হাতুৰী সংগীত – (মনজিতা শইকীয়া)
মুক্ত চিন্তা, ২য় বছৰ, ৫ম সংখ্যা
ৰাজপথত সৌৱা
পিম্পৰাৰ যেন লানি
শ্ৰান্ত ক্লান্ত
অৱহেলিত বঞ্চিত শোষিতৰ শাৰী,
নিজৰে অৱশিষ্ট টানি টানি
ভাগৰুৱা শ্ৰমিকৰ ঘামেধোৱা শৰীৰ।
জন হেনৰি,
বজোৱা তোমাৰ
হাতুৰী সংগীত
জী উঠক
শ্ৰমজীৱীৰ জীৱন
তোমাৰ….আমাৰ…..
জন হেনৰি,
উঠা জাগা সাৰ পোৱা
বাজি উঠক হাতুৰী সংগীত ।

