আব্বাছ কিয়াৰোষ্টামিৰ “দ্য ক’কাৰ ট্ৰাইল’জী” ।। প্ৰিয়ম হাজৰিকা


মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
কিছুমান চিনেমাত কাহিনী শেষ হোৱাৰ পিছত চিনেমাৰ আঁৰৰ কিছুমান দৃশ্য চিনেমাখনতে সংলগ্ন কৰা আমি সকলোৱে দেখিছোঁ। আমাৰ ক্ষেত্ৰত হিন্দী চিনেমাত এই ধাৰাটো বেছিকৈ দৃষ্টিগোচৰ হয়। ‘মুন্না ভাই এম বি বি এছ’, ‘মেৰে ব্ৰাডাৰ কি দুলহন’, ‘জব তক হে জান’ ‘মুঝছে চাদী কৰোগী’ হ’ল তেনে কিছুমান চিনেমা। এই দৃশ্যবোৰে কাহিনী এটাৰ মাজত বিভোৰ হৈ পৰা দৰ্শকৰ চকুত বাস্তৱৰ চৰিত্ৰ দাঙি ধৰি কল্পনাৰ জগতৰপৰা দৰ্শকক আঁতৰাই আনে। চিনেমাৰ আঁৰত কলা-কুশলীয়ে কি কৰি থাকে, বাস্তৱ জীৱনত অভিনেতাসকলৰ মাজত সম্পৰ্ক কেনেকুৱা, দৃশ্য গ্ৰহণৰ সময়ত সমুখীন হোৱা সমস্যা আৰু অভিজ্ঞতাসমূহে আমাক আমোদ দিয়ে, নহয়নে? কেতিয়াবা চিনেমাৰ আঁৰৰ কাহিনীক লৈ অন্য চিনেমা নিৰ্মাণ হোৱাও দেখিছোঁ। উদাহৰণস্বৰূপে সত্যজিত ৰায়ৰ ‘পথেৰ পাঁচালী’ৰ নিৰ্মাণৰ আঁৰৰ কাহিনীৰ ভিত্তিত ২০২২ চনত নিৰ্মিত অনিক দত্তৰ ‘অপৰাজিত’ৰ কথা উল্লেখ কৰিব পাৰোঁ। লগতে এখন চিনেমাত আন এখন চিনেমাৰ বিশেষ চৰিত্ৰই ভুমুকি মৰাও মাজে সময়ে লক্ষ্য কৰোঁ, যেনে ছাহৰুক খানৰ ‘পাঠান’ চিনেমাত ‘টাইগাৰ’ ৰূপী ছলমান খানক দেখিছোঁ। তেনেদৰে মাৰ্ভেল কাহিনীবোৰৰ স্ৰষ্টা ষ্টান লীকো আমি মাৰ্ভেলৰ প্ৰতিখন চিনেমাত ভুমুকি মৰা দেখিবলৈ পাওঁ। এই ধৰণৰ কাহিনীৰ ভিতৰত কাহিনী বা চিনেমাৰ ভিতৰত চিনেমা, চমুকৈ ‘চিনেমাৰ মেতা ৰিয়েলিটী’ৰ ধাৰণাটো ইৰানিয়ান চলচ্চিত্ৰ পৰিচালক আব্বাছ কিয়াৰোষ্টামিৰ ‘দ্য ক’কাৰ ট্ৰাইলজী’ত এক সহজ-সৰল তথা সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে।
‘দ্য ক’কাৰ ট্ৰাইলজী’ৰ জৰিয়তে ইৰানিয়ান চলচ্চিত্ৰ পৰিচালক আব্বাছ কিয়াৰোষ্টামিয়ে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতখনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। উত্তৰ ইৰাণৰ গ্ৰাম্য অঞ্চল ক’কাৰত পৰিৱেশিত এই চলচ্চিত্ৰলানিৰ বিশেষত্ব আন বহু চিনেমাতকৈ সুকীয়া। উল্লেখ্য যে সহজ-সৰল কাহিনী, পৰিচালকৰ সূক্ষ্ম দৃষ্টিকোণ, মানৱতাবোধ আৰু অপেছাদাৰী অভিনেতাৰ ব্যৱহাৰে ইৰানিয়ান চিনেমাক অন্য চিনেমাতকৈ পৃথক কৰে। এই লক্ষণসমূহ ক’কাৰ ট্ৰাইলজীতো আমি লক্ষ্য কৰোঁ। সাধাৰণতে পৰিচালকে চিনেমাৰ জৰিয়তে আমাক একোটা কাহিনী কৈ যায়, কিন্তু কিয়াৰোষ্টামিয়ে তাকে নকৰি আমাক তেওঁ কেমেৰাৰে সৃষ্টি কৰা পৃথিৱীখনত অলপ সময় জীয়াবলৈ সুবিধা দিয়ে। কোনো দীঘলীয়া বক্তৃতা বা সাংঘাটিক কোনো ক্লাইমেক্স বা সামৰণিৰ বিপৰীতে কিয়াৰোষ্টামিৰ চিনেমাই কেৱল বাস্তৱ জীৱনক প্ৰতিফলিত কৰাৰ চেষ্টা কৰে। সেয়ে তেওঁৰ চিনেমাৰ সামৰণিবোৰো নতুন কাহিনীৰ আৰম্ভণি যেন অনুভৱ হয়। কিয়াৰোষ্টামিয়ে কাহিনীটোৰ বিচাৰ বিবেচনা নিজে নকৰি ইয়াক দৰ্শকলৈ ঠেলি দিয়ে। কিয়াৰোষ্টামিৰ চিনেমাত দৃষ্টিগোচৰ হোৱা “মেতা ৰিয়েলিটী”ৰ ধাৰণাটোৱেও ক’কাৰ ট্ৰাইলজীক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।

এনেতে আমাৰ প্ৰশ্ন হ’ব চিনেমাত এই “মেতা ৰিয়েলিটীনো” কি? চিনেমাত মেতা ৰিয়েলিটী বুলিলে এনে ছবিক বুজোৱা হয় যিয়ে দৰ্শকৰ বাস্তৱ আৰু কল্পনাৰ মাজৰ জালখন আঁতৰাই চিনেমাখনৰ প্ৰকৃত স্বৰূপটো নিৰ্ধাৰণ কৰে। ক’কাৰ ট্ৰাইলজীৰ জৰিয়তে কিয়াৰোষ্টামিয়ে তেওঁৰ একোখন নতুন চলচ্চিত্ৰৰ জৰিয়তে ইয়াৰ পূৰ্বৱৰ্তী ছবিখনৰ পৰ্দাৰ আঁৰৰ বাস্তৱতাক আমাৰ আগত দাঙি ধৰে। প্ৰথম চিনেমাৰ পৰ্দাৰ আঁৰৰ ঘটনাৱলীৰে পৰৱৰ্তী চিনেমাখনৰ কাহিনী গঢ় লয়। এই কথাবোৰ চিনেমাকেইখন নিজ চকুৰে প্ৰত্যক্ষ কৰিলেহে পাঠকে ভালদৰে ৰসাস্বাদন কৰিব পাৰিব।


কল্পকাহিনী আৰু বাস্তৱ জীৱনৰ মিশ্ৰণেৰে নিৰ্মাণ কৰা কিয়াৰোষ্টামিৰ তিনিখন ছবি ক’কাৰ নামৰ ঠাইখনৰ ঘটনাৱলীৰদ্বাৰা সংযুক্ত। ক’কাৰ হ’ল তেহৰাণৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত অৱস্থিত উত্তৰ ইৰাণৰ এটা বিস্তৃত অঞ্চল। ১৯৯০ চনত সংঘটিত বিধ্বংসী ভূমিকম্পই ঠাইখনৰ প্ৰচুৰ ক্ষতিসাধন কৰাৰ লগতে হাজাৰ হাজাৰ মানুহৰ জীৱন কাঢ়ি নিয়ে। পৰিচালকগৰাকীৰ মতে তেওঁৰ অন্যতম চিনেমা “টেষ্ট অৱ চেৰী (১৯৯৭)”কো এই শ্ৰেণীটোত অন্তৰ্ভুক্ত কৰিব পাৰি যিহেতু গোটেইকেইখন চিনেমাৰে মূল বিষয়বস্তুটো হ’ল জীৱনৰ সূক্ষ্ম মূল্যায়ন। ট্ৰাইলজীৰ তিনিওখন চিনেমাতে শিশুৰ অনবদ্য ভূমিকা আমি উপলব্ধি কৰিব পাৰিছোঁ। শিশুৰ মনোজগতৰ ওপৰত কিয়াৰোষ্টামিৰ বিস্তৃত অধ্যয়নৰ প্ৰভাৱ তেওঁৰ অন্যতম চিনেমা ‘হমৱৰ্ক’তো প্ৰতিফলিত হয়।
১) হোৱেৰ ইজ দ্য ফ্ৰেণ্ডছ হাউচ, ১৯৮৭ (Where’s the Friend’s House)
আব্বাছ কিয়াৰোষ্টামিৰ উচ্চমানৰ, আন্তঃসংলগ্ন কোকাৰ ট্ৰাইলজীৰ প্ৰথমখন ছবিয়ে হ’ল ‘হোৱেৰ ইজ দ্য ফ্ৰেণ্ডছ হাউচ’। নিচেই সৰল কাহিনীৰে সৈতে নিৰ্মিত চিনামখনত শিশুৰ মনোজগতৰ ওপৰত কিয়াৰোষ্টামিৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু মূল্যায়ন প্ৰকাশ পায়। সংক্ষিপ্ত ৰূপত ক’বলৈ গ’লে চিনেমাখনত আহমেদ নামৰ এজন সৰু ল’ৰাই ভুলবশতঃ তাৰ সহপাঠী মহম্মদৰ গৃহকৰ্মৰ বহীখন নিজৰ লগত লৈ যায় আৰু বন্ধুজনে সেইদিনাৰ গৃহকৰ্ম ক’ত কৰিব বুলি চিন্তিত হৈ তাক বহীখন উভোতাই দিবলৈ বুলি বন্ধুৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰে। এজন শিশুৰ বাবে ঘটনাটো এক দুঃসাহসিক অভিযানতকৈ কোনো গুণে কম নাছিল। ল’ৰাটোৱে দূৰৱৰ্তী গাঁওখনলৈ কৰা সমগ্ৰ যাত্ৰাটোৱে গ্ৰাম্য ইৰাণী সমাজৰ সকলো সমৃদ্ধি আৰু জটিলতাক প্ৰতিফলিত কৰি যায়।
২) এণ্ড লাইফ গ’জ অন, ১৯৯২ (And Life Goes On)

১৯৯০ চনত ইৰানত সংঘটিত ভয়াবহ ভূমিকম্পৰ পিছত আব্বাছ কিয়াৰোষ্টামি ক’কাৰলৈ উভতি যায়, য’ত তেওঁ ধ্বংসলীলাকে ধৰি ইয়াৰ দুৰ্যোগৰ পিছৰ মানৱ জীৱনকো কেমেৰাত বন্দী কৰে। কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণেৰে কাহিনীটোৱে ‘এণ্ড লাইফ গ’জ অন’ চিনেমাত এখন মাৰ্মান্তিক অভিযানমূলক চিনেমাত পৰিণত কৰে। কাহিনীমতে ভূমিকম্পৰ পিছত এজন চলচ্চিত্ৰ পৰিচালকে নিজৰ পুত্ৰৰ সৈতে ‘হোৱেৰ ইজ দ্য ফ্ৰেণ্ডছ হাউচ’ত মুখ্য চৰিত্ৰত অভিনয় কৰা শিশুটিক বিচাৰি বিধ্বস্ত ক’কাৰ অঞ্চললৈ এখন হালধীয়া গাড়ীৰে যাত্ৰা কৰে। উল্লেখ্য যে চিনেমাখনৰ সৰহ সংখ্যক দৃশ্য এই গাড়ীখনক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠে। যাত্ৰা পথত পৰিচালকগৰাকী আৰু তেওঁৰ পুত্ৰই লগ পোৱা মানুহবিলাকৰ লগত হোৱা কথোপকথন আৰু দুৰ্যোগৰ পিছত ৰাজহুৱা স্থানত অস্থায়ীকৈ বাস কৰিবলৈ লোৱা গৃহহাৰা লোকৰ জীৱন-নিৰ্বাহৰ প্ৰতিচ্ছবিয়ে মাজে মাজে চিনেমাখনক তথ্যচিত্ৰৰ ৰূপ দিয়ে। কিন্তু ইয়াক এখন তথ্যচিত্ৰ হিচাপে সংজ্ঞায়িত কৰাৰ বিপৰীতে কিয়াৰোষ্টামিয়ে ইয়াক এখন পূৰ্ণ চলচ্চিত্ৰৰ ৰূপ দিলে। ধ্বংস স্তুপত পৰিণত হোৱা এখন ঠাইৰ আটাইতকৈ নিস্তব্ধ পৰিস্থিতিৰ দুখ-দুৰ্দশাৰ মাজতো সৌন্দৰ্য্য বিচাৰি কিয়াৰোষ্টামিয়ে চলচ্চিত্ৰ জগতত এক সুকীয়া নিদৰ্শন দাঙি ধৰে।
৩) থ্ৰু দ্য অলিভ ট্ৰিজ, ১৯৯৪ (Through the Olive Trees)

আব্বাছ কিয়াৰোষ্টামিয়ে ‘দ্য কোকাৰ ট্ৰাইলজী’ৰ চূড়ান্ত কিস্তিত “কাহিনীৰ ভিতৰত কাহিনী বা চিনেমাৰ ভিতৰত চিনেমা” ধাৰাটোক উচ্চ শিখৰলৈ লৈ যায়। ইয়াৰে আকৰ্ষণীয় কথাটো এয়ে যে ‘এণ্ড লাইফ গ’জ অন’ৰ পৰ্দাৰ আঁৰৰ কাহিনীভাগেই হ’ল ‘থ্ৰু দ্য অলিভ ট্ৰিজ’ৰ মূল কাহিনী। ‘এণ্ড লাইফ গ’জ অন’ চিনেমাখনৰ বাবে কলা-কুশলীৰ সন্ধান কৰা, তাৰে নব্য বিবাহিত এজন পুৰুষৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা ছোৱালীজনীৰ প্ৰতি থকা বাস্তৱিক একপক্ষীয় প্ৰেমৰ আকুলতা ছবিখনত চিত্ৰিত হয়। ইয়াত চিনেমা পৰিচালকৰ চৰিত্ৰত থকাজন কিন্তু কিয়াৰোষ্টামি নাছিল, তেওঁ এজন অভিনেতাহে। সেয়ে এই চিনেমাকো আমি তথ্যচিত্ৰ বুলিব নোৱাৰিম। পৰ্দাৰ আঁৰৰ ঘটনাৱলীৰে গঢ় লোৱা চিনেমাখনত জলফাই গছেৰে আবৃত ক’কাৰ অঞ্চলৰ পাহাৰীয়া প্ৰাকৃতিক পৰিৱেশ, চিত্ৰগ্ৰহণ চাবলৈ অহা ক’কাৰৰ সৰু সৰু শিশু এজাকৰ লগত চলচ্চিত্ৰ পৰিচালকজনৰ মত বিনিময় চিনেমখনত সন্নিৱিষ্ট হৈছে। উল্লেখ্য যে ‘হোৱেৰ ইজ দ্য ফ্ৰেণ্ডছ হাউচ’ত আহমেদ আৰু মহম্মদৰ চৰিত্ৰত অভিনয় কৰা শিশু দুটিকো এইখন চিনেমাত এটা দৃশ্যত দেখিবলৈ পোৱা যায়।
কিয়াৰোষ্টামিৰ মতে এজন শিল্পী হিচাপে প্ৰতিষ্ঠিত হ’বলৈ তেওঁক বাধ্য কৰিছে এই জগতৰ সৌন্দৰ্যই। ইয়াৰ লগত সংগতি ৰাখি তেওঁ ইৰাকী মিছাইল আক্ৰমণৰ পিছত নিজৰ বিধ্বস্ত ৰাজপথত ফুলগছ ৰোপণ কৰি নতুন বছৰৰ বাবে প্ৰস্তুতি চলোৱা এজন বুঢ়া মানুহৰ প্ৰতিচ্ছবি বৰ্ণনা কৰে। তেওঁৰ মতে ইয়াতে বোমাবৰ্ষণ হ’ল জীৱনৰ বাস্তৱতা কিন্তু জীৱনৰ প্ৰকৃত সত্যটো হ’ল বুঢ়া মানুহজনে ফুলগছ ৰোপণ কৰা কথাটো।
জীৱন আৰু জগতৰ ওপৰত কিয়াৰোষ্টামিৰ প্ৰত্যক্ষ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ সমালোচক এড্ৰিয়ান মাৰ্টিনে তেওঁৰ চিনেমাক ‘ডায়েগ্ৰামেটিকেল’ বুলি চিনাক্ত কৰে। ইয়াত ‘ডায়েগ্ৰাম’ শব্দটোৱে ‘ক’কাৰ ট্ৰাইলজী’ৰ বিখ্যাত একাবেঁকা পথটোকে ধৰি চিত্ৰিত হোৱা ইৰানৰ প্ৰাকৃতিক দৃশ্যসমূহক সূচায়। ক’কাৰত ১৯৯০ চনত সংঘটিত ভূমিকম্পৰ পিছত যোৱা তিনিটা দশকত নানান পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ যোৱা অঞ্চলটোৱে কিন্তু এতিয়াও সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীসকলক আকৰ্ষিত কৰে।
হলিউডৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মাৰ্টিন স্কোচেজিয়ে কিয়াৰোষ্টামিৰ চিনেমাৰ ওপৰত মন্তব্য কৰে যে তেওঁ যেতিয়া কিয়াৰোষ্টামিৰ কোনো এখন চিনেমা চাবলৈ বহে, তেওঁ তাত এক বিশুদ্ধতা বিচাৰি পায়, এই চিনেমাবিলাকত দৃশ্যমান হোৱা লোকসকলক লগ কৰিবলৈ তেওঁৰ হাবিয়াস জন্মে। এই লোকসকলক চিনেমাৰ আত্মা বুলি তেওঁ অভিহিত কৰে। বিশুদ্ধতা আৰু সুন্দৰতাক ভিত্তি কৰি এক সৰল কাহিনীক নিৰ্মাণ কৰাটো বৰ সহজ কাম নহয়। সহজ-সৰল কাহিনীৰ বাবে জনাজাত কিয়াৰোষ্টামিৰ আন কেইখনমান চিনেমা আকৌ খুব জটিল বুলি স্কোৰ্চেজে মন্তব্য কৰি ‘টেষ্ট অৱ চেৰী’ আৰু ‘চাৰ্টিফায়েদ কপি’ৰ উদাহৰণ দাঙি ধৰে।
টৰ’ণ্টৰ এজন চলচিত্ৰৰ নিৰ্মাতা ডেভিদ কাৰ্টৰাইটে কিয়াৰোষ্টামিৰ বিষয়ে বৰ্ণনা কৰে এইদৰে, “Speaking to us about cinema through cinema, he’s a linguist of cinema. He excavates the layers of cinema like an archaeologist examining its landscapes and regions”।

