কেন্দ্ৰীয় নিবন্ধনিবন্ধ

অপৰাধবোধ ।। প্ৰসেনজিৎ চৌধুৰী

মুক্ত চিন্তা। একাদশ বছৰ।। ৫ম সংখ্যা

বলীনদাঃ গাৰ্গ আৰু গোহাঁই— এই অপ্ৰত্যাশিত কম্বিনেশ্যন জানো অতিশয় কৌতূহলোদ্দীপক নহয়?
মীনাক্ষীঃ বুজা নাই বলীনদা। কি ক’ব বিচাৰিছে আপুনি?
বঃ পৰহি গ্ৰন্থালয়লৈ গৈছিলোঁ। নতুন কিতাপৰ সন্ধানত। তাত দেখিলোঁ ড॰ হীৰেন গোহাঁয়ে সম্পাদনা কৰা এখন কিতাপ। নাম—জুবিন গাৰ্গৰ জগত। জুবিনক লৈ আঁজোৰা-আঁজুৰি চলি আছে। তাৰ আলেখ-লেখ চাই আছোঁ। স্বাভাৱিকতে অদম্য কৌতূহলৰ তাড়নাত কিতাপখন কিনি পেলালোঁ।
মীঃ পঢ়া আৰম্ভ কৰিলে? নে বৌৰ হস্তগত হ’ল?
বঃ আগকথাৰ অন্তিম পেৰাগ্ৰাফটো পঢ়া নহ’লেই, শ্ৰীমতীয়ে প্ৰায় বল প্ৰয়োগ কৰি কিতাপখন লৈ গ’ল। কিতাপ পালে তেওঁক একো নালাগে। আড্ডাত তেওঁৰ বিশেষ ৰাপ নাই। জানাইতো, অলপ ইণ্ট্ৰ’ভাৰ্ট— অন্তৰ্মুখী।
মীঃ আগকথা পঢ়ি কেনে পালে?
বঃ সম্পাদক হিচাপে ড॰ গোহাঁয়ে লিখা আগকথাত এটা অৰ্থপূৰ্ণ মন্তব্য পালোঁ। সেই মন্তব্যৰ আঁত ধৰি আমাৰ আজিৰ আড্ডাই গন্তব্যহীন যাত্ৰা আৰম্ভ কৰিব পাৰে।

মৈনাকঃ কি মন্তব্য কওকচোন।
বঃ কৈছোঁ ৰ’বা। জুবিনৰ জনপ্ৰিয়তাৰ—তেওঁৰ খাতিৰ আৰু খ্যাতিৰ উৎস তেওঁৰ গান। কিন্তু জুবিনৰ জনপ্ৰিয়তাৰ অন্য উৎসও আছে। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা জুবিনৰ জীৱনৰ পৰ্যালোচনাত সাধাৰণতে লেখক বা অনুৰাগীসকলে তেওঁৰ বৰণ্য বদান্যতাৰ বৃত্তান্ত দাঙি ধৰে। পিছে কথা হ’ল, কেৱল বিত্ত থাকিলেই নহ’ব। দেধাৰ বিত্ত আৰু উদাৰ চিত্তৰ ব্যতিক্ৰমী শুভ মিলনৰ ফলতহে একক আৰ্থিক বদান্যতাৰ জন্ম। কোৱা বাহুল্য, ঔদাৰ্য্যৰ পিনৰ পৰা জুবিন আছিল চহকী। জুবিনৰ চিত্ত-চেতনাৰ এই দিশটোৰ বিষয়ে ড॰ গোহাঁইৰ মন্তব্যৰ মৰ্ম অনুধাৱনযোগ্য।
মীঃ কি কৈছে গোহাঁই ছাৰে?
বঃ জুবিনৰ বহুচৰ্চিত বদান্যতাৰ প্ৰসংগত ড॰ গোহাঁইৰ মন্তব্যৰ মৰ্ম হ’ল—জুবিনৰ অন্তৰত আছিল মানুহৰ প্ৰতি গভীৰ স্বতঃস্ফূৰ্ত মমতা। এই হৃদয়-প্ৰণোদিত হিতৈষণাৰ কথা বহুতেই লিখিছে। পিছে ড॰ গোহাঁয়ে জুবিনৰ মনোজগতৰ গভীৰলৈ গৈ এই ইংগিত দিছে যে প্ৰচুৰ উপাৰ্জন কৰা সংবেদনশীল আৰু বিবেকৱান জুবিনে অপৰাধবোধৰ দংশনো অনুভৱ কৰিছিল। তেওঁৰ পৰহিতকৰ মনোভাব আৰু কাম-কাজৰ আঁৰত আছিল সেই অপৰাধবোধৰ পৰা নিষ্কৃতি পোৱাৰ তাড়না।
মৈঃ মনস্তত্ত্বৰ পিনৰ পৰা এই সূক্ষ্ম পৰ্যৱেক্ষণ যুক্তি-সমৰ্থিত। এচাম মানুহৰ দানশীলতাৰ লগত অপৰাধবোধৰ সম্পৰ্ক থকাটো সম্ভৱ। এই চাম মানুহৰ সমানুভূতি—মানে empathy—প্ৰখৰ। এনে সংবেদনশীলতাৰ সৈতে বিবেকৰ সংযোগ ঘটিলে বদান্যতাৰ উন্মেষ ঘটে। অৱশ্যে বলীনদাই কোৱা কথাষাৰ খুবেই গুৰুত্বপূৰ্ণ—চিত্তৰ সুষমাৰ লগতে বিত্তৰ প্ৰাচুৰ্যও দৰকাৰ। নহ’লে এককভাৱে আৰ্তজনক বৈষয়িক সকাহ-সাহায্য দিয়াটো অসম্ভৱ। বিত্তবল নথকা বিবেকৱান মানুহৰ অপৰাধবোধ কেৱল এক আত্মপীড়নমূলক মানসিক দশা হৈ পৰাৰ সম্ভাৱনা প্ৰচুৰ।
মীঃ তুমি যি বিবেকৰ কথা কৈছা তাৰ সৈতে মূল্যবোধৰ সমন্ধ অতি ঘনিষ্ট। চিন্তা আৰু আচৰণৰ গুৰিত মূল্যবোধ থাকিলেহে মানুহে কি উচিত কি অনুচিত তাৰ বিচাৰ কৰে। আৰু অনুচিত বুলি ভবা চিন্তা আৰু আচৰণৰ কাৰণে অনুতপ্ত হয়, অপৰাধবোধত ভোগে। অৱশ্যে মনোবিকাৰগ্ৰস্ত লোকৰ কথা সুকীয়া। মূল্যবোধৰ পৃথিৱীৰ পৰা তেওঁলোকৰ অৱস্থান বহু নিলগত। গতিকে বিবেক দংশনৰ সমস্যা তেওঁলোকৰ নাই। কথাষাৰ ধৰ্ষণকাৰীৰ ক্ষেত্ৰতো নিশ্চয় প্ৰযোজ্য। সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত গণহিষ্টিৰিয়াৰ সংক্ৰমণত উন্মত্ত হৈ পৰা নিৰ্বিবেক লোকৰ নৃশংসতায়ো সিহঁতৰ মনত কোনো অনুশোচনাৰ জন্ম নিদিয়ে।
বঃ মীনাক্ষী, তুমি যি মূল্যবোধৰ কথা কৈছা তাৰ চৰিত্ৰ সকলো ক্ষেত্ৰত সাৰ্বজনীন বুলি ক’ব নোৱাৰি। মূল্যবোধবোৰ আপোনা-আপুনি আকাশৰ পৰা সৰি নপৰে। সাধাৰণভাৱে আমি ক’ব পাৰোঁ যে মূল্যবোধৰ জন্ম বিশেষ এখন সমাজত, বহুক্ষেত্ৰত বিশেষ এটা সামাজিক স্তৰৰ বুকুত। আমি সকলোৱে জানো, ব্যক্তিবাদ আধুনিক সমাজৰ এক দৃঢ়-প্ৰোথিত প্ৰভাৱশালী প্ৰমূল্য। ইয়াৰ সৈতে পুঁজিবাদী সমাজৰ উত্থান তথা বিকাশৰ বুৰঞ্জী সম্পৃক্ত। লক্ষণীয় কথা হ’ল, এই আধুনিক প্ৰমূল্যক উৰুলিকৃত হৈ নিঃচৰ্তভাৱে আদৰণি জনোৱা লোকে সাধাৰণতে সমাজৰ প্ৰতি কাম্য দায়বদ্ধতা অনুভৱ নকৰে। প্ৰাক-পুঁজিবাদী মানসিকতা বা সমাজমুখী আধুনিক প্ৰমূল্যৰ দ্বাৰা প্ৰণোদিত মানুহে এনে লোকক স্বাৰ্থপৰ বুলিব পাৰে, কিন্তু ব্যক্তিবাদী লোকে তেওঁলোকৰ আত্মপৰায়ণ জীৱন-দৰ্শনৰ বাবে কোনো ধৰণৰ অপৰাধবোধ অনুভৱ নকৰে।
মৈঃ মীনাক্ষীৰ বক্তব্যৰ লগত দুটামান কথা যোগ দিব বিচাৰিছোঁ বলীনদা। অলপ আগতে তাই কৈছিল, অনুচিত চিন্তা আৰু আচৰণৰ কাৰণে মানুহে অপৰাধবোধৰ দংশন অনুভৱ কৰে। বিবেকৱান মানুহৰ ক্ষেত্ৰত কথাটো এশ শতাংশ সত্য। কিন্তু এইটোও সত্য যে কেতিয়াবা উচিত চিন্তা, সিদ্ধান্ত আৰু আচৰণৰ কাৰণেও সূক্ষ্মানুভূতিসম্পন্ন মানুহৰ মনত অপৰাধবোধে ভূমুকি মাৰিব পাৰে।
বঃ এই দিশটোলৈ আঙুলিয়াই দিম বুলি ভাবিয়েই আছিলোঁ। তোমালোকৰ জীৱনৰ পৰাই উদাহৰণ লোৱা যায়। অসবৰ্ণ বিবাহৰ সমস্যাই…
মীঃ প্লিজ বলীনদা, নৈৰ্ব্যক্তিক উদাহৰণ এটা দিয়ক।
বঃ চকুৰ আগত তোমালোক সহাস্যে বহি আছা, নৈৰ্ব্যক্তিক হওঁ কেনেকৈ? ঠিক আছে বাৰু, তোমাৰ নিৰ্দেশ নতশিৰে মানি লৈছোঁ মীনাক্ষী। ধৰা, প্ৰেমিক-প্ৰেমিকা দুটা ভিন্ন বৰ্ণৰ। উচ্চ বৰ্ণৰ—মানে তথাকথিত উচ্চ বৰ্ণৰ—প্ৰেমিকা উচ্চমনা, পুৰণি পৰম্পৰাৰ কদৰ্য কাৰাগাৰৰ পৰা ওলাই আহিছে তেওঁ। এই পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়। পিছে প্ৰেমিকাই উচিত বুলি ভবা কথা আৰু কাম তেওঁৰ পৰম্পৰা-অনুৰাগী প্ৰৌঢ় পিতৃ-মাতৃৰ বাবে এক হৃদয়-বিদাৰক অভিজ্ঞতা। এনে পৰিস্থিতিত—নিজৰ স্থিতিৰ পৰা আঁতৰি নাহিলেও—যুৱতীগৰাকীৰ অৱচেতন মনত এক ধৰণৰ অনাহূত অপৰাধবোধৰ জন্ম হ’ব পাৰে।
মীঃ এৰা, ওপৰে ওপৰে চালে অপৰাধবোধৰ বিষয়টো যিমান সহজ যেন লাগে আচলতে সিমান সহজ নহয়। শিথিল অৰ্থত সৰহভাগ অপৰাধবোধ কিবা নহয় কিবা প্ৰকাৰে মানুহৰ বিবিধ কাম-কাজ তথা আচৰণৰ সৈতে জড়িত। অৱশ্যে ইয়াৰ গুৰিত কেতিয়াবা অবাঞ্ছিত–অনভিপ্ৰেত চিন্তা তথা হাবিয়াসৰো ভূমিকা থাকে। এই বিধ অপৰাধবোধৰ এটা দৃষ্টান্ত লোৱা যাওক। দীৰ্ঘদিন দুৰাৰোগ্য ৰোগত ভোগী থকা দেউতাকৰ ব্যয়বহুল চিকিৎসাৰ বোজাই ভাৰাক্ৰান্ত কৰা স্বল্পবিত্ত সন্তানৰ মনত কোনো অসতৰ্ক মুহূৰ্তত যন্ত্ৰণা-ক্লিষ্ট ৰোগীৰ মৃত্যুৰ সম্ভাৱনাই এক স্বস্তিৰ ভাব জগাব পাৰে। পিছ মুহূৰ্ততে আকৌ তেনে অনুচিত চিন্তাৰ কাৰণে তেওঁৰ মন আত্মগ্লানিৰে ভৰি পৰাটো তেনেই স্বাভাৱিক। সন্দেহ নাই, এই প্ৰকাৰ আত্মগ্লানিৰ উৎস আভ্যন্তৰীণ।
মৈঃ সুন্দৰ ব্যাখ্যা। এনে অপৰাধবোধৰ লগত কোনো অনুচিত কাম বা আচৰণৰ সম্পৰ্ক নাই। আনহাতে যিবোৰ অপৰাধবোধৰ তাৎক্ষণিক উৎস বাহ্যিক তাৰ চেহেৰা-চৰিত্ৰ বেছ চিত্তাকৰ্ষক। মজাৰ কথা হ’ল, কিছুমান কাম নকৰিলে অপৰাধবোধ জন্মে, আকৌ কিছুমান কাম কৰিলেহে অপৰাধবোধ জন্মে। ৰাস্তাৰে তুমি খৰ খোজেৰে গৈ আছা। হঠাৎ দেখিলা এজন ডেকাই বীৰদৰ্পে চলাই যোৱা বাইকৰ খুন্দাত এগৰাকী বৃদ্ধ ধৰাশায়ী। তুমি বৃদ্ধৰ ওচৰলৈ নগৈ বেগাই আগবাঢ়ি গ’লা, কাৰণ তোমাৰ হাতত ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন, অসুস্থ দেউতাৰাৰ কাৰণে তুমি শীঘ্ৰে ঔষধ নিব লাগে। এনে অৱস্থাত তোমাৰ মনটো আত্মগ্লানিৰে ভাৰাক্ৰান্ত হৈ পৰাটোৱেই স্বাভাৱিক। এয়া বিবেকৰ নিৰ্দেশ অনুযায়ী কৰণীয় কাম নকৰাৰ পৰিণাম। আনহাতে বিশেষ কিছুমান কাম কৰাৰ কাৰণে মানুহ অপৰাধবোধ-ক্লিষ্ট হোৱাৰ নমুনা পোৱা যায়। এজন আঢ্যৱন্ত ব্যৱসায়ীৰ কথা কল্পনা কৰাচোন। ব্যৱসায় কৰিলেও এওঁ সকলো মূল্যবোধ বিসৰ্জন দিয়া নাই। কিন্তু বাণিজ্যৰ মুনাফা বৰকৈ বাঢ়ি যোৱাৰ পিছৰে পৰা এওঁ কৰ-কাটল দিয়াৰ বেলিকা ফাকি-ফুকা দিয়া আৰম্ভ কৰিছে। এই কামে অৱশ্যে নিৰ্জন মুহূৰ্তত তেওঁক মনোকষ্ট নিদিয়া নহয়, অপৰাধবোধৰ পৰা এওঁ নিজকে মুক্ত কৰিব পৰা নাই।
বঃ তুমি উল্লেখ কৰা দৃষ্টান্ত দুটাত মূলতঃ দুটা বস্তুৰ উলংঘন ঘটিছে— নীতি আৰু নিয়ম। দুৰ্ঘটনাৰ ঘটনাটোত প্ৰত্যক্ষদৰ্শীৰ আচৰণে নৈতিক নিৰ্দ্দেশ উলংঘা কৰিছে আৰু ব্যৱসায়ীজনৰ ক্ষেত্ৰত সুনাগৰিক হিচাপে মানি চলিবলগীয়া নিয়ম তেওঁ উলংঘা কৰিছে।
মীঃ আমি কল্পনা কৰা ব্যৱসায়ীজনৰ ক্ষেত্ৰত অপৰাধবোধৰ লগতে শংকাবোধ থকাটোও স্বাভাৱিক। কাৰণ ধৰা পৰিলে তেওঁ শাস্তি পাব—অৱশ্যে ভাল নেটৱৰ্ক বা দুৰ্নীতিপৰায়ণ বিষয়াৰ লগত যোগাযোগ থাকিলে তেনে শংকাৰ কোনো হেতু নাই। আনহাতে তেওঁ পাপবোধত ভোগাৰ সম্ভাৱনাক অস্বীকাৰ কৰিব নোৱাৰি। আপুনি কি কয় বলীনদা?
বঃ হুম। কোনো কোনো ক্ষেত্ৰত তেনে সম্ভাৱনা নথকা নহয়। পিছে প্ৰশ্নটো উত্থাপন কৰাৰ বাবে তোমাক অশেষ ধন্যবাদ। কিয়নো তোমাৰ প্ৰশ্নটোৱে সুযোগ দিলে পাপ সম্পৰ্কে দুআষাৰ ক’বলৈ। আমি প্ৰায়ে পাপ আৰু অপৰাধ এই শব্দ দুটা সমাৰ্থক শব্দ ৰূপে ব্যৱহাৰ কৰোঁ। কিন্তু ভালদৰে গমি চালে দেখিবা যে পাপ আৰু অপৰাধৰ মাজত কোনো পাৰ্থক্য নাই বুলি পোনছাটে ক’ব নোৱাৰি। যিমান দূৰ মনত পৰে পাপৰ এটা আভিধানিক অৰ্থ অধৰ্ম। আনহাতে অভিধানত অপৰাধৰ একাধিক অৰ্থৰ যি তালিকা পাওঁ তাৰ পৰা কিন্তু অধৰ্ম উধাও।
মীঃ অন্যভাৱে কোৱা যায়, সকলো অপৰাধক পাপৰ সংজ্ঞাই সাঙুৰি লোৱা নাই। যেনে পোন্ধৰ বছৰীয়া কিশোৰীক বিয়া দিয়াটো আইনৰ দৃষ্টিত অপৰাধ, কিন্তু এনে দুষ্কাৰ্যক শাস্ত্ৰীয় ঐতিহ্যৰ অন্ধ ভক্তই জানো পাপ বুলিব?
মৈঃ পাপ সমন্ধীয় ধাৰণা সাধাৰণতে ধৰ্মীয় শাস্ত্ৰ, পৰম্পৰা, বিশ্বাস আদিৰ সৈতে জড়িত। অপৰাধ কিন্তু ধৰ্ম-নিৰপেক্ষ। আমি কৰ-কাটল ফাকি দিয়া যিজন ব্যৱসায়ীৰ কথা কৈছিলোঁ তেওঁৰ অপকৰ্ম সঠিক অৰ্থত নিভাঁজ পাপ নহয়, সেৱা অপৰাধহে। এই অপৰাধৰ লগত সম্পৃক্ত দুটা কথা—এটা আইন, আনটো বিবেক। সাধাৰণতে অপৰাধবোধৰ সৈতে বিবেকৰ সম্বন্ধ ঘনিষ্ঠ। অধিকাংশ ক্ষেত্ৰত অৱশ্যে আইন-ভংগকাৰীৰ মনত শংকাবোধহে থাকে।
মীঃ কিছুমান কাৰ্যক আকৌ পাপ আৰু অপৰাধ দুয়োটাৰ সংজ্ঞাই সামৰি লয়। যেনে মন্দিৰৰ মূল্যৱান সামগ্ৰী কোনোবাই চুৰ কৰিব পাৰে। এই কাৰ্য আইন আৰু বিবেকৰ বিচৰাত অপৰাধ। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ই পাপাচাৰ। যিসকল ধৰ্মনিষ্ঠ লোকে মৰণোত্তৰ শাস্তি-পুৰস্কাৰৰ তত্ত্বত বিশ্বাস কৰে তেওঁলোকে ডাঠি ক’ব যে পাপাচাৰত লিপ্ত চোৰটোৰ কপালত লিখা আছে পাশৱিক যম-যাতনা।
মৈঃ আৰু এটা কথা মনলৈ আহিছে বলীনদা।
বঃ কৈ পেলোৱা, কৈ পেলোৱা। মনলৈ অহা ভাবোদ্দীপক ভাবনা-চিন্তা নোকোৱাটো ভাল কথা নহয়, যদিও তেনে বাক্‌-সংযম পাপো নহয়, অপৰাধো নহয়।
মৈঃ কথাটো হ’ল, পাপবোধৰ নিৰ্মূলন বা হ্ৰাসকৰণৰ অৰ্থে কেতবোৰ ধৰ্মীয় ব্যৱস্থা আছে। ইয়াৰে কিছুমান ব্যয়বহুল, কিছুমান সস্তীয়া, সহজসাধ্য।
বঃ খৰচী ব্যৱস্থাৰ এটা দৃষ্টান্ত হ’ল—গোটেই জীৱন পাপাচাৰৰ পংকত নিমজ্জিত থাকি বৃদ্ধাৱস্থাত গংগাত এবাৰ ডুব মাৰি আহিলেই তুমি পাপৰ পাশ-বন্ধনৰ পৰা মুক্ত!
মীঃ বলীনদা, ধৰ্ম আৰু পাপবোধক লৈ মাত্ৰাধিক আলোচনা-বিলোচনা কৰিলে আমাৰ মূল বিষয়টো তল পৰিব। অপৰাধবোধৰ উৎস সম্পৰ্কে আমি ইতিমধ্যে অলপ-অচৰপ আলচ কৰিছোঁ। সেই বিষয়ে অধিক আলোচনাৰ প্ৰয়োজন নিশ্চয় আছে—বিশেষকৈ তাৰ সামাজিক পটভূমি আৰু মনস্তাত্ত্বিক অভিব্যক্তি সন্দৰ্ভত। পিছে তাৰ আগতে পাপবোধ আৰু অপৰাধবোধৰ পৰস্পৰ-বিৰোধী অৱস্থান সম্পৰ্কে চমুকৈ কথা এটা ক’বলৈ মন গৈছে।
মৈঃ কোৱা, কোৱা।
মীঃ ক’ব বিচৰা কথাটো হ’ল, কেতিয়াবা পাপবোধ আৰু অপৰাধবোধৰ যুগপৎ পৰস্পৰ-বিৰোধী অৱস্থানে কোনো ব্যক্তিৰ মনৰ ভিতৰত অস্থিৰ অৱস্থাৰ জন্ম দিব পাৰে।
মৈঃ অলপ বহলাই কোৱাচোন।
মীঃ ধৰা, শাক্ত পৰিয়ালৰ ৰক্ষণশীল পৰিৱেশত ডাঙৰ-দীঘল হোৱা ধৰ্মভীৰু শ্ৰীযুত ক-ই কামাখ্যাত পশু বলি দিবলৈ যো-জা কৰিছে। কিন্তু দুজনমান পশু-প্ৰেমী অন্তৰংগ বন্ধুৰ কথা-বতৰা শুনি তেওঁ সম্প্ৰতি দেৱ-দেৱীলৈ উছৰ্গা কৰি জন্তু বলি দিয়াৰ পৰম্পৰাৰ প্ৰতি বাৰুকৈ বীতশ্ৰদ্ধ হৈ পৰিছে। তেওঁৰ বিবেকে এই ৰক্তলোভী ধৰ্মীয় পৰম্পৰাক সমৰ্থন কৰিব পৰা নাই। এনে অৱস্থাত শ্ৰীযুত ক-ৰ মনটো দ্বিধা-দ্বন্দ্বৰে ভাৰাক্ৰান্ত হৈ পৰাটোৱেই জানো স্বাভাৱিক নহয়?
বঃ খুব স্বাভাৱিক, পশু বলি নিদিলে পাপবোধ, দিলে অপৰাধবোধ।
মৈঃ এতিয়া মীনাক্ষীৰ প্ৰস্তাৱ অনুসাৰে অপৰাধবোধৰ সামাজিক পটভূমিৰ এটা গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে চমুকৈ আলচ কৰা যাওক। ইতিমধ্যে আমি মূল্যবোধ, বিবেক আদিৰ কথা উল্লেখ কৰিছোঁ। মানুহৰ মনত কেনেকৈ বিবিধ বাটেৰে মূল্যবোধৰ প্ৰৱেশ ঘটে, কেনেকৈ আমাৰ বহুতেই স্বয়ম্ভূ জ্ঞান কৰা বিবেক ক্ৰমশঃ গঢ় লৈ উঠে বিশেষ বাতাৱৰণত তাৰ বৃত্তান্ত ফঁহিয়াই চালে দেখা যায় যে এইবোৰৰ জন্ম-প্ৰক্ৰিয়াত সমাজৰ অৱদান অপৰিমেয়। শৈশৱতেই শিশুৱে—জ্ঞাতে বা অজ্ঞাতে—আত্মস্থ কৰে বিবিধ শিক্ষা, প্ৰভাৱ, অভিজ্ঞতা। শৈশৱোত্তৰ কালতো এই প্ৰক্ৰিয়া অব্যাহত থাকে। গতিকে আমি কোনো দ্বিধা নোহোৱাকৈ ক’ব পাৰোঁ যে অপৰাধবোধৰ সামাজিক উৎস খুবেই স্পষ্ট, কাৰণ ইয়াৰ সৈতে সচৰাচৰ যি বিবেক আৰু মূল্যবোধ জড়িত থাকে তাৰ মূল জনক সমাজ।
বঃ আৰু এই কথাও লক্ষণীয় যে শ্ৰেণী, জাত, জেণ্ডাৰ আদিৰ ভিত্তিত সমাজ বিভক্ত হোৱা হেতুকে বহু ক্ষেত্ৰত অপৰাধবোধৰ আধাৰ আৰু অভিব্যক্তিত সাৰ্বজনীনতা দেখা নাযায়। বস্তিবাসী এজন দৰিদ্ৰ বনুৱাই দুৰ্গত প্ৰতিৱেশীক যথোচিত সাহায্য দিব নোৱৰাৰ বাবে অপৰাধবোধৰ জ্বালা বৰকৈ অনুভৱ কৰিব। কিন্তু আঢ্যৱন্ত-অধ্যুষিত অতিকায় এপাৰ্টমেণ্টৰ আত্মব্যস্ত বাসিন্দাৰ মনত সেই জাতীয় সমানুভূতি নথকাৰ সম্ভাৱনা খুব বেছি। প্ৰতিৱেশী পৰিয়ালৰ বুকুলৈ কিবা দুৰ্যোগ নামি আহিলেও তেওঁ নিশ্চিন্তে আই পি এল-ৰ খেলা উপভোগ কৰি থাকিব পাৰে।
মীঃ জেণ্ডাৰৰ ক্ষেত্ৰত দেখা যায় যে সন্তানক আলফুলে ডাঙৰ-দীঘল কৰিব নোৱাৰিলে মাতৃৰ মনলৈ আত্মগ্লানিৰ ভাব আহে। পুৰুষৰ ক্ষেত্ৰত এনে প্ৰতিক্ৰিয়া ব্যতিক্ৰমহে। কেতিয়াবা এনে ব্যতিক্ৰম উপলুঙাৰ লক্ষ্যও হৈ পৰে।
মৈঃ মাতৃত্বৰ কথা ওলালে যেতিয়া আমি সাম্প্ৰতিক কালৰ মধ্যবিত্ত জীৱনৰ এটা দিশলৈ চকু দিব পাৰোঁ। আজিকালি চাকৰিজীৱী নাৰীৰ সংখ্যা বাঢ়িছে। ঘৰুৱা দায়িত্ব যথাসম্ভৱ পালন কৰি কৰ্মক্ষেত্ৰলৈ তেওঁলোক ওলাই আহিছে। এনে অৱস্থাত কম বয়সৰ ল’ৰা-ছোৱালীক মাকে আগৰ দৰে আপডাল কৰাৰ সময়-সুযোগ নাপায়। ফলস্বৰূপে পৰম্পৰা-নিৰ্ধাৰিত কৰ্তব্য ভালকৈ পালন কৰিব নোৱৰাৰ বাবে বা সহজাত বাৎসল্যই অবাধ প্ৰকাশৰ স্বাভাৱিক বাট নোপোৱাৰ কাৰণে চাকৰিজীৱী মহিলাৰ মনোৰাজ্যত এক ধৰণৰ অপৰাধবোধে বাহৰ পাতি বহে—কেতিয়াবা অজ্ঞাতেই।
বঃ মজাৰ কথা কি জানা? বাহৰ পাতি বহা দুখানুভূতিক বহিষ্কাৰ কৰাৰ উদ্দেশ্যে—ক্ষতিপূৰণ হিচাপে—সন্তানৰ প্ৰতি মাক অত্যধিক স্নেহশীলা হৈ পৰে।
মীঃ এনে ক্ষতিপূৰণমূলক মৰমৰ কুপৰিণাম আমাৰ ঘৰৰ ওচৰতেই দেখিছোঁ। বেংকৰ উচ্চ বিষয়া সদাব্যস্ত মাকে ক্লাছ ফাইভত পঢ়া ল’ৰাটোৰ হাতত তুলি দিছে দামী আইফোন। ল’ৰাটোৰ স্ক্ৰীন এডিকশ্যন আৰু ব্যক্তিত্বৰ বিকাৰ আৰম্ভ হৈ গৈছে—ৱাছৰূমলৈ ফোন লৈ যায়, মাত-বোল নকৰে, মানুহৰ পৰা আঁতৰি থাকে।
মৈঃ অন্য এবিধ অপৰাধবোধ দেখিছোঁ যুৱ প্ৰজন্মৰ সংবেদনশীল চামৰ মাজত। এওঁলোকে অসমৰ বা ভাৰতৰ বাহিৰত চাকৰি কৰে। কিন্তু পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হোৱাৰ কাৰণে এওঁলোক মনোকষ্টত ভোগে। আনহাতে মাক-দেউতাকৰ অসুখ-বিসুখৰ সময়ত এওঁলোকে যেতিয়া চাকৰি তথা সংসাৰৰ দায়িত্ব পালন কৰাৰ লগতে ডাক্তৰৰ চেম্বাৰ আৰু হস্পিতাললৈ দৌৰা-দৌৰি কৰে তেতিয়া নিঃসহায় মাক-দেউতাকো অপৰাধবোধৰ কবলত পৰে।
বঃ এইবোৰ দেখি শুনি ধাৰণা হয় যে উত্তৰণকালীন সমাজৰ সমস্যা হিচাপে অপৰাধবোধৰ বৈচিত্ৰ্য বাঢ়ি গৈছে। এন আৰ আই ৰূপে চিহ্নিত মানুহ চামৰ একাংশৰ মনতো নিজৰ দেশ আৰু আত্মীয়-স্বজনক এৰি যোৱাৰ অভিজ্ঞতাই নিশ্চয় কেতিয়াবা আত্মগ্লানিৰ জন্ম দিয়ে। হয়তো দেশ-ত্যাগৰ ক্ষতিপূৰণ হিচাপে তেওঁলোকৰ মাজৰ অত্যুৎসাহী লোকসকলে দেশপ্ৰেমৰ দামামা সজোৰে বজায়—বিদেশত সগৰ্বে তেওঁলোকে ঘোষণা কৰে absentee patriot-ৰ সোচ্ছাৰ অস্তিত্ব! এনে কাৰ্যৰ ফলত সম্ভৱতঃ অপৰাধবোধৰ চোক কিছু কমে।
মীঃ বলীনদা, মধ্যবিত্তৰ মনত বাৰু অপৰাধবোধে বেছিকৈ ক্ৰিয়া কৰে নেকি? প্ৰশ্নটো মনলৈ অহাৰ কাৰণ হ’ল, এইটো শ্ৰেণীৰ ভাব-জগতত ভিন ভিন ভাবধাৰাৰ সহঅৱস্থান বেছিকৈ দেখা যায়। আৰু এটা কথা প্ৰসংগক্ৰমে উনুকিয়াই থ’ব পাৰি। বিশেষ কিছুমান ঐতিহাসিক পৰিস্থিতিত মধ্যবিত্তৰ অপৰাধবোধ ক্ৰমশঃ তীব্ৰতৰ হৈ পৰে। তাহানি বৃটিছ শক্তিয়ে শাসন কৰা ভাৰতত চৰকাৰৰ কৃপা-প্ৰাৰ্থী মধ্যবিত্তই প্ৰথম অৱস্থাত ঔপনিৱেশিক প্ৰশাসনৰ প্ৰতি ৰাজনৈতিক আনুগত্য দেখুৱাবলৈ অকণো কৃপণালি কৰা নাছিল। অৱশ্যে কেৱল ৰাজনৈতিক আনুগত্যই নহয়, ইংৰাজী-শিক্ষিতৰ মাজত সাংস্কৃতিক অনুকৰণৰ প্ৰৱণতাও পৰিলক্ষিত হৈছিল। এনে অৱস্থাত নব্য-শিক্ষিতৰ এচামে নিশ্চয় অলপ হ’লেও আত্মগ্লানিৰ অস্বস্তি অনুভৱ কৰিছিল। এই অস্বস্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় হয়তো আছিল অ-ৰাজনৈতিক দেশপ্ৰেম তথা সাংস্কৃতিক আত্ম-চেতনা। অৱশ্যে ই আমাৰ অনুমানহে।
বঃ তোমাৰ বিষয় ইতিহাস। গতিকে এই সন্দৰ্ভত তুমি বিশদভাৱে অধ্যয়ন অন্বেষণ চলাব পাৰা। তাৰ ফল আমিও উপভোগ কৰিব পাৰিম আমাৰ অনুষ্টুপীয়া আড্ডাত।
মৈঃ এইখিনিতে বৰদেউতাৰ এজন বাঁওপন্থী বন্ধুলৈ মনত পৰিছে। অলপতে অৱসৰ লোৱাৰ পিছত—হয়তো পুতেক-জীয়েকৰ খেচ্‌খেচনিত—তেওঁ এখন আহল-বহল দামী গাড়ী ল’লে। পিছে তেওঁৰ মন বা আচৰণত আনন্দৰ সামান্য লক্ষণো দেখা নগ’ল। বৰদেউতাই কোৱা মতে, বন্ধু মহলত নতুন গাড়ীৰ কথা ওলালেই তেওঁ প্ৰসংগান্তৰলৈ যাবলৈ যত্ন কৰে অথবা নিষ্কাৰণ গাম্ভীৰ্যৰ আশ্ৰয় লয়। খুব সম্ভৱ এই মানসিক দশা মাৰ্ক্সীয় বিবেক আৰু মধ্যবিত্তীয় জীৱন-শৈলীৰ দ্বন্দ্বৰ পৰিণাম।
বঃ বাঃ, দ্বন্দ্বৰ চৰিত্ৰ তুমি সুন্দৰভাৱে চিনাক্ত কৰিছা। এই প্ৰকাৰ দ্বন্দ্ব আমাৰ জীৱনতো বিদ্যমান। পিছে বৰ দেউতাৰাৰ বাঁওপন্থী বন্ধুৰ অপৰাধবোধৰ পৰিণাম নেতিবাচক নীৰৱতাৰ বন্ধ্যা বন্ধন অতিক্ৰম কৰিও যাব পাৰে।
মীঃ কেনেকৈ?
বঃ কোনো ধৰণৰ আক্ষেপ-আপত্তি নোহোৱাকৈ তেওঁ উদাৰচিতে নিজৰ গাড়ীখন ৰাজহুৱা কাম-কাজত বা প্ৰতিবেশী, বন্ধুবৰ্গ আৰু আত্মীয়-স্বজনৰ প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ দিব পাৰে। অস্বস্তি-নাশক মনোভাবৰ এনে অভিব্যক্তিক জানো ইতিবাচক আখ্যা দিব নোৱাৰি? অন্ততঃ আত্মগ্লানিজাত আত্মক্ষয়ৰ তুলনাত ই নিশ্চয় ইতিবাচক।
মীঃ আপুনি আত্মক্ষয়ৰ কথা কোৱাৰ বাবে মনলৈ এটা প্ৰশ্ন আহিল—অপৰাধবোধৰ ফলত বাৰু মানুহ মনোবিকাৰৰ কবলত পৰিব পাৰে নেকি?
বঃ তোমালৈ কাতৰ অনুৰোধ—প্ৰশ্নৰ শেল মৈনাকলৈ নিক্ষেপ কৰা। এই বৃদ্ধ বিবশ।
মৈঃ মনৰ জগতখন যথেষ্ট জটিল—অজ্ঞেয় নহ’লেও দুৰ্জ্ঞেয়। সেইবাবে মীনাক্ষীৰ প্ৰশ্নটোৰ যথাযথ উত্তৰ—আনকি আংশিক উত্তৰো—দিব পাৰিম বুলি ভবা নাই। ধাৰণা হয়, অৱদমিত অপৰাধবোধৰ ফলত মুষ্টিমেয় লোক অবছেছিভ কমপালছিভ ডিছঅৰ্ডাৰ অৰ্থাৎ অ’ছিডি-ৰ কবলত পৰাৰ সম্ভাৱনা নথকা নহয়। এওঁলোকৰ আচৰণত শুচিবায়ুগ্ৰস্ততা দেখা যাব পাৰে, বাৰে বাৰে হাত বা গা-ধোৱা অথবা ঘৰ মচাটো হয়তো এওঁলোকৰ বাধ্যতামূলক অভ্যাস হৈ পৰিব। অ’ছিডি-ৰ কাৰণ চিনাক্ত কৰাটো অৱশ্যে সহজ নহয়। মনোবিদ হিৰন্ময় সাহাৰ অচিনাকি মন নামৰ পুথিত লেখকে চমুকৈ আৰু সহজবোধ্য ভাষাত এই বিষয়ে পৰ্যালোচনা দাঙি ধৰিছে। মীনাক্ষী, কিতাপখন তুমি পঢ়ি চাব পাৰা।
মীঃ পঢ়িছোঁ। আমাৰ অনিমা গুহ বাইদেৱে কৰা অসমীয়া অনুবাদ পঢ়িছোঁ। তুমিও নিশ্চয় সেইখনেই পঢ়িছা।
মৈঃ মনোবিদ সাহাৰ কিতাপত অ’ছিডি-ৰ লগত অপৰাধবোধৰ সম্পৰ্কৰ কথা অৱশ্যে নাই। পিছে অৱদমিত অপৰাধবোধৰ পৰা কোনো কোনো ক্ষেত্ৰত অ’ছিডি-ৰ সূচনা হ’ব পাৰে যেন লাগে। পাপবোধৰ বেলিকা অৱশ্যে এই সম্ভাৱনা বেছি।
মীঃ অ’ছিডি-ৰ বাহিৰেও অপৰাধবোধৰ জানো অন্য ধৰণৰ মনস্তাত্ত্বিক পৰিণাম থাকিব নোৱাৰে? প্ৰশ্নটো কৰিয়েই মনলৈ ডিপ্ৰেছনৰ কথা আহিছে। অপৰাধবোধৰ ফলত কেতিয়াবা আত্ম-পীড়নৰ প্ৰৱণতাও দেখা দিব পাৰে বুলি অনুমান কৰা যায়। চিনিকেল মানসিকতা আৰু সামাজিক বিচ্ছিন্নতাকো ই সাৰ-পানী যোগাব পাৰে।
বঃ তুমি কেইবাটাও মনস্তাত্ত্বিক পৰিণামৰ ইংগিত দিছা যদিও এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিবলৈ পাহৰি গৈছা।
মীঃ আপুনি নিশ্চয় নীচাত্মিকাবোধৰ কথা কৈছে।
বঃ ঠিক ধৰিছা। অপৰাধবোধ গভীৰ আৰু দীৰ্ঘস্থায়ী হ’লে বহু ক্ষেত্ৰত হীনমন্যতাই মনৰ আকাশ ছানি ধৰে। ইয়াৰ পৰিণাম—উদ্বেগ, উদ্যমহীনতা, আত্ম-নিবাৰ্সন। আনহাতে হীনমন্যতাই কেতিয়াবা পেৰানয়াকো পৰিপুষ্ট কৰি তুলিব পাৰে।
মীঃ কেনেকৈ?
বঃ মৈনাকৰ বৰদেউতাকৰ বন্ধুজনৰ কথা ভাবাচোন। তেওঁ মাৰ্ক্সীয় মাৰ্গৰ অনুগামী। তেওঁৰ self-image আৰু public image-ত গুৰুতৰ নাটনি নাই বুলি অনুমান কৰিব পাৰি। কিন্তু নামী কোম্পানীৰ দামী গাড়ী কিনাৰ পিছত তেওঁৰ ভাবৰ ভুৱনত আউল লাগে। এনে পৰিস্থিতিত হীনমন্যতাই হীনবল কৰা তেওঁৰ মনটো পেৰানইয়া-পীড়িত হোৱাটো অস্বাভাৱিক নহয়। বন্ধুবৰ্গই লঘু ভংগীৰে দিয়া নিৰ্দোষ মন্তব্যকো তেওঁ ব্যংগাত্মক শেল বুলি ভাবিব পাৰে।
মৈঃ আমাৰ আলোচনাৰ মাজলৈ মনস্তত্ত্ব আহিছে যেতিয়া গেছলাইটিঙৰ লগত অপৰাধবোধৰ সমন্ধৰ বিষয়টোও থোৰতে বিবেচনা কৰা যায়।
বঃ নিশ্চয়। গেছলাইটিং সন্দৰ্ভত দুটামান লেখা পঢ়ি ধাৰণা হৈছে যে অপৰাধবোধ কেতিয়াবা সম্পূৰ্ণভাৱে বৰ্হিজাত হ’ব পাৰে।
মীঃ অলপ বহলাই কওকচোন।
বঃ বিবশ বৃদ্ধক সেই দায়িত্বৰ পৰা অব্যাহতি দিয়া আইজনী। মৈনাক, তুমি আৰম্ভ কৰিছিলা, এতিয়া গেছলাইটিং ব্যাখ্যাৰ গুৰুভাৰ তুমি লোৱা।
মৈঃ গেছলাইটিং হ’ল একধৰণৰ psychological manipulation। খুব চমুকৈ আৰু সহজভাৱে ক’বলৈ গ’লে, নিজৰ সুবিধাৰ্থে ছলনাৰে ব্যক্তি বিশেষৰ মনলৈ—তেওঁৰ আত্মবোধ মানে self-perception-লৈ—নেতিবাচক পৰিৱৰ্তন অনাৰ কৌশলক গেছলাইটিং বোলে। এখন নাটকৰ আধাৰত—খুব সম্ভৱ ১৯৪৪ চনত—এখন চিনেমা নিৰ্মাণ কৰা হৈছিল। নাম, Gas Light। চিনেমাখনত দেখা যায় গিৰিয়েকে কূট কৌশলেৰে ঘৈণীয়েকৰ মনত এই ধাৰণা সুমুৱাই দিয়ে যে মহিলাগৰাকী মানসিকভাৱে অক্ষম হৈ পৰিছে। এই বিধ psychological manipulation-কেই গেছলাইটিং বোলে।
মীঃ কিন্তু ইয়াৰ লগত অপৰাধবোধৰ কি সম্বন্ধ?
মৈঃ চিনেমাখনত গেছলাইটিঙৰ লগত অপৰাধবোধক সম্পৰ্কিত কৰা হোৱা নাই। মতলবী গিৰিয়েকে ভুৱা ধাৰণা মনত সুমুৱাই দি ঘৈণীয়েকৰ মনোবলহে ভাঙিব বিচাৰিছে। কিন্তু কাৰোবাক যদি বাৰে বাৰে দোষাৰোপ কৰা হয়, যদি তেওঁ অবিৰত তিৰস্কাৰৰ টাৰ্গেট হৈ পৰে তেতিয়া সেই সদাতিৰস্কৃত ব্যক্তিজনে নিজকে দোষী ভাবিব পাৰে। অৰ্থাৎ গেছলাইটিঙৰ দ্বাৰা মনত অপৰাধবোধৰ বীজ ৰোপণ কৰাটো সম্ভৱ।
বঃ গেছলাইটিঙৰ অন্য এটা দিশো আছে। তোমাৰ বক্তব্য ব্যক্তিৰ মনোৰাজ্যৰ চাৰিসীমাৰ ভিতৰতেই আবদ্ধ। Gas Light চিনেমাখনৰ কাহিনীয়েই তেনেকুৱা। পিছে গুৰুত্বসহকাৰে মন কৰিবলগীয়া কথা হ’ল, গেছলাইটিঙৰ প্ৰয়োগ সামূহিকো হ’ব পাৰে—হ’ব পাৰে নহয়, হৈ থকা আমি দেখিয়েই আছোঁ। ইয়াক তুমি collective gaslighting বুলিব পাৰা।
মীঃ আপুনি অলপ ভাগৰি পৰা যেন লাগিছে। তথাপি উদাহৰণ এটা দিবলৈ অনুৰোধ কৰিলোঁ।
বঃ এটা সম্প্ৰদায়ৰ ওপৰত যদি ৰাষ্ট্ৰদ্ৰোহিতাৰ অপবাদ অহৰহ জাপি দিয়া হয় তেতিয়া সেই বিশেষ সম্প্ৰদায়ৰ একাংশ লোকে লাহে লাহে নিজৰ দেশপ্ৰেমৰ সত্যতাক নিজেই সন্দেহ কৰাটো আচৰিত নহয়। এয়া সামূহিক গেছলাইটিঙৰ প্ৰতিকূল পৰিণতি। আচলতে পৰিকল্পিতভাৱে আৰু প্ৰণালীবদ্ধ পদ্ধতিৰে কুৎসা-ৰচনা চলাই গ’লে সমূহৰ মনৰ গহনত অপৰাধবোধৰ গুটি সিঁচাটো কষ্টসাধ্য কাম নহয়—সম্প্ৰতি ছ’চিয়েল মিডিয়াৰ কৃপাত ই আৰু সহজ হৈ পৰিছে।
মৈঃ বলীনদা, আপুনি বৰ জৰুৰী আৰু গুৰুত্বপূৰ্ণ দিশ এটাৰ কথা আমাক সোঁৱৰাই দিলে। সমূহীয়া গেছলাইটিং প্ৰকৃততে ফলদায়ক ৰাজনৈতিক হাতিয়াৰ। স্বাৰ্থান্ধ মহলে যুগ যুগ ধৰি এই হাতিয়াৰ কৌশলেৰে ব্যৱহাৰ কৰি আহিছে। শূদ্ৰ আৰু অতিশূদ্ৰসকলক কোৱা হৈছিল—পূৰ্বজন্মত পাপ কৰিছিলি, এতিয়া শাস্তি ভোগ কৰ। এনে উক্তিয়ে সৰলমনা মানুহ চামৰ হৃদয়-মন নিশ্চয় আত্মগ্লানিৰে ভাৰাক্ৰান্ত কৰিছিল।
মীঃ আনহাতে নাৰীক বোলা হৈছিল নৰকৰ দ্বাৰ। আমাৰ ঐতিহ্যত গেছলাইটিঙৰ এই তৰহৰ আৰু উদাহৰণ পোৱা যাব।
[অকস্মাতে শুনা গ’ল ভিতৰৰ পৰা অহা সবল সুস্পষ্ট নাৰী-কণ্ঠঃ গেছলাইটিঙৰ আলোচনা এতিয়া বন্ধ কৰা। পাকঘৰৰ গেছ প্ৰায় শেষ। মৈনাকৰ বাইকত উঠি এবাৰ খবৰ কৰি আহা। সাৱধানে যাবা।]
বঃ ট্ৰাম্পীয় ত্ৰাসৰ কুফল আমাৰ পাকঘৰতো প্ৰকট হ’ল! বলা মৈনাক, চিলিণ্ডাৰৰ খবৰ কৰি আহোঁ। নহ’লে গেছলাইটিঙৰ পৰিৱৰ্তে গেছফাইটিঙহে আৰম্ভ হৈ যাব!

Leave a Reply

Your email address will not be published. Required fields are marked *