সমৰূপ নাগৰিক সংহিতা (UCC) আৰু নাগৰিকৰ সাংবিধানিক অধিকাৰৰ প্রশ্ন ।। পাৰভিন চুলতানা
মুক্ত চিন্তা। একাদশ বৰ্ষ।। ৫ম সংখ্যা
ভাৰতত “সমৰূপ নাগৰিক সংহিতা” বা Uniform Civil Code (UCC) বিষয়টোৱে বহু দশক ধৰি এক বিতর্কৰ বিষয় হৈ আছে। এতিয়ালৈকে এই বিষয়টো কেৱল তাত্বিক বিতর্ক, আদালতৰ মন্তব্য, শিক্ষাবিদসকলৰ আলোচনা বা নিৰ্বাচনী প্ৰতিশ্ৰুতিলৈ সীমাবদ্ধ আছিল। কিন্তু সাম্প্ৰতিক বছৰবোৰত বিষয়টো বাস্তৱ নীতি আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰলৈ আহি পৰিছে। উত্তৰাখণ্ডে ইতিমধ্যে UCC প্ৰণয়ন কৰিছে আৰু অসমেও এই দিশত আগবাঢ়ি যোৱা অন্যতম ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। UCC-ৰ সমৰ্থকসকলে কয় যে ইয়াৰ জৰিয়তে সকলো নাগৰিকক একে আইনৰ আওতাত লৈ অহা হ’ব আৰু লিংগ সমতা নিশ্চিত হ’ব। আনহাতে, সমালোচকসকলে যুক্তি দিয়ে যে ইয়াৰ ফলত ভাৰতৰ বৈচিত্ৰ্যময় সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাসমূহ ক্ষতিগ্ৰস্ত হ’ব পাৰে।
কিন্তু এই বিতৰ্ক কেৱল “সমতা বনাম ধৰ্ম” বা “আধুনিকতা বনাম পৰম্পৰা”’-ৰ মাজত সীমাবদ্ধ নহয়। মূল প্ৰশ্ন হ’ল—ভাৰতত আইনগত সমতা স্থাপন কৰাৰ চেষ্টা কৰোঁতে ব্যক্তিগত স্বাধীনতা, সাংস্কৃতিক স্বায়ত্তশাসন, ভাৰতৰ যুক্তৰাষ্ট্রীয় ব্যৱস্থা আৰু ব্যক্তিৰ গোপনীয়তাৰ অধিকাৰক সুৰক্ষিত ৰাখিব পাৰিবনে? অসমৰ সাম্প্ৰতিক পদক্ষেপসমূহে এই প্ৰশ্নসমূহৰ বিষয়ে নতুনকৈ ভাবিবলৈ এক পৰিস্থিতিৰ সৃষ্টিৰ কৰি দিছে।
সমৰূপ নাগৰিক সংহিতা বুলিলে আমি কি বুজোঁ? ইয়াৰ অর্থ হৈছে বিবাহ, বিবাহবিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, দত্তক গ্ৰহণ, ভৰণ-পোষণ, অভিভাৱকত্ব আদি বিষয়ত সকলো নাগৰিকৰ বাবে একে আইন প্ৰযোজ্য হোৱা। ভাৰতবর্ষত ফৌজদাৰী আইন সকলোৰে কাৰণে সমান। কিন্তু কিছু ব্যক্তিগত ক্ষেত্রত ধর্মীয় সম্প্রদায়সমূহ আৰু জনজাতীয় মূলৰ ব্যক্তিসকলক নিজৰ পৰম্পৰাগত আইনৰ অধীনত পৰিচালিত হোৱাৰ অধিকাৰ দিয়া হৈছিল। বৰ্তমান ভাৰতত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ বাবে বিভিন্ন ব্যক্তিগত আইন আছে। হিন্দু, মুছলমান, খ্ৰীষ্টান, পাৰ্চী আৰু বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ মাজত বিবাহ, উত্তৰাধিকাৰ আৰু পৰিয়াল সম্পৰ্কীয় বিষয়ত পৃথক পৃথক আইন প্ৰচলিত।
পিছে সংবিধানৰ ৪৪ নং অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰই সমগ্ৰ ভাৰতত নাগৰিকসকলৰ বাবে এক সমান নাগৰিক বিধি স্থাপনৰ চেষ্টা কৰিব। কিন্তু এই অনুচ্ছেদ মৌলিক অধিকাৰৰ অংশ নহয়। ই ৰাজ্যৰ নির্দেশনাত্মক নীতিৰ আওতাত পৰে। অৰ্থাৎ ইয়াক আদালতে বলবৎ কৰিব নোৱাৰে। UCC-ক Directive Principles of State Policy-ৰ আওতাত ৰখাৰ অর্থ হ’ল যে সংবিধান ৰচয়িতাসকলে UCC-ৰ লক্ষ্যক সমৰ্থন কৰিছিল যদিও তৎক্ষণাৎ ইয়াক প্ৰয়োগ কৰিবলৈ বিচৰা নাছিল।
UCCৰ দাবী একেবাৰে নতুন নহয়। সংবিধান সভাতো ইয়াৰ দাবী উত্থাপন কৰা হৈছিল। কিন্তু দেশ বিভাজনৰ ভয়াবহ অভিজ্ঞতাই নতুনকৈ স্বাধীন হোৱা দেশখনৰ স্থৱিৰতালৈও প্রশ্ন উত্থাপন কৰিছিল। সাম্প্ৰদায়িক সংঘৰ্ষ, গণ-প্ৰব্ৰজন আৰু অনিশ্চয়তাৰ মাজত দেশখন আগবাঢ়ি আছিল। এই পৰিস্থিতিত বহু সদস্যই ভাবিছিল যে ব্যক্তিগত আইনসমূহৰ ঠাইত তৎক্ষণাৎ একে আইন আৰোপ কৰিলে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত অবিশ্বাস সৃষ্টি হ’ব পাৰে। বা বেলেগ বেলেগ সম্প্রদায়ে নিজৰ পৰম্পৰাত অধিকাৰৰ পৰা বঞ্চিত বুলি অনুভৱ কৰিব।
ড° ভীমৰাও আম্বেদকৰে UCC-ৰ ধাৰণাক সমৰ্থন কৰিছিল। কিন্তু তেওঁ এইটোও স্বীকাৰ কৰিছিল যে সমাজক সময় দিব লাগিব। তেওঁৰ মতে, ৰাষ্ট্ৰৰ হাতত UCC প্ৰণয়নৰ ক্ষমতা থাকিব লাগে, কিন্তু ইয়াক লাহে লাহে আৰু সমাজৰ সহমতৰ ভিত্তিত আগবঢ়াব লাগে। সেই সময়ত এই মত গঢ়ি উঠিছিল যে বিভিন্ন জাতি, জনজাতিয়ে স্ব-ইচ্ছাই এনে আইনৰ দাবী কৰিলেহে সেই আইন প্রনয়ণ কৰা উচিত। সেইবাবেই UCC-ক মৌলিক অধিকাৰ হিচাপে নহয়, নিৰ্দেশনাত্মক নীতি হিচাপে সংবিধানত স্থান দিয়া হয়।
UCC-কলৈ উত্থাপন হোৱা বিতর্কত বহুতে এনে ভাব প্রকাশ কৰিছে যে স্বাধীনতাৰ পাছত ব্যক্তিগত আইনসমূহ একেবাৰে একে হৈ আছে। কিন্তু বাস্তৱতা ভিন্ন। চৰকাৰে বহুবাৰ জনগণৰ স্বার্থত ব্যক্তিগত আইন সংশোধনী কৰিছে। ১৯৫৫-৫৬ চনত জৱাহৰলাল নেহৰুৰ চৰকাৰে হিন্দু ব্যক্তিগত আইনত ডাঙৰ পৰিৱৰ্তন আনে। Hindu Marriage Act, 1955, Hindu Succession Act, 1956, Hindu Minority and Guardianship Act, 1956 আৰু Hindu Adoptions and Maintenance Act, 1956 ইত্যাদিৰ জৰিয়তে বিবাহবিচ্ছেদ, মহিলাৰ সম্পত্তিৰ অধিকাৰ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য সংস্কাৰ অনা হয়।
ঠিক একে ধৰণে মুছলিম ব্যক্তিগত আইনতো সময়ে সময়ে সংসদে হস্তক্ষেপ কৰিছে। উদাহৰণ স্বৰূপে Shah Bano ৰায়ৰ পিছত Muslim Women (Protection of Rights on Divorce) Act, 1986 অনা হৈছিল। ইয়াৰ উপৰিও Muslim Women (Protection of Rights on Marriage) Act, 2019, যিয়ে তৎক্ষণাৎ তিনিটা তালাকক (Triple Talaq) বেআইনী ঘোষণা কৰে। ইয়াৰ দ্বাৰাও মুছলমান মহিলাসকলক সকাহ প্রদান কৰা হয়। খ্ৰীষ্টান আৰু পাৰ্চী সম্প্ৰদায়ৰ ব্যক্তিগত আইনসমূহো বিভিন্ন সময়ত সংশোধন কৰা হৈছে।
সেই কাৰণে UCC-ৰ সমালোচনা কৰাসকলে ইয়াৰ প্রয়োজনীয়তাকলৈ প্রশ্ন কৰিছে। চৰকাৰে প্রয়োজন হ’লে ব্যক্তিগত আইন সংশোধন কৰিব পাৰে। তেনে ক্ষেত্রত এটা আইন সকলোৰে ওপৰত জাপি দিয়াৰ প্রয়োজনীয়তাকলৈ বহুতে প্রশ্ন উত্থাপন কৰিছে। তেওঁলোকে সংশয় প্রকাশ কৰিছে যে এনে ধৰণৰ আইনে ভাতৰবর্ষৰ বৈচিত্ৰ্যৰ ওপৰত আঘাত হানিব। ভাৰত কেৱল বহু ধৰ্মৰ দেশ নহয়। ইয়াত অসংখ্য জনজাতীয় সমাজ আছে আৰু এই সমাজবোৰৰ নিজস্ব ৰীতি-নীতি আছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বহু জনজাতিৰ নিজা পৰম্পৰাগত আইন আছে, যিবোৰ সংবিধানে সুৰক্ষা দিছে। সেয়ে জনজাতিবোৰক এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে অসমত। কিন্তু এই স্থিতিয়ে এক স্ব-বিৰোধৰ আভাস দিয়ে। এফালে UCC-ৰ প্রয়োজনীয়তা মহিলাৰ সুৰক্ষাৰ কাৰণে কোৱা হৈছে আৰু আনফালে একাংশ মহিলাক এই আইনৰ আওতাৰ বাহিৰত ৰখা হ’ল।
বিবাহ, পৰিয়াল আৰু সম্পত্তিৰ বিষয়সমূহ মানুহৰ পৰিচয়ৰ লগত ওতপ্ৰোতভাৱে জড়িত। সেইবাবেই চৰকাৰসমূহে এই ক্ষেত্ৰত সাৱধানতাৰে আগবাঢ়িবলৈ বাধ্য হৈছে। পৰিয়াল আৰু ব্যক্তিগত আইন সম্পৰ্কীয় বহু বিষয়ত কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাই আইন প্ৰণয়ন কৰিব পাৰে। সেইবাবেই কিছুমান ৰাজ্যই নিজা পৰীক্ষা আৰম্ভ কৰিছে।
ভাৰতৰ ন্যায়িক ব্যৱস্থাও সময়ে সময়ে বহু কেছৰ জৰিয়তে ব্যক্তিগত আইনত থকা বৈষম্যমূলক বিষয়বোৰৰ পৰা পৰিত্রাণ দিয়াৰ চেষ্টা কৰিছে। তেনে কিছু উল্লেখযোগ্য কেছবোৰ তলত উল্লেখ কৰা হৈছে।
শাহ বানো গোচৰ (১৯৮৫) শাহ বানো গোচৰত উচ্চতম ন্যায়ালয়ে বিচ্ছিন্না মুছলিম মহিলাক ভৰণ-পোষণৰ অধিকাৰ প্ৰদান কৰে। আদালতে UCC-ৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে এই ক্ষেত্রত।
Sarla Mudgal (1995) এই ৰায়ত আদালতে ব্যক্তিগত আইনসমূহৰ মাজত থকা অসংগতিৰ কথা উল্লেখ কৰি UCC-ৰ পক্ষে মত প্ৰকাশ কৰে।
John Vallamattom (2003) খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত বৈষম্যমূলক ধাৰা বাতিল কৰি আদালতে পুনৰ Article 44-ৰ কথা স্মৰণ কৰে।
Shayara Bano (2017) এই ৰায়ত তৎক্ষণাৎ তিনিটা তালাক অসাংবিধানিক ঘোষণা কৰা হয়। এই ৰায়সমূহে দেখুৱায় যে আদালত সংস্কাৰৰ পক্ষপাতী, কিন্তু চূড়ান্ত সিদ্ধান্ত আইনসভাৰ হাতত এৰি দিছে।
ইয়াৰ উপৰিও আন এটা গুৰুত্বপূর্ণ কেছৰ কথা উল্লেখ কৰিব লাগিব। এফালে বহু ন্যায়পালিকাই ব্যক্তিগত আইনৰ সমস্যাবোৰ উনুকিয়াই দি, এক সার্বজনীন আইনৰ পৃষ্টপোষকতা কৰে। কিন্তু একে সময়তে ২০১৭ চনত K.S. Puttaswamy বনাম Union of India গোচৰত উচ্চতম ন্যায়ালয়ৰ ৯-জনীয়া সাংবিধানিক বেঞ্চে গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ে। এই ৰায়দানে আকৌ UCC-ৰ ওপৰত প্রশ্ন উত্থাপন কৰে।
আদালতে কয় যে গোপনীয়তা মানে কেৱল ব্যক্তিগত তথ্য লুকুৱাই ৰখা নহয়। ইয়াৰ অন্তৰ্গত—ব্যক্তিগত স্বাধীনতা, মৰ্যাদা, জীৱন সংগী বাছনি কৰাৰ অধিকাৰ, পৰিয়াল গঢ়াৰ স্বাধীনতা, ব্যক্তিগত সিদ্ধান্ত লোৱাৰ অধিকাৰ সন্নিবিষ্ট হৈ আছে। এই ৰায়ে UCC বিতৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰে।
ভাৰতবর্ষত অসম তৃতীয়খন ৰাজ্য, যি ৰাজ্যই UCC কার্যকৰী কৰিছে। অসম চৰকাৰে মুছলিম বিবাহ আৰু বিবাহবিচ্ছেদ পঞ্জীয়ন সম্পৰ্কীয় পুৰণি আইন বাতিল কৰি নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। চৰকাৰৰ মতে, ইয়াৰ উদ্দেশ্য হৈছে শিশুবিবাহ ৰোধ কৰা আৰু আইনগত স্বচ্ছতা বৃদ্ধি কৰা। সমৰ্থকসকলে ইয়াক সামাজিক সংস্কাৰৰ অংশ বুলি কয়। তাৰ উপৰিও UCC-ৰ জৰিয়তে লিভ ইন সম্পর্কক নিয়ন্ত্রণ কৰাৰ উদ্দেশ্যৰে বাধ্যতামূলক পঞ্জীয়ণ কৰাৰ কথা কৈছে।
লিভ ইন সম্পর্কৰ ক্ষেত্রতো উচ্চতম ন্যায়ালয়ে এনে ৰায়দান কৰিছে য’ত মহিলাগৰাকীক বা তেনে সম্পর্কত জন্ম লোৱা শিশুসকলক যথেষ্ট সুৰক্ষা প্রদান কৰা হৈছে। আৰু এই ক্ষেত্রত কোনো দ্বিমত নাই যে এনে আইনৰ প্রয়োজন আছে। কিন্তু বাধ্যতামূলক পঞ্জীয়নে মানুহৰ গোপনীয়তাৰ অধিকাৰত হস্তক্ষেপ নকৰিব জানোঁ?
সমালোচনাৰ আন এক কাৰণ হৈ পৰিছে যে এই আইন সঁচা অর্থত সমৰূপ আইন নহয়। অসমৰ পৰিস্থিতি আন বহু ৰাজ্যৰ তুলনাত পৃথক। ইয়াত বহু জনজাতীয় সমাজ আছে, যিসকলৰ নিজস্ব পৰম্পৰাগত আইন আৰু সামাজিক ব্যৱস্থা আছে। সংবিধানৰ ষষ্ঠ অনুসূচীৰ জৰিয়তে এই অধিকাৰসমূহ সুৰক্ষিত কৰা হৈছে। ইয়াতেই UCC-ৰ সৰ্ববৃহৎ দ্বিধা দেখা যায়। জনজাতীয় সমাজসমূহক UCC-ৰ পৰা বাদ দিয়া হৈছে, তেন্তে ই “সমান” নাগৰিক বিধি নহয়। কিন্তু এই জনজাতিবোৰক বাদ দিয়া নহ’লে, জনজাতীয় অধিকাৰ আৰু সাংবিধানিক সুৰক্ষা ক্ষুণ্ণ হোৱাৰ আশংকা থাকে।
UCC-ৰ বিতৰ্কক কেৱল “সমতা বনাম ধৰ্ম” হিচাপে চাব নোৱাৰি। সংবিধানে একেলগে সমতা, স্বাধীনতা, সাংস্কৃতিক বৈচিত্ৰ্য আৰু ব্যক্তিগত মৰ্যাদাক সুৰক্ষা দিয়ে। সেইবাবে মূল প্ৰশ্ন হৈছে—ভাৰতই এনে এক সমাৰূপ নাগৰিক সংহিতা গঢ়ি তুলিব পাৰিবনে যিয়ে লিংগ ন্যায়, সমতা আৰু সামাজিক সংস্কাৰ নিশ্চিত কৰাৰ লগতে ব্যক্তিগত স্বাধীনতা, গোপনীয়তা আৰু সাংস্কৃতিক বৈচিত্ৰ্যকো সন্মান জনায়?
অসমৰ অভিজ্ঞতাই দেখুৱাইছে যে UCC-ৰ ভৱিষ্যৎ কেৱল আইনৰ প্ৰশ্ন নহয়। ই ভাৰতীয় গণতন্ত্ৰ, সংবিধান আৰু সমাজৰ ভৱিষ্যৎ দিশ নিৰ্ধাৰণ কৰা এক গভীৰ ৰাজনৈতিক আৰু সাংবিধানিক বিষয়। ইয়াক নিৰপেক্ষভাৱে চালি-জাৰি চাই ইয়াৰ পৰিসৰ নির্ধাৰণ কৰা উচিত। সংবেদনশীল বিষয়বোৰত মানুহৰ মর্যাদা যাতে হানি নহয়, সেইটোৰ প্রতি লক্ষ্য ৰখাটো অতিকৈ গুৰুত্বপূর্ণ।

