী সমাজখনৰেই আধিপত্য চলি আহিছে। বহু সময়ত এই আধিপত্য জনজাতীয় সমাজতো প্ৰতিষ্ঠা কৰিবলৈ গৈ ব্ৰাহ্মণ্যবাদী সমাজখনৰ এটি জনপ্ৰিয় মূল শ্লোগান “বৃহত্তৰ অসমীয়া জাতি” গঠনৰ অভিযানও শলঠেকত পৰিবলগীয়া হৈছে। “প্ৰভূত্ব” এওঁলোকৰ আন এটি প্ৰিয় শব্দ।

অসমীয়া ভাষাৰ বিকাশৰ প্ৰাৰম্ভতে ভাষাৰ আৰ্যকৰণ বা ব্ৰাহ্মণ্যবাদী কৰাৰ মাধ্যমৰেই আৰম্ভ হৈছিল অসমক ভৱিষ্যতে বৰ্ণবাদীসকলৰ নিয়ন্ত্ৰণলৈ নিয়াৰ ষড়যন্ত্ৰ। বিশিষ্ট চিন্তাবিদ ড প্ৰফুল্ল মহন্তদেৱে তেখেতৰ এখন গ্ৰন্থ “জনজাতিৰ মৰ্মবেদনা”-ত বিশ্লেষণ কৰিছে যে বেপ্টিষ্ট মিছনেৰীসকলে অসমৰ জাতি-জনগোষ্ঠীৰ থলুৱা ভাষাতে আৰম্ভ কৰিছিল “অৰুণোদই” পত্ৰিকা। তেতিয়ালৈকে উচ্চ বৰ্ণৰ অসমীয়া বুদ্ধিজীৱীয়ে অসমীয়া ভাষাটোৰ সৈতে ভালদৰে পৰিচয়েই হোৱা নাছিল। সংস্কৃত সমৃদ্ধ বাংলা ভাষা আৰু সংস্কৃত তেওঁলোকে চৰ্চা কৰিছিল। পিছলৈ এইসকল বুদ্ধিজীৱী, জ্ঞানী, বৰ্ণবাদী পণ্ডিতেই অসমীয়া ভাষাটোক আৰ্যকৰণ কৰাৰ বাবে থলুৱা শব্দৰ প্ৰয়োভৰ কমাই সংস্কৃত মূলৰ শব্দৰে সম্বৃদ্ধ কৰিছিল। ইয়াৰ ফলত অসমীয়া ভাষাৰ প্ৰতি জনজাতীয় লোকৰ অনীহা বৃদ্ধি পাইছিল। তেওঁলোকে সংস্কৃত আৰু সংস্কৃত মূলৰ শব্দ ক’ব আৰু বুজিবলৈ টান পাইছিল, একাত্মতা অনুভৱ নকৰিছিল। থলুৱা জনজাতীয় মূলৰ শব্দৰে যদি অসমীয়া ভাষা আজি সম্বৃদ্ধ হলহেঁতেন তেনেহ’লে অসমীয়া ভাষা আজি অসমৰ সৰ্বজনগৃহীত ভাষালৈ পৰিণত হ’লহেঁতেন। এনেকুৱাকৈয়ে অসমীয়া বৰ্ণবাদী আধিপত্যৰ আৰম্ভণি ঘটিছিল আৰু আজি এই বৰ্ণবাদীসকলে সমগ্ৰ অসমত প্ৰভুত্ব বিস্তাৰ কৰিছে।

সেই তাহানিতে ভাষাৰ জৰিয়তে আৰম্ভ বৰ্ণবাদী অভিযান আজিও নিৰন্তৰ চলি আহিছে। আজিও ব্ৰাহ্মণ্যবাদীসকলৰ সৰব আৰু মজবুত স্থিতিয়ে অসমৰ জনজাতীয় সমাজখনৰ কণ্ঠ ম্লান কৰি ৰাখিছে।

বৰ্ণবাদীসকলৰ আগ্ৰাসী অভিযান যে ভাষিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনতেই সীমাবদ্ধ আছিল তেনেকুৱা নহয়। ই ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনতো প্ৰভাৱ বিস্তাৰ কৰি আহিছে। শক্তিশালী জনজাতীয় গোষ্ঠীসমূহে ইতিমধ্যে ইয়াৰ প্ৰতিবাদত অসমৰ পৰা আঁতৰি গৈছে। যিসকলে পৰা নাই, তেওঁলোকে স্বায়ত্ব শাসন আদায় কৰি লৈছে আৰু যিয়ে সেয়াও পৰা নাই নিজ অস্তিত্ব ৰক্ষাৰ বাবে আনুষ্ঠানিক জনজাতিৰ মৰ্যদা দাবী কৰি আন্দোলন কৰি আহিছে।

অসমৰ চৰকাৰৰ মুৰব্বী, প্ৰশাসনিক মুৰব্বী, ন্যায়ালয়, বাতৰি কাকত, টিভি চেনেল, সাংবাদিক, বুদ্ধিজীৱী, আৰু সকলো সাংবিধানিক আৰু অসাংবিধানিক অনুষ্ঠানৰ নেতৃত্ব এই ব্ৰাহ্মণ্যবাদী সমাজখনেই বহন কৰি আহিছে। ইয়াৰ ফলত জনজাতীয় সমাজখন বহু পৰিমাণে মুক-বধিৰৰ দৰে হৈ পৰিছে। তেওঁলোকৰ কণ্ঠ আজি বহু সময়ত বাধাগ্ৰস্তৎ হৈছে, অৱদমিত হৈছে। ইয়াৰ ফলত বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত য’তি পৰিছে। অকল জনজাতীয় সমাজৰ ক্ষেত্ৰতে নহয় এই ব্ৰাহ্মণ্যবাদী সমাজখনৰ চিন্তাৰ ফলত ধৰ্মীয় সংখ্যালঘু সমাজখনো প্ৰভাৱিত হৈছে। ফলত বৃহত্তৰ অসমীয়া জাতিৰ সপোন আজি ভাঙি যোৱাৰ উপক্ৰম হৈছে।‌

ভূপেন হাজৰিকাই গাইছিল, “কিছু দিব লগে কিছু ল’ব লাগে জীণ যাবলৈ হ’লে”। কিন্তু বৰ্ণবাদী অহংকাৰৰ পৰাকাষ্ঠাত প্ৰভুত্ব বৰ্তাই ৰখাৰ মানসিকতাৰ বাবে কোনো ক’তো জীন নগ’ল।“মদাৰৰে ফুল হেনো পূজাতো নেলাগে” বুলি গোৱা ভূপেন হাজৰিকা এই ব্ৰাহ্মণ্যবাদী সমাজখনৰ আওতাৰ বাহিৰত আছিল। ভূপেন হাজৰিকাৰ গুৰু বিষ্ণু প্ৰসাদ ৰাভা জনজাতীয় সমাজৰ প্ৰগতিশীল অসমীয়া প্ৰতিনিধি। ব্ৰাহ্মণ্যবাদী হিন্দু সমাজৰ সেই সময়ৰ সামাজিক ৰাজনৈতিক নেতৃত্বক প্ৰত্যাখ্যান কৰি ৰাভাদেউ কমিউনিষ্ট হৈছিল।

অসমক, অসমীয়া সমাজখনত জনজাতীয় সমাজে যিমান অৱদান যোগাইছে, সেই জনজাতীয় সমাজখনৰ বাবে ব্ৰাহ্মণ্যবাদী সমাজখনে নিজৰ প্ৰভুত্ব জাপি দিবলৈ কৰা চেষ্টাৰ বাহিৰে একোৱেই দিয়া নাই। তাৰ ফলতেই আজি অসমৰ প্ৰতিটো জনজাতিয়ে নিজক ব্ৰাহ্মণ্যবাদী অসমীয়া সমাজখনৰপৰা পৃথকে চাবলৈ লৈছে। আৰু শেহতীয়াকৈ এই ব্ৰাহ্মণ্যবাদী চিন্তাৰে এচাম অসমীয়া হিন্দু ৰাজনৈতিক আৰু সামাজিক নেতৃত্বই ধৰ্মীয় সংখ্যালঘু সমাজখনৰ ওপৰত প্ৰভুত্বসুলভ আচৰণে বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত প্ৰাচীৰৰ দৰে থিয় দিছে।

ক্ৰমে ক্ৰমে অতিবাহিত সময়ৰ সোঁতত বৰ্ণবাদী সমাজখনৰ ষড়যন্ত্র বুজিয়েই হওঁক বা ব্ৰাহ্মণ্যবাদী সমাজৰ আগ্ৰাসনত অস্তিত্বৰ প্রতি সন্দিহান হৈয়েই হওঁক অসমৰ জনজাতিসমূহে ভাষিক সাংস্কৃতিক সুৰক্ষা বিচাৰি আন্দোলন কৰি আহিছে। বড়ো, কাৰ্বি, তিৱা, ৰাভা আদি কিছু কিছু জনজাতিয়ে দুৰ্বল হ’লেও কিছু সুৰক্ষা কৱচ আদায় কৰি লৈছে। ইয়াৰ বাহিৰে মৰাণ, মটক, চুতীয়া, টাই আহোম, কোচ ৰাজবংশী আদি জনগোষ্ঠীৰ বহুদিনীয়া দাবী হৈছে এই জনগোষ্ঠীকেইটাক সংবাধনিকভাৱে জনজাতিৰ মৰ্যদা দিয়া। সেয়া এতিয়াও সম্ভৱ হোৱা নাই। অদূৰ ভৱিষ্যতেও যে হ’ব সেয়া কোৱা কঠিন, কাৰণ এইকেইটা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়া মানেই হৈছে বৰ্ণবাদীসকলৰ প্ৰভুত্ব হ্ৰাস পোৱা আৰু সীমিত হৈ পৰা। আৰু এইটো হ’বলৈ হ’লে বৰ্তমানে বৰ্ণহিন্দুৰ যি আধিপত্য অদূৰ ভৱিষ্যতে সেয়া সংকটৰ সন্মুখীন হ’ব। এইটো বৰ্ণবাদীসকলে কোনোপধ্যেই হ’বলৈ নিদিয়ে। বৰ্ণবাদৰ প্ৰতিভূ বিজেপি-আৰএছএছে-তো কেতিয়াও নিদিয়ে। বৰং অসমক বিভিন্ন ধৰণৰ অপকৌশলেৰে সনাতনী হিন্দু প্ৰধান ৰাজ্যলৈ পৰিৱৰ্তিত কৰিবলৈ অহৰহ চেষ্টা কৰিব আৰু কৰি আছে। ইয়াৰ দুই জলন্ত উদাহৰণ হৈ “কা’ আইন প্ৰৱৰ্তন আৰু এন আৰ চিক নস্যাৎ কৰা।

উল্লিখিত জনগোষ্ঠীকেইটাৰ ভিতৰত ৰাজনীতি, অৰ্থনীতি আৰু সামাজিক প্ৰতিপত্তি থকা জনগোষ্ঠীটোৱেই হৈছে টাই আহোম জনগোষ্ঠী। বাকীসকলৰ অসমৰ সকলো ক্ষেত্ৰতে অংশীদাৰিত্ব কম। অসমৰ সকলো ক্ষেত্ৰতে  বৰ্ণহিন্দুৰ প্ৰভুত্ব। গতিকে অসমৰ ভৱিষ্যত, অসমবাসীৰ ভৱিষ্যত নিৰ্ধাৰণৰ হকে সকলো ধৰণৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু অৰ্থনৈতিক সিদ্ধান্ত এইসকল বৰ্ণহিন্দুৰ নেতৃত্বত নিৰ্ধাৰণ হয়। অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সিদ্ধান্ত এওঁলোকৰ মতেই সৃষ্টি হয় আৰু অসমৰ সকলো জনজাতিয়ে ইয়াক মানি চলিবলৈ বাধ্য হয়।

বিজেপি-আৰএছএছে মুকলিভাৱে অসমক এখন বৰ্ণবাদী হিন্দুপ্ৰধান ৰাজ্যলৈ পৰিৱৰ্তিত কৰিবলৈ কাম কাজ মুকলিভাৱে কৰিবলৈ লৈছে। ইয়াৰ সৈতে যুক্ত হৈছে বিজেপিৰ সোঁ হাত স্বৰূপ পুঁজিপতিসকল। কৌশলেৰে উন্নয়নৰ নামত হাজাৰ হাজাৰ বিঘা জনজাতিপ্ৰধান অঞ্চলৰ মাটি পুঁজিপতিসকলক দিয়াৰ প্ৰস্তুতি চলিছে। ইয়াৰ ফলত জনজাতিসকল কোনো এক প্ৰান্তত নিজৰ অস্তিত্ব কোনোমতে ধৰি ৰাখিবলৈ সংগ্ৰাম কৰি যাব লাগিব। যি ভূমিত এদিন জনজাতি সমাজখনে, দুখীয়া হ’লেও ৰজাৰ দৰে বাস কৰিছিল—মাটিৰ সৈতে, প্ৰকৃতিৰ সৈতে একাত্ম অনুভৱ কৰি জীৱন আৰু সংস্কৃতি সমৃদ্ধ কৰিছিল, সেই মাটি-প্ৰকৃতি, ধূলি আৰু ধোঁৱাৰ মাজত এদিন হেৰাই যাব। উদ্যোগৰ হাত ধৰি ভাৰতীয় হিন্দু আহি বসতি স্থাপন কৰিব। আৰু এদিন অসম এখন বৰ্ণহিন্দু প্ৰধান ৰাজ্য হিচাপে পৰিগণিত হ’ব।

অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজতো বৰ্ণবাদী চিন্তা বিদ্যমান। কমিউনিষ্ট দলৰ মাজতো ইয়াৰ উপস্থিতি আছে। লক্ষ্য কৰিলে দেখিব একমাত্ৰ আহোম জনগোষ্ঠীৰ বাহিৰে আন আন জনজাতিৰ ৰাজনৈতিক নেতৃত্ব একেবাৰে নাই বুলিলেই হয়। ফলত অসমৰ ভৱিষ্যত নিৰ্ণয়ৰ ক্ষমতা অসমৰ বৃহৎ সংখ্যক জনজাতীয় সমাজৰ হাতত নাই। আৰু অসমৰ বিৰোধী ৰাজনৈতিক নেতৃত্বৰ মাজত থকা বৰ্ণবাদী প্ৰভাৱৰ ফলতেই অসমক বিজেপিৰ যি হিন্দুপ্ৰধান ৰাজ্য কৰাৰ কাৰ্যসূচী, তাক সঠিকভাৱে মোকাবিলা কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাত বিৰোধী দলসমূহ ব্যৰ্থ হৈছে। যিটো হয়তো জনজাতীয় নেতৃত্বৰ ক্ষেত্ৰত নহ’লহেঁতেন। অসমৰ ৰাজনৈতিক বিৰোধী দল বিশেষকৈ কমিউনিষ্ট দলকেইটাৰ নেতৃত্বই এই কথাটো চিন্তা কৰা ভাল যে যিমান সোনকালে পাৰি জনজাতীয় নেতাৰ হাতত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ নেতৃত্ব এৰি দিয়ক। এনেও  প্ৰভুত্ববাদী অসমীয়া বৰ্ণহিন্দু সমাজখনে কেতিয়াও কমিউনিষ্টসকলক আদৰি নলয়। অশিক্ষিত ধৰ্মান্ধ মুছলমান সমাজখনৰ কথা নকলোঁৱেই যেনিবা! জীৱন ধাৰণৰ শৈলী, সাংস্কৃতিক পৰম্পৰা, প্ৰকৃতি-নিৰ্ভৰ চিন্তা আৰু মাটি-প্ৰকৃতিৰ প্ৰতি থকা একাত্মতা আদিলৈ চাই ক’ব পাৰি— জনজাতীয় সমাজখন বহু পৰিমাণে কমিউনিষ্ট আদৰ্শৰ ওচৰ চপা। সমস্যা হৈছে জনজাতীয় কমিউনিষ্ট নেতৃত্বৰ অভাৱ।

সি যিয়েই নহওঁক, অসমৰ ভৱিষ্যত নিৰ্ধাৰণৰ ক্ষমতা যদি এই জনজাতীয় সমাজৰ হাতলৈ নগৈ বৰ্ণ হিন্দুসকলৰ হাততে থাকে তেতিয়া হ’লে অসমৰ যি সুকীয়া পৰিচয় এতিয়াও অলপ হলেও বৰ্তি আছে, সেয়া লোপ পাবলৈ বেছি পৰলৈ হয়তো ৰ’ব নালাগিব। মন কৰিব, পৃথিৱীত অসমখনক সুন্দৰ, সুকীয়া আৰু ভিন্ন ৰূপত তুলি ধৰাত এই জনজাতীয় সমাজখনৰ অৱদান আটাইতকৈ বেছি।

সাম্প্ৰদায়িকতা ব্ৰাহ্মণ্যবাদী চিন্তাৰ বিষফল। ই অসমীয়া জাতিৰ শাহটো মাৰিবলৈ বেছি সময় নল’ব। অসমীয়া বুলি যদি এটা জাতি পৃথিৱীত ভৱিষ্যতে বাছি থাকিবলৈ হয় তেতিয়াহ’লে বৰ্ণবাদী, ব্ৰাহ্মণ্যবাদী চিন্তা পৰিহাৰ কৰি ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাই দেখুৱাই যোৱা বাট আমি ল’বই লাগিব। আমি সকলো ধৰ্মৰ, সকলো জাতিৰ, সকলো জনজাতিৰপৰা ল’বও লাগিব আৰু দিবও লাগিব। এটি সৰ্বজনগৃহীত অসমীয়া প্ৰগতিশীল সংস্কৃতিৰ জন্ম দিব লাগিব, যিটো এটা সময়ত ওপৰৰ নমস্য সাংস্কৃতিক পুৰোধা ব্যক্তিসকলে আৰম্ভ কৰিছিল আৰু আমাক বাট দেখুৱাই থৈ গৈছিল। নিঃসন্দেহে পাছলৈ অসমত বৰ্ণবাদীসকলৰ কেবাটাও আন্দোলনৰ ফলত তাত যতি পৰিছিল। আৰু তাৰ ফলতেই আজিৰ বহুধা বিভক্ত অসমীয়া সমাজখন পাইছোঁ। ইয়াৰ পৰা নিস্তাৰ পাবলৈ হ’লে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদিয়ে দেখুৱাই থৈ যোৱা বাট‌ৰে খোজ দিব লাগিব, ব্ৰাহ্মণ্যবাদী চিন্তাক প্ৰতিহত কৰিব লাগিব। তেতিয়াহে অসমীয়া জিকিব আৰু এদিন বৃহত্তৰ অসমীয়া জাতি গঠন হ’ব। পৃথিৱীত মূৰ দাঙি থিয় দিব অসমীয়া জাতি। আমি মন কৰা ভাল, ধৰ্ম আৰু জাতি একে নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *