গল্প-কবিতা

কি হ’ব এতিয়া – (কোকিল শইকীয়া)

কি হ’ব এতিয়া
নিৰ্বিচাৰে গুলী বৰ্ষণ
এজাক ল’ৰাৰ অৰণ্য গমন

সেয়েই হ’ব
ধৰ্ষণ, মন্দিৰত গৰুৰ মঙহ
অাৰু মছজিদত মদৰ বটল
গাঁৱৰ পৰা চহৰলৈ অাহি প্ৰতিষ্ঠাৰ সংগ্ৰামত নমা
যুৱকজনৰ মুখৰ চিগাৰেটৰ বিক্ষোভ
যুৱতীসকল হোটেলৰ বাথ টাবত
ব্লেকমেইল জাৰজ সন্তান অাত্মহত্যা

কি হ’ব এতিয়া
খাদ্যৰ নামত ভক্ষণ কৰিব ডেৰ জিবি ডাটা
পোচাকৰ নামত গেৰুৱা সেউজীয়া নীলা ৰঙা গেৰিলা

কি হ’ব এতিয়া
পাক-ভাৰতৰ ক্ৰিকেট
অাৰু টিভিৰ সন্মুখত দেশপ্ৰেমী অথবা দেশদ্ৰোহী
সন্ধিয়াৰ টক শ্ব’ৰ সন্মুখত বহি বিপ্লৱী
ভোট পাই জিকি অহা বিজয়মুখৰ গায়ক
অাৰু চুমাৰ বিতৰ্ক

কি হ’ব এতিয়া
বিচ্ছেদৰ পিছত
কেতিয়াবা তোমাৰ স’তে ক’ৰবাত দেখা হ’ব অকস্মাত
মিউনিচিপালিটিৰ ড্ৰেইনেৰে উটি যাব বমি অাৰু অাত্মৰত বীৰ্য
যথা জাবৰ পেলোৱা ট্ৰাকবোৰত গুচি যাব
চহৰৰ অাটাইবোৰ কবিৰ কবিতা
অাৰু চিন্তা নায়কৰ চিন্তা ভাবনা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *