অনুবাদকবিতা

ঘৃণাৰ প্ৰভাৱ (মূলঃ সাগৰ খৈয়ামী; অনুবাদঃ বিতোপন গগৈ)

ঘৃণাৰ প্ৰভাৱ চোৱা
জন্তুৰো ভাগ হৈ গ’ল
গাই হিন্দু আৰু
ছাগলী মুছলমান হৈ গ’ল

মন্দিৰলৈ গৈ হিন্দু দেখিলো
মছজিদত দেখিলো মুছলমান
সন্ধ্যা যেতিয়া মদিৰালয়লৈ গ’লো
তাতহে লগ পালো মানুহ কেইজনমান

এই গছ-লতিকাও হায়ৰাণ হৈ যাব
যদি চৰাইবোৰো হিন্দু বা মুছলমান হৈ যায়

শুকান ফলবোৰো আচৰিত হৈ গ’ল
সিহঁতে নাজানে নাৰিকল কেতিয়া হিন্দু
খেজুৰ কেতিয়া মুছলমান হৈ গ’ল

ধৰ্মই এনেকৈ ৰঙকো ভগালে যে
সেউজীয়া মুছলমানৰ আৰু
ৰঙা হিন্দুৰ হৈ গ’ল
এতিয়া সেই দিনটোলৈ আৰু বেছি দূৰ নাই
যিদিনা সকলো সেউজীয়া পাচলি
মুছলমানৰ হৈ যাব
গাজৰ আৰু বিলাহী মাথো
হিন্দুৰ ভাগত পৰিব

এটা কথা ঠিক কৰিব পৰা নাই
এই তৰমুজটো এতিয়া কাৰ ভাগলৈ যায়
বেচেৰা ওপৰে ওপৰে মুছলমান
আৰু ভিতৰি হিন্দু হৈ থাকি যায়

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *