শূন্যতা ।। হাৰকিউলিয়েন বৰ্মন
অথাই সাগৰ মাথো
মৃত্যুৰ নিসংগ নিৰৱতালৈ …..
অস্তগামী বেলিটো ঢিমিকি ঢিমিকি লীন যায় …..
মই হেৰাই গৈ থাকোঁ ক্ৰমশঃ ক’ৰবাত
ক’ত পৃথিৱী ক’ত মানুহবোৰ
বিচাৰি নাপাওঁ
যদি হেৰাই গৈ গৈ এনেদৰে অজান শূন্যতাত
মই আকৌ ঘূৰাই পাওঁ ধৰাখনক
চিৰ মুক্তিৰ গীতেৰে গুঞ্জৰিত হৈ থাকিবনে
চৌপাশ …..
হ’বনে সকলো সমান তেতিয়া

