গল্প-কবিতা

আই — (স্বপ্নালী কলিতা)

বেলিটো জ্বলি জ্বলি পঙা অঙঠা এটা
হোৱাৰ সময়ত আয়ে টিঙনা মাটিডৰাত
গৰুৰ খুটিটো জোকাৰি আছিল
সজোৰে
বেলিটোৱে ঘুমটি ভাঙি ইলুটি হওঁতে
আয়ে গৰম টাৱাখনত
লুটি-বাগৰ কৰিছিল
কেইটামান জীয়নীয়া মাছ‌।
বেলিটোৱে যেতিয়া
দীঘল হামি এটা মাৰি
বিছনা এৰিছিল
দিনৰ বেলা
মোৰ আয়ে জুহালৰ কাষতে
মোৰ বাবে যতনাই থৈছিল
এখন জিলিকা কাঁহী
বেলিটো যেতিয়া ঘৰমুৱা হৈছিল
আয়ে তেতিয়া জোনৰ মুখত
মৰল চাই ভাবি আছিল কাইলৈ
তাৰ পাছৰটো কাইলৈ
আৰু এটা কাইলৈ…
আইৰ এটা ছাতি নাছিল
বৰষুণ ধৰিবলৈ
ৰ’দ ভৰাবলৈ
অথচ আই ছাতি হৈ উৰি আছিল
আমাৰ চৌপাশে
ছাঁৰ দৰে
এতিয়াও
বেলিয়ে ভূমি চুমাৰ পৰা
জোনে পোহৰ সামৰালৈ
আই ফুলিয়েই থাকে
অহৰ্নিশ
আমাৰ কলিজা
সামৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *