গল্প-কবিতা

ফিৰিঙতি ।। আবেদুৰ ৰহমান

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হওঁক বুলি
ফিৰিঙতিকে ফুৱালে অতকাল
ফিৰিঙতিৰো যে নাম সলালে ক’তবাৰ
হিন্দু ফিৰিঙতি মুছলমান ফিৰিঙতি
প্ৰয়োজনত খ্ৰীষ্টান

খাণ্ডৱ দাহ দূৰৰে কথা
ফিৰিঙতিয়ে নুমাই থাকিল
ক’লা এঙাৰ এটুকুৰা হৈ

পুৱাই দাঁত মাজোঁ
এঙাৰ এটুকুৰাৰে
এঙাৰেৰে দাঁত মাজিলে দাঁত হয়
অধিক চিকচিকিয়া বগা
যেন বিজ্ঞাপনত দেখা ঐশ্বৰ্য ৰায়ৰ দাঁতকেইটা

খাণ্ডৱদাহত খাণ্ডৱবন এবাৰে দাহ গৈছিল
কিন্তু সেইবাৰো অগ্নিৰ ভোক মৰা নাছিল
আজিকালি খাণ্ডৱদাহত খাণ্ডৱবন নজ্বলে
আনকি আটাইতকৈ শক্তিশালী মিছাইলতো
জ্বলোৱাবোৰহে নিজে জ্বলি ছাই হয়

ফিৰিঙতিবোৰকেই ফুৱাই থাকা
জ্বলিলে এঙাৰ
নজ্বলিলে শক্তিশালী হাওঁফাওঁ
বেচিকৈ ফুৱাব পৰাটো হাওঁফাওঁৰ বাবে ভাল

সভ্যতাৰ বিকাশত এঙাৰৰো অৱদান কম নহয়
কত এঙাৰ গোট খাই
কত এঙাৰ পোত খাই
গঢ়ি তুলিছে এঙেৰুৱা সভ্যতা
হৈ উঠিছে চালিকা শক্তি সভ্যতাৰ

ফিৰিঙতিৰ পৰা খাণ্ডৱদাহো হ’ব লাগে কেতিয়াবা
তেহে পুৰণিবোৰ মৰি গজালি ওলাব নতুনৰ

জ্বলি চাই হোৱা মাটি
এনেয়ে সাৰুৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *